Hon'ble AICC Gen Sec Smt. @PriyankaGandhi kickstarted her 2 day visit to Assam by paying obeisance at Kamakhya Temple- one of the oldest of 51 Shakti Pithas! It's befitting that strength to Save Assam be derived from Goddess Kamakhya to change its future!#AxomoloiSwagotomPGVpic.twitter.com/iFPK4ufdFE
বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তনখন ২৯ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত দলটোৰ জিলা সমিতি গঠনৰ বিষয়টো আলচনা কৰা হয় ৷ বঙাইগাঁও চহৰৰ মুলচান্দ জালান বিবাহ ভৱনত অনুষ্ঠিত অভিৱৰ্তনখনত সভাপতিত্ব কৰে বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক তথা সমষ্টি সমিতিৰ উপদেষ্টা প্ৰভাৱত বৈষ্ণৱে ৷ অভিৱৰ্তনত জিলাখনৰ অন্তৰ্গত দলটোৰ বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷
জিলা অজাপৰ মুখ্য আহ্বায়ক মছিউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অভিৱৰ্তনত দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুখপাত্ৰ তথা পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা অমিতাভ বৰঠাকুৰে নিজৰ ভাষণত বৃহৎ নদী বান্ধ ,জি এছ টি ,মূল্যবৃদ্ধি , কৃষি আইন , নিবনুৱাক কৰ্মসংস্থাপন দিয়া আদি বিভিন্ন বিষয়সমূহ সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰক বিদায় দি অসম জাতীয় পৰিষদৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠন কৰিব লাগিব বুলি কয় ৷
ইপিনে দলটোৰ উপ সভাপতি তথা বঙাইগাঁও জিলাৰ তত্বাৱধায়ক ৰবীন্দ্ৰ কুমাৰ দত্তই সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁৱকলৈ আমি বহু আশাবাদী ৷ কাৰণ মানুহে অসম গণ পৰিষদৰ প্ৰতি আস্থা হেৰুৱাইছে ৷ তেওঁলোকৰ আঞ্চলিক চৰিত্ৰটো হেৰাই গৈছে ৷
অসমৰ ভিতৰত বঙাইগাঁও সমষ্টিটো হৈছে এটা আঞ্চলিকতাবাদৰ দুৰ্গ ৷ আজি ৩৫ বছৰ ধৰি এই সমষ্টিটো অগপই দখল কৰি আছে ৷ গতিকে ইয়াৰ যিসকল ভোটাৰ আছে তেওঁলোক হ’ল আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৷ আমাৰ বিশ্বাস এইটোৱে যে যিহেতু গণ পৰিষদৰ আঞ্চলিক চৰিত্ৰটো হেৰাই গ’ল, সেয়ে আমি ৰাইজক বিকল্প এটা আঞ্চলিক দল আজি দিব পাৰিছো ৷ আমাৰ দলটো ইতিমধ্যে আঞ্চলিক দল হিচাপে নিৰ্বাচন আয়োগত পঞ্জীয়ণ হৈ গ’ল আৰু প্ৰতীক চিহ্ন পালো ৷ আমাৰ দলৰ প্ৰতীক চিহ্ন হ’ব ‘ জাহাজ ‘ ৷ আমি যিহেতু ৰাইজক বিকল্প এটা দিব পাৰিছো ,গতিকে আমি আশাবাদী ইয়াত আমাৰ জয়ী হ’ব ৷
তেওঁ আৰু কয় যে মানুহে এটা পৰিৱৰ্তন বিচাৰিছে ৷ কেৱল পৰিৱৰ্তনেই নহয় বৰং মানুহে এই ৰাষ্ট্ৰীয় দল আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ আমি ৰাইজক বিকল্প দিব পাৰিছো ৷ অভিৱৰ্তনত দলটোৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক মকবুল হুছেইন, কিছুদিন পূৰ্বে দলটোত যোগদান কৰা বঙাইগাঁও পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দীপু চৌধুৰী সমষ্টি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
উল্লেখ্য যে এই অভিৱৰ্তনত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ বিদ্যাপুৰ মণ্ডল কমিটীৰ কেইবাজনো বিষয়ববীয়াৰ লগতে প্ৰাক্তন আছু নেতা দীপক কুমাৰ ৰায় আদিয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ অভিৱৰ্তনত জিলাখনৰ অন্তৰ্গত দলটোৰ তিনিওটা বিধান সভা সমষ্টি সমিতিৰ পৰা জিলা সমিতি গঠনাৰ্থে প্ৰতিনিধিৰ নাম তালিকা গ্ৰহণ কৰা হয় ৷ অৱশ্যে জিলা সমিতিখন আজি ঘোষণা কৰা হোৱা নাই ৷
সেই তালিকাত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় গৌতম ধানোৱাৰ, (ডিগবৈ) মৌচম বৰুৱা, (মাকুম) হাপজান ব্লক কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠনেতা ভাস্কৰ জীৱন বৰুৱা, (ডিগবৈ) তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গীতাঞ্জলি সোনোৱাল, (ৰামনগৰ) তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক ৰত্নেশ্বৰ গোহাঁই, (বাৰেকুৰী) তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চেতিয়া, (তিনিচুকীয়া) ৮ নং গোলাই জিলা পৰিষদৰ প্ৰাক্তণ সদস্য অশোক শৰ্মা (ডিগবৈ) ৷
উল্লেখ যে আগন্তোক নিৰ্বাচনৰ বাবে ডিগবৈ সমষ্টিৰ পৰা আবেদন কৰা এই সাত গৰাকী কংগ্ৰেছ দলৰ নেতাৰ পৰা যি কোনো এজনে দলীয় টিকট লাভ কৰিবলৈ সক্ষম হব ৷ বৰ্তমান প্ৰাৰ্থীত্ব সম্ভাৱনা শীৰ্ষত আছে ২০১৬ চনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰা গৌতম ধানোৱাৰ লগতে জ্যেষ্ঠনেতা ভাস্কৰ জীৱন বৰুৱা, মহিলা নেত্ৰী গীতাঞ্জলি সোনোৱাল আৰু যুৱনেতা মৌচম বৰুৱা ৷
উল্লেখ যে বিগত ৩৭ বছৰে কংগ্ৰেছ দলে শাসন কৰা পিছত ২০১৬ চনত ডিগবৈ সমষ্টিত দলটো পৰাজিত হৈছিল ৷ শেহতীয়াকৈ সমষ্টিতটো পুনৰ উদ্ধাৰ কৰিবলৈ দলটোৱে যেনেদৰে দলীয় কাম কাজ সমূহ কৰিব লাগিছিল সেই ধৰণে গঢ়ি তুলিব পৰা নাই ৷ ইয়াৰ উপৰিও সমষ্টিটোত চাহ বাগিছা ভোট সমূহ দুভাগ হোৱাত কংগ্ৰেছ দল দুৰ্বল হৈ পৰা দেখা গৈছে ৷ এতিয়া সময়হে কব ডিগবৈ সমষ্টিৰ দলটোৱে পুনৰ উদ্ধাৰ কৰিব পাৰিব নে নাই ৷ অৱশ্যে নিৰ্বাচনৰ বাবে দলটোৱে সমষ্টিত বিভিন্ন সভা সমিতি অনুষ্টিত কৰিছে ৷
বৰ্তমান বিজেপি বিধায়ক গৰাকীৰ বাসগৃহ নিচেই কাষতে ইতিমধ্যে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত অনুষ্টিত সভাৰ জড়িয়তে ডিগবৈ সমষ্টিত বৰ্তমানেও যে কংগ্ৰেছ দলৰ ককাল ভঙা নাই তাকে প্ৰমান কৰি দিছে ৷
আগন্তুক নিৰ্বাচনত যদিহে বিশেষ কিবা পৰিৱৰ্তন নহয় তেন্তে সমষ্টিটোত শাসনাধিস্থ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজতে মুল যুঁজখন হৈ উঠিব ৷ যদি কোনো প্ৰাৰ্থীয়ে দল সলনি কৰে তেন্তে তিনিকোনিয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ডিগবৈ সমষ্টিত ৷