Breaking

ৰাণী কাঁ‌হাৰপাৰা – পলাশবাৰী জটীয়া সত্ৰত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন

0 2,217

দক্ষিণ কামৰূপৰ ইতিহাস প্ৰসিদ্ধ পশ্চিম গুৱাহাটীৰ ৰাণীৰ কাঁহাৰপাৰা গাঁৱত প্ৰতি বছৰে উদযাপন কৰা হয় ‘মাঘী পূৰ্ণিমা উৎসৱ’। বৃহত্তৰ  অঞ্চলটোত সকলো আধ্যাত্মিক উৎসৱৰ ভিতৰত এই মাঘী পূৰ্ণিমা উৎসৱটি  শ্ৰেষ্ঠতম বুলি কব পাৰি। শতবৰ্ষ অতিক্ৰম কৰা এই উৎসৱটিয়ে কাঁহাৰপাৰাৰ লগতে বৃহত্তৰ ৰাণী অঞ্চলবাসীক বিশেষভাৱে প্ৰভাৱিত কৰে। যোৱা ২৭ ফেব্ৰুৱাৰী দিনযোৰা কাৰ্যসূচীৰে উদযাপিত।হোৱা উৎসৱত শিশু-পুৰুষ-মহিলা, আয়তী-নামতি আদিয়ে উবৰি খাই পৰে। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ শিকলিত বান্ধ খাই সমাজখনে উক্ত দিনা নাম-প্ৰসংগৰে গুৰুজনাক সোঁ‌ৱৰণ কৰে। দিনটোৰ ব্যস্ত কাৰ্যসূচীৰ অন্যতম হৈছে পৰম্পৰাগতভাৱে কৰি অহা গুৰুজনাৰ অংকীয়া ভাওঁনাৰ এটি অংগ বনবিহাৰ (বাৰ গোপাল) নৃত্য পৰিবেশন। মহাপ্ৰভূ বংশীগোপালে লগৰীয়াৰ সৈতে বৃন্দাৱণ পৰিভ্ৰমণৰ এটি অংশ এই বনবিহাৰ নৃত্য  “শিশু সংগে চলে বৃন্দাৱণ শ্যাম কমললোকণ” সুন্দৰ গীতে ভক্তি সাগৰত বুৰাই ৰাখে ভক্তপ্ৰাণ সমবেত ৰাইজক। ইয়াৰ লগতে ডেকা-বুঢ়াৰ সন্মিলিত এটি সুমধুৰ অনুষ্ঠান খুলীয়া দলৰ সংকীৰ্তণ। প্ৰতিবছৰৰ উক্ত দিনৰ নষ্টালজিকতা কোনোৱে পাহৰিৱ নোৱাৰে। আধুনিকতাৰ ধামমুখীয়াই আঘাত কৰিলেও নতুন প্ৰজন্মই এই উৎসৱৰ পৰম্পৰা ধৰি ৰাখিলে গুৰুজনাই দি যোৱা সংস্কৃতিৰ বিনন্দীয়া ৰূপ যুগমীয়া হৈ থাকিৱ। আনহাতে পলাশবাৰীৰ জটীয়া সত্ৰত যোৱা ২৬ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া কায্যসূচীৰে মাঘী পূৰ্ণিমা তিথি উপলক্ষে শ্ৰীশ্ৰী মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰত দৌল উৎসৱ উৎযাপন কৰা হয়। ১৬৭৮ খ্ৰীষ্ট্ৰাব্দত মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰ জটীয়াখন বামুণপাৰাত স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীৰ প্ৰথম দিনা গোন্ধ উৎসৱ বাইন, আয়তি, ধুলীয়া তথা ৰাইজে লগ লাগি মেজি দাহন কৰা হয় লগতে গুৰু বন্তি জ্বলাই দৌলৰ চাৰিওফালে সাত মেৰ ঘুৰোৱা হয়। দ্বিতীয় দিনা মূল বিগ্ৰহ সত্ৰৰ পৰা গোঁসাই নমাই ৰভাৰ তলত প্ৰতিষ্ঠা কৰাৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজৰ উপস্থিতিত পুৰোহিত, কৰ্তা, গাইন-বাইন, বেণ্ড ধুলিয়া, নটুৱা নাচ আদি প্ৰদৰ্শন কৰা হয়। দৌল উৎসৱৰ দিনা ভোজন-বিহাৰ কৰি বিষ্ণুপূজাৰ হোম জ্বলোৱা হয় আৰু নিশা যাত্ৰা দলৰ দ্বাৰা  যাত্ৰাভিনয় কৰা হয়। তৃতীয় দিনা সুৱৰী উৎসৱ পালন কৰা হয়। সুৱৰি উৎসৱত গোঁসাই দৌলৰ পৰা নমাই ৰভাস্থলীত স্থাপন কৰাৰ লগতে ওজাপালী, বাইন ধুলীয়া, বেণ্ডপাৰ্টী আদি পৰিৱেশৰ অন্তত গোঁসাই পুণৰ বিগ্ৰহ সত্ৰলৈ অথ্যৎ নিজ গৃহলৈ ঘুনুচাৰ পৰা লৈ যোৱা হয়। লগতে সুৱৰি উৎসৱত মিঠাই দলিওৱা, বাহ যুজা আদি পৰিবেশন কৰা হয়। উক্ত উৎসৱত অঞ্চলটোৰ ৰাইজে অংশ গ্ৰহণ কৰে।

Leave A Reply