Home Blog Page 3211

টিলিং টিলিং…

ৰাজীৱ কমল শইকীয়া

‘মন হীৰা দৈ চাইকেল নহয় টিলিঙা,

মন হীৰা দৈ ডেকা নহয় পিলিঙা,

ৰহঢলা পথাৰত, আহিবা ঐ নিজানত

মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত…’

যেতিয়াই গোলাঘাটৰ ঘৰলৈ যাওঁ, ঢেকিয়াল পোৱাৰ লগে লগে মনটো ভাল লাগে, কাৰণ- যাত্ৰা পথত অলপ পাছতেই যে ৰহঢলা। ৰহঢলা পথাৰখন পাৰ হোৱাৰ সময়ত এনে লাগে যেন- প্ৰসিদ্ধ অভিনেতা প্ৰয়াত বিজু ফুকন দেৱ চেলুলয়ডৰ পৰা ওলাই সুবিশাল ৰহঢলাৰ বক্ষৰ সেই পৌঢ় বৃক্ষ আৰু পুল থকা, সেওঁতা হেন ধুনীয়া ৰাস্তাটোৰে চাইকেল চলাই আমাৰ ফাললৈকে আহি আছে, অনন্য হাঁহিটো মুখত লৈ কন্ঠেৰে মহানন্দ মজিন্দাৰ বৰুৱাক সোঁৱৰাই। নিজেও যেন গাড়ীৰ পৰা নামি, কোনো প্ৰিয় সংগীক কেৰিয়াৰত বহুৱাই, তেখেতৰ পিছে পিছে চাইকেল চলাই গুচি যাম বহু দূৰ। বুজা হোৱাৰে পৰা চাইকেলৰ চকাৰ দৰেই স্মৃতিত ঘূৰি ঘূৰি বাজি থকা গান এইটো। আমাৰ জন্মৰো আগৰে এই গান। এটা অতি হেঁপাহৰ গান ই। সময়ৰ তাগিদাত চাইকেলৰ চাহিদা আৰু জনপ্ৰিয়তা লাহে লাহে, কমি আহিছিল। তাৰ পাছত… গণ পৰিবহনত সামাজিক দূৰত্ব নাথাকে। চিকিৎসা বিশেষজ্ঞসকলে নিৰন্তৰ শাৰীৰিক দূৰত্বৰ গুৰুত্বৰ কথা আমাক দফেবিদফে কৈয়ে আছে। তাৰ পৰিপেক্ষিতত, ৰাইজৰ মাজত চাইকেলে হেৰুওৱা আদৰ ঘূৰাই পাইছে। বৰ্তমান বজাৰত গাড়ী, মটৰ-বাইকৰ তুলনাত চাইকেলৰ বিক্ৰীৰ হাৰ বেছি হোৱা পৰিলক্ষিত হৈছে। বিশ্বৰ গৰিষ্ঠ সংখ্যক মানুহে সদ্যহতে দীঘলীয়া ভ্ৰমণৰ পৰা বিৰত আছে। চমু ভ্ৰমণ আৰু বজাৰ-সমাৰ কৰা জাতীয় প্ৰয়োজনত, শাৰীৰিক দূৰত্ব পালনৰ খাতিৰত বাইক বা গাড়ীৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ হৈছে। লকডাউন ব্যৱস্থা আৰু আনলক প্ৰক্ৰিয়াই অধিকাংশ মানুহক অফুৰন্ত সময় দিছে, ফলত পৰিশ্ৰম আগতকৈ কমিছে, সেয়ে বহু লোকে ৰাতিপুৱা, গধূলি নিয়মীয়াকৈ চাইকেল চলাই গাৰ ঘাম বাহিৰ কৰি, শৰীৰক নিৰোগী তথা সপ্ৰতিভ কৰি ৰখাৰ প্ৰচেষ্টাত অন্তঃকৰণেৰে ব্ৰতী হৈছে। আনলক ভাৰতৰ নেচনেল হাইৱেৰ বাদে মফচলীয় অঞ্চলসমূহৰ মুকলি ৰাস্তাত গাড়ী আৰু বাইকৰ হৰ্ণৰ বিপৰীতে বেছিকৈ শুনিবলৈ পোৱা গৈছে- নতুন নতুন ব্ৰেণ্ড তথা মডেলৰ আকৰ্ষণীয় চাইকেলবোৰতো তাহানিৰ টিলিঙাৰ ক্লাছিক শব্দ- টিলিং টিলিং। যদিও আজিকালিৰ আটক ধুনীয়া চাইকেলবোৰৰ ক্ৰয়ৰ ক্ষেত্ৰত ইএমআই অপশ্যনো উপলদ্ধ, তথাপিও, বাইকৰ তুলনাত এই গিয়েৰ যুক্ত আৰু গিয়েৰহীন বৰ্ণিল চাইকেল সমূহৰ বহুতেই কম দাম। সেয়েহে ক’ব পাৰি- ইচ্ছা কৰিলে, ক্ৰেতাৰ এককালীন বিনিয়োগে আনি ঘৰ পোৱাই দিবহি পৰা বাহনৰ নাম চাইকেল। যুগ যুগ ধৰি শূণ্য প্ৰদূষণ সৃষ্টিকাৰী চাইকেল… জিন্দাবাদ।

আইপিএলৰ টাইটেল স্পনছৰৰ দৌৰত পতঞ্জলি

দৈনন্দিন বাৰ্তা ডেস্ক : টাইটেল স্পনছৰ হিচাপে ইতিমধ্যে আইপিএলৰ পৰা নাম আঁতৰ হ’ল চীনা ম’বাইল ফোন কোম্পানী ভিভ’ ৷ ভিভ’ৰ ঠাইত আইপিএলৰ বাবে বিচিচিআই-এ নতুন টাইটেল স্পনছৰ বিচাৰি আছে ৷ এনে সময়ত মেগা টুৰ্ণামেণ্টখনৰ টাইটেল স্পনছৰ হ’বৰ বাবে হঠাৎ দৌৰত নামিল ‘পতঞ্জলি’। ৰামদেৱৰ এই কোম্পানীৰ মুখপাত্ৰ এছ কে তিজাৰাৱালাই সংবাদ প্ৰতিষ্ঠানক কয়, এইবাৰ আইপিএলত আমি টাইটেল স্পনছৰ হ’ব বিচাৰিছো ৷ সমগ্ৰ বিশ্বত ‘পতঞ্জলি’ ব্ৰেণ্ডৰ বজাৰ সৃষ্টি কৰাই আমাৰ লক্ষ্য ৷ আইপিএলৰ সৈতে ‘পতঞ্জলি’ৰ নাম জড়িত হ’লে কোম্পানীটোৰ নাম সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ হ’ব ৷ সেই কথাত গুৰুত্ব দি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰস্তাৱ দিয়াৰ কথা চিন্তা কৰা হৈছে বুলি জনায় তিজাৰাৱালাই ৷ ইপিনে ক্ৰীড়া আৰু বাণিজ্যিক মহলৰ এক বৃহৎ অংশৰ মতে আইপিএলৰ টাইটেল স্পনছৰ ‘পতঞ্জলি’ হ’লে মেগা টুৰ্ণামেণ্টখনৰ এটা বৃহৎ লাভ নহয় ৷ ইয়াৰ বিপৰীতে বেছি লাভ হ’ব ‘পতঞ্জলি’ৰ ৷ উল্লেখ্য চীনা সামগ্ৰীৰ বিৰুদ্ধে জনমত গঠন কৰা হৈছে দেশত ৷ এনে পৰিস্থিতিত কোনো দেশীয় কোম্পানীয়ে আইপিএল স্পনছৰ কৰে তেতিয়া জনমানসত ইতিবাচক প্ৰভাৱ পৰিব বুলি বহুৱে মত প্ৰকাশ কৰিছে ৷ স্মৰ্তব্য যে গালৱান উপত্যকাত ২০ জন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পাচত দেশত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দিয়া হৈছিল ৷ তাৰে ফলশ্ৰুতিত আইপিএলৰ টাইটেল স্পনছৰৰ পৰা চীনা কোম্পানী বাদ দিয়াৰ সিদ্ধান্ত লয় আইপিএলৰ গভৰ্ণিং ব’ডীয়ে ৷ অৱশেষত ভিভ’ক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ৷ এনে সময়তে ‘পতঞ্জলি’ আগবাঢ়ি অহাত নতুন দিশ উন্মোচিত হৈছে ৷

দেশৰ ১০ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে সভা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যাও বাঢ়ি আছে৷ এনে সময়তে দেশৰ ১০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সভাত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ উল্লেখ্য যে দেশৰ ক’ৰোনাত আক্ৰান্ত হোৱা ৰাজ্যকেইখনৰ ভিতৰত ৮০ শতাংশ হ’ল ১০খন ৰাজ্যৰ৷ সেই ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশ, কৰ্ণাটক, পশ্চিমবংগ, পাঞ্জাৱ, বিহাৰ, তামিলনাডু, উত্তৰপ্রদেশ, গুজৰাট, তেলংগানা। এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মঙলবাৰে সভাত বহে প্ৰধানমন্ত্ৰী মোডী৷ প্ৰধানমন্ত্ৰীয়ে কয়, এই ১০ খন ৰাজ্যত ক’ৰোনাক হৰুৱালে গোটেই দেশ জয়ী হ’ব৷ মৃত্যুৰ হাৰ এই প্ৰথম কমিছে৷ তাকে লৈ সভাত সন্তোষ প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয়, ক’ৰোনা মোকাবিলাত আমি সঠিক পথত গৈছো৷ ঐক্যবদ্ধভাৱে আমি ক’ৰোনা ৰোধ কৰিম৷ তদুপৰি ক’ৰোনা মোকাবিলাত কেইটামান ঔষধৰ কথা ক’লে মোডীয়ে৷ তেওঁৰ মতে, এই পৰ্যন্ত আমাৰ যি অভিজ্ঞতা তাৰ পৰা কেইটামান বিষয় স্পষ্ট৷ ক’ৰোনা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ৰোগীৰ সন্ধান কৰা, তেওঁলোকৰ ওপৰত দৃষ্টি দিয়া আৰু প্ৰয়োজনত কোৱাৰেণ্টাইন কৰা৷ এই তিনিটা বিষয় সকলোতকৈ কাৰ্যকৰী অস্ত্ৰ ৷ তেওঁ লগতে কয়, বিশেষজ্ঞসকলে কয় যে যদি ক’ৰোনা সংক্ৰমিত হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত ৰোগী চিহ্নিত কৰা হয় তেনে সেই ৰোগীৰ পৰা ক’ৰোনা সংক্ৰমণ হোৱাৰ আশংকা অতি কম৷ এজনৰ সংক্ৰমণ ধৰা পৰিলে ৭২ ঘণ্টাৰ ভিতৰত পৰিয়ালৰ বাকীসকলৰ পৰীক্ষা কৰিব লাগে৷ মোডীৰ পৰামৰ্শ, কোৱাৰেণ্টাইন জ’নবোৰ সম্পূৰ্ণ বেলেগে ৰাখিব লাগে৷ বিহাৰ, পশ্চিম বংগ, গুজৰাট, তেলেংগানাত ক’ৰোনা পৰীক্ষা বঢ়োৱা হ’ব৷ দিল্লীত নিৰ্দিষ্ট ৰ’ডমেপ মানি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে ৷ সভাত বাৰম্বাৰ প্ৰধানমন্ত্ৰীয়ে ঐক্যবদ্ধভাৱে ক’ৰোনা মোকাবিলা কৰাত জোৰ দিয়ে ৰাজ্যবোৰক৷ ক’ৰোনা মোকাবিলা কৰাত ইয়াকে লৈ সপ্তমবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত সভাত বহিল প্ৰধানমন্ত্ৰী ৷ ইপিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱা জনায় যে যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ৫৩ হাজাৰ ৬০১ জন৷ ইয়াকে লৈ দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ২২ লাখ ৬৮ হাজাৰ ৬৭৫জন ৷ দেশত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত মৃত্যু হৈছে ৮৭১জন ৷

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত মৃত্যু কৃতী ছাত্ৰীৰ : হত্যাৰ অভিযোগ পৰিয়ালৰ

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশত এগৰাকী কৃতী ছাত্ৰীৰ মৃত্যুক লৈ ৰহস্য ঘনীভূত হৈছে ৷ আৰক্ষীয়ে দাবী কৰিছে ছাত্ৰীগৰাকী দুৰ্ঘটনাত মৃত্যু হৈছে ৷ ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীৰ পৰিয়ালে সেই কথাত সন্মত নহয়৷ পৰিয়ালৰ মতে ছাত্ৰীগৰাকীক হত্যা কৰা হৈছে ৷ ২০১৮ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৮ শতাংশ লাভ কৰিছিল সুদীক্ষা ভাটি নামৰ এই ছাত্ৰীগৰাকীয়ে ৷ আমেৰিকাৰ মেছাচুছেটছৰ এখন নামী বিশ্ববিদ্যালয়ত জলপানি লৈ তেওঁ শিক্ষা গ্ৰহণ কৰিছিল৷ ক’ৰোনাৰ বাবে তেওঁ ঘৰলৈ ঘুৰি আহিছিল৷ আগষ্ট মাহতে পুনৰ আমেৰিকালৈ ঘুৰি যোৱাৰ কথা৷ কিন্তু তাৰ আগতেই বুলন্দচহৰত পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়৷ আৰক্ষীৰ ওচাত সুদীক্ষাৰ পৰিয়ালে জনাইছে, শিক্ষা সংক্ৰান্ত কেতবোৰ নথি আনিবৰ বাবে সেইদিনা খুৰাকৰ বাইকেৰে বুলন্দচহৰৰ ছিকান্দ্ৰাবাদৰ এখন বিদ্যালয়লৈ গৈছিল সুদীক্ষা ৷ তেওঁলোকৰ দাবী, পথত কেইবাজনো যুৱকে বাইকেৰে সুদীক্ষা আৰু খুৰাকক অনুসৰণ কৰে৷ আনকি সুদীক্ষাক ব্যতিব্যস্ত কৰিছিল৷ তেওঁলোকে বেপেৰুৱাভাৱে বাইক চলাইছিল৷ সুদীক্ষাৰ খুৰাক সত্যেন্দ্ৰ ভাটিৰ দাবী, এই যুৱকৰ দলটোৰে বাইকেৰে তেওঁলোকক পাছ পেলায়৷ ষ্টাণ্ট কৰি দেখুৱায়৷ মই বাইকৰ গতি হ্ৰাস কৰি দিও৷ তেতিয়া পিছফালৰ পৰা এজনে বাইকেৰে জোৰেৰে খুন্দা মাৰি দিয়ে৷ সুদীক্ষা আৰু মই দুয়ো পৰি যাও৷ সুদীক্ষাই মুৰত আঘাত পায়৷ সত্যেন্দ্রৰ দাবী, যিখন বাইকেৰে খুন্দা মাৰিছিল তাৰ আৰোহীক চিনি নাপালে৷ খুন্দা মাৰিয়ে আৰোহীয়ে পলায়ন কৰে৷ জিলা প্ৰশাসনে সাংবাদিকক জনোৱা মতে, খুৰাক নহয়, বাইকখন চলাইছিল সুদীক্ষাৰ ভায়েকে৷ তেওঁ নাবালক৷ তেওঁলোকক হাৰাশাস্তি কৰাৰ কোনো প্ৰমাণ পোৱা নগ’ল৷ বুলন্দচহৰৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে৷ এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বিপৰীত দিশৰ পৰা এখন ৰয়েল এনফিল্ড আহিছিল৷ যানজঁটৰ বাবে সেইখন হঠাৎ ব্ৰেক মাৰে৷ তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় ৷

৩ পাকিস্তানৰ আৰ্শীবাদপুষ্ট দুষ্কৃতিকাৰীক কৰায়ত্ত

দৈনন্দিন বাৰ্তা ডেস্ক : পাকিস্তানে বাৰম্বাৰ ভাৰতৰ বিৰুদ্ধে কূটাঘাতমূলক কাৰ্য কৰিবলৈ চক্ৰান্ত চলাই আছে ৷ তাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰি আছে৷ তদুপৰি নানা উপায়েৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভূস্বৰ্গলৈ পঠাইছে ইছলামাবাদে ৷ উল্লেখ্য যে যোৱা সোমবাৰে তালাচী চলি থকা সময়তে তিনিটা দুষ্কৃতিকাৰীক সেনাই কৰায়ত্ত কৰে৷ এই দুষ্কৃতিকাৰীৰ পৰা বহু পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰে৷ উল্লেখ্য যে কিছুদিনৰ আগতে অস্ত্ৰভৰ্ত্তি ড্ৰোন উদ্ধাৰ কৰিছিল সেনাই ৷ কাশ্মীৰত বিচ্ছিন্নতাবাদীৰ বাবে অস্ত্ৰ সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছে ৷ কাশ্মীৰত অশান্তিৰ চেষ্টা চলাই থকাৰ সময়তে ভাৰতীয় সেনাই কৰায়ত্ত কৰা পাকিস্তানৰ আৰ্শীবাদপুষ্ট দুষ্কৃতিকাৰীৰ পৰা এ কে ৪৭ ৰাইফল, দুটা পিষ্টল আৰু মেগাজিন উদ্ধাৰ কৰে ৷

উচ্চতম ন্যায়ালয়ৰ ৰায় : পৈতৃক সম্পত্তিৰ ওপৰত কন্যা সন্তানৰো আছে সমান অধিকাৰ

অনলাইন বাৰ্তা, ১১ আগষ্ট : পৈতৃক সম্পত্তিৰ ওপৰত কন্যা সন্তানৰো সমান অধিকাৰ আছে ৷ মঙলবাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ে জনায় যে ২০০৫ চনৰ আগতে অৰ্থাৎ হিন্দু উত্তৰাধিকাৰী আইনৰ সংশোধনী কাৰ্যকৰী হোৱাৰ আগতে পিতৃ-মাতৃ মৃত্যু হ’লেও তেওঁলোকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব পাৰে কন্যা সন্তান ৷ ফলত এতিয়াৰ পৰা পিতৃ-মাতৃৰ মৃত্যুৰ পাচত কন্যাৰ বাবে সম্পূৰ্ণ আইনী অধিকাৰ প্ৰতিষ্ঠা হ’ল ৷ ২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰী আইন কাৰ্যকৰী হয় ৷ কিন্তু এই আইন কাৰ্যকৰী হোৱাৰ আগতে যাৰ পিতৃ-মাতৃৰ মৃত্যু হৈছে তেওঁলোকে সম্পত্তিৰ সমান অধিকাৰ পাবনে সেই কথা থাকি গৈছিল ৷ মঙলবাৰে ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বতাধীন তিনি সদস্যৰ বিচাৰপীঠে জনায় যে ২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰী আইনৰ ছয় নম্বৰ ধাৰা অনুযায়ী কন্যা সন্তানে সম্পত্তিৰ ওপৰত সমান অধিকাৰ পাব৷ সেই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নালাগে ৷ এই ৰায়দানৰ সময়ত ন্যায়াধীশ অৰুণ মিশ্ৰই কয়, পৈতৃক সম্পত্তিৰ ওপৰত কন্যাৰো পুত্ৰৰ সমান অধিকাৰ আছে ৷ এগৰাকী কন্যা সমগ্ৰ জীৱন পিতৃ-মাতৃৰ আদৰৰ৷ এজমালি সম্পত্তিৰ গৰাকী বাচি থাকক বা নাথাকক সম্পত্তিৰ ওপৰত কন্যাৰ সমগ্ৰ জীৱন অধিকাৰ আছে ৷ হিন্দু উত্তৰাধিকাৰী আইন (সংশোধীত) ২০০৫ চনৰ ৯ ছেপ্টেম্বৰত কাৰ্যকৰী হয়৷ সেই সময়ত জীৱিত পিতৃ আৰু কন্যাৰ বাবে এই আইন প্ৰযোজ্য৷ ২০০৫ চনৰ আগতে পিতৃৰ মৃত্যু হ’লেও কন্যাই এই অধিকাৰ পাব ৷

সমগ্ৰ বিশ্বত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২০ মিলিয়ন অতিক্ৰম

দৈনন্দিন বাৰ্তা ডেস্ক : সমগ্ৰ বিশ্বত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা মঙলবাৰে পুৱা ২০ মিলিয়ন অতিক্ৰম কৰিলে ৷ জন হ’পকিন বিশ্ববিদ্যালয়ে এই কথা প্ৰকাশ কৰে৷ আনহাতে সমগ্ৰ পৃথিৱীত মুঠ ৭ লাখ ৩৪ হাজাৰ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰা মতে সমগ্ৰ বিশ্বত ক’ৰোনাত ২০,০,১১,১৮৬ জন লোক আক্ৰান্ত হৈছে আৰু ৭,৩৪,৬৬৪ জনৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত আমেৰিকাত ৫০৮৯৪১৬ জন আক্ৰান্ত আৰু ১৬৩৪২৫ জনৰ মৃত্যু হৈছে৷ ইয়াৰ পাচতে ব্ৰাজিলত ৩০৫৭৪৭০ জন আক্ৰান্ত হোৱাৰ লগতে ১০১৭৫২ জনৰ মৃত্যু হৈছে৷ তৃতীয় স্থানত থকা ভাৰতত ২২১৫০৭৪ জন আক্ৰান্ত হৈছে৷ আনহাতে ৰাছিয়াত ৮৯০৭৯৯, দক্ষিণ আফ্ৰিকাত ৫৬৩৫৯৮, মেক্সিকোত ৪৮৫৮৩৬, পেৰুত ৪৭৮০২৪, কলম্বিয়াত ৩৮৭৪৮১, চিলিত ৩৭৫০৪৪, ইৰানত ৩২৮৮৪৪, স্পেইনত ৩২২৯৮০, ইংলেণ্ডত ৩১৩৩৯২, ছৌদি আৰবত ২৮৯৯৪৭, পাকিস্তানত ২৮৪৬৬০, বাংলাদেশত ২৬০৫০৭ জন আক্ৰান্ত হৈছে৷ আনহাতে নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিন্দা এৰডিৰেনে মঙলবাৰে জনায় যে অকলেণ্ডত চাৰিজন ক’ৰোনা আক্ৰান্ত ধৰা পৰিছে৷ ১০২ দিনৰ পাচত দেশখনত পুনৰ ক’ৰোনাত আক্ৰান্তৰ কথা পোহৰলৈ আহিল৷ উল্লেখ্য যে দেশখন ক’ৰোনা আক্ৰান্তৰ পৰা মুক্ত হৈ পৰিছিল৷ শেহতীয়াকৈ পুনৰ আক্ৰান্ত হোৱাত চিন্তাৰ কাৰণ হৈ পৰিছে৷

সংকটজনক অৱস্থাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থা সংকটজনক ৷ ইতিমধ্যে তেওঁক ভেণ্টিলেছনত ৰখা হৈছে ৷ চিকিৎসালয়ৰ সূত্ৰৰ মতে সোমবাৰে ক’ৰোনাত আক্ৰান্ত প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ ব্ৰেইন ছাৰ্জাৰি কৰা হয় ৷ তাৰ পাচৰ পৰাই তেওঁক ভেণ্টিলেছনত ৰখা হয় ৷ উল্লেখ্য যে ৮৪ বছৰীয়া প্ৰণৱ মুখাৰ্জীয়ে ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা নিজেই টুইট কৰি জনাইছিল ৷ টুইট কৰোতে তেওঁ লিখিছিল, আন এটা দৰকাৰত চিকিৎসালয়লৈ গৈছিল ৷ তাতেই ক’ৰোনা পৰীক্ষা হয় ৷ সেই পৰীক্ষাত তেওঁৰ পজিটিভ পায়৷ নিজকে ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা কোৱাৰ লগতে যোৱা এটা সপ্তাহত তেওঁৰ সংগলৈ অহা লোকক সাৱধানতা অৱলম্বন কৰিবলৈ কয় ৷ তদুপৰি সকলোকে ছেল্ফ আইচলেচনত থাকি ক’ভিড পৰীক্ষাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিজনে আহ্বান কৰে৷ আনহাতে দিল্লীৰ আৰ্মি ৰিচাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত তেওঁক ক’ৰোনাত আক্ৰান্ত হোৱাৰ দিনা ভৰ্ত্তি কৰে ৷ চিকিৎসালয়ৰ সূত্ৰ মতে তেওঁৰ মস্তিস্কৰ এঠাইত তেজ জমা হৈছে ৷ সোমবাৰে ৰাতি তেওঁৰ ব্ৰেইন ছাৰ্জাৰি কৰা হয় ৷ উল্লেখ্য যে দেওবাৰে ৰাতি ঘৰৰ শৌচগাৰত পৰি মুৰত আঘাত পাইছিল প্ৰণৱ মুখাৰ্জীয়ে ৷ ৰক্তপাত নহ’লেও সোমবাৰে পুৱাৰ পৰা স্নায়ুৰ সমস্যাই দেখা দিয়ে ৷ বাওঁহাতখন লৰচৰ কৰাত সমস্যা হয় ৷ তেতিয়াই চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ উক্ত চিকিৎসালয়ত ভৰ্ত্তি হয় ৷ এমআৰআই স্কেন কৰি পায় যে তেওঁ আঘাত পোৱাৰ ফলত মুৰৰ ভিতৰত তেজ জমা হৈছে ৷ সেয়ে জৰুৰী ভিত্তিত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় চিকিৎসকে ৷ অস্ত্ৰোপচাৰ কৰি তেওঁৰ জমা তেজ বাহিৰ কৰি দিয়া হয় ৷ কিন্তু শাৰীৰিক অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিৎসালয়খনতে ভেণ্টিলেছনত ৰখা হয় ৷ উল্লেখ্য যে ২০১২ চনৰ পৰা ২০১৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি আছিল এইজন বৰ্ষীয়ান কংগ্ৰেছ নেতা ৷

অনুষ্ঠুপিয়াকৈ পালন কৰিব মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাভিকেন্দ্ৰৰ ডেকাসুন্দৰ গাঁৱৰ পৰম্পৰাগত ভাওনা উৎসৱ এইবেলি কৰ’না মহামাৰীৰ বাবে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেকাসুন্দৰবাসী ৰাইজে। ইয়াৰ বিপৰীতে ভাদ মাহত অনুষ্ঠিত হ’বলগীয়া মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি, মাহজোৰা গোপিনীৰ নাম, মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ পৰম্পৰাগ দিন ভাওনা (ঝুমুৰা), কৃষ্ণ জন্মাষ্টমী আদি ধৰ্মীয় নীতি ৰক্ষা কৰি গাঁওখনৰ খেলসমূহৰ প্ৰতিনিধিমূলক ভকতেৰে সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনাৰ মানি  অনুষ্ঠুপিয়াকৈ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ থলী তথা শোণিতকোঁৱৰ গজেন বৰুৱাৰ জন্মভূমি ডেকাসুন্দৰ গাঁৱে প্ৰতিবৰ্ষত ভাদ মাহৰ প্ৰতিটো আধ্যাত্মিক কাৰ্যসূচী সকলো পন্থৰ লোকে উমৈহতীয়াকৈ পালন কৰি অঞ্চলটোৰ বাবে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ঠিক সেইদৰে ধাৰাবাহিকভাৱে গাঁওখনে পালন কৰি অহা শিশুৰ দ্বাৰা পৰিবেশিত দিন ভাওনা (ঝুমুৰা)ই গাঁওখনক আধ্যাত্মিক ক্ষেত্রত অন্য এক মাত্ৰা প্ৰদান কৰিছে। কিন্তু এইবেলি একমাত্র কৰ’না মহামাৰীৰ বাবে এই সকলো কাৰ্যসূচী বাতিল কৰিছে বুলি গাঁও উন্নয়ন সমিতিৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা আৰু সম্পাদক পংকজ বৰুৱাই জানিবলৈ দিয়ে। তেখেতসকলে কয় যে বিগত বৰ্ষলৈকে গাঁওখনত থকা বাৰেচহৰীয়া ৰাইজ সভা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰ-মাধৱ সমাজ আদি কৰি খেলসমূহে একেটা সময়তে উমৈহতীয়াকৈ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰিছিল যদিও এইবেলি প্ৰতিটো খেলৰ দুগৰাকীলৈ ভকতৰ উপস্থিতত গাঁও উন্নয়নৰ নেতৃত্বত সম্পূর্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি তিথি দুভাগ পালন কৰা হ’ব। ঠিক সেইদৰে প্ৰায় ডেৰ শতাধিক গৃহস্থীৰে পৰিপূৰ্ণ গাঁওখনৰ ভাদ মাহৰ গোপিনীৰ নামো প্ৰতিনিধি মূলকভাবে প্ৰতিদিনে ১০ গৰাকী গোপিনীৰ উপস্থিতিত পালন কৰিব। ডেকাসুন্দৰ যুৱক সংঘৰ সভাপতি হিৰণ্য হাজৰিকা, সম্পাদকদ্বয় ময়ুৰ বৰুৱা আৰু হিৰণ্য বৰুৱাই জানিবলৈ দিয়া মতে যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ভাওনা উৎসৱ এইবেলি আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠুপীয়াকৈ পালন কৰা হ’ব। সেই অনুসৰি শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি দিনা কেইগৰাকীমান ভকতৰ উপস্থিতিত এভাগি নাট গোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্তদিনা গাঁওখনৰ প্ৰতিঘৰ গৃহস্থীয়ে নিজ নিজ পদূলিত এটি ভোটা আৰু তিনি ভাগ নাটৰ নামত উৎসৰ্গা কৰি তিনিগচি বন্তি প্ৰজ্বলন কৰিব। অতি হেঁপাহেৰে পালন কৰি অহা ভাওনাভাগ এইবেলি এইদৰে বন্ধ কৰিবলগীয়া হোৱাত আবেগিক হৈ পৰে গাঁওবাসী। কৰ’না মহামাৰীৰ এই ভয়াবহ মুহূৰ্তত গাঁওখনে গ্ৰহণ কৰা এনে সিদ্ধান্তক আদৰণি জনাইছে অঞ্চলবাসী ৰাইজে।

টিংখাঙৰ ৰাজগড়ত বলিন্দ্ৰ শইকীয়াৰ মুক্তিৰ দবীত চিপিআই (এল-এম) আৰক্ষী চকী ঘেৰাও

টিংখাং : ডিব্ৰুগড় জিলাৰ ৰাজগড়ত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিপিআই (এম এল)ৰ নেতা বলিন্দ্ৰ শইকীয়াৰ মুক্তিৰ দাবীত আজি পাঁচ শতাধিক লোকে ৰাজগড় আৰক্ষী চকী ঘেৰাও কৰে। ৰাজগড় চৰকাৰী চিকিৎসালয়ৰ সমীপত থকা চিপিআই(এম এল)ৰ কাৰ্যালয়ৰ পৰা ৰাজগড় আৰক্ষী চকীলৈকে প্ৰায় দুই কিল’মিটাৰ দৈৰ্ঘৰ পথ হাতে হাতে প্লে’কাৰ্ড, দলীয় পতাকা লৈ খোজেৰে গৈ আৰক্ষী চকী ঘেৰাও কৰে। তেওঁলোকে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে বলিন্দ্ৰ শইকীয়াক অতিশীঘ্ৰে মুক্তিৰ দাবী কৰে। জানিব পৰা মতে মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ পৰা ৰাজগড় সৰোজনী চিলিং গ্ৰান্ট হৈ ধমন চেঁচা নেপালী গাঁৱত সংযোগ হোৱা প্ৰায় ৩০ কি:মি: দৈৰ্ঘ্য এটা পকীপথ নিৰ্মাণক কেন্দ্ৰ কৰি বলিন্দ্ৰ শইকীয়াৰ লগত স্থানীয় ৰাইজৰ সংঘাত সৃষ্টি হয়। এই সংঘাতৰ বাবেই অঞ্চলটোৰ কেবা শতাধিক লোকে সোমবাৰে বলিন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদী শোভাযাত্ৰা কৰি গ্ৰেপ্তাৰৰ দাবী কৰিছিল। তদুপৰি প্ৰতিবাদী দলটোৱে ৰাজগড় নভকতীয়া গাঁৱত থকা বলিন্দ্ৰ শইকীয়াৰ বাসগৃহ ঘেৰাও কৰি তেওঁৰ বিৰুদ্ধে বিভিন্ন শ্ল”গান দিছিল। দলটোৰ জনৈক বিশ্বকৰ্মা উপাধিৰ এজন লোকে বলিন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে পথ নিৰ্মাণত বিধি পথালি দিয়াৰ অভিযোগ তুলি আৰক্ষীক এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। জনা মতে ইয়াৰ পিছতে আৰক্ষীয়ে এজাহাৰখনৰ ভিত্তিতে সোমবাৰৰ বিয়লি বলিন্দ্ৰ শইকীয়াক আটক কৰি নিশা গ্ৰেপ্তাৰ কৰে। আজি পুৱা বলিন্দ্ৰ শইকীয়াক ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। বলিন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ১৯৫/২০ নম্বৰ এটা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ইউ/এছ ১২০ বি/১৮৬/১৮৯/৩৫৩/৫০৬ ধাৰা প্ৰয়োগ কৰা হৈছে। ‘ কা’ বিৰোধী আন্দোলনৰ লগতে বলিন্দ্ৰ শইকীয়া চিপিআই (এম এল) আৰু কৃষক মহাসংঘৰ লগতো সক্ৰিয়ভাৱে জড়িত।