Home Blog Page 3152

নগালেণ্ড সীমান্তৰ অসমৰ বনভূমিত নগাৰ ধ্বংস যজ্ঞ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৭ নৱেম্বৰঃ অসম চৰকাৰৰ গৃহ বিভাগ আৰু বন বিভাগৰ ব্যৰ্থতাৰ বাবেই শিৱসাগৰ জিলাৰ দক্ষিণ পূৱ কোণত অৱস্থিত গেলেকী সংৰক্ষিত বনাঞ্চল সুৰক্ষা প্ৰদানত চূড়ান্ত ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে। যোৱা দুটা দিন ধৰি গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ বেদখল কৰি ক্ৰমাৎ সম্প্ৰসাৰিত হৈ অহা নগা লোকে মূল্যবান গমাৰি গছ কাটি তহিলং কৰে। নতুনকৈ স্থাপন হোৱা নগাৰ গাঁও কাঞ্চিং নতুন বস্তি আৰু এনাকি বস্তিৰ নগালোকেই অবৈধ বে-দখলৰ সুযোগ গ্ৰহণৰ  পাছত  পৰৱৰ্ত্তী গছ-গছনি কটাৰ অভিযানত নামি পৰে।

বন ধ্বংসৰ পাছত পুৱাৰ ভাগত নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱাল, মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ, গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বিপেন্দ্ৰ ছেত্ৰীসহ কাঞ্চিং ৰোডত উপস্থিত হয়। গেলেকী আৰু আঠখেল বীট অফিচৰ পৰা প্ৰায় সমদূৰত্বত আৰু  দেওপানী সীমান্ত আৰক্ষী চকীৰপৰা প্ৰায় সাত কিঃমিঃ দূৰত্বত নগালোকে বন ধ্বংস অভিযান চলায়। 

দেওপানী সীমান্ত আৰক্ষী চকীও সষ্টম হৈ পৰি  ঘটনা স্থলীলৈ ৰাওণা হয় যদিও দুৰ্বৃত্তই আগে আগে পলায়ন কৰে।  গছ কাটি ধ্বংস কৰি মূল্যবান কাঠৰ কুণ্ডা সমূহ স্থানান্তৰ কৰাৰ বাবে প্ৰস্ত্ততি চলাই থকাৰ সময়তে আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতা দেখা পাই দুৰ্বৃত্তই কাঠসমূহ এৰি থৈ পলায়ন কৰে।

আজি  প্ৰায় ২০ জোপা গছৰ   কুণ্ডা সমূহ গেলেকী বিট অফিচলৈ বুলি লৈ অনাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, গমাৰিকে ধৰি বিভিন্ন মূল্যবান গছৰ পুলি গেলেকী সংৰক্ষিত বনাঞ্চলৰ উক্ত এলেকাত বন বিভাগে যোৱা জুলাই মাহত চিআৰপিএফ বাহিনীৰ জড়িয়তে ৰোপন কৰিছিল।  নগা আৰক্ষীৰ লগত সীমান্তত উপদ্ৰৱ ৰোধিবলৈ যোৱা জুলাই মাহতে অসমৰ ফালৰপৰা প্ৰশাসনৰ  লোকে আলোচনা কৰি থকাৰ সময়তো নগালোকে ৰোপিত গছপুলি সমূহ উভালি পেলায় । 

কেৱল বে-দখলৰ উচ্ছেদেৰে আন্তঃৰাজ্যিক সীমাত সুৰক্ষা কিমান দিনলৈ ?

অসম নগালেণ্ডৰ সীমা এলেকাত সততে সৃষ্টি হৈ অহা নগালোকৰ অবৈধ বে-দখল আৰু বনভূমিৰ লুণ্ঠনেই কেৱল সমস্যা হৈ থকা নাই। অসমৰ ভূমিক “দিচপুট লেণ্ড” হিচাপে ঘোষণা কৰি অবৈধ হস্তক্ষেপ কৰি অসমৰ ভূমিৰপৰা অসমীয়া শ্ৰমজীৱি লোকক নগালেণ্ড আৰক্ষীয়ে দণ্ডাধীশৰ তত্বাৱধানত গ্ৰেপ্তাৰ কৰি লৈ যোৱা আদি ঘটনা সংঘটিত হৈ আহিছে। এনেবোৰ ঘটনায়ো দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ দৃষ্টান্ত দাঙি ধৰিছে।  অসম নগালেণ্ড সীমান্তৰ দিখৌ নৈৰ শিল, বালি আদিৰ লগতে বনজ সম্পদত এনে পৰিস্থিতিয়ে অকৰ্তৃত্বশীল ভাৱে লুণ্ঠনৰ দিশ দাঙি ধৰিছে ।

আনহাতে কৰ’নাৰ লকডাউন পৰিস্থিতিৰ গইনা লৈ নগাই অসম নগালেণ্ডৰ সীমাৰ গেলেকী শিঙিবিলত সাজি উলিওৱা ঘৰ, বুৰুজসহ চাৰিবেৰা, নঙলা আদি শিৱসাগৰ জিলা প্ৰাশাসনে নাজিৰা মহকুমা প্ৰশাসনৰ লগত মিলিত হৈ সুযোগ বুজি যোৱা ১০ জুনত পুৱতী নিশাতে উচ্ছেদ কৰা ঘটনা সংঘটিত হয়। ইয়াৰ আগে আগে ৮ জুনত সীমান্তৰ সেই বিশেষ স্থানত অসম আৰক্ষী উপস্থিত হৈছিল আৰু বেৰা, ঘৰ দুৱাৰ উচ্ছেদ কৰি আহিছিল।

যোৱা ৩ জুলাইত সম্পদ লুণ্ঠনৰ দৃষ্টান্তৰে বিহুবৰৰ অসম নগালেণ্ড সীমান্তত শিল খনন কৰি থকা অসমৰ ১১ জনকৈ  যুৱ শ্ৰমিকক প্ৰৰোচিত ভাৱে নগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনায়ো অসম চৰকাৰৰ গৃহ বিভাগ তৎপৰ হোৱাৰ প্ৰয়োজন দাবী কৰিছে।

তদুপৰি সততে অসম নগালেণ্ড সীমান্তৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে মুখামুখি হৈ অহা সমস্যা সমূহৰ গুৰিতো নগালোকৰ অবৈধ বে-দখল, চাহ গছ কাটি নি দখল সাব্যস্ত কৰা আদি বৰ্দ্ধিত ঘটনা সমূহে অসম নগালেণ্ড সীমান্তক চৰকাৰীভাৱে পৰিত্যক্ত হ’বলৈ এৰি দিয়াৰ দৰে হৈ পৰিছে ।  আনহাতে অসমৰ ঐতিহাসিক লাদৈগড়ৰ পৰাই আন্তঃৰাজ্যিক সীমাৰ দূৰত্ব নিৰূপণ হোৱাৰ সময়ত এই গড়টো সংৰক্ষণৰ ভূমিকা অতি জৰুৰী হৈ পৰিছে ।

আঠটাকৈ সীমান্ত আৰক্ষী চকীয়ে সুৰক্ষা গঢ়াৰ লক্ষ্যত নিৰ্দিষ্ট দূৰত্বলৈকে পৰস্পৰে সংযোজিত হৈ ৰ’ব পৰাকৈ লাদৈগড়ক  উপযুক্ত তত্বাৱধান ল’বলৈ চৰকাৰে পাহৰি গৈছে। গড়টোক সংৰক্ষণ নকৰিলে সীমান্ত এলেকাৰ অসমৰ ভিতৰ এলেকাত নাগৰিকৰ সুৰক্ষা ক্ৰমাৎ সুদূৰ পৰাহত হৈ পৰাৰ আশংকা ঘনীভূত হৈছে। আনহাতে বন বিভাগৰ বিষয়াৰ পৰ্য্যায়ত সংঘটিত দুৰ্নীতিৰ বজাৰেও অসমৰ ভূমি মৌখিক চূক্তিৰে নগাক চমজাই অহাৰ অভিযোগ উঠি আহিছে।

ইয়াৰ বাবেও বহু নগালোকে ভূমিৰ দাবীদাৰ হৈ অসমৰ মাটিত অবৈধ বে-দখলৰ বিস্তৃতি ঘটোৱা বুলি একাংশ সূত্ৰই অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহ মন্ত্ৰীয়ে  এই বিষয়ত এক পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। 

অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৬ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক অমানৱীয় ভাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কৰা অত্যাচাৰ আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ। আজি হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগতো হোজাই চহৰৰ মাজমজিয়াৰ নেতাজী প্ৰতিমূৰ্তিৰ সমীপত কলা বেজ পৰিধান কৰি অৰ্ণৱ গোস্বামীক অমানৱীয় ভাৱে গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী সাংবাদিক  সকলে অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনায় অন্যথা অনাগত দিনত গণতান্ত্ৰিক ভাবে বৃহৎ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে হোজাই জিলা সাংবাদিক সন্থাৰ সদস্যসকলে। হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত চহৰৰ মাজমজিয়াত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত জিলাৰ অধিকসংখ্যক সাংবাদিক সকলে অংশ গ্ৰহণ কৰা দেখা গৈছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নোহোৱাকৈ ১০০ খন আইপিএলত অংশ লোৱাৰ অভিলেখ সূৰ্য্যকুমাৰ যাদৱৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নকৰাকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ১০০ খন খেলত অংশগ্ৰহণ কৰা একমাত্ৰ খেলুৱৈ হিচাপে অভিলেখ অৰ্জন কৰে মুম্বাই ইণ্ডিয়ানছৰ তাৰকা মিডিল অৰ্ডাৰ সূৰ্য্যকুমাৰ যাদৱে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ১০০ খন খেলত যাদৱে অংশ ল’লেও এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ অভিলেখ ঘটা নাই।

নৱেম্বৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৫১ ৰানৰ ইনিংছ খেলি সূৰ্য্য কুমাৰ যাদৱে এই অভিলেখ ঘটাই। আনহাতে উক্ত ইনিংছৰ জৰিয়তে যাদৱে আন্তঃৰাষ্ট্ৰীয় খেলত অংশ নোলোৱাকৈ ২০০০ আই পি এল ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত দলত সকলোৱে সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ কৰিব বুলি আশা কৰিছিল যদিও পৰৱৰ্তী সময়ত দল নিৰ্বাচক সমিতিয়ে সূৰ্য্যকুমাৰ যাদৱক ভাৰতীয় দলত স্থান লাভ নকৰিলে।

সূৰ্য্য কুমাৰ যাদৱে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান লাভ নকৰাৰ পাছতে বহুকেইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে দল নিৰ্বাচক সমিতিক সমালোচনা কৰা দেখা গৈছে।

বিপিএফৰ চৰকাৰ গঠন কৰিলে সকলো জনগোষ্ঠীক দিয়া হৱ মাটিৰ পাট্টাঃ হাগ্ৰামা মহিলাৰী

দৈনন্দিন বাৰ্তাৰ সেৱা, বিজনী, ৬ নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাগত ভাবে তুংগত উঠিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পচলাবাড়ীত বিপিএফৰ বিশাল নিৰ্বাচনী সভা। ১৭ নং সুভাইঝাৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ সমৰ্থনত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী। মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত সৰহ সংখ্যক আসন জয় লাভেৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।

আনফালে এইবাৰ বিপিএফৰ চৰকাৰ গঠন হোৱাৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিহীন লোকক মাটিৰ পাট্টা প্ৰদান কৰিব। বিটিচি নিৰ্বাচনত ইউ পি পি এল দল  কোনো ফেক্ট নহয় বুলি কয় হাগ্ৰামা মহিলাৰিয়ে। বিটিচিত চতুৰ্থ বাৰৰ বাবে বিপিএফ দল চৰকাৰ গঠন কৰিব বুলি নিশ্চিত দাবী কৰে। ইয়াৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰতো বিপিএফে সহায় কৰিব বুলি ঘোষণা কৰে হাগ্ৰামাই।

আনফালে বিপিএফৰ সভাপতি গৰাকীয়ে ভাষণত বিপিএফৰ চৰকাৰ হ’লে ডি ভোটাৰৰ নামত আৰু বিটিচিৰ ৰাইজে হাৰাশাস্তি ভোগ কৰিব নালাগে বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম, ৩৩নং বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, ১৮নং মানাস ছেৰফাং সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসমুতাৰী লগতে ১৮নং মানাস ছেৰফাং সমষ্টিৰ প্ৰাক্তন MCLA সুভাষ বসমুতাৰী। সভাত  প্ৰায় দহ সহস্ৰাধিক  লোক অংশগ্ৰহণ কৰে।

দৰঙাজুলি পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা

দৈনন্দিন বাৰ্তাৰ সেৱা,তামুলপুৰ, ৬ নৱেম্বৰঃ কোৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে বিজেপি, বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত আছে। এইক্ষেত্ৰত ইউপিপিএল দলৰ তৎপৰতাও চকুত লগা ধৰণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো ৰাজনৈতিক দলে বিটিচি দখল কৰাৰ বাবে বিভিন্ন ৰণ কৌশল অব্যাহত ৰাখিছে।

ইয়াৰ এক অংশ হিচাপে বিটিচিৰ অন্যতম ৰাজনৈতিক দল ইউপিপিএল দলে বিগত ২১ অক্টোবৰৰ পৰা পৰিৱৰ্তন পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰি পৰিষদীয় সমষ্টি সমূহৰ গাঁৱে-ভূঞে সোমাই ভোটাৰ ৰাইজৰ সমস্যা সমূহৰ বুজ লোৱাৰ লগতে  ভোটাৰ সকলক ৰাজনৈতিক ভাৱে সচেতন কৰাৰ প্ৰয়াস কৰিছে। পৰিৱৰ্তন পদযাত্ৰা কাৰ্যসূচীৰ বৃহস্পতিবাৰে সফল পৰিসমাপ্তি ঘটে।

বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিতো  ইউপিপিএল দলৰ ১১ দিনীয়া পৰিৱৰ্তন পদযাত্ৰাৰ বৃহস্পতিবাৰে সফল পৰিসমাপ্তি ঘটে। যোৱা ২১ অক্টোবত  কুমাৰীকাটাৰ পানীটেঙ্কীত চকৰ পৰা  ইউপিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰাৰ আৰম্ভণি হৈছিল।

বিগত ১১ দিনত প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰী তথা দলীয় সমৰ্থকসকলে ২২০ কিলোমিটাৰ খোজ কঢ়া বুলি সদৰী কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে ৩ নং ভিচিডিচিৰ দোহা-আঙাৰকাটা গাঁৱত ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকীক আদৰণি জনোৱাৰ সময়ছোৱাত জনসমুদ্ৰ হৈ পৰা পৰিলক্ষিত হয়। জনসমুদ্ৰ দেখি ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীক যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হয়।

সমষ্টিবাসীক ফনীন্দ্ৰ নাৰ্জাৰীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দৰঙ্গাজুলি পৰিষদীয় সমষ্টিত তেওঁক বিপুল ভোটত জয়লাভ কৰাই আগন্তুক ইউপিপিএল চৰকাৰৰ অংশীদাৰ হবলৈ আটাইলৈ আহ্বান জনায়। সামৰণিৰ দিনা পৰিৱৰ্তন পদযাত্ৰাত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে  কেন্দ্ৰীয় কেইবাগৰাকীয় নেতাৰ লগতে তামুলপুৰ জিলা ইউপিপিএল আৰু দৰঙ্গাজুলি ব্লক ইউপিপিএলৰ বহুসংখ্যক বিষয়ববীয়াই।

বদৰুদ্দিন আজমলৰ উপস্থিতিত একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৬ নৱেম্বৰঃ ৰাজ্যত ৰাজহুৱাকৈ দিয়া হ’ল পাকিস্তান জিন্দাবাদ ধ্বনি।  শিলচৰ বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিলচৰ বিমান বন্দৰত  এআইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়তে একাংশ সমৰ্থকে মুকলিকৈ দিয়ে পাকিস্তান জিন্দাবাদ ধ্বনি।

উল্লেখযোগ্য যে, বিমানবন্দৰত আৰক্ষীৰ লোক উপস্থিত থকাৰ মাজতে বহুবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল। আনহাতে ঘটনাটোকলৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মনকৰিবলগীয়া ক্ষমতালৈ আহিলে মাদ্ৰাছা মুকলি কৰা হ’ব বুলি হুংকাৰ দিছিল বদৰুদ্দিন আজমলে। ইয়াৰোপৰি আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰা আদি ঘটনাই ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছিল।

বিটিচিৰ মালাগুৰীত বিপিএফ দলৰ পদযাত্ৰা সমদল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁৱ, ৬ নৱেম্বৰঃ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী কুচকোৱাজ। সমান্তৰাকৈ ককালত টংগালি বান্দি নামিছে বিপিএফ দল। বিপিএফ দলৰ লক্ষ্য  উন্নয়ন কৰা, শান্তি ঐক্যতা সম অধিকাৰ সম বিকাশ বিপিএফ দলৰ মূল লক্ষ্য, আজি  বিপিএফ দলে ১৭ বছৰৰ উন্নয়নৰ তথ্য ৰাইজৰ আগত  দাঙি ধৰি এই প্ৰতিবাদী পদযাত্ৰা সমদল।

সম অধিকাৰ, সমউন্নয়ন, সমবিকাশ, আমাক লাগে শান্তি, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ জিন্দাবাদ, ৰেওঁৰেওৱা নাৰ্জাহাৰী জিন্দাবাদ আদি ধ্বনিৰে যমদুৱাৰ সমষ্টিৰ মালাগুৰীৰ পৰা পানোৱাৰী গাওঁত পদযাত্ৰা কাৰ্য্যসূচীলৈ  পৰিভ্ৰমন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি মালাগুৰীত এখন সভা অনুষ্ঠিত কৰে।  পদযাত্ৰা সমদলত প্ৰায় হেজাৰো অধিক পুৰুষ-মহিলাই ওলাই আহি বিভিন্ন ধ্বনি দি আকাশ বতাহ কপাই  তোলে৷

মালাগুৰী প্ৰাইমাৰী বিপিএফ সমিতিৰ উদ্দোগত  অনুষ্ঠিত পদযাত্ৰা সমদল কাৰ্যসূচীত ৪নং যমদুৱাৰ সমষ্টিৰ মনোনীত  প্ৰাৰ্থী ৰেওঁৰেওৱা নাৰ্জাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত বিপিএফে যথেষ্ট উন্নয়ন কৰিছে। এইবেলিও ৰাইজ আমাক বিপুল সঁহাৰি দিছে । গতিকে যমদুৱাৰ সমষ্টিত মোৰ জয় নিশ্চিত তাত কোনো সন্দেহ নাই বুলি কয় দৃঢ়তাৰে ৰেওঁৰেওৱা নাৰ্জাহাৰীয়েৱ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ হ’ব এয়া ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে।

অসমত যোৱা এমাহত ১.৮ শতাংশলৈ বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ অসমত ক্ৰমাত ভয়াবহ ৰূপ ধাৰন কৰিছে নিবনুৱা সমস্যাই। শেহতীয়াকৈ দেশৰ অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

ছেপ্তেম্বৰ মাহত নিবনুৱাৰ সংখ্যা ৬.৬৭ শতাংশলৈ বৃদ্ধিৰ বিপৰিতে অক্টোবৰ মাহত ৬.৯৮ শতাংশ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। দেশত লকডাউন ঘোষণা কৰাৰ পাছতেই দেশৰ অৰ্থনীতিত বহু পৰিমাণে নেতিবাচক প্ৰভাৱ পেলাইছিল।

মনকৰিবলগীয়া চহৰ অঞ্চলসমূহৰ বিপৰীতে গ্ৰাম্য অঞ্চলসমূহত ১.০৪ শতাংশ নিবনুৱাৰ সংখ্যাৰ হ্ৰাস হৈছে। আনহাতে যদিও নিবনুৱাৰ হাৰ অন্য ৰাজ্যসমূহতকৈ কম। ৰাজ্যত যোৱা মাহত ১.৮ শতাংশলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

আইপিএল-২০২০ত অভিলেখ গঢ়ি বেগুণীয়া টুপী হস্তগত কৰিলে যশপ্ৰীত বুমৰাহে

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ বিগত কিছুদিন ধৰি আইপিএলৰ বেগুণীয়া টুপীৰ দৌৰত দিল্লী কেপিটেলছৰ কাগিছো ৰাৱাডাৰ সৈতে যুঁজ চলি আহিছিল মুম্বাই ইণ্ডিয়ানছৰ যশপ্ৰীত বুমৰাহৰ। আইপিএল-২০২০ৰ প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীৰ বিৰুদ্ধে খেলপথাৰত নামে বুমৰাহ। বুমৰাহে তেওঁৰ নিৰ্দিষ্ট ৪ অভাৰত ১৪ ৰাণৰ বিনিময়ত ৪টা উইকেট লৈ লাভ কৰে পাৰ্পল কেপ।

দিল্লীৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰে যশপ্ৰীত বুমৰাহে মেন অফ দ্য মেচ হোৱাই নহয় লগতে কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হৈছে। যশপ্ৰীত বুমৰাহে নিজৰ টী-২০ কেৰিয়াৰত ১৪ ৰাণত ৪ টা উইকেট লাভ কৰি শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ দৃষ্টান্ত গঢ়িছে। আইপিএল-২০২০ৰ প্লে-অফ মেচত মুম্বাই ইণ্ডিয়ানছৰ কোনো বলাৰৰ এইটোৱে বৰ্তমানলৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন।

আনহাতে আইপিএলত এতিয়ালৈকে দুখন মেচত ৪টা কৈ উইকেট দখল কৰাৰ কৃতিত্বও বুমৰাহে লাভ কৰিছে। আইপিএলৰ এটা সংস্কৰণত কোনো ভাৰতীয় বলাৰে ২৭ টা উইকেট লাভ কৰাৰ অভিলেখো গঢ়িলে বুমৰাহে। এইক্ষেত্ৰত বুমৰাহে আন এগৰাকী ভাৰতীয় বলাৰ ভুৱনেশ্বৰ কুমাৰক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আইপিএল-২০১৭ত ভুৱনেশ্বৰ কুমাৰে ২৬ টা উইকেট দখল কৰিছিল।

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৬ নৱেম্বৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন আঁচনি, ৰাষ্ট্ৰীয় পশুধন অভিযান (এন.এল.এম) অসমৰ অধীনত গোভাৰ পুৰণি গাঁৱলীয়া গাঁও ৰঙ্গমঞ্চত অঞ্চলটোৰ ৪৪ গৰাকী কৃষকৰ মাজত প্ৰযুক্তিগত ভাৱে কম ব্যয়ৰ কুকুৰাৰ ৪০ টাকৈ পোৱালি বিতৰণ কৰে।

কৃষক সকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কুকুৰাৰ পোৱালি বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথিৰূপে  সহকাৰী আয়ুক্ত মৈত্ৰী মৰাণ, মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী  ড° ৰিজুস্মিতা শৰ্মা ডেকা, জিলা পশুপালন ও পশুচিকিৎসা বিভাগৰ বিষয়া ডা: অনিল কুমাৰ ডেকা, ডা: সুভাষ কলিতা আৰু পৰাগ মণি ডেকা উপস্থিত থাকে।