Home Blog Page 3202

১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

অধিবক্তা ঔম বিৰলাই কয় যে, এই ভৱন দেশৰ বৈশিষ্ট আৰু সমৃদ্ধ কলা সংস্কৃতি, প্ৰতিফলিত কৰিব আৰু স্থাপত্য, আধুনিকতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সংসদ ভৱন হ'ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানত শাৰীৰিকভাৱে বা ভাৰ্চুৱেল মোডৰ যোগেৰে সকলো দলৰ নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা

শনিবাৰে এক সংবাদমেলত এই ঘোষণা কৰি অধিবক্তা ঔম বিৰলাই কয়- ‘আমি পুৰণি ভৱনটোত স্বাধীন ভাৰতৰ যাত্ৰা আৰম্ভ কৰিছিলো আৰু যেতিয়া আমি ৭৫ বছৰ সম্পূৰ্ণ কৰিম, তেতিয়া নতুন সংসদ ভৱনটোত দুয়োটা গৃহৰ অধিবেশন অনুষ্ঠিত হ’ব । ই যে কেৱল ইটা আৰু পাথৰৰে নিৰ্মাণ হ’ব এনে নহয়, ই হ’ব ১৩০ কোটি লোকৰ স্বপ্নপূৰণৰে সম্পূৰ্ণ হব।”

নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা

তেওঁ কয় যে ভৱনটোয়ে দেশৰ বিবিধতা আৰু সমৃদ্ধ কলা সংস্কৃতি প্ৰতিফলিত কৰিব আৰু স্থাপত্য, আধুনিকতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সংসদ ভৱন হ’ব।

নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা

“বৰ্তমানৰ সংসদ ভৱনটো ১০০ বছৰ পুৰণি হ’ব, আৰু এইখন দেশৰ ১৩০ কোটি লোকৰ বাবে গৌৰৱৰ বিষয় যে নতুনটো আমাৰ নিজৰ লোকে আত্ম নিৰ্ভৰ ভাৰতৰ মুখ্য উদাহৰণ হিচাপে নিৰ্মাণ কৰা হব । ১০ ডিচেম্বৰৰ দিনৰ ১ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ ভূমি পুজন কৰিব” তেওঁ কয়।

আধাৰশিলা স্থাপন কাৰ্য্যসূচীলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাবলৈ স্পিকাৰে শনিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা

নতুন ভৱনটোত লোকসভা চেম্বাৰত ৮৮৮ খন আসন থাকিব আৰু ৰাজ্যসভাৰ চেম্বাৰত ৩৮৪ খন আসন থাকিব।

উল্লেখযোগ্য যে, বৰ্তমানে লোকসভাত ৫৪৩ আৰু ৰাজ্যসভাত ২৪৫ খন আসনহে আছে । ভৱনটোত চেণ্ট্ৰেল হল নাথাকিব।

৯৭১ কোটি টকা ব্যয়ৰে ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মান হব লগা ভৱনটো ভূমিকম্প প্ৰতিৰোধী, আৰু আটাইতকৈ আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে খাপ খোৱা হ’ব । ই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী-প্ৰাপ্য স্থাপত্য অন্তৰ্ভুক্ত কৰিব আৰু সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰিব।

নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা

স্পীকাৰে কৈছিল যে, ইয়াৰ নিৰ্মাণত প্ৰায় ৩২০০ লোক প্ৰত্যক্ষভাৱে জড়িত থাকিব, আনহাতে আন ৯৫০০ লোক পৰোক্ষভাৱে থাকিব। দেশৰ বিভিন্ন প্ৰান্তৰ ২০০ৰো অধিক শিল্পীয়েও ভৱনৰ বাবে কাম কৰিব।

তেওঁ লগতে কয় যে,”টাটা প্ৰজেক্টছ লিমিটেডক প্ৰকল্পটোৰ বাবে চুক্তি দিয়া হৈছে । এই ডিজাইনটো HCP ডিজাইন, পৰিকল্পনা আৰু ব্যৱস্থাপনা প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে। বৰ্তমানৰ সংসদ ভৱনটো দেশৰ এক প্ৰান্তিক সম্পদ হিচাপে সংৰক্ষণ কৰা হ’ব বুলি কয়।”


এতিয়াৰে পৰা অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে

ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।


একেদৰে ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয় সমূহৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে মাছুল। বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ।  অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।

কাইলৈ বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাইলৈ বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাইলৈ অৰ্থাৎ সোমবাৰে বিটিচিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়া- কৰ্মচাৰীয়েও নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে ৷ কাইলৈ অনুষ্ঠিত হ’ব হব লগা এই ভোটগ্ৰহণত বাক্সা জিলাৰ তিনিটা মহকুমাক সামৰি এঘাৰটা পৰিষদীয় সমষ্টিত হব ভোটগ্ৰহণ ৷

বাক্সাত ৭৪১৯১৯ জন ভোটাৰে ভোট দান কৰিব ৷ জিলাখনৰ এঘাৰটা সমষ্টিত ৭০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । সেই মৰ্মে, মুছলপুৰত ২০ জন, তামুলপুৰত ৩৪ জন, শালবাৰীত ১৬ জন প্ৰাৰ্থী আছে । জিলাখনৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্য হৈছে ৯৩২টা ৷ তাৰে ভিতৰত স্পৰ্শকাতৰ ২৬৮টা ৷ অতি স্পৰ্শকাতৰ ৩৪২ টা ৷ ইয়াৰোপৰি মুছলপুৰ মহকুমাত আছে ৪ টা সমষ্টি, শালবাৰী মহকুমাত ২টা , তামুলপুৰ মহকুমাত আছে ৫টা সমষ্টি ।

ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ : নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে কৰোনা প্ৰতিৰোধৰ সজাগতা অভিযান

অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ মহানগৰীৰ গান্ধীবস্তী নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম  মহন্তই তথ্যচিত্ৰৰ জৰিয়তে কৰোনা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমে সামাজিক দায়বদ্ধতাৰ প্ৰতি অতিকৈ আগ্ৰহী ৷ সেয়ে ১২ বছৰ বয়সীয়া ছাত্ৰ গৰাকীয়ে কৰোনা মহামাৰীৰ পৰা জনসাধাৰণ সজাগ আৰু সচেতনা কৰাৰ লক্ষৰে এখন নিজে তথ্যচিত্ৰ নিৰ্মান কৰি উলিয়াই ৷ তথ্যচিত্ৰখনত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে অন লাইন যোগে শিক্ষাৰ্থী সকলে কেনেদৰে শিক্ষা গ্ৰহন কৰিব সেই সম্পৰ্কে সজাগতা মূলক দৃশ্য প্ৰকাশ কৰা হয় ৷ সজাগতা মূলক তথ্যচিত্ৰ খনত অৰিন্দমৰ লগত সহযোগ কৰিছিল তেওঁৰ স্কুলীয়া সতীৰ্থ বন্ধু কল্লোল বৰুৱা, আশিদ হ’ক , শ্ৰতি কাশ্যপ, মুগ্ধ কাশ্যপে ৷ ইতিমধ্যে ইউটিউবত তথ্যচিত্ৰখন সম্প্ৰাচৰন হৈছে ৷ যঠেষ্ট লোকে তথ্যচিত্ৰ খন উপভোগ কৰি অৰিন্দম মহন্তক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই ক্ষেত্ৰত পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তই কয় যে অৰিন্দম সৰুৰ পৰাই কিবা এটা কৰাৰ হেপাহ ৷ তথ্যচিত্ৰ খন নিজে নিৰ্মাণ কৰি কৰোনাৰ মহামাৰীৰ পৰা জনসাধাৰক পৰিত্ৰাণ পোৱাৰ এক প্ৰয়াস তথ্যচিত্ৰত প্ৰকাশ কৰিছে বুলি তেওঁলোকে কয় ৷ উল্লেখ্য যে অৰিন্দম মহন্তই পঢ়াশুনা কৰাৰ লগতে অভিনয়, ছবি নিৰ্মাণৰ জৰিয়তে সমাজৰ দায়িত্ব বোধৰ পৰিচয় দিব বিচাৰে ৷

মালিকক বচাই নিজে হত্যাৰ বলি হ’ল এটি কুকুৰ

Dog
প্ৰতীকি চিত্ৰ

অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ এটা কুকুৰে এগৰাকী মহিলাৰ প্ৰান বচাই নিজে হত্যাৰ বলি হবলগীয়া ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ  বৰিবজাৰ আৰক্ষী চকীৰ অৰ্ন্তগত জাজৰি চাহ খোৱা পূখৰী চাৰি আলিৰ কামাল উদ্দিনৰ ঘৰৰ কাষত থকা ফইজুল হকৰ ঘৰত ৩ ডিচম্বৰৰ নিশা  ১‍১ বজাত মদ, ভাং খাই  বেয়া গালি-গালাচ পাৰি হুলস্থুল কৰাত  ফইজুল হকৰ ঘৈনীয়েকে মুছফিকা বেগমে ঘৰৰ ভিতৰৰ পৰাই বাধা দিয়ে। পাছত  ফইজুল হকে মৰিয়ম নেচা আৰু আৰিফা বেগমক লগত লৈ  মুচফিকা বেগমৰ স্বামী ঘৰত নথকাৰ সুযোগত বলপূৰ্বক ভাবে প্ৰবেশ কৰি মুচফিকাৰ ডিঙিত গামোচা লগাই চুচুৰাই ফইজুলৰ ঘৰত লৈ যায়। অকলশৰীয়া মহিলা গৰাকীক দলবদ্ধভাবে মাৰপিট কৰাৰ লগতে প্ৰানে হত্যা কৰাৰ চেষ্টা কৰে। মহিলা গৰাকীৰ ঘৰত থকা পোহনীয়া কুকুৰ আৰু অকনমানি ৩ বছৰীয়া শিশুৰ চিঞৰ বাখৰ শুনি ওচৰ চুবৰীয়া আহি  মিহিলা গৰাকীৰ প্ৰান ৰক্ষা কৰে । পিছদিনা ৪ ডিচেম্বৰত অকলশৰীয়া মুচফিকাই বৰিবজাৰ আৰক্ষী চকীত ফইজুল হক,মৰিয়ম নেচা আৰু আৰিফা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল দি ঘৰত আহি দেখে কোনো দুৰ্বৃত্তই কুকুৰটোক বিষ খোৱাই হত্যা কৰে। এনে জঘন্য কান্ড সংগঠিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হব লক্ষনীয়।

নদুৱাৰত দিব্যাংগ দিৱস উদযাপন ; ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় অনলাইন প্ৰতিযোগিতা

জামুগুৰিহাট, ৫ডিচেম্বৰ : অসম সৰ্বশিক্ষা অভিযান মিচনৰ নদুৱাৰ শিক্ষা খণ্ডৰ অধীনত  ২৭ নৱেম্বৰৰ আৰম্ভ হোৱা দিব্যাংগ সপ্তাহৰ যোৱা ৩ ডিচেম্বৰত সামৰণি পৰে। কভি’ড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ চৰকাৰী নিয়ম নীতি পালন কৰি দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে দিব্যাংগ আৰু   সাধাৰণ ছাত্ৰ ছাত্ৰী সকলৰ মাজতো থিতাতে লিখা ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক ৩ডিচেম্বৰৰ দিনাই অনুষ্ঠিত হোৱা আন্তজাৰ্তিক দিব্যাংগ দিৱসৰ কাৰ্য্যসূচীত পুৰস্কাৰ প্ৰদান কৰা হয়। চতিয়া কন্যা মধ্য ইংৰাজী বিদ্যালয়ত পুৱা পতাকা উত্তোলনৰে  দিব্যাংগ দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত নদুৱাৰ সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত  শোণিতপুৰ জিলাৰ জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকা আৰু দীপক বিশ্বাস উপস্থিত থাকি সাৰুৱা বক্তৃতা প্ৰদান কৰি সকলোকে উপকৃত কৰে। অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ সৰ্বাত্মক শিক্ষা গোটৰ আঁচনি বিষয়া বিজুমণি হাজৰিকা আৰু নদুৱাৰ শিক্ষা খণ্ডৰ খণ্ড মিচন সমন্বয় পিটাৰ চৌধুৰিৰ তত্বাৱধানত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰমৰ জৰিয়তে  দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন হোৱাৰ লগতে দিব্যাংগ শিশুক বিনামূলীয়াকৈ সহায়ক সঁজুলি প্ৰদান কৰা হয়। নদুৱাৰ শিক্ষা খণ্ডৰ গাণনিক  সোণমণি শৰ্মা, এম আই এচ জুৰি কলিতা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হীৰেণ নাথ, দ্বিপেন নাথ, মইনুল হক, মিন্টু বৰা, নদুৱাৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটৰ সমলব্যক্তি মাধুৰ্য্য ভূঞা, চম্পক হাজৰিকা, অজিত নাথ, প্ৰফুল্ল নাথ ,হৰি দাহালৰ সমূহীয়া প্ৰচেষ্টাত অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

নগাঁও বন বিভাগৰ সফলতা ; মূল্যবান কাঠ ভৰ্তি বাহন জব্দ

নগাঁও, ৫ ডিচেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নলতলী চুলুং অঞ্চলৰ পৰা যোৱা নিশা এখন গণসৰৈ টক্টা ভৰ্তি ব’লেৰ পিক আপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকিত গণসৰৈ কাঠ খিনি আমবাগান কাঠপাৰা এটা কাঠমিলৰ পৰা তেজপুৰৰ পাঁচমাইল লৈ কঢ়িয়াই নি থকাৰ সম্ভেদ লাভ কৰি বন সুৰক্ষা শাখাই নলতলীৰ চুলুংত অভিযান চলাই প্ৰায় লক্ষ্যাধীক মূল্যৰ ৮০ চিএফ পৰিমানৰ ফলা টক্টা খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷  জব্দকিত ব’লেৰ পিক আপ বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে এছ ০১ চিচি ৬০৫৭ ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে জব্দকিত কাঠভৰ্তি বাহন খন নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে ৷ নিশাৰ এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে  দেৱানন্দ বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশী আদি উপস্থিত আছিল ৷ 

নিজ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে

গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে উত্থাপন কৰিছে গুৰুত্বৰ অভিযোগ । নিজ জীয়ৰীকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অধ্যক্ষ জনৰ বিৰুদ্ধে । আনহাতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে এনে এক গুৰুত্বৰ অভিযোগৰ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল।

গুৱাহাটীৰ বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ অষতোশ কুণ্ড আৰু পত্নী গীতা কুণ্ডৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে আনিলে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ২০১৪ চনৰ পৰা পিতৃয়ে তেওঁক যৌন নিৰ্যাতন আৰু সেইদৰে মাতৃয়ে মানসিক নিৰ্যাতন চলাই থকা বুলি উল্লেখ কৰি সোমবাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে ।

এই সমূহ কথা আৰক্ষীক জনোৱা বা আৰক্ষীৰ কাষ চপাৰ কথাৰ ক’লেই পিতৃ আৰু মাতৃয়ে যুৱতীগৰাকীক দিছিল প্ৰাণে মৰাৰ ভাবুকি।  যুৱতীগৰাকীয়ে অধ্যক্ষ তথা নিজ পিতৃ অশতোশ কুণ্ডৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত দুৱাৰকৈ যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে যদিও এই পৰ্যন্ত আটক কৰা নাই আইন মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক। অভিযোগৰ কোনো মিমাংসা নোহোৱা পৰ্যন্ত অধ্যক্ষ জনক নিলম্বন কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।

৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা । ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা এই অধিৱেশনত।

নাগাৰা নামেৰে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰা শিল্পী নমিতা কলিতা

ডিমু, ৫ ডিচেম্বৰ : অসমৰ গাঁৱে ভূঞে এনে কিছুমান শিল্পী আছে , যি সকলে জীৱনৰ বেছি ভাগ সময় নীৰৱে সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ থাকে । ৰজাঘৰ প্ৰজাঘৰ কাৰোপৰা স্বীকৃতি নিবিচাৰি নিৰলস ত্যাগ আৰু সাধনাৰে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি তোলে । এইসকল শিল্পী য়ে, প্ৰচাৰ মাধ্যমৰ পৰাও বঞ্চিত হৈ থাকে অক্লান্ত সৈনিকৰ দৰে । নিজৰ কৰ্মত ব্ৰতী হৈ থকা এইসকল শিল্পী সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা এনে এগৰাকী নাগাৰা নামৰ লোক শিল্পী হল কামৰূপ (গ্ৰাম্য) জিলাৰ হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত লাচি বিষ্ণুপুৰ গাঁৱৰ খলিহামাৰী চুবুৰীৰ নমিতা কলিতা । নাগাৰা নাম তথা লোক সাংস্কৃতিক চৰ্চা কৰি সাংস্কৃতিক ক্ষেত্ৰখন সজীৱ কৰি ৰখা উনত্ৰিশ বছৰীয়া শিল্পী নমিতা কলিতাৰ পিতৃ সাংস্কৃতিক শিল্পী সমীন কলিতা আৰু মাতৃ ৰোহিনী কলিতা । এঘাৰ বছৰ বয়সত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে লাচিবিষ্ণুপুৰ গাৱৰে শিল্পী দণ্ডোধৰ কলিতাৰ পৰা নামৰ আদি পাঠ গ্ৰহণ কৰি পৰ্যায়ক্ৰমে ‌নামৰ মহীৰূহ অচ্যুত ডেকাৰ পৰাও নাগাৰা নামৰ শিক্ষা গ্ৰহণ কৰে ।নাগাৰা নাম শিকি বংশী গোপাল মহিলা নাম দলত প্ৰথমে পাঠিকা হিচাবে বালিসত্ৰ আঞ্চলিক গোলাঘাট ৰাস মহোৎসৱত কীৰ্ত্তনৰ বিপ্ৰ পত্নী প্ৰসাদ আৰু ঘূনুচা যাত্ৰা নাম দুটি পৰিবেশন কৰি ভক্ত প্ৰাণ ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাবলৈ সক্ষম হয় । পৰ্যায়ক্ৰমে শিল্পী গৰাকীয়ে হাজো, ৰঙিয়া, কমলপুৰ, নলবাৰী, বেলশৰ, তেজপুৰ, ৰহা, নগাও, সৰভোগ, বৰপেটা, বকো, ছয়গাও, ক্ষেত্ৰী, ডিমু, গুৱাহাটী, মিৰ্জা, দৰং, ছিপাঝাৰ, মনাহকুছি, ক্ষুদ্ৰ ডিমু আদিৰ লগতে অঞ্চলটিৰ ভিন্ন অনুষ্ঠানত নামৰ ধাৰা অব্যাহত ৰাখিছে । শিল্পী নমিতা কলিতাই বেলশৰ, সৰুপেটা, তেজপুৰ, গুৱাহাটী, ৰহা আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা শিল্পী সম্বৰ্ধনা পাবলৈ সক্ষম হোৱাৰ উপৰি ২০১৬ চনত ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নাগাৰা নাম প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈও সক্ষম হৈছে । প্ৰায় ন মাহ মহামাৰী কৰোনা কালৰ বাবে শিল্পী গৰাকীয়ে অনুষ্ঠান সমূহত নাম পৰিবেশন কৰিব নোৱাৰাত শিল্পী গৰাকীৰ লগতে সহ শিল্পী নাগৰু, তালুৱৈ আৰু পালি সকল আৰ্থিক ভাৱে বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে শিল্পী নমিতা কলিতাই লকডাউনৰ সময়ত অসমৰ স্বনামধন্য শিল্পী সমাজক ৰাজ্য চৰকাৰে দিব বিচৰা এককালীন সাহাৰ্য্য আজিলৈকে নিদিয়াত দুখ প্ৰকাশ কৰে আৰু অতিশীঘ্ৰে সাহাৰ্য্য খিনি আগবঢ়াই শিল্পী সমাজক কিছু সকাহ দিয়াৰ বাবে চৰকাৰক অনুৰোধৰ লগতে দাবী জনায় ।