অনলাইন বাৰ্তা,৬ ডিচেম্বৰ : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দ্বীপ গগৈয়ে ২০০৪ চনৰ পিছৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন পেন্সন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতৰ বাবে নহয় বুলি কয়। চাকৰিৰ তাগিদাত নতুন পেন্সন নীতিৰ চৰ্ত মানি লৈ চাকৰিত যোগদান কৰা হয় যদিও সময়ৰ লগে লগে নতুন পেন্সন নীতিৰ ভিতৰুৱা কথাবোৰ উন্মোচিত হোৱাৰ হেতুকে কৰ্মচাৰীৰ ভৱিষ্যত যে অসুৰক্ষিত সেয়া স্পষ্ট হৈ পৰিছে। অৱসৰ গ্ৰহণৰ অন্তত দেখা দিয়া সমস্যাবোৰে সকলোকে ভবাই তুলিছে বুলি কয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি, ডিব্ৰুগড় হনুমানবক্স কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড° কেশৱানন্দ হালৈয়ে বিশদ আলোচনা আগবঢ়ায়। এন পি এছৰ ভয়াবহতা আৰু কৰ্মচাৰীৰ প্ৰাপ্যৰ সম্পৰ্কত পুংখানুপুংখভাৱে তথ্য সহকাৰে অৱগত কৰে। পুৰণি পেন্সন নীতি আৰু নতুন পেন্সন নীতিৰ তুলনামূলক পৰ্যালোচনা কৰে। অৱসৰ গ্ৰহণৰ অন্তত উৎপাদনশীলতা নথকাৰ কথা দোহাই দি বঞ্চিত কৰিছে। OASIS, PFRDA, EPF, CRA, ASP ৰ সম্পৰ্কতো বিস্তৃতভাৱে আলোচনা কৰে। সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ এন পি এছ কৰ্মচাৰীসকলে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰি মত বিনিময় কৰে। অৱসৰ গ্ৰহণ লোৱাৰ পিছৰে পৰা আমাৰ সমস্যাসমূহ দেখা পোৱা যাব গতিকে আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু জীপন যাপন কৰাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। সেয়ে সকলোকে এক আন্দোলনৰ পোষকতা কৰি আগবাঢ়িবৰ বাবে আহ্বান জনায়। আমাক পুৰণি পেন্সনৰ সুবিধাখিনি লাগিবই বুলি কয়। সভাত দিহিংহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলিপ কুমাৰ গগৈয়ে তেখেতৰ অসুবিধাসমূহ ব্যক্ত কৰাৰ লগতে পুৰণি পেন্সন পুনৰ বাহাৰ ৰাখিবৰ বাবে এক জন আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰি কৰ্মচাৰীৰ অৱসৰকালীন সময়খিনি সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে নতুন পেন্সন নীতিৰ ভয়াবহতা অৱগত কৰি পৰৱৰ্তী সময়ত লক্ষ্যপ্ৰাপ্তিৰ দিশে অগ্ৰসৰ হোৱাত মত প্ৰকাশ কৰে। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মসূচীত সদায় সহযোদ্ধা হিচাপে থিয় দিব ব্যক্ত কৰে। সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰতি চৰকাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ দাবী জনায়। এইক্ষেত্ৰত সকলো কৰ্মচাৰীৰ সংগঠনসমূহেও উদ্যোগ লোৱাৰ বাবে আগবাঢ়িব লাগে বুলি কয়। শতাধিক কৰ্মচাৰীৰ উপস্থিতিত লোহিত গগৈক সভাপতি, গুণিন ৰাজখোৱাক উপ-সভাপতি, শান্তনু বৰুৱাক সম্পাদক, পুলেন মৰাণক সহ সম্পাদক, প্ৰবীণ কুমাৰ গগৈ, কুঞ্জ গগৈ, অশ্বিনী গগৈক সাংগঠনিক সম্পাদক, দুৰ্লভ লাহনক কোষাধ্যক্ষ হিচাপে লৈ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাত ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে জনপ্ৰতিনিধিৰ পেন্সনৰ ব্যৱস্থা কৰি কৰ্মচাৰীৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ অভিযোগ কৰি কৰ্মচাৰীৰ প্ৰতি সদয় হ’বলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মনোজ মহনেও বক্তব্য আগবঢ়ায়। সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বণিয়া, ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক নন্দৰাম তাঁতী, কাৰ্যনিৰ্বাহক সুকুমাৰ ঘোষ উপস্থিত থাকে। সভাৰ আঁত ধৰে নন্দৰাম তাঁতী আৰু আহ্বায়ক পুলেন মৰাণে। উক্ত অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে বিদ্যালয়ৰ চৌহদত দুটি গছপুলি ৰোপন কৰে। উল্লেখ্য যে তেখেতৰ নিজাববীয়া প্ৰচেষ্টাত যোৱা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পৰাই প্ৰতিদিনে অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি ১৮৬ দিনত এই কাৰ্য সম্পন্ন হৈছে।
চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী : হিন্দু যুৱ ছাত্ৰ পৰিষদ ; নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ মেল
নলবাৰী, ৬ ডিচেম্বৰ : কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নকৰে । কিন্তু হাতেৰে নহয় কেৱল ভাতেৰে হে ৰাইজে খেদিব লাগিব অবৈধ বিদেশী সকলক— এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত অসমৰ জনসাধাৰণক এই আহ্বান জনাই পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে প্ৰকাশ কৰে যে লাখ লাখ অবৈধ বিদেশীৰ নামেৰে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনৰ পৰা বিদেশীৰ নাম সমূহ বাদ দিয়াৰ বাবে বা পুনৰীক্ষণ কৰাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ক অসম চৰকাৰে যি শপতনামা দাখিল কৰিব লাগিছিল সেয়া আজি পৰ্যন্ত দাখিল কৰিবলৈ সময় নোপোৱা বৰ্তমান সময়ৰ অসম চৰকাৰৰ অবৈধ বিদেশীৰ সমস্যাৰ ক্ষেত্ৰত থকা সদিচ্ছাৰ উমান পোৱা গৈছে বুলিও পৰিষদৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে কটাক্ষ কৰে । তদুপৰি ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ নতুন নাগৰিক পঞ্জী কাম শীঘ্ৰে হাতত লবৰ বাবে দাবী উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদে আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনত লাখ লাখ অবৈধ বিদেশীয়ে ভোটাধিকাৰ সাবাস্ত কৰাটো অসমৰ ৰাজনীতিৰ বাবে এক বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰে । সমান্তৰালভাৱে চলিত বৰ্ষৰ ২০ অক্টোবৰ তাৰিখেই দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰে অতি শীঘ্ৰে মহামান্য উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত অসম চৰকাৰে কিয় শপত নামা দাখিল নকৰিলে তাক ৰাজহুৱা কৰাৰ দাবী জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে । যাৰে পৰিষদে কোনো এখন এখন চৰকাৰে অবৈধ বিদেশী বহিস্কাৰৰ সদিচ্ছা নাই বুলি উল্লেখ কৰি অসমত থকা লাখ লাখ অবৈধ বিদেশীক ৰাইজে নিজেই খেদাৰ ব্যৱস্থা কৰিব লাগিব বুলি সভাপতি বলেন বৈশ্যই আৰু সাধাৰণ সম্পাদক মাধৱ দাসে অবৈধ বিদেশীয়ে দখল কৰি লোৱা প্ৰায় দুশটা জীৱিকাৰ পথত অসমৰ খিলঞ্জীয়া যুৱকক আত্মনিয়োগ কৰাৰ আহ্বান জনোৱাৰ লগতে অসমৰ জনসাধাৰণকো ৰাজ্য খনৰ আৰু বৃহত্তৰ জাতিটোৰ স্বাৰ্থতে সস্তা দৰত পালেও অবৈধ বিদেশী বনুৱাক কামত নলগাই খিলঞ্জীয়া ভূমিপুত্ৰক কামত ব্যৱহাৰ কৰাৰ বাবে ও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই । আজিৰ এই সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি দিবাকৰ দাস , সাংগঠনিক সম্পাদক বিটুমনি গগৈ, নলবাৰী জিলা সমিতিৰ সভাপতি দিলিপ মজুমদাৰ,সম্পাদক ডিম্বেশ্বৰ কলিতা সহ প্ৰমুখ্যে বহু কেইজন পৰিষদৰ কৰ্মী উপস্থিত থাকে ।
নগাঁৱত ড্ৰাগছ আৰু দেহ ব্যৱসায়ৰ লগত জড়িত ৮গৰাকীক আটক; মেটেকাৰ মাজত উদ্ধাৰ ড্ৰাগছ
নগাঁও, ৫ডিচেম্বৰ: দীৰ্ঘদিন ধৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চলি অসামাজিক কাৰ্যকলাপে চহৰখনৰ সাধাৰণ ৰাইজক অতীষ্ঠ কৰিছে। আনকি নগাঁৱৰ হয়বৰগাঁওস্থিত আইন মহাবিদ্যালয়ৰ সমীপতে চলি আছে ব্যাপক বে আইনী কাৰ্যকলাপ। আজি নগাঁৱৰ উপআৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছ তথা বেআইনী কাৰ্যকলাপৰ লগত জড়িত ৮জনকৈ ব্যক্তিক। এইসকলৰ মাজত আছে একেটা পৰিয়ালৰে এজন যুৱক আৰু দুগৰাকী মহিলাও। জানিবপৰা মতে, ৰকিবুল হাছান ওৰফে ৰকি নামৰ এজন যুৱকৰ সহযোগত একেটা পৰিয়ালৰে এই দুগৰাকী মহিলাই আইন মহাবিদ্যালয়ৰ সমীপতে চলাই আছিল বে আইনী কাৰ্যকলাপ। আজি আৰক্ষীয়ে অসামৰিক পোছাকত অভিযান চলাই তিনিওকে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীৰ দল দেখি প্ৰথমৱস্থাত ৰকিয়ে ড্ৰাগছ ভৰ্তি বেগ কলং নৈৰ মেটেকাৰ মাজলৈ দলিয়াই দিছিল যদিও আৰক্ষীয়ে মেটেকাৰ মাজৰ পৰা ড্ৰাগছৰ বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইপিনে নগাঁও চহৰৰ ডাকোৱাল গাঁৱতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু দেহ ব্যৱসায়ত জড়িত ৫জন ব্যক্তিক আটক কৰিছে।
আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাবাদীৰ আক্ৰমণ, ১ জন আৰক্ষী জোৱান আৰু ১ জন অসামৰিক লোক আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰত আজি শ্ৰীনগৰৰ হাৱালৰ চাজগাৰিপোৰাত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলক আক্ৰমণ কৰে সন্ত্ৰাবাদীয়ে। এই সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী জোৱান আৰু এজন অসামৰিক লোক আঘাতপ্ৰাপ্ত হয় ।
সন্ত্ৰাবাদীক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰা হৈছে। এই সম্পৰ্কত অধিক বিৱৰণ ৰক্ষণাবেক্ষণ কৰা হৈছে।
বিধায়িকা আঙুৰলতা ডেকাক ‘বেশ্যা’ বুলি সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ
বিজনী বিধায়ক কমল সিং নাৰ্জাৰীয়ে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল ভাষাৰে সম্বোধন কৰা সন্দৰ্ভত বিজনী বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিৰাঙৰ বিজনীত বিপিএফৰ সভাত বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে বিজেপিৰ বিধায়ক আঙুৰলতা ডেকাক বেশ্যা বুলি সম্বোধন কিৰিছিল। আঙুৰলতা ডেকাই বিটিচিৰ ভিচিডিচি সমুহ ভংগৰ কথা কোৱাত বিধায়কজনে কয় যে “আঙুৰলতা ডেকাৰ দৰে বেশ্যাৰ কথাত ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভিচিডিচি ভংগ নহয়”।
বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল ভাষাৰে সম্বোধন কৰা সন্দৰ্ভত বিজনী বিজেপি দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিজনী বিধায়ক কমলসিং নাৰ্জাৰীৰ বিৰুদ্ধে বিজনী থানাত এজাহাৰ দাখিল কৰে।
বিজনী বিধায়ক কমলসিং নাৰ্জাৰীক বিজনী বজাৰত চেণ্ডেলৰ মালা পিন্ধাই ঘূৰোৱা উচিত বুলি মন্তব্য বিজনী বিজেপি দলৰ যুৱ মৰ্চাৰ ।
১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানত শাৰীৰিকভাৱে বা ভাৰ্চুৱেল মোডৰ যোগেৰে সকলো দলৰ নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

শনিবাৰে এক সংবাদমেলত এই ঘোষণা কৰি অধিবক্তা ঔম বিৰলাই কয়- ‘আমি পুৰণি ভৱনটোত স্বাধীন ভাৰতৰ যাত্ৰা আৰম্ভ কৰিছিলো আৰু যেতিয়া আমি ৭৫ বছৰ সম্পূৰ্ণ কৰিম, তেতিয়া নতুন সংসদ ভৱনটোত দুয়োটা গৃহৰ অধিবেশন অনুষ্ঠিত হ’ব । ই যে কেৱল ইটা আৰু পাথৰৰে নিৰ্মাণ হ’ব এনে নহয়, ই হ’ব ১৩০ কোটি লোকৰ স্বপ্নপূৰণৰে সম্পূৰ্ণ হব।”

তেওঁ কয় যে ভৱনটোয়ে দেশৰ বিবিধতা আৰু সমৃদ্ধ কলা সংস্কৃতি প্ৰতিফলিত কৰিব আৰু স্থাপত্য, আধুনিকতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সংসদ ভৱন হ’ব।

“বৰ্তমানৰ সংসদ ভৱনটো ১০০ বছৰ পুৰণি হ’ব, আৰু এইখন দেশৰ ১৩০ কোটি লোকৰ বাবে গৌৰৱৰ বিষয় যে নতুনটো আমাৰ নিজৰ লোকে আত্ম নিৰ্ভৰ ভাৰতৰ মুখ্য উদাহৰণ হিচাপে নিৰ্মাণ কৰা হব । ১০ ডিচেম্বৰৰ দিনৰ ১ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ ভূমি পুজন কৰিব” তেওঁ কয়।
আধাৰশিলা স্থাপন কাৰ্য্যসূচীলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাবলৈ স্পিকাৰে শনিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

নতুন ভৱনটোত লোকসভা চেম্বাৰত ৮৮৮ খন আসন থাকিব আৰু ৰাজ্যসভাৰ চেম্বাৰত ৩৮৪ খন আসন থাকিব।
উল্লেখযোগ্য যে, বৰ্তমানে লোকসভাত ৫৪৩ আৰু ৰাজ্যসভাত ২৪৫ খন আসনহে আছে । ভৱনটোত চেণ্ট্ৰেল হল নাথাকিব।
৯৭১ কোটি টকা ব্যয়ৰে ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মান হব লগা ভৱনটো ভূমিকম্প প্ৰতিৰোধী, আৰু আটাইতকৈ আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে খাপ খোৱা হ’ব । ই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী-প্ৰাপ্য স্থাপত্য অন্তৰ্ভুক্ত কৰিব আৰু সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰিব।

স্পীকাৰে কৈছিল যে, ইয়াৰ নিৰ্মাণত প্ৰায় ৩২০০ লোক প্ৰত্যক্ষভাৱে জড়িত থাকিব, আনহাতে আন ৯৫০০ লোক পৰোক্ষভাৱে থাকিব। দেশৰ বিভিন্ন প্ৰান্তৰ ২০০ৰো অধিক শিল্পীয়েও ভৱনৰ বাবে কাম কৰিব।
তেওঁ লগতে কয় যে,”টাটা প্ৰজেক্টছ লিমিটেডক প্ৰকল্পটোৰ বাবে চুক্তি দিয়া হৈছে । এই ডিজাইনটো HCP ডিজাইন, পৰিকল্পনা আৰু ব্যৱস্থাপনা প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে। বৰ্তমানৰ সংসদ ভৱনটো দেশৰ এক প্ৰান্তিক সম্পদ হিচাপে সংৰক্ষণ কৰা হ’ব বুলি কয়।”
এতিয়াৰে পৰা অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে
ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।

একেদৰে ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয় সমূহৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে মাছুল। বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ। অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।
কাইলৈ বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
কাইলৈ অৰ্থাৎ সোমবাৰে বিটিচিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়া- কৰ্মচাৰীয়েও নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে ৷ কাইলৈ অনুষ্ঠিত হ’ব হব লগা এই ভোটগ্ৰহণত বাক্সা জিলাৰ তিনিটা মহকুমাক সামৰি এঘাৰটা পৰিষদীয় সমষ্টিত হব ভোটগ্ৰহণ ৷
বাক্সাত ৭৪১৯১৯ জন ভোটাৰে ভোট দান কৰিব ৷ জিলাখনৰ এঘাৰটা সমষ্টিত ৭০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । সেই মৰ্মে, মুছলপুৰত ২০ জন, তামুলপুৰত ৩৪ জন, শালবাৰীত ১৬ জন প্ৰাৰ্থী আছে । জিলাখনৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্য হৈছে ৯৩২টা ৷ তাৰে ভিতৰত স্পৰ্শকাতৰ ২৬৮টা ৷ অতি স্পৰ্শকাতৰ ৩৪২ টা ৷ ইয়াৰোপৰি মুছলপুৰ মহকুমাত আছে ৪ টা সমষ্টি, শালবাৰী মহকুমাত ২টা , তামুলপুৰ মহকুমাত আছে ৫টা সমষ্টি ।
ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ : নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে কৰোনা প্ৰতিৰোধৰ সজাগতা অভিযান
অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ মহানগৰীৰ গান্ধীবস্তী নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম মহন্তই তথ্যচিত্ৰৰ জৰিয়তে কৰোনা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমে সামাজিক দায়বদ্ধতাৰ প্ৰতি অতিকৈ আগ্ৰহী ৷ সেয়ে ১২ বছৰ বয়সীয়া ছাত্ৰ গৰাকীয়ে কৰোনা মহামাৰীৰ পৰা জনসাধাৰণ সজাগ আৰু সচেতনা কৰাৰ লক্ষৰে এখন নিজে তথ্যচিত্ৰ নিৰ্মান কৰি উলিয়াই ৷ তথ্যচিত্ৰখনত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে অন লাইন যোগে শিক্ষাৰ্থী সকলে কেনেদৰে শিক্ষা গ্ৰহন কৰিব সেই সম্পৰ্কে সজাগতা মূলক দৃশ্য প্ৰকাশ কৰা হয় ৷ সজাগতা মূলক তথ্যচিত্ৰ খনত অৰিন্দমৰ লগত সহযোগ কৰিছিল তেওঁৰ স্কুলীয়া সতীৰ্থ বন্ধু কল্লোল বৰুৱা, আশিদ হ’ক , শ্ৰতি কাশ্যপ, মুগ্ধ কাশ্যপে ৷ ইতিমধ্যে ইউটিউবত তথ্যচিত্ৰখন সম্প্ৰাচৰন হৈছে ৷ যঠেষ্ট লোকে তথ্যচিত্ৰ খন উপভোগ কৰি অৰিন্দম মহন্তক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই ক্ষেত্ৰত পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তই কয় যে অৰিন্দম সৰুৰ পৰাই কিবা এটা কৰাৰ হেপাহ ৷ তথ্যচিত্ৰ খন নিজে নিৰ্মাণ কৰি কৰোনাৰ মহামাৰীৰ পৰা জনসাধাৰক পৰিত্ৰাণ পোৱাৰ এক প্ৰয়াস তথ্যচিত্ৰত প্ৰকাশ কৰিছে বুলি তেওঁলোকে কয় ৷ উল্লেখ্য যে অৰিন্দম মহন্তই পঢ়াশুনা কৰাৰ লগতে অভিনয়, ছবি নিৰ্মাণৰ জৰিয়তে সমাজৰ দায়িত্ব বোধৰ পৰিচয় দিব বিচাৰে ৷
মালিকক বচাই নিজে হত্যাৰ বলি হ’ল এটি কুকুৰ
অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ এটা কুকুৰে এগৰাকী মহিলাৰ প্ৰান বচাই নিজে হত্যাৰ বলি হবলগীয়া ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ বৰিবজাৰ আৰক্ষী চকীৰ অৰ্ন্তগত জাজৰি চাহ খোৱা পূখৰী চাৰি আলিৰ কামাল উদ্দিনৰ ঘৰৰ কাষত থকা ফইজুল হকৰ ঘৰত ৩ ডিচম্বৰৰ নিশা ১১ বজাত মদ, ভাং খাই বেয়া গালি-গালাচ পাৰি হুলস্থুল কৰাত ফইজুল হকৰ ঘৈনীয়েকে মুছফিকা বেগমে ঘৰৰ ভিতৰৰ পৰাই বাধা দিয়ে। পাছত ফইজুল হকে মৰিয়ম নেচা আৰু আৰিফা বেগমক লগত লৈ মুচফিকা বেগমৰ স্বামী ঘৰত নথকাৰ সুযোগত বলপূৰ্বক ভাবে প্ৰবেশ কৰি মুচফিকাৰ ডিঙিত গামোচা লগাই চুচুৰাই ফইজুলৰ ঘৰত লৈ যায়। অকলশৰীয়া মহিলা গৰাকীক দলবদ্ধভাবে মাৰপিট কৰাৰ লগতে প্ৰানে হত্যা কৰাৰ চেষ্টা কৰে। মহিলা গৰাকীৰ ঘৰত থকা পোহনীয়া কুকুৰ আৰু অকনমানি ৩ বছৰীয়া শিশুৰ চিঞৰ বাখৰ শুনি ওচৰ চুবৰীয়া আহি মিহিলা গৰাকীৰ প্ৰান ৰক্ষা কৰে । পিছদিনা ৪ ডিচেম্বৰত অকলশৰীয়া মুচফিকাই বৰিবজাৰ আৰক্ষী চকীত ফইজুল হক,মৰিয়ম নেচা আৰু আৰিফা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল দি ঘৰত আহি দেখে কোনো দুৰ্বৃত্তই কুকুৰটোক বিষ খোৱাই হত্যা কৰে। এনে জঘন্য কান্ড সংগঠিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হব লক্ষনীয়।








