বোকাখাত পুৱতি সাহিত্য সভা ভবনত যোৱা ২৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায় অসম অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কে এক সজাগতা অনুষ্ঠান। সজাগতা অনুষ্ঠানত বোকাখাতৰ দুই মহাবিদ্যালয় জে, দি, এছ, জি মহাবিদ্যালয়, চি, এন, বি মহাবিদ্যালয়ৰ লগতে কমাৰগাঁও মহাবিদ্যালয়ৰ মুঠ ১৫০ গৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ মেধাবী ছাত্র ছাত্ৰীয়ে অংশগ্রহণ কৰে। বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতাৰ সঞ্চালনাত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে ভাগ লয় বোকাখাত মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰনন্ময় ভৰদ্বাজ আৰু বোকাখাতৰ পৰা সদ্য নির্বাচিত এ, চি, এছ বেদব্ৰত পেগুৱে। এই কৰ্মশালা অনুস্থিত হৈছিল বিজয় কুটুম, ড° বাবুলাল মোৰেৰ তত্বাবধানত।
বামুণী গাওঁ বনাঞ্চলিক বিষয়াৰ সফল অভিযানত জব্দ চোৰাং কাঠ
এচাম ধূৰন্ধৰ প্ৰকৃতিৰ লোকে অহৰহ চলাই আহিছে অসমৰ মুল্যবান সম্পদ ধ্বংসত। এই চামৰ বাবে ধ্বংস হৈছে এফালৰ পৰা বনাঞ্চল। কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয় অধিনৰ এলেকাটো সঘনাই সংঘটিত হয় মুল্যবান কাঠৰ চোৰাং বেহা। অসাধু চক্ৰই চলাই এই দূষ্কাৰ্য্য।
উল্লেখ্য যে, যোৱা নিশাও অসাধু চক্ৰই সৰবৰাহৰ বাবে লৈ গৈছিল চোৰাং কাঠ ভৰ্তি এখন ডি আই গাড়ী। এই খৱৰ পোৱাৰ লগে লগে জামবাৰীৰ হাতীপাৰাৰ পৰা বামুণী গাওঁ বনাঞ্চলিক বিষয়াই নিশা ১০ বজাত জব্দ কৰে গাড়ী খন ।
জানিব পৰা মতে বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত এটি সজাতি দলে খেদি গৈ পথতে আগচি ধৰে গাড়ী খন। বনাঞ্চলিক বিষয়াৰ এই কাৰ্য্যৰ বাবে সচেতন সমাজে সলাগ লয় বিষয়া জনক।
আজিৰে পৰা ধেমাজিত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মেডাম মেফী
ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ২৮ জানোৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসুচীৰে ধেমাজি ডি আৰ ডিএ খেল পথাৰত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফীৰ উদযাপন কৰা হৈছে ৷ কাৰ্য্যসুচী অনুসৰি আজি পুৱা সামুহিক চাফাই অভিযানৰে প্ৰথম দিনা কাৰ্য্যসুচীৰ পাতনি মেলা হয় ৷ ইয়াৰ পাছতে আটাছুৰ উপ সভাপতি দুলাল বৰুৱাৰ দ্বাৰা মুখ্যদ্বাৰ উদ্বোধন কৰা হয় ৷ মৈদাম তপৰ্ণ কৰে আটাছুৰ কাৰ্য্যকৰী সভাপতি খগেন কোঁৱৰে ৷ চ্যুকাফা প্ৰতিমূৰ্তিত মল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে ৷ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ৷ ইয়াৰ পাছতে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা , আই চিঙ লাউ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷ইফালে সন্ধিয়া সাংস্কৃতিক প্ৰতিযোগিতা অনুস্ঠিত হোৱাৰ লগতে কুসুম কৈলাচৰ সংগীতানুষ্ঠান হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে ৷
আলকাবা ফাউণ্ডেইচনৰ প্ৰশংসনীয় পদক্ষেপ
আলকাবা ফাউণ্ডেইচন সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণে কাম কৰি সমাজৰ বিভিন্ন জনক সহায় কৰি অহা নতুন কথা নহয়। আলকাবা ফাউণ্ডেইচন বিপদৰ সময়ত সদায় দুখীয়া দৰিদ্ৰৰ ওচৰত।বহুদিন ধৰি দেৰগাঁৱৰ শীতলপথাৰ অঞ্চলৰ ৰাইজে খেতি পাথাৰলৈ যাবলৈ বা অন্য বিভিন্ন কামত বাৰিষা অহা যোৱা কৰিবলৈ বহু কষ্ট ভূগি আহিছে। শীতল পথাৰ কৃষি বান্ধ এক প্ৰকাৰৰ শীতল পথাৰ পৰা নেঘেৰিটিং শিৱদৌল সংযোগী ১৩ কি:মি:এই বান্ধ তথা পথ বাৰিষা পানীৰ তলত দুবি থকাৰ লগতে বোকাময় হৈ থাকে।স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আবেদন নিবেদন কৰাৰ পাছতো একো সু ফল নাপালে। শেষত এই কথা গম পাই আলকাবা ফাউণ্ডেইচনৰ সভাপতি আলহাজ ৰাজুমণি হুছেইনে তেওঁলোকৰ কাষত থিয় দিয়ে।আলকাবা ফাউণ্ডেইচনে নিজাববীয়াকৈ প্ৰায় ২ লাখ টকাৰে উক্ত বান্ধ তথা পথটো জেচিবি, দামফাৰ লগাই মাটিৰে ওখ কৰি বান্ধ মেৰামতিৰ কাম আৰম্ভ কৰিছে। এনে ধৰনৰ সামাজিক কামবোৰ অনাগত সময়তো ৰাইজৰ বাবে কৰি যাব বুলি আলকাবা ফাউণ্ডেচনৰ সভাপতি ৰাজুমনি হুছেইনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
মাজুলীৰ ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে অসম চৰকাৰে নতুন ভূমিনীতিৰ জৰিয়তে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলী জিলাতো ভূমিপট্টা আৰু ভূমি আৱণ্টন পত্ৰ প্ৰদানৰ ব্যৱস্থা খৰতকীয়া কৰা হৈছে। জিলাখনৰ ভূমিহীন পৰিয়ালসমূহক তেওঁলোকে বছৰ বছৰ ধৰি ঘৰ-বাৰী সাজি, খেতি-বাতি কৰি ভোগ-দখল কৰি অহা মাটিৰ আৱণ্টন প্ৰদানৰ বাবে মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ দশক দশক ধৰি অসুবিধাৰ সন্মুখীন হৈ অহা পৰিয়ালসমূহক উপকৃত কৰাকৈ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত জিলা প্ৰশাসনে বিগত তিনিটা বৰ্ষত মাজুলীত এনে ভূমিহীন পৰিয়ালৰ মাজত ভূমিপট্টা তথা আৱণ্টন পত্ৰ বিতৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজহ বিভাগে ইতিমধ্যে ২০১৮-১৯ বৰ্ষৰ পৰা এইপৰ্যন্ত তিনি বছৰতে জিলাখনৰ মুঠ ৮১২৪ টা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১,৫২৭ টা পৰিয়ালক ভূমি পট্টা আৰু ৬,৫৯৭ টা পৰিয়ালক ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা হৈছে। জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯ বৰ্ষত ১,৩২৭ টা ভূমিহীন পৰিয়ালক মুঠ ৯৮৬ বিঘা দুকঠা ১১ লেচা ভূমিৰ আৱণ্টন পত্ৰ বিতৰণ কৰাৰ পাছত অসম চৰকাৰৰ নতুন ভূমিনীতিৰ আধাৰত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত মুঠ ৫,২৭০ টা ভূমিহীন পৰিয়ালক সৰ্বমুঠ ৫,৬৩৪ বিঘা ৩ কঠা ৮ লেচা মাটিৰ আৱণ্টন পত্ৰ আৰু ১,৫২৭ টা পৰিয়ালক ৩,৬৫২ বিঘা ১৯ লেচা মাটিৰ পট্টা প্ৰদান কৰিছে। ইয়াৰে ১,৬৯২টা ভূমিহীন পৰিয়ালক ২০১৯-২০ বৰ্ষত আৰু ৩,৫৭৮ টা ভূমিহীন পৰিয়ালক চলিত ২০২০-২১ বৰ্ষত এতিয়ালৈকে ভূমি আৱণ্টন পত্ৰ বিতৰণ কৰি জিলাখনৰ ৰাজহ বিভাগে মাজুলী জিলাক অসম চৰকাৰৰ নতুন ভূমি-নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত ৰাজ্যৰ অন্যতম সফল জিলা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তদুপৰি, অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে জিলাখনৰ আন ৭,০০০টা ভূমিহীন পৰিয়ালৰ মাজতো ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰিবলৈ ইতিমধ্যে মাজুলী আৰু উজনি মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। এই পৰিসংখ্যাৰ সৈতে ২০১৮-১৯ বৰ্ষত মাজুলী ৰাজহ চক্ৰই ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা ১,৩২৭টা পৰিয়ালকো ধৰিলে বিগত তিনিটা বৰ্ষত নদীদ্বীপ জিলাখনত ভূমিৰ অধিকাৰ লাভ কৰা মুঠ পৰিয়ালৰ সংখ্যা ১৫,১২৪টা হ’ব ৷ দশক দশক ধৰি নিজৰ ভোগ-দখলত থকা ভূমিৰ কোনো চৰকাৰী নথি লাভ নকৰাৰ বাবে নদীদ্বীপটোৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগা হোৱাৰ দিশটো অনুধাৱন কৰি মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীবাসীৰ এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ২০১৭ বৰ্ষতে জিলা প্ৰশাসনৰ লগতে ৰাজহ বিভাগক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী গৰাকীৰ এনে উদ্যোগৰ বাবেই ২০১৮-১৯ বৰ্ষৰ পৰা মাজুলীত ভূমিহীন পৰিয়ালসমূহে ক্ষিপ্ৰতাৰে ভূমিৰ অধিকাৰ লাভ কৰাৰ পথ প্ৰশস্ত হয়। আনহাতে, আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিকে ধৰি মাজুলীৰ ইতিপূৰ্বে ভূমি জৰীপ নোহোৱাকৈ থকা এলেকাসমূহতকেইবা দশকৰ মূৰত শেহতীয়াকৈ ভূমি জৰীপৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ আগ্ৰহতে ২০১৯ চনৰ মাজভাগৰ পৰা ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে মাজুলী জিলা প্ৰশাসনৰ সহযোগত এই ভূমি জৰীপৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনৰ সহযোগত অসম চৰকাৰৰ ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ে জিলাখনৰ ২৩খন ন’ন-কেডেষ্ট্ৰেল (এনচি) গাঁৱৰ ২১খনতে ভূমি-জৰীপৰ মূল পক্ৰিয়া বহিঃ জৰীপ (এক্সটাৰ্নেল ছাৰ্ভে) সম্পূৰ্ণ কৰি বৰ্তমান চূড়ান্ত পৰ্যায়ৰ আন্তঃ জৰীপ (ইণ্টাৰ্নেল ছাৰ্ভে) কাৰ্য অব্যাহত ৰাখিছে। ইতিমধ্যে ইয়াৰে ছখন গাঁও (ভকতচাপৰি, কুলামুৱা, বেদাং চাপৰি, পুনিয়া, ধনাই চাপৰি আৰু বনৰীয়া চাপৰি)ত এই আন্তঃ জৰীপকাৰ্য সম্পূৰ্ণ কৰিছে গুৱাহাটীৰ পৰা আহি মাজুলীত বাহৰ পাতি থকা ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ জৰীপকাৰ্য চলাইছে ৷ এই ভূমি জৰীপৰ পাছতে মাজুলীৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিসহ ন’ন-কেডেষ্ট্ৰেল গাঁওসমূহ চৰকাৰী ভাৱে ৰাজহ গাঁও হিচাপে স্বীকৃত হোৱাৰ লগতে এই এলেকাসমূহত বাস কৰা জনসাধাৰণকো নিজৰ ভোগ-দখলত থকা ভূমিৰ অধিকাৰ প্ৰদানৰ পথো প্ৰশস্ত হৈ উঠিব ৷
কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সংগী ভি কে শশীকলাক
৪ বছৰৰ পিছত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক । ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।কাৰাৰুদ্ধ সময়ছোৱাৰ ভিতৰতে মহামাৰী কৰোণাত আক্ৰান্ত হোৱাৰ বাবে শশীকলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে কিমান দিনলৈ শশীকলাক হাস্পতালত ৰখা হ’ব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই শশীকলাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জয়াললিতাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত শশীকলাৰ বিৰুদ্ধে জয়াললিতাৰ মৃত্যুৰ ক্ষেত্ৰতো হাত আছে বুলি অভিযোগ উচ্চাৰিত হৈছিল। কাৰাগাৰ কৰ্তৃপক্ষই শশীকলাৰ মুক্তিৰ যাৱতীয় সকলো আনুষ্ঠানিক কাম চিকিৎসালয়তে সম্পন্ন কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতো শশীকলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু কিছুদিন তেওঁক চিকিৎসালয়তে ৰখা হ’ব।
ইফালে শশীকলাৰ মুক্তি খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে চিকিৎসালয়ৰ চৌহদত ভিৰ কৰাৰ পৰিলক্ষিত হয়। তামিলনাডু বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে শশীকলাৰ মুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।
এআইডিএমকে দলৰ সময়ৰ একচ্ছত্ৰী সম্ৰাজ্ঞী শশীকলাই পূৰ্বৰ দৰে দলত খোপনি পুতিবলৈ পালে আগন্তুক নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ উঠাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।
কাজিৰঙাত বলীউদৰ তাৰকা আয়ুষ্মান খুৰানাৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। খোলা জিপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউদৰ বিকি ডনাৰখ্যাত অভিনেতা আয়ুষ্মান খুৰানাই। সহ–অভিনেতা আৰু অভিনেত্ৰীৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰা সময়ত তেওঁক সংগ দিয়ে বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহাই।
হাতত বাইন’কুলাৰ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মানে।ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলত প্ৰায় আঢ়ৈ ঘন্টা সময় প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে অভিনেতাগৰাকী৷
উল্লেখযোগ্য যে, এখন হিন্দী বোলছবিৰ চিত্ৰ গ্ৰহণৰ বাবে অভিনেতাজন উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙাৰ আয়’ৰা ৰিজ’ৰ্টত বাহৰ পতা অভিনেতাজনকলৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চলি আছে ছবিৰ চিত্ৰ গ্ৰহণ। যাৰ বাবে কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ যশস্বী পৰিচালক অনুভৱ সিনহা আৰু জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই ।
বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহা পৰিচালিত “স্পাই থ্ৰেলাৰ” ছবিৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বট’ছ দিয়া আৰম্ভ কৰাৰ পিছত কিছু বিৰতি লৈ দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
ইতিমধ্যে কাৰ্বিআংলঙৰ ডলামাৰাত ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে দলটোৱে। জানিব পৰা মতে কাজিৰঙাৰ এখন অভিজাত হোটেলত বাহৰ পাতিছে চলচিত্ৰ নিৰ্মাণৰ বাবে অহা দলটোৱে।
বিকি ডনাৰ ছুপাৰহিট ছবিখনৰ জৰিয়তে বলীউদত খোজ দিয়া অভিনেতাগৰাকীক লৈ প্ৰায় বিশ দিন ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙত চলিব লগা এই চিত্ৰ গ্ৰহণৰ পিছত ছবিখনৰ পৰৱৰ্তী চিত্ৰ গ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে কাজিৰঙাত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাক ওচৰতে দেখা পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। অভিনেতাগৰাকীৰ গুণমুগ্ধ একাংশ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতে অভিনেতাগৰাকীক কাষত পাবলৈ হেতা–ওপৰা লগোৱা পৰিলক্ষিত হয়।
দৃশ্যগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি শ্বুটিংস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট
পিতৃৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট হোৱাতো স্বাভাৱিক ।কিন্তু যি সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত সম্পত্তি অসম চৰকাৰক সংৰক্ষণৰ বাবে তেজপুৰ বাসী ৰাইজে দাবী তুলি আহিছে সেই সময়তে কলাগুৰু সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাতে চুড়ান্ত ৰূপ ধাৰণ কৰিছে ।উল্লেখযোগ্য যে তেজপুৰৰ কলিবাৰীত অৱস্থিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ অনন্য সৃষ্টি আৰু আপুৰুগীয়া সম্পদ সম্বলিত বাসগৃহটো ঋণৰ বিপৰীতে বেঙ্কত বন্ধকীত থৈছে বুলি গুৰুত্ব অভিযোগ তুলিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই । হেমৰাজ ৰাভাই এই সুযোগতে কোনো তৃতীয় পক্ষৰ প্ৰবেশ ঘটিলে কলাগুৰু দেৱৰ সৃষ্টিৰাজি হয়তো অসমীয়া সমাজৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন হ’ব। সেয়ে এই কাৰ্য্যৰ গৰিহনা দি আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটি উচিত তদন্ত বিচাৰিছে হেমৰাজ ৰাভাই ।তেওঁৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনি পুত্ৰৰ মাজত তেজপুৰৰ মণ্ডলে কি অংকত ৩কঠা ১২লেচা মাটি সমানে দুভাগ কৰিলে এজনৰ ভাগত ২কঠা আৰু আনজনৰ ভাগত ১কঠা ১২লেচা কৈ পৰে । এজনৰ ১কঠা ১৫লেচা পাই বুলি প্ৰশ্ন কৰে ।।ইফালে এই সন্দৰ্ভত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ফোন যোগে জনাইছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তিনি জন পুত্ৰৰ সমান অধিকাৰ আছে । মই ছোৱালী পঢ়োবাৰ বাবে মাটি বন্ধকত দিছো । টকা পালে ঘুৰাই আনিম ইয়াত লৈ আলোচনা কোনোবাই আপত্তি কৰা যুক্তি কি বুলিও জানিবলৈ দিয়ে ।।উল্লেখযোগ্যযে কলাগুৰু বিষ্ণু ৰাভাই বেঙ্কৰ পৰা ২০০০০/- টকা ঋণ লৈ নিজৰ ঘৰটো নিৰ্মাণ কৰিছিল। বিনিময়ত ঘৰটো বেঙ্কত বন্ধকত আছিল। কোনো আয় নথকা বিষ্ণু ৰাভাৰ ঋণ পৰিশোধ কৰাৰ সামৰ্থ্যতা নাছিল। ফলত তেখেতৰ জীৱিত কালতেই দুবাৰকৈ নিলামৰ জাননী আহিছিল। মৃত্যুৰ সময়ত সেই ঋণ সুদে মূলে ৬০০০০/- টকা হৈছিলগৈ। গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি থকা সময়ৰ তেতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় বিমলাপ্ৰসাদ চলিহাদেৱে খবৰ লবলৈ অহাত চকু পানী টুকি চলিহাদেৱক সকলো কথা অবগত কৰাত মুখ্যমন্ত্ৰী চলিহাদেৱে সেই ঋণ পৰিশোধ কৰি বিষ্ণু ৰাভাক ঋণমুক্ত কৰে। এতিয়া পুনৰ সেই ঘৰটো বেঙ্কত বন্ধকত ৰখাটো বিষ্ণু ৰাভাক শ্ৰদ্ধা কৰাসকলে বিচাৰে নে? সেইয়া ডাঙৰ প্ৰশ্ন ।
পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী পুনৰ হৃদৰোগত আক্ৰান্ত। যাৰ বাবে কলিকতাৰ এপ’ল’ হাস্পতালত ততাতৈয়াকে ভৰ্তি কৰোৱা হয় গাংগুলীক।
উল্লেখ্য যে, চলিত বৰ্ষৰে জানুৱাৰী মাহৰ প্ৰথম ভাগত হৃদৰোগত আক্ৰান্ত হোৱা বাবেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গাংগুলিক। আৰু এক হৃদযন্ত্ৰৰ অপাৰেচনৰ পিছতে সুস্থ হোৱাত ঘৰলৈ উভতিছিল। যদিও ঘৰতে চিকিৎসকৰ তত্বাৱধানত আছিল সৌৰভ গাংগুলি। পিছে আজি একেটা মাহতে পুনৰ হৃদৰোগত আক্ৰান্ত হয় তেখেত।
হাউলীৰ জয়েন বজাৰত জেপিএল প্ৰিমিয়াৰ লীগত ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবৰ বিজয়ৰ খিতাপ অৰ্জন
বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত দিনৰ এক বজাত চূড়ান্ত খেল খন বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাব আৰু সৰভোগৰ জামাদ্দাৰবড়ী আজানপীৰ মাছুম মডেল একাডেমী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় । উক্ত চূড়ান্ত খেল খন উদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস আৰু মা পৰাণ ফাউণ্ডেচনৰ সঞ্চালক ছিকান্দৰ আলী আহমেদে । খেল খনত সমাজ কৰ্মী তথা যুৱ ব্যৱসায় ৰেকিবুল ৰহমান ৰিংকু, হাউলীৰ যুৱ ব্যৱসাসী জিয়াৰুল হ’ক , সমাজ কৰ্মী গিয়াচ উদ্দিন আহমেদ সহ ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে । ইয়াৰ পিছত নয়ন মনি আহমেদ আৰু মহিদুল হ’কৰ পৰিচালনাত চূড়ান্ত খেলখন আৰম্ভ হয় । খেল খনত প্ৰথমে ছালাবীলা বাশবাৰী ক্ৰিকেট ক্লাবে বেট ধৰি মুঠ ১৬৮ ৰাণ কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে জামাদ্দৰবড়ী আজানপীৰ মাছুম মডেল একাডেমীৰ ক্ৰিকেট দলে আটাইকেইটা উইকেট হেৰুৱাই মুঠ ৭৮ ৰাণ কৰি পৰাজয় বৰণ কৰে । চূড়ান্ত খেল খনত বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবে বিজয়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । বিগত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মাহযোৰা ক্ৰিকেট প্ৰতিযোগিতা খনত মুঠ ৩০ টা দলে যোগদান কৰিছিল বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি জাহিদুল ইছলামে জানিবলৈ দিয়ে । চূড়ান্ত খেল খন বিছ হেজাৰৰো অধিক দৰ্শকে উপভোগ কৰে ।








