দৈনন্দিন বাৰ্তা ডেস্ক : ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত কানাড়া অভিনেত্ৰী ৰাগিনী দ্বিবেদীক আটক কৰা হৈছে৷ শুকুৰবাৰে পুৱা ৬ বজাত কৰ্ণাটকৰ বেংগালুৰুৰ এক ফ্লেটত তালাচী চলায় কেন্দ্ৰীয় অপৰাধ দমন শাখা বা চিচিবিয়ে ৷ চিচিবিৰ এজন বিষয়াই জনোৱা মতে, আদালতৰ পৰা পৰোৱানা আনি তালাচী অভিযান চলোৱা হৈছে ৷ তাৰ পাচত জেৰাৰ বাবে অভিনেত্রী গৰাকীক চিচিবিৰ কাৰ্যালয়লৈ নিয়া হয় ৷ চিচিবিৰ সূত্ৰে জানিব পৰা মতে যোৱা বুধবাৰে ৰাগিনীক জাননী দি বৃহস্পতিবাৰৰ ভিতৰত চিচিবিৰ কাৰ্যালয়ত হাজিৰা দিবলৈ কোৱা হৈছিল জেকাৰ বাবে ৷ কিন্তু অভিনেত্রীগৰাকীয়ে নিজৰ অধিবক্তাৰ দল পঠিয়াই সোমবাৰ পৰ্যন্ত সময় লয় ৷ তাৰ পাচত শুকুৰবাৰে তেওঁৰ ঘৰত তালাচী চলায় চিচিবিয়ে ৷ উল্লেখ্য যে হাৰিয়ানাৰ ৰেৱাৰিৰ বাসিন্দা ৰাগিনীৰ জন্ম বেংগালুৰুত ৷ ২০০৯ চনত প্ৰথম অভিনয় কৰিছিল ‘বীৰা মাড়াকৰি’ নামৰ কানাড়া ছবিত ৷
পানেৰীত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী
টংলা : আজি ওদালগুৰি জিলাৰ পানেৰীত ওদালগুৰি জিলা আক্ৰাছু পশ্চিমে বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে গৃহীত হোৱা কমতাপুৰ অটোনমাস কাউঞ্চিল কে এ চিৰ বিৰোধিতাৰে অসমৰ বিজেপি চৰকাৰে স্বায়ত্বশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক বিভাজন কৰাৰ প্ৰতিবাদত আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ নামত বিশ্বাসঘাতকতাৰ বাবে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা আক্ৰাছু পশ্চিমে। ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বড়া কোচ আৰু ভাৰপ্ৰাপ্ত সম্পাদক মুকুন্দ ডেকাৰ উপস্থিতিত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত আক্ৰাছুৰ সদস্য সকলৰ লগতে প্ৰতিবাদত অংশগ্রহণকাৰী সকলে অসম চৰকাৰ হায় হায়, বিজেপি গ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব গ বেক, ন কমতাপুৰ ন ৰেষ্ট, আমাক এছ টি লাগিবই, আদি স্লোগানেৰে কপাই তোলে পানেৰীৰ আকাশ বতাহ। প্ৰতিবাদী কাৰ্য্যসূচীত সংবাদমাধ্যমৰ আগত ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে, অসম চৰকাৰৰ বিধানসভাৰ মজিয়াত যোৱা বৃহস্পতিবাৰে যি কে এ চি বিধেয়ক গৃহীত হৈছে সেইটো আমি তীব্র বিৰোধিতা কৰিছোঁ, কাৰণ তিনিখন জিলা লৈ তেওলোকে কোচ ৰাজবংশীকলৈ বিভাজন আৰু বিশ্বাসঘাটক কৰিছে সেইটো আমি কেতিয়াও মানি নলওঁ। সমগ্র অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি কোচ ৰাজবংশীৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, লগতে কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে আমি আন্দোলন কৰিছিলো। আমি দিল্লীত ত্ৰিপাক্ষিক বৈঠক কৰিছোঁ। যোৱা সপ্তাহত অসম চৰকাৰৰ লগত আমাৰ বৈঠক হৈছিল কিন্তু তেওঁলোকে ৰাতিটোৰ ভিতৰতে আমাকে বিভাজন কৰি বিশ্বাসঘাতকতা কৰি কোচ ৰাজবংশী জনগোষ্ঠীক থান বান কৰিবৰ কাৰনে কে এ চি গঠন কৰিছে। আমি ইয়াক মানি নলওঁ এয়া আমাৰ স্পষ্ট কথা।
নতুন আইপিএছ বিষয়াৰ প্ৰতি বাৰ্তা প্ৰধানমন্ত্ৰীৰ : খাকী ইউনিফৰ্মৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা নেহেৰুৱাব
দৈনন্দিন বাৰ্তা ডেস্ক : হায়দৰাবাদৰ পুলিচ অকাডেমীত দীঘলীয়া প্ৰশিক্ষণ শেষ কৰিছে আইপিএছ কেডাৰৰ নতুন বেটচে ৷ কেইটামান দিনৰ পাচতে দেশৰ আইন শৃংখলা ৰক্ষাৰ গুৰু দায়িত্ব ল’ব নৱ নিযুক্ত বিষয়াসকলে ৷ তাৰ আগতে শুকুৰবাৰে ভিডিঅ’ বাৰ্তাত তৰুণ বিষয়াসকলৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল পুলিচ অকাডেমীত দীক্ষান্ত পেৰেড শেষত আইপিএছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে ৷ উল্লেখ্য যে আৰক্ষী বিষয়াৰ সৈতে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আলোচনা কৰিছিল ৷ অৱশ্যে ক’ৰোনা সংক্ৰমণৰ বাবে বহু দিন সেই আলোচনা চক্ৰ বন্ধ আছিল ৷ সদ্য উত্তীৰ্ণ আৰক্ষী বিষয়াসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, মই নিশ্চিত কৰ্মক্ষেত্ৰত কোনো এদিন আপোনালোকৰ সৈতে মোৰ দেখা হ’ব ৷ কোনো দিনাই খাকী পোচাকক কেতিয়াও শ্ৰদ্ধা নেহেৰুৱাব ৷ ক’ৰোনা সংক্ৰমণত আৰক্ষীৰ ভাল কামত খাকী ইউনিফৰ্মে মানৱীয় মন প্ৰকাশ কৰিছে ৷ সদ্য উত্তীৰ্ণ আইপিএছ কেডাৰক আগন্তুক দিনৰ শুভেচ্ছা জনাই চাপত নিজকে কিদৰে সাজু কৰি ৰাখিব পাৰি সেই পন্থাও দিয়ে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, আপোনলোক যি পেশালৈ আহিছে তাত হঠাতে বহু ঘটি যোৱাৰ সম্ভাৱনা থাকে ৷ প্ৰতি মুহূৰ্তত আপোনালোক সতৰ্ক থাকিব লাগিব ৷ এই কামত চাপ বহু বেছি ৷ নিজৰ মন সুস্থ ৰাখিবলৈ পৰিয়াল বা বন্ধুসকলৰ সৈতে কথা পাতক ৷ ছুটীৰ দিনত পৰিয়ালৰ সৈতে কটাব ৷ যোগ বা প্ৰাণায়ম এই ক্ষেত্ৰত অতি ভাল কাম দিয়ে ৷
দেশৰ সুৰক্ষাত পৰিপন্থী চীনা এপ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে দৃঢ়ভাৱে জনাইছে যে দেশে বিদেশী প্ৰত্যক্ষ বিনিয়োগ (এফডিআই) সৰ্বাধিক উন্মুক্ত ব্যৱস্থা কৰিছে, যাৰ যোগেদি ইণ্টাৰনেট কোম্পানীবোৰ আৰু ডিজিটেল প্ৰযুক্তি কোম্পানী অন্তর্ভুক্ত হয় ৷ যোৱা ২ ছেপ্টেম্বৰত কেন্দ্ৰই ১১৮টা চীনা ম’বাইল এপ নিষিদ্ধ কৰাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কোম্পানীবোৰৰ দায়িত্বৰ বিষয় উল্লেখ কৰে ৷ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰজনে কয় যে তেওঁলোকে কেন্দ্ৰই জাৰি কৰা নীতি-নিয়ম মানি চলিব লাগিব ৷ তেওঁ লগতে কয় যে এই এপবোৰৰ কাৰ্যকলাপ ভাৰতৰ সুৰক্ষাৰ বাবে পূৰ্ববিচাৰমূলক আছিল ৷ শ্ৰীবাস্তৱে জনায় যে ভাৰতে এতিয়াও সকলো কোম্পানীক স্বাগতম জনাই কিন্তু তেওঁলোকৰে ৰাষ্ট্ৰৰ বিধিবিধানৰ সৈতে থাকিব লাগিব ৷ ভাৰতে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বাবে বিশ্বৰ সকলোতকৈ উন্মুক্ত ব্যৱস্থা ৰাখিছে ৷ ইয়াৰ মাজত আছে ইণ্টাৰনেট কোম্পানী আৰু ডিজিটেল প্ৰযুক্তিৰ কোম্পানীবোৰ ৷ যিয়ে নহওক এই কোম্পানীবোৰে দায়িত্বসহকাৰে ভাৰত চৰকাৰে নিৰ্দ্ধাৰণ কৰা নিয়মবোৰ মানি চলিব লাগিব ৷ লিভিক, পাবজি ম’বাইল লাইট, য়ুইচাট ৱৰ্ক আৰু য়ুইযাট ম’বাইলহএপ নিষিদ্ধ কৰিছে ৷ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই সিদ্ধান্ত জনাইছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত পাবজি গেমটো বৰ্তমানে ৬০০ মিলিয়ন ডাউনলড হৈছে আৰু ৫০ মিলিয়ন সক্ৰিয় খেলুৱৈ আছে ৷ চাইনিজ মূল ভূখণ্ডক অন্তর্ভুক্ত নকৰি গেমটোত পুনৰ ব্ৰেণ্ড কৰা সংস্কৰণক গেম ফৰ পিচ বোলা হয় ৷ ভাৰতত পাবজিৰ মিলিয়ন ব্যৱহাৰকাৰী আছে, তাৰ মাজত বিশেষকৈ যুৱকসকল আছে ৷ এই সকলো এপ ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷
কয়লা মন্ত্ৰালয়ৰ ঘোষণা : ৩৮টা কয়লা খনি বাণিজ্যিক খননৰ বাবে নিলাম
দৈনন্দিন বাৰ্তা ডেস্ক : বাণিজ্যিক খননৰ বাবে কয়লা খনিবোৰ কেন্দ্ৰীয় চৰকাৰে আগেয়েই নিলামৰ ঘোষণা কৰিছিল ৷ যোৱা ১৮ জুনত কয়লা খনি বাণিজ্যিক খনন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ বৃহস্পতিবাৰে কয়লা মন্ত্ৰালয়ে তালিকা প্ৰকাশ কৰি জনাই দিলে ৩৮টা খনিৰ বাবে নিলাম আহ্বান কৰা হ’ব ৷ মন্ত্ৰালয়ে কয়, খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বা এমএমডিআৰ আইন, ১৯৫৭ৰ আওতাত প্ৰথম পৰ্যায়ৰ নিলাম ডোলেছৰা, জাৰেকেলা আৰু ঝৰপালাম-তংগাৰঘাট কয়লা খনি লোৱা হৈছে ৷ তদুপৰি মন্ত্ৰালয়ৰ তৰফৰ পৰা বিবৃতিত কোৱা হয় যে এমএমডিআৰ ১৯৫৭ আইনৰ আওতাত প্ৰথম পৰ্যায়ত মোৰগা দক্ষিণ কয়লা খনিৰ নাম প্ৰত্যাহাৰ কৰা হৈছে ৷ ফতেহপুৰ পূৱ, উত্তৰ মদনপুৰ, মোৰগা-২ আৰু ছায়ং কয়লা খনিৰ নাম চিএমএপি ২০১৫ আইনৰ আওতাৰ একাদশ দফাৰ মতে প্ৰত্যাহাৰ কৰা হৈছে ৷ এই দুই আইনৰ আওতাত এইবাৰ ৩৮টা কয়লা খনি বাণিজ্যিক খননৰ বাবে নিলাম কৰা হ’ব বুলি কয়লা মন্ত্ৰালয়ে জনাইছে ৷
কংগনা ৰানাউটৰ বিস্ফোৰক দাবী : পাক অধিকৃত কাশ্মীৰৰ দৰে লাগিছে মুম্বাই
দৈনন্দিন বাৰ্তা ডেস্ক : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচৰ পৰা এটাৰ পাচত এটাকৈ বিস্ফোৰক মন্তব্য কৰিছে কংগনা ৰানাউটে ৷ কিছুদিনৰ আগতে টুইট কৰি কংগনাই মন্তব্য কৰিছিল, মুম্বাই আৰক্ষীৰ পৰা তেওঁ নিৰাপত্তা নিবিচাৰে ৷ এইবাৰ টুইট কৰি আকৌ ব্যংগ কৰি লিখে, মুম্বাই কিয় পাক অধিকৃত কাশ্মীৰৰ দৰে হৈছে ? ৩০ আগষ্টত টুইটাৰত বিজেপি নেতা ৰাম কদমৰ টুইট শ্বেয়াৰ কৰি কংগনাই লিখিছিল, বলীউডত ‘মুভি মাফিয়া’ সকলতকৈ তেওঁ বেছি ভয় কৰে মুম্বাই আৰক্ষীক ৷ তেওঁ হিমাচল প্ৰদেশ বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰাপত্তা বিচাৰে ৷ শিৱ সেনাৰ মুখপত্ৰ ‘ছামনা’ত ‘বলীউড কুইন’ক এহাতত তুলি লয় সঞ্জয় ৰাউতে ৷ তেওঁ লিখে, আমাৰ বিনম্ৰ অনুৰোধ কংগনা যেন মুম্বাইলৈ পুনৰ ঘুৰি নাহে ৷ মুম্বাই আৰক্ষীক ভীষণভাৱে অপমান কৰা হৈছে ৷ গৃহ মন্ত্ৰালয়ে এই বিষয়ত ব্যৱস্থা লোৱা উচিত ৷ এই খবৰ শ্বেয়াৰ কৰি কংগনাই টুইট কৰি লিখে, শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মোক প্ৰকাশ্যে ভাবুকি দি পুনৰ মুম্বাই ঘুৰি যোৱাত বাৰণ কৰিছে ৷ মুম্বাইৰ পথত মুকলিকৈ দেৱাল লিখনৰ পাচত এইবাৰ প্ৰকাশ্যে এনে ভাবুকি! হঠাতে মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ দৰে লাগিছে কিয় ? সুশান্ত সিং ৰাজপুতৰ গোচৰ মিডিয়াই মুম্বাই আৰক্ষীৰ ভাৱমূৰ্ত্তি নষ্ট কৰাৰ অভিযোগত বম্বে উচ্চ ন্যায়ালয়ে পিআইএল দাখিল কৰিছে আঠজন অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই ৷ মুম্বাই আৰক্ষীৰ বিভিন্ন পদত তেওঁলোকে কাম কৰিছিল ৷ অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ এই পদক্ষেপক সমৰ্থন কৰিছে মহাৰাষ্ট্রৰ গৃহ মন্ত্ৰী অনিল দেশমুখে ৷
বেক্টেৰিয়া সংক্ৰমণত জিম্বাবুৱেত ২২টা হাতীৰ মৃত্যু
দৈনন্দিন বাৰ্তা ডেস্ক : জিম্বাবুৱেৰ বন্যপ্ৰাণী সংস্থাই জনাইছে যে এখন বৃহৎ গেম পাৰ্কৰ সমীপত বহু হাতীৰ শৱদেহ উদ্ধাৰ কৰিছে ৷ প্ৰাথমিকভাৱে বেক্টেৰিয়া সংক্ৰমণৰ ফলত ২২টা হাতীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷ জিম্বাবুৱেৰ পাৰ্কছ এণ্ড ৱাইল্ডলাইফ মেনেজমেণ্ট অথৰিটি (জিম্পাৰ্কছ)য়ে ইতিমধ্যে পশ্চিম জিম্বাবুৱেৰ পাণ্ডামছসুৰ হাবিত হাতীৰ মৃত্যুৰ বাবে সকলোতকৈ বৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য হাওৱাঞ্জ নেচনেল পাৰ্ক আৰু ভিক্টোৰিয়া জলপ্ৰপাতৰ মাজৰ চিকাৰ কৰা আৰু চায়নাইড বিষ দিয়া বন্ধ কৰিছে ৷ জিম্পাৰ্কছৰ মুখপাত্ৰ টিনাশে ফাৰাৱে জনায় যে মঙলবাৰ আৰু বুধবাৰে শেষৰটো হাতীৰ শৱদেহ পোৱা যায় ৷ বেছিভাগ হাতী কম বয়সীয়া আছিল ৷ সকলোতকৈ বেছি বয়স আছিল ১৮ বছৰ ৷ যোৱা সপ্তাহত প্ৰথম আবিষ্কাৰ হোৱা হাতীবোৰ একেই পৰিস্থিতিত মৰিছিল, যিবোৰৰ দাঁত অক্ষত আছিল ৷ জিম্পাৰ্কছৰ বিষয়াই কয় যে হাতীৰ সংখ্যা বহু বেছি হোৱা আৰু বৰষুণৰ পৰিমাণ কম হোৱাটো বৃহৎ ভাবুকি হৈ পৰিছে ৷ পানী আৰু খাদ্যৰ বাবে ২০১৯ চনত কমেও ২০০ হাতীৰ মৃত্যু হৈছিল ৷ উল্লেখ্য যে জিম্বাবুৱে ৮০ হাজাৰ হাতীৰ ৰম্যভূমি ৷ ইয়াত আফ্ৰিকাৰ মুঠ হাতীৰ এক পঞ্চমাংশ আছে ৷ ইয়াৰ পূৰ্বে চলিত বছৰত কাষৰীয়া বোটছৱানাত শতাধিক হাতীৰ মৃত্যু হৈছিল ৷
মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ মুদৈবিল-কুঁহিয়াৰবাৰী পথৰ কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীৰ
উজনি-মাজুলী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সদাব্যস্ত মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথত থকা এটা ভগা কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীলৈ। উল্লেখ যে, উক্ত পথটো ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হয় যদিও পথটোত থকা পুৰণা কালভাৰ্ট নিৰ্মাণ নকৰাৰ ফলতেই সৃষ্টি হৈছে এই সমস্যাৰ। মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথচোৱাৰ কুঁহিয়াৰবাৰী আৰু মুদৈবিল গাঁৱৰ মাজত মুঠ চাৰিটা পুলৰ ভিতৰত দুটা পুলহে নতুনকৈ নিৰ্মাণ কৰা হয় যদিও বাকী দুটা পুল নিৰ্মাণ কৰা নহ’ল। কেইবা বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এটা পুল ভাগি পৰাত বৰ্তমান যাতায়তৰ ক্ষেত্ৰত পথচাৰিৰ সমস্যা সৃষ্টি হোৱাৰ লগতে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰো আশংকা কৰা হৈছে। মাজুলী গড়কাপ্টানী বিভাগৰ অদূৰদৰ্শীতাৰ ফল স্বৰূপে জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। মাজুলী সমষ্টি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো গুৰুত্ব নিদিয়া গড়কাপ্টানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে বিভাগটো যেন খীৰতি গাইত পৰিণত হৈছে। গড়কাপ্টানী বিভাগে পুৰণি পুল এটাকে জোৰা-টাপলি মাৰি দায়িত্ব পালন কৰাৰ অন্তৰালত যে গভীৰ ৰহস্য লুকাই আছে সেই কথা জনসাধাৰণে ঠিকেই বুজি পাইছে। ৰাজ্য চৰকাৰে যিমানেই নিকা প্ৰশাসনৰ কথা নকওঁক কিয় এই ক্ষেত্ৰত একাংশ বিষয়াৰ বাবে সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। সি যি কি নহওঁক, কুঁহিয়াবাৰী-মুদৈবিল গড়কাপ্টানী পথৰ ভগা পুলটো শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব বুলি জনসাধাৰণে আশংকা কৰিছে।
সোণতলীৰ চৌধুৰীপামৰ আনোৱাৰ হুছেইনৰ জীৱনত ঘোৰ অমানিষা, অকালতে বিকল দুয়োটা চকু
সোণতলী : দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁৱৰ এগৰাকী অসহায় দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী আনোৱাৰ হুছেইনে হঠাতেই দুটি চকুৰে নেদেখা হ’ল ৷ জন্মৰে পৰা এটা চকু বিকল হৈ আছিল যদিও কিছুদিন আগত দুয়োটা চকুৱেই বিকল হৈ পৰিল আনোৱাৰ হুছেইনৰ ৷ তাৰ পিছতে পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিষা ৷ বৃদ্ধ মাতৃ, পত্নী আৰু দুটি কণমানি সন্তানকলৈ আনোৱাৰ হুছেইনে জীৱনৰ মধ্য বয়সতেই জীৱন যুদ্ধত পৰাজয়ৰ বাস্তৱ কাহিনীয়ে স্তম্ভিত কৰি তুলিছে সকলোকে। জীৱন যুদ্ধত হাৰ মনা পৰিয়ালটোৱে সম্প্ৰতি এসাজ খাই এসাজ নাখাই পাৰ কৰিব লগীয়া হৈছে দিনৰাতি। ঘৰৰ ভেটিৰ বাহিৰে খেতিবাতিৰ মাটি নথকা আনোৱাৰ হুছেইনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল মাতৃসহ পাঁচজনীয়া পৰিয়ালক। কিন্তু ৰুষ্ঠ নিয়তিয়ে মূহুৰ্তৰ ভিতৰতে পৰাজিত কৰিলে আনোৱাৰ হুছেইনক ৷ ৰাতি টোপনিৰ পৰা উঠিয়েই হঠাতে চকুত নেদেখা হৈ পৰিল আনোৱাৰ হুছেইনে ৷ এতিয়া চিকিৎসাৰ বাবে আনোৱাৰ হুছেইনৰ হাতত নাই এটা ফুটা কৰিও ৷ সেয়ে আপোনাৰ অকণমান সহায়ে আনোৱাৰ হুছেইনৰ পৰিয়ালে পাব পাৰে আৰ্থিক সকাহ৷ বকো সমষ্টিৰ বিধায়িকাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো জনাইছে কাতৰ আহ্বান ৷ কোনো সদাশয় ব্যক্তিয়ে আনোৱাৰ হুছেইনৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে ষ্টেট বেংকৰ একাউন্ট নম্বৰ ৩৩৫৬৯৪১৫২১১ আই এফ ছি কোড নম্বৰ এছ বি আই এন০০০৯৪৩৯ অথবা +৯১৬০০০১৫৯৯১২ অথবা নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা : ৰাষ্ট্ৰসংঘত পুনৰ ব্যৰ্থ পাকিস্তানৰ অপচেষ্টা
অনলাইন বাৰ্তা : ভাৰতৰ বিৰুদ্ধে চক্ৰান্ত কৰিবলৈ গৈ পুনৰ ব্যৰ্থ হ’ল পাকিস্তান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ কমিটীৰ সহায়ত দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা কৰিছিল ইমৰান খান চৰকাৰে ৷ ১২৬৭ কমিটীৰ কামৰ পদ্ধতিত ধৰ্মীয় ৰং লগাই ৰাজনীতি কৰিবলৈ বিচাৰিছিল ৷ কিন্তু প্ৰতিৱেশী চিৰবৈৰী দেশখনৰ সেই উদ্দেশ্য পুৰণ নহ’ল ৷ আন্তৰ্জাতিক মহলৰ সহায়ত নতুন দিল্লীক বিপদত পেলাবলৈ গৈ নিজেই বিপদৰ সন্মুখীন হ’ল পাকিস্তান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (ইউএনএছচি)ৰ ১২৬৭ কমিটীৰ প্ৰস্তাৱনা অনুসৰী অংগাৰা আপ্পাজি আৰু গোবিন্দ পাটনায়ক নামৰ দুজন ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা কৰিছিল পাকিস্তানে ৷ ইয়াৰ বাবে নিৰাপত্তা পৰিষদত প্ৰস্তাৱ দাখিল কৰা হৈছিল ৷ কিন্তু ইয়াত কোনো প্ৰমাণ জমা দিব পৰা নাছিল ৷ তদুপৰি ইছলামাবাদৰ এই প্ৰস্তাৱৰ পত্ৰপাঠ বাতিল কৰি দিয়ে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম আৰু ব্ৰিটেইনে ৷ বুধবাৰে এই বিষয়টোৰ কথা উল্লেখ কৰি পাকিস্তানৰ অপচেষ্টা ৰখাৰ বাবে নিৰাপত্তা পৰিষদৰ সদস্যসকলক ধন্যবাদ জনায় ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে ৷ তেওঁ টুইট কৰি কয়, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ কমিটীৰ কাৰ্য পদ্ধতিত ধৰ্মীয় ৰং সানিবলৈ চেষ্টা কৰিছিল পাকিস্তানে ৷ কিন্তু তেওঁলোকৰ এই উদ্দেশ্য ব্যৰ্থ কৰে নিৰাপত্তা পৰিষদে ৷ পাকিস্তানৰ এই অপচেষ্টা ৰোধ কৰাত পৰিষদৰ সকলো সদস্যক ধন্যবাদ জনায় ৷










