Home Blog Page 3103

গোলাঘাটত দূৰ্লভ গগৈ সোঁৱৰণত দিবা -নৈশ ফুটবল প্ৰতিযোগিতা

গোলাঘাট জিলা ফুটবল সন্থা আৰু ঔগুৰি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত ঔগুৰি খেলপথাৰত  গোলাঘাট সংস্কৰণৰ দূৰ্লভ গগৈ সোৱৰণী সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বাঘজান  তৈলখাদৰ অগ্নিকাণ্ড মৃত্যু বৰণ কৰা ৰাষ্ট্ৰীয় খেলুৱৈ দূৰ্লভ গগৈ সোঁৱৰণত অনুষ্ঠিত হোৱা  এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৩০ টা দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ চুড়ান্ত খেলত নাহৰকটীয়া ফুটবল একাডেমিয়ে  ডিফু হিলচ্ ইউনাইটেডক ট্ৰাইবেকাৰত পৰাস্ত কৰে । চুড়ান্ত খেল খনৰ পূৰ্বে অসমৰ ফুটবল জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তি , ঔগুৰি অঞ্চলৰ সমাজকৰ্মী , ক্ৰীড়া লগত জড়িত সংগঠক তথা খেল পৰিচালক , প্ৰশিক্ষকক  সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

মুকেশ অম্বানী এছিয়াৰ ভিতৰতে এক নম্বৰ আঢ্যবন্ত ব্যক্তি

পুনৰ এছিয়াৰ ভিতৰতে আঢ্যবন্ত লোকৰ তালিকাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল উদ্যোগপতি মুকেশ অম্বানী ।

বিগত বৰ্ষৰ শেষৰ ফালে চীনৰ উদ্যোগপতি জং ছানছানে এই শীৰ্ষ স্থান দখল কৰিবলৈ সফল হৈছিল । জঙৰ সম্পত্তিৰ মূল্য হঠাৎ ২২০০ কোটি মাৰ্কিন ডলাৰ কমি যোৱাত পুনৰ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ আঢ্যবন্ত হ’ল ৰিলায়েন্স গোষ্ঠীৰ মুৰব্বী মুকেশ অম্বানী ।

বিগত দুবছৰ ধৰি এছিয়াৰ শ্ৰেষ্ঠ আঢ্যবন্তৰ তালিকাত শীৰ্ষ স্থানত অম্বানীৰে নাম আছিল । কিন্তু ২০২০ৰ শেষৰ ফালে ফ’ৰ্বছৰ তথ্য অনুসৰি শীৰ্ষ স্থানত থাকে জঙৰ নাম । অম্বানী তৃতীয় স্থানত আহি যায় । কিন্তু দুমাহৰ ভিতৰতেই নিজৰ পূৰ্বৰ স্থান দখল কৰে ৰিলায়েন্সে ।

জং চীনৰ এটা পানীয় সংস্থা নংফু স্প্ৰিঙৰ মুৰব্বী । জেক মাৰ দৰে চীনৰ প্ৰযুক্তি সংস্থাকো পিছ পেলাই শ্ৰেষ্ঠ আঢ্যবন্ত হিচাপে পৰিগণিত হয় তেওঁ । জানুৱাৰীত নংফু স্প্ৰিঙৰ শ্বেয়াৰে শিখৰ চুইছিল । কিন্তু যোৱা এসপ্তাহত হঠাৎ শ্বেয়াৰৰ দৰ ২০ শতাংশ কমি যায় ।

বিশ্বৰ অৰ্বুদপতিসকলৰ সম্পত্তি পৰ্যৱেক্ষণ কৰা সংস্থা, ব্লুম বাৰ্গৰ তথ্য অনুসৰি, অম্বানীৰ সম্পত্তিৰ মূল্য সম্প্ৰতি আঠ হেজাৰ কোটি মাৰ্কিন ডলাৰ । জঙৰ সম্পত্তিৰ মূল্য সাত হেজাৰ ৬৬০ কোটি মাৰ্কিন ডলাৰ ।

জাভেদ আখতাৰৰ অভিযোগত কংগনাৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰী মুম্বাই আদালতৰ

আদালতে বিষয়টো ২২ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে

আজি ১ মাৰ্চত মুম্বাইৰ এখন আদালতে অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে গীতিকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে দাখিল কৰা মানহানি অভিযোগৰ ক্ষেত্ৰত হাজিৰ হ’বলৈ ব্যৰ্থ হোৱাৰ পিছত জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

আনধেৰী মেট্ৰপলিটন দণ্ডাধীশৰ আদালতে ১ ফেব্ৰুৱাৰীত কংগনাক এক চমন জাৰি কৰি ১ মাৰ্চত আদালৰ সন্মুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল।

অৱশ্যে, ১ মাৰ্চত কংগনা ৰাণাৱত উপস্থিত হ’বলৈ ব্যৰ্থ হয় আৰু যাৰ পিছত আদালতে তেওঁৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

আদালতে বিষয়টো ২২ মাৰ্চত পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰিছে।

জাভেদ আখতাৰে কংগনা ৰাণাৱতৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে ভিত্তিহীন আৰু মিছা বিবৃতি দিয়া অভিযোগ দাখিল কৰিছিল যি তেওঁৰ মতে, তেওঁৰ খ্যাতি ক্ষতিগ্ৰস্ত কৰিছিল ।

কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত চকু চিকিৎসা শিবিৰ

নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ পৃষ্ঠপোষকতাত যোৰহাটত লায়ন্স চকু চিকিৎসালয়, কল্পতৰু সেৱা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ সহযোগত অহা ৪ মাৰ্চত চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত পুৱা ১০ বজাৰ পৰা আয়োজিত চকু চিকিৎসা শিবিৰত ইচ্ছুক ৰোগীক চিকিৎসা সেৱা লবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ অসমতে প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাট জিলাৰ টীয়কতো জিলা প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে । জিলাখনৰ অন্তৰ্গত ১০২ নং বিধান সভা সমষ্টিটো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজহুৱা স্থানত থকা চৰকাৰী আঁচনি সমূহৰ হৰ্ডিং,পোষ্টাৰ আদি আঁতৰাই পেলোৱাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ নিৰাপত্তা দিশটো পৰ্যবেক্ষণ কৰিছে । এইবাৰ টীয়ক বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী । সমষ্টিটোত অতিৰিক্ত ২০ টা ভোট গ্ৰহণ কেন্দ্ৰ ধৰি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১৯১ টা।ইতিমধ্যে সকলো কাম-কাজ চক্ৰ বিষয়াৰ নেতৃত্বত সুচাৰুৰূপে আৰম্ভ হৈছে আৰু সকলো ঠিকে থাকে চলাই নিবলৈ সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।

ৰাস্তা নির্মানত বাধা কাৰ্যক গাওঁবাসীৰ উত্তাল প্রতিবাদ

বৰাজুলী জয়মতী হাই স্কুলৰ কাষৰ পৰা  বৰাজুলী গাঁৱলৈ যোৱা নির্মানত ৰাস্তা চিপিআই (এম এল) ৰ কর্মী মিন আচার্যৰ নেতৃত্বত”একাংশ লোকে  কাম কৰিবলৈ বন্ধ কৰি দিয়াৰ বাবে আজি দুই শতাধিক স্থানীয় পুৰুষ মহিলা ওলাই হাতে হাতে প্লে’কাৰ্ডলৈ প্রতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে কার্ড লৈ নির্মিয়মান ৰাস্তাত আমাক ৰাস্তা লগিব, ৰঞ্জীত দত্ত জিন্দাবাদ, উন্নয়ন বিৰোধী হুচিয়াৰ, চিপিআই (এম এল) গ’বেক আদি ধ্বনিৰে বৰাজুলীৰ আকাশ বতাহ কঁপাই তোলে।উল্লেখ যোগ্য যে বিশ্ববেংকৰ এপার্ট আঁচনিৰ অধীনত ২০২১ চনৰ ১৯ জানুবাৰী শতাধিক ৰাইজ,বিভাগীয় বিষয়াৰ উপস্হিতিত উদ্ধোধন কৰা হৈছিল এই ৰাস্তা  !দুই কোটি ২২লাখ টকা ব্যয় সাপেক্ষে ফেবাৰ ব্লকেৰে নিমার্ন হ’ব লগীয়া ৰাস্তা পুনৰ নিয়মীয়াকৈ নির্মান কার্য সম্পাদন কৰিবলৈ ৰাইজে দাবী জনাইছে । অন্যহাতে বিগত ১৮-১৯ বৰ্ষত এই স্থানত এটা সমুহীয়া ভৱনৰ বাবে ইটা বালি পেলোৱা হৈছিল কিন্তু এনে একাংশ লোকৰ বাবে সেই ভৱন নিৰ্মাণ কৰা নহল ‘যাৰ বাবে বৰাজুলী গাওঁবাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।পুনৰ ৰাস্তা নিৰ্মাণ কাৰ্যক গাওঁবাসীয়ে ধিক্কাৰ দিছে ।

ৰাজ্যত পূণৰ ভূমিষ্ঠ হ’ল নতুন ৰাজনৈতিক দল : হোজাইত সংবাদ মেল যোগে আত্মপ্ৰকাশ

ৰাজ্যত পূণৰ এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ’ল, দেওবাৰে হোজাইত সংবাদমেল যোগে আত্মপ্ৰকাশ কৰিলে নতুন ৰাজনৈতিক দলৰ।”লোক ৰক্ষা পাৰ্টী” নামেৰে নতুন ৰাজনৈতিক দলে হোজাই জিলাৰ সকলো সমষ্টিৰ ওপৰিও ৰাজ্যৰ অনান্য সমষ্টি সমূহত প্ৰাৰ্থিত্ব আগবঢ়াব। সংবাদমেলত এই কথা সদৰি কৰে লোক ৰক্ষা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰাজ কুমাৰ গুপ্তাই৷ লোক ৰক্ষা পাৰ্টি অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজ কুমাৰ গুপ্তাই দেওবাৰে হোজাইৰ  মধূমিতা গেষ্ট হাউচত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত ৰাজ কুমাৰ গুপ্তাই কয় – অসম বিধানসভা নিৰ্বাচনত লোক ৰক্ষা পাৰ্টিয়ে হোজাই জিলাৰ তিনিটা সমষ্টিৰ লগতে অসমৰ অনান্য ২২ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটক জিকাই চৰকাৰ গঠনৰ সুবিধা কৰি দিছিল, কিন্তু চৰকাৰখনে অসমৰ জনতাৰ হিতৰ বিপৰীতে গৈ অসমত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি সকলো জাতি, জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া ঐক্য শান্তিত বিভাজনৰ সৃষ্টি কৰিছিল বুলি সংবাদ মেলত অভিযোগ কৰে ৰাজ কুমাৰ গুপ্তাই।  ৰাজ্যত পূণৰ ভূমিষ্ঠ হোৱা লোক ৰক্ষা পাৰ্টী নামেৰে নতুন ৰাজনৈতিক দ’লটোৱে বিজেপিৰ বিশেষকৈ হিন্দী ভাষিৰ ভোট যে বিভাজন কৰিব সেয়া নুই কৰিব নোৱাৰি। হোজাইৰ পৰা আত্মপ্ৰকাশ কৰা নতুন দলটোক জনসাধাৰনে আকোৱালী ল’বনে নাই সেয়া সময়তেহে গম পোৱা যাব।

নিৰ্বাচনী লেনদেনৰ সন্দৰ্ভত নাজিৰাৰ মহকুমাধিপতিৰ সৈতে বেংক বিষয়াৰ সভা

অহা ইং ২৭ মাৰ্চত অনুষ্ঠিত হব লগা বিধান সভা নিৰ্বাচনৰ  আচৰণ বিধি সম্পৰ্কে নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই নাজিৰাৰ বেংক বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয়।  উপায়ুক্ত গৰাকীয়ে টকাৰ লেনদেনৰ ক্ষেত্ৰত বেংক বিষয়া সকলক তৃক্ষ্ণ দৃষ্টি ৰাখিবৈ নিৰ্দেশ দিয়ে। এক লাখ টকাৰ ওপৰত হোৱা লেন-দেনৰ বিষয়ে মহকুমা উপায়ুক্তৰ কাৰ্যালয়ত অৱগত কৰিবলৈ জনায়। লগতে ১০ লাখ টকাৰ ওপৰত লেন-দেন হলে তাৎক্ষণিক ভাৱে আয়কৰ বিভাগক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও চাহ বাগানৰ কৰ্মচাৰীৰ দা-দৰমহাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।এইক্ষেত্ৰত মহকুমাধিপতি গৰাকীয়ে বিভিন্ন বেংক কৰ্মচাৰী সকলৰ সহায় সহযোগিতা কামনা কৰে ।

ৰাণী কাঁ‌হাৰপাৰা – পলাশবাৰী জটীয়া সত্ৰত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন

দক্ষিণ কামৰূপৰ ইতিহাস প্ৰসিদ্ধ পশ্চিম গুৱাহাটীৰ ৰাণীৰ কাঁহাৰপাৰা গাঁৱত প্ৰতি বছৰে উদযাপন কৰা হয় ‘মাঘী পূৰ্ণিমা উৎসৱ’। বৃহত্তৰ  অঞ্চলটোত সকলো আধ্যাত্মিক উৎসৱৰ ভিতৰত এই মাঘী পূৰ্ণিমা উৎসৱটি  শ্ৰেষ্ঠতম বুলি কব পাৰি। শতবৰ্ষ অতিক্ৰম কৰা এই উৎসৱটিয়ে কাঁহাৰপাৰাৰ লগতে বৃহত্তৰ ৰাণী অঞ্চলবাসীক বিশেষভাৱে প্ৰভাৱিত কৰে। যোৱা ২৭ ফেব্ৰুৱাৰী দিনযোৰা কাৰ্যসূচীৰে উদযাপিত।হোৱা উৎসৱত শিশু-পুৰুষ-মহিলা, আয়তী-নামতি আদিয়ে উবৰি খাই পৰে। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ শিকলিত বান্ধ খাই সমাজখনে উক্ত দিনা নাম-প্ৰসংগৰে গুৰুজনাক সোঁ‌ৱৰণ কৰে। দিনটোৰ ব্যস্ত কাৰ্যসূচীৰ অন্যতম হৈছে পৰম্পৰাগতভাৱে কৰি অহা গুৰুজনাৰ অংকীয়া ভাওঁনাৰ এটি অংগ বনবিহাৰ (বাৰ গোপাল) নৃত্য পৰিবেশন। মহাপ্ৰভূ বংশীগোপালে লগৰীয়াৰ সৈতে বৃন্দাৱণ পৰিভ্ৰমণৰ এটি অংশ এই বনবিহাৰ নৃত্য  “শিশু সংগে চলে বৃন্দাৱণ শ্যাম কমললোকণ” সুন্দৰ গীতে ভক্তি সাগৰত বুৰাই ৰাখে ভক্তপ্ৰাণ সমবেত ৰাইজক। ইয়াৰ লগতে ডেকা-বুঢ়াৰ সন্মিলিত এটি সুমধুৰ অনুষ্ঠান খুলীয়া দলৰ সংকীৰ্তণ। প্ৰতিবছৰৰ উক্ত দিনৰ নষ্টালজিকতা কোনোৱে পাহৰিৱ নোৱাৰে। আধুনিকতাৰ ধামমুখীয়াই আঘাত কৰিলেও নতুন প্ৰজন্মই এই উৎসৱৰ পৰম্পৰা ধৰি ৰাখিলে গুৰুজনাই দি যোৱা সংস্কৃতিৰ বিনন্দীয়া ৰূপ যুগমীয়া হৈ থাকিৱ। আনহাতে পলাশবাৰীৰ জটীয়া সত্ৰত যোৱা ২৬ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া কায্যসূচীৰে মাঘী পূৰ্ণিমা তিথি উপলক্ষে শ্ৰীশ্ৰী মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰত দৌল উৎসৱ উৎযাপন কৰা হয়। ১৬৭৮ খ্ৰীষ্ট্ৰাব্দত মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰ জটীয়াখন বামুণপাৰাত স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীৰ প্ৰথম দিনা গোন্ধ উৎসৱ বাইন, আয়তি, ধুলীয়া তথা ৰাইজে লগ লাগি মেজি দাহন কৰা হয় লগতে গুৰু বন্তি জ্বলাই দৌলৰ চাৰিওফালে সাত মেৰ ঘুৰোৱা হয়। দ্বিতীয় দিনা মূল বিগ্ৰহ সত্ৰৰ পৰা গোঁসাই নমাই ৰভাৰ তলত প্ৰতিষ্ঠা কৰাৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজৰ উপস্থিতিত পুৰোহিত, কৰ্তা, গাইন-বাইন, বেণ্ড ধুলিয়া, নটুৱা নাচ আদি প্ৰদৰ্শন কৰা হয়। দৌল উৎসৱৰ দিনা ভোজন-বিহাৰ কৰি বিষ্ণুপূজাৰ হোম জ্বলোৱা হয় আৰু নিশা যাত্ৰা দলৰ দ্বাৰা  যাত্ৰাভিনয় কৰা হয়। তৃতীয় দিনা সুৱৰী উৎসৱ পালন কৰা হয়। সুৱৰি উৎসৱত গোঁসাই দৌলৰ পৰা নমাই ৰভাস্থলীত স্থাপন কৰাৰ লগতে ওজাপালী, বাইন ধুলীয়া, বেণ্ডপাৰ্টী আদি পৰিৱেশৰ অন্তত গোঁসাই পুণৰ বিগ্ৰহ সত্ৰলৈ অথ্যৎ নিজ গৃহলৈ ঘুনুচাৰ পৰা লৈ যোৱা হয়। লগতে সুৱৰি উৎসৱত মিঠাই দলিওৱা, বাহ যুজা আদি পৰিবেশন কৰা হয়। উক্ত উৎসৱত অঞ্চলটোৰ ৰাইজে অংশ গ্ৰহণ কৰে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই এই বছৰৰ প্ৰথমটো মহাকাশ অভিযান সফলতাৰে আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ পোলাৰ চেটেলাইট উৎক্ষেপণ যান C-51-PSLV য়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা ২৮ ফেব্ৰুৱাৰী তাৰিখে সফলতাৰে যাত্ৰা সম্পন্ন কৰে।

পি এচ এল ভিয়ে বিশেষ উপগ্ৰহ ইউনিটি চাট, ব্ৰাজিলৰ ৬৩৭ কিলোগ্ৰাম ওজনৰ ওমাজনিয়া ওৱান নামৰ এটা বৃহৎ কৃত্ৰিম উপগ্ৰহকে ধৰি ১৯ টাকৈ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিছে।