Home Blog Page 3102

লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন

আজি সামৰণি পৰে শিৱসাগৰত দুদিনীয়াকৈ আনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন কৰা হয়।

আজি বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত ৰাজ্যিক মুখ্য আহ্বায়ক ড: কৃষ্ণগোপাল ভট্টাচাৰ্যই অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে লুৰিণজ্যোতি গগৈৰ নাম ঘোষণা কৰে ।


সেই অনুসৰি বিধায়ক পবীন্দ্ৰ ডেকাক অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে জগদীশ ভূঞাক। একেদৰে  উপ সভাপতি ১১ জন, ১১ জন সম্পাদক আৰু ১১ জন যুটীয়া সম্পাদকক নিৰ্বাচিত কৰা হৈছে ।

আজিৰ প্ৰতিনিধি সভাৰ বিষয় বাচনি সভাত দলটোৰ সম্পাদককে ধৰি কাৰ্যনিৰ্বাহক সমিতিখন ঘোষণা কৰে যদিও মুকলি সভাতহে ৰাজহুৱা কৰা হয় মূল পদবীত অধিষ্ঠিত হোৱা নেতাসকলৰ নাম।


প্ৰতিনিধি সভাতে দলৰ সংবিধান গৃহীত কৰা হয় । গ্ৰহণ কৰা হয় ১৯টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। আনহাতে সভাত মিচড কলৰ জড়িয়তে দলত যোগদান কৰিবৰ বাবে ৯১৬৯১৬৫৫৮০ নম্বৰটো ঘোষণা কৰা হয়।

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : কটকটীয়া নিৰাপত্তা ব্যৱস্থা

১৪নং গোভা সমষ্টিত বিজেপিৰ মণিৰাম পাটৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ অসমৰ চাৰিখন জিলা ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ (মেট্ৰো)ৰ মুঠ ৩৬টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন৷


তিৱা স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনত চাৰিগৰাকী তিৱা পৰম্পৰাগত ৰজা ক্ৰমে খলা দেওৰজা প্ৰবীণ কোঁৱৰ, নেলী ৰজা ৰামচিং কোঁৱৰ, পশ্চিম নগাঁও ৰজা ভদ্ৰছিং দেওৰজা আৰু গোভাৰজা দীপছিং দেওৰজাই ভোটদান সাব্যস্ত কৰিব। সমান্তৰালভাৱে ভোটদান কৰিব মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু বিগত পৰিষদৰ CEM পৱন মান্তাই ।

এইবাৰৰ নিৰ্বাচনত ৩০৮৪০৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১২৪ গৰাকী প্ৰাৰ্থীৰ। তিৱা নিৰ্বাচনত যাতে কোনোধৰণৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।  নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ১৪নং গোভা সমষ্টিত বিজেপিৰ মণিৰাম পাটৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত ক’ৰোণাত

নগাঁও, ১৬ডিচেম্বৰ : ক’ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা। ১৩ডিচেম্বৰত টেষ্ট কৰা ১৫০জন ৰোগীৰ এজনৰো দেহত পোৱা ন’গল ক’ৰোণাৰ সংক্ৰমণ। আজিৰ দিনটোত ১৯০জন ৰোগীক ক’ৰোণাৰ পৰীক্ষা কৰা হৈছিল যদিও মাত্ৰ ১জনৰ দেহতহে পোৱা গ’ল ক’ৰোণাৰ সংক্ৰমণ। আনহাতে চিকিৎসালয় সমূহতো নাই পূৰ্বৰ ভিৰ। অধিকাংশ ৰোগীয়ে সুস্থ হৈ ঘৰলৈ উভতিছে। বৰ্তমানলৈকে নগাঁৱত ৯হাজাৰ ১২৮জন লোক ক’ৰোণাত আক্ৰান্ত হৈছে। বৰ্তমান ক’ৰোণাৰ প্ৰভাৱৰ পৰা নগাঁও বাসীয়ে যথেষ্ট সকাহ লাভ কৰিছে যদিও বজাৰত ভেকচিন উপলব্ধ নোহোৱা পৰ্য্যন্ত জিলাখনৰ ৰাইজক মাস্ক, চেণিটাইজাৰ আৰু সামাজিক ব্যৱধানৰ দিশটো মানি চলিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে।

গোৰ্খা জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ফিল’বাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিৰাক সীমান্ত, ১৬ ডিচেম্বৰঃ গোৰ্খা জনগোষ্ঠীৰ অন্যতম তিহাৰ উৎসৱৰ অন্তিম দিনা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ভাতৃদ্বিতীয়া (ভাইফোটা) পালন কৰে । এই পৱিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃসকলৰ দীৰ্ঘায়ু কামনা কৰি কপালত ফোট অংকন কৰি দিয়ে । ভাতৃ দ্বিতীয়া দিনটো গোৰ্খা জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰা দেখা যায়। অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ অন্যতম শক্তিশালী একমাত্ৰ ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থাই ভাতৃ দ্বিতীয়া (ভাইফোটা) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে তালিকাভুক্ত কৰিবলৈ চৰকাৰক সংগঠনটোৰ জন্মলগ্নৰে পৰা দাবী জনাই আহিছে । কিন্তু লক্ষণীয়ভাৱে অসমৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ  দাসে মোক ফোন কৰি ভাতৃ দ্বিতীয়া দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিব দিছিল বুলি কৈ উক্ত সভাতেই ঘোষণা কৰিছিল যদিও অতি পৰিতাপৰ কথা বিটিছি নিৰ্বাচনৰ বৈতৰনী পাৰ হোৱা পিছতেই উক্ত ভাষণ ফুটুকাৰ ফেনত পৰিণত হ’ল । কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত ভাতৃ দ্বিতীয়া (ভাইটিকা ) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তভুক্ত  নহ’ল । চৰকাৰৰ এনে কাৰ্যত এতিয়া ক্ষুভিত হৈ পৰিছে গোৰ্খা জনগোষ্ঠীৰ লোকসকল, যাৰ প্ৰতিবাদত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে ফিল’বাৰী থানা চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি ভাতৃ দ্বিতীয়া দিনটো অতি শীঘ্ৰে চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই । গোৰ্খা জনগোষ্ঠীক অকল ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে। অন্যথা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাই । আজি প্ৰতিবাদী কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য মংগল লিম্বু, ভাস্কৰ দাহাল আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম  ছেত্ৰী, সম্পাদক ৰঞ্জিত ৰেগমি সহ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ মেধাৱী ছাত্ৰী নৱনীতা খাউণ্ড : অসম বাসীৰ সহায় আহ্বান পৰিয়ালৰ

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ মূৰত যেন সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালৰ । উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ একমাত্ৰ কন্যা , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নৱনীতা খাউণ্ডৰ জীৱনলৈ যেন নামি আহিছে কাল অমানিশা। ফুলকুমলীয়া বয়সতে দেহত লৈ ফুৰিব লগা হৈছে এক দুৰাৰোগ্য ৰোগ । যাৰ বাবে পৰিয়ালটোৱে  চকুলোৰে বাট নেদেখা  অৱস্থা হৈ পৰিছে । বৰ্তমান অসম মেডিকেল কলেজত চিকিৎসা অৱ্যাহত থকা ছাত্রী গৰাকীৰ দেহত  ধৰা পৰিছে দুৰাৰোগ্য ব্যাধি এছ.এল.ই ৰোগ । যি ৰোগৰ নাই কোনো স্থায়ী সমাধান , তথাপিও  মেধাবী কিশোৰী গৰাকীৰ মুখত হাঁহি বিৰিঙাই  ৰাখিবলৈ  ইচ্ছা , প্ৰৱল হাবিয়াস পিতৃ মাতৃৰ । হঠাতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ নিজ সন্তানক চকুৰ আগত লৈ চটফতাই থকা দৃশ্য চাই চকুৰ পানীৰে বাট নেদেখা  অৱস্থা হৈছে পিতৃ-মাতৃৰ  ৷  কিশোৰী গৰাকীক চিকিৎসাৰ বাবে এতিয়া  বহু অৰ্থৰ প্ৰয়োজন বুলি দুখীয়া পিতৃ , মাতৃয়ে আমাক জানিবলৈ দিয়ে ৷পৰিয়ালৰ লোকে ৰাইজৰ পৰা কাতৰেৰে  সহায় ভিক্ষা কৰিছে। কোনো সদাশয় ব্যক্তিৰ সহায়ে ছাত্ৰী গৰাকীৰ মুখৰ পৰা হেৰাই যাৱ খোজা হাঁহিটো পুনৰ ঘূৰাই আনিব পাৰিব বুলি অঞ্চলবাসীয়ে মন্তব্য কৰিছে । উল্লেখ্য যে , ৰাজ্যখনৰ কোনো সদাশয় ব্যক্তিয়ে  দুখীয়া জটিল ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সহায় কৰিৱ বিছাৰিলে  এছ.বি.আই শাখাত থকা মাতৃ সাবিত্ৰী খাউণ্ডৰ নামত A/C : 36536593448  IFSC -SBIN0005081 সহায় কৰিব পাৰিব | পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়াৰ লগতে আৰু অধিক জানিবৰ বাবে পৰিয়ালটোৰ লগত 6002705578 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব  বুলি জনাই ৷

হোজাইত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ পিতৃহীনা নাবালকৰ মৃতদেহ

 হোজাই, ১৬ ডিচেম্বৰ : হোজাইত পিতৃহীনা নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী পঞ্চমান শ্ৰেণীৰ ছাত্ৰ । ডিঙিত চিপ লৈ নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় পঞ্চমান শ্ৰেণীৰ ছাত্ৰজনৰ মৃতদেহটো । হোজাইৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভৰি মাটিত লাগি থকা অৱস্থাত উদ্ধাৰ হয় নাবালক জনৰ মৃতদেহটো । এয়া হত্যা নে আত্মহত্যা সমগ্ৰ ঘটনা বৰ্তমানলৈকে ৰহস্যজনক অৱস্থাত আছে। দিনৰ ভাগত সংঘটিত হোৱা ঘটনাৰ সময়ত মাতৃ উপস্থিত নাছিল ঘৰত। নাবালক যুৱকজনৰ পিতৃৰ মৃত্যুৰ পাছত একমাত্ৰ পুত্ৰৰ সৈতে ঘৰত খনত জীৱন নিৰ্বাহ কৰিছিল মাতৃ। স্বামীৰ মৃত্যুৰ এবছৰ নহওতেই পুত্ৰ এই শোকাবহ ঘটনাই ভাগি পৰিছে নাবালক জনৰ মাতৃয়ে। স্থানীয় ৰাইজে নাবালক জনৰ মৃত্যুক এক ৰহস্য থকা বুলি সন্দেহ কৰিছে। বৰ্তমান হোজাই আৰক্ষী মৰণ উত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জৈৱিক আৰু কেঁচুসাৰ প্ৰয়োগেৰে কৃষিকৰ্মৰে স্বচ্ছল উজনি মাজুলীৰ ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা

 উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ  কৃষিকৰ্মৰে স্বচ্ছল দ্বীপ জিলা মাজুলীৰ ৬০ বছৰীয়া কৃষক বোদ্ধেশ্বৰ বৰা।  দ্বীপ জিলাখনৰ উজনি মাজুলীৰ অভয়পুৰীয়া গাঁৱৰ ৬০ উদ্ধৰ এই লোক জনে  বিগত ২৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে।  বিভিন্ন শাক-পাচলি, ধান, সৰিয়হ আদিৰো খেতি কৰা ৬০ উদ্ধৰ লোক জনে মাজুলীৰ নৱ-প্ৰজন্মৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে।  আমাৰ  প্ৰতিবেদনত নাম উল্লেখ কৰা ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা নামৰ লোকজনে  হায়াৰ ছেকেণ্ডৰী পাছ আৰু আই.টি.আই. প্ৰশিক্ষণ প্ৰাপ্ত ৰেডিঅ’ মেকানিকেল। এজন আই.টি.আই মেকানিকেল হোৱাৰ পিছতো চৰকাৰী চাকৰি লাভ নকৰি  হতাশ নহৈ কৃষিকে মূল হিচাপে লৈ কৃষিকৰ্ম কৰি আজি এজন সফল কৃষক হবলৈ সক্ষম হৈছে।  ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰাই  প্ৰায় ২ বিঘা মাটিত আলু খেতি, ৩ কথা  মাটিত নেমু খেতি, ১ বিঘাৰো অধিক মাটিত কল খেতি, বেঙেণা খেতি, ৩ বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি  কৰিছে।  তেওঁ আলু, বেঙেণা, জিকা, ফুলকবি, সৰিয়হ আদি মাজুলী বিভিন্ন বজাৰত বিক্ৰী কৰে। শাক-পাচলিৰ খেতিত তেওঁ কৃত্ৰিম সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰে।   কৃষিকৰ্ম কৰিয়েই স্বচ্ছলভাবে তেওঁ নিজৰ পৰিয়ালো পোহপাল দিৱলৈ সক্ষম হৈছে। তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ প্ৰসংগত সাংবাদিকৰ আগত  কয় কৃষকসকল স্বতন্ত্ৰ। কাৰো অধীন  নহয়। কৃষকসকলেই এখন সমাজৰ ভেটি ধৰি আছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক মৰ্যদাহীন বুলি ভাবে। এনেদৰে ভবাটো অনুচিত। কৃষকসকলৰ সামাজিক মৰ্যদা বহু ওপৰত।  কৃষি কৰ্ম কৰি পৰিয়ালটোক সু্চাৰু ৰূপে চলাবলৈ সক্ষম হৈছে।

অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰীণ জ্যোতি গগৈয়ে

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত অসম জাতীয় পৰিষদ (AJP)ত যোগদান কৰিলে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে । হেজাৰৰোধিক সমৰ্থকক লগত লৈ নেতাগৰাকীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে। শিৱসাগৰ নাট্য মন্দিৰত সন্ধিয়া ৫.৩৫ বজাত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে লুৰীণ জ্যোতি গগৈয়ে।

আনহাতে পাটাছাৰকুছিৰ বিধায়ক তথা জ্যেষ্ঠ অগপ নেতা পবিন্দ্ৰ ডেকাইও লুৰীণজ্যোতি গগৈৰ লগতে যোগদান কৰিলে অসম জাতীয় পৰিষদত।

২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৬ ডিচেম্বৰত অসম লৈ আহিব । বিজেপি-ইউ পি পি এল-জিএছপি একত্ৰিত হৈ বডোলেণ্ড টেৰিটৰিকেল কাউন্সিল (বিটিচি) গঠনৰ পিছতে শ্বাহৰ ৰাজ্য ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁৰ অসম ভ্ৰমণৰ সময়ত কিছুমান চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

শ্বাহে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্য বিজেপি নেতৃত্বৰ সৈতে সভা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱাৰ মতে, শ্বাহে নিৰ্বাচনৰ বাবে আসন ভাগ বটৰোৱা আৰু নিৰ্বাচনী ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ অসম গণ পৰিষদ(এজিপি)ৰ সৈতে এক অনানুষ্ঠানিক সভাত বহাৰো সম্ভাৱনা আছে ।

অহা ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধৰ দিন ঘোষণা, ক’ত আৰু কিয় ?

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ । মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩,০৮,৪০৯ জন ভোটাৰে ।

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পৰিষদৰ অন্তৰ্গত জিলাসমূহত কালিলৈ ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। এই অনুসৰি ভোটগ্ৰহণৰ দিনা নিৰ্দিষ্ট অঞ্চলটোৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায়, শিক্ষানুষ্ঠান, বেংক আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।