Home Blog Page 3208

নিৰাপত্তাৰক্ষীৰ তৎপৰতা : দিল্লীত গ্ৰেপ্তাৰ আইএছআইএছ সন্ত্ৰাসবাদী

দৈনন্দিন বাৰ্তা ডেস্ক : নিৰাপত্তাৰক্ষীৰ তৎপৰতাত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণৰ পৰা ৰক্ষা পৰিল দিল্লী ৷ তুমুল গুলীয়াগুলীৰ পাচত আইইডি বিস্ফোৰকসহ এক আইএছআইএছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লীৰ বিশেষ আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদীৰ নাম ইউছুফ খান বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পাচতে উত্তৰ প্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ আৰক্ষীৰ সূত্ৰৰ মতে শুকুৰবাৰে বিশেষ সূত্ৰৰ পৰা জানিব পাৰে যে কৰোল বাগ আৰু ধৌলা কুৱান এলেকাৰ মাজৰ এঠাইত এক সন্ত্ৰাসবাদী লুকাই আছে ৷ তাৰ পাচতে দিল্লী আৰক্ষীৰ বিশেষ শাখাই তালাচী আৰম্ভ কৰে ৷ কৰোল বাগ আৰু ধৌলা কুৱান এলেকাৰ মাজৰ এলেকা বুদ্ধ জয়ন্তী পাৰ্কৰ ওচৰত তালাচী চলি থকা সময়তে আইএছআইএছ সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলী আৰম্ভ হয় ৷ কিছু পৰ দুয়ো পক্ষৰ মাজত গুলীয়াগুলী চলে ৷ তাৰ পাচতে ইউছুফ নামৰ এই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে৷ ধৃত সন্ত্ৰাসবাদীৰ পৰা আইইডি বিস্ফোৰক আৰু এটা পিস্তল আৰক্ষীয়ে জব্দ কৰে ৷ বৰ্তমানে এই এলেকাত এনএছজি কমাণ্ডোৱে তালাচী চলাই আছে ৷ এই ঘটনাক লৈ ৰাজধানী দিল্লীত উত্তেজনাই বিৰাজ কৰি আছে ৷

হিন্দী নজনাক বৈঠক ত্যাগৰ কৰিবলৈ ক’লে আয়ুষৰ সচিবে : দেশজুৰি প্ৰতিক্ৰিয়া

দৈনন্দিন বাৰ্তা ডেস্ক : বৈঠকত যোগ দিয়া মানুহে হিন্দী ক’ব নোৱাৰিলে তেওঁলোকক বৈঠক এৰি যাবলৈ ক’লে আয়ুষৰ সচিব বৈদ্য ৰাজেশ কোটেচাই ৷ সম্প্ৰতি এই ঘটনা ঘটিছে  আয়ুষ মন্ত্ৰালয়ৰ এক ভাৰ্চুৱেল প্ৰশিক্ষণমূলক বৈঠকত৷ উল্লেখ্য যে কোটেচাই নিজে ফটফটীয়াকৈ ইংৰাজী ক’ব নোৱাৰে ৷ তেওঁ এই প্রশিক্ষণমূলক বৈঠকত অংশগ্ৰহণকাৰীক উদ্দেশ্যি কয়, যিসকলে হিন্দী ক’ব নোৱাৰে, তেওঁলোকে বৈঠক এৰি যাব পাৰে ৷ তেওঁৰ এনে মন্তব্য বিয়পি পৰাত দেশজুৰি বিতৰ্ক আৰম্ভ হয় ৷ তামিলনাডুৰ থুট্টুকুড়িৰ ডিএমকেৰ সাংসদ কানিমোঝিয়ে লগে লগে ছচিয়েল মিডিয়াত এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি কোটেচাক বৰ্খাস্ত আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে ৷ সাংসদজনে টুইটাৰত লিখে, কোটেচাৰ বিবৃতিয়ে জনাই দিছে হিন্দীৰ আধিপত্য বিস্তাৰৰ চেষ্টা চলিছে ৷ ই অতি নিন্দনীয় ৷ তামিলনাডুৰ শিৱগংগা লোকসভা সমষ্টিৰ সাংসদ কাৰ্তি চিদাম্বৰমে এই ঘটনাক নিন্দা কৰি কয়, হিন্দীত আয়ুষৰ প্ৰশিক্ষণত তামিল প্ৰতিনিধিক অবহেলা কৰা হৈছে ৷ 

অন্ধ্ৰপ্ৰদেশত এপকোৰ প্ৰাক্তন সভাপতিৰ ঘৰত চিআইডিৰ অভিযান : নগদ কোটি টকা, সোণ-ৰূপ উদ্ধাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ কড়পা জিলাৰ খাজিপেট চহৰত ৰাজ্যখনৰ অপৰাধ তদন্ত বিভাগে (চিআইডি) অন্ধ্ৰপ্ৰদেশৰ হস্ততাঁত সমবায় সমিতি (এপকো)ৰ প্ৰাক্তন সভাপতি গুজলা শ্ৰীনিবাছুলুৰ ঘৰত শুকুৰবাৰে অভিযান চলায় ৷ চিআইডিৰ ডিএছপি সুববাৰাজুয়ে জনায় যে তেওঁৰ দলে দিনটো অভিযান চলাই আৰু কমেও তিনি কিলোগ্ৰাম সোণ, প্ৰায় দুই কিলোগ্ৰাম ৰূপ, এক কোটিৰো অধিক নগদ ধন আৰু বহু সম্পত্তিৰ নথিপত্ৰ জব্দ কৰে ৷ তেওঁ লগতে কয় যে ১০ লাখ টকাৰ পুৰণি মুদ্ৰাও শ্ৰীনিবাছুলুৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে তেলেগু দেশম পাৰ্টিয়ে শাসন কৰা সময়তে চিআইডিত এপকোত চলা অনিয়মৰ সন্দৰ্ভত গোচৰ তৰি তদন্ত কৰা হৈছিল ৷ সুববাৰাজুয়ে লগতে জনায় যে দলটোৱে আদালতৰ অনুমতি লৈ শ্ৰীনিবাছুলুৰ বাসভৱন, তেওঁৰ ধৰমখানা পলে-ভিত্তিক কাৰ্যালয়, তেওঁৰ কৰ্মীৰ বাসভৱনত অভিযান চলাইছিল ৷ বিষয়াসকলে জনোৱা মতে চিআইডিয়ে হঠাতে তেওঁৰ সম্পত্তিত অভিযান চলোৱাত এপকোৰ প্ৰাক্তন সভাপতিজনে কোনো বস্তুৱেই লুকুৱাবলৈ নোৱাৰিলে ৷ তেওঁ কয়, কিয় ইমান বৃহৎ পৰিমাণৰ ধন, সোণ আৰু ৰূপ ঘৰতে ৰাখিছিল সেই বিষয়ে অনুসন্ধান কৰা হ’ব ৷

শিলপুখুৰী কালি মন্দিৰত নক্ষত্ৰৰ দুপৰীয়াৰ আহাৰ বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা মহামাৰীৰ সংক্ৰান্তত চলিত বৰ্ষৰ লকডাউনে সৰ্বস্তৰৰ জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰিছে৷ সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে খাদ্য সংকটৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই ব্যক্তিগত সামাজিক সংস্থা নক্ষত্ৰই আজি মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ কালি মন্দিৰ প্ৰাংগণত দুপৰীয়াৰ আহাৰ বিতৰণ কৰে৷ সভাপতি বলিন বৰঠাকুৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালীয়ে অনুষ্ঠানত উপস্থিত থাকি শ্ৰমজীৱী মানুহৰ মাজত আহাৰ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে ৷ দিনৰ ১ বজাৰ পৰা ৩ বজালৈ আৰম্ভ কৰা আহাৰ বিতৰণ অনুষ্ঠানত প্ৰায় দুই শতাধিক ব্যক্তিয়ে আহাৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে সমাজকৰ্মী চিন্তু ডেকা লগতে নক্ষত্ৰৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

ভেৰগাঁৱ সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ । মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ : কমলী বসুমতাৰী

টংলা :  ওদালগুৰি জিলাৰ ভেৰগাঁৱ সমষ্টিত এতিয়া বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুঙ্গত। মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ, দলে পূৰ্বেও নিৰ্বাচন খেলি জয়ী হৈছে এইবাৰো হ’ব আৰু ভবিষ্যতেও জয়ী হৈ থাকিব। বিটিচিত বিপিএফৰ বিকল্প নাই। ১৭ বছৰত বিপিএফে অঞ্চলটোত সৰ্বতো প্ৰকাৰে উন্নয়নৰ কাৰনে ৰাজনৈতিক সংগ্রাম কৰিছে। এই মন্তব্য পানেৰীৰ বিধায়িকা কমলী  বসুমতাৰীৰ। শুকুৰবাৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱ সমষ্টিৰ ডিমাকুচিত মহিলা বিপিএফৰ সাংগঠনিক আৰু সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকি ভাষণত এই মন্তব্য কৰে। লগতে বিধায়িকা কমলী বসুমতাৰীয়ে কয় যে, বিটিচিত মহিলাসকল বিশেষভাৱে পিছ পৰি থকা নাই,  মহিলাসকলৰ নেতৃত্ব আৰু স্থিতিৰ বাবেই বিগত নিৰ্বাচনত বিপিএফ জয়ী হৈ আহিছে। তেওঁ কয় যে বিটিচিত একাংশ ৰাজনৈতিক দলে মিছাৰ কথাৰ প্ৰলোভন দি ভোট কিনিব নোৱাৰে। ৰাইজে বুজি পাইছে যে বিপিএফ উন্নয়ন, প্ৰগতি আৰু শান্তিৰ দল বুলি। বিপিএফ দলে নীতি আদৰ্শৰে নিৰ্বাচনত জয়ী হৈ আহিছে। ইউপিপিএলক কঠোৰ ভাষাৰে সমালোচনা কৰি বসুমতাৰীয়ে কয় যে আত্মসম্মান ডাঙৰ কথা কিন্তু ইউপিপিএলৰ আত্মসম্মান নাই। সাধাৰণ জনতাক মিছাৰ কথাৰ প্ৰলোভন দি বিভ্রান্ত কৰিব বিচাৰিছে ইউপিপিএল দলে। সমাগত নিৰ্বাচনত ভোটাৰ ৰাইজে বিপিএফক বিপুল সংখ্যক ভোট দি চতুৰ্থবাৰৰ বাবে বিটিচিত বহুৱাব। সভাত ভেৰগাঁৱ সমষ্টিৰ ১৪ টা ভিচিডিচিৰ প্ৰায় পাঁচ শতাধিক মহিলাই অংশগ্রহণ কৰে।

পানেৰীত ওদালগুৰি জিলা যোগী সম্মিলনীৰ সংবাদমেল

টংলা :  অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অনুমোদন প্ৰাপ্ত ওদালগুৰি জিলা যোগী সন্মিলনীয়ে ২১ আগষ্টত সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি তেওঁলোকে লোৱা প্ৰস্তাৱ সমূহ সংবাদমেলত প্ৰকাশ কৰে। যোৱা ৭/৭/২০ তাৰিখৰ ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰস্তাৱ অনুসৰি ওদালগুৰি জিলা যোগী সন্মিলনীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ হেতুকে ভংগ কৰা হয়। তাৰ পাছতো অসাংবিধানিক ভাবে সভাপতি, সম্পাদকে বিভিন্ন কাৰ্য্যকলাপত লিপ্ত থকাৰ উপৰিও শেহতীয়াভাৱে বৰপেটা ৰোডত অনুষ্ঠিত বি টি চি নাথ যোগী ছাত্র সন্থাৰ বিশেষ সাধাৰণ সভাত বিটিচি নাথ যোগী ছাত্র সন্থা পুনৰ গঠন কৰি নাথ যোগী ছাত্র সন্থাৰ অৰাজনৈতিক চৰিত্ৰৰ মৰ্যাদা হানি কৰাৰ লগতে নাথ যোগী সম্প্ৰদায়ৰ ঐতিহ্য কলংকিত কৰা কাৰ্য্যক তীব্র গৰিহণা দিয়ে ওদালগুৰি জিলা যোগী সন্মিলনীয়ে। লগতে বৰ্তমানৰ ওদালগুৰি জিলা নাথ যোগী ছাত্র সন্থাৰ সভাপতি ফুকন চন্দ্র নাথ আৰু সম্পাদক যতীন নাথৰ বিৰুদ্ধে অসম প্ৰাদেশীক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাক তাৎক্ষণিক ব্যবস্থা গ্রহণৰ দাবী জনোৱাৰ লগতে ফুকন নাথ আৰু যতীন নাথক ওদালগুৰি জিলা যোগী সন্মিলনীৰ পৰা একেই সভাতে প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়ে। অসম প্ৰাদেশীক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ মৰ্যাদা হানি কৰা কোনো কাৰ্য্যত যদি এই দুজন নেতা জড়িত থাকে তেনেহ’লে ওদালগুৰি জিলা যোগী সন্মিলনীৰ ফালৰ পৰা আইনী ব্যবস্থা গ্রহণ কৰা হব বুলিও সংবাদমেলত প্ৰকাশ কৰে ওদালগুৰি জিলা যোগী সন্মিলনীৰ সম্পাদক দন্দিৰাম নাথ আৰু ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰতিস্থাপক সম্পাদক বৰ্তমানৰ উপদেষ্টা পুষ্পৰাম নাথে।

পাকিস্তানৰ ৰেল মন্ত্ৰীৰ অদ্ভুত মন্তব্যৰ পিছতেই জ্বলিছে অসম । ডবকাত পাক প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ আমছু’ৰ

ডবকা : পাকিস্তানৰ হাতত হেনো এনে অস্ত্ৰ আছে যিয়ে নিমিষতে ধ্বংস কৰি পেলাব পাৰিব ভাৰতীয় হিন্দুসকলক। কিন্তু এই আক্ৰমণৰ পৰা বাছি যাব ভাৰতত বাস কৰা মুছলমানসকল, পাকিস্তানৰ মন্ত্ৰীৰ অদ্ভুত দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতীয় মুছলমানসকলৰ লগতে দল-সংগঠনে। হোজাই জিলাৰ ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয়  ঘাইপথত কালি হোজাই জিলা আমছু’ৰ উদ্বোগত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰতিমূৰ্তি দাহ কৰি  পাকিস্তান বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন টোৱে। ৰাজুহুৱাকৈ ভাৰতবৰ্ষ উৰুৱাই দিয়াৰ ভাবুকি দিয়া পাকিস্তানৰ ৰে’লমন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে দেশখনৰ ‘ছামা টিভি’ সৈতে হোৱা সাক্ষাত্‍কাৰত কেইছিল  যে,  ‘একেবাৰে অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ পাকিস্তানৰ হাতত এনে অস্ত্ৰ আছে, যাৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ দেশ ধ্বংস কৰিব পৰা যাব। এক স্মাৰ্ট পাৰমাণিৱক বোমা নিৰ্মাণ কৰা হৈছে দেশখনত। আৰু এইবাৰ আক্ৰমণ হ’লে ভাৰতবৰ্ষক একেবাৰে শেষ কৰি পেলাব পৰা সামৰ্থ আছে বুলিও কৈছিল পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ জৰিয়তে খবৰ বিয়পি পৰাৰ লগে লগে  এইদৰে জ্বলি উঠিছে অসম। কালিৰ প্ৰতিবাদত আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোৱাৰ হুছেইন (বকুল), সহকাৰী সম্পাদক গিয়াছ উদ্দিন তাপাদাৰৰ লগতে হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ আৰু লুৎফুৰ ৰহমানে নেতৃত্ব বহন কৰে।

অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্যায়ৰ এজন কবি : প্ৰদীপ খাটনিয়াৰ ৷ পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী : ‘সাহিত্যত পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগৰ ধাৰাটো বহু পুৰণি ৷ বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যিকৰ লগতে আমাৰ শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিতো এই প্ৰয়োগ উপস্থিত ৷ অজিত বৰুৱাও শংকৰ-মাধৱৰ সেই ধাৰাৰে অনুগামী ৷’ ১৯ আগষ্টৰ বিয়লি পাঁচ বজাৰ পৰা অনলাইনযোগে অনুষ্ঠিত পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰদীপ খাটনিয়াৰে ৷ অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ যুটীয়া উদ্যোগত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক, অজিত বৰুৱাৰ ৯৪ সংখ্যক জন্ম দিৱসৰে সংগতি ৰাখি আয়োজিত ‘অজিত বৰুৱা আৰু পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগ’ শীৰ্ষক এই বিশেষ বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্য্যায়ৰ এজন কবি ৷ তেওঁৰ সাত-আঠটামান কবিতা বিশ্বৰ যিকোনো ভাষাৰ সাহিত্যৰ শ্ৰেষ্ঠ কবিতাসমূহৰ সম পৰ্য্যায়ৰ ৷’ ঝুম এপৰ মাধ্যমত আৰু সমান্তৰালভাৱে ফে’চবুক লাইভযোগে সম্পন্ন এই আভাসী বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘উপমা, ৰূপক, চিত্ৰকল্প হ’ল কাব্যৰ আত্মা ৷ জীৱন আৰু জগতৰ বিচিত্ৰ ৰূপ দৰ্শন কৰি পোৱা ইন্দ্ৰিয়ানুভূতিয়েই কাব্যভাষাৰ প্ৰকাশিকা শক্তিৰ একমাত্ৰ সমল নহয় ৷ এইবোৰৰ উপৰি অজিত বৰুৱাই তেওঁৰ কাব্যৰ উপমাসমূহ আহৰণ কৰিছিল প্ৰধানকৈ অধ্যয়নৰ পৰা৷ অজিত বৰুৱাৰ কাব্যত দাৰ্শনিক চিন্তাৰ উপাদানসমূহো মন কৰিবলগীয়া ৷ কবিয়ে মানি চলা নূ্নতমবাদ (Minimalism) তেওঁৰ সৃষ্টিৰ এক স্বকীয় বৈশিষ্ট্য৷ আধুনিক মনৰ দ্বিধাগ্ৰস্ততা, ‘Either-or’-ৰ দ্বিধা, জীৱন-মৃত্যুৰ দ্বন্দ্ব, বিশ্বজাগতিকৰ বিশালতাৰ সৈতে ক্ষুদ্ৰত্বৰ সংযোগ, Suggestiveness আৰু নামবাচক বিশেষ্যৰ প্ৰয়োগ, ইন্দ্ৰিয়জ সীমাৱদ্ধতা অতিক্ৰমণৰ প্ৰয়াস, মৃত্যুৰ সৈতে সম্পৰ্কিত গভীৰ দাৰ্শনিকবোধৰ প্ৰকাশ আদি অজিত বৰুৱাৰ কাব্যৰ অন্যতম বৈশিষ্ট্য ৷’ অজিত বৰুৱাৰ কবিতাৰ আংগিক নিৰ্মাণতো অধ্যয়নৰ বৰঙণিয়েই সৰ্বাধিক আছিল বুলি উল্লেখ কৰি খাটনিয়াৰে কয়– ‘অজিত বৰুৱাই কবিতাক এক নিৰ্মিত বস্তুৰূপেই উপস্থাপন কৰিছিল ৷ তেওঁ আত্মপ্ৰীতিৰ কাৰণে কবিতা লিখিলেও ই আত্মকেন্দ্ৰিকতা নাছিল, সহৃদয় পাঠকৰ তৃপ্তিলৈও সন্মান আছিল সেয়া ৷ অভিধান অধ্যয়নৰ পৰা প্ৰেৰণা লাভ কৰা অজিত বৰুৱাই আক্ষৰিক অনুবাদৰ আদৰ্শ গ্ৰহণ কৰিছিল ৷ তেনেই আপঁইতা অনুবাদ হ’লেও মূলৰ ওচৰ চাপিব পৰা ক্ষমতাতহে অনুবাদকৰ্মৰ সফলতা আছিল বুলি অজিৎ বৰুৱাই বিশ্বাস কৰিছিল ৷’’ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণেৰে আটাইকে আদৰণি জনায় তথা বক্তৃতানুষ্ঠানটি সঞ্চালনা কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰে৷ অজিত বৰুৱা অনুৰাগী সমাজৰ উপ সভাপতি, কবি ৰাজীৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অজিত বৰুৱাৰ বিষয়ে চমু চিত্তাকৰ্ষক বক্তব্য আগবঢ়ায় কবি, অনুৰাগী সমাজৰ সভাপতি অনুভৱ তুলসীয়ে ৷ সভাত অজিত বৰুৱাৰ নিৰ্বাচিত কবিতাৰ আবৃত্তি আগবঢ়ায় আবৃত্তিকাৰ অৱনী বৰা, ইন্দ্ৰজিৎ দাস আৰু কাকলি বৰাই৷ শেষত শলাগৰ শৰাই আগবঢ়ায় সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ডঃ দীপজ্যোতি ডেকাই ৷

নগাঁৱৰ দক্ষিণপাটত কৃষি ঋণ সজাগতা- ঋণ পৰিশোধ সভা সম্পন্ন : একেদিনাই ১২ লক্ষাধিক টকা পৰিশোধ। “নিৱনুৱা যুৱক-যুৱতীক কৃষি ঋণৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আহ্বান বেংক বিষয়াৰ”

নগাঁও : ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ অধীনত থকা দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ উদ্যোগত কালি দক্ষিণপাট চাৰিআলিস্থ কেন্দ্ৰটোৰ কাৰ্যালয়তে এখন কৃষি ঋণ সজাগতা আৰু কৃষি ঋণ পৰিশোধ সভা অনুষ্ঠিত হয়। গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক ভাস্কৰ জ্যোতি শ‌ইকীয়াই আঁত ধৰা সভাখনত খুটিকটীয়া বেংক শাখাৰ উপ পৰিচালক বিনোদ দে’ আৰু কৃষি সম্প্ৰসাৰণ বিষয়া অৰ্পণ ফুকনে কৃষি ঋণ কেনেকৈ ল’ব পাৰি আৰু কেনেকৈ এই ঋণ পৰিশোধ কৰিব পাৰি; তাৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়াই। লগতে বিষয়াদ্বয়ে অৰ্থৰ অভাৱত কৃষি কৰ্ম কৰিব নোৱাৰা নিৱনুৱা যুৱক-যুৱতী সকলক কৃষি ঋণ লৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায়। সভাখনত কেবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। কালিৰ সভাতে ইতিপূৰ্বে কৃষি ঋণ লোৱা একাংশ গ্ৰাহকে ১২ লক্ষাধিক টকাৰ কৃষি ঋণ পৰিশোধ কৰে। ইপিনে, সভাত অংশগ্ৰহণ কৰা বিষয়াদ্বয়ে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ অধীনত আৰ্থিক সাহাৰ্য লাভ কৰা জিলাখনৰ ৩০ সহস্ৰাধিক লোকে খুটিকটীয়া বেংক শাখাটোৰ পৰা কৃষি ঋণ লাভৰ বাবে আবেদন কৰিছে। ইয়াৰ ভিতৰত বেংক শাখাটোৱে প্ৰথম পৰ্যায়ত ১৭ সহস্ৰাধিক কৃষকক কৃষি ঋণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

কিশোৰীয়ে ফুল ছিঙাই অপৰাধ : ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন

দৈনন্দিন বাৰ্তা ডেস্ক : ওড়িশ্যাৰ ধেনকানাল জিলাৰ কণ্টিঅ’ কাটেনি গাঁৱৰ ৪০ টা দলিত পৰিয়ালক যোৱা দুসপ্তাহৰ আগতে এটা উচ্চবৰ্ণৰ পৰিয়ালৰ বাৰীৰ পৰা সম্প্ৰদায়টোৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীয়ে ফুল ছিঙাৰ বাবে সামাজিকভাৱে বৰ্জন কৰিছে ৷ এটা পৰিয়ালে সেই আপত্তি পঞ্জীয়ন কৰাৰ পাচত বিষয়টোত দুয়োটা সম্প্ৰদায়ৰ মাজত দ্বন্দ্ব বাঢ়ি যায় আৰু অৱশেষত ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰে৷ স্থানীয় বাসিন্দাসকলে এই কথা জনাইছে ৷ কিশোৰীগৰাকীৰ পিতৃ নিৰঞ্জন নায়কে কয়, বিষয়টো অবিলম্বে সমাধানৰ বাবে আমি তাৎক্ষণিকভাৱে ক্ষমা বিচাৰিছিলো ৷ কিন্তু ঘটনাৰ পাচত কেইবাখনো সভা আহ্বান কৰা হৈছিল আৰু তাৰ পাচত আমাক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত লয় ৷ আমাৰ সৈতে কোনোও কথা কোৱাৰ অনুমতি নাই ৷ আমাৰ গাঁৱৰ কাকোৱে সামাজিক অনুষ্ঠানত অংশ ল’বলৈ নিদিয়ে ৷ উল্লেখ্য যে গাঁওখনত ৮০০ টা পৰিয়াল আছে৷ তাৰ ভিতৰত ৪০ টা অনুসূচিত জাতি নায়ৰ সম্প্ৰদায়ৰ পৰিয়াল আছে ৷ ইতিমধ্যে এই সম্প্ৰদায়ৰ লোকসকলে জিলা প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু ১৭ আগষ্টত আৰক্ষীক অৱগত কৰা হৈছে ৷ আমাক স্থানীয় পিডিএছ পৰিৱেশক আৰু দোকানৰ মালিকে সামগ্ৰী বিক্ৰী কৰা বন্ধ কৰিছে ৷ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ ৫ কিলোমিটাৰ দূৰলৈ খোজকাঢ়ি যাব লাগে ৷ গাঁওবাসীয়ে আমাৰ লগত কথা পতা বন্ধ কৰিছে ৷ জ্যোতি নায়ক নামৰ এক গাঁৱৰ লোকে এইদৰে কয় ৷ উল্লেখ্য যে গাঁওখনৰ বহু লোক অৰ্দ্ধ শিক্ষিত আৰু শিক্ষিত ৷ তেওঁলোকে গাঁৱৰ পথাৰত কাম কৰে ৷ এনেদৰে লোকজনে কয় ৷ লগতে অভিযোগত প্ৰকাশ যে এই লোকসকলক সতৰ্ক কৰি দিছে বিবাহ বা অন্ত্যোষ্টিক্ৰিয়াৰ সমদলত গাঁৱৰ পথত যাব নোৱাৰিব ৷ তদুপৰি শিশুক স্থানীয় চৰকাৰী বিদ্যালয়ত অধ্যয়নৰ বাবে পঠাব নোৱাৰিব ৷ আনহাতে সেই সম্প্ৰদায়ৰ শিক্ষকক নিজে বদলি হৈ যাবলৈ কৈছে ৷ এই কথা স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷ ইপিনে গাঁওখনৰ উন্নয়ন সমিতিৰ সম্পাদকে এই কথাৰ সত্যতা স্বীকাৰ কৰিছে ৷ অৱশ্যে অভিযোগবোৰ ভিত্তিহীন বুলি কয়৷ এই স্মাৰকপত্ৰৰ পাচত দুখনকৈ শান্তি সভা অনুষ্ঠিত হয় ৷ কিন্তু বিষয়টোৰ সমাধান নোলাল ৷