জামুগুৰিহাট, ৫ডিচেম্বৰ : অসম সৰ্বশিক্ষা অভিযান মিচনৰ নদুৱাৰ শিক্ষা খণ্ডৰ অধীনত ২৭ নৱেম্বৰৰ আৰম্ভ হোৱা দিব্যাংগ সপ্তাহৰ যোৱা ৩ ডিচেম্বৰত সামৰণি পৰে। কভি’ড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ চৰকাৰী নিয়ম নীতি পালন কৰি দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে দিব্যাংগ আৰু সাধাৰণ ছাত্ৰ ছাত্ৰী সকলৰ মাজতো থিতাতে লিখা ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক ৩ডিচেম্বৰৰ দিনাই অনুষ্ঠিত হোৱা আন্তজাৰ্তিক দিব্যাংগ দিৱসৰ কাৰ্য্যসূচীত পুৰস্কাৰ প্ৰদান কৰা হয়। চতিয়া কন্যা মধ্য ইংৰাজী বিদ্যালয়ত পুৱা পতাকা উত্তোলনৰে দিব্যাংগ দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত নদুৱাৰ সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত শোণিতপুৰ জিলাৰ জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকা আৰু দীপক বিশ্বাস উপস্থিত থাকি সাৰুৱা বক্তৃতা প্ৰদান কৰি সকলোকে উপকৃত কৰে। অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ সৰ্বাত্মক শিক্ষা গোটৰ আঁচনি বিষয়া বিজুমণি হাজৰিকা আৰু নদুৱাৰ শিক্ষা খণ্ডৰ খণ্ড মিচন সমন্বয় পিটাৰ চৌধুৰিৰ তত্বাৱধানত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰমৰ জৰিয়তে দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন হোৱাৰ লগতে দিব্যাংগ শিশুক বিনামূলীয়াকৈ সহায়ক সঁজুলি প্ৰদান কৰা হয়। নদুৱাৰ শিক্ষা খণ্ডৰ গাণনিক সোণমণি শৰ্মা, এম আই এচ জুৰি কলিতা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হীৰেণ নাথ, দ্বিপেন নাথ, মইনুল হক, মিন্টু বৰা, নদুৱাৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটৰ সমলব্যক্তি মাধুৰ্য্য ভূঞা, চম্পক হাজৰিকা, অজিত নাথ, প্ৰফুল্ল নাথ ,হৰি দাহালৰ সমূহীয়া প্ৰচেষ্টাত অনুষ্ঠানটিৰ সফল সামৰণি পৰে।
নগাঁও বন বিভাগৰ সফলতা ; মূল্যবান কাঠ ভৰ্তি বাহন জব্দ
নগাঁও, ৫ ডিচেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নলতলী চুলুং অঞ্চলৰ পৰা যোৱা নিশা এখন গণসৰৈ টক্টা ভৰ্তি ব’লেৰ পিক আপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকিত গণসৰৈ কাঠ খিনি আমবাগান কাঠপাৰা এটা কাঠমিলৰ পৰা তেজপুৰৰ পাঁচমাইল লৈ কঢ়িয়াই নি থকাৰ সম্ভেদ লাভ কৰি বন সুৰক্ষা শাখাই নলতলীৰ চুলুংত অভিযান চলাই প্ৰায় লক্ষ্যাধীক মূল্যৰ ৮০ চিএফ পৰিমানৰ ফলা টক্টা খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকিত ব’লেৰ পিক আপ বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে এছ ০১ চিচি ৬০৫৭ ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে জব্দকিত কাঠভৰ্তি বাহন খন নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে ৷ নিশাৰ এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে দেৱানন্দ বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশী আদি উপস্থিত আছিল ৷

নিজ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে
গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে উত্থাপন কৰিছে গুৰুত্বৰ অভিযোগ । নিজ জীয়ৰীকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অধ্যক্ষ জনৰ বিৰুদ্ধে । আনহাতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে এনে এক গুৰুত্বৰ অভিযোগৰ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল।
গুৱাহাটীৰ বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ অষতোশ কুণ্ড আৰু পত্নী গীতা কুণ্ডৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে আনিলে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ২০১৪ চনৰ পৰা পিতৃয়ে তেওঁক যৌন নিৰ্যাতন আৰু সেইদৰে মাতৃয়ে মানসিক নিৰ্যাতন চলাই থকা বুলি উল্লেখ কৰি সোমবাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে ।
এই সমূহ কথা আৰক্ষীক জনোৱা বা আৰক্ষীৰ কাষ চপাৰ কথাৰ ক’লেই পিতৃ আৰু মাতৃয়ে যুৱতীগৰাকীক দিছিল প্ৰাণে মৰাৰ ভাবুকি। যুৱতীগৰাকীয়ে অধ্যক্ষ তথা নিজ পিতৃ অশতোশ কুণ্ডৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত দুৱাৰকৈ যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে যদিও এই পৰ্যন্ত আটক কৰা নাই আইন মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক। অভিযোগৰ কোনো মিমাংসা নোহোৱা পৰ্যন্ত অধ্যক্ষ জনক নিলম্বন কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।
৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা । ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা এই অধিৱেশনত।
নাগাৰা নামেৰে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰা শিল্পী নমিতা কলিতা
ডিমু, ৫ ডিচেম্বৰ : অসমৰ গাঁৱে ভূঞে এনে কিছুমান শিল্পী আছে , যি সকলে জীৱনৰ বেছি ভাগ সময় নীৰৱে সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ থাকে । ৰজাঘৰ প্ৰজাঘৰ কাৰোপৰা স্বীকৃতি নিবিচাৰি নিৰলস ত্যাগ আৰু সাধনাৰে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি তোলে । এইসকল শিল্পী য়ে, প্ৰচাৰ মাধ্যমৰ পৰাও বঞ্চিত হৈ থাকে অক্লান্ত সৈনিকৰ দৰে । নিজৰ কৰ্মত ব্ৰতী হৈ থকা এইসকল শিল্পী সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা এনে এগৰাকী নাগাৰা নামৰ লোক শিল্পী হল কামৰূপ (গ্ৰাম্য) জিলাৰ হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত লাচি বিষ্ণুপুৰ গাঁৱৰ খলিহামাৰী চুবুৰীৰ নমিতা কলিতা । নাগাৰা নাম তথা লোক সাংস্কৃতিক চৰ্চা কৰি সাংস্কৃতিক ক্ষেত্ৰখন সজীৱ কৰি ৰখা উনত্ৰিশ বছৰীয়া শিল্পী নমিতা কলিতাৰ পিতৃ সাংস্কৃতিক শিল্পী সমীন কলিতা আৰু মাতৃ ৰোহিনী কলিতা । এঘাৰ বছৰ বয়সত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে লাচিবিষ্ণুপুৰ গাৱৰে শিল্পী দণ্ডোধৰ কলিতাৰ পৰা নামৰ আদি পাঠ গ্ৰহণ কৰি পৰ্যায়ক্ৰমে নামৰ মহীৰূহ অচ্যুত ডেকাৰ পৰাও নাগাৰা নামৰ শিক্ষা গ্ৰহণ কৰে ।নাগাৰা নাম শিকি বংশী গোপাল মহিলা নাম দলত প্ৰথমে পাঠিকা হিচাবে বালিসত্ৰ আঞ্চলিক গোলাঘাট ৰাস মহোৎসৱত কীৰ্ত্তনৰ বিপ্ৰ পত্নী প্ৰসাদ আৰু ঘূনুচা যাত্ৰা নাম দুটি পৰিবেশন কৰি ভক্ত প্ৰাণ ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাবলৈ সক্ষম হয় । পৰ্যায়ক্ৰমে শিল্পী গৰাকীয়ে হাজো, ৰঙিয়া, কমলপুৰ, নলবাৰী, বেলশৰ, তেজপুৰ, ৰহা, নগাও, সৰভোগ, বৰপেটা, বকো, ছয়গাও, ক্ষেত্ৰী, ডিমু, গুৱাহাটী, মিৰ্জা, দৰং, ছিপাঝাৰ, মনাহকুছি, ক্ষুদ্ৰ ডিমু আদিৰ লগতে অঞ্চলটিৰ ভিন্ন অনুষ্ঠানত নামৰ ধাৰা অব্যাহত ৰাখিছে । শিল্পী নমিতা কলিতাই বেলশৰ, সৰুপেটা, তেজপুৰ, গুৱাহাটী, ৰহা আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা শিল্পী সম্বৰ্ধনা পাবলৈ সক্ষম হোৱাৰ উপৰি ২০১৬ চনত ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নাগাৰা নাম প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈও সক্ষম হৈছে । প্ৰায় ন মাহ মহামাৰী কৰোনা কালৰ বাবে শিল্পী গৰাকীয়ে অনুষ্ঠান সমূহত নাম পৰিবেশন কৰিব নোৱাৰাত শিল্পী গৰাকীৰ লগতে সহ শিল্পী নাগৰু, তালুৱৈ আৰু পালি সকল আৰ্থিক ভাৱে বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে শিল্পী নমিতা কলিতাই লকডাউনৰ সময়ত অসমৰ স্বনামধন্য শিল্পী সমাজক ৰাজ্য চৰকাৰে দিব বিচৰা এককালীন সাহাৰ্য্য আজিলৈকে নিদিয়াত দুখ প্ৰকাশ কৰে আৰু অতিশীঘ্ৰে সাহাৰ্য্য খিনি আগবঢ়াই শিল্পী সমাজক কিছু সকাহ দিয়াৰ বাবে চৰকাৰক অনুৰোধৰ লগতে দাবী জনায় ।
মৰিগাঁওত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী
মৰিগাঁও, ৫ ডিচেম্বৰ ২০২০ : ৰাজ্যত অব্যাহত নিচা যুক্ত সামগ্ৰী সৰবৰাহ। পুনৰ মৰিগাঁওত আৰক্ষীৰ অভিযানত জব্দ নিচা যুক্ত সামগ্ৰী। মৰিগাঁওত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী।
মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকোলা নেতৃত্বত মৰিগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰ অনুসৰি আজি জব্দ কৰিবলৈ সক্ষম হয় এই নিচা জাতীয় সামগ্ৰী খিনি।
প্ৰায় ২৪ লাখ টকাৰ মূল্যৰ নিচা জাতীয় সামগ্ৰী খিনি আৰক্ষীয়ে জব্দ কৰে যদিও দুৰ্ভাগ্যবশতঃ পলাই সাৰি যায় নিচা জাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত লোককেইজন।
সংবাদদাতা : গৌতম কুমাৰ কাকতি
ভাৰতে শীঘ্ৰে লাভ কৰিব ‘ROMEO’ হেলিকপ্টাৰ, মাৰ্কিন কোম্পানীয়ে মুকলি কৰিলে ছবি
নেভি ডে’ উপলক্ষে আমেৰিকান কোম্পানী Lockheed Martin এ ভাৰতক এক অনন্য উপহাৰ প্ৰদান কৰিছে। শুক্ৰবাৰে, ৪ ডিচেম্বৰ অৰ্থাৎ নেভি ডে, Lockheed Martin এ ভাৰতলৈ প্ৰদান কৰিব লগা এচ.ভি.-60 আৰু ‘ROMEO’ হেলিকপ্টাৰৰ প্ৰথম ছবি প্ৰকাশ কৰে।

অতি শীঘ্ৰেই এই ‘ROMEO’ হেলিকপ্টাৰবোৰ ভাৰতলৈ আহিব আৰু ভাৰতীয় নেভিৰ যুদ্ধ বেটত যোগদান কৰিব।

আমেৰিকাৰ প্ৰতিৰক্ষা সংস্থা Lockheed Martin এ ভাৰতে লাভ কৰিব লগা মাল্টিৰোল MH-60 ‘ROMEO’ হেলিকপ্টাৰৰ প্ৰথম খন ফটোৰে নেভি ডে’ত ভাৰতৰ সামৰিক বাহিনীক শুভেচ্ছা জনায়। ফটোত ভাৰতমুখী MH-60R আছে আৰু ইয়াৰ টেইল বুমৰ ওচৰত নতুনকৈ ৰখা নেভি ৰাউণ্ডেল আছে।

MH-60 ‘ROMEO’ক বিশ্বৰ আটাইতকৈ উন্নত চাবমেৰিন প্ৰতিৰোধী হেলিপ্টাৰৰ ভিতৰত বহুলভাৱে বিবেচনা কৰা হয় আৰু ইয়াক কেইবা দশক ধৰি সেৱা কৰি থকা শ্ৰব্য ব্ৰিটিছ নিৰ্মিত সাগৰীয় ৰজাৰ সলনি নাভিৰ ৱাৰ্পোৰ্টত নিয়োগ কৰা হ’ব।

উল্লেখ যোগ্য যে, ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত কৰাচী বন্দৰত হোৱা আক্ৰমণৰ স্মৰণত প্ৰতি বছৰে ৪ ডিচেম্বৰত নেভি দিৱস পালন কৰা হয়।
পুনৰ ৫ দিনৰ বাবে বন্ধ গুৱাহাটী ৰ’প ৱে’ সেৱা
জি এম ডি এয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি পুনৰ ৫ দিনৰ বাবে বন্ধ থাকিব গুৱাহাটীৰ ৰ’প ৱে’ সেৱা।
৭ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰৰলৈ বন্ধ থাকিব ব্ৰহ্মপুত্ৰৰ ওপৰৰ ৰ’প ৱে’। নিয়মিত মেৰামতিৰ বাবে বন্ধ থাকিব ৰ’প ৱে’ সেৱা। তাৰ বাবে যাত্ৰীসকলে যাতায়ত কৰিব নোৱাৰিব ৰ’প ৱে’ৰ জৰিয়তে ।
৮ ডিচেম্বৰত ভাৰত বন্ধ
ডিজিটেল ডেস্ক : শুকুৰবাৰে বিজ্ঞান ভৱনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল ৪০টা কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও কৃষকনেতাৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিছিল। কিন্ত প্ৰতিবাদী কৃষকে মানি নলয় বিতৰ্কিত কৃষি আইনৰ সংশোধন । তিনিওখন কৃষকবিৰোধী কৃষি আইন বাতিলৰ দাবীত শুকুৰবাৰৰ দিনটোতো দিল্লীৰ লগতে সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থাকে কৃষকৰ আন্দোলন। কৃষকৰ প্ৰতিবাদত প্ৰায় স্তব্ধ হৈ পৰিছে দিল্লীৰ ৰাজপথ সমূহ। ৰাজপথত অৱস্থান গ্ৰহণ কৰি থকাৰ ফলত পৰিবহণ আৰু যোগাযোগ প্ৰায় বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।
আনহাতে অহা ৮ ডিচেম্বৰত তিনিওখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত এদিনীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে । ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইচ এছ লখৱালে শুকুৰবাৰে জনোৱা মতে, ৫ ডিচেম্বৰত সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হ’ব আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোলগেট সমূহ অৱৰোধ কৰা হ’ব।
ক্ৰমাৎ প্ৰাণ পাই উঠা জামুগুৰিহাটৰ পানপুৰঘাটে হাতবাউল দি মাতিছে পৰ্যটকক
জামুগুৰিহাট, ৪ ডিচেম্বৰ : ৮০ৰপৰা ৯০ দশকলৈকে জামুগুৰিহাটৰ ঐতিহাসিক পানপুৰঘাটৰপৰা চলা ফেৰি সেৱাই আছিল উত্তৰ অসমৰ লগত যোগাযোগৰ একমাত্ৰ থলি৷কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা সেতু নিৰ্মাণ হোৱাৰ পিছতেই যেন ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰিছিল এই একালৰ বৃন্দাৱনসদৃশ পানপুৰঘাট ৷ যাৰবাবে বিগত কেবাটাও দশকজুৰি প্ৰাণচঞ্চল ঐতিহাসিক পানপুৰঘাট হৈ পৰিছিল নিৰৱ আৰু নিস্তব্ধ৷কিন্তু শেহতীয়াকৈ অসমৰ পৰ্য্যটন মানচিত্ৰত এই পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰাত পুণৰ প্ৰাণচঞ্চল হৈ উঠিছে ঐতিহাসিক পানপুৰঘাট ৷ পানপুৰঘাটৰ গাঁতে লাগি থকা পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে ক্ৰমাৎ জনতাৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে দশক দশকজুৰি উপেক্ষিত হৈ পৰা পানপুৰঘাটলৈ ৷ বনাঞ্চলখনৰ ভিতৰৰ নৈসৰ্গিক দৃশ্য পৰ্যটকসকলে উপভোগ কৰাৰ সুবিধাৰ বাবে ইতিমধ্যে বনবিভাগে জীপ চাফাৰিৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগে লগেই পানপুৰ ঘাটত এতিয়া উৎসুক জনতাৰ ভিৰ পৰিলক্ষিত হৈছে ৷ পৰ্যায়ক্ৰমে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলৰ ভিতৰত জীৱ জন্তু, শীতৰ আগমনৰ লগে লগে বিল জলাশয়ত আশ্ৰয় লোৱা দেশী বিদেশী চৰাই তথা প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকে স্বচক্ষে উপভোগ কৰিবৰ বাবে বনবিভাগে হাতী চাফাৰিৰ ব্যৱস্থা কৰাৰো যো-জা কৰিছে বুলি জানিব দিছে বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া মুকুট চন্দ্ৰ দাসে ৷ ইতিমধ্যে বনবিভাগৰ লোকসকলেও জীপ চাফাৰি কৰিবলৈ অহা লোকসকলক আদৰিবৰ বাবে চেষ্টাৰ কোনো ক্ৰুটি নকৰা দেখা পোৱা গৈছে ৷ ইয়াৰোপৰি ঘিলাধাৰীনদীৰ সংগমস্থল পানপুৰঘাটৰ পৰা কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ বাবে ২ শ মিটাৰ নদীখনৰ পানীৰ ওপৰেৰে নৌকা বিহাৰ কৰিব লগীয়া সময়খিনিৰ লগতে পৰ্যটকসকলক নৌকা বিহাৰ কৰাবৰ বাবে নাঁৱৰীয়াসকলে কৰা অপেক্ষাইও পৰ্যটকৰ দলৰ ভ্ৰমণ বুৰঞ্জীত অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ যাৰবাবে ঐতিহাসিক পানপুৰঘাট এতিয়া হৈ পৰিছে ব্যস্ত কেৱল ব্যস্ত এডোখৰ পৰ্যটনস্থলী ৷ ইতিমধ্যে বনাঞ্চলখনৰ ভিতৰত হাতী, গড়, নল গাহৰী, বাঘৰ খোজ, পৰিভ্ৰমী চৰাই আদি প্ৰত্যক্ষ কৰিছে ভিন্ন প্ৰান্তৰপৰা অহা পৰ্যটকৰ দলে ৷ উল্লেখ্য যে বিগত মাহৰ ২১ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চলক মুকলি কৰি দিয়াৰ লগতে পৰ্যটকৰ বাবে জীপ চাফাৰিৰ শুভ উদ্ধোধন কৰিছিল ৷














