Home Blog Page 3147

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই গহপুৰৰ নিজা বাসগৃহত সম্বোধন কৰি এখন সংবাদ মেলত কৃষকৰ বাবে গোৱা গানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কৃষকৰ নিষ্ঠাৰ তেওঁলোকৰৰ চৰকাৰৰ বাবেহে নাই ৷ ইয়াৰ উপৰিও কয় যে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ কালত প্ৰদেশ কংগ্ৰেছে অসমৰ ২৪ টা জলন্ত সমস্যাৰ প্ৰশ্ন উত্থাপন কৰিছিল । কিন্তু প্ৰধান মন্ত্ৰী গৰাকীয়ে তেখেতৰ ভাষণত অসমৰ ২৪টা জলন্ত সমস্যা সন্দৰ্ভত কোনো কথায়ে নক’লে। নৰেন্দ্ৰ মোদীৰ ভাষণে অসমবাসীক হতাশ কৰিলে। প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো নতুনত্ব নাই। এটা গতানুগতিক ভাষণ। তেখেতে কিছুমান মিছা কথাৰে আকৌ সতী জয়মতীৰ স্বাভিমান, সততাক, অসমীয়া জাতিৰ যি সততাৰ প্ৰতীক তাক পদাঘাট কৰিব বুলি কোৱা কথায়ে সত্য হ’ল । চাহ জনজাতি ৰাইজক তেওঁলোকে ৰাজনৈতিক সন্মান দিছে নে শোষণ কৰিছে ? চাহ জনজাতি ৰাইজক কেৱল ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে । নাগৰিকত্ব সংশোধনী আইন, জনজাতিকৰণ আদি বহু বিষয় সন্দৰ্ভতো নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ কথা নক’লে বুলি ৰিপুন বৰাই কয় । ৰিপুণ বৰাৰ বহু ক্ষমতা কৰ্তন কৰা হৈছে । প্ৰদ্যুৎ বৰদলৈক ৰিপুণ বৰাতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । প্ৰদেশ কংগ্ৰেছত কালিৰ পৰা ইয়াক লৈ শীতল যুদ্ধ চলি আছে। এই প্ৰশ্ন সোধোতে খঙত  জাঙুৰ খাই উঠিল ৰিপুন বৰা। সাংবাদিকৰ মনে সঁজা প্ৰশ্ন বুলি উল্লেখ কৰে ।

শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰিত আজি বি জে পি দলৰ এখন দলীয় সভাত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলৰ এক হাজাৰ সদস্য বি জে পি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সভাপতি ইমানুয়েল মনছিং  হাসদাৰ সভাপতিত্বত গোসাইগাঁও মহকুমাৰ ফাইলাগুৰি খেল পথাৰত আজি বিজেপি দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । শ্ৰীৰামপুৰ মণ্ডল বিজেপিৰ সম্পাদক শ্ৰীবাস দাসে আঁত ধৰা সভা খনত বি জে পি দলৰ সফলতাৰ লগতে দলৰ  আদৰ্শ আৰু নীতিৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে বিভূতি বৰগয়াৰী আৰু সুৰথ চন্দ্ৰ ৰায় আৰু শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহই । ইয়াৰ উপৰি সভাত বিজেপি দলৰ জিলা, মণ্ডল  আৰু বুথ পৰ্যায়ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে । মনকৰিবলগীয়া যে উক্ত সভাতে কোকৰাঝাৰ জিলা বি পি এফ কমিটিৰ উপ-সভাপতি সঞ্জয় মাৰাণ্ডীৰ নেতৃত্বত বি পি এফ দলৰ ভি চি ডি চিৰ সদস্য, দলৰ নেতা-কৰ্মীৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ এক হাজাৰ গৰাকী লোকে বিজেপি দলত যোগদান কৰে । উল্লেখ্য যে বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি পি এফ দলৰ দখলত থকা ২৮নং গোসাইগাঁও বিধান সভা সমষ্টিত বিজেপি দলৰ তৎপৰতা দুগুনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লতাশিলত তিনিখনকৈ বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

গুৱাহাটীৰ লতাশিলত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত সৃষ্টি হয় এই ভয়ানক পৰিস্থিতিৰ।

জানিব পৰা অনুসৰি প্ৰথমে গৰু ভৰ্তি এখন ডিআই বাহনে খুন্দা মাৰে এখন চলন্ত চিটি বাছত। তাৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই চিটী বাছে খুন্দা মাৰে পদপথৰ ৰেলিঙত। তথ্য অনুসৰি বাছখনত আছিল প্ৰায় ১৫গৰাকী যাত্ৰী।

আনহাতে নিয়ন্ত্ৰণ হেৰুৱাই পৰৱৰ্তী সময়ত কেইবাখনো বাহনক খুন্দা মাৰে চিটী বাছখনে। কেৱল সেয়াই নহয় উক্ত বাছখনত পাছত খুন্দা মাৰে এখন এল্ট’ বাহনে। যাৰ ফলত আহত হয় চাৰিজনকৈ লোক।

মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি আছুৰ ক’লা দিৱস পালন

আজি ‘আছু’ৰ ৰাজ্যজুৰি ক’লা দিৱস পালন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ক’লা দিৱস৷ উল্লেখ্য যে, শুকুৰবাৰে ‘আছু’ৱে ৰাজ্যৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

Sivasagar unit of AASU black day protest on CAA and EIA at Sivasagar

‘কা’ বাতিল আৰু অসমচুক্তি ৬নং দফা ৰূপায়ণৰ দাবীত এই প্ৰতিবাদ কৰিছিল ছাত্ৰ সন্থাই । হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদমুখৰ হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্ত৷ আনহাতে ‘আছু’ৰ এই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ হেঁচাও প্ৰদান কৰিছিল আৰক্ষী তথা প্ৰশাসনে ।

Lakhimpur unit AASU black day protest on CAA and EIA in Lakhimpur

অসমীয়া জাতিক প্ৰতাৰণা কৰাৰ দাবীত ৰাজ্যজুৰি শুকুৰবাৰে এনেদৰে হঠাত জ্বলি উঠে ক্ষোভৰ জুই৷ আজিও মোদী-অমিতৰ আগমনত আছুৰ ক’লা দিৱস পালন কৰা হয়৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘আছু’ৱে পালন কৰে ক’লা দিৱস৷

Members of All Assam Students Union (ASSU) staging dharna in demanding of repealing the controversial Citizenship Amendment Act, the Environmental Impact Assessment (EIA) draft, 2020 and implementing the Clause 6 of Assam Accord, in Guwahati

ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ

দেশৰ অন্যতম সাৰ্বজনীন বেংক বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকৰ অৰ্থনৈতিক ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন)ৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ২৬ শতাংশ বৃদ্ধি হৈ বৰ্তমান হৈছেগৈ ১.৫১ লাখ কোটি টকা। ২০২০ চনৰ আগষ্টত অভিযানৰ ৫ বছৰ সম্পূৰ্ণ কৰা প্ৰতিষ্ঠানটোৱে ৫,১৯৭ টা শাখা আৰু বেংকিং ইউনিটৰ জৰিয়তে ২.২৫ কোটি উপভোক্তাক সেৱা আগবঢ়াইছে। বন্ধন বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪৭,২৬০ গৰাকী।

দেশৰ অৰ্থনীতি ক্ৰমান্বয়ে মুকলি হোৱাৰ সময়ত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ জমা বহী ৩০ শতাংশ বৃদ্ধি হৈছে। মুঠ জমাৰ পৰিমাণ হৈছেগৈ ৭১,১৮৮ কোটি টকা। কাৰেণ্ট একাউণ্ট আৰু চেভিংছ একাউণ্ট (চি এ এছ এ) বহীত বাৰ্ষিক ভিত্তিত ৬২ শতাংশ বৃদ্ধি হৈছে।

অগ্ৰিম ধনৰ ক্ষেত্ৰত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ ২৩ শতাংশ বিকাশ ঘটিছে। বৰ্তমান অগ্ৰিম ধনৰ পৰিমাণ হৈছেগৈ ৮০,২৫৫ কোটি টকা। বেংকৰ স্থিৰতাৰ সংকেত সূচক মূলধন উপলব্ধতা অনুপাত (চি এ আৰ) হৈছে ২৬.২ শতাংশ, যি প্ৰয়োজনীয় মাত্ৰাতকৈ যথেষ্ঠ অধিক।

এই সন্দৰ্ভত এম ডি তথা চি ই অ’ চন্দ্ৰ শেখৰ ঘোষে কয়- “মহামাৰীৰ ভয়াৱহতা হ্ৰাস আৰু অৰ্থনীতি ক্ৰমশঃ সঠিক দিশলৈ ওভতাৰ সময়ত বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকত আমি জমা আৰু অগ্ৰিম ধনৰ উন্নত হাৰ প্ৰত্যক্ষ কৰিছোঁ। আমি আমাৰ উপভোক্তাসকলৰ আস্থা আৰু বিশ্বাস ধাৰাবাহিকতাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। অনাগত সময়ত একাধিক প্ৰডাক্ট তথা বেংকিং মাধ্যমৰ জৰিয়তে গ্ৰাহকসকলক সেৱা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে

আজি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি মোদীয়ে অসমবাসীৰ মৰম আৰু আতিথ্যক প্ৰশংসা কৰে।

অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায়। সভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে সতী জয়মতীৰ ত্যাগকো।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, যোৱা কিছু বছৰত মই অসমৰ বিভিন্ন ঠাইলৈ গৈছো। উন্নয়নমূলক কামৰ লগতে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত বহুলোকৰ সৈতে আলোচনা কৰিছো। যোৱা বছৰ ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰলৈ গৈছিলো। অসমলৈ আহিলেই মই মনত এক অনন্য শান্তি লাভ কৰো।’

দেশ উন্নয়নৰ বাবে অসমৰ উন্নয়ন হোৱাতো অতি গুৰুত্বপূৰণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। অসমৰ শেহতীয়া উন্নয়নৰ লগতে অসমীয়া কলা-সংস্কৃতি তথা ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত অসমৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো এক আভাস দাঙি ধৰে ।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ Z+ নিৰাপত্তা

এতিয়াৰে পৰা ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থাকিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদগৰাকীক ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাৰ কথা সদৰি কৰিছে।

৬৬ বছৰীয়া গগৈ এতিয়াৰে পৰা দেশৰ যি স্থানলৈকে যাব সকলো স্থানতে অস্ত্ৰধাৰী চিআৰপিএফ কমাণ্ডুৱে প্ৰতি মুহূৰ্ততে বেৰি ৰাখিব। ইয়াৰ পূৰ্বে গগৈক দিল্লী আৰক্ষীৰ নিৰাপত্তা বাহিনী প্ৰদান কৰা হৈছিল। উল্লেখ্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, চিআৰপিএফৰ এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হোৱা লোকসকলৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন ভিতৰত ৰঞ্জন গগৈ ৬৩ নম্বৰত আছে। ইয়াৰ পূৰ্বে ৬২ গৰাকী লোকে এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৮-১২ জনীয়া অস্ত্ৰধাৰী কমাণ্ডুৰ দলে প্ৰতি সময়তে তেখেতক নিৰাপত্তা প্ৰদান কৰিব। একে সময়তে তেখেতৰ বাসগৃহতো থাকিব একে পৰ্যায়ৰে নিৰাপত্তা।

সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান

শেহতীয়াকৈ নগৰবেৰাত দেশী-বিদেশী সুৰা আৰু চুলাই মদৰ আগ্ৰাসনে সচেতন ৰাইজৰ টোপনি হৰিছে । স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোত এখনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদৰ দোকান নাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ সুৰা, চুলাই বিক্ৰী কৰি আহিছে । কালি সন্ধিয়া নগৰবেৰাৰ নিউ মাৰ্কেটত ছয়গাঁও আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাই এক অতৰ্কিত অভিযান চলাই দীপক দাস নামৰ মদ ব্যৱসায়ী এজনক বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । অভিযানত বুজন পৰিমানৰ সুৰাৰ বটলৰ উপৰি প্ৰায় পঞ্চাশ পেকেট চুলাইৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ধৃত ব্যৱসায়ী গৰাকীক  আৰক্ষী চক্ৰ বিষয়াই নগৰবেৰা আৰক্ষীক চমজাই দি এক গোচৰ ৰুজু কৰে । উল্লেখযোগ্য যে নগৰবেৰা আৰক্ষী থানাৰ নাতি দূৰত প্ৰায় তিনি-চাৰি স্থানত একাধিক খামীডাঠ ব্যৱসায়ীয়ে কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ  নিতৌ লাখ-লাখ টকাৰ মদ বিক্ৰী কৰি আহিছে যদিও নগৰবেৰা আৰক্ষীয়ে আজিকোপতি কোনোধৰণৰ পদক্ষেপ নোলোৱাটো ৰাইজৰ দৃষ্টিত ৰহস্যজনক । ৰাইজে আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰি আগলৈ অঞ্চলটো আগলৈও নিৰীক্ষণৰ আহ্বান জনাইছে । 

অসম মেঘালয় সীমান্তবৰ্তী মুদুকীত মেঘালয়ৰ অবৈধ গেট স্থাপন

কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱাৰ্তি  পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অধীনৰ মুদুকীত মেঘালয় চৰকাৰে যোৱা কালি  স্থাপন কৰা এটি অবৈধ টল গেট আজি কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ কৰে  । অসম আৰু মেঘালয় ৰ মাজত সীমা নিৰ্ধাৰণৰ বিষয়টোৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দীৰ্ঘদিন ধৰি উদাসীনতা দেখুৱাই অহাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে বলপূৰ্বক ভাৱে অসমৰ সীমান্তৱৰ্তী এলেকাৰ  ভূমিত  সময়ে সময়ে মেঘালয়  আগ্ৰাসন কৰি আহিছে । মেঘালয়ৰ সীমামুৰীয়া অসমৰ ভূমিত অসম চৰকাৰে কৰা নিৰ্মাণ কাৰ্য্যত মেঘালয়ে সময়ে সময়ে বাধা প্ৰদান কৰি অহাৰ লগতে মেঘালয়ে প্ৰায়ে অসমৰ ভুমি দখলৰ প্ৰচেষ্টা কৰি আহিছে । শেহতীয়া ভাৱে  পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্যৰ দক্ষিণে মুদুকী অঞ্চলৰ অসম মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা ৰাজহ গাঁৱৰ মাজেৰে অলপতে নিৰ্মাণ কৰা প্ৰধান মন্ত্ৰী গ্ৰম চৰক যোজনাৰ পথ এটাৰ ওপৰত  মেঘালয় চৰকাৰে যোৱা কালি ৰাতিপুৱা ৰ ভাগত এটা অবৈধ টল গেট স্থাপন কৰে । টল গেট টোৰ ওচৰত উক্ত ঠাই খিনিৰ নাম মেঘালয়ৰ নং স্তন বুলি উল্লেখ কৰি এখন চাইন বৰ্দো মাৰি ৰাখে আগ্ৰাসন কাৰী মেঘালয় চৰকাৰে ।ইপিনে স্থানীয় ৰাইজে এই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰাত  আজি স্থানীয় প্ৰশাসনৰ হৈ পলাশবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা স্থানীয় কাৰ্য্যবাহী দণ্ডাধিষ  ধৃতিমাণ  দাস আৰু কামৰূপ জিলাৰ  উপ আৰক্ষী  অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত  আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হয় । ভুমি ৰাজহৰ নথি পত্ৰ পৰীক্ষা কৰি মেঘালয়ে   কালি টল গেট নিৰ্মাণ কৰা ভূমি খিনি অসমৰ বুলি নিশ্চিত কৰাৰ পিছত দণ্ডাধীষ ধৃতীমান দাসে দিয়া নিৰ্দেশ অনুযায়ী আৰক্ষীয়ে টল গেটটো উঠাই দিয়ে । মেঘালয় চৰকাৰে ভয় ভাবুকিৰে অসমৰ ভূমিত এইদৰে আগ্ৰাসন চলাই থকাৰ পিছতো চৰকাৰ  নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনকি উক্ত বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাৱৰ বাসিন্দাই মেঘালয়ৰ ভয়ত দুয়োখন ৰাজ্যতেই ভোটাধিকাৰো সাব্যস্ত কৰি আহিছে । এনেদৰে অসম চৰকাৰ নিৰ্বিকাৰ হৈ থাকিলে এদিন উক্ত অঞ্চলটোৰ বৃহৎ অংশ মেঘালয়ৰ দখললৈ যাব বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে।

নিতৌ ডিকমত দব্বলগুুটি -জুৱা আৰু সুৰাৰ বিসৎ চক্ৰ

ডিব্ৰুগড় ডিকমত  এতিয়া চৌদিখে  একাংশ দুস্তচক্ৰই বৰ্তমানেও আৰক্ষী প্ৰশাসনৰ  চকুত ধুলি মাৰি দিনে নিশাই নিতৌ চলায় যায় দব্বলগুুটী- যুৱা আৰু চুলাই মদৰ ৰম্‌ৰমিয়া বেহা । নিতৌ চলাই থকা দব্বলগুুটি আৰু সুৰা পায়ি সকলৰ জুৱাৰ এই আদ্দা ডিকমৰ সপ্তাহিক বজাৰৰ সমিপত থকা কেইখন মান দুকানত ।  ৩৭নং ৰাষ্টিয়  ঘাই পথৰ নিচেই কাষতে লাগি থকা সেই দুকান সমূহত  আহৰস অসৎ কাৰ্য চলাই থকা এই অখাধু চক্ৰক বৰ্তমানেও স্হানীয় আৰক্ষী প্ৰশাসন নিমাত কিয় বুলি প্ৰশ্ন সমাজ সেৱক তথা শিক্ষাবিদ সকলৰ। ডিকমৰ একাংশ সচেতন মহলে গৰিহনা পদান কৰাৰ  লগতে আবেলি নিতৌ হোলস্তোলিয়া পৰিবেশ সৃস্তি কৰি ঘৰুৱা ভাবে  আবেলি টিউচণ কৰিবলৈ বুলি অহা যোৱা কৰা স্কুলীয়া ছাত্ৰ- ছাত্ৰী সকল বহুতু অসুবিধা সন্মুখিন হোৱাৰ  লগতে ডিকম টাউনৰ এক সুষ্ট পৰিবেশ বিনস্ত কৰি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে  সাধাৰন শ্ৰেনী জনসাধাৰনক ভেতিগ্ৰস্ত কৰি আহিছে  বুলি জানিবলৈ দিয়ে। নিতৌ এই দব্বল গুটি – যুৱাৰ আাৰু সুৰা পায়ী সকলৰ এই  আদ্দাই পৰিবেশ বিনস্তকৰি অহা এই অসাধু চক্ৰক অনতিপলমে  নিয়ন্ত্ৰন কৰি উৎক্ষাত কৰিবলৈ স্থানিয় আৰক্ষী প্ৰশাসনক আহ্বান জনাই বুলি জানিবলৈ দিয়ে।