Home Blog Page 3207

চুটি ছৱিৰ জনপ্ৰিয়তা

গীতাশ্রী বৰা

সাম্প্ৰতিক সময়ত চুটি ছৱিৰ জনপ্ৰিয়তা ছ’চিয়েল মিডিয়াত অত্যাধিক। চুটি ছৱিৰ জনপ্ৰিয়তা আছে বাবেই হয়তু বহু সংখ্যক চুটি ছৱিৰ সৃষ্টি হৈছে। দৰ্শকৰ অভূত পৰিমাণৰ সঁহাৰিয়ে এনে চুটি ছৱিৰ নিৰ্মাণত সমাদৰ লাভ কৰিছে। চলচিত্র নিৰ্মাতাই গ্লেমাৰ থকা অভিনেতাকহে গুৰুত্ব দিয়া দেখা যায়। তেনে বহু কাৰণত কিছু অভিনেতা-অভিনেত্রীয়ে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা নাপায়। এতিয়া খলকণি তোলা এই চুটি ছৱিবোৰ কৰিবলৈ ন-শিকাৰুসকল ওলাই আহিছে। তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰখনত নতুন খোজ পেলাবলৈ সক্ষম হৈছে। ই এক শুভ লক্ষণ। একোখন চলচিত্র নিৰ্মাণৰ কাৰণে বহু অৰ্থ ব্যয় হয়। সময় আৰু পৰিবেশৰ কথা থকাৰ উপৰিও সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হয় এখন চলচিত্র নিৰ্মাণৰ কাৰণে। চুটি ছৱিবোৰৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। এটি সৰু কাহিনীৰ মাজত সমাজৰ মাজত ভাল বাৰ্ত্তা এটি দিব পাৰিলেই জনপ্ৰিয়তা বাঢ়িব। সমাজত ৰঘুমলাৰ দৰে সৃষ্টি নহৈ এনে চুটি ছৱিবোৰ আমাৰ মাজত বেছি সমাদৰ লাভ কৰিলে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত নিশ্চিতভাৱে আগুৱাই যাব পাৰিব। অলপতে প্ৰত্যক্ষ কৰিলো প্ৰতিষ্ঠিত গায়ক জুবিন গাৰ্গক লৈ কৰা এখন চুটি ছৱি। সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰা এই চুটি ছৱিখনৰ প্ৰত্যক্ষদৰ্শী অধিক। এখন সৰ্ম্পূণ চলচিত্র নিৰ্মাণত ব্যয় বাহুল্যতালৈ মন কৰিলে, এনে চুটি ছৱিবোৰত অভিনয় কৰিবলৈ কিছু প্ৰতিভামান অভিনেতা-অভিনেত্রীয়ে সুযোগ পাব। এনে চুটি ছৱিবোৰে এক সুন্দৰ বাৰ্ত্তা সমাজলৈ আগবঢ়াব পাৰিলে সংস্কৃতি জগতখন নিশ্চয় চহকী হ’ব।

ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ সিদ্ধান্ত উচিত হোৱা নাই

পৰেশ দাস

কভিড-১৯ৰ বাবে সমগ্ৰ বিশ্বতে শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে। সেয়া বিনাদ্বিধাই সত্য। বিশেষকৈ দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ থকাত ছাত্ৰ-ছাত্ৰীসকল পিছ পৰি গৈছে। সেয়ে ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু বিদ্যালয়সমূহেও জাননী প্ৰেৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এয়া সমূলি উচিত হোৱা নাই। বৰ্তমানেও দেশৰ পৰিস্থিতি বিদ্যালয় খুলিব পৰাকৈ ভাল হোৱা নাই। দিনে দিনে কৰ’নাৰ গণ সংক্ৰমণ হৈয়ে আছে। তেনে পৰিপ্ৰেক্ষিতত কৰ’না টেষ্ট কৰি এখন জিলাৰ পৰা আন এখন জিলাত গৈ বিদ্যালয়ত যোগদান কৰিলেও ভয় এটা বুকুত থাকি যাব। কাৰণ লকডাউনৰ সময়ত সৰহ সংখ্যক শিক্ষকে ঘৰতে আবদ্ধ হৈ সামাজিক দূৰত্ব মানি চলিছে। এনে পৰিৱেশত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে কৰ’না পজিটিভ ওলোৱা সম্ভাবনাই বেছি। তাৰ বাবে দায়ী কোন হ’ব? তাতকৈ পৰিৱেশটো সম্পূৰ্ণ সুস্থ হোৱালৈ অপেক্ষা কৰাটোহে সমীচীন হ’ব। আনহাতে বৰ্তমানেও যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণ সুচল বুলি ক’ব নোৱাৰি। সেয়ে শিক্ষা মন্ত্ৰী আৰু অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ বিষয়টো আকৌ এবাৰ অনুধাৱন কৰি উচিত পদক্ষেপ গ্ৰহণ কৰক।

ক’ৰোনাক জয় কৰি ভাৰতত ঘৰলৈ গৈছে ২৩ লাখৰো অধিক : ২৪ ঘণ্টাত দেশত ৬১,৪০৮ জন আক্ৰান্ত

দৈনন্দিন বাৰ্তা ডেস্ক : যোৱা কিছুদিন দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনে ৭০ হাজাৰৰ ওচৰত আছিল ৷ দেওবাৰে সেই সংখ্যা কমিল ৷ তথাপি সেই সংখ্যাটো স্বস্তিৰ নহয় ৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰায় ৬১ হাজাৰ মানুহ ৷ ফলত সমগ্ৰ দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩১ লাখ পালেগৈ ৷ ইয়াৰ বিপ ক’ৰোনাক জয় কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ইতিমধ্যে দেশত ২৩ লাখৰো অধিক লোক ক’ৰোনাৰ কবলৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছে ৷ সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া পৰিসংখ্যা মতে যোৱা ২৪ ঘণ্টাত দেশত ৬১,৪০৮ জন লোক ক’ৰোনাত আক্ৰান্ত হয় ৷ যিটো যোৱা কেইটামান দিনতকৈ ৮ হাজাৰ কম ৷ ইয়াৰ মাজত ২৩,৩৮,০৩৬ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে ৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৫৭,৪৬৮ জন লোক ৷ দেশত এতিয়াও প্ৰায় ৭ লাখ ১১ হাজাৰ জন ক’ৰোনা ৰোগী চিকিৎসাধীন ৷ সংক্ৰমণৰ তালিকাত তৃতীয় স্থানত থাকিলেও প্ৰথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্ৰাজিলতকৈ ভাৰতৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ গতি বহু বেছি ৷ ইপিনে মৃত্যুৰ হাৰ আন দেশৰ তুলনাত ভাৰতত কম ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৮৩৬ জন লোক ৷ ফলত দেশত মৃত্যুৰ মুঠ সংখ্যা হ’ল ৫৭,৫৪২ জন ৷ এই মুহূৰ্তত দেশত সুস্থতাৰ হাৰ প্ৰায় ৭৫ শতাংশ ৷

‘বাছ ভাড়া বৃদ্ধি, সাধাৰণ ৰাইজক মাধমাৰ’

চন্দন কুমাৰ নাথ

অনলাইন বাৰ্তা : দেশত ভয়ানক ৰূপত বৃদ্ধি হোৱা কোভিড-১৯ মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল। লকডাউনৰ পিছত আৰম্ভ হোৱা আনলক প্রক্রিয়াত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে যাত্রীবাহী বাছ সেৱাৰ ওপৰত পূর্বৰ নিষেধাজ্ঞা আতঁৰোৱা হৈছে আৰু চৰকাৰ তথা প্রশাসনৰ নিৰ্দেশ অনুসৰি যাত্রী কঢ়িওৱা যান-বাহন সমূহত কেৱল ৫০ শতাংশ যাত্রীহে কঢ়িয়াই নিয়াৰ বাবে এক আদেশ বা নিৰ্দেশ জাৰি কৰিছিল। কিন্তু এই যাত্রীবাহী বাছসমূহে  ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি যেন বাছ ভাড়া বৃদ্ধিৰ এক অঘোষিত প্রতিযোগিতাই আৰম্ভ কৰিবলৈ ল’লে কিয়নো একো একোজন যাত্রীৰ পৰা বাছ ভাড়াৰ নামত দুগুণ টকা লোৱাৰ জোৱাৰ এতিয়া ৰাজ্যৰ চাৰিওফালে আৰম্ভ হ’বলৈ লৈছে। এতিয়া ডাঙৰ প্রশ্নটো হ’ল যে বাছ ভাড়াৰ নামত চলি থকা এনে ধৰণৰ কাৰ্য্যৰ বিষয়ে আমাৰ চৰকাৰ তথা আৰক্ষী প্রশাসনে জ্ঞাত নে ? উদাহৰণস্বৰূপে পূর্বে যদি কোনো এজন যাত্রীৰ বাছ ভাড়া ১০০ টকা আছিলে,  সেই একেই দূৰত্বৰ যাত্রাৰ বাবে আজি ১০০ টকাৰ পৰিবৰ্তে ২৫০ টকালৈ বাছ ভাড়া বৃদ্ধি হ’ল। যি সময়ত দেশত কোভিড-১৯ মহামাৰীৰ ফলত এতিয়া ভয়ানক ৰূপত সাধাৰণ ৰাইজৰ মাজত আৰ্থিক সংকটে দেখা দিছে ঠিক তেনে এক জটিল সময়ত ৰাজ্যৰ সাধাৰণ জনতাই কেনেকৈ দুগুণ বাছ ভাড়া দিবলৈ সক্ষম হ’ব ? অসম চৰকাৰৰ বিষয়ববীয়াসকলে সাধাৰণ ৰাইজৰ মাজত দেখা দিয়া দুৰ্দশাৰ প্রতি কিমান সচেতন? একোজন যাত্রীয়ে যদি গুৱাহাটীৰ পৰা নিজৰ নিজৰ গন্তব্য স্থানলৈ বুলি যাবলৈ বাছ ভাড়াৰ নামত দুগুণ টকা দি জীয়াতু ভুগিব লগা হয়, তেনেহ’লে উক্ত যাত্রীজনে নিজৰ ঘৰত উপস্থিত হোৱাৰ পিছত হয়তো আকৌ কৰ্মসূত্রে গুৱাহাটী কিম্বা অন্য কোনো নির্দিষ্ট ঠাইলৈ আহিবলৈ আৰ্থিক অভাবে বাধাৰ সৃষ্টি কৰিবও পাৰে। মুঠতে বাছ ভাড়া বৃদ্ধি হোৱাৰ ফলত সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰবৰ্তী সময়ত চৰকাৰ তথা আৰক্ষী প্রশাসনে এই সন্দৰ্ভত কি প্রতিক্রিয়া ব্যক্ত কৰিব সেয়া হ’ব লক্ষ্যণীয় বিষয়। কিন্তু সাধাৰণ জনতাৰ আৰ্থিক সংকটৰ সময়ছোৱাত বাছ ভাড়া বৃদ্ধিৰ ভয়ানক কাৰ্য্যই আমাৰ ৰজাঘৰীয়াসকলৰ দৃষ্টি নিক্ষেপ কৰিব পাৰিব নে সেয়া হ’ব আজিৰ তাৰিখত এক ধৰণৰ কেটি টকীয়া প্রশ্ন? 

উজনি মাজুলী মূদৈবিল অঞ্চলৰ এদল কনমানিৰ প্ৰতিভা

উজনি-মাজুলী : এফালে ক’ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ  জন্ম  সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক’ৰোনা ভাইৰাছকো একাশৰীয়া কৰি মাজুলী মূদৈবিল অঞ্চলৰ এদল দেৱশিশুৱে বয়স ৩ বছৰ পৰা ৮ বছৰৰ ভিতৰত বৃহত্তৰ অঞ্চলটোৰ দাঁতিকাষৰীয়া চিৰাম তেলেয়াবাৰী গাঁৱৰ শিল্পী কেশৱ ৰাজখোৱাৰ ওচৰত বৰগীতৰ পৰা আৰম্ভ কৰি গায়ন-বায়ন, ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আজি  বাতৰি শিৰোণাম দখল কৰিৱলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অভিভাৱকসকলেও নিজৰ সন্তানটিক এই ক্ষেত্ৰত আগবঢ়াই নিবলৈ যত্পৰোনাস্তি চেষ্টাৰ ক্ৰুটি ৰখা নাই। মূদৈবিল অঞ্চলৰ এই কণ কণ শিশুসকলে প্ৰশিক্ষণ চাৱলৈ যোৱা সাংবাদিকৰ এটি দলৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱালে, বৰগীত, লোকগীত, গায়ণ-বায়ন, সত্ৰীয়া নৃত্য, ৰাভা সংগীত, জ্যোতি, সংগীত, আধুনিক গীত, ভাওনাৰ বচন আৰু  প্ৰৱেশ।  কেশৱ ৰাজখোৱাক গুৰু মানি মূদৈবিল অঞ্চলৰ আই-মাতৃ সকলেওঁ লৈছে দিহানামৰ প্ৰশিক্ষণ, সাংবাদিকৰ দলটিৰ আগত আই-মাতৃ সকলেও সুন্দৰকৈ পৰিৱেশন কৰি দেখুৱালে দিহানাম। এতিয়া যেন বৃহত্তৰ অঞ্চলটোৱেই এই পবিত্ৰ ভাদমাহত নামৰ ভক্তি ৰসত বুৰ গৈ পৰিণত হৈছে দ্বিতীয় বৈকুন্ঠ পুৰিলৈ।

বিকল্প নেতৃত্বৰ সন্ধানত কংগ্ৰেছ : ছোনীয়া গান্ধীলৈ ২৩ নেতাৰ চিঠি

অনলাইন বাৰ্তা : দলৰ সভাপতি পদত পুনৰ দায়িত্ব ল’বলৈ অনীহা ৰাহুল গান্ধীৰ ৷ গান্ধী পৰিয়ালৰ বাহিৰৰ কাৰোবাক দলৰ দায়িত্ব দিবলৈ কৈছে প্ৰিয়ংকা গান্ধীয়ে ৷ এনে পৰিস্থিতিত ড° মনমোহন সিং বা এ কে এণ্টনীৰ দৰে অভিজ্ঞ নেতাৰ হাতত দলৰ দায়িত্ব দিব পৰা যাব নে তাকে লৈ সোমবাৰে আলোচনা হ’ব কংগ্ৰেছত ৷ সুনেতৃত্বৰ অভাৱ আৰু দলৰ সাংগঠনিক সমস্যাবোৰ তুলি ধৰি ইতিমধ্যে ছোনীয়া গান্ধীলৈ চিঠি দিছে ২৩ জন শীৰ্ষস্থানীয় প্ৰৱীণ আৰু নৱীন কংগ্ৰেছ নেতাই ৷ এই চিঠিত বৈঠকত আলোচনাৰ মূল বিষয়বস্তু বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে যোৱা বছৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব কান্ধ পাতি লৈ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে ৷ তাৰ পাচত দলৰ অন্তবৰ্তিকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ছোনীয়া গান্ধীয়ে ৷ তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত দলৰ দায়িত্ব চম্ভালিব ছোনীয়া গান্ধীয়ে ৷ কিন্তু অন্তর্বর্তিকালীন সভাপতি হিচাপে ছোনীয়া গান্ধীৰ ম্যাদ শেষ হৈ গ’লেও এই পৰ্যন্ত সভাপতি নিৰ্বাচন কৰিব পৰা নাই কংগ্ৰেছে ৷ তাকে লৈ যোৱা কেইবাটাও মাহ দলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছিল ৷ অৱশ্যে ইয়াক লৈ একাধিক নেতাই মত প্ৰকাশ কৰা নাছিল ৷ তাৰ মাজতে কপিল ছিব্বাল, শশী তাৰুৰ, গুলাম নবী আজাদ, পৃথ্বীৰাজ চৌহান, বিবেক তনখা, আনন্দ শৰ্মা, মণীশ তিৱাৰী, ৰাজ বব্বৰ, অৰবিন্দ্ৰ সিং, লাভলী সন্দীপ দীক্ষিতসহ দলৰ শীৰ্ষ ২৩ জন কংগ্ৰেছ নেতাই ছোনীয়া গান্ধীলৈ চিঠি প্ৰেৰণ কৰে ৷ তাত কোৱা হয় যে সকলোৰে সৈতে কান্ধত কান্ধ মিলাই কাম কৰিব, বিপদে আপদে সকলোৰে কাষত থাকিব আৰু ২৪ ঘণ্টা দলৰ প্ৰধান হিচাপে যাকে দিয়া যাব তেওঁক পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰা হওক ৷ কেৱল সেয়াই নহয়, ব্লক পৰ্যায়ত দলৰ হৈ সিদ্ধান্ত গ্ৰহণত যাৰ গুৰুত্বপূৰ্ণ ভূমিকা, কংগ্ৰেছ ৱৰ্কিং কমিটিকে নিৰ্বাচনৰ জৰিয়তে দায়িত্ব দিবলৈ প্ৰস্তাৱ দিছে এই কংগ্ৰেছৰ নেতাসকলে ৷ ইয়াৰ লগতে কোৱা হৈছে, দলৰ ওপৰত থকা বিশ্বাস হেৰাইছে যুৱ সম্প্ৰদায়ৰ৷ সুনেতৃত্বৰ অভাৱত তেওঁলোকে দলত সঠিক দিশ দেখা পোৱা নাই ৷ বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ উত্থানত কংগ্ৰেছক লৈ মানুহৰ মনত বিৰূপ ধাৰণা সৃষ্টি হৈছে ৷ সততাৰে এই বিষয়বোৰ পৰ্যালোচনা কৰা উচিত৷ ইপিনে সভাপতি পদ ল’বলৈ ইচ্ছা নাই ৰাহুল গান্ধীৰ ৷ তেওঁক ঘুৰাই অনা উচিত নে কি তাকে লৈ দলত দ্বিমত সৃষ্টি হৈছে ৷ দলৰ একাংশই পুনৰ ছোনীয়া গান্ধীকে দায়িত্বত ৰখাত পক্ষপাতি৷ কিন্তু অহা দুবছৰত পশ্চিম বংগসহ একাধিক ৰাজ্যত বিধান সভা নিৰ্বাচন হ’ব ৷ ছোনীয়া গান্ধীয়ে সেই দায়িত্ব ল’ব পাৰিব নে নাই তাক লৈ বহু সন্দিহান৷ সেয়ে গান্ধী পৰিয়ালৰ বাহিৰৰ নেতাক চিন্তা কৰা প্ৰয়োজন বুলি তেওঁলোকে মত প্ৰকাশ কৰে ৷ দুসপ্তাহৰ আগতে কংগ্ৰেছ নেতিসকলে ছোনীয়া গান্ধীক এই চিঠি দিছিল বুলি জানিব পৰা যায় ৷ সেই সময়ত বিষয়টো আনিছিল বহিষ্কৃত কংগ্ৰেছ নেতা সঞ্জয় ঝাই৷ প্ৰায় ১০০ নেতাই মিলি ছোনীয়া গান্ধীক চিঠি দি দাবী কৰিছিল ৷ ৰাজস্থানত শচীন পাইলটে বিদ্ৰোহ ঘোষণা কৰাৰ পাচত দলৰ ভিতৰ চৰাক লৈ সৰৱ হৈছিল সঞ্জয় ঝা ৷

বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ ঘোষণা : বিহাৰ বিধান সভা নিৰ্বাচনত একলগ হৈ যুঁজিব বিজেপি, জেডিইউ, এলজেপি

অনলাইন বাৰ্তা : বিহাৰৰ নিৰ্বাচনত দলৰ প্ৰচাৰৰ সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই জনালে যে মুখ্যমন্ত্ৰী তথা জোঁটৰ সংগী জেডিইউৰ নেতা নীতিশ কুমাৰৰ নেতৃত্বত এনডিএ শিবিৰে ক্ষমতা ঘুৰাই আনিবলৈ যুঁজ কৰিব ৷ ইয়াৰ লগতে এনডিএৰ সহযোগী দলৰ মাজত অশান্তি লৈ বিহাৰৰ ৰাজনীতিত চিন্তা আৰম্ভ হৈছে ৷ তাতো পানী ঢলাৰ চেষ্টা কৰিলে বিজেপিৰ সৰ্বভাৰতীয় সভাপতিয়ে৷ সভাপতিজনে ঘোষণা কৰে যে আসন্ন নিৰ্বাচনত এনডিএৰ তিনি মিত্ৰ বিজেপি, সংযুক্ত জনতা দল (জেডিইউ) আৰু লোকজন শক্তি পাৰ্টি (এলজেপি) একজোঁট হৈ নিৰ্বাচনত যুঁজ কৰিব ৷ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে বিহাৰত এইবাৰ নিৰ্বাচনৰ বাবে কাগজে কলমে বিৰোধীতকৈ কিছু আগুৱাই আহি এনডিএ শিবিৰে যুঁজ আৰম্ভ কৰিছে ৷ লালুপ্ৰসাদ যাদৱ কাৰাগাৰত থকাত বহু দুৰ্বল বিৰোধী শিবিৰ ৷ সিয়ে এনডিএৰ সমস্যা বিৰোধী নহয় ৷ বৰং মিত্ৰসকলৰ মাজৰ কন্দলে চিন্তাত ৰাখিছে নীতিশ কুমাৰক ৷ বিজেপিৰ সংগী লোক জনশক্তি পাৰ্টিয়ে নিয়মিত আক্ৰমণ কৰিছে নীতিশ কুমাৰক ৷ নিৰ্বাচনৰ দিন যিমানে আগুৱাই আহিছে আক্ৰমণ সিমানে বাঢ়ি গৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাচোৱানৰ পুত্ৰ চিৰাগ পাচোৱান এতিয়া জনশক্তি পাৰ্টিৰ সভাপতি ৷ তেওঁ ইতিমধ্যে কেইবাবাৰো নীতিশ কুমাৰৰ সংগ এৰি দিয়াৰ হুংকাৰ দিছে ৷ ইয়াকে লৈ বিজেপিৰ দুই মিত্ৰৰ মাজত টনাআঁজোৰা হৈছে ৷ জেডিইউ-এলজেপিৰ মাজত বিচ্ছেদৰ কথা চলিছে ৷ এই বিষয়টোত সম্পূৰ্ণ গুৰুত্বহীন কৰিছে নাড্ডাই ৷ দেওবাৰে বিজেপিৰ বিহাৰৰ কৰ্ম নিদ্ধাৰণ সমিতিৰ ভাৰ্চুৱেল সভাত দলৰ সৰ্বভাৰতীয় সভাপতিয়ে কয়, বিহাৰৰ জনগণ বিজেপি আৰু এনডিএৰ লগত নিজৰ ভাগ্যৰ বলত আছে ৷ বিহাৰৰ সকলো শ্ৰেণীৰ, সকলো বয়সৰ মানুহৰ কাষলৈ আমি যাম ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কামৰ খতিয়ান মানুহৰ কাষত তুলি ধৰিম ৷

স্বামীক সন্ত্ৰাসবাদী কাৰ্য বন্ধ কৰিবলৈ কৈছিল দিল্লীত গ্ৰেপ্তাৰ হোৱা আইএছআইএছৰ পত্নীয়ে

অনলাইন বাৰ্তা : দিল্লীত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা সন্দেহজনক আইএছআইএছ সন্ত্ৰাসবাদীৰ পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে গানপাউদাৰ আৰু আন বিস্ফোৰক সামগ্ৰী তেওঁলোকৰ উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ঘৰত জমা কৰিছিল ৷ তেওঁ কয়, তেওঁ মহম্মদ মুস্তাকিম খান ওৰফে আবু ইউছুফক ইয়াৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল ৷ কিন্তু তেওঁৰ স্বামীয়ে বন্ধ নকৰে বুলি কৈছিল, এনেদৰে তেওঁ সাংবাদিকক কয় ৷ মহিলাগৰাকীয়ে কয় যে তেওঁ স্বামীক কামনা কৰিছিল, যি আৰক্ষীৰ মতে আফগানিস্থানৰ হেণ্ডেলাৰৰ নিৰ্দেশত দিল্লীৰ জনাকীৰ্ণ অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল, তেওঁক যেন ক্ষমা কৰি দিয়ে৷ মোৰ চাৰিটা সন্তান আছে ৷ মই ক’ত যাম, এনেদৰে তেওঁ কয় ৷ ৩৬ বছৰীয়া খানৰ পিতৃ কাফিল আহমেদে কয় যে তেওঁৰ পুত্ৰ অতি ভাল মানুহ আছিল, যি কেতিয়াও কাৰো সৈতে যুঁজ নকৰে আৰু কেতিয়াও কল্পনা নকৰে যে তেওঁ সন্ত্ৰাসবাদত নামিব ৷ তেওঁৰ পুত্ৰ সন্ত্ৰাসৰ চক্ৰান্ত সম্পৰ্কে জানেনে কিবা বুলি প্ৰশ্ন কৰাত আহমেদে কয়, মই বিস্ফোৰক উপাদান সম্পৰ্কে একো শুনা না ই৷ তেওঁ যদি বিস্ফোৰক পদাৰ্থ সংগ্ৰহ কৰিছে সেই সম্পৰ্কত মোৰ কোনো ধাৰণা থাকিলে মই আবু ইউছুফক মোৰ ঘৰত থাকিবলৈ নিদিও ৷ তেওঁ কয়, সন্ধিয়া আৰক্ষী আহি এই সামগ্ৰী পোৱাত মই বুজিব পাৰিলো এইটো কি ৷

ভ্ৰাম্যমাণ জগতৰ অন্যতম তাৰকা জীৱেশ্বৰ ডেকা আৰু নাই

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা আৰু নাই । দেওবাৰে নিশা ১১ বাজি ৪০ মিনিটত ইহলীলা সম্বৰণ কৰিলে একালৰ দুৰন্ত তাৰকা জীৱেশ্বৰ ডেকাই। শনিবাৰে নিশা নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত থকা নিজ বাসগৃহত শিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক নলবাৰীৰ ‘সাৰথি হাস্পতাল’ত ভৰ্ত্তি কৰোৱা হয়। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে লৈ অহাৰ পৰামৰ্শ দিয়ে। নিশাৰ ভাগত শিল্পীগৰাকীক পৰিয়ালবৰ্গই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আনি আইচিইউত  ভৰ্তি কৰোৱায়। কিন্তু আইচিইউতে অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। দেহাৱসানৰ সময়ত তেখেতৰৰ বয়স হৈছিল ৭৫ বছৰ । অসমৰ ভালেসংখ্যক ভ্ৰাম্যমাণ নাট্যদলত অভিনয় কৰিছিল ডেকাই। থিয়েটাৰ ভাগ্যদেৱী, মকুন্দ থিয়েটাৰ, ৰূপৰাজ থিয়েটাৰ, আৱাহন থিয়েটাৰ, মনালিছা থিয়েটাৰ, জ্যোতিৰূপা থিয়েটাৰ, শ্ৰীগুৰু থিয়েটাৰ আদিত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিছিল জীৱেশ্বৰ ডেকাই। জীৱেশ্বৰ ডেকাৰ দ্বাৰা অভিনীত বহু উল্লেখযোগ্য নাটকৰ ভিতৰত এখন যথেষ্ট জনপ্ৰিয় নাটক আছিল থিয়েটাৰ ভাগ্যদেৱীৰ উগ্ৰ মেনা ৰচিত ‘মিলন মালা’ নাটকখন। এই নাটখনৰ জৰিয়তে অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল শিল্পীগৰাকীয়ে । কেৱল ইমানেই নহয়, মহেন্দ্ৰ বৰঠাকুৰ ৰচিত দধিচী নাটখনেৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰি ডেকাই লাভ কৰে ‘নটসূৰ্য ফনী শৰ্মা বঁটা’। মুনলাইট মিডিয়া বঁটা, এনাজৰী এৱাৰ্ড আদিৰে বিভূষিত জীৱেশ্বৰ ডেকাই ভবেন্দ্ৰনাথ শইকীয়া ৰচিত নাটক দীনবন্ধুৰ নাম ভুমিকাত কালজয়ী অভিনয় কৰি থৈ গৈছে। তেখেতৰ বিয়োগ ভ্ৰাম্যমাণ নাট্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ এই চাঞ্চল্যকৰ দাবী কৰিছে অসম কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ তেওঁ কয়, ৰঞ্জন গগৈৰ ৰাম মন্দিৰ ৰায়ত বিজেপি সুখী ৷ তাৰেই পুৰস্কাৰ হিচাপে পাব মুখ্যমন্ত্ৰীৰ পদ ৷ অৱশ্যে কংগ্ৰেছ নেতাৰ এনে দাবী নস্যাৎ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ তেওঁ কয়, মই বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় ৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আমূলত বহু গুৰুত্বপূৰ্ণ গোচৰৰ নিষ্পত্তি হৈছে ৷ ইয়াৰ মাজতে অন্যতম দীৰ্ঘ দিন ধৰি চলি থকা অযোধ্যাৰ ৰাম মন্দিৰ গোচৰ ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে অযোধ্যাৰ বিতৰ্কিত ভূমিত ৰাম মন্দিৰ গঢ়াৰ পক্ষে ৰায় দিয়ে ৷ ইয়াৰ পাচতে ৰঞ্জন গগৈক লৈ বহু বিতৰ্কৰ সৃষ্টি হয় ৷ তেওঁ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰিব বুলি দাবী কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ৷ এই প্ৰসংগত তৰুণ গগৈয়ে সংবাদ মাধ্যমত কয়, মই পোৱা খবৰ মতে ৰঞ্জন গগৈক বিজেপিৰ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৷ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে তেওঁৰ নাম তালিকাত আছে ৷ তৰুণ গগৈৰ দাবী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ  যদি ৰাজ্যসভাৰ সাংসদ হ’ব পাৰে তেনেহ’লে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ তেওঁৰ হ’ব পাৰে৷ এই প্ৰসংগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয়, সেয়াই ৰাজনীতি ৷ ৰঞ্জন গগৈৰ ৰাম মন্দিৰ ৰায়ত বিজেপি সুখী ৷ ইয়াৰ পাচত তেওঁ লাহে লাহে ৰাজনীতিত প্ৰৱেশ কৰিছে ৷ প্ৰথমে ৰাজ্যসভাৰ সাংসদ হ’ল ৷ তাৰ পাচত মুখ্যমন্ত্ৰী পদত বহিব পাৰিব তেওঁ ৷ এই সম্পৰ্কে তেওঁৰ প্ৰশ্ন, সাংসদ মনোনীত হোৱাৰ বাবে কিয় সন্মত হ’ল ৰঞ্জন গগৈ ৷ তেওঁ সহজেই মানৱাধিকাৰ আয়োগৰ অধ্যক্ষ হ’ব পাৰিলেহেতেন ৷ তেওঁৰ ৰাজনৈতিক উচ্চাকাংক্ষা আছে ৷ তেওঁ ৰাজ্যসভাৰ সাংসদ হোৱাৰ প্ৰস্তাৱ মানি লৈছে ৷ অৱশ্যে এই দাবী গুৰুত্বহীন কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে ৷ তেওঁ ইয়াৰ বিপৰীতে কটাক্ষ কৰি কয়, কোনোৱে যদি ৰাজ্যসভাৰ মনোনীত সদস্য আৰু নিৰ্বাচিত সদস্যৰ মাজত পাৰ্থক্য বুজি নাপায় সেয়া দুৰ্ভাগ্য ৷ মই মনোনীত সদস্যত সন্মত হৈছো ৷ কাৰণ দলমত নির্বিশেষে নিজৰ দাবী ৰাজ্যসভাত দাখিল কৰিব পাৰিম ৷