Home Blog Page 3211

প্ৰগতিশীল ৰাজ্যৰ শীৰ্ষত অসম

ৰাজ্যবাসীৰ বাবে ভাল খবৰ । দেশৰ প্ৰগতিশীল ৰাজ্য ক্ষেত্ৰত তালিকাৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে । ২০০০ পইন্টৰ ভিতৰত ১২২২.৩ পইন্ট লাভেৰে শীৰ্ষ স্থানত অসম ।

ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ৩ বছৰৰ চলোৱা হৈছিল এই সমীক্ষা। আনহাতে প্ৰগতিশীল ক্ষুদ্ৰ ৰাজ্যৰ শিতানত শ্ৰেষ্ঠ স্থান লাভ কৰিছে ত্ৰিপুৰা আৰু মণিপুৰে।

উচ্চতম ন্যায়ালয়ে জামিনৰ ম্যাদ বৃদ্ধি কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীৰ

২০০৮ চনত আত্মহত্যাৰ উচতনি দিয়া গোচৰত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। কালি বোম্বাই উচ্চ ন্যায়ালয়ে শুনানি লৈ সাংবাদিক গৰাকীৰ আবেদন খাৰিজ নকৰালৈ জামিন অব্যাবত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

তেওঁৰ লগতে আন দুজনৰো এই জামিন অব্যাহত থাকি বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে।

যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ : ২ ভাৰতীয় সেনা জোৱান শ্বহীদ

Pakistan violates ceasefire

যোৱা বৃহস্পতিবাৰে কিৰনী, কস্বা, দিগবাৰ, মাল্টী আৰু দলান ছেক্টৰত সেনা চাউনীক লক্ষ্য কৰি পাকিস্তানী সেনাই সৰু আৰু ডাঙৰ অস্ত্ৰ-শস্ত্ৰৰে প্ৰচণ্ড গুলীচালনা কৰি যুদ্ধ বিৰতি উলংঘন কৰিছিল ।

পাকিস্তানে প্ৰায়েই যুদ্ধ বিৰতি উলংঘা কৰি অহা দেখা পোৱা গৈছে । জম্মু-কাশ্মীৰ সমীপৱৰ্তী এলেকাসমূহত যুদ্ধ বিৰতি উলংঘন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিয়েই আছে পাকিস্তানে।

শুকুৰবাৰে ৰাজৌৰী জিলাৰ সুন্দৰবনী ছেক্টৰত LoCৰ সমীপত পাক সেনাই কৰা গুলীবৰ্ষণত ২ জন জোৱান শ্বহীদ হয়।

পাকিস্তানৰ গুলীবৰ্ষণত বেয়াকৈ আহত হোৱা প্ৰেম বাহাদুৰ খেত্ৰী আৰু ৰাইফল মেন সুখবীৰ সিঙক তত্কালীনভাৱে হাস্পতালাত ভৰ্তি কৰোৱা হৈছিল য’ত চিকিৎসাধীন সময়তে দুয়োজনে প্ৰাণ হেৰুৱায়। আনহাতে ভাৰতীয় সেনাইয়ো ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

৫৪০ টকাৰ ঔষধে বৰবাদ কৰে ডেৰ বিঘা মাটিৰ ফুলকবি, থানাত এজেহাৰ দাখিল দলগাওৰ এজন খেতিয়কৰ

দলগাও : দলগাওৰ এগৰাকী কৃষকৰ মুৰত পৰিছে ৰাম টাঙুন । পাচলি খেতি ভাল কৰাৰ বাবে প্ৰয়োগ কৰা ঔষধে বৰবাদ কৰিলে ডেৰ বিঘা মাটিৰ ফুলকবি খেতি । যাৰ বাবে লোকচানৰ সন্মুখীন হয় হাজাৰ হাজাৰ টকা । এই ঘটনা দলগাওৰ নিজ বৰুৱাঝাৰ গাঁৱৰ । অভিযোগ অনুসৰী গাওঁ খনৰ আজিমুদ্দিন নামৰ কৃষক গৰাকীয়ে ডেৰ বিঘা মাটি ২০ হাজাৰ টকাত ঠিকাত লৈ ৬০ হাজাৰ টকা খৰচ কৰি কৰে ফুলকবিৰ খেতি । সামান্য পাতৰ বেমাৰত আজিমুদ্দিনে স্থানীয় নেপালী বজাৰৰ গোলাপ আলি নামৰ দোকানীৰ পৰা ৫৪০ টকাৰ ঔষধ ক্ৰয় কৰি খেতি ভাল কৰাৰ বাবে প্ৰয়োগ কৰাৰ পিছতেই সৰগ ভাগি পৰে কৃষক জনৰ মুৰত । ঔষধ প্ৰয়োগৰ পিছতেই পচিবলৈ আৰম্ভ কৰে অধিক দামত বিক্ৰী হোৱা ফুল কবিৰ খেতি । ফলত হাজাৰ হাজাৰ টকা লোকচানৰ সন্মুখীন হৈ হতাশাত ভাগি পৰা কৃষক আজিমুদ্দিনে চকুলো টুকে অন কেমেৰাত । ঘটনা সম্পৰ্কে খাৰুপেটিয়া আৰক্ষী থানত এখন এজেহাৰ দাখিল কৰে খেতিয়ক গৰাকীয়ে।

টি এম পি কেৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস ; প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি এফ চিৰ খিতাপ দখল

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰ: সদৌ টাকাম মিচিং  পৰিং কেবাং চমুকৈ টি এম পি কেৰ  ৪৯ তম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ডুমডুমা-ফিল’বাৰী আঞ্চলিক সমিতিয়ে ১৬ অক্টোবৰ পৰা আয়োজন কৰা প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে । প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰে জাগুন চাইনাকি এফ চি বনাম বৰডুবী এফ চি, ফিল’বাৰী। প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি দলে বৰডুবী এফ চি ফিল’বাৰী দলক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেম্পিয়ন হয়। জাগুন চাইনাকি এফ চি দলৰ হৈ অজয় পেগুৱে ৪০ আৰু ৬৫ মিনিটত গ’ল দি দলক জয়ী কৰোৱাই। দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদোধন কৰে মিছিং বানে কাবাংৰ ৰাজেন চন্দ্ৰ নৰহে। দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিৰ আগমুহুৰ্তত সদ্য প্ৰয়াত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ব বিখ্যাত ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ শতগতি বাবে এক মিনিট  মৌন প্ৰাথনা জনোৱা লগতে ডিয়াগো মাৰাডোনাৰ প্ৰতি সন্মান জনাই ফাইনেল খেলত ১০ নম্বৰ জাৰ্ছি পৰিধান নকৰে দুয়োটা দলৰ খেলুৱৈ সকলে। দিবা নৈশ ফাইনেল খেলত উপস্থিত থাকে ফিল’বাৰী আৰক্ষী থানাৰ প্ৰভাৰী, ফিল’বাৰী সেনা চাৱনীৰ বিষয়া, টি এম পি কে জিলা সমিতিৰ সভাপতি চুচেন দলে, সম্পাদক গৌৰৱ পাদুন, সহকাৰী সম্পাদক অজয় দলে, আঞ্চলিক সভাপতি প্ৰাঞ্জল কছাৰী, সম্পাদক শচীন পাদুন, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ, ফিল’বাৰী ক্ৰীড়া সন্থাৰ সভাপতি কুলেশ্বৰ ফুকন , সম্পাদক সঞ্জিৱ বৰা, সাংবাদিক পুস্পধৰ মৰাণ লগতে কেইবাগৰাকী অতিথি উপস্থিত থাকে। দিবা নৈশ ফুটবল ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে জাগুন চাইনাকি দলৰ অজয় পেগুৱে।

মৰিগাঁওত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : মৰিগাঁওত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও ত । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ 14 নং গোভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কংকণা বৰদলৈ পাটৰ স্বামী গোলাপ পাটৰ মনোনয়ন পত্ৰ দাখিলৰ কেইমুহূৰ্ত মান পূৰ্বে মনোনয়নৰ সকলো নথিপত্ৰ সহ মৰিগাঁও আৰক্ষীয়ে চক্ৰান্ত মূলক ভাবে গ্ৰেপ্তাৰ কৰে । যাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে প্ৰাৰ্থী গৰাকীয়ে । গতিকে শুকুবাৰে মৰিগাওঁ সদৰ থানাৰ সন্মুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও কংগ্ৰেছ দলে । প্ৰতিবাদী কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদূত বৰদলৈৰ লগতে মৰিগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি বিৰকুমাৰ উপস্থিত থাকে ।

মিৰ্জাত প্ৰাক্তন ছাত্র নেতা, মণ্ডল কংগ্ৰেছৰ সভাপতি অৰ্ধ শতাধিকৰ অগপত যোগদান। অসমত অগপৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব : কমলা কলিতা

মিৰ্জা, ২৭ নৱেম্বৰ:  অসমত অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব । আজি পলাশবাৰীৰ মিৰ্জাৰ সমীপৱৰ্তী কোছপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাতপাৰা ৰাইজৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অগপৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই ভাষণ প্ৰসংগত এইদৰে কয়। বৰ্তমান খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ভৰ অধ্যক্ষ ডা কলিতাই লগতে কয় যে পলাশবাৰী অগপৰ দুৰ্গ আছিল। কিন্তু দলটোৰ প্ৰতি দুৰ্বলতা আহিল, বিগত সময়চোৱাত দুই এক নেতৃত্বই নিজৰ ব্যক্তিগত ধৰণে  দলটোক ব্যৱহাৰ কৰা বাবে । কিন্তু দলীয় সমৰ্থকসকলে এতিয়াও সবল নেতৃত্বৰ আস্থা লাভৰ অপেক্ষাত ৰৈ আছে। সম্প্ৰতি গাঁঁৱে গাঁৱে সভা সমিতিত অংশগ্ৰহণ কৰোঁতে অগপৰ জন্মলগ্নৰ পৰা আবেগিকভাৱে জড়িত হৈ থকা বহু জ্যেষ্ঠ ব্যক্তিক লগ পাই এই কথা বুজিব পাৰিছোঁ বুলি দলীয় সমৰ্থক তথা আজি নতুনকৈ যোগদান কৰিবলৈ অহা আঞ্চলিকতাবাদী ৰাইজক উদ্দেশ্যি তেওঁ অবগত কৰে। এই যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সভাপতি মদন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা উক্ত সচেতন মঞ্চৰ সম্পাদক ধৰ্মেন্দ্ৰ কলিতাসহ  অৰ্ধ শতাধিক পুৰুষ মহিলা আৰু নতুন প্ৰজন্মৰ ছাত্র ছাত্ৰী, সাতপখলি তেজপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি টংকেশ্বৰ দাস, বিজেপিৰ সাপৰটাৰি‌ আঞ্চলিকৰ সভাপতি কুশল দাসে আজি আনুষ্ঠানিকভাৱে অগপৰ সদস্য ভৰ্তি হৈ দলীয় গলপতা লৈ  অগপ দলত যোগদান কৰে।‌ দলত নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে দলীয় নেতৃত্বই। পলাশবাৰী অগপ বিধান পৰিষদৰ সম্পাদক যমুনা দৈমাৰিয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অগপৰ পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী, সম্পাদক পৰাগ দাস, যমুনা দৈমাৰি,  পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামী আদিয়ে ।

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপ-সমিতিৰ সহযোগত “সুমথিৰা ৰ’দত কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন

মৰিগাঁও, ২৭ নবেম্বৰ : মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ইয়াৰ কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্য্যালয়ৰ মুকলি মঞ্চত অনুষ্ঠিত হয় এখনি গাম্ভিৰ্য পূৰ্ন কবি সন্মিলন। বিশিষ্ট কবি তথা কবি সন্মিলন  উপ-সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত আনুষ্ঠিত  হোৱা কবি সন্মিলনখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আদি কালৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত কবিতাৰ ক্ৰমবিকাশ আৰু উত্তৰণ সম্পৰ্কত বিস্তৃত ভাবে আলোকপাত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কবি সন্মিলন উপ-সমিতিৰ সম্পাদক নৱ ৰাজনে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই। আনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, সম্পাদক পিনাকী ভূষণ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া, কল্পতৰু চৌধুৰী, জ্যোতিষ বৰ্মন, বিৰিঞ্চি কুমাৰ  শৰ্মা, চন্দ্ৰলেখা গোঁহাই লাহন, ধৰ্মেশ্বৰী শইকীয়া, জাৰ্জিনা বেগম হুছেইন, প্ৰাঞ্জল হাজৰিকা, শিশুৰাম শইকীয়া, অমিয় কুমাৰ মহন্ত, বলেন চন্দ্ৰ বৰুৱা, বাবুমনি হীৰা, লুইত অনিৰুদ্ধ, দিলীপ দাস, প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, পৰেশ চন্দ্ৰ চৌধুৰী, কমলেশ্বৰ ডেকা, হেমন্ত কুমাৰ নাথ, মনোজ কুমাৰ নাথ, শিবম কন্দলী, ঋতুৰাজ গোস্বামী, মনীষা শৰ্মা কন্দলী, ফুকুল ভট্ট ডেকা, লোহিত চন্দ্ৰ দাস, সিদ্ধাৰ্থ শংকৰ, লক্ষ্মী প্ৰসাদ শৰ্মা, বুবুল কাকতি, মৃণাল কুমাৰ হাজৰিকা, প্ৰবাল গোস্বামী, দিব্যম শিৱম প্ৰমুখ্যে জিলাৰ বিভিন্ন প্ৰান্তৰ কবিসকলে। অনুষ্ঠানত পঠিত কবিতাৰাজিৰ ওপৰত চমুকৈ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ দীপকজ্যোতি বৰুৱাই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ  শতাধিক নবীন আৰু প্ৰবীন কবিৰ অংশগ্ৰহনে অনুষ্ঠান টো জীপাল কৰি তোলে। ইপিনে অনুষ্ঠানৰ আৰম্ভনিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিত বিশিষ্ট সাহিত্যিক সকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন

গোলাঘাট , ২৭ নবেম্বৰ :  গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ ” সাম্প্ৰতিক সময় আৰু কিছু চিন্তা ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় । এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীবী, লেখক অৰুণ গোস্বামীয়ে । উক্ত সভাত জেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অতুল গোহাঁই , সম্পাদক অভিজিৎ বৰা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা , বিশিষ্ট চিকিৎসক ডাঃ বিপুল দাস আদিকে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্হিত থাকে । বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ৩২ টা প্ৰবন্ধৰ একত্ৰিত সংকলন এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়াইছে ৰণাংগন প্ৰকাশনে ।

কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবীত মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ

মৰিগাঁও, ২৭ নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবী জিলা উপায়ুক্তৰ জৰিয়তে এখন  স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে অসম এখন কৃষি প্ৰধান ৰাজ্য । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষিৰ ওপৰত ভিত্তি কৰি নিজৰ  জীৱিকা আৰ্জন কৰি জীৱন নিৰ্বাহ কৰে । কিন্তু পৰিতাপৰ বিষয় এই যে অসমত কৃষিজাত সামগ্ৰীৰ সু-নিয়ন্ত্ৰিত বজাৰ নথকা আৰু সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যৰ বাবে কৃষক সকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় | যাৰ ফলত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে বহু কৃষকে কৃষি কৰ্ম বাদ দি কৃষি ভূমি বিক্ৰী পৰ্য্যন্ত কৰিব লগা হৈছে | অসমৰ কৃষকৰ প্ৰধান সমস্যা হল যে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ যেনে ধান, মৰাপাট, সৰিয়হ, চাহ, পাচলি আদি উৎপাদনৰ বাবে হোৱা খৰছৰ অনুপাতে উৎপাদিত সামগ্ৰীৰ মূল্য লাভ নকৰে | ইয়াৰ মূল কাৰণ হল অসমৰ কৃষিজাত সামগ্ৰীসমূহ বজাৰ নিয়ন্ত্ৰণ ক্ষমতা অসমৰ কৃষকৰ হাতত নাই | সমগ্ৰ বজাৰ সমূহ নিয়ন্ত্ৰণ কৰে বহিৰাগত মুনাফাখোৰ মধ্যভোগীয়ে | যাৰ পৰিণতিত কৃষকে নিজ উৎপাদিত সামগ্ৰী মধ্যভোগীৰ সুবিধা অনুযায়ী কম মূল্যত বিক্ৰী কৰিব লগা হয় | কৃষক সকলৰ সৈতে হৈ অহা এই আৰ্থিক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাৰ বাবে কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ উৎপাদনৰ খৰছৰ ওপৰত ভিত্তি কৰি এক সামগ্ৰীৰ চৰকাৰী নূন্যতম মূল্য নিৰ্দ্ধাৰণ কৰাৰ প্ৰয়োজন আছে | নিৰ্ধাৰিত নূন্যতম মূল্যত কৃষকে উৎপাদিত সামগ্ৰী মুকলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে চৰকাৰে সেই সামগ্ৰী সমূহ ক্ৰয় কৰাৰ এক ব্যৱস্থা কৰিলেহে মধ্যভোগী মুনাফাখোৰে একচেটিয়া বজাৰ নিয়ন্ত্ৰণৰ যোগেদি কৃষকসকলক কৰি অহা আৰ্থিক শোষণ বঞ্চনাৰ ওৰ পৰিব | অসমৰ কৃষক ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ এক চৰকাৰী নূন্যতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰাৰ বাবে অনতিবিলম্বে  কাৰ্য্যকৰি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰে।