Home Blog Page 3210

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ।প্ৰশাসনে প্ৰতিবাদী কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিছিল যদিও সেই বাধা নেওঁচি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ অব্যাহত ৰাখিছিল ।


শেহতীয়াভাৱে ৪ দিন ধৰি অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ ওচৰত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে । কৃষকৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে বিয়লিৰ ভাগত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।


চৰকাৰ প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনাৰ বাবে ৰাজি আছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ”মই প্ৰতিবাদী কৃষকসকলক আহ্বান জনাইছো তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ ভাৰত চৰকাৰ প্ৰস্তুত আছে। কৃষি মন্ত্ৰীয়ে তেওঁলোকক ৩ ডিচেম্বৰত আলোচনাৰ বাবে নিমন্ত্ৰণ কৰিছে। চৰকাৰে সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত আছে। কৃষকসকলৰ দাবী মানি লবলৈও প্ৰস্তুত আছো।”

শীঘ্ৰে বজাৰত উপলব্ধ হব কোভিডৰ দেশীয় প্ৰতিষেধক

বজাৰত বৰ্তমানেও উপলব্ধ নহয় সমগ্ৰ বিশ্বতে তাণ্ডৱ সৃষ্টি কৰা কোভিড-১৯ ৰ প্ৰতিষেধক । তাৰ বাবেই কালি পুনে স্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰী, হাইদৰাবাদস্থিত ভাৰত বায়টেক, আহমেদাবাদস্থিত জাইডাছ কেডিলা পৰিদৰ্শন কৰি কোভিড প্ৰতিষেধকৰ অগ্ৰগতিৰ বুজ লয় প্ৰধানমন্ত্ৰী মোডীয়ে।



প্ৰধানমন্ত্ৰী মোডীয়ে দেশীয়ভাৱে বিকশিত দুই প্ৰতিষেধকৰ কামকাজ বুজ লোৱাৰ পাছতেই বিজ্ঞানীসকলক ভূয়সী প্ৰশংসা কৰে।ইয়াৰ পাছতেই শীঘ্ৰ বজাৰলৈ অহাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে কোভিড-১৯ প্ৰতিষেধকৰ। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত চলিত বৰ্ষতে এই ভেকচিন বজাৰলৈ আহিব বুলি প্ৰকাশ কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছতো কিয় অনুষ্ঠিত কৰা হোৱা নাই সেই সম্পৰ্কে চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷ উক্ত বৈঠকত গঠন হোৱা সমিতিখনৰ ম়্যাদ অন্ত পৰাৰ সময়তে নিৰ্বাচন অনুষ্ঠিত কৰি এখন নতুন সমিতি গঠন কৰিব লাগে৷ কিন্তু ২০১৮ চনৰ ৩১ জুলাইত এই নিৰ্ধাৰিত সময় পাৰ হৈ যাই যদিও চৰকাৰ কিম্বা পৌৰ নিগম কৰ্তৃপক্ষই অনুষ্ঠিত কৰা নাই নিৰ্বাচন৷ যাৰ বাবে সমাজকৰ্মী মীৰা বৰঠাকুৰে আদালতৰ সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি এখন ৰাজহৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰ আৰু পৌৰ নিগমক জবাবদিহি কৰে৷ ৭ দিনৰ ভিতৰত বিগত দুটা বছৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দৰ্শাবলৈ চৰকাৰ আৰু পৌৰ নিগমক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷

নগাঁৱৰ কলঙত টকাৰ উজান

নগাঁও,২৮ নবেম্বৰ : নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পানীত  আজি উটি আহিল শ শ টকা ৷ নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলতে কলঙৰ পানীত উদ্ধাৰ হয় শ শ টকা ৷ উল্লেখ্য, কলঙৰ ওপৰত নতুনকৈ নিৰ্মাণ হৈ থকা দলংৰ কাম কৰা বনুৱা সকলে প্ৰথমে প্ৰত্যক্ষ কৰে পানীত উটি অহা টকাখিনি । প্ৰত্যক্ষ দৰ্শীৰ মতে ৫০০ টকীয়া, ১০০ টকীয়া আৰু ১০,২০ টকীয়া নোটৰ বান্দিলো উটি গৈছিল পানীত । পিছত কেইবাজনো যুৱকে কলঙত সাতুৰি  ১০,২০ আৰু ১০০ টকীয়া কেইবাখনো নোট উদ্ধাৰ কৰে যদিও পাঁচশ টকীয়া নোটৰ বান্দিলটো লাভ কৰিব সক্ষম নহল । কিন্তু ক’ৰ পৰা কেনেকৈ এইদৰে নোট সমূহ কলঙত উটি আহিল তাকলৈহে এতিয়া সৃষ্টি হৈছে ৰহস্যৰ ।

মৰিগাঁও জিলাত ১৭ ডিচেম্বৰ তাৰিখে চৰকাৰী বন্ধৰ ঘোষণা

মৰিগাঁও, ২৮ নৱেম্বৰ  : মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত তিৱা স্বায়ত্ত পৰিষদৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহণৰ দিনটো অৰ্থাৎ ১৭ ডিচেম্বৰ তাৰিখে   মৰিগাঁও জিলা প্ৰশাসনে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

মৰিগাঁও নিৰ্বাচন বিভাগৰ বিশেষ প্ৰচাৰ অভিযান

মৰিগাঁও, ২৮ নৱেম্বৰ  : আজিৰে পৰা চাৰি দিনীয়া কাৰ্যসূচী লৈ   মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু ২৯ নৱেম্বৰ আৰু ৫ আৰু ৬ ডিচেম্বৰত এই বিশেষ প্ৰচাৰ অভিযান চলিব । ভাৰতীয় নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী তাৰিখক ভিত্তি বৰ্ষ হিচাপে লৈ মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড, ৮০ নং মৰিগাঁও আৰু ৮১ নং লাহৰীঘাট এই তিনিটা  বিধানসভা সমষ্টিৰ ভোটাৰ সকলৰ খচৰা ভোটাৰ তালিকা যোৱা ১৮ নৱেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে । উক্ত তালিকাত নিজৰ নাম পৰীক্ষন কৰিবৰ বাবে ভোটাৰ সকলে  www.ceoassam.nic.in  ওৱেব চাইটত চাব পাৰিব । সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যি সকলৰ নাম বাদ পৰিছে অথবা ভুলকৈ ছপা হৈছে তেওঁলোকে নিৰ্বাচনৰ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি ওজৰ আপত্তি সমূহ উল্লেখ কৰি আবেদন দাখিল কৰিব পাৰিব । আনহাতে  ২০২১ চনৰ ১ জানুৱাৰীত  যি সকল লোকৰ  ১৮ বছৰ সম্পূৰ্ণ হব অথবা ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁ লোকে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ এই বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

সম্ভুনাথ গোহাঁই সোঁৱৰণী চলন্ত ফুটবল প্ৰতিযোগিতাৰ আৰম্ভনি

নগাঁও,২৮ নবেম্বৰ : প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰয়াত পিতৃ সম্ভুনাথ গোহাঁইৰ সোঁৱৰণত কঠিয়াতলীৰ শগুনবাহী খেলপথাৰত কালিৰ পৰা আৰম্ভ হৈছে এখনি চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।কভিড মহামাৰীৰ সন্ত্ৰাসৰ পিছত প্ৰায় ৯ মাহৰ বিৰতিৰ পাছত কঠিয়াতলীত অঞ্চলত অনুষ্ঠিত হল ফুটবল প্ৰতিযোগিতা। কঠিয়াতলী শগুনবাহী আঞ্চলিক ক্ৰীড়া সন্হাৰ সৌজন্যত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা খনিৰ উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । খেলৰ পূৰ্বেই ৰাজেন গোহাঁই প্ৰমুখ্যে উপস্থিত সকলোৱে সদ্যপ্ৰয়াত কিংবদন্তী ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ সদগতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই । কালি প্ৰতিযোগিতা খনিৰ প্ৰথমখন খেল  জিয়াজুৰি  আৰু শগুনবাহী  দলৰ মাজত অনুষ্ঠিত হয়।  খেলৰ আৰম্ভনিতে ফুটবলত কিক মাৰি উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । নিদিষ্ট সময়ত খেলখনৰ সিদ্ধান্ত নোলোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে শগুনবাহী দল জয়ী হয় । ১৬ টা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিৰ প্ৰথম পুৰস্কাৰ ত্ৰিশ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ  বিশ হাজাৰ টকা । কালি প্ৰতিযোগিতা খনিৰ উদ্ধোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে নগাঁও ক্ৰীড়া সংস্হাৰ সম্পাদক প্লাবন বৰা , ক্ৰীড়াবিদ তপন দাস , সমাজকৰ্মী ৰীতা বৰগোহাঁই, নিৰুপমা বৰগোহাঁই, অঞ্জনা বৰগোহাঁই, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য  তথা চলন্ত প্ৰতিযোগিতা খনিৰ দাতা নৱাৰুন বৰগোহাঁই, চন্দন বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলক উপস্থিত থাকে । উল্লেখযোগ্য যে ,বহু দিনীয়া বিৰতিৰ অন্ততঃ খেল উপভোগ কৰিবলৈ পায় দৰ্শকে ভিৰ কৰা দেখা যায় শগুনবাহী খেল পথাৰত।

ডবকাত ভূ-মাফিয়াৰ দৌৰাত্ম্য

ডবকা, ২৮ নৱেম্বৰ : ডবকাত অস্তিত্বৰ সংকটত আদিম যুগৰ লোকৰ পৰিয়ালৰ সদস্য। ভাৰত স্বাধীন হোৱাৰ পুৰ্বে ডবকাৰ দাতিকাষৰীয়া অঞ্চল চন্দান পুৰত বাস কৰিছিল চন্দান মিঞা নামৰ এজন লোক। চন্দান মিঞাৰ নামেৰে গাওঁখনৰ নাম নমাকৰণ হয় চন্দানপুৰ। সেই চন্দান মিয়াৰ পৰিয়াল আজি অস্তিত্বৰ সংকটত পৰি ককবকাইছে । কুতুবুদ্দিনৰ বৰদেউতাৰ নাম আছিল চন্দান মিঞা। সহজ সৰল লোকৰ পৰিয়ালটোৰ মাটি এটা বৃহৎ চক্ৰই জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগ কুতুবুদ্দিনৰ । উপাইহীন হৈ পৰিয়ালটোৱে শংকৰদেৱ নগৰ মুন্সিফ আদালতৰ দ্বাৰস্থ হৈছে। আদালতত T. S 461/17 নম্বৰৰ গোচৰ চলি আছে আব্দুল লতিফ, আব্দুল হামিদ সহ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে। হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়তো কুতুবুদ্দিন আৰু চালেহা বেগমে গোচৰ তৰাত কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি নাথৰ আদালতে M/R গোচৰ নং 174/2019  ‘U/S 107/146 CRPCত গোচৰ চলি আছে যদিও  চক্ৰটোৱে প্ৰায় তিনিবাৰকৈ হাজিৰ হোৱা নাই বুলি বিস্ফোৰক অভিযোগ কুতুবুদ্দিনৰ ।আদালত গোচৰ চলি থকাৰ সময়তে চক্ৰ টোৱে মাটি ডোখৰ পুজিপতিৰ হাতত বিক্ৰী কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে কুতুবুদ্দিনে। হোজাই জিলাত সহজ সৰল দুখীয়া লোকৰ মাটি সম্পত্তি হজম কৰাৰ এক প্ৰকাৰ প্ৰতিযোগিতা আৰাম্ভ হৈছে বুলি ব্যাপক চৰ্চা চলিছে। বৃহৎ ভুমাফিয়াৰ নেটৱৰ্ক সৃষ্টি কৰি এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছে যদিও জিলা প্ৰশাসনৰ  নিৰৱ ভূমিকাত সচেতন মহলেও উদ্বেগ প্ৰকাশ কৰিছে।

চমাৰ দলনিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

জামুগুৰিহাট,২৮ নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে চতিয়াৰ দক্ষিণাঞ্চলৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই দ্বীপ প্ৰজ্বলন কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণ আগবঢ়ায় স্থানীয় সমাজকৰ্মী গংগা ঢকালে। ইয়াৰ পিচতে বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই পতাকা উত্তোলন কৰে।  পতাকা উত্তোলনৰ পিছতেই বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুছ-কাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা কান্ত শৰ্মাৰ পৌৰহিত্যত মুকলি সভা আৰু পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই শিক্ষাৰ্থী জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু মহত্বৰ বিষয়ে মননশীল ভাষণ আগবঢ়ায়। সভাত নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱসৰী তত্বাবধায়ক শিক্ষক বাণেশ্বৰ বৰাই শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীত থাকি কিদৰে দেশমাতৃৰ সেৱা কৰিব পৰা যায় তাৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ইতিহাস আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে যথাক্ৰমে নাগশংকৰ উচ্চ মাধ্যমিক আৰু কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষকদ্বয় নয়ণমণি শইকীয়া আৰু কমল ভট্টৰাইয়ে। বিদ্যালয়ৰ শিক্ষাৰ্থী জীনা দেৱী, দীপা ভূজেল, লেখনাথ দৰ্জী, দীক্ষা দেৱা, ঋজু দেৱী, সন্তোষ গুৰুঙ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গোটে দেশভক্তিমূলক দলীয় গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ শেষত ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত ৰঞ্জিত পাটগিৰিৰ কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন

গুৱাহাটী, ২৭ নৱেম্বৰ :  ‘সাংবাদিকতাৰ দৰে এটা জটিল কৰ্মৰ সৈতে জড়িত হৈ কাব্য চৰ্চ্চা ৰঞ্জিত পাটগিৰিয়ে অব্যাহত ৰাখিছে। ৰঞ্জিত পাটগিৰি এগৰাকী সাৰ্থক, উজ্জ্বল সম্ভাৱনাময় কবি- এইদৰে কয় বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতনতুন প্ৰজন্মৰ জনপ্ৰিয় কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ  কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন কৰি এনেদৰে কয় ড০ পৰমানন্দ ৰাজবংশীয়ে। তেওঁ লগতে কয় ‘ ৰঞ্জিত পাটগিৰি সাংবাদিক যদিও মাটি আৰু মানুহৰ গোন্ধেৰে আমোল মোল এটা সত্বা। গ্ৰন্থক ভগৱানৰ দৰে গণ্য কৰোঁ। গ্ৰন্থৰ মৃত্যু নাই। ভগৱানৰ বিমূৰ্ত ৰূপ হৈছে গ্ৰন্থ। সেই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। আজিকালি অধিকাংশ যুৱপ্ৰজন্ম মবাইলত আক্রান্ত হোৱা দেখা যায়। যাৰফলত তেওঁলোকৰ মাজত গ্ৰন্থ পঢ়াৰ প্ৰতি অনীহা দেখা যায়। গ্ৰন্থই হে জ্ঞান দিয়ে ম’বাইল বা প্ৰযুক্তিয়ে নহয়। এই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। বৰ্ণৰ খেলাই সাহিত্যৰ বুনিয়াদ। কবিতাপুথি খনৰ নামটো সুন্দৰ হৈছে।  ৰঞ্জিত পাটগিৰিৰ কবিতাই এটা নতুন দিশক প্ৰতিনিধিত্ব কৰিছে। এই কবিতা পুথিখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ।’ উন্মোচনী সভাতগ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় ‘ অসমত কবিৰ সৃষ্টি কৰ্মত সংকট অহা নাই। ৰাজ্যত যথেষ্ট সাৰ্থক, উদীয়মান কবিৰ সৃষ্টি হৈ আছে। এই কবি সকলক লৈ গৌৰৱ অনুভৱ কৰোঁ যেতিয়া এই কবি সকলে অসমৰ চিত্ৰ অংকন কৰে। কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে প্ৰকাশক অপূৰ্ব কলিতাক ধন্যবাদ জনালোঁ। কবিতা পুথিখনত কেইবাটাও সুন্দৰ কবিতা সন্নিবিষ্ট কৰা হৈছে।’ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমাৰ কাকতৰ ডেপুটী এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই কয় ‘ৰঞ্জিত পাটগিৰিৰ কবিতাত নিজ গাঁওখনৰ সৈতে থকা সম্পৰ্ক স্পষ্টভাবে প্ৰকাশ হয়। কবি, লেখক সকল ভগৱানৰ সেৱক। ৰঞ্জিত পাটগিৰিয়ে জটিলতা, সীমাবদ্ধতাৰ মাজত থাকিও কবিতা লিখি যাওক। অসমীয়া কবিতা লিখা সকলে, সাহিত্য চৰ্চা কৰা সকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়ক, অসমীয়া ভাষা শিকাওক।’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে কয় ‘ কবি ৰঞ্জিত পাটগিৰী প্ৰচুৰ সম্ভাৱনাময় কবি। নৈ পৰীয়া মানুহৰ সুখ দুখ ৰঞ্জিত পাটগিৰিৰ কবিতাত পাইছোঁ। বহু সাংবাদিকৰ গল্প, কবিতা চৰ্চাৰ লগতে সাহিত্য চৰ্চাৰ দখল আছিল যদিও সময়ত গতিত সেইবোৰ হেৰাই যোৱা দেখিছোঁ। গতিকে সাংবাদিকতাৰ লগতে ৰঞ্জিত পাটগিৰিক সাহিত্য চৰ্চা অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ। ‘ সভাত আন এগৰাকী বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিকঅচ্যুত কুমাৰ পাটোৱাৰীয়ে কয় ‘ ৰঞ্জিত পাটগিৰিৰ কবিতাত আধুনিক জীৱনৰ আশা, নিৰাশা, দুখ বেদনা আছে। সম্প্ৰতি অসমীয়া কবিতাৰ বহু উত্তৰণ ঘটিছে। কবিতা আবেগৰ বিষয়। এখন সুন্দৰ গ্ৰন্থ ৰাইজক উপহাৰ দিয়া বাবে কবি সাংবাদিক ৰঞ্জিত পাটগিৰিক শুভেচ্ছা জনালোঁ।’ সুন্দৰ বেটুপাতেৰে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হয় ৪৪টা কবিতা৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে এম আৰ পাব্লিকেশ্বনে৷  কাব্য সমালোচক বিপুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আমাৰ অসমৰ ডিউটি এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী, জগদীশ শৰ্মাই গীত পৰিবেশন কৰে।অনুষ্ঠানত বহুকেইগৰাকী কবি, সাহিত্যিক, সাংবাদিক উপস্থিত থাকে ৷