শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি চাহ বাগিচা সমুহৰ পৰিচালক সকলক স্মাৰক পত্ৰ দাখিল কৰে।উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পূৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু স্মাৰক পত্ৰ প্ৰদান কৰা হয়।চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তিকালীন সাহাৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।উল্লেখ্যযে শ্ৰমিক ৰাইজ পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল,কিন্তু পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে, কাৰন চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হব বুলি ঘোষণা কৰিছিল। কিন্তু আজি বিজেপি নেত্ৰাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে। যোৱা তিনিটা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।উল্লেখ্য যে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ০১/০১/২০১৮ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সংঘৰ উদ্যোগত ধাৰাবাহিক ভাৱে ৰূপায়ণ কৰা গণতান্ত্ৰিক আন্দোলনৰ ফলস্বৰুপে চৰকাৰৰ জাননী নং জি.এল.আৰ (আৰ.চি)১৭৮/২০১৪/পিটি/৪০৬ তাং ২৩/০২/২০২১ মৰ্মে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন ভাৱে ৫০ টকা বৃদ্ধি কৰি ২২/০২/২০২১ তাৰিখত চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা তৎকালে বলবৎ কৰিবলৈ বাগিচা কতৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ গাণণিক গজেন শইকীয়াই সংবাদ মাধ্যমক কয়।অসম চাহ মজদূৰ সংঘই উক্ত অন্তৱৰ্তিকালীন সাহাৰ্য্য প্ৰতিবাদকল্পে গ্ৰহণ কৰিবলৈ সমূহ শ্ৰমিক ৰাইজক আহ্বান জনায়। কিন্তু চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি ৩৫১.৩৩ টকাৰ দাবীৰ বাবে আন্দোলন কাৰ্যসূচী অব্যাহত থাকিব বুলি সংঘৰ বিষয়া সকলে সংবাদ মাধ্যমক অৱগত কৰে।
বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ চেষ্ঠা কংগ্ৰেছৰ
একালত কংগ্ৰেছৰ দুৰ্গ, বৰ্তমানে বিজেপিৰ দখলত থকা ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে৷ একালৰ শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ১৫ টাকৈ বছৰে শাসন কৰা সমষ্টিটোত দলীয় বিসম্বাদ আৰু দেশজুৰি সৃষ্টি হোৱা নৰেন্দ্ৰ মোডীৰ ঢৌৰ পৰিপ্ৰেক্ষিতত বিগত ২০১৬ চনৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ভাস্কৰ শৰ্মাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে পৰবৰ্তী সময়ত প্ৰদ্যুত বৰদলৈ সমষ্টি এৰি নগাৱলৈ গৈ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিটোত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় শূণ্য হৈ পৰিছিল৷ আৱশ্যে নিষ্ঠাবান কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰী, মনোৰঞ্জন বৰগোহাইৰ নেতৃত্বত কংগ্ৰেছ দলটো পুনৰোদ্ধাৰৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে৷ আগন্তুক নিৰ্বাচনৰ বাবে সমষ্টিটোত তিনিজনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে মনোৰঞ্জন বৰগোহাই, বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈৰ ভিতৰত বাসুদেৱ ছেত্ৰীৰে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা অধিক৷ কিয়নো বিজেপিৰ দুই প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে বিধায়ক ভাস্কৰ শৰ্মা কিম্বা লক্ষ্য কোঁৱৰৰ সতে প্ৰতিদ্ধণ্ডিতা কৰিবলৈ হলে কংগ্ৰেছৰ বাসুদেৱ ছেত্ৰীৰ বিকল্প নাই৷ কিয়নো বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সতে যদিহে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় সমষ্টোটোৰ তেনেহলে মুঠ ভোটৰ পোলিং হব ৮০.৭০ শতাংশ৷ ভাস্কৰ শৰ্মাই ৩২.৭০ শতাশ ভোট লাভৰ বিপৰীতে বাসু ছেত্ৰীয়ে ২৬.১৫ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ এক ক্ষেত্ৰভিত্তীক সমীকৰনত ভাস্কৰ শৰ্মা প্ৰায় ১২ হেজাৰ ভোটত আগবাঢ়ি আছে যদিও বাসুদেৱ ছেত্ৰীয়ে ভাষিক অসমীয়া, বেংগলী আৰু হিন্দীভাষী ভোট কিছু বঢ়াব পাৰিলে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ভাস্কৰ শৰ্মা আৰু বাসুদেৱ ছেত্ৰী দুয়োজনেই গোৰ্খা জনগোষ্ঠীৰ হোৱাৰ বাবে ২৮ হেজাৰ গোৰ্খা জনগোষ্ঠীৰ ভিতৰত দুয়োজনেই সমানেই ভোট লাভ কৰাৰ অৱকাশ আছে৷ তাৰোপৰি সমষ্টিটোৰ প্ৰায় ১০ হেজাৰ সংখ্যালঘু ভোটৰ লগতে ৫০ হেজাৰ আদিবাসী ভোটৰ সিংহভাগেই কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে৷ সেইদৰে যদিহে বিজেপিৰ লক্ষ্য কোঁৱৰৰ সতে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় তেনেহলে মুঠ ৭৮.৪৬ শতাংশ পুলিং হোৱাৰ সম্ভাৱনা আছে৷ বাসু ছেত্ৰীয়ে ৩৫.২৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ লক্ষ্য কোঁৱৰে ৩২.৯৩ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ তীব্ৰ প্ৰতিদ্ধণ্ডিতামূলক যুজত বাসুদেৱ ছেত্ৰীয়ে ৫ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ লক্ষ্য কোঁৱৰ আৰু বাসুদেৱ ছেত্ৰীৰ যদিহে প্ৰতিদ্বণ্ডিতা হয় তেনেহলে ২৮ হেজাৰ গোৰ্খা ভোটৰ সমস্ত বাসুদেৱ ছেত্ৰীয়ে লাভ কৰিব৷ কিয়নো বিধায়ক ভাস্কৰ শৰ্মাই ৰাজহুৱা সভাত উগ্ৰ সাম্প্ৰদায়িক ভাষন দিয়াক কেন্দ্ৰ কৰি সমষ্টিটোত অসমীয়া আৰু গোৰ্খা সম্প্ৰদায়ৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আগন্তুক নিৰ্বাচনত পৰাৰ সম্ভাৱনা আছে৷ বাসুদেৱ ছেত্ৰীৰ পৰিবৰ্তে যদি কংগ্ৰেছে মনোৰঞ্জন বৰগোহাই কিম্বা ৰুবুল গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে মুখ ঠেকেচা খোৱাতো নিশ্চিত৷ কিয়নো ভাস্কৰ শৰ্মা আৰু কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহাঁইৰ মাজত প্ৰতিদ্বন্দিতা হলে ভোটৰ পোলিং হ’বগৈ পাৰে ৮৩.৩৭ শতাংশ। বিধায়ক ভাস্কৰ শৰ্মাই লাভ কৰিব পাৰে ৩৯.০৪ শতাংশ আৰু মনোৰঞ্জন বৰগোহাঁইয়ে লাভ কৰিব পাৰে ৩১.৫০ শতাংশ ভোট। প্ৰায় চৈধ্য হেজাৰ ভোটৰ ব্যৱধানত বিধায়ক ভাস্কৰ শৰ্মা জয়ী হোৱাটো খাটাং। সেই একে ধৰণে বিজেপিৰ প্ৰাৰ্থী লক্ষ্য কোঁৱৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ মাজত যদি প্ৰতিদ্বন্দিতা হয় তেন্তে ভোট পোলিং হোৱাৰ সম্ভাৱনা আছে ৭৭.৩৯ শতাংশ৷ লক্ষ্য কোঁৱৰে ৩৪.৫৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে মনোৰঞ্জন বৰগোহাঁইয়ে ৩১.৫০ শতাংশ ভোট লাভৰ সম্ভাৱনা আছে৷ প্ৰায় ৬ হেজাৰ ভোটৰ ব্যৱধানত লক্ষ্য কোঁৱৰ জয়ী হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত জনগাঠনিৰ বিন্যাস, সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষন আৰু বিজেপি বিৰুধী ঢৌৰ ওপৰিও বহুকেইটা দিশ সাঙুৰি ক্ষেত্ৰ অধ্যয়নৰ অন্তত এই বিশ্লেষন দাঙি ধৰা হৈছে৷ কংগ্ৰেছ দলেও সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে সমস্ত পৰিক্ষা নিৰিক্ষাৰ অন্তত বাসুদেৱ ছেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷
বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ
আজি বিহালী সমষ্টিৰ অন্তর্গত কাজিৰঙা ষষ্ঠ-সংযোজনাৰ পৰা উলাই অহা বাঘে ৰাংছালী গাৱঁৰ তলতে থকা চাপৰিত চৰি থকা তিনিটা গৰু আক্ৰমণ কৰি নিধন কৰে । বিহালী সমষ্টিত এনেদৰে বিভিন্ন সময়ত গৰু নিধন কৰি দুখীয়া লোকৰ অবাধ ক্ষতি সাধন কৰি আহিছে । উল্লখ্যযে ব্ৰহ্মপুত্ৰৰ গড়া খহনীয়াই গড়া খহাই সহাই ৰাংছালী গাৱঁৰ ঘৰৰ কাষলৈকে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তভোক্ত হল যাৰ বাবে বাঘ -হাতীয়ে এই কাষৰীয়া অঞ্চলবাসীৰ বিভিন্ন পকাৰে ক্ষতি সাধন কৰি আহিছে কিন্ত ক্ষতি পুৰণ দিয়াত বিভাগীয় কৰ্তৃপক্ষই কৃপনিলী কৰি অহা দেখা গৈছে ।বিগত বৰ্ষত হাতীয়ে খেতিয়কৰ বিঘাই বিঘাই ধান খাই ক্ষতি সাধন কৰিলে খেতিয়কে আবেদন কৰি আজিও ফুটা কৰি এটাও নেপালে ।গতিকে আজি অতি দুখীয়া পৰিয়ালৰ যি তিনিটা গৰু নিধন কৰিলে অতি সোনকালে ক্ষতি পুৰণ দিবলৈ বিহালীৰ সচেতন মহলে দাবী জনাইছে । অন্যহাতে এই অঞ্চলত টাইগাৰ প্রজেক্ট থকাত মাজে মাজে বাঘ ওলাই আহি গাওঁ অঞ্চলত সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । তদুপৰি দিনত বাঘে আৰু গৰু মৰা সম্ভবনা আছে বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে । যিহেতু ৰাংছালী আদৰ্শ গাৱঁৰ কাষতে টাইগাৰ প্ৰজেক্ট ঘোষণা কৰা হৈছে বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্রহন কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে ।
শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ কিয়দাংশৰ
নাজিৰাৰ আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰক ডেকা সত্ৰীয়া অমৃত মহন্তৰ নেতৃত্বত চানেকি অনুসৰণ কৰি কাঠত খোদিত কৰি প্ৰস্ত্তত কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিলে । সপ্তগ্ৰাম আধ্যাত্মিক আৰু সাংস্কৃতিক কলাক্ষেত্ৰ সমন্বয় সমিতি আৰু মঠীয়াছিগাবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰ জিলাবাসী ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত ৩ মাৰ্চত ৰাইজৰ বাবে মুকলি কৰে শ্ৰী শ্ৰী দক্ষিণ পাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে ।

খোদিত চিত্ৰ সমূহ বৃন্দাবনী বস্ত্ৰৰ এটি অংশহে বুলি উল্লেখ কৰি ডেকা সত্ৰীয়া অমৃত মহন্তই মূল বৃন্দাবনী বস্ত্ৰভাগ প্ৰকৃততে বিদেশৰ যাদুঘৰতহে আৱদ্ধ হৈ থকাত অসমৰ মানুহে এই শিল্প কৰ্মৰ উমান পাব পৰাকৈ এখনি গুৰু আসন আৰু এখনি ফলকত উপস্থাপন কৰি তুলিছে । ৰাইজৰ মাজলৈ আগবঢ়াই দি সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে গুৰুজনাৰ অমৰ সৃষ্টি মানৱ সমাজৰ বাবে এক আধ্যাত্মিক চেতনাবোদ্ধ পৰম ঈশ্বৰ কৃষ্ণ জাগ্ৰত ধাৰাই শুদ্ধিআত্মাৰ চিৰ শান্তি কঢ়িয়াই আনে বুলি মন্তব্য কৰে । কাৰ্য্যসূচীত পুৱা ৫ বজাত প্ৰাতঃ প্ৰসঙ্গ, ৬ বজাত বন্তি প্ৰজ্বলন কৰিব শ্ৰী শ্ৰী আদ্য গজলা সৌকাজান সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গংগাধৰ মহন্তই । ধৰ্মধ্বজা উত্তোলণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । অনুষ্ঠানত শ্ৰী শ্ৰী গজলা সত্ৰৰ সত্ৰাধিকাৰ , শ্ৰী শ্ৰী দিহিং ন – মাটি সত্ৰৰ সত্ৰাধিকাৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সমবেত ভকত – বৈষ্ণৱৰ পদধূলাই নাজিৰা মঠিয়াছিগা “বৃন্দাবনী ক্ষেত্ৰ” দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে ।
বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন
আজি ৩ মাৰ্চ তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো বিশ্ব শ্ৰৱণ দিৱস পালন কৰ হয় ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সুৱনখাটাত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় ৷ দিৱস উপলক্ষে সুৱনখাটা ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত এক চিকিৎসা শিবিৰ মুকলি কৰা হয় ৷ চিকিৎসা শিবিৰটো মুকলি কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে ৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় ৮০ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে শ্ৰৱণ শক্তি হ্ৰাস পোৱা ১৪ গৰাকী লোকৰ মাজত বিনামূলীয়াকৈ শ্ৰৱণ মেচিন বিতৰণ কৰা হয় ৷ আজিৰ এই চিকিৎসা শিবিৰত জিলা এনপিপিচিডি ৰাজামোহন দাস, ডাঃ ভূৱনেশ্বৰ স্বৰ্গীয়াৰী, ডিএমই প্ৰশান্ত কুমাৰ দত্তও উপস্থিত থাকে ৷
ৰঙিয়া ত ১২, ১৩ আৰু ১৪ মাৰ্চত ১৬ সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা
অসম খো খো সন্হা ৰ১৬সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা খন উত্তৰ কামৰূপ খো খো সন্হা ৰ উদ্যোগত অহা ১২, ১৩ আৰু ১৪মাৰ্চ তাৰিখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ ত অনুষ্ঠিত কৰা হ’ব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা আৰু সাধাৰণ সম্পাদক জয়ন্ত ভট্টাচাৰ্য্য ই জানিব দিছে।খো খো সন্হা ৰ সভাপতি আব্দুল মজিদ আৰু সাধাৰণ সম্পাদক সন্জয় কুমাৰ দাসে জনোৱা মতে ১২মাৰ্চ তাৰিখে আবেলি ৫ বজাত খেলুৱৈ শিৱিৰ মুকলি কৰিব বিশিষ্ট সমাজ কৰ্মী ধনেশ্ৱৰ কলিতাই।১৩মাৰ্চ তাৰিখে ৰাতিপুৱা ৯বজাত সন্হা ৰ পতাকা উত্তোলনৰ পিছত ১০বজাত খেল উদ্বোধন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা ই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাঙসদ দিলীপ শইকীয়া আৰু,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অতিথি হিচাপে উপস্থিত থাকিব কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্তিক কে এন আৰু মহকুমাধিপতি স্ৱপ্নীল পালে।১৪মাৰ্চ তাৰিখে সন্ধিয়া ৬ বজাত বঁটা বিতৰণ অনুষ্ঠানত ভাগ ল’ব ক্ৰীড়া আৰু যুৱ কল্য়াণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি,অসম খো খো সন্হা ৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰপৰা প্ৰায় চাৰিশ ৰো অধিক সংখ্যক খেলুৱৈ অঙশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে অতিথি খেলুৱৈ সকলক আদৰিবলৈ সকলো সাজু কৰি তুলিছে।
কুসুমতোলাৰ পদ্মপুৰ নামঘৰত ভাগৱত পাঠ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট আঞ্চলিকৰ অন্তৰ্গত পদ্মপুৰ শাখাৰ উদ্যোগত কুসুমতোলাৰ পদ্মপুৰ নামঘৰ প্ৰাংগণত ভাগৱত পাঠ আৰু এখনি পৰ্যালোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে। ইয়াৰ পিছতেই পদ্মপুৰ গাঁও উন্নয়নৰ ভকতসকলে নাম-প্ৰসংগ কৰে। ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আৰম্ভণিৰ ঠিক আগে আগে ২০২০ বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা,দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ আৰু মূখ্যমন্ত্ৰী বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা অঞ্চলটোৰ কৃতি বিদ্যাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ জেষ্ঠ কাৰ্যকৰী সদস্য বীৰেণ কুমাৰ নাথে। ভাগৱত পাঠ আগবঢ়াই চতিয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নৃপেন শইকীয়াই আৰু ভাগৱত পাঠ কৰে জামুগুৰিহাটৰ বাঁহবৰীয়াৰ সংগী জিতেন ওজাই। এক ভক্তিপ্ৰাণ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে।
মাজুলীৰ গড়মূৰত ভাৰতী এয়াৰটেলৰ ষ্ট’ৰ মুকলি : উপলব্ধ হ’ব বহু সুবিধা
মাজুলী জিলা সদৰ গড়মূৰত আজি এটা অত্যাধুনিক ভাৰতী এয়াৰটেল ষ্ট’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ এই উপলক্ষে আজি পূৱা আয়োজিত এক অনুষ্ঠানত কোম্পানীটোৰ ষ্ট’ৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শিল্পী ভগৱৎ প্ৰিতম দত্তই ৷ ষ্ট’ৰৰ স্বত্বাধিকাৰী দেৱজিৎ দত্তৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমপ্ৰভা দত্ত আৰু গড়মূৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ফিটা কাটি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গড়মূৰ পীতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথ , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্ত , জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দীপক গোস্বামী , অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন দত্তই ৷ ভাৰতী এয়াৰটেলৰ ক্ষেত্ৰীয় বিক্ৰী প্ৰৱন্ধক নীতিন খাণ্ডেৱাল আৰু ক্ষেত্ৰীয় প্ৰৱন্ধক লক্ষী গগৈ উপস্থিত থাকি এই ষ্ট’ৰৰ জৰিয়তে ৰাইজৰ বাবে উপলব্ধ বিভিন্ন সেৱাৰ দ্বাৰা ৰাইজ উপকৃত হ’ব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত চিতাদাৰচুক গাওঁৰ কৃষ্টি দলে মিছিং গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ৷ এই ষ্ট’ৰৰ জৰিয়তে বিদ্যুতৰ বিলৰ লগতে এয়াৰটেল পেমেন্ট বেংকৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ৷
কোনো কাৰনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা নহয়,অসম জাতীয় পৰিষদৰ : লুৰিনজ্যোতি গগৈ
বিৰোধী শিবিৰৰ ভুমিকাক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মংগলবাৰে এখন পত্ৰ লিখি সকলো বিৰোধী দলক একত্ৰিত হবলৈ আহ্বান জনায় ৷ এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী একগোট হৈ বিজেপিক পৰভুত কৰিবলৈ বিনম্ৰতাৰে বিৰোধী পক্ষক আহ্বান জনায় কাৰৰুদ্ধ অখিল গগৈয়ে ৷ এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছকে ,চি পি আই, চিপি এম, আঞ্চলিক গনমৰ্চা , ৰাইজৰ দল, অসম জাতীয় পৰিষদ একত্ৰিত হৈ যুজিলে বিজেপিক পৰভুত কৰিব পাৰিব ৷ সেইবাবেই বিৰোধীৰ ফালৰ পৰা এজন প্ৰাৰ্থী দিবলৈ তেওঁ আহ্বান জনাই ৷ লগতে কৃষক নেতা গৰাকীয়ে পত্ৰখনত উল্লেখ কৰে যে প্ৰয়োজন সাপেক্ষে তেওঁ প্ৰতিদন্ডিতা নকৰে ৷৷ এই ক্ষেত্ৰত অসম জাতীয় পৰিষদ একমত নহয় ৷ জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো ৰাষ্ট্ৰীয় দলৰ লগত অসম জাতীয় পৰিষদ দলে মিত্ৰতা নকৰে ৷ সাম্প্ৰদায়িক দল বিজেপি আৰু এ আই ইউ ডিফৰ লগত অজাপ দল নাই ৷ ঠিক তেনেদৰে বিদেশীৰ ৰক্ষক কংগ্ৰেছ দলৰ লগতো অজাপ নাই বুলি লুৰিন জ্যোতি গগৈয়ে উল্লেখ কৰে ৷কোনো কাৰনত কংগ্ৰেছ দলৰ লগত অজাপ দলে মিত্ৰতা নকৰে বুলি স্পষ্ট ভাবে লুৰিন জ্যোতি গগৈয়ে উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে অহা তিনিদিনৰ ভিতৰত প্ৰথম প্ৰৰ্যায়ত হ’বলগা নিৰ্বাচনৰ বাবে ৪৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ঘোষনা কৰিব ৷৷
কাৰাগাৰৰ পৰাই মুকলি চিঠি অখিল গগৈৰ
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এক বিস্ফোৰণ ঘটাইছে। বিৰোধী মহাজোঁটত ৰাইজৰ দলে অংশ গ্ৰহণ কৰিবনে নকৰে সেই লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক পত্ৰ যোগে কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি সদৰি কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । গুৱাহাটীস্থ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন চিঠি পাঠ কৰি এই কথা সদৰি কৰে।পত্ৰখনত বিজেপি আৰু এ আই ইউ ডি এফ একেই সাম্প্ৰদায়িক বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতহে অক্ষুন্ন থাকিব’।ইপিনে, উক্ত সংবাদমেলতে এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন মিত্ৰতা আছে বুলিও পত্ৰ যোগে দাবী কৰে অখিল গগৈয়ে।পত্ৰখনত অখিল গগৈয়ে লগতে কয় ‘ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয় তথা এয়া ঐতিহাসিক ভুল সিদ্ধান্ত ‘।আনহাতে, প্ৰয়োজন হ’লে অখিল গগৈয়ে নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি লগতে কয়, ‘বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যৱদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল’ব পৰা নাই’। তদুপৰি অখিল গগৈয়ে জনবিৰোধী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে। তেওঁ কয় – বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয়। বিৰোধী দল মানে মই কংগ্ৰেছ, চিপিআই, চিপিআই(এম), অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা আৰু ৰাইজৰ দলক বুজাইছো। এআইয়ুডিএফৰ নাম মই ইয়াৰ পৰা সচেতন ভাবেই বাদ দিছো। অখিল গগৈয়ে পত্ৰত উল্লেখ কৰি কয় – এআইয়ুডিএফৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে এআইয়ুডিএফক শক্তিশালী কৰে।‘ এনে অৱস্থাত সেয়েহে সংখ্যালঘু ৰাইজেও এই কথা উপলব্ধি কৰি এআইয়ুডিএফক বিদায় দিবলৈ সাজু হৈছিল। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে।‘










