Home Blog Page 3104

বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে ।

শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা কৰে। এমাহৰ ভিতৰত বিটিআৰত ৪০খন কলেজ, তামুলপুৰত মেডিকেল কলেজ, ২০২২ চনৰ ১ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি আদিকে ধৰি বহুকেইটা উন্নয়নমুলক আঁচনি কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ লগতে কয় যে, “এতিয়াহে প্ৰকৃত গণতন্ত্ৰ ৰাইজে উপভোগ কৰিব। ৰাইজক সেৱা কৰিবলৈকে প্ৰমোদ বড়ো ওলাই আহিছে । সন্দেহ , আশাংকাৰ বীজ আতৰাই উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই সমঅধিকাৰ, সমমৰ্যদা প্ৰতিষ্ঠা হ’ব ।”  বিটিআৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে বুলি কৈ সমন্বয়ৰ সেঁতু গঢ়াৰ বাবে সকলোকে আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ।

শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ নৱ শৰণীয়া, সাংসদ ভূৱনেশ্বৰ কলিতা , মন্ত্ৰী ভৱেশ কলিতাকে ধৰি আন বহু বিশিষ্ট অতিথি উপস্থিত থাকে ।

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা। ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন । মঙলবাৰে ইয়াৰ লাইখুঁটা স্থাপন কৰা হয় ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই স্থাপন কৰে লাইখুঁটা । উক্ত অনুষ্ঠানত  উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি পৰিষদৰ বহুকেইজন বিষয়া-কৰ্মচাৰী ।

পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰেছে ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই । লগতে চলিহাই জনায় যে, এই পৰ্যন্ত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্ৰন্থ বিপনীয়ে  গ্ৰন্থমেলাত অংশ গ্ৰহণ নিশ্চিত কৰিছে । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থমেলা ২০২১ চনৰ ১০ জানুৱাৰীত সমাপ্ত হব ।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত উপস্থিত আছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকী । গণতন্ত্ৰ দিৱসত উপস্থিত থাকিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছিল আৰু এই আমন্ত্ৰণ গ্ৰহণ কৰিছে জনছনে।

ব্রিটেইনৰ বিদেশ সচিব ডমিনিক ৰৱে মঙ্গলবাৰে কয়,  ‘‘প্রধানমন্ত্রী জনছনে ভাৰত গণতন্ত্র দিৱসত প্রধান অতিথি হোৱাৰ আমন্ত্রণ গ্রহণ কৰিছে। এইটো আমাৰ বাবে অত্যন্ত সন্মানৰ বিষয়।’’

তেওঁ লগতে জনায়, অহা বছৰ ব্রিটেইনত আয়োজিত জি-৭ শীর্ষ সন্মিলনত যোগদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনাইছে জনছনে।

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ : জীপ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰূপক শৰ্মাৰ : মঞ্চত তিৱা বিহু গাই ভোট ভিক্ষা আঙুৰলতাৰ

নগাঁও, ১৫ডিচেম্বৰ: কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম- নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আজি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে। নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা বেবেজীয়া, জামগুৰি হৈ কাছমাৰীলৈ আজি বিজেপিৰ বিধায়কগৰাকীয়ে এখন খোলা জীপত প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰক লগত লৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই কয়, অসমৰ ৰাইজে এতিয়া উন্নয়ণ। বিচাৰে আৰু উন্নয়ণৰ বাবেই ৰাইজে কেৱল বিজেপিক বিচাৰে। সেয়ে এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদত বিজেপিৰ কোনো প্ৰতিদন্দী নাই।

আনহাতে বৰছিলা সমষ্টিৰ অগপ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিৰ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই কয়, “কংগ্ৰেছক ভোট দিয়া আৰু ভোট নলাত পেলাই দিয়া একেই কথা। কংগ্ৰেছ এতিয়া ফুটা বেলূন পাম দিলেও পাম নৰয়।বিটিচিত কংগ্ৰেছৰ এজনেই জিকিছিল সেইজনো বিজেপিলৈ আহিল। তিৱা স্বায়ত্ব শাসিত পৰিষদতো কংগ্ৰেছৰ একে দশাই হ’ব।” ভোটাৰক আকৰ্ষিত কৰিবলৈ সম্পূৰ্ণ তিৱা সাজপোচাকত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বিধায়িকা আঙুৰলতাই মঞ্চত অগপ নেতা-কৰ্মীৰ সৈতে বিহুগীতো পৰিৱেশন কৰে। আনহাতে এই সভাত অগপৰ নেতা মণিমাধৱ মহন্ত, মামনি বৰাৰ লগতে বিজেপিৰো বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ১৭ ডিচেম্বৰত হ’ব লগা ৩৫টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। ইফালে গৌৰৱ গগৈক স্কুটিত বহুৱাই বটদ্ৰৱাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ১৯ নং বৰচিলা তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধর্মেন্দ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলিৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ  চলালে গৌৰৱ গগৈ – ৰকিবুল হুছেইনে । নিৰ্বাচনী প্ৰচাৰ সভা কেইখনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ ভোটাৰক ভোট দিবলৈ আহ্বান জনাই। সভাকেইখন    প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা শিৱামনি বৰাৰ , অভিজিৎ বৰা লগতে বহুতো দলীয় কৰ্মী উপস্থিত থাকে।

অসমীয়া লোক-সংস্কৃতিৰে জনজাতীয় যুৱতীৰ ব্যতিক্ৰমী নিদৰ্শন : থলুৱা আৰু অৰুণাচলী খাদ্য সম্ভাৰেৰে ৰাইজৰ মন মোহিত কৰিছে খৈৰাবাৰীৰ কেফে ব্লুজে

টংলা, ১৫ ডিচেম্বৰ:  যিটো সময়ত অসমৰ বহু যুৱক যুৱতী নিজ কৰ্মসংস্থাপনৰ বাবে দেশ বিদেশ ঘূৰি হাবাথুৰি খোৱাৰ পৰিলক্ষিত হৈছে, তেনে সন্ধিক্ষণত অসমৰ থলুৱা খাদ্য আৰু অৰুণাচলী খাদ্যৰে  ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰীত নতুনকৈ স্থাপন কৰা কেফে ব্লুজত পিতৃ আৰু দুই বড়ো যুৱতীয়ে অন্য এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে দুলাল বসুমতাৰীৰ নেতৃত্বত গঢ়ি উঠিছে “কেফে ব্লুজ” নামৰ এখন অত্যাধুনিক হোটেল। ২৪ বছৰৰ আগত কৰ্মসূত্ৰে অৰুণাচলতগৈ কৰ্মসংস্থাপন বাট বিচাৰি কষ্টৰে জীৱন নিৰ্বাহ কৰা বসুমতাৰীয়ে এতিয়া নিজে আন নিবনুৱা যুৱক যুৱতীক আত্মাসংস্থাপন দিবলৈ সক্ষম হৈছে। দুলাল বসুমতাৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত  কয় যে মই কেতিয়াবা গাড়ী কেতিয়াবা হোটেলত বিভিন্ন ধৰণৰ কৰ্মসূত্ৰে জীৱন জাপন কৰিছিলোঁ অৰুণাচলত। ধৈৰ্যৰ ফল মিঠা সেয়েহে মই এটা সময়ত ইটানগৰত “চিটি হোটেল” নামে এখন হোটেল  স্থাপন কৰিবলৈ সক্ষম হৈছিলো ৷ কিন্তু বৰ্তমান সমগ্ৰ দেশত ক’ৰোণা মহামাৰী তাতে  লক- ডাউনে মানুহক জুৰুলা কৰিলে যাৰ কাৰণে মই অন্য এক চিন্তাৰে নিজৰ জন্ম স্থান খৈৰাবাৰীত “কেফে ব্লুজ” নামৰ উক্ত হোটেল খুলিলৈ বাধ্য হলো বুলি কয়। আনহাতে বসুমতাৰীৰ দুজনী ছোৱালী দিল্লীত হোটেল মেনজমেন্ট বিষয়ত অধ্যয়নৰত। এতিয়া ছোৱালী দুজনীও লক ডাউনৰ সময়তে ঘৰলৈ আহি উক্ত কেফে ব্লুজত ব্যস্ত হৈ পৰে। প্ৰায় ১২ জন মান কৰ্মচাৰী থকা উক্ত কেফে ব্লুজত অসমীয়া লোক – সংস্কৃতিৰে সজাই তোলা হৈছে ।।

১৭ ডিচেম্বৰৰ পৰা বদৌচা কাপ ফুটবল আৰম্ভ

তিনিচুকীয়া, ১৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টছ ক্লাবৰ এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় । সংবাদ মেলত বদৌচাম্পৰ্টছ ক্লাব সভাপতি অৰুণজ্যোতি মৰাণে কয় যে বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা অসম ফুটবল সন্থাৰ স্বীকৃতিপ্রাপ্ত বদৌচা কাপ আমন্ত্রণমূলক ফুটবল প্রতিযগিতাখনৰ দ্বাদশ সংখ্যক প্রতিযােগিতাখন অহা ১৭ ডিচেম্বৰ ২০২০ তাৰিখৰ পৰা ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈকে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ১৬ তাকৈ স্থানত অনুষ্ঠিত কৰিবলৈ লােৱা হৈছে । স্থান কেইটা ক্রমে- কচুজান খেলপথাৰ , ডুমডুমা ৰাজহুৱা খেলপথাৰ , কাকপথাৰ ৰাজহুৱা খেলপথাৰ , বৰগড়া ৰাজহুৱা খেলপথাৰ , গৰিয়াটিং খেলপথাৰ , এঠেঙীয়া খেলপথাৰ , দিয়ামুলী পালং লাইন খেলপথাৰ , লংছােৱাল চাইডিং চাহ বাগিছা খেলপথাৰ , চামদাং চাহ বাগিছা খেলপথাৰ , বজালনী চাহ বাগিছা খেলপথাৰ , বগাপানী চাহ বাগিছা খেলপথাৰ , ৰাইডাং ৰাজহুৱা খেলপথাৰ , ফিল’বাৰী হাইস্কুল খেলপথাৰ , মুলােক গাঁও খেলপথাৰ , কঠালগুৰি খেলপথাৰ , দুলীয়াজান নেহেৰু মৈদান খেলপথাৰ । প্রতিযােগিতাখনত অইল ইণ্ডিয়া এফ . চি . , অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ , এ.পি.আৰ.অ . গুৱাহাটী , তিনিচুকীয়া ৰেলৱে ডিভিজনেল এফ.চিকে আদি কৰি মুঠ টা উত্তৰ – পূৰ্বাঞ্চলৰ আগশাৰীৰ ফুটবল দলে অংশগ্রহন কৰিব । প্রতিযােগিতাখন সর্বটো প্রকাৰে সফল কৰি তুলিবলৈ ইতিমধ্যে ১৬ টা স্থানত ১৬ খন উপ- অভ্যর্থনা সমিতি গঠন কৰা হৈছে।প্রতিযােগিতাখনি সফল সমাপ্তি কৰিবলৈ সকলাে ক্রীড়া প্রেমী ৰাইজকে বদৌচা স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনায় । 

লাহোৱালত ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা

মদাৰখাত, ১৫ ডিচেম্বৰ: সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল বালিকা বিদ্যালয়ত এখন সজাগতামূলক সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিয়ে কেতিয়াও ভৱিষ্যত সুৰক্ষিত নকৰে বুলি কয়। এই ব্যৱস্থা শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সাম্ভাৱ্য অনিশ্চয়তাৰ কথা বিতংভাৱে অৱগত কৰে। চলকাৰক এই ব্যৱস্থাৰ সংশোধন কৰি পুৰণি পেঞ্চন ব্যৱস্থাকে কৰ্মচাৰীৰ কল্যানাৰ্থে বাহাল ৰাখিবলৈ আহ্বান জনায়। সুকুমাৰ ঘোষে সভাত এন পি এছ কৰ্মচাৰীৰ অৱসৰকালীন পেঞ্চনৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহই কৰ্মচাৰী পৰিষদে এন পি এছৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতেও প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয়। তেওঁ যৌথ সংগ্ৰামৰো পোষকতা কৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তি তথা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱানন্দ হালৈয়ে এন পি এছ কি আৰু ই কেনেদৰে অৱসৰকালত প্ৰযোজ্য হ’ব তাক বিতংভাৱে বিশ্লেষণ কৰে। নতুন পেঞ্চন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতাৰ্থে নহয় বুলি উল্লেখ কৰি ভৱিষ্যতত ই অন্ধকাৰহৈহে পৰিব বুলি কয়। সেয়ে চৰকাৰক পুনৰ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই কৰ্মচাৰীৰ ভৱিষ্যতৰ অৱসৰকালীন সময়ছোৱা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে এন পি এছৰ বিৰুধিতা কৰি অহাৰ লগতে অনাগত দিনত সহযোগিতা থাকিব বুলি বক্তব্য ৰাখে। সজাগতামূলক সভাতেই সংগ্ৰামখন শক্তিশালী কৰাৰ স্বাৰ্থত পূণ্য গোঁহাই দত্তক সভাপতি, ৰাজীৱ দাসক উপ সভাপতি, দিগন্ত গোঁহাইক সম্পাদক, মৃদুল কলিতাক সহ সম্পাদক হিচাপে লৈ লাহোৱাল আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, জিলা সম্পাদক মনোজ মহন, যুটীয়া সম্পাদক নন্দৰাম তাঁতীৰ লগতে জিলা বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

ষ্ট্ৰীট লাইটৰ অভাৱত অন্ধকাৰচন্ন গান্ধী মন্ডপ পথ; আন্ধাৰৰ সুযোগত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ

অনলাইন বাৰ্তা, ১৫ ডিচেম্বৰ: মহানগৰীৰ গান্ধী মন্ডপ পথৰ বিকল ষ্ট্ৰীট লাইটে সন্ধিয়া অন্ধকাৰচন্ন  কৰি তুলিছে শৰনীয়া পাহাৰ ৷ ২অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে মহানগৰ জিলা প্ৰশাসন – গুৱাহাটী পৌৰনিগমে গান্ধী মন্ডপৰ বৃহত্তৰ অঞ্চল সজাইপৰাই ৰঙীল কৰি তোলে ৷ অনুষ্ঠান শেষ হোৱাৰ পিছৰ পৰা এবাৰো চোৱাৰ আহৰি নাই জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমৰ ৷ স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি  গান্ধীজয়ন্তী উদযাপনৰ মাত্ৰ দুই তিনিদিন আগতে ষ্ট্ৰীট লাইট সমুহ মেৰামতি কৰি পোহৰায় তোলা হৈছিল শৰনীয়া পাহাৰ ৷ কিন্তু এমাহ পাৰ নহোতেই ষ্ট্ৰীট লাইট সমুহ বিকল হোৱা দেখা গৈছে ৷ ইয়াৰ বাবেই বৃহত্তম এলেকাত সন্ধিয়াৰ পৰা অন্ধকাৰচন্ন হৈ পৰে ৷ একাংশ স্হানীয় ৰাইজে জনোৱা মতে শৰনীয়া মুল পথৰ পৰা গান্ধীমন্ডপ যোৱা  পথচোৱাত মাত্ৰ ১০-১২ ষ্ট্ৰীট লাইট সন্ধিয়াৰ ভাগত জ্বলে যদিও বাকী লাইট সমুহ সম্পূৰ্ণ বিকল ৷ এনেক্ষেত্ৰত গান্ধী মন্ডপ দৰ্শন কৰিব অহা বিভিন্ন স্তৰৰ ব্যক্তিসকলে সন্ধিয়া সময়ত লাইটৰ অভাবত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ সন্ধিয়া আন্ধাৰৰ সুযোগ গ্ৰহন কৰি এচাম যুৱক – যুৱতীয়ে নিশালৈ আদ্দাস্হলীত পৰিনত কৰিছে গান্ধীমন্ডপ অঞ্চল ৷ আন একাংশই সন্ধিয়া হলেই মুকলি মুৰীয়াকৈ মদ,ভাং খোৱা পৰিলক্ষিত হৈছে ৷ সন্ধিয়া ভ্ৰমন কৰিবলৈ অহা নাগৰিক সকলৰ একাংশই জানিবলৈ দিয়ে যে  মদ ভাং অসামাজিক কাৰ্য্য স্হলীত পৰিনত হৈছে বৃহত্তৰ গান্ধী মন্ডপ অঞ্চল ৷ ইয়াৰ বাবেই অতি শীঘ্ৰেই ষ্ট্ৰীট লাইট সমুহ মেৰামতিৰ বাবেই গুৱাহাটী পৌৰনিগম তথা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷

হোজাই বজাৰৰ বিভিন্ন স্থানত ডাষ্টবিন বিতৰণ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাৰ

হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই বজাৰৰ বিভিন্ন ঠাই সমূহত ঘূৰি ডাষ্টবিন বিতৰণ কৰা পৰিলক্ষিত হয়। উপস্থিত স্থানীয় সংবাদিক সকলৰ লগত হোৱা সাক্ষাৎকাৰত হোজাই পুৰণা বজাৰ আৰু নতুন বজাৰৰ বিভিন্ন স্থানত প্ৰায় এশ টা ডাষ্টবিন বিতৰণ কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়। নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ সম্ভাব্য টিকট প্ৰত্যাশী সকলে জনসাধাৰণৰ কাষ চাপি বিভিন্ন জনকল্যান মুলক কাম কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ হোজাইৰ পৰা টিকট প্ৰত্যাশী প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কে কে শৰ্মা বিগত কেই মাহমানৰ পৰা হোজাইৰ বিভিন্ন অঞ্চল সমূহত সমাজ সেৱা কৰাত ব্যস্ত হৈ পৰিছে। ভাগ্যৰ যোৱাৰ কাৰ পক্ষত বলিব তথা ৰাজতিলক ভাগ্যত আছে নে নাই সেয়া সময়তেহে গম পোৱা যাব।

চৰাইদেউৰ সাপেখাতীত ভাৰ উত্তোলন, শক্তি উত্তোলন, দেহশ্ৰী আৰু ফিটনেছ জিলাভিত্তিক প্ৰতিযোগিতা সম্পন্ন

সাপেখাতী, ১৪ নৱেম্বৰ : শৰীৰ নিৰোগী কৰি ৰাখিবলৈ সদায় শৰীৰ চৰ্চা কৰাটো অতিকৈ প্ৰয়োজনীয় ।  বৰ্তমান সময়ত শৰীৰৰ চৰ্চাৰ প্ৰতি খুবেই সচেতন আমাৰ  যুৱক যুৱতী সকল। নৱপ্ৰজন্মক  শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি ৰখাৰ উদ্দেশ্যেৰে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন কৰে  জিলাভিত্তিক  দেহশ্ৰী , ভাৰ উত্তোলন, শক্তি উত্তোলন আৰু ফিটনেছ প্ৰতিযোগিতা । শীতৰ তীব্ৰ  প্ৰকোপকো নেওচি  ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তৰৰ পৰা আহি  প্ৰতিযোগীয়ে সকলে প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে । উক্ত  দেহশ্ৰী  প্ৰতিযোগিতাত সংগীতৰ তালে তালে বিভিন্ন ভংগীমাৰে দেহ প্ৰদৰ্শনেৰে দৰ্শকক চমক দেখুৱাই  সাপেখাতীৰ নিৰ্বাসি ৰাজেশ  শ্যামে ২০২০ বৰ্ষৰ মিষ্টাৰ চৰাইদেউ খিতাপ  অর্জন কৰে । শক্তি উত্তোলনত ষ্ট্ৰং মেন  অৱ চৰাইদেউ২০২০  খিতাপ লাভ কৰে পাৱাৰ হাউচ  ক্লাৱৰ  আচিফুৰ ৰহমান বৰাই ।  ষ্ট্ৰং অ’মেন অফ চৰাইদেউ ২০২০ খিতাপ লাভ কৰে চৰাইদেউ ৱেট লিফটিং প্ৰশিক্ষণ কেন্দ্ৰৰ  তুতু মণি খাতুৱালে । ৱেট লিফ্টিংৰ  বেষ্ট লিফটাৰ ২০২০ ৰ  খিতাপ  অর্জন ৰাজা ঠাকুৰে । ৱেট লিফ্টিংৰ  বেষ্ট লিফটাৰ ২০২০  অ’মেন খিতাপ অর্জন কৰে  ৰিজু মণি খাতুৱালে । মি: ফিটনেছ ২০২০ খিতাপ লাভ কৰে সাপেখাতীৰ চন্দন গগৈয়ে । মিছ ফিটনেছ ২০২০ খিতাপ লাভ কৰে  সোনাৰীৰ অনন্যা  নাওশলীয়াই । মি: চৰাইদেউ মাষ্টাৰ শ্ৰী খিতাপ অর্জন কৰে সোনাৰীৰ জয়ন্ত দাসে । অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন  কৰা এই প্ৰতিযোগিতাই নৱ প্ৰজন্মৰ খেলুৱৈক দিলে  নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবলৈ অধিক অনুপ্ৰেৰণা। যি সময়ত আজিৰ যুৱ প্ৰজন্মই ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে, তেনে সময়তে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱৰ  কৰ্মকতা সকলে নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।