Home Blog Page 3106

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী।
সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী।
২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।
উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ ।

শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ঠিক এদিন পিছতেই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিৰ পাঠশালাত বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আজি ভিতৰতে বিজেপি, অগপ‌ আৰু ইউ পি পি এলৰ সৈতে এক বৈঠকত মিলিত হ’ব বুলি জনায়।

জানিব পৰা মতে এই বৈঠকতে আসন বুজাবুজি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে।

যদি সকলো ঠিকেই থাকে তেন্তে অতি সোনকালেই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব বুলিও ইংগিত দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আনহাতে দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা বিহাৰৰ বিৰোধী নেতা তেজস্বী যাদৱক তীব্ৰ ভাষাৰে সমালোচনা কৰি দাসে কয় যে তেজস্বীয়ে ইয়াত বাহৰ পাতি কোনো লাভ নাই।

ইফালে কংগ্ৰেছৰ অসম বচাও অভিযানকো কটাক্ষ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কংগ্ৰেছৰ নেতাৰ মুখত কেতিয়াও জয় গুৰু শংকৰ ধ্বনি নুফুটে বুলি মন্তব্যে কৰে।

তেওঁ কয়, ‘কংগ্ৰেছে কৰা পাপ বিজেপিয়ে ধুইছে, কংগ্ৰেছে সত্ৰৰ মাটি বেদখল কৰিলে বিজেপিয়ে বেদখলমুক্ত কৰিলে’।

উল্লেখ্যে যে অসমত বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১ এপ্ৰিলত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব।

জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক

অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ।

নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷

পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1

২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ।

সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ, ডাঃ বিজয় দাস, ডাঃ হিমাশ্ৰী বৰা আৰু স্বাস্থ্যকর্মী প্ৰাণেশ্বৰ ডেকাই উপস্থাপন অৰ্দ্ধ শতাধিক লোকৰ ৰক্তচাপ, চুগাৰ তথা মধুমেহৰ উপৰিঅত্যাধুনিক যন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো ধৰণৰ বিষ আৰু পুৰণি বেমাৰৰ পৰীক্ষা কৰে । আনহাতে চিকিৎসকৰ দলটোৱে ৰোগ চিনাক্ত হোৱা লোক সকলক ৰোগ নিৰাময় আৰু আৰোগ্য  সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে স্বাস্থ্য পৰীক্ষাৰ পাছত সুলভ মূল্যত ৰোগী সকলোক দৰব প্ৰদান কৰা হয় ।

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন

সুদুৰ ছত্তীশগড়ত জন্ম লভি মাত্ৰ আঠ বছৰ বয়সতে জীৱিকাৰ সন্ধানত ১৯৩১চনত পিতৃদেৱতা পল্টন চাহুৰ লগত গিৰমিটিয়া শ্ৰমিক ৰূপে অসমলৈ আহি ৯৮ টা বসন্ত পাৰ কৰি অসমৰ বায়ু-পানী সেৱন কৰি মৰাণত সমাজ- সংস্কৃতি, কৰ্মসংস্কৃতি যোগে দহৰ বাবে পথ পদশক হোৱা চিন্তাৰাম চাহুক আজি মৰাণ প্ৰেছ ক্লাৱে অভিনন্দন জ্ঞাপন কৰে।মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে আঁতধৰা অনুষ্ঠানত মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ(ফেব্ৰুৱাৰী) অতিথি চিন্তাৰাম চাহুক চেলেং চাদৰ আৰু অভিনন্দন পত্ৰৰে বিশেষভাৱে সম্বধনা জনায়।প্ৰথমে লখিমপুৰত থাকি ১৯৪৫ চনত বৰ্তমানৰ চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচালৈ আহি ১৯৪৭ চনত বাগিচাৰ কৰ্মীৰূপে নিয়োজিত হোৱা শ্ৰমিক গৰাকী নিজৰ কৰ্মৰ দক্ষতা পাৰ্গত হৈ উঠিছিল৷ বাগিচাৰ পাৰ্গত কৰ্মীৰূপে বৃটিছ চাহাবৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰি সহকাৰী কৰ্মীসকলকো প্ৰেৰণা আৰু সাহস দিবলৈ  সক্ষম হৈছিল এই গৰাকী শ্ৰমিকে৷ বাগিচাৰ কৰ্মচাৰীসকলক একত্ৰিত কৰাৰ নেতৃত্ব বহন কৰি শ্ৰমিক নেতাৰূপে আত্মপ্ৰতিষ্ঠা লাভ কৰা চিন্তাৰাম চাহুৰ পৰিয়ালটি বৰ্তমান সমাজত এখন সুকীয়া স্থান পাবলৈ সক্ষম হৈছে চিন্তাৰাম চাহুৰ আদৰ্শতে। দুই অনা দৈনিক মজুৰিয়ে শ্ৰমিক ৰূপে কৰ্মৰত আদৰ্শবান চিন্তাৰাম চাহুৰ পুত্ৰ-কন্যা ,নাতিসকলে বৰ্তমান উচ্চ শিক্ষাৰে শিক্ষিত হৈ ৰাজ্যৰ জনসাধাৰণৰ সেঁৱাত কৰ্মৰত হৈ আছে।ধৰ্ম আধাৰত নিজৰ কৰ্ম কৰিলে নিশ্চয় সফলতা হ’বই বুলি কয় অতিথি গৰাকীয়ে।চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ক্ষেত্ৰত বাগিচাৰ উৎপাদন বৃদ্ধিৰ অনুপাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে চাহ বাগিচাৰ লগতে শ্ৰমিকৰ উন্নতি হ’ব বুলি কয়।মৰাণ প্ৰেছ ক্লাৱৰ অতিথি গৰাকীক মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতা সকলেও সম্বৰ্ধনা জনায়। মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যসূচীত অংশ গ্ৰহন কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহা,মহকুমা সমিতিৰ সম্পাদক পলাশজ্যোতি বৰগোঁহাই, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা মৰাণ সাহিত্য সভাৰ সম্পাদক অকণ ভূঞা,সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ,সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখা সম্পাদক মাহাত্মা সোনাৰ,গোৰ্খা ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক নন্দৰাম থাপা,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক সঞ্জীৱ চুতীয়া,সমাজকৰ্মী অসীম বৰুৱা ,পল্লৱ শৰ্মা,কবি প্ৰদীপ বৰুৱা,শিক্ষক বীৰেন চাংমাই,শিক্ষক বুদ্ধেশ্বৰ গড়,সাংবাদিক বাছা বৰা আৰু মৰাণ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক শৰৎ শেনচোৱা, উপদেষ্টাৰ ত্ৰয়-ক্ৰমে-শোভিত কুমাৰ ছেত্ৰী, ড৹ যতীন চুতীয়া আৰু লক্ষেশ্বৰ তাঁতীয়ে মৰাণ প্ৰেছ ক্লাৱৰ অতিথি চিন্তাৰাম চাহু কৰ্ম জীৱনৰ বিষয়ে জানিব কাৰণে বহুতো প্ৰশ্ন অৱতাৰণ কৰে ।  মৰাণ প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ লগতে জাতীয় জনগোষ্ঠী সংগঠনৰ নেতাসকলক পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। অনুস্থানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যক ভূয়ষী প্ৰশংসা কৰে।শেষত মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙে অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠান সমৰণি মাৰে ।                     

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উদিয়ানা পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ আহিল আৰু গ’ল কিন্তু কোনোএখন চৰকাৰৰ দৃষ্টি গোচৰ নহ’ল পথটো । পথটোৰে বৃহত্তৰ অঞ্চললৈ মানুহৰ অহা-যোৱাৰ লগতে বৃহত্তৰ উদিয়ানা পিতাম্বৰ হাটবজালীৰ হাজাৰ হাজাৰ লোক তথা বহুকেইখন বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ চলে, কিন্তু উক্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমস্যাত ভূগিছে ৰাইজে । অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনায় ।

বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ

“চন্দ্ৰ আৰন্ধৰা সোঁৱৰণী ন্যাস”,তাও ইষ্ট ফাউন্ডেশ্বন অব ইণ্ডিয়া, ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনি (শিৱসাগৰ) আৰু “আৰন্ধৰা বংশালী ন্যাস”ৰ উদ্যোগত তথা শিঙিবিল মিলিজুলি যুৱক সংঘৰ সহযোগত চৰাইদেউ জিলা শিঙিবিল মিলিজুলি যুৱক সংঘৰ কাৰ্যালয়ত আজিৰে পৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ কৰা হয় ।উক্ত শিবিৰত প্ৰায় দুই শতাধিক ৰোগীৰ চিকিৎসা আগবঢ়াই ডাঃ মণি  চোলাধৰাৰ লগতে কেইবাগৰাকী জেষ্ঠ চিকিৎসকে । তাও ইষ্ট ফাউণ্ডেশ্বনৰ অসম শাখাৰ সম্পাদক আৰু চন্দ্ৰ আৰন্ধৰা কোষাধ্যৰ অনুপ আৰন্ধৰা , সাংগঠনিক সম্পাদক যদুমণি গগৈ, প্ৰচাৰ সম্পাদক ৰাজু গগৈ,  চামচেদৰ লিম্বু,ৰাইজৰ দলৰ  চৰাইদেউ জিলাৰ সভাপতি মণিদ্বীপ মহন , আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সম্পাদক দীপাংকৰ কোঁৱৰ, বীৰ লাচিত সেনা বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি ত্ৰৈলোক্য ফূকন,সমাজকৰ্মী নয়নমণি আৰন্ধৰা,নিপন মাজুমলীয়া,ভদ্ৰ কান্ত আৰন্ধৰা আদি উপস্থিত থাকি   এই বিনামূলীয়া চিকিৎসাৰ সুবিধা কন গাঁৱৰ ৰাইজক সহায়ৰ হাত আগ বঢ়োৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বহুত সকাহ পোৱাৰ উপৰিও ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে

“শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে বিধায়ক বিমল বড়াৰ আৱাসগৃহত জনতাৰ লানিনিচিঙা সোঁত বৈছে ৷ অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন ৷ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে টিংখাঙৰ বিধায়ক বিমল বড়াৰ ঘৰত সমাগম ঘটে অসংখ্য জনতাৰ ৷ সকলোৱে বিধায়কগৰাকীক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷ বিগত ৫ টা বৰ্ষত ৰাইজৰ অভাৱ-অভিযোগ , সমস্যা সমাধানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে সকলোৱে ফুলাম গামোছাৰে বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিধায়কগৰাকীয়েও সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ বিধায়ক গৰাকীয়ে টিংখাংবাসীক উদ্দেশ্যি এনেদৰে কয় — “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ৷ ৰাইজৰ আৱেগ অনুভূতিক হৃদয়ংগম কৰি সেই আশা আকাংক্ষা পূৰ কৰিবলৈ কোনো দিনে চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ বিগত ৫ টা বৰ্ষত পাৰ্য্যমানে সমষ্টিৰ উন্নয়নৰ বাবে চেষ্টা কৰিছিলোঁ ৷ তাৰে বহু কাম সম্পূৰ্ণ কৰা হ’ল ৷ বহু কাম এতিয়াও কৰিবলৈ বাকী ৷ ৰাইজে পুনৰ আশীৰ্বাদ দিলে অনাগত দিনত ৰৈ যোৱা অথবা আধৰুৱা হৈ ৰোৱা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ” নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত সমষ্টিটোৰ চৌদিশে এতিয়া ব্যাপক  নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা বিজেপি- অগপ দলৰ  মিত্ৰজোঁটৰপৰা পুনৰবাৰ বিধায়ক বিমল বড়াই প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱাটো নিশ্চিত ৷ ইপিনে কংগ্ৰেছ দলৰপৰা কোনে দলীয় টিকট লাভ কৰিব সেয়া আজিও চূড়ান্ত হোৱা নাই ৷ কংগ্ৰেছ দলৰপৰা এইবাৰ দলীয় টিকট বিচাৰি প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা আৰু বিপুল গগৈয়ে আৱেদন জনাইছে ৷ অসম জাতীয় পৰিষদৰপৰা শোভাকৰণ কোহাঁঞিয়ে দলীয় টিকটৰ বাবে আৱেদন জনাইছে ৷

তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আৰু তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমা সদৰৰ মাজমজিয়াত থকা ডিঘিলীপাৰ সেনা শিৱিৰৰ খেল পথাৰত এটি বিনামূলীয়া পশু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়।

অপাৰেশ্বন সদ্ভাৱনা আচনিৰ জৰিয়তে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিঘিলীপাৰ সেনা শিৱিৰত অনুষ্ঠিত কৰা পশু চিকিৎসা শিৱিৰত মহকুমাটোৰ বিভিন্ন ঠাইৰ পৰা আহি কেবাশতাধিক পশুপালকে আহি বিনামূলীয়াকৈ নিজৰ নিজৰ গৰু-ছাগলী, আদি পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া দৰৱ গ্ৰহণ কৰে। জানিব পৰা মতে এই পশু চিকিৎসা শিৱিৰত  ২১৬ টা গৰু , ৯৯ টা ,ছাগলী আৰু ৪ টা কুকুৰৰ চিকিৎসা কৰা হয়।পশু চিকিৎসা শিৱিৰত পশু ধনৰ ছিটাও প্ৰদান কৰা হয়। তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয় আৰু খণ্ড পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ বলেন চৌধুৰী, ডাঃ মুকুট দাসৰ উপৰি কেইবাগৰাকীও পশু চিকিৎসা কৰ্মীয়ে শিৱিৰত সহযোগ কৰৰে।ভাৰতীয় সৈন্যৰ এনে জনকল্যাণমূলক কাৰ্যসূচীৰ বাবে অঞ্চল টোৰ লোকে সেনাক প্ৰশংসা কৰিছে।

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন

যোৱা ২৬ ফেব্ৰুৱাৰী ত দক্ষিণ কামৰূপ ৰ মিৰ্জাস্হীত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে এটা আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰধান অধ্যক্ষ আৰু উপাধ্যক্ষ উপস্থিত থকাৰ লগতে অধ্যাপক-অধ্যাপিকা তথা ছাত্রীসকলৰ লগতে মহাবিদ্যালয়খনৰ আন আন কৰ্মচাৰীসকলো উপস্থিত থাকে। 1995 চনতে মহাবিদ্যালয়খনত সংগ্ৰহালয় স্থাপন কৰা হৈছিল যদিও নিৰ্দিষ্ট ৰূম নথকাৰ বাবে এটা শ্ৰেণীকোঠাৰ মাজত বস্তুবোৰ আবদ্ধ কৰি ৰাখিব লগা হোৱাত ইয়াৰ বাবে কৰিব লগীয়া সচেতনতা মূলক কাম-কাজবোৰ কৰিব পৰা হোৱা নাছিলে সেয়ে পুনৰ নতুনকৈ সংগ্ৰহালয় স্থাপনৰ ব্যৱস্থা কৰিছে। ৰুচাৰ দুগৰাকী কৰ্মী বিগেন দাস আৰু নিৰঞ্জন দাসৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলে এই আধাৰশিলা স্থাপনৰ বাবে আৰ্থিক সাহায্য আগবঢ়ায়। আৰু এই সংগ্ৰহালয়টো এইটো বৰ্ষতেই মুকলি কৰাৰ পোষকতা কৰা হৈছে ।