Home Blog Page 3102

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা । আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে, ৪ আৰু ৫ মাৰ্চত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমূহ। অন্যহাতে লিখিত পৰীক্ষা সমূহ ২০২১ চনৰ ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব ।

ধুবুৰীৰ গৌৰীপুৰৰ বৰাইবাৰীত এক সন্তানৰ মাতূক হত্যা : হত্যাকাৰী হাফিজুৰ ৰহমানক আটক

ইতিমধ্যে আমাৰ হাতত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে,গৌৰীপুৰৰ পৰা ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ বৰাই বাৰী চতুৰ্থ খণ্ড গাঁওত নিজ স্বামীয়ে পত্নীক হত্যা কৰিছে ৷ এই জঘন্য হত্যা কাণ্ড কৰাৰ ঘটনাই এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে৷জানিব পৰামতে, পাৰিবাৰিক কনদল চলি থকা অৱস্থাত স্বামী হাফিজুৰ ৰহমান যোৱা নিশা ১১ মান বজাত দুয়োজনৰ মাজত কাজিয়া চলি থকা অৱস্থাত স্বামীয়ে লোৰ খান্দি! লৈ পত্নীৰ মুৰত কোবাই হত্যা কৰে ৷ হত্যা কৰা মহিলা জনীৰ নাম খৈইমালা বিবি বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকীৰ বয়স ১৯ বছৰ৷ হত্যা কৰা হাফিজুৰ ৰহমানক বৰাই বাৰী গাঁৱৰ ৰাইজে আৰু গাওৰক্ষী বাহিৰ লোকে ধৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে ৷মহিলা জনীৰ তিনি মহীয়া এগৰাকী শিশু সন্তান আছেো ৷ বৰ্তমান আসামী জন গৌৰীপুৰ আৰক্ষী থানাত আছে৷

নিৰ্বাচনত ধন, সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ধুবুৰীত সক্ৰিয় ফ্লায়িং স্কোৱাৰ্ড

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নিৰ্বাচন নিকা আৰু স্বচ্ছ ভাৱে অনুষ্ঠিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷ নিৰ্বাচনত ধনৰ লেনদেন, সুৰা আদিৰে ভোটাৰক প্ৰলোভিত কৰা, ভোটাকৰ ভয় দেখুৱাই সমৰ্থন আদায় কৰা ঘটনাত অহৰ্নিশে চকু ৰখাৰ বাবে গঠন কৰা হৈছে ৯ টা ফ্লায়িং স্কোৱাৰ্ড আৰু ৯ টা ষ্টেটিক ছাৰ্ভিলেন্স দল৷ ধুবুৰী নিৰ্বাচন জিলাৰ প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ এনে দল গঠন কৰা হৈছে৷ তেওঁলোক ইতিমধ্যে কাৰ্যক্ষেত্ৰত নামি পৰিছে৷ আনপিনে কোনো দল বা প্ৰাৰ্থীয়ে যাতে বেনামী পোষ্টাৰ আদি ছপা কৰি নিৰ্বাচন প্ৰক্ৰিয়াটোৰ স্বচ্ছতাত বাধা দিব নোৱাৰে তাৰ বাবে ধুবুৰীৰ সকলো ছপাশালক প্ৰকাশক আৰু প্ৰিন্টাৰৰ নাম-ঠিকনা নোহোৱাকৈ কোনো নিৰ্বাচনী পোষ্টাৰ, পুষ্টিকা আদি ছপা নকৰিবলৈ নিৰ্দেশ দিছে জিলা নিৰ্বাচন বিষয়াই৷ ছপা কৰা সামগ্ৰীৰ নমুনা তিনিদিনৰ ভিতৰত নিৰ্বাচন শাখাত জমা দিবলৈ কোৱা হৈছে৷ অন্যথা জনপ্ৰতিনিধি আইনৰ ১২৭(ক) ধাৰা ভংগ কৰা বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা নিৰ্বাচন বিষয়াই উল্লেখ কৰিছে৷ আনহাতে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ কাৰ্যও  অব্যাহত আছে৷ আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনৰ কামত নিয়োজিত হোৱা কেবাটাও কোষৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ আৰু অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন-হোলোং ভুুঞা গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী সফল সামৰণি

তিনিচুকীয়া জিলাৰ ফিল’বাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন-হোলোং ভুুঞা  গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী অনুষ্ঠান দেওবাৰে সামৰণি পৰে।দুদিনীয়া কাৰ্যসূচীৰে ফিল’বাৰী ৩ নং ন-হোলোং ভুুঞা  গাওঁৰ সংঘৰ নামঘৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, ন-হোলোং ভুুঞা  গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী কাৰ্যসূচী শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সামূহিক প্ৰাৰ্থানাৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ,  মূল তোৰণ  উন্মোচন কৰে তিনিচুকীয়া জিলা পৰিষদৰ সদস্যা ভানু সোনোৱালে, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বুঢ়ীদিহিং গাওঁ পঞ্চায়তৰ  ৱাৰ্ড সদস্যা কবিতা চুতীয়া ভূঞাই, দাপোণ অনুষ্ঠান উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ন-হোলোং প্ৰাৰ্থমিক শাখাৰ সম্পাদক বদন গগৈয়ে, মুখামুখি অনুষ্ঠান  উদ্ধোধন কৰে বিষ্ণু গগৈয়ে, সঞ্চালন কৰে  ফিল’বাৰী হাইস্কুলৰ শিক্ষক মনোৰঞ্জন সোনোৱালে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুণ বৰুৱা আৰু বাবুল ঠাকুৰীয়া ।সন্ধিয়ালৈ অনুষ্ঠিত হয় তিনিচুকীয়া জিলা ভিত্তিক দিহানাম প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰাথমিক সেনাবাহিনীৰ তত্বাৱধানত পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপণ কৰে পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক দেৱকান্ত সন্দিকৈ আৰু ন-হোলোং ভূঞা গাওঁ প্ৰাৰ্থমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক বিপিন গগৈয়ে, পতাকা উত্তোলন কৰে ন হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াই। ইয়াৰ পিছত বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। বৰ্ণাঢ্য ভাগৱৰ শোভাযাত্ৰাত অঞ্চলটোৰ জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। দিনৰ দুই বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা। ন-হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আত ধৰে সম্পাদক বদন গগৈয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৱিত্ৰ প্ৰাণ বৰা, লোকনাথ বৰুৱা, লোকেশ্বৰ নাথ, মিনাৰাম বৰগোহাঞি, বিমল বুঢ়াগোঁ‌হাই আৰু সুৰ্য কুমাৰ শইকীয়া। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৃণাল কুমাৰ বৰুৱা। সোণালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি কবি সাহিত্যক কিৰণ খনিকৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “স্বৰ্ণৰত্ন”  উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ তিনিচুকীয়া জিলাৰ প্ৰাক্তন সম্পাদক ধিৰেণ হাজৰিকাই। সন্ধিয়া নৃসিংহ মূৰাৰী ভাওনা প্ৰদৰ্শন হয়। ভাওনাৰ দাতা ৰূপাইৰ ভীমকান্ত গগৈ।

AJPত যোগদান কৰিব AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে বহু কেইজনে

ৰাজ্যত নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই গৰম বতাহ বলিবলৈ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও ককালত টঙালি বান্ধি শাসকীয় বিজেপি দলৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ  সৃষ্টি কৰিছে ৷

শেহতীয়া ভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰাৰ খবৰে আঞ্চলিক দলটিৰ মজিয়াত উল্লাসৰ সৃষ্টি কৰিছে । নিশ্চিত ভাবে পলাশ চাংমাইৰ যোগদানে আঞ্চলিক দলটিক অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰনা কৰা হৈছে ৷

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে লুৰিণজ্যোতি গগৈৰ সতে অসম জাতীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে পলাশ চাংমাইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভালে কেইজন নেতাই অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰিব ৷

অসম জাতীয় পৰিষদত যোগদান কৰিবলগীয়া কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা,  কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক ছাবিৰ আহমেদ, বিত্ত সম্পাদক সঞ্জীৱ শৰ্মা আৰু কাৰ্যালয় সম্পাদক প্ৰাঞ্জল দাসৰ নাম চৰ্চালৈ আহিছে ৷

ইপিনে পলাশ চাংমায়ে নিজৰ গৃহ সমষ্টি সোণাৰিৰ পৰা আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে ৷ পলাশ চাংমাইৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ খবৰে সোণাৰী সমষ্টিৰ শাসনাধিস্থ বিজেপি দলৰ টিকট প্ৰত্যাশী সকলৰ মাজত সংশয়ৰ সৃষ্টি কৰিছে ৷ কাৰণ সোণাৰি সনষ্টিত পলাশ চাংমাইৰ যথেষ্ট জনপ্ৰিয়তা আছে ৷ তেনে পৰিপ্ৰেক্ষিতত শাসনাধিস্থ বিজেপি দলৰ বৰ্তমানৰ বিধায়িকা আৰু অন্য প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব । সময়ত স্পষ্ট হ’ব সোণাৰিত পলাশ চাংমাই অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হলে শাসনাধিস্থ বিজেপিৰ ৰণনীতি সমীকৰণ কি হ’ব ৷

ইতিমধ্যে যোগদান কৰিব লগা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটি গুৱাহাটীলৈ ৰাওনা হৈছে ৷ আজি গুৱাহাটীলৈ যাত্ৰাৰ পথত নিশা বোকাখাতত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে দৈনন্দিন বাৰ্তাৰ বিশেষ সংবাদদাতাক এই কথা জানিবলৈ দিয়ে ৷

লুৰিণ-অখিল বিজেপিক জয়ী কৰাবলৈ নিৰ্বাচনত নামিছে : লেখিকা শিখা শৰ্মা

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ডেকাচাং আঞ্চলিক হাইস্কুল খেল পথাৰ প্ৰাংগণত  অসম মিঞা পৰিষদৰ কামৰূপ জিলা পৰিষদৰ উদ্যোগত ৰবিবাৰে খিলঞ্জীয়া সমাবেশৰ সফল সামৰণি পৰে। অসম মিঞা পৰিষদৰ কামৰূপ জিলা পৰিষদৰ সভাপতি বাহাৰুল ইছলামৰ সভাপতিত্বত সভাত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ বিশিষ্ট লেখিকা শিখা শৰ্মা, সন্মানীয় অতিথি ৰূপে অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলী, অসম বাঘ সেনাৰ মূখ্য সেনাধ্যক্ষ এম ৰফিকুল ইছলাম হাজৰিকা, যুৱ সমাজ কৰ্মী ৰুবুল আহমেদ, অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডল, ৪ নং সোনতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাজাহান আলী লগতে অঞ্চলটোৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত মুখ্য অতিথি শিখা শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰি কয় যে সমাগম বিধান সভা নিৰ্বাচনত লুৰিণ জ্যোতি গগৈ আৰু অখিল গগৈয়ে বিজেপিক জয়ী কৰিবলৈ নিৰ্বাচনত নামিছে। একাংশ সাংবাদিকো বিজেপিৰ কথাত উঠা বহা কৰে বুলি অভিযোগ উত্থাপন কৰি লেখিকা গৰাকীয়ে কয় যে এ ইউ ডি এফ ৰ মুৰব্বী বদৰ উদ্দিন আজমলে শংকৰদেৱ চাহাব কোৱাত অসমীয়াৰ আবেগত আঘাত লাগে বুলি একাংশ সংবাদ মাধ্যমে তীব্ৰ প্ৰচাৰ চলাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল কিন্তু সৰ্বানন্দ সোনোৱালে শংকৰদেৱ জী বুলি কোৱাৰ পাছত কত গল অসমীয়াৰ আবেগ, কোনো প্ৰতিক্ৰিয়া নাই কিয় ? এইদৰে লেখিকা গৰাকীয়ে মন্তব্য কৰে। ইয়াৰ ওপৰিও APSC ত এতিয়াও কেলেংকাৰী আছে বুলি বিস্ফোৰক মন্তব্য কৰে লেখিকা শিখা শৰ্মাই। APSC কেলেংকাৰীৰ আৰ টি আই ৰ তথ্য লেখিকা গৰাকীৰ হাতত আছে বুলি কৈ সৰ্বানন্দ সোনোৱালে নিৰ্বাচনৰ আগতেই ইয়াৰ উত্তৰ দিব লাগে বুলি প্ৰত্যাহ্বান জনাই লেখিকা গৰাকীয়ে। সভাত উপস্থিত আমন্ত্ৰিত, বিশিষ্ট, নিৰ্দিষ্ট অতিথি সকলে চৰাঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু এই সমস্যা সমাধান বাবে সমাগম ২১ৰ বিধান সভা নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ : কমল কুমাৰ মেধি

“অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ। যিমানেই অখিল গগৈক বিজেপি চৰকাৰে অন্যায় ভাৱে জেলত ৰাখিব সিমানেই তেওঁ শক্তিশালী হৈ আহিব।” আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত ৰাইজৰ দলৰ এক বিশাল কৰ্মী সভাত অংশগ্ৰহণ কৰি দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে এই মন্তব্য কৰে। তেখেতে কয় যে বিজেপিয়ে আটাইতকৈ ভয় কৰা মানুহজনেই হৈছে অখিল গগৈ। তেওঁক সেইকাৰণে দীৰ্ঘদিন ধৰি জেলত আৱদ্ধ কৰি ৰাখিছে বিজেপি চৰকাৰে। যিমানেই জেলত আৱদ্ধ কৰি ৰাখিব সিমানেই শক্তিশালী নেতা হৈ ৰাইজৰ মাজলৈ আহিব অখিল গগৈ। কা বিৰোধী আন্দোলন কৰাৰ পিছৰে পৰা ৰাইজৰ নেতাজনক ষড়যন্ত্ৰমূলকভাৱে বিজেপি চৰকাৰে জেলত দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰাখিছে। ইয়াৰ সমূচিত প্ৰত্যুত্তৰ অসমৰ জনগণে বিজেপিক এইবাৰ নিৰ্বাচনত দিব বুলিও মেধিয়ে মন্তব্য কৰে ৷ আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে বিটিআৰৰ কেবাটাও সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰি কমল কুমাৰ মেধিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো সমালোচনা কৰে। তেওঁ সাংসদ গৰাকীক ৰাইজৰ মাজলৈ আহি জন সমৰ্থন পৰীক্ষা কৰি চাবলৈও প্ৰত্যাহ্বান জনায়। বিটিচি নিৰ্বাচনৰ পিছতে সাংসদ গৰাকীৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পৰা নিৰ্বাচিত হোৱা কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ বোকোচাত উঠি গোটেই সমষ্টিবাসীক প্ৰতাৰণা কৰা বুলিও ৰাইজৰ দলৰ নেতা গৰাকীয়ে অভিযোগ কৰে । গতিকে সমষ্টিবাসী ৰাইজে এইবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও কয়। আগন্তুক নিৰ্বাচনত ৰাইজে বিচাৰিলে জালুকবাৰী সমষ্টিত হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু থকা বুলি দোহাৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাফিয়া। গতিকে তেওঁক এইবাৰৰ নিৰ্বাচনত জালুকবাৰীৰ ৰাইজে ওফৰাই পেলাব বুলিও কয়। আজিৰ এই কৰ্মী সভাত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মুকুট ডেকা, ৰাইজৰ দলৰ চাপাগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুজন দাস, ৰাইজৰ দলৰ নেতা উপেন দাস, দয়াল কলিতা, সত্য কলিতা, ধনঞ্জয় কলিতা আদিয়েও বক্তব্য ৰাখে ৷

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পৰিবেশ আৰু জলবায়ু কোষ, উন্নত ভাৰত অভিযান গোট আৰু মহাবিদ্যালয়খনৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰী বিজ্ঞান দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাসে উপস্থিত থাকি পৰিবেশ সজাগতাৰ প্ৰয়োজনীয়তা বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মতবিনিময় কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি এখন শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত প্ৰথমস্থান কাশ্যপজ্যোতি কলিতা, দ্বিতীয় স্থান ভাৰ্গৱ কলিতা আৰু তৃতীয় স্থান অধিকাৰ কৰে কুলদ্বীপ কলিতাই। হীৰকজ্যোতি মালী আৰু কুইনমণি ৰয়ে নিচুকণি বঁটা লাভ কৰে। অনুষ্ঠানত আভ্যন্তৰিণ গুণগতমান নিৰূপন কেন্দ্ৰ (IQAC)ৰ সঞ্চালক তথা উন্নত ভাৰত অভিযান (UBA) গোটৰ সমন্বয়ক ড০ গাৰ্গী চক্ৰৱৰ্তী, পৰিবেশ আৰু জলবায়ু কোষৰ সমন্বয়ক মানবেন্দ্ৰ কলিতা, প্ৰৱক্তা ড০ দুৰ্লভ নাৰায়ণ সিংহ, কৰুণাকান্ত দাস, প্ৰশান্ত কলিতাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ক প্লাষ্টিক মুক্ত কৰাৰ প্ৰথম প্ৰয়াস হিচাপে উদ্যোক্তাসকলে বিভিন্ন বিভাগত বাঁহৰে সজা ডাষ্টবিন বিতৰণ কৰে।

ঐশ্বৰ্য ৰায়ৰ দৰে হুবহু পাকিস্তানৰ যুৱতী আমনা ইমৰাণ

সামাজিক মাধ্যমত বৰ্তমান চৰ্চাত পাকিস্তানৰ এগৰাকী যুৱতী । যুৱতী গৰাকীৰ নাম আমনা ইমৰাণ ।

আমনা ইমৰাণ এগৰাকী ‘বিউটী ব্লগাৰ’ । তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ্ছৰ সংখ্যাও বহু ।

আচম্বিত ছচিয়েল মেডিয়া ব্যৱহাৰকাৰীসকল । মিশ্ৰ প্ৰতিক্ৰিয়াত ভৰি পৰিছে আমনাৰ ছবিবোৰৰ কমেণ্ট বক্স । কিছু সংখ্যকে আমনাক লৈ কুমন্তব্য কৰা আৰম্ভ কৰিছে ।

তেওঁলোকে দাবী জনায়, তেওঁ ঐশ্বৰ্যক অনুকৰণ কৰাৰ চেষ্টা কৰিছে । কিছু সংখ্যকে আকৌ তেওঁক ঐশ্বৰ্যতকৈও ধুনীয়া বুলি মন্তব্য কৰে ।

আমনাৰ সামাজিক মাধ্যমৰ একাউণ্ট প্ৰত্যক্ষ কৰি বুজা‌ যায় যে, আমনাই বিশ্বসুন্দৰীৰ সন্মান লাভ কৰা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক অনুকৰণ কৰে ।

বগা অভাৰক’ট পিন্ধি ছবি প’ষ্ট কৰে আমনাই । ‘এ দিল হে মুছকিল’ চলচ্চিত্ৰৰ ‘বুলেয়া’ গীতটোত ঐশ্বৰ্যই যেনেকৈ ৰূপ সজ্জা কৰিছিল ঠিক সেইদৰেই ৰূপ সজ্জা কৰি ছবি আপল’ড কৰিছিল আমনাই ।

নলবাৰীৰ পকোৱাত অনুষ্ঠিত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত সৰভোগ চেম্পিয়ন

২৮ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ এটি অগ্ৰনী ক্ৰীড়া সংগঠন নিজ পকোৱা সূনীতি সংঘৰ উদ্যোগত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হৈ যায় ১৮ সংখ্যক প্ৰয়াত কাৰ্তিক বৈশ্য, দুৰ্গাৰাম সাউদ, আৰু বিৰেন দত্ত সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা। অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, ৰেঙণি,(তেজপুৰ) সৰভোগ, আই আৰ বি এন (চৰাইমাৰী) ভেৰগাওঁ ( ওদালগুৰি) নলবাৰী ভলীবল ক’চিং চেন্টাৰ, নিজ পকোৱা সূনীতি সংঘই যোগদান কৰা প্ৰতিযোগিতাখনত লীগ পৰ্ষ্যায়ৰ খেল সমূহ শেষ হোৱাৰ পিছত প্ৰথম খন ছেমি ফাইনেলত সৰভোগ দলে অসম পুলিচ দলক ২-১ ছেটত হৰুৱাই চুড়ান্ত খেললৈ যোগ্যতা অৰ্জন কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত অসম ৰাজ্যিক বিদ্যুত পৰিষদে ৰেঙণি দলক ২-০ ছেটত পৰাজিত কৰি চুড়ান্ত খেললৈ উৰ্ত্তীৰ্ণ হয়। চুড়ান্ত খেলত সৰভোগ দলে বিদ্যুত পৰিষদ দলক ২৫–২১, ২৫–২৩ পোনপোটীয়া ছেটত পৰাজিত কৰি প্ৰথম পুৰস্কাৰ বাৰ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী লাভ কৰে। বিজেতা দল বিদ্যুত পৰিষদে দ্বিতীয় পুৰস্কাৰ আঠ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী লাভ কৰে। শ্ৰেষ্ঠ শৃঙ্খলাবদ্ধ দল হিচাপে বিবেচিত হয় পকোৱা সূনীতি সংঘই। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় সৰভোগ দলৰ অজিত দাসে। চুড়ান্ত খেলখন পৰিচালনা কৰে প্ৰথম ৰেফাৰী দেৱজিৎ ডেকা, দ্বিতীয় ৰেফাৰী প্ৰনৱ শৰ্মা আৰু তৃতীয় ৰেফাৰী বিকাশ ভট্ট। প্ৰতিযোগিতা খনত নিমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱকল্যানৰ সঞ্চালক ধৰ্মকান্ত মিলি অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাস আদি বিশিষ্ট ব্যাক্তি সকল।