Home Blog Page 3117

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই ।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ অসমৰ উন্নয়ন কৰিব নালাগে আজমলে। মাদ্ৰাছাতো এই ফাণ্ডেৰে দেশদ্ৰোহিতাৰ কাম চলাই আছে আজমলে।মৌলানা-মুফ্টীৰ নামত ইছলামিক সন্ত্ৰাসবাদ যিসকলে কৰি আছে, সেয়া বদৰুদ্দিন আজমলে হওক অন্য কোনোবা সেইসকলৰ বিৰুদ্ধে আমি মাত মাতি যাম সদায়।’

সত্যৰঞ্জন বৰাৰ প্ৰশ্ন চৰকাৰলৈ, ‘মাদ্ৰাছা কিয় বন্ধ নকৰে চৰকাৰে। প্ৰভাৱশালী মন্ত্ৰীৰ প্ৰভাৱ নাইকীয়া হ’ল নেকি?’

বদৰুদ্দিন আজমলৰ দৰে অভিযুক্তক যেতিয়ালৈ আমি শেষ কৰিব নোৱাৰো তেতিয়ালৈ এই প্ৰক্ৰিয়া আমি শেষ কৰিব নোৱাৰো। এই মন্তব্য বৰাৰ।

মৰিগাঁও জিলাৰ তিৱা নিৰ্বাচনৰ প্ৰাথী তালিকা প্ৰকাশ

 মৰিগাঁও, ৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ব পৰিষদৰ ২০২০ চনৰ সাধাৰন নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰসমূহ  মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰে। জানিব পৰা মতে  সেইবোৰ ৫৯টা বৈধ বুলি মৰিগাঁও জিলা প্ৰশাসনে জনাই। ইয়াৰে জামাদাৰী (ST বৰঙাবাৰী (ST)ভুৰবান্ধা (ST)কোঁৱৰগাঁও (ST ঢেকিফলা (ST women মানিপুৰ (ST women). গৰমাৰী (ST women) ঘগুৱা (ST) দমাল (ST). টেটেলিয়া (St,জোনবীল (ST)না-খোলা(ST). নেলী- খালা (ST). গভা (St. বিহুৱৰী (open) শলমাৰী (open) . ভুমুৰাগুৰি (St চাৰিপুনিয়া চাবুকধৰাST)১৯. বৰচলা(ST) । উল্লেখ্য যে BJP দলৰ ২৫জনে প্ৰাৰ্থীত্ব আগবঢ়াইছে, AGP য়ে ১১ জনে প্ৰাৰ্থীত্ব আগবঢ়াই, AAP য়ে ১৪জন, নিৰ্দলীয়য় ৪৯ জন আৰু কংগ্ৰেছে য়ে ২৯ জন প্ৰাৰ্থীত্ব আগবঢ়াই। এই সমষ্টি কেইটাত অসম গন পৰিসদ, ভাৰতীয় জনতা পাৰটি, আমি আদমি পাৰটি, নিৰ্দলীয় কংগ্ৰেছ আদি দলৰ মনোনয়ন পত্ৰ দাখিল কৰা হয়।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ২৭ নং কাকী সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

হোজাই, ৪ ডিচেম্বৰ: অহা ইং ১৭ ডিচেম্বৰ, ২০২০ তাৰিখে হ’বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন হোজাই জিলাৰ অন্তৰ্গত ২৭ নং কাকী (মুক্ত) সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰি হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ পৰা ৩ ডিচেম্বৰ তাৰিখে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়। উক্ত সমষ্টিৰ প্ৰতিদ্বন্দ্বীতাৰ বাবে ৰাজনৈতিক দলৰ মুঠ দুই গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু ৩ ডিচেম্বৰ, ২০২০ তাৰিখে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কোনো এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নাই। গতিকে ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰাৰ্থী শ্রী বিজুমনি বৰদলৈ ‍আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী শ্রী সুভাষ বসুমতাৰীৰ নাম চুৰান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিচাবে তালিকা প্ৰকাশ কৰা হয়। 

ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ স্বচ্ছ ভাৰত অভিযান

অনলাইন বাৰ্তা, ৪ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষে আজি ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰুপায়ন কৰে ৷ পূৱা ৮ বজাত আৰম্ভ কৰা চাফাই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, ৰাজধানী মন্ডলৰ সভাপতি জিতু হাজৰিকা, মহানগৰ জিলাৰ স্বচ্ছ ভাৰত অভিযান কোষৰ আহ্বায়ক মৃনাল কুমাৰ কাকতিৰ লগতে ভালেসংখ্যক সদস্যৰ উপস্থিতিত বিদ্যালয়ৰ চৌহদ এফালৰ পৰা পৰিস্কাৰ কৰা হয় ৷ সভাপতি মৃগেন শৰনীয়া সহ আটাইকেইগৰাকী সদস্যই হাতত ঝাৰু লৈ বিদ্যালয়ৰ প্ৰাংগণ পৰিস্কাৰ কৰাৰ বাবেই স্কুল কৰ্তৃপক্ষই বিজেপিৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

আজিৰে পৰা দৰঙৰ বৈৰাগীঝাৰত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

 দিপীলা, ৪ডিচেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বৈৰাগীঝাৰ আঞ্চলিক ক্ৰীড়া পৰিচালনা সমিতিৰ উদ্যোগত স্থানীয় বৈৰাগীঝাৰ খেলপথাৰত আজিৰে পৰা এলানি প্ৰাইজমানি টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পুৱা ন বজাৰ পৰা আৰম্ভ হব লগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই। প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলক বিশ হাজাৰ এক টকা আৰু বিজিত দলক বাৰ হাজাৰ এক টকা নগদ ধন প্ৰদান কৰিব লগীয়া প্ৰতিযোগিতাৰ ভৰ্তি মাচুল পোন্ধৰ শ টকা নিৰ্ধাৰণ কৰে।’মেন অৱ দ্যা মেচ’ আৰু ‘মেন অৱ দ্যা ছিৰিজ’ৰ ব্যৱস্থা থকা প্ৰতিযোগিতাৰ ছয় ডিচেম্বৰৰ চূড়ান্ত খেলখন উদ্বোন কৰিব স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ইচ্ছুক প্ৰতিযোগী দল সকলক যোগদান নিশ্চিতৰ বাবে ৯১০১৫২৭৮১৪,৬০০১০৯০২৫৭ আৰু ৯১৩২৭৮৬১৭৬ ম’বাইল ফ’ন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে জনাইছে ।

এটা বেচৰকাৰী সংস্থাৰ অভিযোগ, সন্ত্ৰাসবাদৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেচন ! হিমন্ত বিশ্ব শৰ্মাই কিহৰ তদন্ত কথা ক’লে !

আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ । বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাৰ । ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে এই সংস্থাটোয়ে ৷

লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে টুইটাৰযোগে প্রকাশ কৰা তথ্য মতে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ-ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল-ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে ৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে টুইটটোত ৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল ৷

তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছিল৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷


তদুপৰি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে টুইটাৰত প্রকাশ কৰিছে যে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্রত কাম কৰাৰ বাবে ৬৯.৫৫ কোটি টকা লাভ কৰিছিল কিন্ত ইয়াৰে মাত্র ২.০৫ কোটি টকাহে শিক্ষাৰ নামত আজমল ফাউণ্ডেচনে ব্যয় কৰিছে ৷

এই সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে এই সম্পৰ্কত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে সংবাদমাধ্যমৰ আগত বদৰুদ্দিন আজমলে প্ৰকাশ কৰে যে, বিদেশৰ কথা তেওঁলোক জ্ঞাত নহয় কিন্তু ভাৰতত বে–আইনী কাম হোৱা নাই আৰু কাৰোবাৰ কিবা আপত্তি থাকিলে দাখিল কৰিব পাৰে। আজমল ফাউণ্ডেচনে বিদেশী পূঁজিৰ ক্ষেত্ৰত কোনো নিয়ম ভংগ কৰা নাই।

ৰাজ্যত কৰ’নাত মৃত্যু লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ দুজন লোকে প্ৰাণ হেৰুৱালে কৰ’নাৰ ফলত । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি হ’ল । স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনায় এই কথা । আজি মৃত্যু হোৱা লোক দুজনৰ এজন তিনিচুকীয়াৰ ৪৮ বৰ্ষীয়ান সূৰ্য বাহাদুৰ লিম্বু আৰু আনজন ডিব্ৰুগড়ৰ ৭৬ বৰ্ষীয় কৰুণা কান্ত ভট্টাচাৰ্য।

আনহাতে আজিৰ দিনটোত ৰাজ্যত কৰ’ণা আক্ৰান্ত ধৰা পৰিছে ১৬৫ গৰাকী লোক। ইয়াৰে ভিতৰত ৪৮ গৰাকী লোক কেৱল কামৰূপ মহানগৰৰ।

দিল্লীৰ এইমছৰ মতে ডিচেম্বৰৰ ভিতৰত দেশত উপলব্ধ হব কৰ’নাৰ ভেকচিন

বিশ্বত কৰ’না ভেকচিন উদ্ভাৱন হোৱা বুলি খবৰ সদৰী হোৱা পিছতেই বিভিন্ন দেত সৃষ্টি হৈছে এই ভেকচিন আহৰনৰ প্ৰতিযোগিতা ।ব্ৰিটেইনত কোৰোণা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ’ব আগন্তুক সপ্তাহৰ পৰা। সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কোৰোণাৰ প্ৰতিষেধক  দিয়া আৰম্ভ হৈছে।

এতিয়া প্ৰশ্ন হল, ভাৰতত কেতিয়াৰ পৰা উপলব্ধ হব কৰ’না ভেকচিন !

এই সম্পৰ্কত দিল্লীৰ এইমছৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে গুৰুত্বপূৰ্ণ মন্তব্য । এইমছৰ কৰ্তৃপক্ষৰ মতে, জৰুৰী ব্যৱহাৰৰ বাবে চলিত মাহতে ভাৰতত উপলব্ধ হব কৰ’না ভেকচিন ।এইমছৰ সঞ্চালকপ্ৰধান ৰণদীপ গুলেৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে, এই পৰ্যন্ত দেশৰ ভিতৰতে আমাৰ বহুকেইটা ভেকচিনৰ কাম-কাজ চলিছে। এই মাহৰ শেষত বা অহা মাহৰ আৰম্ভণিতে অনুমোদন লাভ কৰিব পাৰে ভেকচিনে। প্ৰতিটো ভেকচিনেই চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েলত আছে।

হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক দিব্যাংগ দিৱস সমাজত দিব্যাংগৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে হোৱা অনুষ্ঠানত স্বাস্থ্য শিবিৰ, অনান্য প্ৰতিযোগীতা কুইজ, নৃত্য, কবিতা আবৃত্তি আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভৰ পূৰ্বে বিদ্যালয়ৰ প্রধান শিক্ষক কিতাব আলীয়ে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ পতাকা উত্তোলন কৰে আৰু মূখ্য অতিথি হিচাপে  যোগীযান প্রাথমিক শিক্ষা খণ্ডৰ বিষয়া জিতেন ডেকাৰ লগতে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে। অনুষ্ঠানৰ সভাত দিব্যাংগৰ বিশেষ শিক্ষক জয়ন্ত চৌধুৰীয়ে কয় যে, “বিশেষভাৱে সক্ষম হোৱাতো অভিশাপ নহয়, এটা কথা সত্য যে এনে লোক সকল বহু ক্ষেত্ৰত সাধাৰণ লোকসকলতকৈ পাৰ্গত, তেওঁলোকক কোন ক্ষেত্ৰতে উপেক্ষা কৰা উচিত নহয়, সকলোকে সমান ভাৱে চোবা উচিত।” হোজাইৰ উক্ত বিদ্যালয়ত হোৱা অনুষ্ঠানত ৬০ গৰাকী বিশেষ ভাৱে সক্ষম লোক অভিভাবক তথা অনান্য স্থানীয় লোকসকল উপস্থিত থাকে।

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস উদযাপন

মৰিগাঁও ,৩ ডিচেম্বৰঃ বৃহস্পতি বাৰে মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত জিলা দিব্যাংগ সন্থা কাৰ্য্যালয়ত দিনযোৰা কাৰ্যক্ৰমেৰে বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰে। জিলা দিব্যাংগ সন্থাৰ সভাপতি লিলাধৰ শইকীয়া সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সমাজ কল্যাণ বিষয়া, জিলা যুটীয়া স্বাস্হ্য বিষয়া লগতে মৰিগাঁও জিলা জেষ্ঠ সাংবাদিক জাকিৰ হুছেইন সহ দুই শতাধিক দিব্যাংগৰ ব্যক্ত উপষ্ঠিত থাকে। অনুষ্ঠানত উপষ্ঠিত থকা বিশিষ্ট ব্যক্তি সকলে দিব্যাংগ সকলৰ বাবে চৰকাৰে অনুমোদন দিয়া সকলো আচনি সম্পৰ্কে বুজাই দিয়ে ।