Home Blog Page 3101

ধনশিৰিত জাতীয় পৰিষদ দলৰ বিক্ষোভ কাৰ্যসুচী

অসমৰ বহুকেইটা প্ৰান্তৰৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ  সৰুপথাৰনগৰৰ মাজমজিয়াস্থিত ধনশিৰি মহকুমাৰ মহকমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত  অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিয়ে বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে। যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী বিধান সভাৰ অন্তৰ্গত বাঁহজানিৰ এখনি দলীয় সভাত ভাগ লবলৈ গৈ থকা অৱস্থাত বৰভাগৰ ওচৰৰ কালাগ দৌলৰ সন্মুখত এদল বিজেপী সমৰ্থকে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতাসকলৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় । লগতে দলটোৱে হাতে হাতে বিজেপি পতাকা লৈ লুৰিণজ্যোতি গগৈৰ কনভয়ক আগচি ধৰে আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা দলৰ উপদেষ্টা পুলকেশ বৰুৱাৰ গাড়ীটো আক্ৰমণৰ চেষ্টা চলায়। যাৰ পৰিপ্ৰেক্ষিত অসম জাতীয় পৰিষদ দলে বিক্ষোভ কাৰ্যসুচীৰ জড়িয়তে উক্ত বিজেপিৰ আক্ৰমণকাৰী দলটোক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় আৰু নিৰ্বাচন পক্ৰিয়াত উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাকাৰী সকলে বিজেপি হায় হায়, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত ৰে’ল মন্ত্ৰীলৈ কে আৰ এছ এছৰ স্মাৰক-পত্ৰ প্ৰেৰণ

আজি কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি, ৰূপজ্যোতি দত্তৰ নেতৃত্বাধীন এটি সঁজাতি দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ জৰিজতে ভাৰতৰ ৰে’ল মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, সাধাৰণ সম্পাদক নিতুল শইকীয়া স্বাক্ষৰিত স্মাৰক পত্ৰত কোৱা হয় যে-যোৱা প্ৰায় এবছৰ কাল ধৰি ক’ৰোণা মহামাৰীৰ বাবে বন্ধ হৈ থকা জীৱনৰেখা স্বৰূপ ৰে’লৰ যোগাযোগ ব্যৱস্থা ইতিপূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ আৰম্ভ কৰিছে। ক’ৰোনাৰ পৰিপেক্ষিত্ৰত লকডাউনৰ কেইবাটাও দফা অতিক্ৰম কৰাৰ পাছত সম্প্ৰতি চলি থকা আনলক ব্যৱস্থাৰ সময়ত অসমত স্থানীয় ৰে’লসেৱা, হস্ৰ-দৈৰ্ঘৰ ৰে’লসেৱা পুনৰ সক্ষম কৰি তোলাৰ লগতে অত্যাধিক ৰে’লভাৰা হ্ৰাস কৰি পূৰ্বৰ দৰে ৰে’লভাৰা বাহাল ৰাখি ব্যৱসায়ী তথা কৰ্মক্ষেত্ৰত নিয়োজিত কৰ্মচাৰী, সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ- মহানগৰলৈ অহা-যোৱা কৰা ৰোগীসকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকলখ সকাহ দিয়াটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এখন নগৰৰ পৰা আনখন নগৰত নিয়মীয়াকৈ ব্যৱসায় তথা কৰ্তব্যত নিয়োজিত হৈ নিজ নিজ কৰ্মক্ষেত্ৰত সেৱা আগবঢ়োৱা সকলে নিতৌ স্থানীয় ৰে’লকেই ভৰসা কৰি আহিছে।দুভাগ্যৰ বিষয় যে, লক-ডাউনত ৰে’ল চলাচল সম্পূৰ্ণ বন্ধ হোৱাৰ লগে লগে গৰিষ্টসংখ্যক আৰ্থিকভাৱে দুৰ্বলশ্ৰেণীৰ লোকৰ দৈনিক আয়ৰ পথ বন্ধ হৈ পৰিল। সেয়েহে মহাৰাষ্ট্ৰত ৰে’লসেৱা পুনৰ সক্ৰিয় কৰি তোলাৰ দৰে অসমতো ৰে’ল ব্যৱস্থা পুনৰ সক্ৰিয়কৰণৰ বাবে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে স্মাৰক প্ৰত্ৰৰ জৰিয়তে ভাৰত চৰকাৰৰ ৰে’লমন্ত্ৰীলৈ দাবী জনাইছে। ৰে’ল যোগাযোগ বন্ধ হৈ পৰাৰ লগে লগে নিয়মীয়াকৈ অহাযোৱা কৰা বিভিন্ন চৰকাৰী তথা ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মচাৰী, বিশেষকৈ সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ-মহানগৰলৈ অহা-যোৱা কৰা ৰোগী সকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকল, বিভিন্ন সামগ্ৰীলৈ নগৰ-মহানগৰত নিতৌ ক্ৰয়-বিক্ৰয় তথা দৈনন্দিন শ্ৰম কৰা সকলৰ লগতে ব্যৱসায়ৰ জৰিয়তে জীৱনধাৰণ কৰি অহা ক্ষুদ্ৰ ব্যৱসায়ীসকল আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।  লখিমপুৰবাসীৰ লগতে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সমাজ সংগঠক ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া আৰু  সহকাৰী সম্পাদক ৰাজা দত্তই সজোৰে দাবী জনাইছে।

মঙলদৈত স্থাপন হ’ব ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়ব মূৰ্ত্তি

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়নৰ অৱয়ব মূৰ্তি অহা ৭ মাৰ্চত ঐতিহাসিক মঙলদৈ বৰপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা হ’ব। ১৬০৬ চনতেই দৰং জিলাৰ হাউলীত ৰাজধানী স্থাপন কৰি দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা ধৰ্মনাৰায়ণ আছিলে বিশ্বমহাবীৰ চিলাৰায়ৰ নাতি। যুদ্ধ বিগ্ৰহৰ পৰিৰ্ৱতে প্ৰজা হিতকৰ কামত আত্ম নিয়োগ কৰা ধৰ্মনাৰায়ণে দৰঙত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল। তাৰোপৰি দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে। প্ৰখ্যাত ভাস্কৰ্য, সুকুমাৰ কলা শিল্পী বীৰেণ সিংহই সাজি উলিওৱা ২২ ফুট উচ্চতাৰ পূৰ্ণ অৱয়ব মূৰ্তিটো অহা ৭ মাৰ্চ ৰবিবাৰে উন্মোচন কৰা হব। এই উপলক্ষে ৰজা ধৰ্মনাৰায়ণৰ মূৰ্ত্তি স্থাপন আৰু পৰিচলনা সমিতিৰ সভাপতি গুৰুজ্যোতি দাস, কাৰ্যকৰী সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সম্পাদক বাসৱ চন্দ্ৰ ডেকাই জনোৱা মতে মূৰ্তিটো উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাংবাদিক কনকসেন ডেকাই। তাৰোপৰি মূৰ্তি উন্মোচন উপলক্ষে হবলগীয়া সভাত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, বিধায়ক দিলীপ শইকীয়া, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত কুমাৰ ভূঞা, অৱসৰী অধ্যাপক ইৰশ্বাহ আলি আৰু ডঃ লোহিত চন্দ্ৰ বৈশ্যাই অংশগ্ৰহণ কৰে। মূৰ্তি উন্মোচনী অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

চতিয়া সমষ্টিত বলিছে নিৰ্বাচনী বতাহ

চতিয়া সমষ্টিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা আগলৈকে সমষ্টিটোত শাসনাধিষ্ঠ চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ লগতে দলীয় সভা অনুষ্ঠিত হৈ যায়। সমষ্টিটোৰ জামুগুৰিহাটত অলপতে অনুষ্ঠিত এক দলীয় সভাত আগন্তক বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক প্ৰত্যাহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাই। অলপতে চতিয়া সমষ্টিৰ টুপীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এখন বুথ সন্মিলনত উপস্থিত থাকি সাংবাদিকৰ আগত চতিয়া সমষ্টিত কংগ্ৰেছ দল জয়যুক্ত হ’ব বুলি মন্তব্য কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতিগৰাকীক এই দৰে উভতি ধৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ৰিপুন বৰাক প্ৰত্যাহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয়- তেওঁৰ সৎ সাহস আছে যদি চতিয়ালৈ আহি আগন্তক নিৰ্বাচনত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। যি জন ৰিপুন বৰাই ৰাজ্যিক সভাপতি হৈ নিজৰ পঞ্চায়তত নিজৰ আৰ্ড মেম্বাৰকে জিকাব নোৱাৰিলে,সেইজন ৰিপুন বৰাই চতিয়াত কংগ্ৰেছ জিকোৱাৰ কথা এক অলীক কল্পনাহে। বিধায়ক গৰাকীয়ে কয়-ৰিপুন বৰা তিহাৰ জে’লৰ পৰা ওলাই অহাৰ পাছতেই মূৰৰ বিকৃতি ঘটিছে। সেইবাবেই কিছুদিন আগতে নিজ দলকে গালি পাৰি প্ৰলাপ বকিছিল। ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিজেপিৰ বাবেই শুভ লক্ষণ বুলি উল্লেখ কৰি ৰিপুন বৰাক কংগ্ৰেছত এজেন্ট কৰি ৰাখিছোঁ‌ বুলি কটাক্ষ কৰে বিধায়ক হাজৰিকাই।

মাজুলী নতুন কমলাবাৰী সত্ৰ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ঐতিহাসিক শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্তৰ সভাপতিত্বত সত্ৰ পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়  ৷ উক্ত সভাত সৰ্বসন্মতি ক্ৰমে সত্ৰ কেন্দ্ৰীক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত লোৱা সিদ্ধান্ত অনুসৰি সত্ৰৰ সাংস্কৃতিক উন্নয়ন তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ সকলো দিশ পৰ্যবেক্ষণ কৰিবৰ বাবে জনাৰ্দন ভূঞাক সভাপতি আৰু দেৱেন চন্দ্ৰ ভূঞাক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক উপ-সমিতি সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয় ৷ সভাই  কমলাবাৰী তিনিআলিত সত্ৰলৈ সোমাই অহা প্ৰৱেশ পথত এখনি ড° নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ স্মৃতিত তোৰণ নিৰ্মাণৰ সিদ্ধান্তত সহমতত উপনীত হয় ৷ আন এক সিদ্ধান্ত মৰ্মে সত্ৰলৈ কোনো তীৰ্থযাত্ৰী তথা অন্য ধৰ্মানুৰাগীয়ে দান-বৰঙণি আগবঢ়ালে উক্ত সামগ্ৰী বা পূঁজি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰিব লাগে বুলি সভাই সহমত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও সত্ৰৰ চৌহদত ৰাতি দহ বজাৰ পিছত কোনো অচিনাক্ত লোক প্ৰৱেশ কৰিব নোৱাৰিব লগতে মদ্যপান কৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 

ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ । গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালক ভেকচিন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, সোমবাৰৰ পৰা দেশত আৰম্ভ হয় ক’ভিড ১৯ ৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ লোৱাৰ পিছতে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও লয় কৰ’ণাৰ ভেকিচিন।

জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক অভিজিত শৰ্মাৰ উপস্থিতিত এই টিকা গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, কৰ’ণা ভাইৰাচৰ ভেকচিনৰ দ্বিতীয় পৰ্যায়ত ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ আৰু ৪৫ বছৰতকৈ অধিক তথা অসুস্থ লোকক  অন্তৰ্ভূক্ত কৰা হৈছে।

গোলাঘাটৰ বিজেপি কাৰ্যালয়ত পৰ্যবেক্ষকৰ উপস্থিতিত ন বিজেপি আৰু পুৰণি বিজেপি সংঘাতৰ পূৰ্ণ প্ৰতিফলন

এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ  ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল। তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা আছিল যদিও দলটোৰ তৃণমূল কৰ্মীসকলৰ অসন্তোষ্টিয়ে নিশ্চয়কৈ দলটোক বিমোৰত পেলাব। বিশেষকৈ সমষ্টিটোত একালৰ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি আগমণৰ পিছতেই বিজেপি কৰ্মীসকলৰ মাজত দুটা ফৈদ হোৱা পৰিলক্ষিত হল । বিভিন্ন সময়ত  দলীয় কৰ্মীসকলৰ মাজৰ  সংঘাতৰ প্ৰতিফলন হৈ আহিছিল যদিও সোমবাৰে  গোলাঘাটত বিজেপিৰ পৰ্যবেক্ষকৰ তীক্ষ্ণ পৰ্যবেক্ষণ প্ৰক্ৰিয়া চলি থকা মাজতে সন্ধিয়া  জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মী সকলৰ মাজত পুনৰবাৰ  এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।জানিব পৰা মতে , গোলাঘাট ,সৰুপথাৰ আৰু দেৰগাওঁ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ অহা বিজেপিৰ পৰ্যবেক্ষকগৰাকী কালি সন্ধিয়াভাগত গোলাঘাট বিজেপি কাৰ্যালয়ত বিভিন্ন গৰাকী নেতা কৰ্মীৰ লগত আলোচনাত মিলিত হয় । যদিও আলোচনা চলি থকাৰ মাজতে সমষ্টিটোত ইতিপূৰ্বে দলীয় কৰ্মীসকলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা যায়।  অৰ্থাৎ  গোলাঘাট বিধানসভা সমষ্টিত নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত যে ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰে প্ৰমাণ হ’ল  আজি কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ জয়ধ্বনিত। এফালে অজন্তা নেওগ আনফালে বিতুপণ শইকীয়া জিন্দাবাদ, তথা ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হল গোলাঘাট বিজেপি কাৰ্যালয়। বিভিন্ন সময়ত বিজেপিৰ এই শক্তিশালী  নেতাদ্বয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছিল  যদিও  এতিয়া সময়েহে কব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত কোনজনে প্ৰকৃততে দলীয় টিকট লাভ কৰিব।

কাকজানত চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে সম্পন্ন হোৱা এখনি প্ৰতিযোগিতাৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলক লৈ আজি কাকজান দুলীয়া গাঁও তিনি আলিস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শংকৰ-আজান জাতীয় বিদ্যালয়ৰ সঞ্চালক  পৱন বৰুৱাৰ লগতে প্ৰতিযোগিতা উদ্বোধন কৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ   প্ৰবীন কলিতাই । প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত মুকলি সভাত প্ৰয়াত শিক্ষাবিদ, সমাজকৰ্মী ৰবীন দুৱাৰাদেৱক শ্ৰদ্ধা জনাই অভিভাৱকসকলে এভাগি আধ্যাত্মিক গীত দলীয়ভাৱে পৰিৱেশন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ  অতুল দলৈ,  শান্তিছাঁয়া শইকীয়া, বিশিষ্ট কবি ৰঞ্জিত গগৈ, যুৱনেতা সিদ্ধাৰ্থ বৰুৱা, মানৱজ্যোতি ভূঞা আৰু সাংস্কৃতিক কৰ্মী ডালিমি বৰবৰাই অংশগ্ৰহণ কৰে। উক্ত মুকলি সভাতে দুয়োটা অনুষ্ঠানৰ শিশুসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে উপস্থিত ৰাইজক আপ্লুত কৰে। সভাৰ শেষত পুৰস্কাৰ লাভ কৰা শিশুসকলক বঁটা প্ৰদান কৰা হয়। সাধুকোৱা প্ৰতিযোগিতাত অনুস্মিতা দত্তই প্ৰথম স্থান, প্ৰিন্স পলীন কাশ্যপ বৰদলৈয়ে দ্বিতীয় স্থান, মমী চেতিয়াই তৃতীয় স্থান আৰু দিপান্বীতা বৰুৱা, স্বপ্নীল মাহলি আৰু ৰিয়ান শইকীয়াই উদগনি বঁটা লাভ কৰে। আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰিয়াষা ফুকনে প্ৰথম স্থান, ৰেইহান ৰহমানে দ্বিতীয় স্থান আৰু প্ৰিন্স পলীন ক্শ্যপ বৰদলৈয়ে তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত অৰুনাংশু বৰাই প্ৰথম স্থান, সুভানন গগৈয়ে দ্বিতীয় স্থান আৰু সুদৰ্শন শইকীয়াই তৃতীয় স্থান লাভ কৰে। ‘গ’ শাখাত দৃষ্টিশিখা হাজৰীকাই প্ৰথম স্থান, অয়নজ্যোতি নাথে দ্বিতীয় স্থান আৰু অন্তৰীক্ষা শইকীয়াই তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানত উপস্থিত সমূহ ৰাইজে অনুষ্ঠানটিৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যত সময়ত পুনৰ এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ আয়োজক সমিতিৰ প্ৰতি আহ্বান জনায়।

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই

কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন ।

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই ।

চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই ।

৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত ।

কুইপ কৰ্তৃপক্ষই মানি লৈছে আলফা(স্বাঃ)ৰ এই দাবী ।

বিশেষভাৱে সক্ষম ভোটদাতাসকলক ডাক বেলটযোগে ভোট দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট  জিলাতো বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনৰ খুমটাই আৰু গোলাঘাট সমষ্টিতো এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলক ডাক বেলটৰ সুবিধা প্ৰদান কৰা হৈছে । গোলাঘাট আৰু খুমটাই সমষ্টিত মুঠ ১২১১ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা আছে । ইয়াৰে খুমটাই সমষ্টিৰ ৫২০ আৰু গোলাঘাট সমষ্টিৰ ৬৯১গৰাকী । একেদৰে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ১৩১৮গৰাকী আৰু খুমটাইত ৮৪৮ গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে তালিকাভুক্ত হৈছে ।যদিও  ভোটদাতাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।  বি এল অ’ আৰু আই চি ডি এছৰ চুপাৰভাইজাৰ সকলে দুয়োটা সমষ্টিত ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ নাম তালিকাত নিশ্চিত কৰাৰ চূড়ান্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে  । দুই-এদিনৰ ভিতৰতে চূড়ান্ত তালিকা প্ৰকাশ পাব । যিসকল ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাই ডাক বেলটযোগে ভোট দিব বিচাৰে তেওঁলোকে এতিয়াও 12D আৱেদন পত্ৰৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । তেওঁলোকৰ আৱেদন পত্ৰসমূহ ঘৰৰ পৰাই সংগ্ৰহ কৰা হ’ব ।