Home Blog Page 3098

তিনিচুকীয়াৰ ৰাজপথত ভিজিলেঞ্চ গোটৰ অভিযানত জব্দ নগদ ১০ লাখ টকা

ৰাজ্যত নিৰ্বাচনী আচৰন বিধি বলবৎ হোৱাৰ লগে লগে ব্যাপকৰূপে তৎপৰ হৈ পৰিছে প্ৰশাসন৷ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলৰ ওপৰিও আইন শৃংখলা জনিত বিভিন্ন ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিয়ম বান্ধি দিছে৷ আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলসমূহক এক নিদিষ্ট পৰিমানৰ ধন খৰচৰ সীমা নিৰ্ধাৰন কৰি দিয়াৰ লগতে নিৰ্বাচনত নগদ ধনৰ পয়োভৰ ৰোধ কৰাৰ বাবে নগদ ৫০ হেজাৰৰো অধিক ধন লৈ চলা ফুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ মাজতে তিনিচুকীয়াত  বৃহস্পতি বাৰে ভিজিলেঞ্চ গোটে অভিযান চলাই ৰাজপথৰ পৰা এজন ব্যক্তিৰ হাতৰ পৰা ১০ লাখকৈ টকা জব্দ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জানিব পৰা মতে, জিলাখনৰ মাকুমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভিজিলেঞ্চ গোটে তালাচী চলাই থকাৰ সময়তে এখন বিলাসী বাহনত অহা এজন ব্যক্তিৰ পৰা ১০ লাখ ৫০ হেজাৰ টকা জব্দ কৰে ভিজিলেঞ্চ গোটে৷ জব্দকৃত টকাখিনি শদিয়াৰ ৰাজকুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে৷ এ এছ ২৩ ভি ১৮৩১ নম্বৰৰ সেউজীয়া বৰনৰ মাৰুতি বেলেনো গাড়ীত অহা ৰাজকুমাৰ গুপ্তাৰ পৰা উক্ত ধনৰাশি ভিজিলেঞ্চ গোটে জব্দ কৰে৷ তিনিচুকীয়াৰ মহকুমাধিপতি সঞ্জীৱ ফুকনৰ উপস্থিতিত আয়কৰ বিভাগে উক্ত ধনৰাশি জব্দ কৰে৷ এই সন্দৰ্ভত মহকুমাধিপতি সঞ্জীৱ ফুকনে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী আচৰনবিধি বলবৎ হৈ থকাৰ হেতুকে ভিজিলেঞ্চ গোটে আজি এই ধনৰাশি জব্দ কৰি কোষাগাৰলৈ প্ৰেৰন কৰিছে৷ পৰবৰ্তী সময়ত ধনৰ গৰাকীয়ে আপীল কৰিব পাৰিব আৰু যদিহে তেও গ্ৰহনযোগ্য তথ্য প্ৰমান দাখিল কৰিব পাৰে তেনেহলে তেও এই ধন উভতাই পাব৷ ইফালে ৰাজকুমাৰ গুপ্তাই জানিবলৈ দিয়া মতে, শদিয়াত তেওৰ গ্ৰোচাৰী দোকান আছে, দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰিবৰ বাবে তেও এইদৰে নগদ ধন লৈ তিনিচুকীয়ালৈ ওলাইছিল৷ নিৰ্বাচনী আচৰন বিধিৰ কথা তেও নজনাৰ বাবেই এই ঘটনা সংঘটিত হয়৷

চাবুৱাৰ চুঙিচুকত পৰম্পৰাগত ফাগুনৰ উচ্চ কীৰ্তন সম্পন্ন

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ মায়ামৰা মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰাগত ভাৱে পালন কৰি অহা অনুষ্ঠান ফাগুনৰ উচ্চ কীৰ্তন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো  মটক বসতি প্ৰধান বিভিন্ন গাঁও সমূহত নিজা নিজা নামঘৰত ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে । চাবুৱাৰ নিকটৱৰ্তী চুঙিচুক গাঁৱৰ নামঘৰত বুধবাৰে দিবা -নৈশ বেলা এই অনুষ্ঠান সম্পন্ন হয়। সমাজৰ পৰা অপায়-অমংগল দূৰ কৰি  সমাজত শান্তি স্থাপনৰ কামনা অৰ্থে হোৱা উক্ত ধৰ্মীয় অনুষ্ঠানত মায়ামৰা ধৰ্মৰ আদ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিৰচিত ধৰ্মগ্ৰন্থ “ভক্তি মংগল ঘোষা” পাঠৰ পাছতে গায়ন-বায়ন পৰিৱেশন হয়। ভক্তপ্ৰাণ ৰাইজৰ মাজত মাহ-প্ৰসাদ বিতৰণৰ লগতে নিশালৈ এক ভোজৰ মহা আয়োজন চলে।  

ৰঙিয়াত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

বৃহস্পতি বাৰে পুৱতিনিশা ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ । প্ৰত্যক্ষদৰ্শীয়ে এইটো এটা পৰিকল্পিত হত্যকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ৰঙিয়াৰ নিকটৱৰ্তী আৰিমত্ত নগৰত থকা এখন পথাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা ।ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ । মৃত লোকজনৰ নাম বলৰাম দাস বুলি জানিব পৰা গৈছে । ৰঙিয়াৰ ৭ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে পৰিয়ালৰ সৈতে আছিল বলৰাম দাস নামৰ লোকজন । লোকজনৰ টৰ্চ, চেন্দেল, গামোচা ইত্যাদী ঘটনাস্থলীৰ কাষত পৰি ৰৈছে । দৰিদ্ৰ লোকজনে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি এনেদৰে গছত ওলোমাই থৈ গৈছে সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই ।স্থানীয় ৰাইজে অভিযোগ কৰামতে আৰক্ষীক খবৰ দিয়াৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক । এই ঘটনাই অঞ্চলযুঁৰি ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আজিৰে পৰা “শব্দ-পোহৰ বিহীন” প্ৰাকৃতিক পৰিবেশত “ৰ’দঘাই বেবেজীয়া” ৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ নাট মহোৎসৱ

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প “Nature – Lore” ৰ আৰ্হিত অসমত প্ৰয়াত “বাদুংদ্যুপ্পা” ৰ জৰিয়তে  বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক তথা সাংস্কৃতিক সংগঠক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰম ধাৰা ৷ গোৱালপাৰা জিলাৰ অগিয়া ৰামপুৰ গাঁৱত তেওঁ “আণ্ডাৰ দা ছাল ট্ৰি” শীৰ্ষক নাট্য মহোৎসৱৰ অনুষ্ঠিত কৰি ৰাজ্যৰ সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱাই নহয়, সম্পূৰ্ণ এক মনোৰম প্ৰাকৃতিক পৰিবেশত নাট পৰিবেশন কৰি ব্যতিক্ৰমী নাট্য আন্দোলনৰ সূচনা কৰিছিল । নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই অসমত জন্ম দি থৈ যোৱা সেই ব্যতিক্ৰমী আৰু বিশ্ব বিৰল নাট্যধাৰৰ অনুকৰণত নগাঁও জিলাৰ বেবেজীয়াৰ মুকলি পথাৰৰ ভৰপূৰ এক প্ৰাকৃতিক পৰিবেশত শব্দ আৰু পোহৰ বিহীন ভাৱে আজিৰে পৰা দুদিনীয়াকৈ  অনুষ্ঠিত হব দ্বিতীয় বাৰ্ষিক ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ ৷তদুপলক্ষে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ যান্ত্ৰিকতাৰ পৰা আতৰি  ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় দুশমিটাৰ নিলগৰ মুকলি আকাশৰ তলত পথাৰৰ এক সম্পূৰ্ণ মনোৰম প্ৰাকৃতিক পৰিবেশৰ মাজত শব্দ আৰু পোহৰ বিহীন পূৰ্ণাংগ নাট মহোৎসৱটি দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ “ৰ’দঘাই বেবেজীয়া” ৰ মুকলি পথাৰত আজি আৰু কাইলৈ এই দুয়োটা দিনতে নাট্যপ্ৰেমী দৰ্শক ৰাইজ লোকাৰণ্য হৈ পৰাৰ আশা প্ৰকাশ কৰি ৰ’দঘাই বেবেজীয়াৰ নাট্য মহোৎসৱৰ সভাপতি তথা বিশিষ্ট অভিনেতা, ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত শিল্পী, বিশিষ্ট নাট পৰিচালক প্ৰদীপ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰঞ্জন হাজৰিকাই জানিব দিয়া অনুসৰি ৬ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা ৰবিজিতা গগৈৰ পৰিচালনাত জিৰছং থিয়েটাৰ গুৱাহাটীৰ নিবেদন “বান্টি আৰু বাবলি”,পৰিচালক গগন চৌধুৰীৰ ৰংগমঞ্চ নগাঁৱৰ নিবেদন “যন্ত্ৰণা”,পৰিচালক দিপক বৰাৰ অবিনশ্বৰ গোষ্ঠীৰ নিবেদন বুদ্ধুৰাম মঞ্চস্থ হব ৷ ঠিক সেইদৰে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ৭ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা পৰিচালক মৃনাল কুমাৰ বৰা ৰংগালয় পুৰনিগুদামৰ নিবেদন “বহুৱা-the clown”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অৰিহণা নাট্য গোষ্ঠীৰ নিবেদন “ডাইনিং টেবুল”,পৰিচালক বিশ্বজিত বৰঠাকুৰৰ শতাব্দী নগাঁৱৰ নিবেদন “ক্ষত-বিক্ষত সময়”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নিবেদন নগাঁৱৰ “এজন ডাক্তৰ আৰু এজাক কুকুৰ” চাৰিখনকৈ নাট মঞ্চস্থ হব ৷ দুয়োদিনৰ এই নাট মহোৎসৱত সকলো নাট্য প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি একান্ত ভাৱে কামনা কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ সমিতিয়ে ৷

নাজিৰাত শাসকীয় দলৰ নিৰ্বাচনী বিধি উলংঘা : গান্ধাৰীৰ ভূমিকাত কৰ্তৃপক্ষ

বিধান সভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচনী বিভাগ তথা প্ৰশাসনে ৰাজহুৱা প্ৰতিষ্ঠান সমূহত লাগি থকা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ – পোষ্টাৰ আদি আতৰাই দিয়া পৰিলক্ষিত হয় যদিও নাজিৰাত ইয়াৰ ব্যতিক্ৰম ঘটিছে । কৰ্তৃপক্ষই কোনো কোনো স্থানৰ পৰা ৰাজনৈতিক দলৰ বেনাৰ – পোষ্টাৰ আতৰাই থকাৰ মাজতে শাসকীয় দলে নাজিৰা নগৰৰ বিভিন্ন ৰাজহুৱা স্থানত ফটো সহ দেৱাল লিখন অব্যাহত ৰখা কাৰ্য এক ৰহস্যৰ সৃষ্টি কৰিছে আৰু সচেতন মহলে এই কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আনহাতে শাসকীয় দলে নাজিৰাত নিৰ্বাচনী বিধি উলংঘা কৰি এনেদৰে দেৱাল লিখন অব্যাহত ৰখাৰ পিছতো নাজিৰা জিলা নিৰ্বাচনী বিভাগ তথা প্ৰশাসন কৰ্তৃপক্ষই এই ক্ষেত্ৰত গান্ধাৰীৰ ভূমিকা গ্ৰহণ কৰা বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে । 

ছিমপ্লেক্স কোম্পানীয়ে চলাইছে দুৰ্নীতি

চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণৰ নামত জামুগুৰিহাটত ছিমপ্লেক্স নামৰ বহি:ৰাজ্যৰ কোম্পানীটোয়ে চলাইছে অনিয়ম দুৰ্নীতি।জামুগুৰিহাটৰ চকীঘাটৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱালৈ প্ৰায় ৫কিলোমিটাৰ দৈঘ্যৰ পথটোৱা নিৰ্মাণৰ ক্ষেত্ৰত বালি মাটি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰী নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্বাচনৰ ক্ষেত্ৰত কাঠমাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীটোৱে পথ নিৰ্মাণৰ বেলিকা জীয়া ভৰলীৰ বালি মাটি ব্যৱহাৰ কৰিছে।পূৰ্বৰ পৰাই স্থানীয় ৰাইজে এই ক্ষেত্ৰত অভিযোগ কৰি আহিছে যদিও ৰাইজৰ কথাক কোনো ধৰণৰ গুৰুত্বই নিদি বহি:ৰাজ্যৰ কোম্পানীটোৱে এইদৰেই বালিমাটি পথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে। ইফালে জীয়া ভৰলী নদী  খান্দি  চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণ কৰাক লৈ  স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পূব মাজুলীৰ বনগাওঁ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

দ্বীপ জিলা মাজুলীৰ বনগাঁও চাৰিআলিস্হিত ঔষধৰ দোকান , হোটেলকে আদি কৰি কেইবাখনো দোকানত আজি ভয়ংকৰ এক অগ্নিকাণ্ড সংঘটিত হয় ।এই ভয়ংকৰ অগ্নিকাণ্ডত বহু লক্ষধিক টকাৰ সা-সম্পত্তি জাহ গৈছে বুলি জানিৱ পৰা গৈছে । অৱশ্যে কিছু পলমকৈ হ’লেও অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰাতাত জুই নিৰ্বাপন হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্হানীয় ৰাইজে ।

নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ ছয় দিনীয়া প্ৰশিক্ষণ শিবৰৰ আয়োজন কৰিছে। তাৰে প্ৰথমখন শিৱিৰ যোৱা ২ মাৰ্চত বটদ্ৰবাৰ ধনীয়াভেটিত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ  বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰশিক্ষণ শিৱিৰত উপস্থিত বিশিষ্ট ব্যক্তি সকলে কয় যে – মহিলাসকল যেতিয়া শিক্ষিত হয় তেতিয়া সকলো সমস্যা সমূহ দূৰ হয়। মহিলাসকল অৰ্থনৈতিক আৰু সামাজিক ভাবে অৱহেলিত হলে এখন সমাজ উন্নয়ন নহয় বুলি তেওঁলোকে মন্তব্য কৰে। সভাত গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজ উদ্দিন আহমেদে বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কভিড-১৯ত লবলগীয়া সজাগতা, প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ সম্পৰ্কে পুংখানুপুংখ ভাবে আলোচনা দাঙি ধৰে।উল্লেখ্য , যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰ মুঠ ৭ টা স্থানত অনুষ্ঠিত হ’ব।  প্ৰশিক্ষণ শিৱিৰৰ স্থান কেইটা ক্ৰমে- ধনীয়াভেটি, চিলঙনি কটনিগাওঁ(পানীখাইটি), ডাকৰঘাট, পানীগাওঁ, জাজৰি আৰু মৰিকলং।

প্ৰাপ্য বিছাৰি টীয়কত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্বাচিত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ

সুষ্ট পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰবৰ্তনৰ বাবে নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধি সকলক  বিশেষকৈ বাৰ্ড সদস্য সদস্যা সকলক প্ৰাপ্য মজুৰী প্ৰদান, পেঞ্চনৰ ব্যৱস্থা গ্ৰহন, বিভিন্ন চৰকাৰী আঁচনিত হিতাধীকাৰি হিচাপে অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰা, দৰমহা আয়োগ গঠন কৰি দৰমহা ২০,০০০ (বিশ হাজাৰ) কৰা আদি বিভিন্ন দাৱী লৈ আজি টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মূখত এক  প্ৰতিবাদ সব্যস্ত কৰে পঞ্চায়তৰ বাৰ্ড সদস্য সদস্যা সকলে আৰু খণ্ড উন্নয়ন বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে সোনকালে চৰকাৰক বঞ্চিত বেটন দিবলৈ আহ্বান জনায় ।

আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?

আৰ্কষণীয় হব চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁ।মুলত সমষ্টিটোত এইবাৰ শাসকীয় বিজেপি দলৰ সমান্তৰাল ভাবে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰ দলৰ মাজতে যুজঁ অব্যাহত থাকিব।উল্লেখযোগ্য যে সমষ্টিটোৰ ১৩৬০৬৯ জন ভোটাৰে নিৰ্ণয় কৰিব ৰাজনৈতিক নেতাৰ ভাগ্য।আমাৰ হাতত পৰা তথ্য অনুসৰি সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ টাই আহোম যুৱ পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে প্ৰাৰ্থীত্ব দাবী কৰাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদ্য পদত্যাগ কৰা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মাণিক গগৈও টিকট দাবীদাৰ ৰূপে আত্মপ্ৰকাশ কৰাত সম্প্ৰতি একমাত্ৰ বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা স্হাপন কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কোন জন নেতাক টিকট প্ৰদান কৰিব তাক লৈ দুয়োটা দল একপ্ৰকাৰ বিপাঙত পৰাৰ পৰিলক্ষিত হৈছে।লোহিত গগৈৰ অনুগতই ৰাইজৰ দলৰ পৰা লোহিত গগৈক টিকট প্ৰদান কৰিব লাগে বুলি সাজোৰে দাবী উত্থাপন কৰাৰ বিপৰীতে ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰি আছু ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন আছু নেতা মাণিক গগৈৰ সমৰ্থকে আওপকীয়াকৈ উত্থাপন কৰিছে গগৈক টিকট দিয়াৰ।ফলশ্ৰুতিত চৰাইদেউ জিলাৰ মাহমৰাত দুয়োটা মিত্ৰ দলত আৰম্ভ হৈছে টিকট লাভ কৰাৰ ক্ষেত্ৰত এক শীতল যুদ্ধ।ইফালে ৰাইজৰ দলৰ পৰা টিকট লাভ কৰাৰ দাবীৰে ৰাইজৰ দলৰ সম্পাদক তথা প্ৰাক্তন টাইপা নেতা লোহিত গগৈয়ে গুৱাহাটীত বাহৰ পতা বিপৰীতে প্ৰাক্তন আছু নেতা মাণিক গগৈয়ে মাহমৰাতে বাহৰ পাতি নিজৰ ৰাজনৈতিক প্ৰচাৰ অব্যাহত ৰাখিছে।সমগ্ৰ বিষয়টোলৈ লক্ষ্য কৰিলে যিটো দলৰ নেতাকে টিকট নিদিয়ক কিয় চিপৰাং মৰা ৰাজনীয়ে বিধ্বস্ত কৰিব নেকি বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা কৰা ৰাইজৰ দল কিম্বা অসম জাতীয় পৰিষদক।এই লৈ মাহমৰাৰ সচেতন ৰাইজৰ মাজত সৰৱ চৰ্চা।দুয়ো মিত্ৰ দলৰ এই শীতল যুজেঁ সূযোগ দিব নেকি বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থীক?তাক লৈও আৰম্ভ হৈছে নিৰ্বাচনী সমীকৰণ।প্ৰাসংগিক ভাবে উল্লেখযোগ্য যে বিগত ২০১৬ বৰ্ষৰ নিৰ্বাচনত বিজেপিৰ যোগেন মহনে ৪৯০৩৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সুৰুজ দিহিঙীয়াই ৩৪৭১১ টা ভোট লাভ কৰি ১৪৩২৫ টা ভোটত পৰাজয় বৰণ কৰিছিল।এইবাৰ পূৰ্বৰ তুলনাত মাহমৰা বিধান সভা সমষ্টিৰ উন্নয়নৰ দিশলৈ ধাৱবান হোৱালৈ লক্ষ্য কৰিলে সমষ্টিটোত মিত্ৰ দলৰ সামান্য ভুলেই শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীজনকে লাভবান কৰিব।