Home Blog Page 3114

সত্য ৰঞ্জন বৰাৰ হোজাইত বেচৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ

হোজাই, ৬ ডিচেম্বৰ: মৌলানা বদৰুদ্দিন আজমলৰ গৃহ চহৰ হোজাইত হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ হুংকাৰ, হোজাইত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত বে চৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ। বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনে লাভ কৰা পুঁজি সম্পৰ্কে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংগঠনে প্ৰকাশ কৰা কিছু তথ্যৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বাতৰি শিৰোনাম দখল লিখিছিল। বাতৰিত লিখা হৈছিল যে ফৰেইন কন্ট্ৰিবিউশ্যন ৰেগুলেচন এক্ট ভংগ কৰি সন্ত্ৰাসবাদী সংগঠনক সহায় কৰাৰ অভিযোগ থকা কেইবাটাও বিদেশী সংগঠনৰ বিদেশী পুঁজি লাভ কৰিছিল আৰু বাতৰি কাকত কেইখনত আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে বিদেশী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন কৰিছিল। এনে প্রতিবেদনৰ ভিত্তিতে সত্য ৰঞ্জন বৰাই হোজাই থানাত উপস্থিত হৈ আজমলৰ সংস্থা  মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰ নম্বৰ ৮৪৮/২০ ভাৰতীয় দণ্ডবিধিৰ ১২০বি/১২৪এ/৪২০ ৰ অধীনত ৰুজু কৰা হয়। চেকচন ১৩ৰ ফৰেইন এক্সেঞ্জ মেইন্টেনেঞ্চ আইন তথা চেকচন ৩৩ (এ) (বি) ফৰেন কন্ট্ৰিবিউচন (ৰেগুলেচন) সহ পাঠ কৰা হয়।উল্লেখ্য যে ইয়াপূৰ্বেও শুক্রবাৰে সত্য ৰঞ্জন বৰাই এনে অভিযোগৰ সম্পর্কত বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত অন্য এক সংস্থা আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে গুৱাহাটিৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল। অন্যহাতে শনিবাৰে সাংসদ বদৰুদ্দিন আজমলে হোজাইস্থিত নিজ বাসভবনত সংবাদমেল পাতি এনে অভিযোগ পূৰ্ণচাতে নাকচ কৰে। বদৰুদ্দিন আজমলে লগতে কয় যে তেওঁক ৰাজনৈতিকভাবে ধ্বংস কৰিব বিচাৰিছে ৷ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে কৰা এই অপবাদৰ বিৰুদ্ধে সংশ্লিষ্ট সংস্থা তথা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷ কাৰ উপৰত গোচৰ তৰা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় যে, তেওঁৰ এজন বন্ধু আৰু বন্ধুৰ চেনেলৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ তৰিব ৷

নগাঁৱত ৫শতাধিক কংগ্ৰেছীৰ দলত্যাগ ; সমদল কৰি বিজেপিত যোগদান কংগ্ৰেছ নেতাৰ

নগাঁও, ৬ডিচেম্বৰ: কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাত অসন্তুষ্ট হৈ নগাঁৱত ৫শতাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিলে। আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নগাঁৱৰ ২২নং ৱাৰ্ডৰ নেতা দ্বীপ লিগিৰা, ২১নং ৱাৰ্ডৰ নেতা উজ্বল বণিক আৰু ৩নং ৱাৰ্ডৰ নেতা বিপুল শইকীয়াৰ নেতৃত্বত ৫শতাধিক কংগ্ৰেছীয়ে আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পৰিধান কৰে। দলত্যাগী কংগ্ৰেছী সকলে সংবাদ মাধ্যমক দিয়া মন্তব্য অনুসৰি সাম্প্ৰদায়িক শক্তিৰে অশুভ মিতিৰালিয়ে তৃণমুল কংগ্ৰেছ কৰ্মীক ৰুষ্ট কৰি তুলিছে। আনহাতে নগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা  ব্যাপক উন্নয়ণমূলক কাম-কাজে তেঁওলোকক আকৃষ্ট কৰিছে। সেয়ে তেঁওলোকে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিছে। আনহাতে আজিৰ এই যোগদানৰ পিছতে নগাঁও চহৰৰ ৩নং ৱাৰ্ড, ২১নং ৱাৰ্ড আৰু ২২নং ৱাৰ্ড কংগ্ৰেছ শূণ্য হ’ল বুলিও মন্তব্য কৰে দলত্যাগী কংগ্ৰেছী সকলে। ইপিনে যোগদানৰ পূৰ্বে কংগ্ৰেছী সকলে বিধায়ক ৰূপক শৰ্মাক লৈ নগাঁও চহৰৰ মাজৰে বৃহৎ সমদলো বাহিৰ কৰে। কংগ্ৰেছ মূৰ্দাবাদ, ৰিপুণ বৰা মূৰ্দাবাদ, বদৰুদ্দিন আজমল মূৰ্দাবাদ আৰু বিজেপি জিন্দাবাদ ধ্বনিৰে কংগ্ৰেছী সকলে সমদল কৰি সদৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়গৈ। বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমক কয়, বিগত চাৰে চাৰিটা বছৰত নগাঁও সদৰ সমষ্টিত সৰ্বাধিক উন্নয়ণমূলক কাম-কাজ হৈছে। বৰ্তমানৰ চৰকাৰখনে উন্নয়ণৰ লগতে নগাঁৱৰ ৰাইজক গুণ্ডাৰাজৰ পৰা মুক্তি দিয়াৰো চেষ্টা কৰিছে। সেয়ে ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু অনাগত নিৰ্বাচনত বিজেপিয়ে নগাঁও সদৰ সমষ্টিত ১লাখতকৈও অধিক ভোট লাভ কৰি জয়ী হ’ব। আনহাতে আজিৰ সভাতে নগাঁও বিজেপিৰ মুখপাত্ৰ অলকমণি ভট্টাচাৰ্যই কয় এতিয়াৰে পৰা নগাঁও চহৰত কংগ্ৰেছৰ পোষ্টাৰ লগাবলৈকো কৰ্মী নাইকীয়া হ’ব। উল্লেখযোগ্য যে বিজেপিৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি শীঘ্ৰেই আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতাই আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব।

কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ, মই পুনৰ ওলাই আহিম- জুবিন গাৰ্গ

মহানগৰীৰ এক আলোচনাত অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে,

সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ। মই পুনৰ ওলাই আহিম। আমি প্ৰতিবাদ কৰি যাম কাৰ বিৰুদ্ধে।

লগতে জুবিন গাৰ্গে কয় যে

অসম জাতীয় পৰিষদৰ নেতৃত্ব কোনে লব, দলে নিৰ্ধাৰণ কৰিব, মই একো নকওঁ। মই এইবাৰ নিৰ্বাচনত গীত নাগাওঁ, গোৱা হলে আৰম্ভ কৰিলোৱেই হয়।

আগন্তুক ছবি সম্পৰ্কে কণ্ঠশিল্পীগৰাকীয়ে কয়

“ফেব্ৰুৱাৰীত ‘ডাষ্টবিন’ নামৰ ছবিখনৰ কাম আৰম্ভ হ’ব। চিলাৰ ভিডিও কাম চলি আছে।”

কিছুদিন পূৰ্ৱে জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত ঘোষনা কৰিছিল ‘বাঘ’ নামৰ এখন নতুন ছবি নিৰ্মান কৰাৰ কখা । কিন্ত এতিয়া জুবিন গাৰ্গৰ মুখত শুনিবলৈ নোপোৱা হল ‘বাঘ’ৰ কথা ।

ইফালে আছু সন্দৰ্ভত সোধা প্ৰশ্ন কণ্ঠশিল্পীগৰাকীয়ে কয় যে –

আছুত পুনৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য থকাটো নিবিচাৰো। ভট্টাচাৰ্যই যদি নিজে আতঁৰিব বিচাৰে তেন্তে এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কোনো মন্তব্য প্ৰকাশ নকৰে বুলি জানিবলৈ দিয়ে ।

স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ দিব ৰাজ্য চৰকাৰে

এই সাহায্যৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব নিবনুৱা যুৱক-যুৱতীক । ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই সাহায্যৰ বাবে আবেদন কৰিবলৈ আপোনাৰ হাতত মাত্ৰ চাৰিদিন সময় আছে । কিয়নো এই আঁচনি খনৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ। এই আৰ্থিক অনুদানৰ বাবে অনলাইন বা অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব নিবনুৱা যুৱক–যুৱতীসকলে ।

আবেদনকাৰী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বয়স হ’ব লাগিব ২৫ৰ পৰা ৪৫ বছৰ। পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব। www.directorwptbc.assam.gov.in বেৱছাইটত গৈ ইয়াৰ সবিশেষ জানিব পাৰিব।

 
কি কি লাগিব আবেদনৰ বাবে :

  1. ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা আধাৰ কাৰ্ড
  2. ধনৰ সঠিক ব্যৱহাৰৰ বিস্তীৰ্ণ প্ৰস্তাৱ
  3. জাতিগত প্ৰমাণপত্ৰ
  4. নিয়োগ বিভাগৰ প্ৰমাণ পত্ৰ
  5. পৰিয়ালৰ ইনকাম চাৰ্টিফিকেট
  6. উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
  7. বেংকৰ পাছবুক
  8. একপি পাছপ’ৰ্ট ফটো

আবেদন পত্ৰ জমা দিয়াৰ ঠিকনা :
ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়
ৰুক্মিণী নগৰ, গুৱাহাটী–৬, অসম
আবেদনৰ ফৰ্ম ডাউনলোড কৰাৰ বাবে ক্লিক কৰক  https://tinyurl.com/y6s7wakh লিংকত অথবা তলৰ Download অপচনটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব ।

বিধায়িকা আঙুৰলতা ডেকাৰ কনভয় দুর্ঘটনাগ্রস্ত

mla angurlata deka convoy met with an accident

আজি সোণাপুৰ কলেজগেটত বিধায়িকা আঙুৰলতা ডেকাৰ কনভয়ৰ বাহন দুর্ঘটনাগ্রস্ত হয়। একে দিশৰ পৰা অহা AS-18-C-6013 নম্বৰৰ খেৰ ভৰ্তি এখন বাহন হঠাৎ ৰাস্তা পাৰ হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত বিধায়িকাগৰাকীৰ বাহনৰ চালক আৰু দুজনকৈ দেহৰক্ষী জোৱান আহত হয়। আহত সকলক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনাৰ পিছতে বিধায়িকাগৰাকীয় নিজে গাড়ীৰ পৰা নামি যানযঁট নিয়ন্ত্ৰন কৰি সমষ্টিলৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে।

নিজ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ

নিজ কন্যাকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰীৰ বিআৰএম আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডক। মহানগৰীৰ মহিলা আৰক্ষী থানাৰ আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে অধ্যক্ষগৰাকীক।

পিতৃয়ে ২০১৪ চনৰে পৰা যৌন নিৰ্যাতন চলোৱাৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰি যোৱা শনিবাৰে আৰক্ষীক এজাহাৰ দিছিল কন্যাই। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষ গৰাকীক। যোৱা শুকুৰবাৰে এই ঘটনাক লৈ বিআৰএম আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সব্যস্ত কৰিছিল প্ৰতিবাদ।

কাকীত অবৈধ কাঠ ফলাৰ চোৰাং বেহা : কাঠ ফলা যন্ত্ৰাংশ জব্দ

হোজাই জিলাৰ কাকীত অবৈধ কাঠ ফলাৰ চোৰাং বেহা । কাকীৰ চৌৰংগীত লংকা বনাঞ্চলিক বিষয়া সহ বন বিভাগৰ এটি দলে নিশা অভিযান চলাই উৎখাত কৰে এটা অবৈধ কাঠফলা কল। লগতে জব্দ কৰে কাঠফলা মেচিন, জেনেৰেটৰ, পাম্প ছেট সহ অন্যান্য যন্ত্ৰাংশ । জব্দকৃত সামগ্ৰীখিনি নিশা লংকা বনাঞ্চলিক কাৰ্যলয়লৈ অনা হয় ।

ক্বাজী ছামান আলী বৰভূঞাৰ মৃত্যুত ডবকাত শোকৰ ছা

ডবকা, ৬ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা মিকিৰাটি হাও গাওঁৰ বাসিন্দা তথা আমবাৰী হাইস্কুলৰ আৰবী শিক্ষক ক্বাজী, মৌলানা ছামান আলী বৰভূঞাৰ যোৱা নিশা ১২.২০ বজাত মৃত্যু হয়। দীৰ্ঘদিনৰ পৰা ক্বাজী ছামান আলীয়ে হৃদয়ৰোগ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ আজি দিনৰ ১.৩০ বজাত মৰহুমৰ জানাজাৰ নামাজ ডবকা গাছতলাৰ কেন্দ্ৰীয় কবৰস্থানত আদায় কৰা হব। ডবকাত ক্বাজী হিচাপে পৰিচিত ছামানৰ মৃত্যুত হোজাই জিলাত শোকৰ ছা বিৰাজ কৰিছে । মৃত্যুৰ সময়ত ক্বাজীজনৰ বসয় আছিল ৫৮ বছৰ। চাৰি গৰাকী কন্যা, এজন পুত্ৰ আৰু সহধৰ্মিনীসহ  বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। চামান আলীৰ মৃত্যুত ডবকাৰ দল সংগঠনেও শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াৰবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

জামুগুৰিহাটৰ সমাজ প্ৰাণ জগত চন্দ্র দাসৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি

জামুগুৰিহাট,৬ ডিচেম্বৰ: সমাজ, সাহিত্য, সংস্কৃতিৰ উৰ্বৰ ভূমি, নামঘৰ নগৰী জামুগুৰিহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক জগত চন্দ্ৰ দাসে অহা ৭ জানুৱাৰীত ৯৯ বৰ্ষ অতিক্ৰমী শত বৰ্ষত ভৰি দিব। সেই উপলক্ষে জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত তেখেতৰ শতবৰ্ষৰ ওপজা দিনটো ৰাজহুৱা ভাৱে উদ্ যাপনৰ প্ৰস্তুতি চলাইছে জামুগুৰিবাসী ৰইজে । উল্লেখ্য যে এইগৰাকী প্ৰবীণ সমাজ হিতৈষীয়ে সৰুভগীয়া প্ৰাথমিক বিদ্যালয়, জামুগুৰি মডেল স্কুলকে ধৰি অঞ্চলটোৰ বহুকেইখন অগ্ৰণী প্ৰাথমিক বিদ্যালয়ত শিক্ষা দান কৰি মূল্যবোধৰ শিক্ষাৰে মানৱ সম্পদ গঢ়াত আত্মনিয়োগ কৰিছিল। জামুগুৰিহাটৰ অন্যতম প্ৰাচীন আধ্যাত্মিক অনুষ্ঠান বাৰেচহৰীয়া ৰাইজ সভাৰ এগৰাকী একান্ত সেৱক, ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা বিভিন্ন সময়ত উদ্ যাপন সমিতিৰ বিশেষ দায়িত্ব গ্ৰহণ কৰি ২০০৭ বৰ্ষত সন্মানীয় কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি বাৰেচহৰীয়া ভাওনাক সাৰ্বজনীন মাত্ৰা প্ৰদানত অৰিহণা আগবঢ়োৱা এইগৰাকী সমাজকৰ্মীয়ে শতবৰ্ষত ভৰি দিয়াত আনন্দিত হৈ পৰিছে অঞ্চল বাসী ৰাইজ। তেখেতৰ শতবৰ্ষ উদ্ যানৰ বাবে বাৰেচহৰীয়া ৰাইজ সভাৰ আহ্বানত সৰুভগীয়া নামঘৰত অনুষ্ঠিত সভাই অনুষ্ঠানটো সুচাৰুৰূপে উদ যাপন কৰিবৰ বাবে এখন শক্তিশালী উদ যাপন সমিত গঠন কৰে। সেই মৰ্মে বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী, বাৰেচহৰীয়া ৰাইজ সভাৰ উপদেষ্টা লীলা ভূঞা, সৰুভগীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰুদ্ৰ কাকতী, দোলন শইকীয়া আৰু হৰ বৰাক উপদেষ্টা হিচাপে লৈ গঠন কৰা সমিটিখনৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা, উপ সভাপতি দুলাল বৰা, সম্পাদক জয়ন্ত দাস, ভবিন্দ্ৰ ভূঞা আৰু সহকাৰী সম্পাদক তোষেশ্বৰ বৰা আৰু খগেন শইকীয়া। আনহাতে একেখন সভাতে জগত চন্দ্ৰ দাসৰ জীৱন আৰু কৃতিত্বৰ মূল্যায়নেৰে প্ৰকাশ কৰিব বিচৰা অভিনন্দন গ্ৰন্থখন সম্পাদনাৰ বাবে গঠন কৰা সমিতিখনৰ উপদেষ্টা বিশিষ্ট নিবন্ধকাৰ প্ৰেম নাৰায়ণ গোস্বামী, সভাপতি জগত শইকীয়া, সম্পাদকদ্বয় লেখক সাংবাদিক মিংকু কলিতা আৰু খগেন হাজৰিকা। জগত চন্দ্ৰ দাসৰ ওপজা গাঁও সৰুভগীয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালবৰ্গৰ সহযোগত বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।

নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ ৰাইজৰ প্ৰতিক্রিয়া প্ৰকাশ

বিলাসীপাৰা, ৬ ডিচেম্বৰ : শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ  মায়াৰ গাওঁ পঞ্চায়তত এম জি এনৰেখাঁ আঁচনিৰ ৰাস্তাৰ কাম উদ্বোধন নকৰাকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনে উক্ত আঁচনিৰ ধন হৰলুকী কৰা বুলি এক মনেসজা ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ সভানেত্রী গৰাকীৰ লগতে পঞ্চায়ত খনৰ স্থানীয় ৰাইজে প্ৰতিক্রিয়া প্ৰকাশ কৰে। ইয়াৰ উপৰিও লগতে সভানেত্রী গৰাকীয়ে  উল্লেখ কৰা মতে পঞ্চায়ত খনত এম জি এন ৰেখাঁ আঁচনিৰ যি কেইটা মান ৰাস্তাৰ কাম উদ্বোধন কৰিছোঁ, সেই কেইটা মান ৰাস্তাৰ কাম চলি আছে, ইয়াত কেনেকৈ উক্ত আঁচনিৰ ধন হৰলুকী কৰিছোঁ, এয়া এক ভিত্তিহীন  হাস্যকৰ বুলি সাংবাদিকক অৱগত কৰে, সভানেত্রী গৰাকী আৰু স্থানীয় ৰাইজে।।