Home Blog Page 3108

খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ, কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনপ্ৰতিনিধিৰ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-পলাহৰটাৰী অঞ্চলত দেখা দিছে ভয়াৱহ জলসংকট । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোত খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অগভীৰ নলীনাদ অথবা ছেল মেচিনৰ চলোৱাৰ বাবে ভু-গৰ্ভস্থ পানীৰ স্তৰ নিম্নগামী হোৱাত অঞ্চলটোৰ দমকলৰ পৰা পানী ওলোৱা বন্ধ হৈ পৰিছে।

উপায়বিহীন হৈ পথাৰৰ এচুকত খাল খান্দি কোনোমতে গয়াই গোটাইছে দিনটোৰ খোৱা-ধোৱা পানীখিনি। কেইদিনমান পিছত এই সমস্যা আৰু ভয়ানক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নথকা নহয়। নগৰবেৰাৰ খামেৰী, পলাহৰটাৰী, কল্যাণপুৰ, অদলা আদি অঞ্চলত প্ৰতি বছৰে এনে সময়ত ধাৰাসাৰ বৰষুণ নোহোৱাকৈ পানীৰ অভাৱ ঘটি আহিছে।

উল্লেখ্য যে অঞ্চলটোত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনি কেন্দ্ৰ স্থাপন কৰিছে যদিও আঁচনিসমূহ  বিকল হৈ থকাত ৰাইজে পানী যোগানৰ পৰা বঞ্চিত হব লগা হৈছে। চৰকাৰে লক্ষ্য লক্ষ টকা খৰচ কৰি নিৰ্মাণ কৰা এইসমূহ আঁচনি ৰাইজক আভুৱা ভৰাই থকাৰ বাহিৰে আন একোৱেই নহয় বুলি ৰাইজে মন্তব্য কৰিছে।

বিগত কেইবা বছৰ ধৰি অঞ্চলটোত খোৱা পানীৰ নাটনি সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে বাতৰি প্ৰকাশ পোৱাৰ পিছতো সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভোক্তভোগী ৰাইজে। পানীৰ হাহাকাৰৰ বাবে ভোক্তভোগী ৰাইজে বিধায়িকা নন্দিতা দাসক ধিক্কাৰ দিয়ে আৰু এই সমস্যা সমাধান নকৰিলে সমাগত বিধান সভাৰ নিৰ্বাচনৰ ভোট নিদিয়ে বুলি ক্ষোভ প্ৰকাশ কৰে।

বছৰে বছৰে হোৱা খোৱা পানীৰ নাটনি দুৰ কৰাৰ বাবে পানী যোগান আঁচনি কেন্দ্ৰসমূহ কাৰ্যক্ষম কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্থানীয় বিধায়িকা নন্দিতা দাস, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে অঞ্চলটোত খোৱা পানীৰ যোগান ধৰাৰ দাবী জনাইছেে ভোক্তভোগী ৰাইজে।

পলাতক নিৰৱ মোদীৰ ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি

ভাৰতৰ বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা লুটি বিদেশলৈ পলায়ন কৰা নিৰৱ মোদীক ভাৰতলৈ অনা দুৱাৰ মুকলি হ’ল ৷ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ যোজা চলি থকাৰ সময়তে লণ্ডনৰ আদালতে গ্ৰীণ চিগনেল দিলে ৷ পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়কক ব্ৰিটেইনৰ আদালতে ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰে বুধবাৰে ৷

কুখ্যাত ভাৰতীয় হীৰা ব্যৱসায়ী নিৰৱ মোদীক স্বদেশলৈ উভতাই আনিবলৈ লণ্ডনৰ ৱেষ্টমিনষ্টাৰ আদালতে কয় যে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব নিৰৱ মোদীক ৷ আদালতে কয় যে ভাৰতলৈ প্ৰত্যৱৰ্তন কৰাত কোনো অসুবিধা থাকিব নোৱাৰে ৷ অসুবিধা থকা বুলি প্ৰচাৰ হোৱা বিষয়টো ভুল ৷

৪৮ বছৰীয়া নিৰৱে ২০১৯ চনৰ ১৯ মাৰ্চত লণ্ডনৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথ । আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি দিলে ড০ নাথক ।

ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে ২৮ ফেব্ৰুৱাৰীত ল’ব অৱসৰ । ফাৰ্মাচিটিউকেল বিভাগৰ অধ্যাপক ড০ লীলাকান্ত নাথ । জ্যেষ্ঠতাৰ ভিত্তিত লীলাকান্ত নাথক এই দায়িত্ব আচাৰ্যৰ । দুৰ্নীতিৰ অভিযোগত নিলম্বিত হৈ আছে উপাচাৰ্য ৰঞ্জিত তামুলী ।

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

আকস্মিকভাৱে মৃত্যু ঘটে শিল্পীগৰাকীৰ

শিৱসাগৰৰ বাসভৱনত শুই থকা অৱস্থাতে মৃত্যু শিল্পীগৰাকীৰ

কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নীড় দিপাংকৰে

তেওঁৰ উল্লেখযোগ্য এলবামৰ ভিতৰত, টুপ টুপ, চিঞৰ, নীলিমাৰে
কোলাত আদি

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

বিয়লি ৪.৩০ বজাত মুখ্য নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল

অসমকে ধৰি ৫ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে বলৱত্‍ হ’ব আচৰণ বিধি

আজি হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰিব ।

হিমাৰ লগতে মুঠ ৫৯৭ গৰাকী লোকক প্ৰদান কৰা হব আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ। পদ সমূহ হৈছে উপ পৰিদৰ্শক।

গুৱাহাটী মহানগৰৰ স্থিত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হব এই অনুষ্ঠান।

য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নিযুক্তি পত্ৰ সমূহ প্ৰদান কৰিব।

কাজিৰঙাত পৰ্যটকক হাতীৰ প্ৰচণ্ড খেদা : ভালুকৰ আক্ৰমণত বনকৰ্মী আহত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ দিনটোত দুটা পৃথক ঘটনা সংঘটিত হয় ৷ পুৱাৰ ভাগত কাজিৰঙা দৰ্শনৰ বাবে অহা এটা পৰ্যটক দলক এটা বনৰীয়া হাতীয়ে প্ৰচণ্ড খেদা লয় ৷ দেশীয় পৰ্যটন দলটিয়ে এখন জীপচীৰে উদ্যানখনৰ অগৰাতলী বনাঞ্চলত জীপ ছাফাৰী কৰি থকা সময়তে এটা প্ৰচণ্ড মখনা হাতীয়ে খেদি আহে ৷ জীপচীখনত থকা বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত বৃহৎ মখনা হাতীতো আতৰি যায় আৰু দৈব্যক্ৰমে পৰ্যটকৰ দলটো ৰক্ষা পৰে ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি বিয়লি ভাগত পুনৰ আন এক ঘটনা সংঘটিত হয় ৷ কৰ্তব্য সম্পাদন কৰি থকা বনকৰ্মীক এটা ভালুকে অতৰ্কিতে আক্ৰমণ কৰি আহত কৰে ৷

উদ্যানখন কহঁৰা বনাঞ্চলৰ দুসুতি বন শিবিৰ এলেকাত দুজন বনকৰ্মীয়ে নদীৰ পাৰেৰে কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে ভালুকে অতৰ্কিতে উদ্যানখনৰ অস্থায়ী বনকৰ্মী মনোজ গগৈক আক্ৰমণ কৰে ৷ হাতত থকা বন্দুকটো ভালুকৰ মুখৰ সন্মুখত পাতি দিয়াৰ বাবে কম পৰিমাণে আহত হয় মনোজ গগৈ ৷ লগত থকা আনজন বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত ভালুকটো সেই স্থানৰ পৰা পলাই যায় ৷ পৰৱৰ্তি সময়ত কম পৰিমাণে আহত অস্থায়ী বনকৰ্মী মনোজ গগৈক বন বিভাগৰ এম্বুলেঞ্চেৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান অস্থায়ী বনকৰ্মী মনোজ গগৈ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

বিটিআৰত নদীৰ বুকুত অবৈধ শিল,বালিৰ খনন দুষ্ট চক্ৰৰ

অসমৰ প্ৰকৃতিৰ মুক্ত দান শিল,বালি যদিও হয় তথাপি এনেবোৰৰ পৰা ৰাজ্য চৰকাৰৰ বন বিভাগে বছৰি কোটি -কোটি টকা ৰাজহ সংগ্ৰহ কৰি আহিছে কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ(বিটিআৰৰ) বাকসা জিলাৰ মানস নদীৰ মৈথাবাৰী ,খাগৰাবাৰী,আৰু মানস ৰাষ্ট্ৰীয় উদ্যাণৰ বনভোজ থলীত দিনে নিশাই ২৪ঘণ্টায়ে জেচিবি,ফকলেণ্ডে শিল,বালি এটা চক্ৰই খনন কৰি দাম্পৰে-দাম্পৰে চালান বিহিন ভাৱে সৰবৰাহ কৰি আহিছে বিগত এক মাহ ধৰি। উল্লেখযোগ্য যে খাগৰাবাৰী শিল, বালি মহলৰ মালিক পুলেন ব্ৰহ্মই যোৱা সাত বছৰ ধৰি প্ৰতি তিনি মাহৰ মূৰে ১৮ লাখ আৰু তাৰ সমান্তৰালভাৱে চুণবাৰী শিল,বালিৰ মহলদাৰ জেণ্ডাৰ ব্ৰহ্ময়ে ও কোৱাটাৰলি ৫ লাখকৈ বাকসা বন সংমণ্ডল বিষয়া কাৰ্য্যালয়ত ৰাজহ জমা দি শিল,বালি সৰবৰাহ কৰি আহিছে যদিও এটা চক্ৰয়ে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ নাম অবৈধ ভাৱে শিল,বালি খননৰ কৰ্মক একাংশ ৰাইজৰ মাজত চৰ্চিত হোৱাৰ অভিযোগ উঠিছে। উক্ত অবৈধ শিল,বালি খননৰ কৰ্ম ৰোধ কৰা দিশত গুৰুত্ব দিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক একাংশ সচেতন বিটিআৰবাসীয়ে আহ্বান জনাইছে।

পদ্ম আনন্দ বজাৰত আজিৰে পৰা এক মাৰ্চলৈ বিশ্ব শান্তি একনাম মহাযজ্ঞ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পদ্ম আনন্দ  বজাৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ পদ্ম আনন্দ  আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত  পঞ্চদশ বিশ্ব শান্তি একনাম  মহাযজ্ঞ  অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।২৬ ফেব্ৰুৱাৰীৰ পুৱা দহ বজাত মুখ্য দ্বাৰ  উন্মোচন কৰিব তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  চিকিৎসক ডা: গৌতম মেধিয়ে ।১০:১৫ বজাত গৌৰ পতাকা  উত্তোলন কৰিব পৰিচালনা সমিতোৰ সভাপতি ভোলা নাথ বৰ্মনে ।চাৰে এঘাৰ বজাত স্মৃতি তৰ্পন। এই অনুষ্ঠানতি সম্পন্ন কৰিব একনাম মহাযজ্ঞ মহোৎসৱ পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি ধনেশ্বৰ বড়োই ।  আবেলি তিনি বজাত পানী তোলা অনুষ্ঠান আৰু শোভাযাত্ৰাৰ আত ধৰিব জংগা বড়োই । সন্ধিয়া বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰীয়ে মন্দিৰৰ দ্বাৰ উন্মোচন কৰাৰ পিছত শিৱযজ্ঞ ধ্বনীৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী হিৰিম্বা ৰামচিয়াৰীয়ে ।  সন্ধিয়া ৬-১৫ বজাত শ্ৰী শ্ৰী শিৱধ্বনী উন্মোচন কৰিব সমাজকৰ্মী যতীন কলিতাই । সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী মদ্ভাগৱৎশ্বৰ পাঠ, মঙ্গলাচৰন আৰু মহানাম যজ্ঞাধিবাস। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব শিমলুবাৰী গাওৰ  ৰাধা গোবিন্দ সম্প্ৰদায়ে । ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব মন্টু বৈষ্ণৱে  । পুৱা ছয় বজাৰ পৰা ষোল প্ৰহৰ অখণ্ড মহানাম যজ্ঞৰ শুভাৰম্ভ কৰিব ৰাধা গোবিন্দ সম্প্ৰদায়ে । আবেলি এক বজাত মহা প্ৰসাদ বিতৰণ । ২৮ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা অখণ্ড মহানাম যজ্ঞ  চলি থাকিব আৰু দুপৰীয়া এক বজাত  মহা প্ৰসাদ বিতৰণ । ১ মাৰ্চৰ পুৱা  বজাত অখণ্ড মহানাম যজ্ঞ  কীৰ্ত্তানুষ্ঠানৰ সামৰণি। মহাযজ্ঞৰ সমাপ্তিৰ লগে লগে বিশ্ব শান্তিৰ বাবে নগৰ কীৰ্ত্তন আৰম্ভ আৰু দুপৰীয়া ১২ বজাত শ্ৰীশ্ৰী কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ ভোগ নিবেদন ,আৰতি কীৰ্ত্তন আৰু মহা প্ৰসাদ বিতৰণেৰে  বিশ্ব শান্তি একনাম মহাযজ্ঞ অনুষ্ঠানৰ সমাপ্তি ঘটিব।

কোঁৱৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত পশ্চিম  কোঁৱৰপুৰ মৌজাৰ বাৰেঘৰীয়া বনগাৱঁত আজি পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ  উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।জানিব পৰা মতে মৃতদেহটো গাওঁখনৰ পথাৰৰ মাজত থকা এখন বাৰীৰ চাৰিসীমাৰ বেৰাৰ কাটা তাঁৰৰ মাজত মূৰটো সোমাই থকাৰ লগতে বাকী অংশ মাটিত আছিল।পিন্ধনত কলা ৰঙৰ এটা জিনছ পেন্ট আৰু মাটি ৰঙৰ এটা জেকেট পৰিহিত যুৱকজনজনৰ  মুখমণ্ডল ফুলি থকাৰ লগতে এটা দাত ভঙা আৰু ভৰিৰ আঠুত কটা দাগ চাই যুৱকজনক কোনো লোকে হত্যা কৰি সেই স্থানত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। অন্যহাতে স্থানীয় লোকে আজি পথাৰলৈ যাওঁতে  মৃতদেহটো প্ৰত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৃতদেহটো বতমানেও চিনাক্ত কৰা হোৱা নাই।