অনলাইন বাৰ্তা, ১৯ ডিচেম্বৰ :পুণৰ বহি ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ হোজাইৰ ডবকাত চাঞ্চল্যক সৃষ্টি কৰিছে । মুম্বাইত মৃত্যু হৈছে হোজাই জিলাৰ ডবকাৰ পূৱ বুগুৰি গাঁৱৰ এজন যুৱকৰ। ইনজামূল হ’ক নামৰ ১৮ বছৰীয়া যুৱকজনে ছয় মাহ পূর্বে মুম্বাইৰ সঞ্জয় হোটেলত কর্মত নিয়োজিত হৈছিল। যোৱা নিশা যুৱকজনৰ বিদ্যুৎ স্পর্শ হৈ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকলৈ খবৰ আহে। লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। যুৱকজনৰ মৃতদেহ মুম্বাইৰ পৰা অসমত আনিবলৈ বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটো।আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই যুৱক জনৰ কভিড-১৯ পজিটিভ ধৰা পৰাৰ কথা অৱগত চিন্তিত হৈ পৰিছে। উল্লেখ যে, বর্তমান মুম্বাইৰ ৱর্লিত শতাব্দী হাস্পতালত আছে যুৱকজনৰ মৃতদেহ।ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালবর্গই।
বদৌচা কাপৰ ফিল’বাৰীত অনুষ্ঠিত হোৱা খেল অমীমাংসীত
ডিৰাক সীমান্ত, ১৯ ডিচেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণমূলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খেল অনুষ্ঠিত হয় ফিল’বাৰী হাইস্কুলৰ খেলপথাৰত। খেল অনুষ্ঠিত হোৱা আগমুহূৰ্তত বদৌচা স্পৰ্টছ ক্লাৱৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া ক্ৰীড়া সন্থাৰ উপ-সভাপতি কেশৱ বৰাই আৰু ফিল’বাৰী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি কুলেশ্বৰ ফুকনে । খেল উদ্বোধন কৰে ফিল’বাৰী চাহ বাগিচাৰ পৰিচালন সঞ্চালক ভজন পাল সিঙে। আজি বদৌচা কাপৰ গ্ৰুপৰ এফৰ খেল অনুষ্ঠিত হয় ফিল’বাৰী এফ চি বনাম টঙনা এফ চিৰ মাজত। বদৌচা কাপৰ গ্ৰুপৰ এফৰ আজি খেল ফিল’বাৰী এফ চি আৰু টঙনা এফ চি মাজত হোৱা খেলত গ’ল শূন্যভাৱে সমাপ্ত হোৱাত দুয়োটা দলে পইণ্ট ভগাই লয়। আজিৰ খেল পৰিচালনা কৰে পদ্ম চাউৰক, সহযোগী মৃদুল বৰপাত্ৰ গোহাঁই আৰু নয়ন চাউৰক, চতুৰ্থ ৰেফাৰী ৰাতুল মৰাণ। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে ফিল’বাৰী এফ চি দলৰ পাৰ্থ শইকীয়াই। আজিৰ উদ্বোধনী খেলত অতিথি উপস্থিত থাকে ফিল’বাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি নেওগ, ফিল’বাৰী থানাৰ প্ৰভাৰী পুহেশ্বৰ দাস, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।
তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : মৰিগাঁওৰ অন্তিম ফলাফল
আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱ জিলাৰ অন্তিম ফলাফলত আটাইকেইটা সমষ্টিতে বিজেপি দলে জয়লাভ কৰিছে ।
আনহাতে মৰিগাঁও জিলাৰ ভোটগননাৰ ফলাফল ঘোষণা কৰা হৈছে । শেহতীয়া ফলাফল অনুসৰি :-
১ নং জামাদাৰি সমষ্টিত জয়ী বিজেপিৰ দুলাল ব্ৰহ্ম
২ নং বৰঙনি সমষ্টিত জয়ী বিজেপিৰ অংকুৰ দেউৰী
৩ নং ভূৰবন্ধা সমষ্টিত জয়ী বিজেপিৰ বিনয় কোঁৱৰ
৪ নং কোঁৱৰগাঁও সমষ্টিত জয়ী বিজেপিৰ জীৱন চন্দ্ৰ কোঁৱৰ
৫ নং ঢেকীফলা সমষ্টিত জয়ী বিজেপিৰ বিনাপানী বৰদলৈ
৬ নং মানিপুৰ সমষ্টিত জয়ী বিজেপিৰ আইমনি পাতৰ
৮ নং ঘগুৱা সমষ্টিত জয়ী বিজেপিৰ মিহিৰাম বৰদলৈ
৯ নং দমাল সমষ্টিত জয়ী বিজেপিৰ পৱন মান্তা
১০ নং তেতেলীয়া সমষ্টিত জয়ী বিজেপিৰ খগেন চন্দ্ৰ বৰদলৈ
১১ নং জোনবিল সমষ্টিত জয়ী বিজেপিৰ বিনিতা দৈমাৰী
১২ নং ন-খোলা সমষ্টিত জয়ী বিজেপিৰ তুলসী বৰদলৈ
১৩ নং নেলী খলা সমষ্টিত জয়ী বিজেপিৰ জীৱন কোঁৱৰ
১৫ নং বিহুবড়ী সমষ্টিত জয়ী বিজেপিৰ পিতাম্বৰ বৰদলৈ
১৬ নং শ’লমাৰী সমষ্টিত জয়ী বিজেপিৰ নয়নমনি দেউৰী
১৭ নং ভোমোৰাগুৰী সমষ্টিত জয়ী বিজেপিৰ দেৱকান্ত বৰদলৈ
১৮ নং চাৰিপুনীয়া চাবুক ধৰা সমষ্টিত জয়ী বিজেপিৰ মদন দেউৰী
১৯ নং বৰচিলা সমষ্টিত জয়ী অগপৰ চম্পেশ্বৰ বৰদলৈ
৭ নং গড়মাৰী সমষ্টিত জয়ী এজিপিৰ ৰুনামনি বড়ো দাস
জামুগুৰিহাটত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম : শ্ৰদ্ধাঞ্জলি জনালে দল-সংগঠনৰ প্ৰতিনিধিয়ে
জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা “শান্তি সদ্ভাৱনা যাত্ৰা” আজি পুৱা জামুগুৰিহাটত উপস্থিত হয়৷সেই উপলক্ষে জামুগুৰিহাটৰ ৰাজ্যিক পৰিবহণ বাছ আস্থানৰ কাষতেই এখনি স্মৃতিচাৰণ সভা আৰু খোল,তাল,নাগাৰা, নাম,কীৰ্তনসহ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়।প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত আৰু পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত পৰিচালিত হোৱা এই শান্তি সদ্ভাৱনা যাত্ৰা জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে কংগ্ৰেছ দলৰ সদস্যসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তথা জননেতা গৰাকীৰ প্ৰতি একাঁজলি শ্ৰদ্ধা নিবেদন কৰে।অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰি পিতৃক স্মৰণ কৰি কয় ‘দেউতাই কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলত থাকিলেও নিজৰ প্ৰাণটো সদায় জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট কৰি ৰাখিছিল।সেয়েহে তেওঁ অসম আৰু অসমীয়াৰ হকে সদায় অন্ত:কৰণৰে কাম কৰি গৈছিল আৰু অসমৰ ৰাইজেও অভিলেখ সংখ্যক তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছিল।দেউতাৰ মৃত্যুৰ পিছত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ জনগণে দেখুওৱা মৰমত তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ ৰাইজে তৰুণ গগৈক সদায় বিপদৰ বন্ধু হিচাপে মনত ৰাখিব বুলিও উল্লেখ কৰে।উত্তৰ অসমৰ সমন্বয়কৰ দায়িত্বত থকা যুৱনেতা দাদুল বৰকাকতীয়ে আঁত ধৰা প্ৰায় এক ঘন্টাৰো অধিক সময় ধৰি জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত এপিচিচিৰ কেবাগৰাকীও বিষয়ববীয়া,সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী,নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গীতালি ভট্টৰায়কে ধৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলো উপস্থিত আছিল।
তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : নগাঁৱৰ অন্তিম ফলাফল
আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱৰ অন্তিম ফলাফলত অপ্ৰতিৰোধ্য ৰূপত বিজেপি ।
23 নং জৰাবাৰী সমষ্টি বিজেপিৰ গীতামণি কলিতা ভূঞা জয়ী।
21 নং টোপাকুছী সমষ্টিত বিজেপিৰ সুৰুজ কোঁৱৰ জয়ী।
25 নং চহৰী সমষ্টিত বিজেপিৰ মোহন সেনাপতি জয়ী।
30 নং নামবৰ লালুংগাওঁ সমষ্টিত বিজেপিৰ ইন্দ্ৰ বৰদলৈ জয়ী।
31 নং লালুংপাৰ সমষ্টিত বিজেপিৰ মদন বৰদলৈ জয়ী।
24 নং জোঙালবলহু সমষ্টিত বিজেপিৰ প্ৰনবজ্যোতি মছৰঙ জয়ী।
28 নং লাটুমাৰী সমষ্টিত বিজেপিৰ বিতু বৰদলৈ জয়ী।
29 নং কমাৰগাও সমষ্টিত বিজেপিৰ অজিত পাটৰ জয়ী।
20 নং বাৰেপূজীয়া সমষ্টিত বিজেপিৰ কমল বৰদলৈ জয়ী।
22 নং পুখুৰী পাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰ জয়ী।
ডিব্ৰুগড় জিলাত এন পি এছ কৰ্মচাৰী সন্থাৰ ব্যাপক সজাগতা : তেজপুৰত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, জানুৱাৰীত ৰাজ্যিক অভিবৰ্তন
মদাৰখাত, ১৯ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ডিব্ৰুগড়ত ব্যাপক ৰূপত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ব্যাপক হাৰত সজাগতা সৃষ্টা কৰা পৰিলক্ষিত হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিক কৰ্মচাৰীসকলৰ কল্যানাৰ্থে নহয় বুলি সন্থাই অভিহিত কৰি পুনৰ পুৰণি পেঞ্চন নীতিৰ আধাৰত সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত ডিব্ৰুগড়ৰ নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ত এখন সজাগতা সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পল্লৱ শইকীয়াই। জিলা সম্পাদক মনোজ মহনে এন পি এছৰ সন্দৰ্ভত তেখেতৰ অভিজ্ঞতা ব্যক্ত কৰে। ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে সাংগঠনিক ভেঁটিৰ লগতে এন পি এছৰ সলনি এক সুৰক্ষিত ব্যৱস্থালৈ অনাৰ বাবেহে সংগঠনে মাত মাতি আহিছে আৰু আহিব বুলি অৱগত কৰে। চৰকাৰে পেঞ্চন ব্যৱস্থাৰ সুবিধা পুনৰ বাহাল ৰাখিবলৈ আহ্বান জনায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে সমল ব্যক্তি ৰূপে উপস্থিত থাকি নতুন পেঞ্চন নীতিৰ সমূহ তথ্য বিতংকৈ বিশ্লেষণ কৰি ইয়াৰ ভয়াবহতাৰ সম্পৰ্কত আলোকপাত কৰে। পশ্চিমবংগত আজিও পুৰণি পেঞ্চন নীতি বাহাল থকাৰ কথাটোৱে ই ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথাটো নিহিত হৈ আছে। ভৱিষ্যতত নতুন পেঞ্চন নীতিৰে যি হ’ব তাৰে অৱসৰকালীন সময়ত কিন্তু ভীষণ অসুবিধাই দেখা দিয়াৰ কথা উল্লেখ কৰে নতুন পেঞ্চন নীতিত যি পৰিমাণৰ মাহিলী ধন পাব সেয়া নিৰ্দ্ধাৰিত আৰু একেবাৰে কম। পুৰণি পেঞ্চন আৰু নতুন পেঞ্চন নীতিৰ তুলনামূলক আলোচনা আগবঢ়াই গগৈয়ে চৰকাৰক কৰ্মচাৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাত মত পোষণ কৰে। সম্প্ৰতি কিন্তু বিধায়ক, সাংসদ এবাৰ নিৰ্বাচিত হ’লেই পুৰণি পেঞ্চনৰ অধীনত সুবিধা গ্ৰহণ কৰি আহিছে। সেয়েহে সকলো কৰ্মচাৰীকো ইয়াৰ আওতালৈ অনাৰ পোষকতা সকলো কৰ্মচাৰীয়ে কৰিছে। ডিব্ৰুগড় জিলাৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে এজন কৰ্মচাৰীয়ে এন পি এছৰ অধীনত কেনেধৰণৰ সা সুবিধা লাভ কৰিব তাক বিতংকৈ অৱগত কৰায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে জিলা সমিতিয়ে পুৰণি পেঞ্চনৰ লগতে গ্ৰেচুইটি আদিৰে এখন দাবী চনদ প্ৰস্তুত কৰি চৰকাৰ আৰু জনপ্ৰতিনিধিক প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। উপস্থিত ৰাইজৰ হৈ ৰঞ্জিত কলিতাই বক্তব্য আগবঢ়ায়।নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ৰ উপাধ্যক্ষা মানসী গগৈ বৰগোঁহাই উপস্থিত থাকে। সভাতেই সীতাৰাম ছেত্ৰীক সভাপতি, ভদ্ৰেশ্বৰ বৰুৱাক উপ সভাপতিক, দীপশিখা শইকীয়াক সম্পাদক, গুঞ্জণ কুমাৰ চাংমাইক সহ সম্পাদক হিচাপে বৰবৰুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।
অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা বিজেপিলৈ যোৱাটো নিচ্ছিত কৰিলে কংগ্ৰেছ দলে
সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ গোলাঘাটৰ ঘৰত উপস্হিত ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া । ৰ’জলীনা তিৰ্কীৰ ঘৰত হৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যঃ অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা যাব বিজেপিলৈ । এই কথা কোনো বিৰুধী দলৰ মন্তব্য নহয় । এই কথা স্পষ্ট কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক পত্ৰযোগে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিবলৈ দি ৰূপজ্যোতি কুৰ্মীয়ে কয় “নতুন বছৰত কংগ্ৰেছ দল নতুন ৰূপত উদ্ভাসিত হোৱাতো বিচাৰো। APCC ৰ সভাপতি কোন হয় নাজানো। ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া, ৰ’জলীনা তিৰ্কী এজনো নাযায় BJP লৈ। অজন্তা নেওগৰ পাছত লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা যাব। আৰু কোনো নাযায়” ।
ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে, “২১ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি প্ৰথমে কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি কৰি বিজেপি লৈ যোৱা সকলক ৫ দিনৰ ভিতৰত জেললৈ পঠাব।”
অজন্তা নেওগে কংগ্ৰেছৰ দিনত হোটেল ল’লে, জীম খুলিলে, হেঙেৰাবাৰীত মাটি ল’লে, GMCH ৰ ওচৰত মাটি ল’লে, ফ্লেট কিনিলে, টকা পইছা কৰিলে। বহু দুৰ্নীতি কৰিলে। আৰু বিজেপিয়ে দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপি গমণ অজন্তা নেওগৰ – ৰূপজ্যোতি কুৰ্মী ।
ৰূপজ্যোতি কুৰ্মীয়ে কয়, “কংগ্ৰেছ দল আমাৰ মা । মাৰ এতিয়া অসুখ হৈছে । এনে অৱস্থাত নিৰ্লজ, চৰিত্ৰহীন সকলেহে মাকক এৰি যায় । অজন্তাক বেয়াকৈ গালি ৰূপজ্যোতিৰ।”
বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ
চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও ইতিমধ্যেই কংগ্ৰেছৰ পৰা অপসাৰণ কৰা হৈছে অজন্তা নেওগক।
গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বৃহস্পতিবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপনে বৈঠকত বহাৰ খবৰ সদৰি হোৱাৰ পিছতে আজি শুকুৰবাৰে এই পদক্ষেপ গ্ৰহণ কৰে কংগ্ৰেছে।
আনহাতে আন কেইবাজনো কংগ্ৰেছৰ অন্য বাঘা বাঘা শীৰ্ষ নেতা বিজেপিলৈ যাব বুলি চৰ্চা চলি আছে ।
বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !
গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷
সংবাদমেল খনত সোনেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান, সমুদ্ৰজিৎ গোঁহাই, প্ৰণৱ দলে, আৰু ধ্ৰুৱজ্যোতি সাহাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বিশিষ্ট সমাজকৰ্মীকেইগৰাকীৰ অভিযোগ “কনডেনচেট ব্যৱহাৰৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোক লুকুৱাই অইলে অবৈধভাৱে চলোৱা খননৰ বাবেই ভয়াবহ বাঘজান কাণ্ড সংঘটিত হৈছিল ।
উল্লেখ্য যে বাঘজান কাণ্ড সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অইল ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিছিল বোকাখাতৰ সোণেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান আৰু সমুদ্ৰজিৎ গোঁহায়ে ৷
দোষী অইলৰ বিষয়াক হাতকেৰীয়া লগাই ৰাইজৰ আদালতত বিচাৰৰ বাবে হাজিৰ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক সংবাদমেলৰ যোগেদি আহ্বান জনায়৷ অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ বিস্ফোৰণ আৰু তাৰ ফলস্বৰূপে ৮ জুনত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলত (ইষ্টাৰ্ণ জন বেঞ্চ) ২৭ জুনত এক গোচৰ ৰুজু কৰে।
সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে ইতিমধ্যে ন্যায়ালয়ে প্ৰকাশ কৰিছে যে বাঘজানৰ খাদ কোনো সাধাৰণ গেছ খাদ নহয়, বৰঞ্চ ই গেছ কনডেনচেট খাদ। কৰ্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আগতেই বিশেষভাৱে ইয়াৰ যত্ন আৰু সাৱধানতা লোৱাটো নিশ্চিত কৰিব লাগিছিল।
এতিয়াও শেষ হোৱা নাই হোটেল ৰাজনীতি : এইবাৰ হোটেল তাজত হাগ্ৰামা সৈতে হিমন্তৰ বৈঠক
বিটিচিৰ আচল কিংমেকাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা নে হাগ্ৰামা মহিলাৰী ? কালি নিশা হোটেল তাজত গোপন বৈঠকত মিলিত হল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচিত চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰাৰ পিছতো হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হবলৈ বাধ্য হল হিমন্ত বিশ্ব শৰ্মা ।
আনহাতে, ন্যায়ালয়ৰ ফালৰ পৰা প্ৰমোদ বড়োৰ পৰিষদলৈ আহিছে প্ৰত্যাহ্বান। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ নৱ নিৰ্বাচিত পৰিষদক কাম-কাজত স্থিতাৱস্থা ঘোষণা কৰিছিল । এই হোটেল ৰাজনীতিৰ ইয়ো এক মুখ্য কাৰন বুলি ধাৰনা কৰা হৈছে ।
এই গোপন বৈঠকৰ প্ৰকৃত উদ্দেশ্য কি সময়েতহে জানিব পৰা হব ।











