Home Blog Page 3154

আজি সুধাকণ্ঠৰ নৱম মৃত্যুবাৰ্ষিকী, জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ আজি ৫ নৱেম্বৰ। ভূপেন দা বিহিন ভাৱে ৰাজ্যবাসীয়ে পাৰ কৰিলে ৯ টাকৈ বছৰ। আজি সুধাকণ্ঠৰ নৱম মৃত্যু দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ অনুষ্ঠান উদযাপন কৰাৰ লগতে জালুকবাৰীৰৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় স্মৃতি তৰ্পন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান।

অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ উপস্থিত থাকিব।

আনহাতে আজি পুৱাই সমাধিক্ষেত্ৰত উপস্থিত হৈ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈৰ লগতে বিভিন্ন কংগ্ৰেছৰ প্ৰতিনিধিয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জামুগুৰিহাটত শংকৰী কলা সংস্কৃতিৰ সাধক গোবিন বৰাৰ স্মৃতিচাৰণ সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ যোৱা ২৫ অক্টোৱৰৰ বিয়লি বাঢ্যক জনিত ৰোগত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰি গাওঁ নিৱাসী শংকৰী সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ একনিষ্ঠ কৰ্মী, প্ৰবীন সমাজকৰ্মী  গোবিন বৰা(৯৬)ৰ মৃত্যু ঘটে৷ আজি প্ৰয়াত গোবিন বৰাৰ বাসগৃহত এখনি স্মৃতিচাৰন সভা অনুষ্ঠিত হৈ যায়৷

প্ৰয়াত গোবিন বৰাৰ স্মৃতি ৰোমন্থন কৰি জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়াই কয়-জামুগুৰিবাসীয়ে এগৰাকী প্ৰবীন সমাজ কৰ্মী হেৰুৱালে৷ জামুগুৰিহাটৰ বহুকেইটা সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ জন্মদাতা তথা গুৰিধৰোতা গোবিন বৰাৰ মৃত্যুত অঞ্চলটোৰ অপুৰণীয় ক্ষতি।

সুদক্ষ ভাওনা শিল্পী হিচাপে খ্যাত গোবিন বৰা এগৰাকী গায়নৰ লগতে বায়নো আছিল৷ অসমীয়া থলুৱা সংস্কৃতি প্ৰচাৰ প্ৰসাৰত মনোনিবেশ কৰি অহা গোবিন বৰা এগৰাকী ভাল কৃষকেই নহয়, গাৱঁ সমুহৰ  পৰা হেৰাই যাৱ বিচৰা লোক সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰতো যোৱা সময়চোৱাত বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছিল৷

শলগুৰি গাৱঁৰ বয়োজেষ্ঠ সমাজকৰ্মী ডিম্বেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰা স্মৃতিচাৰন অনুষ্ঠানটিত অংশ গ্ৰহন কৰি গোবিন বৰাৰ ফটোত মাল্যৰ্পন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি উমেশ হাজৰিকা, জিলা সম্পাদক ক্ষীৰধৰ ওজা,চেউনী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ শইকীয়া, শলগুৰি গাৱঁ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে নগেন বৰা আৰু দিনেশ মহন্ত, সমাজকৰ্মী মদন শইকীয়া,ঘণ হাজৰিকা,নন্দ শইকীয়া,নাট্যকৰ্মী ধৰ্মেশ্বৰ বৰুৱা,শলগুৰি বিহুমেলা কমিটি, নদুৱাৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্নজনে৷

উল্লেখ্য যে বিজেপি দলৰ প্ৰবীন  কৰ্মী হিচাপে খ্যাত প্ৰয়াত গোবিন বৰাৰ বাসগৃহত উপস্থিত হৈ ইতিমধ্যে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস, সাধাৰন সম্পাদক শান্তনু শৰ্মা, মন্ত্ৰী ৰনজিৎ  দত্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে প্ৰমুক্ষে কৰি বিভিন্নজনে৷

গোবিন বৰাই মৃত্যুৰ সময়ত বাৰেচহৰীয়া ভাওঁনা কমিটিৰ সভাপতি, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি তথা উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি একমাত্ৰ পুত্ৰ জয়ন্ত বৰাকে ধৰি তিনি গৰাকী বিবাহিতা কণ্যাসহ নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়।

কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছেঃ অমিত শ্বাহ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৪ নৱেম্বৰঃ মুম্বাইস্থিত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আনহাতে সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছৰ লগতে সহযোগী দল সমূহক কটাক্ষ কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে।

অমিত শ্বাহে ঘটনাটোক ইন্দিৰা গান্ধী শাসনৰ সময়ত দিয়া জৰুৰীকালীন ঘটনাৰ লগত সাঙুৰি বিৰোধিতা কৰিছে।

গৃহমন্ত্ৰী গৰাকীয়ে টুইট কৰি কয়, “কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছে৷ ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কৰা এই শক্তি ব্যক্তিগত স্বাধীনতা আৰু গণতন্ত্ৰত কৰা আক্ৰমণ। সংবাদমাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত বিৰোধ হ’ব আৰু হোৱাটো স্বাভাৱিক।”

নাজিৰা অ’ এন জি চি আবাসীক এলেকাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা অ’ এন জি চি আবাসিক এলেকাত দীৰ্ঘদিন সন্ত্ৰাস চলাই অহা এটা নাহৰফুটুকী বাঘ অৱশেষত আজি বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয়।

যোৱা ডেৰমাহৰো অধিক কাল আবাসিক এলেকাটোত দুটা পোৱালিসহ সন্ত্ৰাস চলাই অহা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘটো একাধিকবাৰ চিচিটিভি কেমেৰাত ধৰা দিছিল যদিও বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হোৱা নাছিল।

অৱশেষত যোৱা নিশা বন বিভাগৰ পিঞ্জৰাত বাঘটো আবদ্ধ হয়। অৱশ্যে অঞ্চলটোত বিচৰণ কৰি ফুৰা পোৱালিকেইটাৰ বৰ্তমানো কোনো সম্ভেদ পোৱা হোৱা নাই।

জামুগুৰিহাটত শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ, গুৰুজনাৰ অমৰ সৃষ্টি খোল-বাদ্যৰ প্ৰশিক্ষণ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ “ছাত্ৰ-ছাত্ৰীয়ে পুথিগত বিদ্যা আহৰণ কৰাৰ সমান্তৰালকৈ নিজৰ মনটো আধ্যাত্মিকভাৱেও সংপৃক্ত কৰিব পাৰিলে ভৱিষ্যতে প্ৰকৃত মানুহ হ’ব পাৰিব৷”- এই মন্তব্য জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বাপুজি ভৱন নাট্য সমাজৰ সম্পাদক বিকাশ বৰাৰ৷

জামুগুৰিহাটৰ বৰহমপুৰ নামঘৰ প্ৰাংগনত কালি গুৰুজনাৰ অমৰসৃষ্টি খোলবাদ্যৰ পাঠদানৰ উদ্দেশ্যে স্থাপন কৰা শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি এইদৰে কয় উদ্বোধক বিকাশ বৰাই৷

বৰহমপুৰ গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা সচিদানন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে শিশুৰপৰা যুৱক যুৱতীসকললৈকে মুকলি কৰা খোল-বাদ্য প্ৰশিক্ষণৰ বিদ্যালয় শ্ৰুতি সংগীত বিদ্যালয়ৰ উত্তৰোত্তৰো কামনা কৰে উপস্থিত লোকসকলে৷

শংকৰী সংগীতৰ যুৱ শিল্পী তথা গুৰুজনাৰ অমৰ সৃষ্টি  বৰগীতৰ স্নাতক জামুগুৰিহাটৰ বৰহমপুৰ গাঁৱৰ প্ৰাঞ্জু বাৰুতীৰ প্ৰচেষ্টাত নতুনকৈ গঢ় লৈ উঠা শ্ৰুতি সংগীত বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে  বিশ্বনাথ চাৰিআলিৰ বাদ্য আৰু নৃত্য বিশাৰদৰ লগতে শংকৰী সংগীতৰ সাধক, যুৱ শিল্পী প্ৰাণজিৎ বৰাক দায়িত্বও অৰ্পন কৰিছে সভাই৷

সমাজসেৱীকা তথা শিক্ষয়ত্ৰী বুলবুলি ডেকা গায়নে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সংগীত বিদ্যালয়খন শুভ উদ্বোধনী অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তিও উপস্থিত আছিল৷

জামুগুৰিহাটত যুৱতী-মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ ৰাজ্যত দিনে নিশাই বৃদ্ধি পাই আহিছে নাৰী নিৰ্য্যাতন, হত্যা, ধৰ্ষন, লুণ্ঠনৰ ঘটনা৷ মহিলা তথা যুৱতী সকলৰ লগত হোৱা এনে অপৰাধমুলক কাৰ্যকলাপক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰম্ভ কৰিছে এক ব্যতিক্ৰমী সমৰকলাৰ প্ৰশিক্ষন।

“সমৰকলাও হ’ব পাৰে আত্মৰক্ষাৰ পথ” শীৰ্ষক লক্ষ্য লৈয়েই চলিছে প্ৰশিক্ষণ৷ জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদৰ জামুগুৰি বহাগী মেলা বাকৰিত প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত  প্ৰায় অৰ্ধশতাধিক মহিলা যুৱতী ব্যস্ত হৈ পৰে সমৰকলা প্ৰশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ বাবে ল’বলগীয়া একোটো একোটা কৌশল আয়ত্ব কৰাত৷

যুৱতী তথা মহিলাসকলৰ সমৰকলা প্ৰশিক্ষনৰ নেতৃত্ব লৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱান্ডো খেলুৱৈ তথা ব্লেকবেল্ট সঞ্জয় গায়ন, হিৰণ্য হাজৰিকা আৰু সন্দীপ দাসে৷ সম্পূৰ্ণ বিনামূলীয়াকৈ মহিলা, যুৱতীক প্ৰতি ৰবিবাবে বিয়লি দি অহা সমৰকলাৰ প্ৰশিক্ষণ স্থলীত আত্মৰক্ষাৰ বাবে যোগদান কৰা যুৱতীসকলৰ ৱাৰ্মআপ, পান্স, ৰাইজিং কিক, ষ্ট্ৰেচিং আদিৰ দৃশ্যই ভৰি পৰে প্ৰশিক্ষণ স্থলীৰ পৰিৱেশ৷

যুৱতীসকলে এইদৰে সমৰকলাৰ জৰিয়তে আত্মৰক্ষাৰ প্ৰচেষ্টা ল’ব পাৰে তেন্তে ৰাজ্যত বৃদ্ধি হোৱা নাৰী নিৰ্যাতন হ্ৰাস হ’ব বুলিও মন্তব্য কৰিছে সচেতন মহলে৷ আনহাতে এক সুন্দৰ চিন্তাধাৰাৰে আৰম্ভ কৰা যুৱক টাইকোৱান্ডো খেলুৱৈ সকলৰ প্ৰচেষ্টাৰ সলাগ লৈছে সচেতন মহলে৷

কিয়নো বৰ্তমান সময়ত নাৰীসকলৰ এক বিপদসংকুল মুহূৰ্তত তিনি যুৱক ক্ৰমে সঞ্জয়, হিৰণ্য আৰু সন্দীপ আগবাঢ়ি আহিছে নাৰী সমাজৰ সুৰক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পৰাকৈ “আত্ম-সুৰক্ষাৰ প্ৰশিক্ষণ” দিয়াৰ দিশটোত, তাকো সম্পূৰ্ণ বিনামূল্যে। অথচ তিনিওজন যুৱকেই কাৰ্যত নিবনুৱা।

তাৰ পাছতো বিনামূলীয়াকৈ যুৱতী-মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিব বিচৰাটোৱে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়ো দাঙি ধৰিছে বুলিও মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে৷ উল্লেখ্য যে জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া সংগঠণ এক্টিভ ৱাৰিৱৰ্ছৰ উদ্যোগত হোৱা তথা প্ৰশিক্ষনৰ নেতৃত্ব লোৱা তিনিওগৰাকী প্ৰশিক্ষকৰ প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়৷

চিআৰপিএফ 136 নং শাখাৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত ফিল্টাৰ বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৪ নৱেম্বৰঃ দেশ সেৱাত ব্ৰত 136 নং শাখাত কৰ্মৰত জোৱান সকলে সমাজ সেৱাৰ কৰ্মতো আগভাগ লোৱা দেখা যায়।

চিআৰপিএফ জোৱান সকলে ছাত্র-ছাত্ৰীসকলৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লালপুলস্থিত চিআৰপিএফৰ 136 নং শাখাৰ উদ্যোগত মঙলবাৰে মহাদেৱ গোহাঁই মধ্য ইংৰাজী বিদ্যালয়, বৰুবাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, লাইলঙপাৰা উচ্চ মাধ্যমিক বিদ্যালয়, ঝাৰগাঁও জাতীয় বিদ্যালয়, ঝাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে দৰিদ্ৰ লোকক বিশুদ্ধ খোৱা পানী সেৱন কৰাৰ বাবে ফিল্টাৰ বিতৰণ কৰে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত চিআৰপিএফৰ সহকাৰী কমাণ্ডেন্ট বিষয়া প্ৰহ্লাদ সিঙে আঁতধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন নৃত্য গীত পৰিবেশন কৰে। অনুষ্ঠানত চিআৰপিএফ 136 নং শাখাৰ কমাণ্ডেন্ট বিষয়া পিচি চৌহান, শচীন কুমাৰ গুপ্তাৰ লগতে প্ৰায় দুই শতাধিক ছাত্র ছাত্ৰী উপস্থিত থাকে।

মুল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত আছুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হুংকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ৪ নৱেম্বৰঃ অত্যাৱশকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা  সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰ মাজ-মজিয়াত অত্যাৱশকীয় খাদ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।

আছুৰ প্ৰতিবাদীসকলে মৰাণ নগৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি মৰাণৰ আকাশ-বতাহ  কপাই তোলাৰ লগতে গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী জুমুঠি দাহ কৰে।

পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসন বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে সৰ্বসাধাৰণ লোকক কেৱল শোষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ আৰু সম্পাদক ভাস্কৰ বৰুৱাই চৰকাৰক কঠোৰ সমালোচনা কৰে।

শীঘ্ৰে যদিহে মুল্য বৃদ্ধি ৰোধ নকৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ প্ৰদান কৰিছে।

মৰিগাঁও জিলা যোগ এচ’ছিয়েছন গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৪ নৱেম্বৰঃ অসম যোগ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা যোগ সন্থাৰ সমিতি আজি গঠন কৰা হয়৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰে৷

যোগ প্ৰশিক্ষক তথা সাংবাদিক মানস নাথে আঁতধৰা সভাখনত উপস্থিত থাকি যোগ সন্থাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে ক্ৰমে অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰা, মৰিগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মনিকা বৰা, নগাঁৱৰ অধিবক্তা গৌতম ভট্টাচাৰ্যই৷

জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কেবাগৰাকী যোগ প্ৰশিক্ষক উপস্থিত থকা উক্ত সভাতে চিকিৎসক ডাঃ মনিকা বৰা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰক সভাপতি আৰু ৰাজীৱ দাসক সম্পাদক হিছাপে হৈ এখন জিলা যোগ এচ’ছিয়েছনৰ সমিতি খন গঠন কৰা হয় ৷

সত্ৰীয়া নৃত্যত প্ৰথম স্থান মাজুলীৰ সমুদ্ৰ হাজৰিকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাজুলী, ৪ নৱেম্বৰঃ মাজুলী জিলাৰ গড়মূৰৰ সমীপৱৰ্তী খোনাচুক গাঁৱৰ সমুদ্ৰ হাজৰিকাই সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড°ভূপেন হাজৰিকা পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাৰ সত্ৰীয়া নৃত্য বিষয়ত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

নৃত্য-বাদ্যত পাকৈত সমুদ্ৰই খোলবাদ্য, সত্ৰীয়া নৃত্য, নাগাৰা বাদন আদি বিষয়ত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ সমুদ্ৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সমীপৱৰ্তী খোনাচুকৰ শিল্পী বিপুল হাজৰিকা আৰু সাৱিত্ৰী হাজৰিকাৰ পুত্ৰ৷ ছাত্ৰ গৰাকীৰ সাফল্যত মাজুলীবাসী ৰাইজে সন্তোষ্টি প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছে৷