দৈনন্দিন বাৰ্তা ডেস্ক : হঠাতে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিয়াৰ এদিনৰ পাচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই তেওঁৰ ক্ৰিকেট যাত্ৰাৰ এটা হৃদয়গ্ৰাহী ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ কেৰিয়াৰৰ সময়ত তেওঁক সহায় কৰা সকলো লোকক ধন্যবাদ জনাইছে৷ উল্লেখ্য যে ভাৰতৰ সৰ্বাধিক সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কেইটামান মিনিটৰ পাচতে তেওঁৰ পচন্দৰ বেটছমেন সুৰেশ ৰাইনাই শনিবাৰে আন্তৰ্জাতিক কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিছিল৷ দেওবাৰে ৰাইনাই আকৌ তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত হাত দিয়ে আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সৈতে তেওঁৰ যাত্ৰাৰ এক আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰে৷ তেওঁ আন্তৰ্জাতিক চিত্ৰৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ৰাখি কয় যে তেওঁ কেতিয়াও ন্যায় এৰি কোনো কথাত স্থিৰ নহয়৷ বহু ভাৱ অনুভূতিৰ মিশ্ৰণত মই অৱসৰ ঘোষণা কৰিছিলো৷ সৰুৰে পৰা, মই যেতিয়া সৰু ল’ৰা আছিলো ভাৰতীয় দলত ঠাই পোৱাৰ আগতে আমাৰ সৰু চহৰৰ প্ৰতিটো ৰাস্তা, গলি আদিত আক্ষৰিক অৰ্থত ক্ৰিকেট আছিল৷ ৰাইনাই ভিডিঅ’টোৰ লগতে লিখিছে, মই যিমান জানো কেৱল ক্ৰিকেট, মই যি কৰিছো সেয়া ক্ৰিকেট আৰু মোৰ শিৰাত আছে ক্ৰিকেট৷ তেওঁৰ ক্ৰিকেট যাত্ৰাক ‘অবিশ্বাস্য’ হিচাপে বৰ্ণনা কৰি ৰাইনাই তেওঁৰ পৰিয়াল, প্ৰশিক্ষক আৰু তেওঁৰ টিম ইণ্ডিয়াৰ সতীৰ্থসকলক সকলো উত্থান-পতনত তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায় ৷ ৰাইনাই লগতে কয় যে ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি আৰু এম এছ ধোনীৰ অধিনায়কত্বৰ অধীনত খেলাটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয়৷ উল্লেখ্য যে ধোনী আৰু ৰাইনা চেন্নাই ছুপাৰ কিংছৰ হৈ এইবাৰৰ আইপিএলত অংশগ্ৰহণ কৰিব ৷
জুবিন দাৰ চিধা কথা
✍ পৱন কুমাৰ বৰা
অসমৰ আকাশে বতাহে ওপঙি থকা এটা কণ্ঠ জুবিন গাৰ্গ। জুবিন দা হৈছে এখনি খোলা কিতাপ। আমাৰ সংস্কৃতি, পৰম্পৰা আনকি সংকট কালটো অসমীয়াৰ সাহস জুবিন দা। ১৯৯২ চনত ‘অনামিকা’ নামৰ মুক্তি লাভ কৰা প্ৰথম এলবামৰ জনপ্ৰিয়তাই জুবিন দা পেছাদাৰী সংগীত জগতখনত ব্যস্ত হৈ পৰে। বৰ্তমান প্ৰসিদ্ধ কণ্ঠ শিল্পী চিত্ৰ নিৰ্মাতা জুবিন দাই কৰা নাই কি? কণ্ঠদান কৰা নাই কোন ভাষাত? সৰ্ব ভাষা সৰ্ব শিল্পৰ অধিকাৰী জুবিন দা বুলি কলে নিশ্চয় ভুল কোৱা নহ’ব। জুবিন দাই ২০০৫ চনত ‘শুধু তুমি’ৰ চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত বঁটা। ২০০৭ চনত `য়া আলি’ৰ গীতৰ বাবে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰ ডাষ্ট এৱাৰ্ড। Echoes of silence ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ইয়াৰ ওপৰিও তেওঁ বহু বটাঁ পুৰস্কাৰ লাভ কৰিছে আৰু ভৱিষ্যতেও লাভ কৰিব। আচলতে বটাঁ বাহনৰ উদ্ধত জুবিন দা। যিজনে ন ন কণ্ঠ শিল্পী আৰু ন ন প্ৰতিভাৰ সৃষ্টি কৰে সংস্কৃতি গঢ়িব পাৰে তেওঁ বটাঁ পুৰষ্কাৰেৰে তুলনা নহয়। মোৰ এটা ভাল লগা কথা জুবিন দাৰ চিধা কথা। অন কেমেৰাৰ আগত চিধা কথা কয় জুবিন দাই। কা আন্দোলনৰ সময়ত তেওঁ গোৱা শুনিছিলো। ‘মন্ত্ৰীসকল পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ।’ এতিয়াও জুবিন দাই কিন্তু মন্ত্ৰীসকল ৰসগোল্লা বুলি কোৱা নাই। সময়ৰ আহ্বানত জুবিন দাই কৰ্মও সলনি কৰে। তেওঁ এই সময়ত কথাছবিত কৈ কৃষি আদি কৰি স্বাৱলম্বীতাৰ আন্দোলন বিচাৰিছে। যিটো একান্ত সত্য কথা। আমি ৰজাঘৰলৈ যাবই লাগিব। চৰকাৰৰ পৰা বিচৰাতো আমাৰ অধিকাৰ। কিন্তু জুবিন দা আপুনি ৰাজনৈতিক বিতৰ্কত নোসোমাব। জুবিন দা আপুনি এনে এজন অদ্বিতীয় শিল্পী হৈ থকা আমি বিচাৰো যি নিজেই এক অনুষ্ঠান, যাৰ চিধা কথাত হয় বিপ্লৱ, যি অসমীয়াৰ আত্মা। জুবিন দা, আপোনাৰ সফল চিন্তাই অসমৰ যুৱ শক্তিক প্ৰগতিৰ পথ দিয়ক।
টিংখাঙত চৰকাৰৰ আঁচনিলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে পথ
টিংখাং : দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰ পাছতো সামগ্ৰিকভাৱে অনগ্ৰসৰ হৈ থকা ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিত চৰকাৰৰ উন্নয়নমূলক আঁচনিলৈ বাট নাচাই ৰাইজে হাতে কামে লাগি বাট পথ মেৰামতি কৰি আছে। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে সমষ্টিটোৰ কুঁৱৰীগাঁও পঞ্চায়তৰ দুই নং গাঁৱৰ ৰাইজে টিংখাং-নামৰূপ পথ আৰু ঐতিহাসিক মাহমৰা পথটোৰ সংলগ্ল একাংশত মেৰামতি কৰি যাতায়তৰ সূচল কৰি তোলে। গাঁওখনৰ শতাধিক পুৰুষ মহিলাই পথটোৰ শোচনীয় অংশ বিলাকত শিল দি মেৰামতি কৰে। স্থানীয় ৰাইজৰ দান বৰঙণিৰে পথটোৰ বাবে বহুকেই গাড়ী শিল ক্ৰয় কৰি মেৰামতি কৰা হৈছে বুলি জানিবলৈ দিছে। পথ মেৰামতিৰ কাৰ্যত গাঁওখনৰ যুৱক সংঘ আৰু মহিলা সমিতিয়ে সহযোগিতা আগবঢ়ায়। সংবাদ মাধ্যমক স্থানীয় লোকে জানিবলৈ দিয়া মতে শোচনীয় পথছোৱা প্ৰায় প্ৰতি সপ্তাহে ৰাইজে মেৰামতি কৰি আহিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰায় ৪.৫ কিলো মিটাৰ দৈৰ্ঘৰ সমগ্ৰ পথছোৱাত অতি শোচনীয় হৈ পৰাৰ বাবে কেবাখনো গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগি আহিছে। টিংখাং আৰু নাহৰকটীয়া বিধান সভা সমষ্টিৰ সীমান্তৱৰ্তী এলেকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথটোৱে দুই নং গড়গুৰি গাঁওখনৰ লগতে ৰাজগড় ৰাঙলী, দুই নং ধাদুমীয়া, উমাতাৰা চাহ বাগিচা, খেৰ বৰটানি, এক নং বৰটানি, শিলগ্ৰাণ্ট আদি বৃহৎ অঞ্চলটোৰ কেবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে নাহৰণি চিকিৎসালয় বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে শোচনীয় পথটোৰে আহ-যাহ কৰিব লগা হয়। বিশেষকৈ বাৰিষা সময়ছোৱাত পথটোৰ বাবে যমৰ যান্ত্ৰণা ভূগিব লগা হয়। জানিব পৰা মতে শোচনীয় হৈ পৰা পথটো এক দশকৰ পূৰ্বে টিংখাং উন্নয়ন খণ্ডই মেৰামতি কৰিছিল। এইপথটো অতিশীঘ্ৰে নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনাইছে।
সোণতলীত চপৰা চপৰে খহিছে লুইতৰ গৰা, নিৰ্বিকাৰ চৰকাৰ- জনপ্ৰতিনিধি
সোণতলী : সোণতলীত বৰলুইতে খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ চপৰা চপৰে খহিছে নৈৰ গৰা৷ গৃহহীন হৈছে শ শ পৰিয়াল৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীৰ পানীখাইটিত কেবাবছৰ ধৰি বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ ফলত জাহ গৈছে বিশখনৰো অধিক ৰাজহ গাঁও৷ জাহ গৈছে বহুকেইখন অনুষ্ঠান-প্ৰতিষ্ঠান৷ পানীখাইটী অঞ্চলত ছয় কোটি টকীয়া স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতে লুইতৰ বুকুত জাহ গৈছে স্বাস্থ্য কেন্দ্ৰখন৷ কেৱল সেয়াই নহয়, হাজাৰ হাজাৰ বিঘা কৃষিভূমি জাহ গৈছে নদীৰ বুকুত৷ ভুক্তভোগী কৃষিজীৱি ৰাইজৰ এতিয়া হাজিৰা কৰাৰ বাহিৰে কোনো উপায় নাই৷ উল্লেখনীয় যে বৃহত্তৰ সোণতলীৰ পানীখাইতী, বৰদিয়া নয়াপাৰা, জতিয়া দিয়া, কুচিয়াৰদিয়া, লটুৰাদিয়া এন চি কে ধৰি বিশখন গাঁও সম্পূৰ্ণৰূপে নাইকীয়া হৈছে লুইতৰ খহনীয়াত৷ গাঁওখনত থকা কেবাখনো এলপি স্কুল, মোক্তৱ, দুখন সাপ্তাহিক বজাৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈ পৰিছে৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কাম কৰিছে যদিও পানীখাইটীত মাত্ৰ ৯০০ মিটাৰ মান খহনীয়া প্ৰতিৰোধৰ কাম কৰি দায়িত্ব সামৰিলে চৰকাৰে৷ কথাত আছে নহয়, এপাচি শাকত এটা জালুক৷ কথাটো তেনেকুৱাই৷ চাৰি কিলোমিটাৰ খহনীয়াৰ কৱলত পৰা ঠাইত কাম কৰিছে মাত্ৰ ন শ মিটাৰ৷ এতিয়া ৰাইজৰ প্ৰশ্ন কেনেকৈ বন্ধ হ’ব খহনীয়া? ইপিনে বকো সমষ্টিৰ বিধায়িকাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ৷ খৱৰ ল’বলৈ সময় নাই বিধায়িকা নন্দিতা দাসৰ৷ কেৱল সেয়াই নহয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বৰ্তমানলৈ খহনীয়াগ্ৰস্থৰ খবৰ ল’বলৈ সময় নোপোৱাৰ অভিযোগ তুলিছে৷ আনহাতে মাহতলী গাঁও পঞ্চায়তৰ পৰা কিছুদিন পূৰ্বে ২০ লাখ টকাৰ পাৰ্কুপাইনৰ কাম কৰিছে যদিও সেইখিনিতো পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পঞ্চায়ত প্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ উচ্চস্তৰৰ তদন্তৰ দাবী জনাইছে খহনীয়াগ্ৰস্থ ৰাইজে৷ ইপিনে চৰকাৰলৈ ৰাইজৰ অনুৰোধ আমাক সুৰক্ষা দিয়ক৷ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিয়ক৷ বৃহত্বৰ সোণতলী ঠাইখন অসমৰ মানচিত্ৰত মজুত থাকিবলৈ সুবিধা দিয়ক৷ অন্যথা অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্বৰ সোণতলী অঞ্চল৷
নগাঁৱৰ জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ
নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে কালি জিলাখনৰ জুৰীয়া অঞ্চলৰ কেইবাটাও ঠাইত অভিযান চলাই দুটাকৈ চোৰাং কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিন দিন ধৰি জুৰীয়া অঞ্চলৰ ৰছিদুল হ’ক আৰু ফাইজুল হ’ক নামৰ দুজন চোৰাং কাঠৰ ব্যৱসায়ীয়ে অবৈধভাৱে কাঠফলা মিল দুটা চলাই আহিছিল বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ কালি বিয়লি ভাগত চলা এই অভিযানত নগাঁও বন সংমণ্ডলৰ সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক ৰঞ্জন বৰা, নৃপেন বৰা, গোলাপী দেৱী, বন কৰ্মী গুপ্ত বৰা, গৌতম বৰা, মুক্তাৰ হুছেইন আদি উপস্থিত থাকে৷
২০২০ বৰ্ষৰ কেইবাটাও ভবিষ্যৎবাণী কৰি জনপ্রিয়তা লাভ জ্যোতিষী তীৰ্থ ৰঞ্জন গোস্বামীৰ
টংলা : ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ বেংবাৰী গাঁৱৰ নিবাসী মুকুন্দ দেৱ গোস্বামীৰ সুযোগ্য সন্তান তীৰ্থ ৰঞ্জন গোস্বামীয়ে প্ৰায় ৩০ বছৰ ধৰি অব্যাহত ৰাখিছে দৈৱ বিদ্যা জ্যোতিষশাস্ত্রৰ চৰ্চাৰ লগতে বহুতো গবেষণা। সময়ৰৰ সোঁতত দৈৱ বিদ্যা জ্যোতিষশাস্ত্রৰ চৰ্চাৰ বাবে বিভিন্ন বৈদ্যুতিক মাধ্যমেও ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ ব্যতিক্রম নহয় তীৰ্থ ৰঞ্জন গোস্বামীও। সময়ৰ সৈতে খোঁজ মিলাই কম্পিউটাৰ আৰু বিভিন্ন চফটৱেৰৰ প্ৰয়োগেৰে দুই তিনি ঘণ্টাৰ গণনা পলকতে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে গোস্বামীয়ে। বৰ্তমান গোস্বামী চিনাকোনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সংস্কৃত শিক্ষক যদিও পৈতৃক বিদ্যা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিৰৱছিন্নভাৱে লৈ যোৱাৰ প্ৰচেষ্টাৰে সমান্তৰালভাৱে কৰি গৈছে জ্যোতিষ চৰ্চা। বৰ্তমান ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ খৈৰাবাৰীত ৰত্নগিৰী জ্যোতিষ আধ্যাত্ম কেন্দ্র নামেৰে এক জ্যোতিষ চৰ্চা কেন্দ্রৰ জড়িয়তে ৰাইজৰ বিভিন্ন সমস্যাৰ সমাধান কৰি গৈছে। শেহতীয়াভাৱে চলিত বৰ্ষৰ বৃহৎ সূৰ্য গ্ৰহণ বলয় গ্ৰাস সূৰ্য গ্ৰহণত সামাজিক মাধ্যমযোগে ৰাইজৰ ৰাশিফল প্ৰদান কৰাৰ সময়ত দেশৰ লগতে বিভিন্ন সমস্যাৰ গণনা কৰি উলিয়াই দিয়াৰ পাছত সেই ভবিষ্যৎবাণী সফল হোৱাত ৰাইজৰ সমাদৰ লাভ কৰিছে তীৰ্থ ৰঞ্জন গোস্বামীয়ে। যোৱা ১৬ আগষ্টত গোস্বামীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বেদৰ পৰা সৃষ্টি জ্যোতিষ বিদ্যাৰ অনাদি অনন্ত কালৰ একমাত্র বিদ্যা আৰু আমি ইয়াক উচিত মৰ্যাদা দিব লাগে।
দেশৰ অগ্ৰগতিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতক স্বাৱলম্বী, আধুনিক আৰু সমৃদ্ধ কৰাত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই লক্ষ্য লৈ চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰচলন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসত ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া ভাষণত এই কথা উল্লেখ কৰে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰস্তাৱিত নেচনেল ৰিচাৰ্চ ফাউণ্ডেচনৰ বিষয়ে মোডীয়ে কয়, এটা উদ্ভাৱন আৰু সহায়ৰ অগ্ৰগতি অনুঘটক কৰাৰ দৰে এয়া এটা উদাহৰণ৷ নতুন শিক্ষানীতি নেচনেল ৰিচাৰ্চ ফাউণ্ডেচনৰ ওপৰত বিশেষ জোৰ দিব৷ কাৰণ দেশৰ অগ্ৰগতিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ৷ যিবোৰ নতুনত্ব আৰু গৱেষণা তীব্ৰ কৰা হ’ব কেৱল সেইবোৰেই আমাৰ দেশ প্ৰতিযোগিতামূলক হৈ থাকিব আৰু আগুৱাই যাব৷ শনিবাৰে স্বাধীনতা দিৱসৰ ভাষণত তেওঁ এইদৰে কয়৷ তেওঁ লগতে কয়, নতুন শিক্ষানীতিত তৰুণক মূলোদ্ধাৰ কৰি ৰাখিব৷ ইয়াৰ সহায়ত তেওঁলোকক বিশ্ব নাগৰিক কৰি তুলিব৷ প্ৰধানমন্ত্ৰীয়ে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাৰ বাবে৷মহামাৰীৰ দ্বাৰা প্ৰদত্ত সুযোগত জোৰ দিয়া হৈছিল৷ কোনেও ভবা নাছিল যে অনলাইন ক্লাছবোৰ ইমান বেগত গাঁও পাবনে? ক’ভিডৰ সময়ত অনলাইন ক্লাছ সংস্কৃতিত পৰিণত হৈছে বুলি তেওঁ কয়৷
স্বাধীনতা দিৱস উপলক্ষে মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটী : দেশবাসীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি শনিবাৰে মহানগৰীৰ পল্টনবজাৰত মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে বিনামূলীয়াকৈ সংবাদ কৰ্মীৰ লগতে উপস্থিত থকা সাধাৰণ নাগৰিকৰ ব্লাড চুগাৰ, পেছাৰ, পৰীক্ষা কৰা হয় ৷ ডা° অমিত ভি সিং আৰু সত্যজিত দাসে উপস্থিত থাকি চিকিৎসা প্ৰদানত সহযোগ কৰে ৷ উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ অন্তত সমিতিৰ তৰফৰ পৰা বিনামূলীয়াকৈ মাল্টিভিটামিন টেবলেট, মাস্ক আৰু ছেনিজাৰ বিতৰন কৰা হয় ৷ সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয় ক’ৰোনা মহামাৰিৰ বাবেই ব্লাড চুগাৰ, বি পি টেষ্ট কৰিব বাবেই সাধাৰণ নাগৰিক যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবে আজি কিছু পৰিমানে হলেও সাধাৰণ নাগৰিকক বিনামূলীয়াকৈ টেষ্ট কৰা হৈছে ৷ লগতে মাল্টিভিটামিন এই সময়চোৱাত অতিকৈ প্ৰয়োজন সেয়ে সমিতিৰ তৰফৰ পৰা কিছু পৰিমানে বিনামূলীয়া দিয়ে ৷ ইপানে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে এনেকুৱা পদক্ষেপ লোৱাৰ বাবে অঞ্চলবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷
মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন
উজনি-মাজুলীঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দ্বীপজিলা মাজুলীৰো বিদ্যালয়-মহাবিদ্যালয় সমূহত শণিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱসটি পালন কৰা হয়। এই উপলক্ষে দ্বীপজিলাখনৰ শিক্ষাৰ অগ্ৰণী বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ত শণিবাৰে পুৱা ৬ -৩০ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৭-১৫ বজাত বৃক্ষ ৰোপণ, পুৱা ৭ – ৩০ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰা হয়, পুৱা ৭ -৪৫ বজাত স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লঘু আহাৰ বিতৰণ কৰে, সন্ধিয়া ৪ -৩০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰা হয় আৰু সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰে । মহাবিদ্যালয় খনিত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই । সম্পূৰ্ণভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি , মুখত মাস্ক পৰিধান কৰি মহাবিদ্যালয়ৰ শিক্ষা গুৰুৰ সকলৰ লগতে কম সংখ্যক ছাত্ৰ -ছাত্ৰী ৭৪ সংখ্যক এই স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহন কৰে। আনহাতে উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৭৪ সংখ্যক স্বাধীনতা দিৱসটি থূলমূলকৈ পালন কৰা হয় | অধ্যক্ষ কৃষ্ণৰাম বৰা, উপাধ্যক্ষ পদুম মহন্ত ,শিক্ষক বৃন্দৰ হৈ মহেন্দ্ৰ বৰা, মহেন্দ হাজৰিকা, অৰুন মিলি, প্ৰভুনাথ ভগত, মৃদুল বৰা, মাধৱ শইকীয়া, চৌকিদাৰ দুতিৰাম বৰা, ছাত্র একতা সভাৰ বিতুপন দাস আদি উপস্থিত থাকি ক’ভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখি, মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ লকডাউনৰ নীতি নিয়মৰ মাজেৰে এক চমু কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসটি | বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গনেশ ৰাজখোৱাই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছত স্বাধীনতাৰ বীৰ বীৰাংগনা সৈনিক সকলৰ দেশৰ প্ৰতি থকা ত্যাগৰ কথা উল্লেখ কৰি তেখেত সকললৈ সশ্ৰদ্ধ প্ৰনিপাত জনাই বক্তব্য ৰাখে লগতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ শলাগ লয় আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক সমৰ্থন কৰাৰ কথা উল্লেখ কৰে | তেখেতৰ মন্তব্যক পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলেও সমৰ্থন জনায়।
ওদালগুৰি আক্ৰাছুৰ কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন
টংলা : ৰবিবাৰে ওদালগুৰি জিলা আক্ৰাছু পশ্চিম আৰু টংলা আঞ্চলিক আক্ৰাছুৰ যৌথ উদ্যোগত টংলা মিলনপূৰ স্থিত চিলাৰায় ভৱনত কোচ ৰাজবংশী জনগোষ্ঠীৰ গুৰি ধৰোতা কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন কৰে। জন্ম জয়ন্তী অনুষ্ঠানত আক্ৰাছুৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক দিব্য জ্যোতি কুমাৰ ডেকা, ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ, ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সাধাৰন সম্পাদক মুকুন্দ ডেকা, ওদালগুৰি আক্ৰাছুৰ প্ৰচাৰ সম্পাদক মৃন্ময় চহৰীয়া, টংলা আঞ্চলিক আক্ৰাছুৰ সভাপতি মুন ডেকা, সাধাৰণ সম্পাদক সুৰুজ ডেকাৰ, আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া সদস্য সকলৰ লগতে কেইবাজনো শুভাকাঙ্ক্ষী লোক উপস্থিত থাকে।











