বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, দিচৈ ভেলি চি এচ আই মিচন স্কুল, বৰবালি প্ৰাথমিক বিদ্যালয়, কেমেৰী প্ৰাথমিক বিদ্যালয়, ১ নং অফলা প্ৰাথমিক বিদ্যালয়, দুসুতী মূখ গাওঁপঞ্চায়তৰ অন্তৰ্গত মিচিমি আঁটি আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মিচিমি আঁটি আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত “গঁড়ৰ বিদ্যালয় যাত্ৰা” ৰ্শীষক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । আৰণ্যক সচিব প্ৰধান শ্রীযুত বিভৱ তালুকদাৰ নেতৃত্ব চলিথকা এই অভিযানত আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন, প্ৰাকৃতি প্ৰেমী স্বপন নাথ অনুষ্ঠানসমুহত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে । গঁড়ৰ আৱাস, গঁড়ৰ সংৰক্ষণ, গঁড়ৰ বিভিন্ন প্ৰজাতিৰ, সজাগতা ওপৰত তথ্য চিত্রৰ সহায়ত ছাত্র ছাত্রী সকলক বিস্তাৰিত ভাৱে বুজাই আৰিফ হুছেইন ডাঙৰীয়াই । অনুষ্ঠানৰ উদেশ্যে ব্যাখ্যা আগবঢ়াই প্ৰাকৃতি প্ৰেমী বাবুকান্ত দাৱ আৰু সদস্য ইভান লইঙে ।উক্ত অনুষ্ঠানসমুহতে ছাত্র ছাত্রী সকলৰ মাজত মূকলি “কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিজেতা সকলক পুৰস্কাৰ বিতৰণ কৰা হয়। ছাত্র-ছাত্রী সকলৰ পৰিবেশ শিক্ষাত সহায় হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাবৰ উদ্দেশ্য বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুহ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰা ২৫ গৰাকী ছাত্র – ছাত্রী কুইজ প্ৰতিযোগিতা যোগেদি নিৰ্বাচিত কৰা হয় । উক্ত বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে শিক্ষক ৰিতুমনি ভুঞা, মহেন দলে, জীৱন ডেকা, শেৱালি গগৈ, ভেলেনটিনা দাস, দন্দিৰাম মৰাং, প্ৰনামী ভুঞা, নয়ন জ্যোতি বাৰুকিয়াল, কেশৱ বৰি, শোভন বৰি, পল বাহাদুৰ চেত্তী, জিতেন তামূলি,জুৰি গগৈ, বিমলা শইকীয়া, মনিখা দত্ত, পৰান মৰাং, সমাজকৰ্মী কান্দুৰা মৰাঙে । অনুষ্ঠান অভিভাবক, সচেতন নাগৰিক সকলে অৰণ্যকে গঁড় সংৰক্ষণৰ ওপৰা লোৱা এনে সজাগতা সভাৰ সলাগ লয় । শেষত আৰণ্যক তৰফৰ পৰা সলাগৰ শঁৰাই আগবঢ়োৱা হয় ।
নগাঁৱত সদৌ অসম ভিত্তিত তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ সামৰণি
নগাঁৱৰ অন্যতম চিত্ৰকলা অনুষ্ঠান নগাঁও আৰ্ট পইন্টৰ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ভিত্তিত চিত্ৰকলা প্ৰদৰ্শনীৰ কালি সামৰণি পৰে। যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ লগতে শিৱসাগৰ, তেজপুৰ, লামডিং আদিকে ধৰি বহু কেইখন জিলাৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰে।

প্ৰথম দিনা চিত্ৰ প্ৰদৰ্শনী আনুষ্ঠানিক ভাৱে মুকলি কৰে তেজপুৰৰ বিশিষ্ট তথা জ্যেষ্ঠ চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাই। প্ৰদৰ্শনীত ১০১টা চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যৰ খ্যাতনামা চিত্ৰশিল্পী ক্ৰমে ৰাজীৱ দাস, কৃষ্ণ মোদক, মল্লিকা বিশ্বকৰ্মা, অজয় শৰ্মা, অনিতা বিশ্বকৰ্মা, অমিতাভ দাস গুপ্তা, বলবিন্দৰ সিং, ৰচিয়তা দাস, তপন দে, আলি হাইদৰ, ৰনবিৰ দাস, নন্দিতা পাটৰ, শান্ত দলপতি, অৰবিন্দ দাসকে ধৰি দুকুৰি চিত্ৰশিল্পীয়ে অংকন কৰা চিত্ৰও প্ৰদৰ্শন কৰা হয়। উক্ত তিনিদিনীয়া প্ৰদৰ্শনীত অসংখ্য শিল্পী প্ৰেমী ৰাইজৰ আগমন ঘটা পৰিলক্ষিত হয়।
তুলসীবাৰীত ক্ষোভত ফাটি পৰিল এপল’ মিলৰ শ্ৰমিক : ১০ ঘণ্টীয়া ভাৰত-ভূটান পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত
ভি আৰ এছ প্ৰদানৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহা এপল’ মিলৰ শ্ৰমিকৰ ১০ ঘণ্টীয়া প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰিল তুলসীবাৰী । বছৰৰ পাছত বছৰ ধৰি প্ৰাপ্য আদায়ৰ দাৱীত সংগ্ৰাম কৰি অহা ৩৯৪ গৰাকী শ্ৰমিক- কৰ্মচাৰীৰ পৰিয়ালৰ লোকে স্থানীয় ৰাইজ তথা দল,সংগঠনৰ সহযোগত ১০ ঘণ্টীয়াকৈ ভাৰত-ভূটান পথ অৱৰোধ কৰে ।শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সম্পাদক দুৰ্গা হালৈৰ নেতৃত্বত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰূপায়িত কাৰ্যসূচীৰ ফলত কেবা শতাধিক যান বাহনৰ চলাচল ব্যাহত হৈ পৰে ।ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবাদকাৰী সকল ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী ,অৰ্দ্ধ সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হয় ।সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মহকুমা প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্য দণ্ডাধীশ এগৰাকী উপস্থিত হৈ আলোচনাত মিলিত হয় যদিও প্ৰতিবাদ কাৰী সকলে উথ্বাপিত দাবীৰ সমৰ্থনত যুদ্ধংদেহী মনোভাৱেৰে পথ আবদ্ধ কৰি ৰাখে । কাৰ্যসূচী ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি গোলোক ৰাজৱংশী,বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিটু ৰাজৱংশী, সম্পাদক নৱজিৎ কলিতাৰ লগতে সমাজকৰ্মী হৰেশ্বৰ বৰ্মণ আদিয়েও সহযোগ কৰে । উল্লেখ্য যে আৰ্থিক সংকটৰ বাবে কেইবাজনো শ্ৰমিকে আত্মহত্যাৰ দৰে চৰম পথ বাছি লবলৈ বাধ্য হোৱাৰ লগতে আন কেবাজনো আৰ্থিক সংকটৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অকাল মৃত্যুক সাবটি লয় । ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰি ভিআৰএছৰ বাবে ধাৰ্য কৰা পোন্ধৰ কোটি টকা বৰ্তমানলৈ মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক- কৰ্মচাৰীসকল। ৰাজ্যৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ হিচাবে পৰিচিত ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ অৱস্থা শোচনীয় হৈ পৰাত বিগত চাৰি বছৰ ধৰি মিলটোৰ উৎপাদন বন্ধ হৈ আছে। যাৰ বাবে মিলটোৰ প্ৰায় ৩৯৪ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে। দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শ্ৰমিক-কৰ্মচাৰীয়ে। প্ৰতিবাদ, আন্দোলন কৰাৰ পিছত চৰকাৰে দিয়া আশ্বাস আশ্বাস হৈয়ে ৰল পৰিৱৰ্তনহে একো নহল বুলিও সভাত ক্ষোভ উজাৰি একাংশ শ্ৰমিকে স্থানীয় বিধায়ক ভৱেশ কলিতাৰ ভূমিকাক লৈ ক্ষোভত ফাটি পৰে ।পাছত বিয়লিৰ ভাগত কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰমিক সকলৰ দাবী বিভাগীয় ভাবে অগ্ৰগতি লাভ কৰা বুলি সদৰী কৰে ।আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত প্ৰতিবাদ কাৰী সকল সৈমান হয় । পাছত মহকুমা ধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ উথ্বাপিত দাৱী সম্বলিত স্মাৰক পত্ৰ দণ্ডাধীশ গৰাকীৰ হাতত অৰ্পণ কৰে ।
মিত্ৰজোঁটৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি বৰমা সমষ্টিত
ক্ৰমাৎ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈছে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিতত ৷ সমষ্টিটোত কোনে পাব মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব ৷ ইয়াকে লৈ সৃষ্টি হৈছে সমষ্টিটোত তীব্ৰ উত্তেজনা ৷ মিত্ৰজোঁটৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই সমষ্টিটোৰ বিজেপি কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তোষ ৷ মিত্ৰজোঁটৰ পৰা কোনো কাৰণতে সংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্ব নামানে সমষ্টিটোৰ বিজেপি কৰ্মীসকলে ৷ এই লৈ কালি সন্ধিয়া বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপিৰ বাক্সা জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি জিলাখনৰ অন্তৰ্গত বিধানসভা সমষ্টি তিনিটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷ জিলা সমিতিৰ সভাপতি ৰাম দাহাল, ৰাজ্যিক সদস্য ৰমেশ চন্দ্ৰ দাস আৰু তৰুণ বসুমতাৰীয়ে সংবাদমেলত বিজেপিৰ বাহিৰে কোনো দলৰে প্ৰাৰ্থীক মানি নলয় বুলি জানিব দিয়ে ৷ বিশেষকৈ দলীয় কোনো আলোচনা নোহোৱাকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্বত বৰমাত মানি নলয় বুলিও উল্লেখ কৰে ৷ ইফালে, সাংগঠনিক ভাৱে বৰমাত বিজেপি দলৰ স্থিতি শক্তিশালী হোৱাৰ পিচতো সাংসদ নৱ কুমাৰ শৰণীয়াক এৰি দিব বিচৰা কাৰ্যক বিজেপি কৰ্মীসকলে সহজ ভাৱে মানি নলয় বুলি জানিব দি পৰিৱেশ উত্তাল কৰি তোলে ৷ বিজেপি কৰ্মী সকলে নৱ কুমাৰ শৰণীয়া মুৰ্দাবাদ, বৰমাত পদুম ফুল লাগে, নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব আমি মানি নলওঁ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, জ্যেষ্ঠ নেতা কুমুদ দাস, ৰমেশ চন্দ্ৰ দাসকে ধৰি কেবাজনো বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷
৬ মাৰ্চৰ পৰা দুদিনীয়াকৈ হাউলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন খন অহা ৬ আৰু ৭ মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলী জুনিয়ৰ কলেজ প্ৰাংগনত অনুষ্ঠিত হব ৷ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চ ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাই,ৰাতিপুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পন, পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰিব অসম বন আৰু পৰিৱেশ ব্ৰেণ্ড এম্বেচেদাদৰ আনন্দ খাটনিয়াৰে,পুৱা ১০-৩০ বজাত অধিৱেশনৰ মুখ্য তোৰণ মুকলি কৰিব মা-পৰাণ ফাউণ্ডেচনৰ সভাপতি ছিকান্দৰ আলী আহমেদে,ৰাতিপুৱা ১১ বজাত প্ৰতিনিধি শিৱিৰ মুকলি কৰিব পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপদেষ্টা প্ৰসান্ত বায়নে,দিনৰ ১২ বজাত প্ৰতিনিধি পঞ্জয়ন,দিনৰ ২-৩০ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হব ৷ দ্বিতীয় দিন অৰ্থাৎ ৭ মাৰ্চ ৰাতিপুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্ধোধন কৰিব অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰা প্ৰসাদ দাসে,আবেলি দিনৰ ২ বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাৰ পৌৰোহিত্য স্মৃতিগ্ৰন্থ উন্মোচনী আৰু মুকলি সভা অনুষ্ঠিত হব ৷ সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে,উক্ত সভাত অসমৰ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ভূঞা, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, ভুমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ মুখ্য উপদেষ্টা কাজী নেকিব আহমেদ,হাউলী বি.এইচ কলেজৰ অৱসপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াব ৷ অধিৱেশনৰ দুয়ো দিনৰ সকলো কাৰ্যসূচীতেই ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজেন তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰূপম নাথে ৷
মাজুলী জিলাত ১৪৪ ধাৰা জাৰী
মাজুলী জিলাৰ জনসাধাৰণৰ মাজত শান্তি-শৃংখলা অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে তৎকালীন ভাৱে বলবৎ হোৱাকৈ জিলাখনত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰী কৰিছে ৷ এই নিষেধাজ্ঞা অনুসৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এশ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো ধৰণৰ ধৰ্ণা , অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰিব ৷ ৰাজহুৱা স্থানত পাঁচ বা ততোধিক ব্যক্তি অনুমতি অবিহনে একত্ৰিত হ’ব নোৱাৰিব ৷ ৰাজহুৱা স্থানত শোভাযাত্ৰা , সভা , প্ৰতিবাদ , ধৰ্ণা বা সমদল বাহিৰ কৰিব নোৱাৰিব ৷ ৰাজহুৱা স্থানত অনুমতি অবিহনে জনসভা , শোভাযাত্ৰা , প্ৰদৰ্শনী আদি কৰিব নোৱাৰিব ৷ অকতৃত্বশীল ভাৱে অস্ত্ৰ , যাঠি-জোং , তৰোৱাল , বন্দুক আদি লৈ ফুৰিব নোৱাৰিব ৷ অকতৃত্বশীল ভাৱে ৰাজহুৱা স্থানত ধন সংগ্ৰহ কৰিব নোৱাৰিব ৷ অনুমতি অবিহনে অনুভাষ যন্ত্ৰ আৰু কোনো ব্যক্তি , কাৰ্যালয় বা গুদাম ঘেৰাও কৰিব নোৱাৰিব ৷ কোনো কাৰ্যালয় , দেৱাল , পথত পষ্টাৰ বা লিখিব নোৱাৰিব ৷ সন্ধিয়া পাঁচ বজাৰ পৰা পূৱা ৭ বজাৰ ভিতৰত ফেৰী আদি চলাব নোৱাৰিব আৰু অসামৰিক লোকে সৈন্য বাহিনীৰ পোছাক পৰিধান কৰিব নোৱাৰিব ৷ এই আদেশ ভংগকাৰীৰ বিৰুদ্ধে ১৪৪ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলি উক্ত নিষেধাজ্ঞাত উল্লেখ কৰিছে ৷
টীয়ক সমষ্টিত শ্যামকানু মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰীৰ
টীয়ক বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থীক লৈ দলীয় কর্মী তথা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অসন্তুষ্টি।সমষ্টিটোৰ পৰা অগপ দলৰ হৈ শ্যামকাণু মহন্তই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশৰ পিছত মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰী মৌচুমী বৰাৰ। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী নেত্ৰী মৌচুুমী বৰাই কয়- “সমষ্টিবাসীয়ে চিনি-জানি নোপোৱা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমাৰ আপত্তি আছে।সমষ্টিবাসী জনতাই শ্যামকানু মহন্তক অগপ প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰে।কাৰণ তেওঁ টীয়কৰ স্থায়ী বাসিন্দা নহয়।”উল্লেখ যে সমষ্টিটোৰ পৰা মহিলা নেত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল। ইফালে সমষ্টিটোত শ্যামকাণু মহন্তৰ সলনি অন্য সমষ্টিবাসী প্ৰাৰ্থিত্ব প্ৰত্যাশীক দলৰ টিকট প্ৰদান কৰিলে কর্মীসকলৰ কোনো আপত্তি নাথাকিব বুলিও মহিলা নেত্ৰীগৰাকীয়ে দাবী কৰে। আনহাতে,বৰ্তমানৰ টীয়কৰ অগপ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাৰ বিৰুদ্ধে ব্যৰ্থতাৰ গুৰুত্ব অভিযোগ তুলে মহিলা নেত্ৰীগৰাকীয়ে। তেওঁ কয়-“ৰাজখোৱা নামত কেৱল বিধায়িকা হৈ আছে। সমষ্টিত যিদৰে উন্নয়ন হ’ব লাগিছিল হোৱা নাই।”গুৰুত্বপূৰ্ণ যে দিল্লীত ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে অগপৰ প্ৰাৰ্থী তালিকা।তাৰ মাজতে সংবাদ মাধ্যমত সম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।
লখিমপুৰত এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট মুকলিবিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক সম্বৰ্ধনা
শিক্ষানুষ্ঠানক ডিজিটেল ব্যৱস্থাৰে সাঙোৰ খুৱাই শিক্ষা ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ লক্ষৰে ২ মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰৰ এঙাৰখোৱাত স্থানীয় এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই উপলক্ষে অনুস্থিত সভাত আদৰনি ভাষণ পাঠ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষিৰোদ চন্দ্ৰ গগৈয়ে । বিদ্যালয়ৰ ছাত্ৰী সকলৰদ্বাৰা পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মঃ হাফিজ আলিয়ে । সভাত EDUPUR SOCIETY (DVRS INDIA) ৰ ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ডিজাইন কৰা angarkhowachs.in ৱেবচাইটো বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি বৰ্তমান সময়ত ৱেবচাইট,মোবাইল, ইন্টাৰনেট আদিৰ প্ৰয়োজনীয়তা ,ব্যৱহাৰ, স্বাস্থ্য , বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ বিভিন্ন দিশৰ ওপৰত ব্যাখ্যা আগবঢ়ায় । সভাত ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ব্যক্তব্য আগবঢ়ায় । উক্ত সভাতেই বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে বিদ্যালয়ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয় ।
শিলঘাট – গুৱাহাটী আৰু গুৱাহাটী – হয়ৱৰগাঁও – মৈৰাবাৰী যাত্ৰীবাহী ৰেলাৰ শীৰ্ঘে চলাচলৰ দাবী
নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক’ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ গুৱাহাটীলৈ অহা যোৱা কৰা হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত ভিষনসমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সমগ্ৰ দেশজোৰি দীৰ্ঘদিনীয়া ল’কডাউনৰ ফলত বৰ্তমান সকলো স্তৰতে পুনৰ কামকাজ প্ৰায় সুন্দৰ ৰূপত আৰম্ভ হৈছে৷ নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী সকল উভতি যাৱলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে মধ্য অসমৰ পৰা পূৰ্ৱতে এই ৰেলগাড়ী দুখনৰে দৈনিক গুৱাহাটী মহানগৰীৰ নিজ নিজ গন্তব্যস্থানত কৰ্ম সম্পাদন কৰা বহু পৰিয়ালে-চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে এই দুখন ৰেলগাড়ীৰ ওপৰতে নিৰ্ভৰ কৰিয়েই নিৰাপদে যাত্ৰা কৰি আহিছিল ৷ কিন্ত,প্ৰায় আঠ মহীয়া ক’ভিড সৃষ্ট এক পৰিৱেশে সকলোকে কোঙা কৰি পেলোবাৰ পিছত দীৰ্ঘদিনৰ পৰা বন্ধহৈ থকা এই ৰেলগাড়ী দুখন পুনৰ শীৰ্ঘে চলাচল কৰিবৰ বাবে দৈনিক যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে বহু স্থানীয় লোকে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷ চলিত বছৰৰ বহু কেইদিন ৰেল চলিব বুলি উলোবা দুই-এক উৰা বাতৰিৰ বাবেও শিলঘাটৰ পৰা গুৱাহাটীলৈ যাবলগা যাত্ৰী সকলে বহু সময় ষ্টেচনত অপেক্ষা কৰিও ৰেল ষ্টেচনৰ পৰা উভতি আহিব লগা হোৱাত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। উল্লেখ্য যে, শিলঘাট,জখলাবন্ধা,শালনা,আমনি,চামগুৰি,পুৰণিগুডাম,নগাঁও,শেনচোৱা,বেবেজীয়া,ফুলগুৰি,ৰহা,চাপৰমুখ আদি অঞ্চলৰ পৰা গুৱাহাটীলৈ যাব লগা যাত্ৰী সকলে অতি কম খৰচত যাত্ৰা কৰিব পাৰে এই শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৷ যিহেতু বৰ্তমান এজন যাত্ৰীয়ে ট্ৰেভেলাৰত ১৩০-১৫০ টকা খৰচ কৰি গুৱাহাটীলৈ যাৱ লগা হয় ৷ কিন্তু,শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৩০-৪০ টকাতে গুৱাহাটী পাব পাৰে আৰু নিৰাপদে ৷ যাৰ বাবে অতি দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰেলযাত্ৰী সকলে ক’ভিড সৃষ্ট পৰিবেশৰ পিছৰে পৰা আজি আঠ মাহে অতিৰিক্ত চাৰিগুণ ধন ব্যয় কৰি বাছ তথা ট্ৰেভেলাৰত গুৱাহাটীলৈ যাব লগা হৈছে। দৈনিক এনেদৰে গুৱাহাটীলৈ অহা-যোৱা কৰাত বহু পৰিমানৰ টকা হাতৰ পৰা উলাই যোৱাৰ উপক্ৰম হৈছে ৷ সেইয়ে যিহেতু এতিয়া সমগ্ৰ দেশতে ক’ভিডৰ কোনো ভয়-সংকা নাই ৷ এক প্ৰকাৰ ক’ভিড অসমতো নাই ৷ যিহেতু, গুৱাহাটীৰ পৰা অসমৰ বাহিৰলৈ বৰ্তমান বহুকেইখন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা হৈ আছে ৷ ৰাজ্যৰ ভিতৰতো দুৰনীবতিয়া ৰেলগাড়ী বহুকেইখন চলাচল কৰি আছে ৷ সেইয়ে কম দুৰত্ব ৰেলগাড়ী সমুহৰ ক্ষেত্ৰতো এই দুখন ৰেলগাড়ী চলাচলে যাত্ৰী সকলক বহু পৰিমানে সকাহ দিব ৷ সেইয়েহে শীৰ্ঘে শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী- হয়ৱৰগাঁও-মৈৰাবাৰীৰ মাজত “কলংপাৰ পেছেঞ্জাৰ” অতি জৰুৰী এই দৈনিক ৰেলগাড়ী দুখন চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক অহা-যোৱা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগক দাবী জনাইছে ৷ আনহাতে,পূৰ্ৱতে শিলঘাট-গুৱাহাটীৰ মাজত চলাচল কৰি থকা ড্ৰেমো ৰেল গাড়ীখন যাত্ৰী সকলৰ বাবে অসুবিধাজনক আৰু কম দৱা যুক্ত বুলি বহু যাত্ৰীয়ে সময়ে সময়ে আপত্তি কৰি আহিছে ৷ তদুপৰি, এই ড্ৰেমো ৰেল গাড়ীখন সময়মতে নিৰ্দিষ্ট স্থানত আহি নোপোৱাৰো এক গুৰুতৰ অভিযোগ আছে ৷ মাজে মাজে কোনো কোনো দূৰ্গম ঠাইত এই ড্ৰেমো ৰেলগাড়ীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু দীৰ্ঘ সময় যাত্ৰী সকল ৰেলগাড়ীতে আবদ্ধ হৈ পৰিব লগাত পৰে ৷ সেয়ে ৰেল যাত্ৰী সকলে এই ড্ৰেমো ৰেলগাড়ীখন বাতিল কৰি পূৰ্বতে চলাচল কৰা অধিক দৱাযুক্ত আৰু আৰামদায়ক ৰেলগাড়ী খন অতিশীঘ্ৰে চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক যাত্ৰা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷
অবিভিপিৰ ৰঙাচকুৱা শাখা গঠন
চতিয়া সমষ্টিৰ ৰঙাচকুৱাৰ মৰিসুঁতিৰ কাৰ্কী ভৱনত অলপতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এবিভিপিৰ জামুগুৰি শাখাৰ সম্পাদক বিষ্ণু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এবিভিপিৰ ৰঙাচকুৱা শাখা সমিতিখন নতুনকৈ গঠন কৰা হয়। উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সভাপতি দীপক নেৱাৰে আদৰনি বক্তব্য আগবঢ়োৱা সভাত অধ্যাপক আকাশ দাহালক সভাপতি আৰু প্ৰকাশ শৰ্মাক সম্পাদক হিচাপে লৈ এখন ২৯ জনীয়া সমিতি গঠন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ সভাত বিশেষভাবে উপস্থিত থকা অবিভিপিৰ শোণিতপুৰ জিলা সংযোজক দীপজ্যোতি দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক বিবেক পাল,আদিত্য আলেকে সৰ্বভাৰতীয় পৰ্যায়ত কাম-কাজ কৰি অহা ছাত্ৰ সংগঠনটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ উপৰত এক বিসদ আলোচনা আগবঢ়াই। চতিয়া জামুগুৰিহাটৰ উত্তৰাঞ্চল ৰঙাচকুৱাত এবিভিপিৰ গুৰুত্বপূৰ্ণ সভাত কেইবাগৰাকী বিষয়ববীয়াৰ লগতে স্থানীয় বহুকেইগৰাকী উদীয়মান যুৱক-যুৱতী উপস্থিত থাকে।










