দুলীয়াজান দিহিং দলঙৰ সমীপত অঘটন । দিনদুপৰতে অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । আহত যুৱকজন দুলীয়াজানৰ বাম হুকুটা অঞ্চলৰ ধনীৰাম গগৈৰ পুত্ৰ ডম্বৰুধৰ গগৈ (৩৮)বুলি জানিবপৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট চাৰ্ভিচ নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰী ডম্বৰুধৰ গগৈ নামৰ কৰ্মচাৰীজনে আজি দুপৰীয়া সময়ত নগদ ৬ লাখ টকা লৈ এখন স্কুটীৰে নাহৰকটীয়াৰ পৰা দুলীয়াজানৰ অভিমুখে আহি আছিল । সেইসময়তে দুলীয়াজান-নাহৰকটীয়া সংযোগী মূল গড়কাপ্তানি পথৰ দিহিং দলঙৰ সমীপত এখন নম্বৰপ্লেট বিহীন এফ জেদ বাইকত অহা হেলমেট পৰিধানৰত দুজনীয়া ডকাইতৰ দলে যুৱকজনক আক্ৰমণ কৰি ধন লুটৰ চেষ্টা চলায় । প্ৰথমৱস্হাত যুৱকজনে পথচাৰীৰ পৰা সহায় ভিক্ষা বিচাৰে যদিও অস্ত্ৰধাৰী যুৱকক দেখি সকলোৱে নিৰাপদ দূৰত্বত অৱস্হান কৰে । ইফালে ডকাইতৰ দলটোৰ সৈতে যুৱকজনে অকলেই সাহসেৰে যুঁজি ধনখিনি সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও ডকাইতৰ চোকা অস্ত্ৰৰ উপৰ্যপুৰি আঘাতত গুৰুতৰভাৱে আহত হয় উক্ত যুৱকজন । পাছত চেগ বুজি ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা টিংৰাই দিশে উধাও হয় । ঘটনা খৱৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰে । অৱশ্যে চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাৰ সৰ্ন্দভত নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
আই আৰ এ বিষয়া প্ৰৱীণ কুমাৰ নাজিৰাৰ নিৰ্বাচন ব্যয় পৰ্যবেক্ষকৰ দায়িত্ব
নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ কালি নাজিৰাত উপস্থিত হয় । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট’কল বিষয়া হৈছে চৰাইদেউৰ সহকাৰী আয়ুক্ত সুনাম দাস। নাজিৰাত ৩ মাৰ্চত তেওঁ উপস্থিত হৈ ৪ মাৰ্চৰ পুৱা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু সকলো কোষৰ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব আৰু বিধান সভা নিৰ্বাচনৰ কাম কাজ সঠিক ভাবে সম্পন্ন কৰিবলৈ গঠন কৰা নিৰ্বাচনী কোষ সমূহৰ বিষয়ে বুজ ল’ব। প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই তেখেতক সম্ভাষন জনাইছে আৰু আগন্তুক নিৰ্বাচনত সমূহ নাজিৰা বাসী ৰাইজৰ সঁহাৰি কামনা কৰিছে।
মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক : প্ৰকাশ ৰন্জন ঘৰফলীয়া,উপায়ুক্ত
মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক – প্ৰকাশ ৰন্জন ঘৰফলীয়া। এইদৰে আজি ২ মাৰ্চ তাৰিখে ওদাগুৰি জিলা উপাযুক্ত কাৰ্য্যলয়ৰ সভা গৃহত জিলা উপাযুক্ত গৰাকীযে জিলা খনৰ সাংবাদিক সকলৰ সৈতে আগন্তক বিধান সভা নিৰ্বাচনী নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে এখনি সভাত এই মন্তব্য কৰে। উক্ত সভাত জিলা নিৰ্বাচনী বিষযা, জিলা উপাযুক্ত আৰু জিলা আৰক্ষী অধীক্ষক গৰাকীযে নিৰ্বাচনী আচৰন- বিধি সম্পকে তথ্য-সম্বলিত ভাবে জিলা খনত তিনিট বিধান সভা সমষ্টি ৬৪ পানেৰী অতিৰিক্ত উপাযুক্ত অনছুলা বসুমতাৰি ৰিটাৰিং অফিছাৰ দায়িত্ব প্ৰদান কৰি পোলিং ছেন্টাৰ ১৯৯ টা আৰু ২৯ সৰ্ব মুঠ ২২৮ টা, পুৰুষ ৭৭৪৮৮ জন, মহিলা ৭৫৯৫২ জনী আৰু তৃতীয় লিংগ ০১জন সৰ্ব মুঠ ১৫৪৪০ জন ভোটাৰ, ১১ টা ছেক্টৰ, ০৪ টা জুনত ভাগত ভাগ কৰি, নিৰ্বাচনী এক্সপেডিটুৰ মোনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১ টা, একাউন্টিং টিম ০১ টা, এন্টি ডিফেকমেম্ট টিম ০১টা, ২০টা মহিলা আৰু ০১ মডেল পুলিং ষ্টেচন গঠন কৰি, প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৪ জনকৈ সৰ্ব মুঠ ১০৯৬ জন দিয়ে।৬৯ ওদালগুৰি জনজাতি সংৰক্ষিত উপাযুক্ত প্ৰকাশ ৰন্জন ঘৰফলীয়া ৰিটাৰিং অফিচাৰ দায়িত্ব লৈ পোলিং ছেন্টাৰ ১৯৪ টা আৰু ৩৭ টা সৰ্ব মুঠ ২৩১টা, পুৰুষ ৭৮২৯৫ জন, মহিলা ৭৭৭৮০ জনী সৰ্ব মুঠ ১৫৬০৭৫ জন ভোটাৰ,অঞ্চল টোট ২৪ ছেক্টৰ,০৪টা জুন ভাগত ভাগ কৰে লগতে নিৰ্বাচনী এক্সপেডিটুৰ মনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা, একাউন্টিং টিম ০১ টা, এন্টি ডিফেক্টমেন টিম ০১ টা, ২০ টা মহিলা ০১ টা মডেল পুলিং ষ্টেচন ০১টা গঠন কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৭ জনকৈ সৰ্ব মুঠ ১১০৮ জন নিযুক্ত আৰু ৭০ নং মাজবাট সমষ্টিত অতিৰিক্ত উপাযুক্ত অনুপ কুমাৰ বহ্মক দ্বায়িত্ব প্ৰদান কৰি পুলিং চেন্টাৰ ১৭৮টা আৰু ৪৫ টা মুঠ ২৩২টা, পুৰুষ ৮০২৭৬ জন, মহিলা ৭৭১৬৯ জনী সৰ্ব মুঠ ১৫৭৪৪৫ জন ভোটাৰ, ২৪ টা ছেক্টৰ, ০৪ টা জ’ন ভাগ কৰি, নিৰ্বাচনী এক্সপেডিটুৰ মনিটেৰিং চেল এফ এছ টি ০৩ টা, ভি এছ টি ০৩ টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা, একাউন্টিং টিম ০১টা, এন্টি ডিফেকমেন্ট টিম ০১টা, ২০টা মহিলা পুলিং ষ্টেচন, ০১টা মডেল পুলিং ষ্টেচন গঠন কৰি প্ৰথম, দ্বীতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোটে ২৭৮ জনকৈ সৰ্ব মুঠ ১১১২জন নিযুক্তি দিয়ে। ওদালগুৰি জিলা ৩৫ টা স্থানক জটিল স্থান আৰু কিছু স্থান যি স্থানত যোৱা লোকসভা নিৰ্বাচনত ৯৫% শতাংশ ভোট দান আৰু একক ভাবে ৭৫% শতাংশ ভোট দান হৈছে সেই সমুহত এইবাৰ বিশেষ নজৰ দিয়াৰ লগতে ভিডিঅ কেমেৰাৰ ব্যবস্থা কৰা হব উল্লেখ কৰে। এই নিৰ্বাচনত আশী বছৰৰ অধিক আৰু ৪০% শতাংশ শাৰিৰিক ভাবে সক্ষম লোকক ঘৰতে ভোট দান কৰাৰ ব্যবস্থা কৰিব। তাৰ ববে বিশেষ আবেদন প্ৰত্ৰ ০৫ মাৰ্চ তাৰিখে সংগ্ৰহ কৰি ০৭ মাৰ্চ তাৰিখে অঞ্চলৰ বি এল অ হাতত জমা দিয়াৰ ব্যবস্থা কৰে। ওদালগুৰি জিলাৰ ৬৪ পানেৰীত ১৪ খন স্থানত, ৬৯ ওদালগুৰিত ১৭ খন ৰাজহুৱা স্থানত আৰু ৭০ মাজবাটত ১৯ খন স্থানত সৰ্ব মুঠ ৫০ খন স্থানত নিৰ্বাচনী সভা অনুমতি প্ৰদান কৰে যদিওঁ সভাৰ উদ্যোগতা সকলে সভাৰ সময়ৰ ৪৮ ঘন্টা আগতীয়াকৈ বিভাগীয় কৃতপক্ষৰ পৰা অনুমতি লব লাগিব লগতে সভাত সভাৰ স্থানত উল্লেখ থকাৰ দৰে ১০০০ (এক হাজাৰ) আৰু ১৫০০ (পোন্ধৰ শৰ) অধিক হব নোৱাৰিব । নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে নমিনিকেচন গ্ৰহণ কৰাৰ পিছৰে পৰা ৩০.৮ লক্ষ্য টকা খৰচ কৰাৰ লক্ষ্য বান্ধি দিয়ে। ৫ মাৰ্চ তাৰিখে নটিফিকেচন জাৰি কৰিব, নমিনিকেচন প্ৰদান কৰা শেষ সীমা ১২ মাৰ্চ তাৰিখ, ১৫ মাৰ্চ তাৰিখে স্কুটিনিং আৰু ১৭ মাৰ্চ তাৰিখে নমিনিকেচন প্ৰত্যাহাৰ কৰা ০১ এপ্ৰিলত ভোট দান, ০২ মে তাৰিখে ভোট গনণা আৰু ০৫ মে শেষ হব।
ৰঙিয়াৰ আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ ফোপোলা স্বৰূপ
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ নামত ব্যপক খেলিমেলি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । গাঁওখনৰ বেছিভাগ লোকেই বঞ্চিত হৈছে চৰকাৰী বিভিন্ন আচঁনিৰ পৰা । চৰকাৰে গাঁওখন আদৰ্শ গাঁও হিচাবে ঘোষণা কৰিছিল ঠিকেই, কিন্তু উন্নয়নৰ নামত মাথো ভেকোভাঁওনাহে পৰিলক্ষিত হৈছে । স্বচ্ছ ভাৰত অভিযানৰ অধীনত হিতাধিকাৰী সকলৰ নামত অহা প্ৰায়ভাগ শৌচাগাৰ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ আশ্ৰয় লৈ ঠিকাদাৰে অৰ্ধনিৰ্মাণ অৱস্থাত এৰি থৈ যায় । আজি দুই তিনি বছৰ পূৰ্বেই স্বচ্ছ গাঁওখনত উক্ত শৌচাগাৰসমূহ নিৰ্মান কৰিছিল যদিও আজি পৰ্য্যন্ত শৌচাগাৰৰ টেংকী সমুহ বনাই নিদিলে ঠিকাদাৰে । জানিবলৈ দিয়া মতে স্থানীয় ঠিকাদাৰ দুগৰাকীয়ে শৌচাগাৰ সমুহ অৰ্ধ নিৰ্মাণ কৰিয়েই সৰকাইছে বৃহৎ পৰিমাণৰ ধনৰাশি। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো আজিকোপটি শৌচাগাৰৰ টেংকীসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহʼল।
এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজাই ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে। তেনে সময়তে প্ৰাপ্য হিতাধিকাৰী সকলক এচাম ঠিকাদাৰ ৰূপী মধ্যভোগীয়ে প্ৰৱঞ্চনা কৰি থকাটো এক লক্ষণীয় বিষয় ।
মাজুলী সমষ্টি (এছ টি) ত সূচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাত জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্ব : সংবাদমেল সম্বোধন জিলা নিৰ্বাচন বিষয়াৰ
৯৯ নং মাজুলী বিধান সভা সমষ্টি (এছ টি) ত অহা ২৭ মাৰ্চত হ’বলগীয়া নিৰ্বাচন শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ আজি বিয়লি এক সংবাদমেলত এইদৰে মন্তব্য কৰে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ সংবাদমেলত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰ জড়িয়তে কৰিব পৰা ভোটদান সন্দৰ্ভত ব্যক্ত কৰি মাজুলী সমষ্টিত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিব পৰা ভোটাৰ ২২৩৩ গৰাকী আছে বুলি উল্লেখ কৰি ৩৮৪ গৰাকী চাৰ্ভিছ ভোটাৰ , দিব্যাংগ ভোটাৰ ১৩৪৫ গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ বাবে বি এল অ’ ৰ যোগে বেলট পেপাৰ বিতৰণ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰে ১১২ গৰাকীয়ে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব বুলিও জানিবলৈ দিয়ে ৷ এনে ভোটাৰৰ বাবে দুগৰাকী পুলিং বিষয়া , এগৰাকী ভিডিঅ’ গ্ৰাফাৰ আৰু এগৰাকী সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ জিলাখনৰ নিৰ্বাচনৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ প্ৰশিক্ষণ অহা ৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ সমষ্টিটোত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ কথা অৱগত কৰে ৷ জিলা নিৰ্বাচন বিষয়াৰ তথ্য অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচন ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি সম্পন্ন কৰা হ’ব ৷ ইতিমধ্যে সুকলমে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে বিভাগীয় ভাৱে সকলো ক্ষেত্ৰত বিষয়া নিয়োগ কৰা হৈছে ৷ চৰ-চাপৰিত থকা ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত যাতে ভোট গ্ৰহণ কাৰী দল কোনো ক্ষেত্ৰতেই সমষ্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু এইবাৰ যিহেতু ভোট গ্ৰহণ বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব সেয়ে দূৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পোহৰৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ সমষ্টিটোত শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত মাজুলীবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে সকলোকে নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহবান জনায় ৷ আজিৰ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা ( নিৰ্বাচন ) , সহকাৰী আয়ুক্ত ৰাকেশ ছেত্ৰী , জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷
বিশ্বনাথৰ ৰুমু ইলেভেন বিজয়ী
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱত “মৰনাকুৰি জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱে” আয়োজন কৰা যোৱা ২৬ ফেব্ৰুৱাৰীপৰা ২৮ ফেব্ৰুৱাৰীলৈকে তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত শোণিতপুৰ, বিশ্বনাথ, নগাওঁ জিলাকে ধৰি কেইবাখনো জিলাৰ অৰ্ধশতাধিক ক্ৰিকেট দলে অংশ গ্ৰহন কৰে।এসময়ত পথাৰৰ নৰা টুলি গাওঁ খনৰ উদীয়মান যুৱক সকলে কষ্ট কৰি একক ভাৱে অনুষ্ঠিত কৰি অহা এই ক্ৰিকেট প্ৰতিযোগীতা খনি একেধাৰে এইদৰে ১৫ বছৰ ধৰি অনুষ্ঠিত কৰিবলৈ পাই গাঁওখনৰ সকলো যুৱক সন্তুষ্ট বুলিও জানিবলৈ দিয়ে জ্ঞানজ্যোতি ক্লাৱৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু সম্পাদক মুনুল শইকীয়াই৷চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ফিটা কাটি শুভ উদ্বোধন কৰা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত বিধায়কগৰাকীয়ে জ্ঞানজ্যোতি সংঘৰ খেলপথাৰ খনক এবছৰৰ ভিতৰত এখন আৰ্কষণীয় মিনি ষ্টেডিয়ামৰ ৰূপত গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি দিয়ে ।জ্ঞানজ্যোতি সংঘই অায়োজন কৰা দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা খনত অৰ্ধশতাধিক দলৰ ভিতৰত বিশ্বনাথ চাৰিআলিৰ ক্ৰিকেট ক্লাৱ আৰু জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱৰ মাজত চুড়ান্ত খেল খন অনুষ্ঠিত হয়।প্ৰতিযোগীতাখনত বিশ্বনাথ চাৰিআলি “ৰুমু ইলেভেন” টিম বিজয়ী হোৱাৰ বিপৰিতে মেন অফ দা মেচ চাৰিআলিৰ দিপ্লুয়ে,মেন অফ দা চিৰিজ বিশ্বনাথ চাৰিয়ালিৰ বিজিতে আজুৰি নিবলৈ সক্ষম হয় ।উল্লেখ্য যে প্ৰতিযোগীতাখনিৰ প্ৰথমাৰ্ধত আদৰণি ভাষণ আগবঢ়ায় যুৱ সমাজকৰ্মী প্ৰসন্ন শইকীয়াই ৷প্ৰতিযোগীতাখনিতা বিজয়ী দলটিক নগদ ২৫ হেজাৰ সহ দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী ট্ৰফী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলটিকো দিপাঙ্কৰ হাজৰিকা সোঁৱৰনী ট্ৰফীৰ লগতে পোন্ধৰ হাজাৰ টকা নগদ ধনৰে পুৰস্কৃত কৰা হয় ৷ দিপাঙ্কৰ হাজৰিকাৰ পৰিয়ালৰ হাতেদি চূড়ান্ত খেলৰ বটাঁ বিতঁৰণ কৰা অনুষ্ঠানটিৰ অাঁত ধৰে ধৰ্মেশ্বৰ হাজৰিকাই ৷উল্লেখ্য যে এই প্ৰতিযোগিতা খন আয়োজন কৰাৰ ক্ষেত্ৰত যি সকলে শাৰিৰীক, মানসিক আৰু আৰ্থিক ভাৱে সহযোগিতা আগবঢ়ালে সেই সকলৰ লগতে মৰনাকুৰি গাৱৰ সমুহ বাসিন্দাক ধন্যবাদ জনাই আয়োজক কমিটিয়ে।
হোজাইত ৮০ উৰ্ধৰ মুঠ ভোটাৰ ১১৩৮৭ জন
নিৰ্বাচনৰ পোষ্টেল বেলট পেপাৰ সন্দৰ্ভত যোৱা কালি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয় সভাগৃহত জিলা উপায়ুক্ত ড:ছাদনেক সিঙে এখন সংবাদ মেল সম্বোধন কৰে। উল্লেখ যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষ ভাবে সক্ষম,৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু কোভিড সন্দেহযুক্ত বা কোভিড আক্রান্ত ভোটাৰ সকলৰ বাবেও পোষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে । উপায়ুক্তই জনোৱা মতে মতে হোজাই জিলাৰ তিনিটা সমষ্টিত ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ মুঠ১১ হাজাৰ ৩৮৭ জন।তাৰে যমুনামুখ সমষ্টিত ৪৭৮৪ জন,হোজাইত ৫০৮৭ জন আৰু লামডিং সমষ্টিত ৩৫৬০ জন ৷ ইয়াৰ পৰিৰ্বতে হোজাই জিলাত বিশেষ ভাবে সক্ষম মুঠ ভোটাৰ ২ হাজাৰ ৫৭৬ জন।যমুনাখত ৯৯৪ জন, হোজাইত ১০৪৭ জন আৰু লামডিংত ৫৩৫ জন৷এইখিনি ভোটাৰে পোষ্টেল বেলট যোগে তেওঁলোকৰ ভোট দান সংশ্লিষ্ট বি এল অ ৰ যোগেদি ৰিটাণিং বিষয়াৰ কাৰ্য্যালয়ত উপযুক্ত প্ৰমান-পত্ৰৰে১২ (ডি) নং আবেদন পত্ৰত দাখিল কৰিব লাগিব। এই দুই শ্ৰেণীৰ ভোটাৰৰ ঘৰে ঘৰে গৈ বি এল অ ই নিদিষ্ট প-পত্ৰ বিতৰণ,পূৰণ আৰু সংগ্ৰহ কৰিব। হোজাই জিলাত এই প-পত্ৰ সমূহ সংগ্ৰহ কৰা অন্তিম তাৰিখ হৈছে ১০ মাৰ্চ । সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ইলিয়াছ এন আহমেদ আৰু জয়ন্ত কুমাৰ বৰা উপস্থিত থাকে ।
নিৰ্বাচনী পুজি সংগ্ৰহৰ লক্ষৰে মাৰ্ঘেৰিটাৰ পিছতে এইবাৰ খাৰচাঙত আৰম্ভ হল চোৰাং কয়লাৰ বেহা
আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লক্ষ্যনীয় ভাবে বৃদ্ধি পাইছে চোৰাং কয়লাৰ সৰবৰাহ৷ নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে বৰাক ব্ৰক্ষ্মপুত্ৰ সকলোতে এতিয়া চোৰাং কয়লা সৰবৰাহৰ ধূম উঠিছে৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদ্যমে চলা চোৰাং কয়লা সৰবৰাহে ব্যাপক চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ আৰম্ভ হৈছে খাৰচাঙৰ কয়লাৰ সৰবৰাহ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ শ্ল’গান আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিধায়ক বলিন চেতিয়াৰ নেপথ্যত পুনৰ প্ৰান পাই উঠিছে অৰুনাচল প্ৰদেশৰ খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট৷ জিলাখনৰ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাক গেট আৰু বৰডুমচা গেট এতিয়া খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ প্ৰধান কৰিডৰত পৰিনত হৈছে৷ ডিৰাক গেট হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাকপথাৰ আৰক্ষী থানাৰ সন্মূখেৰে প্ৰতি নিশাই চলিছে অবৈধ কয়লাৰ সৰবৰাহ৷ সেইদৰে বৰডুমচা গেট আৰু অৰুনাচল প্ৰদেশ সীমান্তৰ আলুবাৰী- মহং পথেদি অসমত প্ৰবেশ কৰি ফিলবাৰী হৈ খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈছে৷ শদিয়া সমষ্টিৰ মহাপ্ৰতাপী বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠই আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি সম্প্ৰতি ট্ৰাকে ট্ৰাকে এইদৰে খাৰচাঙৰ চোৰাং কয়লা জিলাখনৰ ওপৰিও বিভিন্ন জিলাৰ বিভিন্ন ইটাভাটাসমূহলৈ সৰবৰাহ হৈছে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অতি ক্ষীপ্ৰতাৰে এইদৰে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈ আহিছে যদিও কাৰ্যত প্ৰমানিত হোৱা নাছিল৷ কিন্তু যোৱা ২৩ ফেব্ৰুৱাৰীৰ নিশা কাকপথাৰত এখন দহচকীয়া চোৰাং কয়লা ভৰ্টি ট্ৰাকে এটা বাসগৃহত খুণ্ডিয়াই বাগৰি পৰাৰ পিছতেই এই সমস্ত কয়লাৰ কলা অধ্যায় পোহৰলৈ আহিছে৷ উক্ত দিনা নিশাৰ ভাগত খাৰচাঙৰ পৰা চোৰাং কয়লা কঢ়িয়াই বৰডুমচাৰ উপ পথেৰে আহি কাকপথাৰত উপস্থিত হৈছিলহি তিনিখনকৈ চোৰাং কয়লা পৰিবাহী ট্ৰাক৷ ট্ৰাককেইখনৰ নম্বৰ আছিল এ এছ – ০১ ডি ডি ৪১৯৮, এ এছ ০৩ এ চি ৩৬১২ আৰু এ এছ ০৩ এ চি ৪১৮৮৷ অঞ্চলটোত চোৰাং কয়লা পৰিবাহী ট্ৰাকৰ উপস্থিতিৰ উমান পাই এটা বিশেষ সংগঠনৰ একাংশ সদস্যই ট্ৰাককেইখন ধৰি ধন দাবী কৰাৰ উদ্দশ্যৰে চোচা লোৱাত তিনিচুকীয়াৰ দিশলৈ নগৈ পুনৰ ডিৰাক গেটৰ দিশে পলায়ন কৰিবলৈ চেষ্ঠা কৰে৷ দ্ৰুতগতিৰে পলায়ন কৰা ট্ৰাককেইখনৰ ভিতৰত এ এছ ০১ ডি ডি ৪১৯৮ নম্বৰৰ দহচকীয়া ট্ৰাকখন ন- মাইথং গাৱৰ সুলভ মূল্যৰ সামগ্ৰীৰ দোকানী বিশ্বেশ্বৰ গগৈৰ বাসগৃহতে বাগৰি পৰে৷ উক্ত দুৰ্ঘটনাত বিশ্বেশ্বৰ গগৈৰ পৰিয়াল কথমপি ৰক্ষা পৰে যদিও ঘৰটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰাৰ লগতে হাঁহ, কুকুৰা, চাগলী কয়লাত পোত যায়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ লগতে বাকী ট্ৰাকদুখনো জব্দ কৰে৷ অঞ্চলটোত সম্প্ৰতি কাঠ, কয়লাৰ কোনো ছিণ্ডিকেট নাই বুলি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্ঠা কৰা বহু বিতৰ্কিত বিধায়ক বলিন চেতিয়াৰ সমষ্টিত যে পুনৰাই চোৰাং কয়লাৰ ছিণ্ডিকেট পূৰ্ণদ্যমে চলিছে কাৰ্যত সেয়া পুনৰ প্ৰমানিত হল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰ্তমানে নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে অঞ্চলটোত ধূম ধামেৰে চোৰাং কাঠ- কয়লাৰ সৰবৰাহ তীব্ৰত্বৰ হৈছে৷ উন্নয়নৰ নামত সমষ্টিবাসীক ৰাম ঠগন দিয়া বলিন চেতিয়াই প্ৰতিবাৰেই বৃহৎ পৰিমানৰ ধন ব্যয় কৰি নিৰ্বাচনত জয়লাভ কৰি আহিছে৷ পুৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বলিন চেতিয়াই এইবাৰো ধনবল আৰু বাহুবল প্ৰদৰ্শন কৰি নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ ৰন কৌশল প্ৰস্তুত কৰিছে ৷ মন কৰিবলগীয়া যে, ডিগবৈৰ কুখ্যাত কয়লা মাফিয়া সত্যনাৰায়ন আগৰৱালা আৰু গুৱাহাটীৰ কুখ্যাত কয়লা মাফিয়া নৱীন সিংঘালৰ নেতৃত্বত বিগত কেইবা বছৰ ধৰি অৰুনাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙত অৰুনাচল প্ৰদেশৰ কেইগৰাকীমান মন্ত্ৰী, বিধায়ক আৰু প্ৰশাসনৰ সহযোগত ধূম ধামেৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ হৈ আহিছিল৷ ২০১৯ চনলৈকে খাৰচাঙৰ সমস্ত চোৰাং কয়লা জিলাখনৰ জাগুন হৈ মাৰ্ঘেৰিটাৰ মাজেৰে সৰবৰাহ হৈ আহিছিল, যদিও ২০২০ চনত দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে মাৰ্ঘেৰিটাৰ চোৰাং কয়লাৰ বেহা প্ৰায় স্তব্ধ হৈ পৰিছিল৷ তেনেস্থলত মাৰ্ঘেৰিটাৰ মাজেৰে খাৰচাঙৰ কয়লা সৰবৰাহ বন্ধ হৈ পৰাত ছিণ্ডিকেট চক্ৰই কাকপথাৰৰ ৰাজপথটো বাচি লৈছিল৷ ২০২০ চনত বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাতেই সন্ধিয়াৰে পৰা পুৱতি নিশালৈকে শ শ চোৰাং কয়লা পৰিবাহী ট্ৰাক, ট্ৰেলাৰে কাকপথাৰৰ ৰাজপথ কপোৱাৰ কথা সৰ্বজনবিদিত৷ আৱশ্যে সেই সময়ত সংবাদমাধ্যমযোগে ধাৰাবাহিকভাবে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ বাতৰি সম্প্ৰচাৰ হোৱাত অৰুনাচল প্ৰদেশ প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতা দেখোৱাই বহুকেইটা অবৈধ কুক কল ভাটা উচ্ছেদ কৰা হৈছিল৷ মন কৰিবলগীয়া যে, মাটি খাণ্ডিলেই কয়লা ওলোৱা খাৰচাঙত বৰ্তমানেও হাজাৰ হাজাৰ টন অবৈধ কয়লা খাণ্ডি থোৱা অৱস্থাত আছে৷ ৰাজ্যত আগন্তুক অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষনত এতিয়া এইদৰেই খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট চলাই লাভ কৰা ধনেৰে নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ সপোন ৰচিছে বিভিন্নজনে৷
শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী-হয়ৱৰগাঁও-মৈৰাবাৰী যাত্ৰীবাহী ৰেলগাড়ী শীৰ্ঘে চলাচলৰ দাবী
নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক’ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ গুৱাহাটীলৈ অহা যোৱা কৰা হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত ভিষন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷
সমগ্ৰ দেশজোৰি দীৰ্ঘদিনীয়া ল’কডাউনৰ ফলত বৰ্তমান সকলো স্তৰতে পুনৰ কামকাজ প্ৰায় সুন্দৰ ৰূপত আৰম্ভ হৈছে৷ নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী সকল উভতি যাৱলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে মধ্য অসমৰ পৰা পূৰ্ৱতে এই ৰেলগাড়ী দুখনৰে দৈনিক গুৱাহাটী মহানগৰীৰ নিজ নিজ গন্তব্যস্থানত কৰ্ম সম্পাদন কৰা বহু পৰিয়ালে-চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে এই দুখন ৰেলগাড়ীৰ ওপৰতে নিৰ্ভৰ কৰিয়েই নিৰাপদে যাত্ৰা কৰি আহিছিল ৷
কিন্ত,প্ৰায় আঠ মহীয়া ক’ভিড সৃষ্ট এক পৰিৱেশে সকলোকে কোঙা কৰি পেলোবাৰ পিছত দীৰ্ঘদিনৰ পৰা বন্ধহৈ থকা এই ৰেলগাড়ী দুখন পুনৰ শীৰ্ঘে চলাচল কৰিবৰ বাবে দৈনিক যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে বহু স্থানীয় লোকে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷ চলিত বছৰৰ বহু কেইদিন ৰেল চলিব বুলি উলোবা দুই-এক উৰা বাতৰিৰ বাবেও শিলঘাটৰ পৰা গুৱাহাটীলৈ যাবলগা যাত্ৰী সকলে বহু সময় ষ্টেচনত অপেক্ষা কৰিও ৰেল ষ্টেচনৰ পৰা উভতি আহিব লগা হোৱাত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, শিলঘাট, জখলাবন্ধা, শালনা, আমনি, চামগুৰি, পুৰণিগুডাম, নগাঁও, শেনচোৱা, বেবেজীয়া, ফুলগুৰি, ৰহা, চাপৰমুখ আদি অঞ্চলৰ পৰা গুৱাহাটীলৈ যাব লগা যাত্ৰী সকলে অতি কম খৰচত যাত্ৰা কৰিব পাৰে এই শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৷ যিহেতু বৰ্তমান এজন যাত্ৰীয়ে ট্ৰেভেলাৰত ১৩০-১৫০ টকা খৰচ কৰি গুৱাহাটীলৈ যাৱ লগা হয় ৷
কিন্তু, শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৩০-৪০ টকাতে গুৱাহাটী পাব পাৰে আৰু নিৰাপদে ৷ যাৰ বাবে অতি দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰেলযাত্ৰী সকলে ক’ভিড সৃষ্ট পৰিবেশৰ পিছৰে পৰা আজি আঠ মাহে অতিৰিক্ত চাৰিগুণ ধন ব্যয় কৰি বাছ তথা ট্ৰেভেলাৰত গুৱাহাটীলৈ যাব লগা হৈছে। দৈনিক এনেদৰে গুৱাহাটীলৈ অহা-যোৱা কৰাত বহু পৰিমানৰ টকা হাতৰ পৰা উলাই যোৱাৰ উপক্ৰম হৈছে ৷ সেইয়ে যিহেতু এতিয়া সমগ্ৰ দেশতে ক’ভিডৰ কোনো ভয়-সংকা নাই ৷ এক প্ৰকাৰ ক’ভিড অসমতো নাই ৷
যিহেতু, গুৱাহাটীৰ পৰা অসমৰ বাহিৰলৈ বৰ্তমান বহুকেইখন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা হৈ আছে ৷ ৰাজ্যৰ ভিতৰতো দুৰনীবতিয়া ৰেলগাড়ী বহুকেইখন চলাচল কৰি আছে ৷ সেইয়ে কম দুৰত্ব ৰেলগাড়ী সমুহৰ ক্ষেত্ৰতো এই দুখন ৰেলগাড়ী চলাচলে যাত্ৰী সকলক বহু পৰিমানে সকাহ দিব ৷ সেইয়েহে শীৰ্ঘে শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী- হয়ৱৰগাঁও-মৈৰাবাৰীৰ মাজত “কলংপাৰ পেছেঞ্জাৰ” অতি জৰুৰী এই দৈনিক ৰেলগাড়ী দুখন চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক অহা-যোৱা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগক দাবী জনাইছে ৷
আনহাতে,পূৰ্ৱতে শিলঘাট-গুৱাহাটীৰ মাজত চলাচল কৰি থকা ড্ৰেমো ৰেল গাড়ীখন যাত্ৰী সকলৰ বাবে অসুবিধাজনক আৰু কম দৱা যুক্ত বুলি বহু যাত্ৰীয়ে সময়ে সময়ে আপত্তি কৰি আহিছে ৷
তদুপৰি, এই ড্ৰেমো ৰেল গাড়ীখন সময়মতে নিৰ্দিষ্ট স্থানত আহি নোপোৱাৰো এক গুৰুতৰ অভিযোগ আছে ৷ মাজে মাজে কোনো কোনো দূৰ্গম ঠাইত এই ড্ৰেমো ৰেলগাড়ীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু দীৰ্ঘ সময় যাত্ৰী সকল ৰেলগাড়ীতে আবদ্ধ হৈ পৰিব লগাত পৰে ৷ সেয়ে ৰেল যাত্ৰী সকলে এই ড্ৰেমো ৰেলগাড়ীখন বাতিল কৰি পূৰ্বতে চলাচল কৰা অধিক দৱাযুক্ত আৰু আৰামদায়ক ৰেলগাড়ী খন অতিশীঘ্ৰে চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক যাত্ৰা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷
বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ
ৰাজ্যজুৰি চলি আছে বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান।এই অভিযানৰ অংশ হিচাপে মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰী স্থিত বিশিষ্ট সাহিত্যক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ লগতে উপস্থিত সাংসদ কুইন ওজা আৰু বিজেপি কামৰূপ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়া।
বিগত ফেব্ৰুৱাৰী মাহৰ পৰা বিজেপি দলৰ প্ৰতিনিধিয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰাৰ উদ্দেশ্যৰে এই অভিযানৰ আৰম্ভ কৰিছিল। মঙলবাৰে এই জন সম্পৰ্ক অভিযানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসমৰ কৃষকৰ মৌলিক সমস্যসমূহ কৃষিমন্ত্ৰীগৰাকীৰ ওচৰত উত্থাপন কৰে।
উল্লেখ্য যে ইতিমধ্যে বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা সভাপতি, মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে নিজ নিজ সমষ্টিত ‘পৰিয়াল সম্পৰ্ক অভিযান’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।











