নগাঁও, ১৬ ডিচেম্বৰ : তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁও জিলাৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে নগাঁও চহৰৰ ডচন হাইস্কুলত নিৰ্মান কৰা হৈছে ষ্ট্ৰং ৰুম। ইপিনে, তিৱা নিৰ্বাচনত যাতে কোনোধৰণৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ইতিমধ্যে নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ১টাত ইতিমধ্যেই বিজেপিয়ে বিনা প্ৰতিদন্দিতাই জয়লাভ কৰিছে। অহা কাইলৈ ৩৫টা সমষ্টিৰ বাবে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে নগাঁও জিলাত থকা ১০টা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে ৫টা কৈ ভোটগণনা কেন্দ্ৰ সাঁজু কৰি তুলিছে। প্ৰতিটো ভোটগণনা কেন্দ্ৰত দুটাকৈ সমষ্টিৰ ভোটগণনা কৰা হ’ব । প্ৰতি দুটা সমষ্টিৰ বাবে ১জনকৈ অতিৰিক্ত উপায়ুক্তক ৰিটাৰ্নিং বিষয়া নিয়োগ কৰা হৈছে। এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছে প্ৰচাৰৰ বাবে বহুকেইগৰাকী হাইপ্ৰফাইলক নেতাক ব্যৱহাৰ কৰা দেখা গ’ল। সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, ৰকিবুল হুছেইনৰ উপৰিও ন কংগ্ৰেছী তথা শিল্পী বাবু আৰু নেকিবক লৈয়ো কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী আৰু আঙুৰলতা ডেকাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। শেষৰফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁও আৰু ৰহাৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল যদিও এইবেলি তিৱা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাহিল বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
বৃহস্পতিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন
মধ্য অসমৰ টিৱা অঞ্চল সমূহত কালিলৈ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন । তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ।
মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩,০৮,৪০৯ জন ভোটাৰে ।
তিৱা স্বায়ত্ব শাসিত পৰিষদ হৈছে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ (মেট্ৰ’) জিলাৰ তিৱা লোকসকলৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, জাতিগত আৰু সাংস্কৃতিক অগ্ৰগতিৰ বাবে গঠন কৰা এক বিধিবদ্ধ কাউন্সিল ।
ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) আৰু গন সুৰক্ষা পাৰ্টি (জিএছপি)ৰ সৈতে বোডোলেণ্ড টেৰিটৰিঅ’ৰিটৰিল কাউন্সিল (বিটিচি) গঠন কৰাৰ পিছত, বিজেপিয়ে TAC নিৰ্বাচন পৰিষ্কাৰ ভাৱে অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰিছে। নিৰ্বাচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বাবান্দ সোনোৱালকে ধৰি কেইবাজনো শীৰ্ষ নেতাই প্ৰচাৰ চলায় ।
একাধিক নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা । তেওঁৰ নৃত্য আৰু গানেৰে ভোটাৰক আকৰ্ষণ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিধায়িকাগৰাকীক পাৰম্পৰিক তিৱা পোছাক পিন্ধি থকা দেখা গৈছিল।
তিৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে হোজাই জিলা প্ৰশাসনৰ বন্ধৰ দিন ঘোষণা
হোজাই, ১৬ ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনী জিলাৰ অধীনত থকা ২৭ নং কাকী (মুক্ত) সমষ্টি এলেকাত ভোট গ্ৰহণৰ দিনা অৰ্থাত্ ১৭ ডিচেন্বৰ ২০২০ তাৰিখৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। ইয়াৰ বাবে হোজাই জিলা দণ্ডাধীশ ডাঃ সদনেক সিং আই.এ.এচে এক আদেশ যোগে এন.আই.এক্ট ১৮৮১ ধাৰা ২৫ৰ অধীনত ২৭ নং কাকী তিৱা স্বায়ত্ব শাসিত পৰিষদ সমষ্টি এলেকাত ভোট গ্ৰহণ দিনা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। এক আদেশ অনুসৰি সমূহ চৰকাৰী, অৰ্ধচৰকাৰী কাৰ্য্যালয়, পঞ্চায়তীৰাজ অনুষ্ঠান, স্থানীয় নগৰ সমিতি, শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিস্থান, বেংক, চাহ-বাগিচা আদি সমূহ বন্ধ থাকিব। অৱশ্য এই বন্ধৰ সময়ছোৱাত জৰুৰী সেৱা, পূৰ্ব নিৰ্ধাৰিত বিভিন্ন বিভাগ/সমিতি/ পৰিষদ/ বিশ্ববিদ্যালয় আদিৰ লিখিত পৰীক্ষা/ সাক্ষাত্কাৰ সমূহ অনুষ্ঠিত কৰিব পাৰিব।

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ
আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ। এই নিৰ্বাচনত কেৱল অসমেই নহয়; পশ্চিম বংগ, কেৰালা, তামিলনাডু তথা পুডুচেৰীৰ নিৰ্বাচনত Postal Ballot ৰ ব্যৱস্থা প্ৰৱাসী ভাৰতীয় সকললৈও সম্প্ৰসাৰণ কৰিব বিচাৰিছে । এই প্ৰস্তাৱৰ প্ৰসংগতে নিৰ্বাচন আয়োগে শেহতীয়াকৈ আইন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে।
আনহাতে, নিৰ্বাচন আয়োগৰ মূখপাত্ৰই উক্ত বিষয়টো বিবেচনাধীন হৈ থকা বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, এই নিয়ম প্ৰযোজ্য কৰিবলৈ “Conduct of Election Rules 1961” ত সংশোধনী আনিব লাগিব। Electronically Transmitted Postal Ballot System শীৰ্ষক এই ব্যৱস্থাত বেলট ইলেকট্ৰনিক মাধ্যমৰে প্ৰেৰণ কৰা হ’ব; কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰবাসী ভাৰতীয়জনে ডাকযোগে বেলট পেপাৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়া ভাৰতবর্ষৰ ভাৱমূৰ্তিত গৰিমা সনাত সহায়ক হ’ব বুলি ক’ব বিচাৰে।
নলবাৰী আৰক্ষীৰ বৃহৎ সাফল্য : নলবাৰীত বেংক ডকাইতিৰে জড়িত পাঁচ ডকাইত আটক ; জব্দ বাহন, সামগ্ৰী
নলবাৰী, ১৬ ডিচেম্বৰ: নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা । নলবাৰী আৰক্ষীৰ হাতত আটক হল বেংক ডকাইতৰ লগতে ডকাইতি কাণ্ডৰ লগত জড়িত ১০ জনকৈ ডকাইত ৷ ডকাইতৰ দলটোৰ লগতে উদ্ধাৰ হ’ল চাৰীচকীয়া বাহন, দুচকীয়া বাহন, পিষ্টল, সজীৱ গুলি, মোবাইল, নগদ ধনকে ধৰি সোন । উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰত নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত ডকাইতি সংঘটিত হোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই আছিল ৷ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানৰ পৰা যোৱা কিছুদিনৰ ভিতৰত ১০ জনকৈ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যেই উক্ত ডকাইত কেইজন অসমৰ বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হোৱাৰ তথ্যও নলবাৰী আৰক্ষীয়ে লাভ কৰিছে ৷ তদুপৰি যোৱা নিশা আটক কৰিছে চাৰি জনকৈ ডকাইত । ধৃত ডকাইত কেইজনহ হ’ল কামৰূপৰ ফজল হক, নিৰ্মল দাস, চায়েদ আলি, ৰুমি পাটোৱাৰী আৰু আইতুল্লাহ আলী । ইপিনে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা ডকাইত কেইটা হল- ওদালগুৰিৰ বাসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰী আৰু নলবাৰী মুকালমুৱাৰ কৰন আলী, বাদশ্বাহ আলী, ৰমজান আলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত কেইজনৰ পৰা দুটাকৈ পিষ্টল, নগদ ২ লাখ টকা, ৮ জাই সজীব গুলী, ৮ টা মোবাইল ফোনৰ লগতে সোনৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য এই দুই ডকাইতৰ দলটোৱে অময়াপুৰৰ পঞ্জাৱ নেচনেল বেংকৰ পৰা ৬০ লাখ টকা ডকাইতি কৰা ঘটনাৰে জড়িত ।

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত পাণ্ডা
গুৱাহাটীত উপস্থিত বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডা ।দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত দলীয় কৰ্মীয়ে আদৰণি জনায় বজয়ন্ত পাণ্ডাক ।
বিজেপি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত দুপৰীয়া ১২.৩০ বজাত ৰাজ্যিক বিষয়ববীয়া সভা দলৰ অংশগ্রহণ কৰে৷
তাৰ পিছতে শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ জিলা সভাপতি আৰু জিলা প্ৰভাৰীসকলৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰে। শংকৰদেৱ কলাক্ষেত্ৰত মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, কোষৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ লগত দলীয় বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডাই ।
সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰত মুখপাত্ৰ, পেনেলিষ্ট, সংবাদ কোষ, সামাজিক মাধ্যম কোষ, তথ্য-প্ৰযুক্তি কোষৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত হ’ব পাণ্ডা ৷
কাইলৈ পুৱা ৮ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰি ১১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৈজয়ন্ত জয় পাণ্ডাই শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কৃষক সন্মিলনত অংশগ্ৰহণ কৰিব। দিনৰ দুই বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত ভৱন প্ৰেক্ষাগৃহত এক সংবাদ মেল সম্বোধন কৰি উভতি যাব পাণ্ডা।
মেলেঙীয়াল গাঁওত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন
মদাৰখাত, ১৬ ডিচেম্বৰ : ডিব্ৰুগড়ৰ জিলা লাহোৱাল বিধানসভা সমষ্টিৰ তথা মদাৰখাত মৌজাৰ অন্তৰ্গত ঐতিহাসিক মেলেঙীয়াল গাঁও শ্ৰীশ্ৰী অনিৰুদ্ধ মায়ামৰা নামঘৰলৈ অসম দৰ্শন আঁচনি জৰিয়তে আগবঢ়োৱা দহ লাখ টকাৰ আঁচনি কামৰ আজি ধৰ্মীয় তথা মাংগলিক কৰ্মৰে আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই। অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মান হ’বলগীয়া নামঘৰৰ অতিথিশালা, খোৱাপানী ব্যৱস্থা, প্ৰসাৱগাৰ নিৰ্মাণ কৰিবলগীয়া এই আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীয়ে বৰ্তমান অসম চৰকাৰে পুৰণা ধৰ্মীয় অনুষ্ঠান, নামঘৰ, সত্ৰকে ধৰি ধৰ্মানুষ্ঠানলৈ অসম দর্শনৰ জৰিয়তে বিশেষভাৱে লাভৱাম্বিত হোৱা লগতে সমাজখনক আগুৱাই নিয়াত যথেষ্ট সহায় হ’ব বুলি কয়। পূৰ্বতে এনেধৰণৰ কোনো আঁচনি গ্ৰহণ নকৰা বাবে মায়ামৰা ধৰ্মীয় নামঘৰ, সত্ৰ তথা থানসমূহৰ বিশেষ উন্নতি হোৱা নাছিল আৰু সেয়ে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াব পৰা নাছিল। বৰ্তমান চৰকাৰখনে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এই আঁচনি জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধায়ক ঋতুপৰ্ণ বৰুৱাই নিজৰ ভাষণত উল্লেখ কৰে। আধৰাশিলা ফলক উন্মোচন কৰে গাঁওৰ গাওঁবুঢ়া কৰুণা গগৈ, তীৰ্থ হাজৰিকা, লাহোৱাল খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়াই। নামঘৰৰ চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত নিৰ্মাণ সমিতিৰ সম্পাদক দ্বীপ দত্ত ফুকনে আঁচনি খনৰ জৰিয়তে কিদৰে নিৰ্মান কৰা হ’ব সেইবিষয়ে নিজৰ আদৰণি ভাষণত উল্লেখ কৰে। জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, মদাৰখাত গাঁও পঞ্চায়তৰ সভাপতি দেৱেশ দত্ত, উন্নয়ন খণ্ড বিষয়া ৰোহিতেশ্বৰ শইকীয়াই অসম দৰ্শন আঁচনি খনৰ কাম কাজ আৰু নিৰ্মাণ হ’বলগীয়া গৃহ সম্পৰ্কত নিজৰ নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে ৰাইজে এইক্ষেত্ৰত চকু দিবলৈও আহ্বান জনায়। গাঁঁৱৰ ইতিহাস তথা নামঘৰৰ ইতিহাসৰ লগতে বিভিন্ন বিষয়ত সম্পৰ্কে আঁত ধৰোঁতা সাংবাদিক যাদৱ গগৈয়ে উল্লেখ কৰে।চৰকাৰী গাওঁবুঢ়া পোনা হাজৰিকা, যুৱ সমাজকর্মী মাধুৰ্য চাংমাই, বাবুল ফুকন,ৰেৱ দত্ত ফুকন, ক্ষীৰোদ গগৈ, জুৰি হাজৰিকা, ৰুমী ফুকন, অকনলতা হাজৰিকা, মুহিম হাজৰিকা, হৰিশ হাজৰিকাকে ধৰি গাঁওবাসী উপস্থিত থাকে।
জামুগুৰিহাটত শ্ৰী শ্ৰী গোপাল দেৱ সমাজৰ জিলা কাৰ্য্যনিৰ্বাহক সভা
জামুগুৰিহাট, ১৬ডিচেম্বৰ: শ্ৰী শ্ৰী গোপাল দেৱ সেৱক সমাজৰ শোণিতপুৰ জিলাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা কালি জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্র নামঘৰত অনুষ্ঠিত হৈ যায়। গহন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক প্ৰমোদ বৰঠাকুৰে। দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতি ভৱ গোস্বামীয়ে অনুষ্ঠানটিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰণ সম্পৰ্কে বহল বাখ্যা আগবঢ়োৱাৰ লগতে ৰাজ্যজুৰি সংগঠনৰ বিশালতা সম্পৰ্কে বহল বাখ্যা আগবঢ়াই । সভাত উপস্থিত থাকি গোপন আতাৰ জীৱন দৰ্শন সম্পৰ্কে আলকপাত কৰে প্ৰেম নাৰায়ণ গোস্বামীকে ধৰি বহুজনে।
ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয় কৰাৰ বিৰুদ্ধে সোনোৱাল
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে ।
সোনোৱালে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰত নিজৰ কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰাৰ বাবে, এ আই আৰ আৰু ডি ডি কে, গুৱাহাটী কাৰ্য্যসূচী সম্প্ৰচাৰ কৰাৰ বাবে প্ৰসাৰ ভাৰতীৰ নিৰ্দেশনাৰ বিষয়টো উত্থাপন কৰে । শুক্ৰবাৰে প্ৰকাশিত এক আনুষ্ঠানিক পত্ৰত এই কথা কোৱা হৈছে।
ডি ডি কেৰ দুয়োটা ডিব্রুগড় কেন্দ্ৰ ১৯৯৩ চনৰ পৰা সম্পূৰ্ণ ষ্টেচন হিচাপে কাম কৰি আছে আৰু ২০১৯ চনত ৫০ বছৰ সম্পূৰ্ণ কৰা এ আই আৰ ডিব্রুগড়ক ৰিলে কেন্দ্ৰৰ স্থিতিলৈ স্থানান্তৰ কৰিব নালাগে, কিয়নো এ আই আৰ আৰু ডি ডি কেৰ গুৱাহাটী কেন্দ্ৰসমূহক অসমৰ সমৃদ্ধ সাংস্কৃতি সমূহ সঠিকভাৱে প্ৰচাৰ কৰাৰ বাবে অত্যাধিক ব্যৱস্থা কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী সোনোৱালে পত্ৰত উল্লেখ কৰে। ‘ৰাজ্যৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু বাহাল ৰখাৰ বাবে এ আই আৰ আৰু ডি ডি কে, ডিব্রুগড়ৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিব লাগে আৰু তেওঁলোকক নিজৰ স্থানীয়ভাৱে প্ৰস্তুত কৰা কাৰ্য্যসূচী প্ৰচাৰ কৰিবলৈ দিয়া উচিত,’ সোনোৱালে পত্ৰত কয় ।
বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় ।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যিয়ে বাংলাদেশক স্বাধীন দেশ কৰিছিল । সেই দিনটো ‘বিজয় দিৱস’ হিচাপে পালন কৰা হয় ।















