Home Blog Page 3106

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ শোক প্ৰকাশ

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি ,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে | এক শোক বাৰ্তাত জিলা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ কোঁৱৰ আৰু সম্পাদক শৈল্য বুঢ়াগোহাঁয়ে কয় যে জয়কান্ত গন্ধীয়াৰ মৃত্যুৱে অসমৰ লোক সংস্কৃতিৰ পথাৰখনৰ অপূৰণীয় ক্ষতি হ’ল | অসমৰ বৰ্ণাঢ্য জাতি জনগোষ্ঠীৰ বৰ্ণময় সাংস্কৃতিক ঐতিহ্যক নজহা-নপমাকৈ জীয়াই ৰক্ষাৰ সাংস্কৃতিক সংগ্ৰামত গন্ধীয়াই ওৰেটো জীৱন ব্ৰতী হৈ আহিছিল।অসমীয়াৰ স্বাভিমান জাতীয় উৎসৱ বিহুক অতি বেছি আধুনিকীকৰণ আৰু অতি বাণিজ্যিকীকৰণৰ পৰা মুক্ত কৰি বিহু শুদ্ধ আৰু পৰম্পৰা ৰূপটোহে যাতে উপস্থাপন কৰা হয় তাৰ বাবে নিৰলস প্ৰচেষ্টা হাতত লৈ বিহু সুৰক্ষা সমিতি অসমক জন্ম দিছিল | এই অনুস্থানৰ সভাপতিৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ অসমতে এক সাংস্কৃতিক সংগ্ৰামৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল |মৃত্যুৰ আগমুহূৰ্তলৈকে বিহু সুৰক্ষা সমিতি অসম ৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব বহন কৰি জাতীয় দায়বদ্ধতাৰ চানেকি দি গ’ল | বিহু সুৰক্ষা সমিতি অসমেএই গৰাকী মনিষীক সমিতিৰ সৰ্ব্বোচ্চ সন্মান লোকশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল | গন্ধীয়াৰ অবৰ্তমানত বিহু সুৰক্ষা সমিতি অসম আজি অভিভাৱকহীন হ’ল বুলি উল্লেখ কৰে বিভিন্ন জনে | তেখেতৰ পবিত্ৰ আত্মাৰ সদগতিৰ বাবে আজি ধেমাজি জিলা বিহু সুৰক্ষা সমিতিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ মেধি ।

অসম কেবিনেটে চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, সংস্কৃত টোল বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

দেওবাৰে (১৩ ডিচেম্বৰ) মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিত্ব কৰা অসম কেবিনেটে ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাচা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাতোৱাৰীয়ে কয় যে এই সম্পৰ্কত আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশনত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এখন বিল দাখিল কৰিব।

“মাদ্ৰাচা আৰু সংস্কৃত ট’লৰ সৈতে সম্পৰ্কিত মজুত থকা আইনসমূহ বাতিল কৰা হ’ব। বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এখন বিল প্ৰৱৰ্তন কৰা হ’ব,” অসম চৰকাৰৰ মুখপাত্ৰ পাটোৱাৰীয়ে কয়।

অসম বিধান সভাৰ শীতকালীন অধিবেশন ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

অক্টোবৰত অসমৰ শিক্ষা আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে পৰিচালনা কৰা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কিয়নো অসম চৰকাৰে ধৰ্মীয় শাস্ত্ৰ শিকাবলৈ ৰাজহুৱা পুঁজি ব্যৱহাৰ কৰা সম্ভৱ নহয়।

“আমাৰ চৰকাৰৰ নীতি আমি আগতে ৰাজ্য বিধানসভাত ঘোষণা কৰিছিলোঁ। চৰকাৰৰ পুঁজিৰ সৈতে কোনো ধাৰ্মিক শিক্ষা থাকিব নালাগে। ব্যক্তিগতভাৱে চলোৱা মাদ্ৰাচা আৰু সংস্কৃত টলৰ বিষয়ে আমাৰ একো ক’ব লগা নাই,” মন্ত্ৰী শৰ্মা ।

ইতিমধ্যে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমালে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্কত ক’য় যে, “যদি ৰাজ্য চৰকাৰে চৰকাৰী মাদ্ৰাছাবন্ধ কৰাৰ সিদ্ধান্ত লয়, তেন্তে এআইইউডিএফ দল ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ পিছত এই শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ বাবে পদক্ষেপ ল’ব ।

বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা উপলব্ধ হ’ব কৰ’ণা ভেকচিন

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্ৰতিষেধকৰ বাবে অপেক্ষা কৰি আছিল বিশ্ববাসীয়ে। সকলো অপেক্ষাৰ অন্তত ব্ৰিটেন আৰু কানাডাৰ পাছতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’ণাৰ প্ৰতিষেধক ফাইজাৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । আজিৰে পৰা আমেৰিকাৰ হাস্পতাল আৰু জৰুৰীকালীন সেৱাসমূহত উপলব্ধ হ’ব মহামাৰী কৰ’ণাৰ ভেকচিন । প্ৰথম সপ্তাহত আমেৰিকাৰ প্ৰতিখন ৰাজ্যলৈ ৩০ লাখ ড’জ প্ৰতিষেধক বিতৰন কৰা হ’ব।

ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰানাৱটৰ, কিয় আশীৰ্বাদ বিচাৰিলে কংগনাই

জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা সাক্ষাৎৰ বিষয়ে টুইটাৰযোগে জনাই । তাৰকা গৰাকীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তক ছবি ‘তেজাছ’ৰ বাবে আশীৰ্বাদ বিচাৰে ।

তেওঁৰ বহু প্ৰত্যাশিত ‘থলাইভি’ৰ বিষয়ে ঘোষণা কৰাৰ এটা দিন পিছতে ৰানাৱটে তেওঁৰ পৰৱৰ্তী প্ৰকল্পৰ বাবে শ্বুটিং কৰিবলৈ সাজু হৈছে।

ৰানাৱটে তেওঁৰ পৰৱৰ্তী প্ৰকল্প ‘তেজাছ’ত ভাৰতীয় বায়ুসেনাৰ পাইলটৰ ভূমিকা ৰূপায়ন কৰিব। 2016 চনত যুদ্ধ ভূমিকাত মহিলাসকলক অন্তৰ্ভুক্ত কৰা দেশৰ প্ৰথম সশস্ত্ৰ বাহিনী আছিল ভাৰতীয় বায়ুসেনা । চিনেমাখন এই ঐতিহাসিক ঘটনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে । ছবিখনৰ প্ৰথম ৰূপ টো ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল য’ত কংগনাই ভাৰতীয় বায়ু সেনাৰ ইউনিফৰ্ম পৰিধান কৰি থকা দেখা পোৱা গৈছিল।

“বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ” : হাগ্ৰামা,হৰ্ছ ট্ৰেডিঙৰ আশংকাত BJP-UPPL

হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ সন্মুখত কৰা এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত । হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কৈছিল যে, “বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম” ।

হাগ্ৰামাৰ এই মন্তব্যৰ পিছতেই এতিয়া হৰ্ছ ট্ৰেডিঙৰ আশংকাত ভুগিছে বিজেপি-UPPL ! হৰ্ছ ট্ৰেডিঙৰ আশংকাত ইতিমধ্যে বিজেপি আৰু UPPLৰ জয়ী প্ৰাৰ্থীসকলক গুৱাহাটীৰ লিলি হোটেলত ৩৬টাকৈ কোঠা বুক কৰি হৈছে নজৰবন্দী কৰা হৈছে । হোটেলত সকলো তত্বাৱধানৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাসক । প্ৰমোদ বড়োৱে অনুমতি দিয়া লোককহে হোটেলত প্ৰৱেশৰ অনুমতি দিয়া হৈছে । মূল প্ৰৱেশ দ্বাৰত ৰখা হৈছে প্ৰমোদ বড়োৰ ঘনিষ্ঠ লোকক ।

সংগীত জগতৰ খ্যাতনামা বাদ্য শিল্পী তথা ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, অসম কুং-ফু সন্থাৰ উপসভাপতি, দাদুল কুমাৰ দাসৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ও স্মৃতি গ্ৰন্থ উন্মোচন

নলবাৰী, ১৩ ডিচেম্বৰ: আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম কুং-ফু সন্থাৰ উপ-সভাপতি ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, প্ৰশিক্ষক তথা সংগীত জগতৰ জনপ্ৰিয় বাদ্য শিল্পী মাষ্টৰ দাদুল কুমাৰ দাসৰ স্মৃতিত আজি কামৰূপ জিলাৰ মিৰ্জাৰ শ্বহীদ ভৱন বাকৰিত এখন ৰাজহুৱা শ্রৰ্দ্ধাঞ্জলি অনুষ্ঠান ও স্মৃতিগ্রন্থ উন্মোচন কৰা হয় । আন্ত:ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ নলবাৰীৰ ধৰ্মেশ্বৰ হালৈ আঁত ধৰা এই শ্রৰ্দ্ধাঞ্জলি অনুষ্ঠানত অসম কুংফু সন্থাৰ তৰফৰ পৰা দাদুল কুমাৰ দাসৰ নামত এটা বঁটা দিয়াৰ ঘোষণা কৰে কুংফু সন্থাৰ সম্পাদক পংকজ কুমাৰ দাসে । আনহাতে বিশিষ্ট কণ্ঠ শিল্পী মনিশা হাজৰিকাই উন্মোচন কৰে দাদুল দাসৰ স্মৰণিকা খন । এই অনুষ্ঠানত  উপস্থিতি থাকে অসম কুং-ফু সন্থাৰ  সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, পালাশবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা তথা অসম BJP ৰাজ্যিক কাৰ্য্য নিৰ্বাহক অনুপ কুমাৰ মেধি, গুৱাহাটী চিনে মিউজিচিয়ান অসমৰ সম্পাদক দ্বীপ  ৰাজবংশী , সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ দাস সহ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল ।

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী চহৰত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিলে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

নলবাৰী, ১৩ ডিচেম্বৰ: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি য়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী প্ৰদান কৰি আহিছে । সেইমৰ্মে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী চহৰৰ বিভিন্ন ঠাইত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, যদিহে চৰকাৰে কৃষক নেতা অখিল গগৈক অতি সোণকালে বিনা চৰ্তে মুক্তি কৰি নিদিয়ে তেন্তে অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা

 মদাৰখাত, ১৩ ডিচেম্বৰ: ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লাহোৱাল আৰু ডিব্ৰুগড় খণ্ডৰ উদ্যোগত লাহোৱাল প্ৰাথমিক বিদ্যালয়ত আজি দুই শতাধিক প্ৰাথমিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলীৰ সভাপতিত্বত হোৱা সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ সমস্যা আৰু কভিডৰ বাবে হোৱা শৈক্ষিক ক্ষতি কেনেকৈ পূৰ কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে। তেওঁ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আওকাণ কৰাক তীব্ৰ গৰিহণা দি কয় যে মুখ্যমন্ত্ৰীৰ আসনক সন্মান কৰিব নজনা চৰকাৰ বুলি কয়। যিহেতু এই প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ বিষয়টো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয় বিভাগলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে। স্নাতক শিক্ষক সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী ১৭ মাহ গ্ৰেড পে ৮৭০০ দি পুনৰাই উভতাই লোৱাটো প্ৰাথমিক শিক্ষকৰ বাবে অপমানজনক। অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিষয়টো সমাধান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই আন বিকল্প ব্যৱস্থা গ্ৰহণ কৰি কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বাধ্য বুলি কয়। শৈক্ষিক দিশৰ বাদে আন ক্ষেত্ৰত অসহযোগ কৰাৰ হুংকাৰ প্ৰদান কৰে। সন্মিলনীয়ে প্ৰাপ্য আৰু অধিকাৰ, দ্বায়িত্ব আৰু কৰ্তব্য, মৰ্যদা ৰক্ষাৰ যুদ্ধ এই তিনি পন্থাৰে কাৰ্য সম্পাদন কৰে বুলি উল্লেখ কৰি শিক্ষকসকলৰ বিভিন্ন সমস্যা, শৈক্ষিক উত্তৰণত সন্মিলনীৰ ভূমিকা আৰু কৰণীয় সন্দৰ্ভত বক্তব্য ৰাখে। তদুপৰি ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায়‌। সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি সুব্ৰত ধৰে সৰ্বভাৰতীয় একক আৰু বৃহৎ শিক্ষকৰ সংগঠন প্ৰাথমিক শিক্ষক সন্মিলনীৰ ইতিহাস আৰু বিভিন্ন কাৰ্যপন্থা অৱগত কৰে। সহ সম্পাদক শৈলেন কলিতা আৰু সৰ্বভাৰতীয় সদস্য দীপাংকৰ কোঁৱৰেও বক্তব্য ৰাখে। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ, গুৱাহাটী মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি বিপুল ডাকোৱা, ডিব্ৰুগড় জিলাৰ উপ-সভাপতি মৃদুল বড়া, লাহোৱাল খণ্ডৰ সভাপতি মুকুল গগৈ, ডিব্ৰুগড় খণ্ডৰ সভাপতি অশোক মজুমদাৰৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ সহ সম্পাদক ৰিণ্টু চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়।

শ্মশানত কেক কাটি জন্মদিন উদযাপন কৰিলে নগঞা যুৱকে

নগাঁও, ১৩ ডিচেম্বৰ: এই বিচিত্ৰ পৃথিবীত প্ৰায়ে সংঘটিত হৈ থাকে বিভিন্ন ধৰণৰ বিচিত্ৰ ঘটনা। তাৰ মাজতে কেতিয়াবা কিছুমান বিচিত্ৰ কান্ড‌ই আশ্বৰ্যৰসৃষ্টি কৰে । আজৱ পৃথিৱীৰ গজৱ ঘটনা। তেনে এক আজৱ কান্ড সংঘটিত হৈছে নগাঁৱত। নগাঁও জিলাৰ হাতীচোংৰ এজন যুৱকৰ ব্যতিক্ৰমী চিন্তাই বৰ্তমান আচৰিত কৰি তুলিছে সকলোকে।জন্মন্দিন হয়তো আপুনিও উদযাপন কৰিছে। নিজ গৃহত, বাৰত নতুবা ৰেষ্টুৰেণ্টত । কিন্তু আপুনি কেতিয়াবা শ্মশান জন্মদিন উদযাপন কৰি পাইছেনে। আমি কবলৈ গৈ আছোঁ এজন যুৱকৰ কথা। যি গৰাকী যুৱকে নিজৰ জন্মদিনটো পালন কৰিলে শ্মশানত। নগাঁও জিলাৰ হাতীচোং  শিমলুতলৰ এই যুৱক জনৰ নাম খনিদ্ৰ সপোন। যুৱক জনে বিভিন্ন সময়ত সমাজ কৰ্মী ৰূপে আত্মপ্ৰকাশ কৰি আহিছে। খনিদ্ৰয়ে নিজৰ জন্মদিনতো ৰাতি ১২ বজাত দুজন বন্ধুৰ সৈতে শ্মশানত কেক কাটি উদযাপন কৰে। তেওঁৰ মতে মানুহ প্ৰতি বছৰে এটা বছৰ মৃত্যুৰ দিশত আগুৱাই যায়। সেই চিন্তাৰে খনিন্দয়ে নিজৰ ওপজা দিনটো  শ্মশানত কেক কাটি উদযাপন কৰে।