Home Blog Page 3096

দিল্লীত বন্ধুত্বৰ সুবিধালৈ দলৱদ্ধ বলাৎকাৰ কিশোৰীক

নতুন দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা । দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

জানিব পৰা মতে দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাসত এঘৰত পৰিচাৰিকা হিচাবে কাম কৰা ১৪ বছৰীয়া কিশোৰী গৰাকীৰ চিনাকী হয় সেই খন ঘৰতে কাম কৰা এজন কিশোৰৰ সৈতে । লাহে লাহে সেই চিনাকীয়েই ভাল বন্ধুত্বৰ ৰূপ লয় ।
পিছত কিশোৰজনে সেই খন ঘৰৰ পৰা আন এখন ঘৰলৈ কাম কৰিলৈ যায় যদিওঁ কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক বজাই ৰাখে কিশোৰ জনে ।
শেহতীয়াকৈ শনিবাৰে দুপৰীয়া কিশোৰ জনে মতাত কিশোৰীগৰাকীয়ে কিশোৰ জনৰ ঘৰলৈ যায় আৰু কিশোৰ জনে নিজৰ ঘৰতে আন তিনিজন বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক দলৱদ্ধ বলাৎকাৰ কৰে।

বলাৎকাৰ কৰা চাৰিও জনৰে বয়স ক্ৰমে ১৭,১৮,২০ আৰু ৩০ বছৰ বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত কিশোৰী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে আজি আৰক্ষীয়ে অভিযান চলাই চাৰিওটা বলাৎকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
চাৰিও জনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত দিল্লীত ১২৪১ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।

জামুগুৰিহাটত চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান : পুণৰ শ্ৰীশ্ৰী নৰোৱা থানত চোৰৰ লুটপাত

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটত এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান৷চাৰিদিন পূৰ্ৱে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত চোৰৰ দল প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে ধৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰি নিয়াৰ পিছত পুণৰ কালি নিশা চোৰে লুটপাত চলালে কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় ৩ কি:মি: দূৰত্বত পথৰ কাষতেই অৱস্থিত থানখনৰ পাঁচটাকৈ তলা ভাঙি চোৰ প্ৰৱেশ কৰি সোণ আৰু ৰূপৰ কেবাপাহো ফুল, প্ৰায় ১০/১২ টা পিতলৰ গঁচা, দানপাত্ৰ ভাঙি প্ৰায় ৫ হাজাৰ টকাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধিনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি আচবাবসমুহৰ লগতে থানখনৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি চন্দ্ৰতাপ, গামোছাকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰি সিঁচৰিত কৰি থৈ যায় চোৰৰ দলে ৷ পুৱাৰ ভাগতহে ঐতিহ্যমণ্ডিত থানভাগত চোৰ সোমোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি জামুগুৰি আৰক্ষীক  অৱগত কৰে আৰু থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ লগতে নিকটৱৰ্তী অঞ্চলসমুহত বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ লগতে আৰক্ষীৰো শিথিলতাৰ সুযোগ লৈ বিগত কিছুদিন ধৰি অঞ্চলটিত চোৰৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ধৰ্মীয় অনুষ্ঠানসমুহকো শেহতীয়াকৈ চোৰৰ দলে টাৰ্গেট কৰি লোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷

নগাঁৱত বাটৰ নাটৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস

নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিগত দিনসমুহত জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত অনুষ্ঠিত পথ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ আজি নগাঁও চহৰৰ কেবাটাও স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা বাটৰ নাট আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলা পৰিবহন বিষয়া উৎপল গগৈয়ে। নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা উক্ত অনুষ্ঠানত সহকাৰী যানবাহন পৰিদৰ্শক দৰ্শন মহন্ত, উচ্চ বৰ্গৰ সহায়ক চন্দন শ‌ইকীয়া, কাৰ্যালয় সহায়ক ৰঞ্জিত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি আব্দুল খবিৰ, সম্পাদক হজৰত আলী, সহকাৰী সম্পাদক আব্দুল জলিল আদি উপস্থিত থাকে। শিল্পী কাননৰ শিল্পী সকলে বাইক চালাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে ছিট ব্লেল্ড আৰু ভৰিত জোতা পৰিধান কৰা, দ্ৰুত গতিত গাড়ী চলোৱাৰ ভয়াবহ পৰিনাম আদি বিষয়সমুহ সামৰি বাটৰ নাটসমুহ প্ৰদৰ্শন কৰে। নাট পৰিচালনা কৰে সুনিত কুমাৰ শ‌ইকীয়াই।

২৪ ডিচেম্বৰত বৰপেটাত কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্বনৰ গ্ৰাহক সজাগতা সভা

অনলাইন বাৰ্তা, ২১ ডিচেম্বৰ : ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰ তাৰিখে কনজিউমাৰ  ৰাইটছ অৰ্গেনাইজেশ্বনে বৰপেটাত অনুষ্ঠিত কৰিব এক গ্ৰাহক সজাগতা সভা ৷ বৰপেটা জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২৪ডিছেম্বৰৰ দিনত ১বজাত অনুষ্ঠিত হ’ব গ্ৰাহক সজাগতা সভা ৷ আজি মহানগৰীৰ এবিচি স্হিত সংগঠনটোৰ কাৰ্য্যলয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যিক সাধৰন সম্পাদক কল্যাণ বৰঠাকুৰে সদৰি কৰে ৷ তেওঁ কয় যে গ্ৰাহকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত বা প্ৰতাৰন কৰা কাৰ্য্যৰ বিৰুদ্ধে এই সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যালয়ৰ অবসৰপ্ৰাপ্ত ন্যায়ধীশ ইন্দিৰ চাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ লগতে বৰপেটা জিলাৰ  উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক  বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব বুলি বৰঠাকুৰে সদৰি কৰে ৷ সংবাদ মেলত উত্তৰ পূৰ্বাঞ্চল জনেক সভাপতি উত্তম ভট্টাচাৰ্যই উপস্থিত থাকি কয় যে ২৪ডিছেম্বৰ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱস ৷ সেইদিনা দিনৰ ১ বজাত বৃষ্টিত কাৰ্যসূচীৰে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ সভাত প্ৰায় ৪শতাধিক ব্যক্তি উপস্থিত থাকিব ৷ গ্ৰাহকক সজাগতা কৰাই আমাৰ লক্ষ্য বুলি ভট্টাচাৰ্যই উল্লেখ কৰে ৷ উল্লেখ্য যে সংবাদমেল উপসভাপতি ত্ৰিদিব বৰুৱা, বিত্তীয় সম্পাদক পলী চেতীয়া বৰুৱা আৰু সাংগঠনিক সম্পাদক গজেন ভূঞা উপস্থিত থাকে ৷

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল মেঘালয়

সুদীৰ্ষ ৯ মাহৰ বিৰতিৰ অন্তত আজি সোমবাৰে পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হ’ল মেঘালয়ৰ দুৱাৰ । কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় পৰ্যটক সকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল পাহাৰীয়া ৰাজ্যখন ।

যদিও পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হৈছে তথাপিটো ৰাজ্যখনৰ পৰ্যটন বিভাগে পৰ্যটক সকলৰ বাবে কিছু বিশেষ নিৰ্দেশনা ঘোষনা কৰিছে।

ৰিভ’ই জিলাত পৰ্যটক সকলৰ বাবে ৰাজ্যখন পুনৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি অন্যান্য বিষয়ববীয়াই।

আনহাতে, কোভিডত আক্ৰান্ত হোৱা বাবে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও টুইটাৰযোগে পৰ্যটক সকলক মেঘালয়লৈ আদৰণি জনায়।

উল্লেখযোগ্য যে, মেঘালয় ভ্ৰমণলৈ আহিব বিচৰা সকলো পৰ্যটকে মেঘালয় টুৰিষ্ট এপত বাধ্যতামূলক পঞ্জীয়ন কৰি ই-ইনভাইট গ্ৰহণ কৰিব লাগিব।

https://twitter.com/SangmaConrad/status/1336153623848370179

নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত লোহিত দাসৰ মৃত্যু বাৰ্ষিকী পালন

নলবাৰী, ২১ ডিচেম্বৰ: আজি নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাহয় । ৰাতিপুৱা ৯ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা হীৰেণ কুমাৰ বৰ্মন, নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক বিভূতি ভূষণ দাস সহ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে । তদুপৰি ৯.৩০ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে  ইণ্ডিয়া জাৰ্ণালিষ্ট এচ’ ছিয়েন নলবাৰী জিলাৰ সভাপতি ওৱাহিদুজ জামানে । এই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে লোহিত দাসৰ এই অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে তেখেতৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে । আজিৰ এই অনুষ্ঠানত স্বৰ্গীয় লোহিত দাসৰ পত্নী পৰিয়াল সহ অঞ্চলটোৰ বহুত কেইগৰাকী স্থানীয় ৰাইজ উপস্থিত থাকে ।

লাইকা- দধীয়াবাসীয়ে কাটি টহিলং কৰিব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ! পুনৰ সংস্থাপনৰ এসপ্তাহ সময় সীমা

তিনিচুকীয়া, ২১ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিব্ৰুছৈখোৱা  ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বসবাস কৰা লাইকা-দধীয়াবাসীক স্থায়ী ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন নকৰাৰ ক্ষোভ চৰকাৰৰ বিৰোদ্ধে ৷ TMPKৰ নেতৃত্বত গুইজান ঘাটৰ পৰা তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰি গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰায় দুই সহস্ৰাধিক ৰাইজে । ৰ্দীঘদিন ধৰি উদ্যানখনৰ ভিতৰত বসবাস কৰা মিচিং জনগোষ্ঠীয় ৰাইজে বিগত চৰকাৰ পৰা বৰ্তমান চৰকাৰৰলৈকে কেবল প্ৰতিশ্ৰুতি লাভ কৰি প্ৰতাৰিত হৈ আহিছে । তেনেক্ষেত্ৰত আজি পুনঃ সংস্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক একসপ্তাহৰ সময়সীমা TMPKএ । অন্যথা ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি টহিলং কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোয়ে । লগতে তেনে ঘটনাৰ পৰা সৃষ্টী হব লগা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হব বুলি স্পষ্ট কৰি দিছে টি এম পি কেৰ নেতা মিণ্টুৰাজ মৰাঙে ।

টংলাত বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচ্ ৰ উদ্যোগত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান

 টংলা, ২১ ডিচেম্বৰ: ইংৰাজী নববর্ষৰ  প্ৰাক মূহুর্তত কেক বনোৱা প্ৰতিযোগিতাৰে নতুন নতুন শিকাৰুলৈ এক সুযোগ প্ৰদান কৰিবলৈ টংলা আঞ্চলিক আছুৰ কাৰ্যালয়ত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচে্ । অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে বিশ্বনাথ চাৰিআলিৰ চনম ৰায়ে, দ্বিতীয় স্থান লাভ কৰে শিল্পী ৰাভাই আৰু তৃতীয় স্থান লাভ কৰে অনিমা তালুকদাৰে। অনুষ্ঠানৰ সামৰনিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা সকলক পুৰস্কাৰ সহ মানপত্র প্ৰদান কৰে বৰুৱা ৰেডিঅৰ স্বত্বাধিকাৰী নয়ন জ্যোতি বৰুৱাৰ পত্নী সঙ্গীতা বৰুৱাৰ লগতে উদ্যোগতা সকলে। আনফালে প্ৰতিযোগিতাত অংশগ্রহণ কাৰী সকলো প্ৰতিযোগিক এখনকৈ ফুলাম গামোচা আৰু এখনকৈ মানপত্রৰে সম্ভাষণ জনাই। টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই আত ধৰা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্রহণ কৰি  নিজৰ নিজৰ বাচনি কৰা বিষয়ত কেক বনাই প্ৰদৰ্শন কৰে। এই ব্যতিক্রমী অনুষ্ঠানটিত উপস্থিত থাকে টংলা আঞ্চলিক আছুৰ বিভিন্ন বিষয়ববীয়া সদস্যৰ লগতে অৰ্ধ শতাধিক ৰাইজ। অনুষ্ঠানত অংশগ্রহণ কৰি টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই কয় যে,- নৱ প্ৰজন্মৰ উদীয়মান লোক সকলৰ বাবে এই কেক প্ৰতিযোগিতাই এখন মঞ্চ প্ৰদান কৰিলে আমি উদ্যগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ । 

এটা ‘শেষ নোহোৱা সাধু’ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে; সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত চামধৰাৰ মিলি জুলি সংঘ আৰু ন-বোৱাৰী আত্ম সহায়ক গোটৰ সহযোগত জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত  নাট কৰ্মশালাৰ মুখ্য প্ৰশিক্ষণ আছিল অসমৰ এগৰাকী অগ্ৰণী নাট্য শিল্পী, নাট্যকাৰ নাট পৰিচালক বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা। তেখেতৰ মৰম স্পৰ্শই ৯ মাহে গৃহবন্দী শিশুসকলৰ মাজত হেৰাই যাব খোজা হাঁহি যেন ঘুৰাই আনিবলৈ সক্ষম হ’ল। মাত্ৰ দুই আঢ়ৈ বছৰীয়া শিশুৰ পৰা ১২-১৪ বছৰৰ শিশুৰ মাজত অনুষ্ঠিত উক্ত নাট কৰ্মশালাৰ মাজৰ পৰা সম্ভাবনাময় বহু শিশু প্ৰতিভাক বিকশিত কৰি তোলাৰ পৰা নাটক সম্পর্কে কোনো জ্ঞান নথকা ২ বছৰীয়া শিশুকো মঞ্চত উপস্থাপন কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লৈছে দক্ষ পৰিচালক কুশল ডেকাৰ। কালি বিয়লি ৩ -৩০ বজাৰ পৰা অনুষ্ঠিত উক্ত সামৰণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে অৱসৰী কৃতী শিক্ষক কমল ৰাজবংশী, লাহৰী বৰা হাজৰিকা, জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী মিংকু কলিতা,জয়ন্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। উদ্যোক্তা সকলৰ হৈ বিজিত হাজৰিকা আৰু হিৰণ্য হাজৰিকাই আঁত ধৰা উক্ত সামৰণি অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল শিশুসকলৰ দ্বাৰা ৰচিত আৰু পৰিবেশিত শিশু নাট ‘পিকনিক’ আৰু অতুল চন্দ্ৰ হাজৰিকাৰ কালজয়ী শিশু নাট ‘শেষ নোহোৱা সাধু’ লগতে একাংশ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা পৰিবেশিত এটি ভক্তিমূলক আৰু এটি আধুনিক গীতৰ আধাৰত পৰিবেশিত নৃত্য। প্ৰায় তিনি কুৰিৰো অধিক শিশু প্ৰশিক্ষাৰ্থীৰক মঞ্চত নাট পৰিবেশনৰ সুবিধা দিব বিচৰাটো পৰিচালক ডেকাৰ বাবে প্ৰত্যাহ্বান আছিল যদিও নাট নিৰ্বাচন আৰু কৌশলী পদক্ষেপে এয়াও সম্ভৱ কৰি উপস্থিত দৰ্শকক স্তম্ভিত কৰি তোলে। নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা সুভাংগম হাজৰিকা (ৰজা), জাহ্নু ভূঞা (সূত্র) আৰু তৃষা গায়ন (সাধুচৰণ)ৰ নিখুঁত অভিনয়ে নাটকীয় ঐক্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰিলে। উল্লেখ্য যে শোণিতপুৰ জিলা সাংস্কৃতিক বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া জীতেন কুমাৰ দাসে জিলাখনৰ গাঁৱে গাঁৱে প্ৰতিভাৰ সন্ধান কৰি এইদৰে ইটোৰ পিছত সিটো চৰকাৰী পৃষ্ঠপোষকতাত সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি ক’ভিড- ১৯ ৰ বাবে মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা আত্মবিশ্বাস ঘুৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গাঁৱৰ প্ৰতিভাক বিকশিত কৰি জগত সভালৈ আগবঢ়াই অনাৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সপোনক বাস্তৱ ৰূপায়নৰ বাবে গ্ৰহণ কৰা চৰকাৰী বিষয়া গৰাকীৰ লগতে অঞ্চল বাসী ৰাইজৰ শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই। তেখেতে কভিডৰ বাবে এনেধৰণৰ চৰকাৰী আঁচনি সাময়িকভাবে স্থবিৰ হ’লেও পুনৰ সক্ৰিয় ৰূপত আঁচনিসমূহ আগবাঢ়ি গৈছে বুলি মত প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটোৰ সফল সামৰণিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তা সকলে।

জীৱন প্ৰমাণ পত্ৰ দাখিলৰ সময় সিমা বৃদ্ধি

কৰ’ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ’ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। এতিয়া পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ । আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ দাখিলৰ বাবে কৰা হৈছে আন এক বিশেষ ব্যৱস্থা। প্ৰমাণ পত্ৰ জমা দিবলৈ বেংকত উপলব্ধ হ’ব বিশেষ কক্ষ। দেওবাৰে এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।

কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক (IPPB)ৰ জৰিয়তেও ডিজিটেল জীৱন প্ৰমাণ পত্ৰ দিব পাৰিব পেঞ্চনাৰসকলে। প্ৰায় ১.৮৯ লাখ ডাক সেৱকৰ জৰিয়তে IPPBয়ে পেঞ্চনাৰসকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব জীৱন প্ৰমাণ পত্ৰ। আনহাতে ঘৰৰ পৰাই কম্পিউটাৰ অথবা মোবাইলৰ লগত বায়মেট্ৰিক ডিভাইছ সংযোগ কৰিও পেঞ্চনাৰসকলে জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ।