Home Blog Page 3095

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে ।

গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে ড্ৰাগছখিনি ।

ড্ৰাগছসহ আটক ছাহাবুদ্দিন কাজী ।

ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা ।

ড্ৰাগছখিনিৰ ওজন ৪০০ গ্ৰাম ।

বদৰপুৰৰ পৰা AS10C5456নম্বৰৰ বাছেৰে আনিছিল ড্ৰাগছখিনি ।

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা । ক’ভিড পৰিৱেশৰ বাবে এই সিদ্ধান্ত  । পৰৱৰ্তী সময়ত দিন আৰু পৰীক্ষাৰসূচী ঘোষণা কৰা হ’ব  । দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব । ফেব্ৰুৱাৰীৰ পাছত পৰীক্ষা অনুষ্ঠিতকৰণৰ ইংগিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখৰীয়ালৰ ।

লণ্ডনৰপৰা ভাৰতলৈ বিমানত অহা ৮ জন যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

সোমবাৰে নিশা দুখন পৃথক বিমানেৰে লণ্ডনৰপৰা ভাৰতলৈ অহা ৮জন যাত্ৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷ আনহাতে আজি পুৱা দিল্লীত অৱতৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ বিমানৰ যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে। ব্ৰিটেইনত চিনাক্ত হোৱা কৰ’না ভাইৰাছৰ এক নতুন ৱেভৰ বাবে বৰ্ধিত শংকাৰ মাজতে আহিছে এই উদ্বেগজনক খবৰ৷

উল্লেখ্য যে কেইদিনমানৰপৰা ভাৰতকে ধৰি কেইবাখনো দেশে ব্ৰিটেইনৰপৰা বিমান যাত্ৰা অৱৰুদ্ধ কৰি ৰাখিছে। ইউ কেৰপৰা অহা বিমানত ভাৰতৰ নিষিদ্ধতা বুধবাৰৰপৰাহে কাৰ্যকৰী হ’ব আৰু ৩১ ডিচেম্বৰলৈ বাহাল থাকিব। চৰকাৰে প্ৰকাশ কৰা মতে ইউ কেৰপৰা অহা সকলো যাত্ৰী বিমানবন্দৰত আহি পোৱাৰ পাছত পৰীক্ষা কৰা হ’ব। ভাৰতলৈ অহাৰ পাছত ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জন যাত্ৰী অহা বিমানখনত ২৬৬ জন যাত্ৰী আছিল৷ সোমবাৰে দিনৰ ১০.৪০ বজাত দিল্লীত অৱতৰণ কৰা বিমানখন এয়াৰ ইণ্ডিয়াৰ আছিল৷ জানিব পৰা মতে ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জনৰ ভিতৰত এজনে চেন্নাইলৈ সংযোগী বিমান লৈছিল আৰু তাত তেওঁৰ সংক্ৰমণ ধৰা পৰিছিল৷

কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং

কৰ’ণাত আক্ৰান্ত বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং।

সামাজিক মাধ্যমযোগে এই কথা নিজেই প্ৰকাশ কৰে ৰাকুলপ্ৰীতে ।

ৰাকুলপ্ৰীত সিংৰ টুইট

কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে তেওঁ নিজেই ঘৰতে কোৱাৰেণ্টিন কৰিছে ।

সামাজিক মাধ্যমযোগেৰেই সম্প্ৰতি সুস্থ বুলি প্ৰকাশ কৰে ৰাকুলপ্ৰীতে ।

এইকেইদিনত তেওঁক লগ পোৱা সকলোকে কৰ’ণা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে তেওঁ নিজেই ।

সম্প্ৰতি মেডে নামৰ ছবিখনৰ বাবে শ্বুটিংত ব্যস্ত আছিল অভিনেত্ৰীগৰাকী।

আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়া হয় । এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা ।

অসম মালা আঁচনিৰ সকলো পথ বহল হ’ব । দুটাকৈ সঞ্চালকালয় হব সমাজকল্যাণ বিভাগত । মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় আৰু সামাজিক, ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়। নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণ গ্ৰহণৰ বাবে অনুমোদন ।

চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা । মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাৱে ক্ৰয় কৰিব পাৰিব মাটি ।

NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা ।

কোচ–ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনত অনুমোদন । বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন জনোৱা হয় এই বৈঠকত।

মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে মগ্ন তাৰকা : আটক ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা

মুম্বাইৰ আৰক্ষীৰ কঠোৰ অভিযান। দেশজুৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য প্ৰশাসন উঠি পৰি লগাৰ সময়তে একাংশ তাৰকা মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ আছিল । নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা, জনপ্ৰিয় কণ্ঠশিল্পী গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা মুম্বাইৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হল ।

গুৰু ৰন্ধৱা

মুম্বাই বিমান বন্দৰৰ সমীপতে থকা জে ডব্লিউ মেৰিয়ট হোটেলৰ ক্লাবত নিশা পাৰ্টি চলি আছিল। ক্লাবত কোনো লোকেই কৰ’ণাৰ নীতি নিৰ্দেশনা পালন কৰা নাছিল।নৈশ কাৰ্ফিউ থকাৰ পাছতো পাৰ্টিত মগ্ন আছিল আঢ্যৱন্ত ঘৰৰ যুৱতীসহ তাৰকাকেইগৰাকী।

সুৰেশ ৰাইনা

ফলত ৩৪ জন লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে আইপিচি ১৮৮ ধাৰৰ অধিনত গোচৰ ৰুজু কৰে । এইসকলৰ ভিতৰত বহুকেইগৰাকী তালিকাৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু গুৰু ৰন্ধৱাও উপস্থিত থাকে । সম্প্ৰতি দুয়োগৰাকী তাৰকাসহ সকলো আটকাধীন লোকে বেইল লাভ কৰে ।

Sussanne Khan

যশস্বী নাট্য শিল্পী ভোলা কটকীৰ ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাট, ২২ ডিচেম্বৰ: জ্যোতি-বিষ্ণু-ফণী শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্মিধ্যৰে অভিনয় জগতত খোজ পেলাই উজ্জ্বীবিত অভিনয়ৰে শদিয়াৰ পৰা ধুবুৰীলৈ অগণন দৰ্শক ৰাইজৰ শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হোৱা তথা  গোয়েংকা চলচিত্ৰ বঁটা, মুনলাইট মিডিয়া বঁটা আৰু শেহতীয়াকৈ ২০১৬ চনত অসম চৰকাৰৰ ফালৰ পৰা নটসুৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰা যশস্বী শিল্পী ভোলা কটকীৰ ৮৮ সংখ্যক ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে জামুগুৰিহাটত ৷ জন্মস্থান জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ যুৱক-যুৱতী তথা ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া মহান শিল্পী গৰাকীৰ ওপজা দিনটো মধুৰ কৰি তুলিবলৈ গীত-নাচ-নাটককে ধৰি এলানি কাৰ্যসূচী হাতত লৈছে । অহা ২০ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানটিত শিশু নাট “অৰন্যৰ পটভূমি”ৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপালীম” নাট খনো মঞ্চস্থ হব।দুয়োখন নাটক পৰিচালনা কৰিব ভোলা কটকীৰ কনিষ্ঠ পুত্ৰ তথা বিশিষ্ট পৰিচালক স্বৰাজ কটকীয়ে । ইফালে যোৱা ২০ ডিচেম্বৰত জামুগুৰিহাটৰ কুৰিখন গাঁৱৰ ৰাইজ, যুৱক যুৱতী তথা শিশুসকলৰ উপস্থিতিত শিল্পী গৰাকীৰ ওপজা দিনটোত অনুষ্ঠিত হব লগা “অৰণ্যৰ পটভূমি” শীৰ্ষক শিশু নাট খনৰো আখৰা উন্মোচন কৰে অৱসৰী শিক্ষক সমাজকৰ্মী শৰৎ ভূঞাই । এই উপলক্ষে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত বৰেণ্য শিল্পীগৰাকীৰ নাট্য জীৱন সম্পৰ্কে আলোকপাত কৰা হয় । জানিব পৰা মতে শিল্পী গৰাকীৰ নিজা গাঁও সংগীয়া মাজৰ চুকত উদযাপন হব লগা উপজা দিনটোত গাঁওবাসীৰ লগতে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ আগবঢ়াব । 

কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ

দেওবাৰে পশ্চিম বংগত এখন সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে মন্তব্য কৰে যে, “কৰ’ণা ভেকছিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন নীতি গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ। 

সমাগত বিধানসভা নিৰ্বাচনলৈ কেইমাহমান থকাৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । পশ্চিমবংগত উপস্থিত হৈ অমিত শ্বাহে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰে । বলপুৰত এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কা বলৱৎ হোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ নহয় যদিও ৰাজ্যখনত কা বলৱৎ হোৱাৰ কথা জনাইছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই। কৰ’ণাৰ সংক্ৰমণ আৰু কিছু হ্ৰাস হোৱাৰ পিচতেই ২০২১ৰ জানুৱাৰী অথবা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে।

পহিলা জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ কাম

ৰাজ্যবাসীৰ বাবে সুখবৰ। নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ অসম সমবায় মৰাপাট কলৰ উৎপাদনৰ কাম আৰম্ভ হ’ব। প্ৰায় দুমাহ ধৰি মৰাপাট কলটো বন্ধ হৈ থকাৰ অন্তত অৱশেষত আহিল এই ভাল খবৰ । পৰিচালনা মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে এই কথা ।

উল্লেখযোগ্য যে যোৱা ১২ নৱেম্বৰ তাৰিখে মৰাপাট কল কৰ্তৃপক্ষ , ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায্য ঘোষণা কৰিছিল ।

পৰৱৰ্তী সময়ত যোৱা ১১ ডিচেম্বৰ তাৰিখে শিলঘাটত উপস্থিত হৈ কলটো উৎপাদন কাৰ্য অনতিপলমে আৰম্ভ হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা

যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীসকলক উলিয়াই দিছিল আৰু যাৰ ফলত প্ৰচণ্ড শীতত হাগ্ৰামাৰ বাসগৃহৰ বাহিৰত ৰাজপথতে নৈশ যাপন কৰিব লগা হৈছিল আৰক্ষী জোৱান সকলে । হাগ্ৰামা মহিলাৰীয়ে আধাঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াত জোৱান সকলে  টালি -টোপোলা, বেডিং বান্ধি গড়কাপ্তানি পথলৈ ওলাই আহে আৰু উৰ্ধতম বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। নিৰাপত্তাৰক্ষী বিষয়াই সদৰি কৰা মতে সদ্যহতে ২১ গৰাকী নিৰাপত্তাৰক্ষীৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল যদিও প্ৰশাসনে ইয়াৰে ১১ গৰাকী নিৰাপত্তাৰক্ষী ৰাখি বাকীখিনিক প্ৰত্যাহাৰ কৰিব বুলি আগতীয়া তথ্য লাভ কৰিয়ে হাগ্ৰামা মহিলাৰীয়ে খঙতে সকলো নিৰাপত্তাৰক্ষীক বিদায় দিয়ে।

আনহাতে, নিশা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীলৈ  IGPৰ পত্ৰ । আজি কোকৰাঝাৰৰ আৰক্ষী মহানিৰ্দেশকে এক পত্ৰৰ জৰিয়তে পুনৰ হাগ্ৰামাক নিৰাপত্তা বেষ্টনি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰীক কেবিনেট পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে কোকৰাঝাৰৰ আইজিপিয়ে। এতিয়াৰ পৰা হাগ্ৰামাই লাভ কৰিব ২ গৰাকী দেহৰক্ষী, ৩ জনীয়া এছকোৰ্ট, এগৰাকী প্ৰধান দেহৰক্ষী, আৰু ৮ জনীয়া গৃহৰক্ষী।