Home Blog Page 3105

অসমৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক আৰু নিয়ন্ত্ৰনাধীন, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অশ্বিনী চৌবেৰ ঘোষণা

অসমৰ ক’ভিড পৰিস্থিতি সম্পূৰ্ণ স্বাভাবিক আৰু  নিয়ন্ত্ৰনাধীন। ক’ভিডক লৈ কোনোৱে শংকিত আৰু আতংকিত হোৱাৰ কাৰণ নাই। আমি অসমক এখন কভিডমুক্ত ৰাজ্যলৈ উন্নীতকৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। এই মন্তব্য ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবেৰ।

২৮ ফেব্ৰুৱাৰীত মহানগৰীৰ গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেই। মন্ত্ৰী চৌবেই কয় অসমত এতিয়ালৈকে কভিডত ২.১৬ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছিল। কিন্তু ইয়াৰে ২.১৪ লাখতকৈ অধিক লোক সুস্থ হৈ উঠিছে। সুস্থ হোৱা লোকৰ সংখ্যা ৯৮ শতাংশতকৈ অধিক। অসমৰ কভিড কেন্দ্ৰীক পৰিস্থিতি ভাৰতৰ আন ৰাজ্যতকৈ বহু উন্নত।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। তেনেদৰে দেশক কভিডৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে টীকাকৰণ কৰাৰ দ্বিতীয় পৰ্যায় পহিলা মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই পৰ্যায়ত ৬০ ৰ ঊৰ্ধৰ প্ৰায় ১০ কৌটি লোকক সামৰি লোৱা হ’ব।

তাৰ পাছত তৃতীয় পৰ্যায়ত ৪৫ বছৰ ঊৰ্ধৰ লোকক সামৰি লোৱা হ’ব। ইয়াৰ পূৰ্বে ২৬ জানুৱাৰীত  সামৰণি পৰা প্ৰথম পৰ্যায়ৰ টীকাকৰণ পৰ্বত দেশত ১.৪৫ কৌটি স্বাস্থ্যকর্মী আৰু কভিডৰ বিৰুদ্ধে যুঁজ দি অহা লোকক সামৰি লোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনৰ বাবে ভাৰতে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ভেকচিনে বিশ্বজুৰি সমাদৰ লাভ কৰিছে। বিশ্বৰ বহু দেশে ভাৰতৰ পৰা কভিড ভেকচিন আমদানি কৰিছে। আনকি কভিডৰ ভৰপক সময়ত আমি বিশ্বৰ ১০৭ খন দেশক হায়দ্ৰক্লৰিন টেবলেট যোগান ধৰিছিলো। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীক হনুমানৰ লগত তুলনা কৰিছিল।

দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ দেশত প্ৰায় ৩০ হাজাৰ স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হব। ইয়াৰে ২০ হাজাৰ ব্যক্তিগত খণ্ডত সম্পন্ন হব। চৰকাৰী খণ্ডৰ ১০ হাজাৰ কেন্দ্ৰত টীকাকৰণ বিনামূলীয়া হব যদিও ব্যক্তিগত খণ্ডত টীকাকৰণৰ বাবদ ২৫০ টকা লোৱা হ’ব ।

আনহাতে ৰাজ্যৰ আগন্তক নিৰ্বাচন সন্দৰ্ভত  মন্ত্রী চৌবেই  মত বিনিময় কৰি কয় ৰাজ্যৰ ৰাজনৈতিক  বিজেপিৰ অনুকূল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিগত প্ৰায় পাঁচটা বছৰত ৰাজ্যখনে বহু উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অতি সংবেদনশীল আৰু বিগত পাঁচ বছৰত তেওঁ প্ৰায় ৩৫ বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ ভ্ৰমণ কৰিছে। আমি অসমত আশা কৰা ধৰণে বিজেপি মিত্ৰজোঁটে ১০০ খনতকৈ অধিক আসন পাম।

আনহাতে চৌৱেই  সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পুনৰ ৰাজ্যত বিজেপি চৰকাৰ গঠন হব বুলি ব্যক্ত কৰি এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমৰ বাবে ৫৩ হাজাৰ কৌটি টকা ধার্য কৰা হৈছে বুলি কয়।

বাক্সাৰ তিনিটা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰে কৰিব ভোটদান : স্থাপন হ’ব ২৫ টা মহিলা ভোট কেন্দ্ৰ

বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে বাক্সা জিলা প্রশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ আজি বাক্সা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক সংবাদমেল ৷

সংবাদমেলত জিলা উপায়ুক্ত তথা ৰিটাৰ্ণি বিষয়া ৰঞ্জন শৰ্মাই নির্বাচনী আয়ােগে প্রণয়ণ কৰা নির্বাচন সংক্রান্তীয় নীতি-নির্দেশনাসমূহ, পােষ্টেল বেলট প্ৰক্ৰিয়া তথা ভােটদানৰ ক্ষেত্ৰত নির্বাচনী আয়ােগে নিৰ্ধাৰণ কৰা ক’ভিড-১৯ৰ নির্দেশাৱলীসমূহ বিষদভাবে ব্যাখ্যা কৰে ৷ বাক্সা জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰে ভোটদান কৰিব ৷

জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই জানিবলৈ দিয়া মতে তামুলপুৰত ২,১০,৩৭৯ গৰাকী, বৰমাত ১,৬৫,৮৪৮ গৰাকী আৰু চাপাগুৰিত ১,৫৭,৩৬৮ গৰাকী ভোটাৰে ৭৮৮ টা ভোটকেন্দ্ৰত ভোটদান কৰিব ৷ ইয়াৰ বাবে বিধানসভা সমষ্টি তিনিটা ১৯ টা জ’ন আৰু ৭৬ টা চেক্টৰত বিভক্ত কৰা হৈছে বুলি জানিব দি উপায়ুক্ত ৰঞ্জন শৰ্মাই ৩৭৮২ গৰাকী পোলিং বিষয়া নিয়োগ কৰিব বুলি কয় ৷ তেওঁ কয় যে সমষ্টি তিনিটাত ২৫ টা মহিলা ভোট কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰিব ৷ উল্লেখ্য যে এইবাৰ জিলাখনৰ তিনিটা সমষ্টিত মুঠ ৯২৭৪ গৰাকী নতুন ভোটাৰ বৃদ্ধি পাইছে ৷

আনহাতে ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক, সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হ’ব ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত স্কেনিং মেচিনৰ সহায়ত ভোটাৰৰ উষ্ণতা পৰীক্ষা কৰা হ’ব। উষ্ণতা বেছি থাকিলে তেওঁলোকক আছুতীয়া কক্ষত ৰখা হ’ব আৰু ভোট গ্ৰহণৰ শেষৰ সময়ত তেওঁলোকৰ ভোট গ্ৰহণ কৰা হ’ব ৷ নিৰ্বাচনী বিষয়াসকলক হেণ্ড গ্লোভচ্ ,চেনিটাইজাৰ আদি যোগান ধৰা হ’ব ৷

আনহাতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত সৰ্বমুঠ ৩০ লাখ ৮০ হাজাৰ টকা খৰচ কৰিব পাৰিব লগতে ক’ভিড-১৯ৰ নীতি-নিয়ম সমূহ মানি চলাৰ লগতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দিয়াৰ সময়ত মাত্ৰ দুজন লোকক লগত লৈহে প্ৰৱেশ কৰিব পাৰিব বুলি জানিব দিয়ে। প্ৰতিটো ৰাজনৈতিক দলকে শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰাত আৰক্ষী প্রশাসনক সহযােগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

তদুপৰি এইবেলি ভোটগ্ৰহণৰ ক্ষেত্ৰত দিব্যাংগ ভোটাৰসকলৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা দিব্যাংগ ভোটাৰসকলৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰিব প্ৰশাসনে ৷ দিব্যাংগ ভোটাৰসকলে ইচ্ছা কৰিলে ডাক বেলটৰ যোগেও ভোটদান কৰিব পাৰিব ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিজন দিব্যাংগ ভোটাৰ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰৰ ক্ষেত্ৰত লোৱা হ’ব এই ব্যৱস্থা ৷ ভোটাৰৰ ওজৰ আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১৯৫০ টোলফ্ৰী নম্বৰ ৷

আজিৰ এই নিৰ্বাচনী সংবাদমেলত উপায়ুক্তগৰাকীৰ লগতে জিলা নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালী, অতিৰিক্ত উপায়ুক্তদ্বয় অৰুণ কুমাৰ ব্ৰহ্ম আৰু সঞ্জীৱ শৰ্মাও উপস্থিত থাকে ৷ উল্লেখ্য যে অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব বাক্সা জিলাৰ ৩ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ 

অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ এন পি পি’ৰ

৩৫ খন আসনত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত

অসমৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্য ৰাজনৈতিক দল সমূহৰ লগতে শেহতীয়াকৈ সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন.পি.পি য়ে ২০ ফেব্ৰুৱাৰীত  দলৰ কেন্দ্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড  কে চাংমাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এক বিশেষ সভা। উক্ত সভাতেই  অসম ৰাজ্যিক সমিতিৰ শাখা পুণৰ গঠন কৰা হয়। উক্ত সভাই যোৰহাটৰ বিশ্বজিৎ বৰুৱাক তত্বাবধায়ক আৰু জোনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণকান্ত পেগু, আবুল হুছেইন, আৰু  পাৰ্থ প্ৰতীম মহন্তক সম্পাদক হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে। এন পি পিৰ অসম প্ৰদেশৰ তত্বাবধায়ক বিশ্বজিৎ বৰুৱাই জনোৱা মতে আগন্তুক নিৰ্বাচনত অসমৰ ২০-৩৫ টা সমষ্টিত দলে প্ৰাৰ্থী ঠিয় কৰোৱাব। বৰুৱাৰ মতে  দলটোৱে ইতিমধ্যে টীয়ক ,মৰিয়ণি, আমগুৰিকে ধৰি অসমৰ বহুকেইটা সমষ্টিত সমষ্টি ভিত্তিক তদৰ্থ সমিতি সমূহ গঠন কৰিছে।তেওঁৰ মতে ২৫ ফেব্ৰুৱাৰীত জিতু দুৱৰা, প্ৰশান্ত পাছনী,প্ৰকাশ বৰুৱা, অম্বৰীশ কৃষ্ণ শইকীয়া প্ৰমুখ্যে ৯ জন সদস্যক লৈ টীয়ক সমষ্টিৰ তদৰ্থ সমিতি খন গঠন কৰিছে। উল্লেখযোগ্য যে দলটোৰ প্ৰথম খন প্ৰাৰ্থী তালিকা ৫ মাৰ্চত প্ৰকাশ পাব।

বৰপেটা জিলাৰ বালাপাৰা আৰক্ষী চকীৰ সন্মুখতে বৰলা আমদহ সভাত জুৱাৰ মুকলি বেহা

বৰপেটা জিলাৰ বালাপাৰা আৰক্ষী চকীৰ অন্তগৰ্ত বৰলা (আমদহ) সভাত ২/৩ দিন ধৰি অব্যাহত আছে জুবাৰ মুকলি  ৰমৰমীয়া বেহা। প্ৰাপ্ত অভিযোগ  অনুসৰি বালাপাৰা আৰক্ষী চকীৰ ছত্ৰ ছায়াত একাংশ জুৱা মাফিয়াই সভা,পূজাৰ গইনা লৈ অব্যাহত ৰাখিছে  অবৈধ জুৱাৰ ঘাটি।যাৰ পৰিপ্ৰেক্ষিতত বহু উদীয়মান যুৱক বিপথে পৰিচালিত হোৱা বুলি পৰিলক্ষিত হৈছে।বিভিন্ন দল সংগঠনে এনে ঘৃণীয় কাৰ্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰি বালাপাৰা আৰক্ষীৰ নিৰৱ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে অসামাজিক কাৰ্য্য ৰোধ কৰাৰ লগতে এনে কাৰ্য্যত জড়িত লোকক কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী কৰিছে। প্ৰশ্ন হয় স্থানীয় বালাপাৰা আৰক্ষী চকীৰ চকুৰ আগত জুৱা চলি থকাৰ পিছতো চকু মুদা কুলিৰ ভাও কিয় জুৰিছে ? জুৱাৰ লগত আৰক্ষীৰ কিয় মিতাৰালি ? কাৰ বলেৰে বলিয়ান এই সকল জুৱা মাফিয়া??বৰপেটা জিলা প্ৰশাসনে উৎখাত কৰিবলৈ সক্ষম হৱনে এই সমূহ সভাই পূজাই গঢ় লৈ উঠা অবৈধ জুৱাৰ ঘাটি নে এনেদৰেই আৰক্ষী চকুৰ সন্মুখতে চলি থাকিৱ অবৈধ জুৱাৰ ঘাটি ? পৰবৰ্তী পৰ্য্যায়ত প্ৰশাসনে এই সকল অবৈধ জুৱাৰীৰ ওপৰত কি ব্যবস্থা লয়  সেয়া লক্ষণীয় হৱ ?

মহামৃত্যুঞ্জয় মন্দিৰত মহাদেৱৰ আৰাধনাত ব্যস্ত বিশ্ববিখ্যাত ড্ৰামবাদক শিৱমণি

আজি মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠা উৎসৱ। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিঙ্গাকাৰ শিৱমন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাণপ্ৰতিষ্ঠা মহোৎসৱ। দক্ষিণ ভাৰতৰ দুইশতাধিক ব্ৰাহ্মণে অংশগ্ৰহণ কৰিছে এই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত। কিন্তু মহামৃত্যুঞ্জয় মন্দিৰত আন এক দৃশ্যই আজি সকলোকে আকৰ্ষিত কৰিছে। আজি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত পুৱাৰে পৰা মহাদেৱৰ আৰাধনাৰে ড্ৰামবাদন কৰিছে বিশ্ববিখ্যাত ড্ৰামবাদক শিৱমণিয়ে। মূৰত গামোচাৰে পাগুৰি মাৰি পুৱাৰে পৰা শিৱমণিয়ে মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত কৰিছে ড্ৰামবাদন। জনপ্ৰিয় সংগীত পৰিচালক এ আৰ ৰহমানৰ সৈতে ড্ৰামবাদন কৰা শিৱমণিয়ে পুৱাৰে পৰা কৰা ড্ৰামবাদনে আকৰ্ষিত কৰিছে দৰ্শনাৰ্থীক। অহা ৫মাৰ্চ পৰ্য্যন্ত মহামৃত্যুঞ্জয় মন্দিৰত চলিব এই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ।

নগাঁৱৰ ৭ সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰস্তুতি : জিলা উপায়ুক্তৰ সংবাদ মেল

নগাঁও জিলাৰ  অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ’বলগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা এই চাৰিটা বিধান সভা সমষ্টিত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসুচনা অহা ২ মাৰ্চত জাৰি কৰা হ’ব বুলি নগাঁও জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া কবিথা পদ্মনাভৱনে আজি সন্ধিয়া আয়োজন কৰা এক সংবাদ মেলত এই তথ্য সদৰি কৰে । উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ শেষ দিন। উল্লেখিত চাৰিটা সমষ্টিত ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা সমষ্টি কেইটা ক্ৰমে নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত আনুষ্ঠানিক অধিসুচনা জাৰি কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৫ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ লগতে ১৭ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। আনহাতে ১ এপ্ৰিলত উল্লেখিত তিনিটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, নগাঁও জিলাৰ উল্লেখিত ৭টা বিধান সভা সমষ্টিত ১৫২০টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৮০ টা অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। লগতে তেওঁ জানিবলৈ দিয়ে যে যিবিলাক কেন্দ্ৰত এহেজাৰতকৈ অধিক ভোটাৰ থাকিব, সেই এলেকাত অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। নিৰ্বাচন আয়োগে দিয়া সকলো নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত  বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰা হৈছে। ইপিনে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞাৰ লগতে কেইবা গৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ উপস্থিত থাকে ।

ওৰাঙত ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

ওদালগুৰি জিলাৰ ওৰাঙৰ ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেড মিন্টন প্ৰতিযোগিতা এখনি অহা ৬ আৰু ৭ মাৰ্চত ওৰাঙৰ  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৷বিগত বৰ্ষৰ দৰে এইবেলি ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত আয়োজিত বেড মিন্টন প্ৰতিযোগিতাৰ  (দ্বৈত ভাবে) প্ৰথম বিজয়ীক পুৰস্কাৰ  নগদ ১০হেজাৰ,দ্বিতীয় বিজয়ীক  পুৰস্কাৰ-নগদ ৭হেজাৰ টকা,তৃতীয় বিজয়ীক পুৰষ্কাৰ ৩হেজাৰ প্ৰদান কৰা হব  বুলি উদযাপন সমিতিৰ সভাপতি পিন্টু মাহাতো,সম্পাদক অবিনাশ শইকীয়াই জনাইছে ৷প্ৰতিযোগিতাৰ কাৰ্য্যসুচী অনুসৰি ৬ মাৰ্চত পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ফ্ৰেইণ্ড ক্লাবৰ সভাপতিয়ে ৷ আবেলি ৪বজাত প্ৰতিযোগিতা শুভাৰম্ভী কৰিব -৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে  ৷আবেলি ৪-১৫বজাৰ পৰা প্ৰদৰ্শনী মুলক উদ্বোধনী প্ৰতিযোগিতা আৰু সন্ধিয়া ৫ বজাৰ মুল প্ৰতিযোগিতা সমুহ নিশা ৩বজালৈ অনুষ্ঠিত কৰা হব ৷ অহা ৭মাৰ্চত পুৱা ৯বজাৰ  পৰা পৰৰ্ৱতী খেল সমুহ পুনৰ আৰাম্ত কৰা হব বুলি উদ্যোক্তা সকলে জনাইছে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলক ভৰ্তি মাছুল ৫শ টকাৰ সৈতে +9101218467, 8638841937, 7002621509, 7002905944 এই নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰাৰ বাবে আহ্বান কৰা হৈছে ৷

গোলাঘাটত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক

গোলাঘাট নিৰ্বাচন জিলাৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় । বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ আগত মনোনয়ন পত্ৰ দাখিলৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱা হয় । সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ সৈতে দুজন ব্যক্তি যাব পাৰিব । আনহাতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হ’ব । প্ৰাৰ্থীৰ সুকীয়া বেংক একাউণ্ট থাকিব লাগিব । ৮০বছৰ বয়সৰ উৰ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলে ডাক বেলটযোগে ভোট দিয়াৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । অতিৰিক্ত উপায়ুক্ত তথা ব্যয় নিৰীক্ষণ কোষৰ দায়িত্বত থকা কুলদ্বীপ হাজৰিকাই নিৰ্বাচনী আৰ্হি আচৰণ বিধি সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰায় । প্ৰতিনিধিসকলক আৰ্হি মনোনয়ন পত্ৰ আৰু ইয়াৰ সৈতে দাখিল কৰিবলগীয়া তথ্য-পাতিসমূহৰ বিষয়েও অৱগত কৰোৱা হয় । আজিৰ বৈঠকত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নিৰ্বাচন বিষয়া সুলক্ষনা বৰপাত্ৰগোঁহাই আৰু সহকাৰী আয়ুক্ত পাপু গগৈ উপস্থিত আছিল । বৈঠকত বি জে পি, অসম গণ পৰিষদ, চি পি আই (এম) কে ধৰি বিভিন্ন দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

স্বচ্ছ-নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ মাজুলী জিলা প্ৰশাসন

মাজুলীৰ ৰাজহুৱা স্থানৰ পৰা আঁতৰিল চৰকাৰ-ৰাজনৈতিক দলৰ হ’ৰ্ডিং-পোষ্টাৰ

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ সূচী অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ৯৯ নং মাজুলী বিধান সভা সমষ্টি(এচ টি)ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে-লগে মাজুলী সমষ্টিত স্বচ্ছ আৰু নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জনাবলৈ আজি সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে জিলাখনৰ  অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা (নিৰ্বাচন) ই ৷

বিষয়া গৰাকীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে-লগে জিলাখনত গঠন কৰা ফ্লাইং স্কোৱাদৰ দলে জিলাখনত থকা চৰকাৰ , ৰাজনৈতিক দলৰ হ’ৰ্ডিং , বেনাৰ ,  দেৱাল লিখন আঁতৰোৱাৰ কাম আৰম্ভ কৰাৰ কথা সংবাদমেলত সদৰি কৰে ৷

ক’ভিড প্ৰ’টকল মতে পূৰ্বৰ ১৬৪ টা ভোট গ্ৰহণ কেন্দ্ৰৰ উপৰিও অতিৰিক্ত ৩১ টা ভোট গ্ৰহণ কেন্দ্ৰ এইবাৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ সমষ্টিটোএইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩০৪৬৮ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬৬৫০৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৩৯৫৮ গৰাকী ৷

সমষ্টিটোক ৮ টা জ’নত ভাগ কৰাৰ লগতে পাঁচটা আদৰ্শ ভোট কেন্দ্ৰৰ লগতে পোন্ধৰটা মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ নিৰ্বাচন আয়োগে ৮০ বছৰ উদ্ধৰ ভোটাৰ , বিশেষ ভাৱে সক্ষম আৰু চাৰ্ভিচ ভোটাৰৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে পোষ্টেল বেলটৰ কাম-কাজ আৰম্ভ হোৱাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে ৷  

নিৰ্বাচনৰ বাবে ২ মাৰ্চত জাননী জাৰী কৰাৰ পিছত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ আৰু মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ১২ মাৰ্চ ধাৰ্য কৰিছে ৷ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন সম্পকীয় সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে ল’বলগীয়া অনুমতি আৰু যিকোনো অভিযোগৰ বাবে “সুবিধা” আৰু “চি ভিছিল” নামৰ দুটা এপ মুকলি কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ 

অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা(নিৰ্বাচন)ই কয় যে -মাজুলী শান্তিপ্ৰিয় ঠাই ৷ ইয়াৰ সুনাম আছে ৷ গতিকে আগন্তুক নিৰ্বাচন যাতে এই সমষ্টিত সূকলমে হৈ যায় তাৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ মাজুলীবাসীক আহবান জনাইছে ৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্তদ্বয় কাৰ্তিক কলিতা , বিপুল দাস , অতিৰিক্ত আয়ুক্তদ্বয় বিভাস পাঠক , হিমাদ্ৰী বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷ 

প্ৰধানমন্ত্ৰী মোদীক প্রশংসা WHOৰ প্রধানৰ

ক’ভিড যুঁজৰ লগতে টিকাৰ সাম্যতাক সমর্থন কৰাৰ বাবে ভাৰতৰ প্রধানমন্ত্রীক প্রশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে ।

টুইটাৰত WHOৰ প্রধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে লিখিছে,’ক’ভ্যাক্সৰ প্রতি আপোনাৰ দায়বদ্ধতা আৰু টিকাৰ সাম্যতাক সমর্থন জনোৱাৰ বাবে ধন্যবাদ প্রধানমন্ত্রী । আপোনাৰ দ্বাৰা পঠোৱা হোৱা ভেক্‌চিনে সহযোগিতা কৰিছে ৬০খন দেশক। সেই দেশসমূহত তেওঁলোকৰ স্বাস্থ্যকর্মী আৰু অন্যান্যসকলৰ টিকাকৰণ আৰম্ভ কৰিছে। আশা কৰো অন্য দেশসমূহেও আপোনাৰ কাৰ্যক অনুসৰণ কৰিব।’

কিছু দিন পূৰ্বে ভেক্‌চিনৰ উৎপাদন বৃদ্ধি আৰু আবণ্টনৰ বাবে বিভিন্ন দেশৰ ওচৰত আবেদন কৰিছিলে টেড্রছ আডানম্‌ গেব্রিয়েছাছে। তেওঁ কয় যে,’ভেক্‌চিন আবণ্টন নকৰিলে ঘুৰি ঘুৰি আগৰ স্থান পাবগৈ বিশ্ব।’

উল্লেখ যোগ্য যে, বাংলাদেশ, ভূটান, মালদ্বীপ, ম্যানমাৰ, নেপাল-সহ একাধিক দেশলৈ পঠোৱা হৈছে ভাৰতীয় ভেক্‌চিন ৷