Home Blog Page 3154

কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন

কাইলৈ আৰম্ভ হ’ব ক’ভিড ভেকচিন প্ৰক্ৰিয়া৷ ভেকচিনৰ প্ৰাকমুহূৰ্তত জনতা ভৱনত আয়োজন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ প্ৰথমতে ৰাজনৈতিক ব্যক্তিয়ে ভেকচিন লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নাপায়৷ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, দ্বিতীয় পৰ্যায়ত সেনা-আৰক্ষী, ৩য় পৰ্যায়ত ৫০ৰ ঊৰ্ধ্বৰ আৰু জটিল ৰোগীৰ ব্যক্তিয়ে পাব ভেকচিন৷ কাইলৈ ১.৯ লাখ ভেকচিন প্ৰদান কৰা হ’ব৷

‘২.৯ লক্ষ ভেকচিন বিনামূলীয়া হ’ব৷ পাছত কি হয় সেয়া এতিয়া ক’ব নোৱাৰি কেন্দ্ৰই সিদ্ধান্ত ল’ব৷ প্ৰয়োজন হ’লে আৰোগ্য নিধিৰ পৰা চৰকাৰে খৰছ কৰিব’ বুলি হিমন্ত বিশ্বই মন্তব্য প্ৰকাশ কৰে৷ গৰ্ভৱতী মহিলাক ভেকচিন দিয়া নহ’ব৷ ইপিনে Covid Shieldৰ ক্ষেত্ৰত মৌখিক declaration দিব লাগিব৷ ভেকচিনৰ পাছত সৰু পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷ সপ্তাহত ৪ দিনহে প্ৰদান কৰা হ’ব ভেকচিন৷ ইপিনে প্ৰথম পৰ্যায়ত মুঠ ২.৯ লাখ লোকক দিব হ’ব ভেকচিন৷ দ্বিতীয় পৰ্যায়ত ১ লাখ সৈনিকক দিব লাগিব ভেকচিন৷

স্বাস্থ্যকৰ্মী চৰকাৰী আৰু ব্যক্তিগত দুয়ো খণ্ডৰে কৰ্মীয়ে পাব ভেকচিন৷ কাইলৈ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-৩০ বজাত মুকলি কৰিব ভেকচিনৰ প্ৰক্ৰিয়া৷ক’ভিড ভেকচিন লোৱাৰ আগতে এটা লিখিত declarations দিব লাগিব৷ ক’ভিড ভেকচিন দুবাৰ ল’ব লাগিব৷ প্ৰথমটোৰ পাছত 28 দিনৰ ভিতৰত দ্বিতীয়টো ল’ব লাগিব৷ কাইলৈ গুৱাহাটী মেডিকেল কলেজত বিশেষ ১২ গৰাকীক ভেকচিন দিবৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

পলাশবাৰীত পৃথকে পৃথকে দুখনকৈ যাত্ৰীবাহী বাছৰ দূৰ্ঘটনা

ভোগালীৰ উচাহৰ মাজতে পলাশবাৰী আৰক্ষী থানাৰ বৰ তেজপুৰৰ NRL তেল ডিপুৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল ধুবুৰী অভিমুখি বাছ এখন । AS-01, EC-9020 নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰ তেজপুৰত পথৰ দাঁতিত থকা বৃহৎ আকাৰৰ কৃষ্ণ চুড়া এডালত খুন্দা মাৰে ।

আনটো ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয় পলাশবাৰীৰ সৰপাৰাত । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী গৈ থকা অৱস্থাত সৰাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ দ-খাৱৈত সোমাই যায় এখন যাত্ৰীবাহী বাছ । AS-01 MC-2967 নম্বৰৰ বাছখন দ-খাৱৈত বাগৰি পৰে । প্ৰায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ বহুকেইগৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে ৷

২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ প্ৰতিবাদ । আহ্বান জনোৱা হৈছে চকা বন্ধৰ। চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে।

ইফালে চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘণ্টীয়া চকা বন্ধ আহ্বান জনোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে।

অসংগঠিত খণ্ডৰ ৮ৰ পৰা ৯ লাখ চালক কৰ্মচাৰীক চৰকাৰে শুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে ল’ক ডাউৰ ফলত কৰ্মহীন হৈ পৰে শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই।

তেওঁলোকৰ প্ৰধান দাবী সমূহৰ ভিতৰত আছে- যানবাহন কৰ ৰেহাই, বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা।

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব ।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমক কয় যে – জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা বিজেপি মিত্ৰজোট দলৰ চৰকাৰে বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰিছে।

এতিয়া দ্বিতীয় পৰ্য্যায়ত আন এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে অসম চৰকাৰৰ এই ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰিব।

আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন সহ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পৰিদৰ্শন কৰে৷

২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ প্ৰধানমন্ত্ৰী মোদী আহি প্ৰায় দুই লাখ জনতা সমেবত হ’ব লগা এক বিশাল জনসভাত অংশ ল’ব। কাইলৈৰ পৰাই ঐতিহাসিক জেৰেঙা পথাৰত ইয়াৰ প্ৰস্তুতি আৰম্ভ হ’ব বুলি সাংসদ্বয়ে জানিবলৈ দিয়ে।

গুৱাহাটী আৰু ডিব্ৰুগড়ত কাইলৈ পৰা শুভাৰম্ভণি হ’ব ক’ভিডৰ টীকাকৰণ

PHOTO : A Covid vaccine van waits in cargo entrance to carry Covid vaccine in Gopinath Bordoloi International Airport in Guwahati

কৰ’ণা মহামাৰীৰ ভয়ংকৰ সংহাৰৰ পাছতে এতিয়া বিশ্বৰ লগতে ভাৰত পালেহি ক’ভিডৰ প্ৰতিষেধক। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত ইতিমধ্যে দুখন হেলিকপ্তাৰেৰে ক’ভিশ্বীল্ড নামৰ প্ৰতিষেধক অনা হৈছে।

অহা ১৬ জানুৱাৰীত ৰাজ্যৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই টীকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব।

প্ৰথম পৰ্যায়ত ৰাজ্যৰ কৰ’ণা যুদ্ধা তথা হাস্পতালৰ চিকিৎসা কৰ্মীসকলক এই টীকাকৰণ কৰোৱা হ’ব। ইতিমধ্যে প্ৰথম পৰ্যায়ত ভেকচিন লাভ কৰা লোকৰ নামৰ তালিকা প্ৰকাশ হৈছে। মহানগৰীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক’ভিডৰ টীকাকৰণ কৰোৱা হ’ব।

প্ৰথম অৱস্থাত এই ভেকচিন বিনমূলীয়াকৈ প্ৰদান কৰা হ’ব। দ্বিতীয় পৰ্যায়ত গাড়ীৰ চালক আৰু আৰক্ষীক বিশেষকৈ এই ভেকচিন প্ৰদান কৰিব। এই তালিকাত সাংবাদিকসমূহৰো নাম অন্তভুৰ্ক্ত হোৱাৰ সম্ভাৱনা আছে।

সম্প্ৰতি সৰ্বসাধাৰণ লোকে এই ক’ভিড ভেকচিন লব নোৱাৰিব। পৰৱৰ্তী পৰ্যায়ত সৰ্বাধাৰণ লোকে ১০০০ টকাকৈ মূল্য প্ৰদান কৰি এই ভেকচিন লবলগীয়া হ’ব পাৰে।

আনহাতে অসমত মুঠ ১.৫৬ লাখ স্বাস্থ্য কৰ্মী আছে তাৰ পৰিৱৰ্তে ১.২৫ লাখ কৰ্মীক ক’ভিড ভেকচিন প্ৰদান কৰিব। যদি কোনোবাই নলও বুলি ভাবে এই ভেকচিন নললেও হ’ব।

ঢেকীত পিঠাগুৰি খুন্দি জুহলাত পিঠা বনাই ভোগালীক আদৰিবলৈ সাজু বিধায়িকা আঙুৰলতা

অসমীয়াৰ অতিকৈ চেনেহৰ মাঘৰ বিহুলৈ মাজত মাত্র আৰু এটা দিন বাকী থকাৰ সময়ছোৱাত এতিয়া গাঁৱে ভূঞে চহৰে নগৰে দেখিবলৈ পোৱা গৈছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। যেন এক প্ৰকাৰ গাত যেন তৰনি নোহোৱা হৈছে গাঁৱৰ ডেকা , বুঢ়া মেঠা  জীয়াৰী -বোৱাৰীৰ মাজত। ঢেকীৰ শব্দই এতিয়া ৰজনজনাইচে গ্ৰামাঞ্চলৰ ভেটি। ব্যতিক্রম নহয় মধ্য অসমৰ ভিতৰুৱা গ্ৰামাঞ্চলৰ ঠাই সমূহো ।হেপাঁহৰ ভোগালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈ উঠিছে নগাঁও জিলা বাসীও।

নগাঁও জিলাৰ বটদ্রৱাটো ভোগালী বিহু টিক আদৰিবলৈ এতিয়া উঠি পৰি লাগিছে অঞ্চলবাসী।সময়ে সময়ে বিভিন্ন ৰূপত দেখা পোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ দেখা গল অন্য ৰূপত।বটদ্ৰৱা সমষ্টিৰ  বিধায়িকা আঙুৰলতা ডেকাও ভোগালী বিহুটিক আদৰিবলৈ  ব্যস্ত হৈ পৰা দেখা গৈছে।

আজি বটদ্ৰৱা সমষ্টিৰ মাজগাওঁৰ মহিলা সকলে পিঠা পনা বনাই বিহুক আদৰিবলৈ  প্ৰস্তুতি চলোৱাৰ সময়তে বিধায়িকা আঙুৰলতা ডেকাই মাজগাঁওত উপস্থিত হৈ সমষ্টি বাসী ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে‌‌ই  নিজে ঢেকীত পিঠাগুৰি খুন্দি জুহালাত পিঠা বনোৱাৰ লগতে,লাৰু ,ঘিলা পিঠাকে ধৰি বিভিন্ন পিঠা বনাই সকলোকে উৎসাহিত কৰে।  ঢেঁকীত চাব মাৰি বিহুগীত গাই  নাচি বাগি আনন্দ স্ফূর্তিৰ মাজেৰে গাঁৱৰ জীয়ৰীৰ  বোৱাৰীৰ লগত  একেলগ হৈ  ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাই বিধায়িকা আঙুৰলতা ডেকাই। ঢেকীত পিঠাগুৰি খুন্দি পিঠা বনাই ভোগলীক আদৰিবলৈ সাজু হোৱা বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিয়ে মাজগাঁও বাসী ৰাইজক উৎসাহিত কৰি তোলে।

ৰাইজৰ উৎসাহ উদ্দীপনা দেখি বিধায়িকা আঙুৰলতাই এপাক বিহুও মাৰিলে অঞ্চলৰ জীয়ৰী, বোৱাৰীৰ লগত।ভোগালী বিহু বুলি উৎসাহিত হৈ পৰা বিধায়িকা গৰাকীয়ে কয় যে : “এই বিহু চহা ৰাইজৰ বিহু। জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলাপ্ৰীতিৰে ,উৎসাহ,উদ্দীপনাৰ মাজেৰে ভোগৰ বিহুটি পালন কৰক।কৰোনা মহামাৰীৰ ত্ৰাসৰ বাবেই এইবাৰ ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে সমগ্ৰ অসমবাসীয়ে।সেয়ে চেনেহৰ ভোগালী বিহুটিক সকলোৱে মিলজুলি পালন কৰক আৰু নাশ হ‌ওক অসূয়া,অমংগল।লগতে তেওঁ কয় আগতে বিহুত মাৰ লগত পিঠা বনোৱাৰ অভ্যাস আছে।তেতিয়া পিঠা বনাওতেই ভাঙি গৈছিল কিন্তু এতিয়া বনালে নাভাগিব চাগৈ।”

কলিয়াবৰৰ স্নাতকোত্তৰ ফেছন ডিজাইনাৰ এজন যুৱকৰ প্ৰচেষ্টা

কলিয়াবৰৰ শিপিনীৰ শালৰ এৰী সূতাৰ বস্ত্ৰৰ চাহিদা এতিয়া বিদেশত

আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ বাঢ়িছে অসমৰ এৰীমুগাৰ৷ কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই৷ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ ‘ঐক্য’ই আনিছে আশাৰ বতৰা৷


দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ ‘ঐক্য’ই আনিছে আশাৰ বতৰা ৷ কলিয়াবৰৰ দাৰিগজি আৰু ঔগুৰি গাঁৱৰ শতাধিক মহিলাক একত্ৰিত কৰি যুৱকজনে গঢ়িছে এৰী শিল্পৰ এক নৱ-জাগৰণ। বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেছন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এক অনুকৰণীয় পৰিৱেশ।


বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেশ্বন ডিজাইনিংৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ। এৰী সূতাৰে নিৰ্মিত ঘৰত ব্যৱহৃত ভিন্ন সামগ্ৰীৰ লগতে বিচনা চাদৰ , শাৰী, পৰ্দা কাপোৰ, কুছন কভাৰ তৈয়াৰ কৰাৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি ‘ঐক্য’ৰ জৰিয়তে এনে এখন মঞ্চ তৈয়াৰ কৰিছে, যাৰ জৰিয়তে তিনি শতাধিক মহিলাই বিচাৰি পাইছে স্বাৱলম্বীতাৰ পথ। 


২০১৬-১৭ বৰ্ষত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰৰ দাৰিগজি গাঁৱত ৰেচম সমল কেন্দ্ৰ স্থাপন কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰৰ তিনি শতাধিক মহিলাক লগত লৈ প্ৰস্তুত কৰি আহিছে উন্নত মানদণ্ডৰ এৰী বস্ত্ৰ। দাৰিগজি আৰু ঔগুৰি গাঁৱৰ ঘৰে-ঘৰে প্ৰতিদিনে এৰী বস্ত্ৰ উৎপাদনত ব্যস্ত এই শিপিনীসকল।


কলিয়াবৰৰ নৰেন্দ্ৰ বৰাৰ  গঢ় লৈ উঠা এৰী বস্ত্ৰ উৎপাদনৰ এই প্ৰতিষ্ঠানটোৱে সংস্থাপন দিছে কলিয়াবৰৰ তিনি শতাধিক মহিলা-যুৱতীক। আৰ্থিকভাবে স্বচ্ছল হৈছে প্ৰতিগৰাকী শিপিনী। ঘৰতে এৰী বস্ত্ৰ প্ৰস্তুত কৰি প্ৰতিগৰাকী শিপিনীয়ে মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় দহ হাজাৰকৈ টকা।শিপিনীসকলে প্ৰস্তুত কৰি উলিওৱা উন্নত মানদণ্ডৰ এৰী বস্ত্ৰই ৰাজ্য তথা দেশৰ লগতে বিদেশতো লাভ কৰিছে বিশেষ সমাদৰ। কোৰিয়া, জাপান, পেৰিচ, অষ্ট্ৰেলিয়া আদি দেশলৈ ৰপ্তানি হৈছে কলিয়াবৰৰ উৎপাদিত এই সামগ্ৰী। বিদেশলৈ ৰপ্তানি এৰী সামগ্ৰীত (Oi-Qua) ‘ঐক্য’ৰ নাম সংলগ্ন কৰাৰ লগতে উল্লেখ থাকে শিপিনীৰ নাম।

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক উত্তম মধ্যম ৰাইজৰ

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ অধিক সজাগ হৈ পৰিছে নগাঁৱৰ ৰাইজ।  আজি নগাঁৱৰ ভূঞাপট্টিত স্থানীয় ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি উত্তম মধ্যম শোধায়।  ভূঞাপট্টিৰ এখন গেলামাল দোকানৰ পৰা যুৱকজনে ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ ক্ৰয় কৰা সময়তে স্থানীয় লোকে আটক কৰে যুৱকজনক। ধৃত যুৱকজনৰ পৰা ৰাইজে হেৰ’ইনসহ ড্ৰাগছৰ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ জব্দ কৰে। লগতে চিৰিঞ্জ বিক্ৰী কৰা হবিব নামৰ গেলামাল দোকানীজনকো আটক কৰে ৰাইজে। ধৃত দুয়োকে ৰাইজে উত্তম মধ্যম শোধায় গতাই দিয়ে নগাঁও আৰক্ষীক।

কুইপৰ দুই অপহৃত বিষয়া এতিয়া ক’ত : কি কলে পৰেশ বৰুৱাই

অৰুণাচলৰ চাংলাং জিলাৰ ডায়ুনৰ কুইপ কোম্পানীৰ তৈল উৎপাদন ক্ষেত্ৰৰ পৰা যোৱা ২১ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ দুজন ব্যক্তিক আলফা(স্বা)য়ে অপহৰণ কৰি নিছিল ।

আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি আলফাৰ কবলতে আছে কুইপৰ দুই অপহৃত বিষয়া । এতিয়া কুইপৰ সৈতে আলোচনা চলি আছে। লগতে কুইপৰ সৈতে আলোচনাত ব্যৰ্থ হলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব বুলি হুংকাৰ পৰেশ বৰুৱাৰ । আলোচনা সম্পূৰ্ণ নোহোৱাকৈ বিষয়া দুজনক মুক্তি দিয়া নহয় বুলি জনাই বৰুৱাই ।

লগতে কয় যে অসমীয়া বিষয়াজনৰ প্ৰতি বিশেষ চিন্তা কৰিব নালাগে । নিৰাপত্তাবাহিনীয়ে উত্থাৰ অভিযান চলালে দুই বিষয়াৰ দায়িত্ব নলয় আলফা (স্বা)য়ে। অসমীয়া বিষয়া জনৰ নিৰাপত্তাৰ সম্পূূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ কিন্তু বিহাৰ লোকজনৰ দায়িত্ব নলয় আলফাই ।

শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিৰে নগাঁৱত নিৰ্মাণ হ’ব মাধৱ কন্দলী কলাক্ষেত্ৰ

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত  নিৰ্মাণ হব মাধৱ কন্দলী কলাক্ষেত্ৰ । আনহাতে নগাঁও চহৰৰ মৰিকলং বিলক  মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও এখন অভিলাষী আঁচনি গ্রহণ কৰাৰ লগতে কলঙৰ পাৰত এখন সুদীৰ্ঘ উৰণীয়া পদসেতু নিৰ্মান কৰা হব।” এই ঘোষণা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাঁও চহৰৰ সংখ্যালঘু অধ্যুষিত ৱাৰ্ড হিচাপে পৰিচিত ১৪ নং ৱাৰ্ডত বিজেপিৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰি নগাঁৱত নিৰ্মাণ হবলগা অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে । আনহাতে তদানীন্তন কংগ্রেছ চৰকাৰৰ কাৰ্যকালৰ এজন ক্ষমতাশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয় : “আগৰ বিয়াগোম মন্ত্ৰীজনে খোৱাকামূৰা কৰি থাকোতেই নগাঁও সদৰ সমষ্টিৰ উন্নয়ণৰ বাবে চিন্তা কৰিবলৈ আহৰি ন’হল। আমি নগাঁৱক আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছো।”  বিধায়ক গৰাকীয়ে আৰু কয় যে ইতিমধ্যে নগাঁও চহৰে নতুন ৰূপ পাইছে। কিন্তু আমি নগাঁৱক আৰু আধুনিক ৰূপত গঢ়ি তুলিব বিচাৰিছো। সেয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত আমি মাধৱ কন্দলী কলা ক্ষেত্ৰ নিৰ্মানৰ কথা চিন্তা কৰিছো। নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। লগতে কলঙৰ পাৰত সুদীৰ্ঘ উৰণীয়া সেতু নিৰ্মানৰো আধাৰশিলা স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া শীঘ্ৰেই নগাঁৱলৈ আহিব। ইপিনে পূৰ্বৰ চৰকাৰৰ দিনত কলঙত বহু টকা হেৰাল বুলি কটাক্ষ কৰি বিধায়ক গৰাকীয়ে লগতে কয় যে আগতে কলঙৰ নামত টকা আহে কিন্তু আঁচনিৰ কাম নহয়। সেয়ে  কলঙত বহুত টকা পোত গ’ল বুলি মানুহে কবলৈ ল’লে। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে সদৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা উন্নয়ণমূলক কাম-কাজৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ দলক চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰত নতুনকৈ নিৰ্মিত হোৱা চাৰিলেনযুক্ত ঘাইপথ, ষ্ট্ৰীট লাইট, হাইমাস্ক লাইট, ক্লক টাৱাৰ আদিৰ লগত পূৰ্বৰ চৰকাৰৰ দিনৰ নগাঁও চহৰৰ তুলনা কৰি বিধায়ক গৰাকীয়ে কংগ্ৰেছ দলক তীব্র কটাক্ষ কৰাও দেখা গৈছে। আনহাতে বিগত ৩০ বছৰে মুকলি নোহোৱা ভূঁঞাপট্টি দলঙৰ লগতে নগাঁও চহৰত একেটা বছৰতে ৪খনকৈ দলং নিৰ্মান কৰাৰ কথাও উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় :   আমাৰ লক্ষ্য উন্নয়ণৰ ৰাজনীতিহে। খোৱাকামোৰা  আৰু ধৰ্মীয় ৰাজনীতিৰে এইবাৰ সদৰ সমষ্টিৰ ৰাইজক কংগ্ৰেছে প্ৰবঞ্চনা কৰিব নোৱাৰে।” ইপিনে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত  শেনছোৱা, বেবেজীয়া আৰু বৰভেটি পঞ্চায়তৰ ৬ টা অনুষ্ঠানলৈ বিধায়ক শৰ্মাই বিধায়ক পূঁজিৰ অনুদান আগবঢ়ায়। বিধায়ক পূঁজিৰ অনুদান লাভ কৰা অনুষ্ঠান কেইটা হৈছে- বিজয়লক্ষ্মী পুথিভঁৰাল, নগাঁও জিলা মায়ামৰা সাংস্কৃতিক সমাজ,বিদ্যা মন্দিৰ জাতীয় বিদ্যালয় ,মোৱামাৰী কুহ মছজিদৰ সমীপৰ সামূহিক ভৱন।বেবেজীয়া গাঁও পঞ্চায়তৰ টোকোলাই বেবেজীয়াৰ ২ নং জুৰীয়া নামঘৰ আৰু বৰভেটি গাঁও পঞ্চায়তৰ আৰ্দশগাঁও শিমলুগুৰি নামঘৰ।