Home Blog Page 3143

গেলেকী ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ ক’ৰনা মহামাৰীৰ ফলত সমগ্ৰ বিশ্ব ব্যাপী হোৱা লকডাউনৰ ফলশ্ৰুতিত শিক্ষা গ্ৰহণৰ পৰা শিক্ষাৰ্থীসকল বিৰত থাকিবলগীয়া হৈছিল। তাৰ ফলত শিক্ষাৰ্থীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল। কিন্তু কিছু নীতি-নিয়মৰ মাজেৰে লক ডাউন শিথিল হোৱাৰ পাছত আজি অসমৰ ভিতৰতে ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী অনুষ্ঠান। শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ সৈতে জড়িত কৰোৱা অন্য এক ব্যতিক্ৰমী কৌশল দেখিবলৈ পোৱা গ’ল।

শৈক্ষিক উত্তৰণ যাত্ৰা নামেৰে এক অনুষ্ঠান দোলাকাষৰীয়া মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ সহযোগত  শিশু দিৱসৰ লগত সংগতি ৰাখি দুমাহ যোৰা কাৰ্য্যসূচীৰে পঞ্চায়ত পৰ্যায়ত ছাত্ৰ ছাত্ৰী সকলক শিকণ আহিলা প্ৰস্ততি কৰ্মশালা অনুষ্ঠিত কৰে। দুমাহযোৰা এই কৰ্মশালাত নাজিৰা অঞ্চলৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্হিত থাকি সহায় সহযোগ আগবঢ়ায়। এই পদক্ষেপক স্থানীয় ৰাইজেও যথেষ্ট প্ৰশংসা কৰিছে।

নাগালেণ্ড বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগালেণ্ডৰ দুটা সমষ্টিত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ নিৰ্বাচন। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি দুটা হ’ল কহিমা জিলা ১৪ নং দক্ষিণ আংগামী সমষ্টি আৰু আনটো কিফিৰি জিলা ৬০ নং পুংগ্ৰ বিধানসভা সমষ্টি। ইয়াৰে দক্ষিণ আংগামী সমষ্টিত শাসকীয় এনডিপিপি দলৰ মেড য়হখা আৰু নাগা পিপলছ ফ্ৰণ্টৰ দলৰ কিকভি কিৰহা তথা নিৰ্দলীয় প্ৰাৰ্থী ছেয়েভিলি পিটাৰকে ধৰি মুঠ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

আনহাতে পুংগ্ৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ খেৰছঅ আনাৰ বিজেপিৰ লিৰিমংগ ছেংটাম আৰু নিৰ্দলীয় ক্ৰমে কে চেলুথঙ, টি য়িমছুংগাৰে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। সম্প্ৰতি নাগালেণ্ডৰ বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত পাংগ্ৰো কিফিৰে সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী টি ইয়াংছিওয়ে ১৫২৭ টা ভোটৰ ব্যৱধানত বিজয়ী হয়।

দক্ষিণ আঙ্গমি ১ সমষ্টিত ৫৯৮ টা ভোটৰ ব্যৱধানত জয়ী হয় নেছনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰাৰ্থী মেড’ ইয়াহোখা। উল্লেখ্য যে কিছু মাহৰ পূৰ্বে শাসকীয় এনডিপিপি দলৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ভিখঅ য়ুহছু আৰু বিৰোধী দল এনপিএফ দলৰ বিধায়ক টি টৰেছুৰ মৃত্যু হোৱাত দখন আসন খালি হৈছিল।

গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এদিনীয়া এনজিঅ’ সন্মিলন সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰাধিকৰণ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৯ নৱেম্বৰ সোমবাৰে গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এখনি এনজিঅ সন্মিলন সম্পন্ন হয়। গোলাঘাট জিলাৰ অন্তৰ্গত চৰকাৰী বেচৰকাৰী বিভিন্ন কৰ্মক্ষেত্ৰত ব্ৰতী বহু সংখ্যক এনজিঅ’ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুস্থিত সন্মিলনত  আৰ্থ-সামাজিক ক্ষেত্ৰত এনজিঅ’ সমূহৰ দায়িত্ব, কৰণীয় তথা বিশ্বব্যাপ্ত মহামাৰী কোভিডোত্তৰ পৰিস্থিতিত এনজিঅ’ সমূহৰ সামাজিক দায়বদ্ধতাৰ ওপৰত বিষদ আলোচনা কৰা হয়।

গোলাঘাট জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাৰ্গলাৰীয়ে সন্মিলনখনি উদ্ধোধন কৰি কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময় চোৱাত  গোলাঘাট জিলাবাসী জনসাধাৰনৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এনজিঅ’ৰ বিষয়ববীয়া সকলে যি তৎপৰতা দেখুৱালে তাৰ বাবে  ধন্যবাদ জনায়। গোলাঘাট জিলা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপেন সিংহই জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে এনজিঅ’ সমূহৰ সহায়ত ৰূপায়িত কৰা স্বচ্ছ ভাৰত মিচন অভিযান আৰু কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চেনিটাইজেচন কাৰ্য সূচীত জিলাখনৰ এনজিঅ’ সমূহৰ একনিষ্ঠ সেৱাৰ ভূয়সী প্ৰসংশা কৰে।

গোলাঘাট জিলা নাবাৰ্ডৰ জিলা প্ৰৱন্ধক সুশান্ত চক্ৰৱৰ্তীয়ে নাবাৰ্ডৰ দ্বাৰা ৰূপায়িত বিভিন্ন আচনিৰ বিষয়ে বিস্তাৰিত ভাবে ব্যাখ্যা কৰে। নাবাৰ্ডৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এনজিঅ’ সমূহে কেনেদৰে অংশ গ্ৰহন কৰিব পাৰে সেই বিষয়ে বিষদ ভাবে ব্যক্ত কৰে। উক্ত কাযৰ্সূচীত জিলা গ্ৰামীণ অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক দিলাউৰ ৰহমান, এনআৰএলএমৰ গোলাঘাট জিলা প্ৰকল্প প্ৰৱন্ধক পৰিশ্মিতা শৰ্মা আৰু জিলাখনৰ অগ্ৰণী এনজিঅ’ সমূহৰ বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

বিজেপি সংখ্যা গৰিষ্ঠ, চাওক কত কিমান আসন পালে

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ

১. ৫ খন আসনৰ বাবে অনুস্থিত হোৱা মনিপুৰৰ বিধান সভা উপ নিৰ্বাচনৰ ফলাফল ঘোষনা। ফলাফলৰ অন্তত ভাৰতীয় জনতা পাৰ্টীয়ে ৪ খন আসনত জয় লাভ কৰাৰ লগতে ১ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।

২. উত্তৰ প্ৰদেশ উপ নিৰ্বাচনৰ ৭ খন আসনৰ ভাৰতীয় জনতা পাৰ্টীয়ে ৬ খন আসন দখল কৰাৰ বিপৰিতে সমজবাদী পাৰ্টীয়ে ১ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

৩. গুজৰাটতত আঠ খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুধবাৰে ঘোষনা কৰা ফলাফল অনুসৰি উপ নিৰ্বাচনৰ সম্পূৰ্ণ আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে।

পুৱতি নিশা ওলাল ফলাফল, মধ্যপ্ৰদেশত বিজেপি সংখ্যা গৰিষ্ঠ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা মধ্যপ্ৰদেশৰ ২৮ খন আসনক লৈ অনুষ্ঠিত হোৱা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰে নিৰ্বাচনী আয়োগে। ফলাফল অনুসৰি ১৯ খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰিতে কংগ্ৰেছে লাভ কৰে মাত্ৰ ৯ খন আসন।

আনহাতে ফলাফল ঘোষণা পিছৰে পৰা মধ্যপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ প্ৰতি শংকা নাইকীয়া হয়। ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাব পাৰিব।

আকৌ এবাৰ বিহাৰত এনডিএৰ চৰকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ আকৌ এবাৰ বিহাৰত এনডিএৰ চৰকাৰ। সকলো এগজিট পলৰ তথ্যক ভুল প্ৰতিপন্ন কৰি বিহাৰ পুনৰ এবাৰ নিজৰ ক্ষমতালৈ আনিবলৈ সক্ষম হল এনডিএ। বিগত প্ৰায় ১৫ বছৰ এনডিএৰ শাসনত থকা বিহাৰত পুনৰ ৰাইজে এনডিএক সমৰ্থন কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ জনসাধাৰনক ধন্যবাদ জনায়।

২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তিৰ পৰীক্ষা, চাওক কিদৰে লাভ কৰিব এডমিট কাৰ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ অপেক্ষাৰ অন্তত অৱশেষত ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব বহু বিতৰ্কিত আৰক্ষীৰ উপ পৰিদৰ্শক  নিযুক্তিৰ পৰীক্ষা। ২২ নৱেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। পুৱা ৯.৩০ বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব পৰীক্ষাৰ্থা।

১৬ নৱেম্বৰৰ পৰা www.slprbassam.in ৱেবচাইতত উপলব্ধ হ’ব এডমিট কাৰ্ড। প্ৰাৰ্থীসকলে অনলাইনযোগে এডমিট কাৰ্ড ডাউন লোড কৰিব পাৰিব। পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ দিনা লগত ৰাখিব লাগিব এখন পৰিচয় পত্ৰ  আৰু এখন পাছপৰ্ট ছাইজ ফটো কিন্তু ইয়াৰ বিপৰিতে পৰীক্ষাৰ্থীসকলে স্মাৰ্ট ফোন, স্মাৰ্ট ঘড়ি, কেলক্যুলেটাৰ, বেগ তথা অলংকাৰ আদি পৰীক্ষা হললৈ নিব নোৱাৰিব।

আনহাতে প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে প্ৰতিখন জিলাৰ SP কাৰ্যালয়ত স্থাপন কৰা হ’ব হেল্প ডেস্ক। যিকোনো পৰীক্ষা বিষয়ৰ তথ্যৰ বাবে টোল ফ্ৰি 1800-2120-05599 নম্বৰত ফোন কৰিব পাৰিব।

দিপাৱলী উপলক্ষে মঙলদৈৰ কস্তুৰী শিশু গৃহত প্ৰস্তুত ভিন্ন ৰঙী মাটিৰ চাকি

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙলদৈ, ১০ নৱেম্বৰঃ পোহৰৰ উৎসৱ দিপাৱলী সমাগত৷ মঙলদৈ মহিলা সমাজৰ দ্বাৰা পৰিচালিত  মঙলদৈ কস্তুৰী শিশু গৃহৰ আবাসী সকলে দিপাৱলীত ব্যৱহাৰ কৰিবৰ বাবে প্ৰস্তুত কৰিছে ভিন্ন ৰঙী মাটিৰ চাকি। দীপাৱলীৰ সময়ত চিনৰ বহুৰঙী লাইট আটচবাজীৰে বজাৰ ভৰি পৰে ,এনে লাইট আৰু আটচবাজি য়ে আমাৰ পাৰিপাৰ্শ্বিক পৰিবেশ বিনষ্ট কৰি আহিছে। তেনে সময়তে মঙলদৈস্থ কস্তুৰী শিশু গৃহৰ চৌদ্ধ  গৰাকী আবাসীয়ে প্ৰস্তুত কৰি উলিয়াইছে ভিন্ন ৰঙী মাটিৰ চাকি। আবাসী সকলে প্ৰস্তুত কৰা এই  ভিন্ন ৰঙী মাটিৰ চাকিয়ে ইতিমধ্যে ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বহু জনে আহি ক্ৰয় কৰিছে এনে ৰঙ বিৰঙৰ  চাকি।

এনে ভিন্ন ৰঙী  চাকি বিক্ৰী পোৱা ধনেৰে অবাসী সকলৰ ব্যৱহৃত  বিভিন্ন শিল্প কৰ্মত লাগতিয়াল সামগ্ৰী সমুহ ক্ৰয় কৰে বুলি শিশু গৃহৰ অধিক্ষক ৰস্মিৰেখা শৰ্মাই জনাই। শিশু গৃহৰ অধিক্ষক ৰস্মিৰেখা শৰ্মাই জনোৱা মৰ্মে এই গৃহৰ আবাসী সকলে পঢ়া শুনাৰ উপৰিও বিভিন্ন সৃষ্টি মুলক কামত ব্যস্ত থাকে, দিপাৱলী উপলক্ষে বিগত তিনি বছৰ ধৰি এনে ধৰনে ভিন্ন ৰঙী মাটিৰ চাকি প্ৰস্তুত কৰি আহিছে আৰু এই চাকিয়ে ক্ৰতাৰ সমাদৰ লাভ কৰিছে। সমাগত দিপাৱলীৰ সামগ্ৰী ক্ৰয়ৰ বাবে গ্ৰাহকৰ দুগুণ আগমন আৰু চীনা সামগ্ৰী বর্জনৰ আহ্বানেৰে অবাসী সকলে দুগুণ উৎসাহেৰে প্ৰস্তুত কৰিছে চাকি৷

জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তি দাবীত মৰাণত এবিভিপিৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী জুমুঠি জ্বলিল উজনি অসমৰ মৰাণত। চৰাইদেউ জিলাৰ মৰাণত আজি অখিল ভাৰতীয় বিদ্যাৰ্থীৰ পৰিষদৰ চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমিতিৰ  উদ্যোগত ষড়যন্ত্ৰ মূলক ভাবে আটক কৰা জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মৰাণ সোণাৰি পথ অৱৰোধ কৰি উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্তি জুমুঠি দাহ কৰি সাংবাদিক গৰাকীৰ মুক্তিৰ দাবী জনায়। প্ৰতিবাদীসকলে মহাৰাষ্ট্ৰ চৰকাৰ মুৰ্দাবাদ, উদ্ধৱ থাকৰে মুৰ্দাবাদ, শিৱ সনা  মুৰ্দাবাদ আদি প্ৰতিবাদী শ্ল’গানেৰে মৰাণৰ আকাশ-বতাহ কপাই তোলে।

উল্লেখ্য যে, প্ৰায় দুবছৰৰ পূৰ্বে মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাত সাংবাদিক অৰ্ণৱ গোস্বামীৰ নাম সাঙোৰ খোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও তথ্য প্ৰমাণৰ অভাৱত সেই সময়ত মুম্বাইৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ ফাইল বন্ধ কৰি দিছিল। কিন্তু শেহতীয়াকৈ আত্মহত্যা কৰা ইন্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নায়কৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে তদন্ত পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে যোৱা ৪ নৱেম্বৰ তাৰিখে মুম্বাই আৰক্ষীয়ে আটক কৰিছিল অৰ্ণৱক।

বিহাৰৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল

Bihar election results 2020 live updates: বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা। এনডিএৰ অগ্ৰগতি।

Bihar
Result Status
Status Known For 243 out of 243 Constituencies
PartyWonLeadingTotal
All India Majlis-E-Ittehadul Muslimeen044
Bahujan Samaj Party022
Bharatiya Janata Party07575
Communist Party of India022
Communist Party of India (Marxist)033
Communist Party of India (Marxist-Leninist) (Liberation)01212
Hindustani Awam Morcha (Secular)033
Independent044
Indian National Congress02121
Janata Dal (United)04848
Lok Jan Shakti Party011
Rashtriya Janata Dal16263
Vikassheel Insaan Party055
Total1242243
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি ( দিনৰ ৪.০০ বজাত)