Home Blog Page 3222

টিংখাঙৰ বিধায়ক বিমল বড়াৰ গ্ৰেপ্তাৰৰ দাবীত চিপিআই (এম এল)ৰ প্ৰতিবাদ

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক টিংখাং আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত কালি চিপিআই (এম এল)ৰ সমৰ্থকসকলে ৰাজগড়ৰ শ্বহীদবেদী তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। এক প্ৰেছ বিবৃতিত দলটোৱে কয় যে আচলতে কা বিৰোধী আন্দোলনত দুয়োজন নেতাই সক্ৰিয় হৈ ৰাইজক সংগঠিত কৰাৰ বাবেহে শাসকীয় দলৰ হেঁচাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজগড়ৰ শ্বহীদবেদী তিনিআলিত লকডাউন নিয়ম মানি প্ৰতিবাদকাৰীসকলে শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক মুক্তি দিয়ক, লক ডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত বিমল বড়াক গ্ৰেপ্তাৰ কৰক, টিংখাং আৰক্ষী ৰাইজৰ বাবে নে বিজেপিৰ বাবে জবাব দিয়ক, বিমল বড়াক কিয় গ্ৰেপ্তাৰ কৰা নাই জবাব লাগে, লক ডাউনক ৰাজনৈতিক কামত ব্যৱহাৰ কৰা বন্ধ কৰক, প্ৰতিশোধৰ ৰাজনীতি বন্ধ কৰক, কা আমি নামানো, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানৰে শ্বহীদবেদী তিনিআলি উত্তাল কৰি তোলে। কালিৰ কাৰ্যসূচীত কা বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সহ সম্পাদক বলদেব তেলী উপস্থিত থাকে। চিপিআই (এম এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন বকলীয়ালে নেতৃত্ব প্ৰদান কৰা কালিৰ কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া, জিলা সমিতিৰ সদস্যা কুন্তী তাঁতী, মুকুট কোঁচ, বিনোদ মুড়া আদি উপস্থিত থাকে। আনহাতে ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ উদ্যোগত কালি যুৰীয়া আই থানত এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। মঞ্চৰ সহকাৰী সম্পাদক বলিন্দ্ৰ শইকীয়াই আঁত ধৰা সংবাদ মেলত মঞ্চই বলদেব তেলীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা ঘটনাৰ তদন্তৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়, আৰক্ষী দায়বদ্ধতা আয়োগ, মানৱ অধিকাৰ আয়োগ আৰু অসম চৰকাৰৰ মুখ্য সচিবলৈ এখনি অভিযোগ পত্ৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। মঞ্চৰ সম্পাদক বিপ্লৱ বৰুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে। বৰুৱাই কয় যে যদি নামঘৰত চাকি জ্বলোৱাৰ যোগেদি আইন ভংগ কৰা হৈছে তেন্তে সমষ্টিৰ বিধায়ক বিমল বড়া একেটা দোষতে দোষী। তেন্তে বিধায়ক বিমল বড়াক কিয় গ্ৰেপ্তাৰ কৰা নহ’ব বুলি প্ৰশ্ন উত্থাপন কৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰে। ‘কা’ বিৰোধী মঞ্চৰ সম্পাদকগৰাকীয়ে দাবী কৰা মতে বিধায়ক বিমল বড়াই সমষ্টিটোত সামাজিক দূৰত্ব, মুখত মাস্ক আদি নিপিন্ধাকৈ সভা সমিতি অনুষ্ঠিত কৰি আহিছে। তদুপৰি বিধায়কগৰাকীয়ে সমগ্ৰ ৰাজ্যখনত সন্ধিয়াৰে পৰা বলবৎ কৰা সান্ধ্য আইন ভৰিৰে মোহাৰি সমষ্টিটোত ব্যাপকভাৱে দলীয় কাম কাজ চলাই থকা বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰিছে। সংবাদ মেলত ‘কা’ বিৰোধী কৃষক মুক্তিৰ নেতা অখিল গগৈ, দেবাংগনা কলিতাসহ কাৰাৰুদ্ধ সকলোকে অতিশীঘ্ৰে মুক্তিৰ দাবী জনাইছে। কালিৰ সংবাদ মেলত মঞ্চৰ সহকাৰী সম্পাদক বলদেব তেলী, উপ সভানেত্ৰী দুৰ্গাৱতী সোনা, সহকাৰী সম্পাদক নিতুল বৰুৱা, সহকাৰী সম্পাদক মণ্টু দিহিঙ্গীয়া প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

যৌতুকৰ বাবে স্বামীগৃহই নিৰ্মমভাৱে অত্যাচাৰ কৰা মহিলাৰ মৃত্যু। তিনিমাহ মৃত্যুৰে যুঁজি হাৰ মানিলে কণমানি সন্তানৰ মাতৃয়ে

নগাঁও : যৌতুকৰ বাবেই ৩ মাহ মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে এগৰাকী মহিলাই। ৰাজ্যত নিতৌ বৃদ্ধি পাইছে যৌতুকজনিত ঘটনা৷ তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে নগাঁও জিলাৰ উলুৱনী আৰক্ষী থানা চুলোং আৰক্ষী চকীৰ ১ নং বৰঘুলিত৷ ৩ বছৰ আগতে ১ নং বৰঘুলিৰ নবি হুছেইনৰ লগত সামাজিকভাৱে ডবকাৰ কেৰামত আলীৰ কন্যা ছবিনা বেগমে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা স্বামীৰ পৰিয়ালৰ লোকে যৌতুক বিচাৰি বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছিল। ছবিনাৰ পিতৃৰ অভিযোগ অনুসৰি বিগত এপ্ৰিল মাহত স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে যৌতুকৰ বাবেই তেঁওৰ কন্যাক নিৰ্মম অত্যাচাৰ কৰি শৰীৰত কেৰাচিন তেল ঢালি জুই লগাই দিছিল৷ শৰীৰৰ অধিকাংশই অগ্নিদগ্ধ হোৱা ছবিনাৰ দুৰ্ভগীয়া পিতৃয়ে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল গুৱাহাটীৰ গেট হস্পিতাললৈ। কিন্তু বহুদিন চিকিৎসাৰ অন্তত চিকিৎসাৰ খৰছ বহন কৰিব নোৱাৰি তেওঁ ছবিনাক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সোমবাৰে নিশা মৃত্যুৰে যুঁজি হাৰ মানিলে তেঁওৰ কন্যাই। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ছবিনাৰ এটি কণমানি পুত্ৰ সন্তানো আছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই ছবিনাৰ পিতৃয়ে উলুৱনী থানাত ৪৩/ ২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল যদিও বৰ্তমানলৈকে স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা ন’ললে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(এ)/ ৩২৬/৩০৭/৩৪ ধাৰাত ছবিনাৰ স্বামী ৰকিবুল হাছানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে তেঁওৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও ৰহস্যজনক। আনহাতে এটি কণমানি সন্তানৰ মাতৃক এইদৰে অত্যাচাৰ কৰি হত্যা কৰা ঘটনাৰ উচিত বিচাৰৰ দাবী তুলিছে বৰঘূলিৰ ৰাইজে।

টীয়কৰ ভগামুখৰ নাম উজ্বলালে নিৱেদিতা দত্তই : সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিল ৬৯৭ সংখ্যক স্থান

দৈনন্দিন বার্তা, হাঁহচৰা : আজি ঘোষিত হোৱা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৬৯৭ সংখ্যক স্থান লাভ কৰি জন্মস্থান যোৰহাট জিলাৰ টীয়ক ভগামুখলৈ সন্মান কঢ়িয়াই আনিছে নিৱেদিতা দত্তই ৷নিবেদিতাৰ পিতৃ কৃষ্ণকান্ত দত্ত বৰ্তমানে অৱসৰ লৈ পুনেৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আৰু তেওঁৰ মাতৃ জোনা দত্ত। আজি সাফল্য লাভ কৰা বৰ্তমান পুনেতেই বসবাস কৰা নিবেদিতা বৰ্তমান এক বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত। চি বি এছ ই ৰ অধীনত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা নিবেদিতাই মেকানিকেল ইঞ্জিনিয়াৰীং কৰাৰ পাছত পুনে বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, ৰেঙণি এটি আশা, কুমাৰভেটী প্ৰাৰ্থমিক বিদ্যালয়, চিন্তামণিগড় সৃষ্টি প্ৰগতি চৰাৰ লগতে বহুসংখ্যক অনুস্থান আৰু শুভাকাংক্ষী ব্যক্তিয়ে শুভেচ্ছা জনাইছে ।

খড়কপুৰ আইআইটিৰ গৱেষকলৈ বঁটা

দৈনন্দিন বাৰ্তা ডেস্ক : খড়কপুৰ আইআইটিৰ এদল গৱেষকে সূৰ্য ৰশ্মিত শুকুৱাবলৈ ৰখা তিতা কাপোৰৰ পৰা বিদ্যুৎ উৎপাদনৰ এটা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ‘গান্ধীয়ান ইয়ং টেকন’লজিকেল ইন’ভেছন এৱাৰ্ড ২০২০’ লাভ কৰিছে ৷ প্ৰতিষ্ঠানটোৰ এজন মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ পৰিধেয় আৰু নমনীয় ইলেকট্ৰনিক ডিভাইছত শক্তি সংৰক্ষণ আৰু তাপ পৰিচালনা সমস্যা সমাধানৰ বাবে শিক্ষানুষ্ঠানৰ আন এটা দলকো পৃথককৈ একেই পুৰস্কাৰ দিয়া হৈছিল ৷ খড়গপুৰ আইআইটিৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ তিৱাৰীয়ে শুভেচ্ছা জনায় কয়, এতিয়া আমাৰ বৰ্দ্ধিত বিদ্যুতৰ প্ৰয়োজনীয়তা আনকি ভিতৰুৱা অঞ্চলত পৰিচ্চন্ন শক্তিৰ দক্ষ পৰিচালনা প্ৰয়োজন ৷ স্বেচ্ছাসেৱী সংস্থা ছচাইটি ফৰ ৰিচাৰ্চ এণ্ড ইনিচিয়েটিভ ফৰ ছাছটেইনেবল টেকন’লজিছ এণ্ড ইনষ্টিটিউটৰ দ্বাৰা গান্ধীয়ান ইয়ং টেকন’লজিকেল ইন’ভেছন বঁটা দিয়া হয় ৷ 

ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠান : অযোধ্যাত ৩ ঘণ্টা কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে অযোধ্যাত উপস্থিত হ’ব ৷ মহানগৰখনত প্ৰধানমন্ত্ৰীয়ে তিনি ঘণ্টা কটাব ৷ সেই সময়তে প্ৰধানমন্ত্ৰীয়ে ভগৱান হনুমান মন্দিৰ দৰ্শন কৰিব ৷ উল্লেখ্য যে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এই আধাৰশিলা অনুষ্ঠানৰ বাবে ১৭৫ জন অতিথি নিমন্ত্ৰণ কৰিছে ৷ ইয়াৰ ভিতৰত ১৩৫ জন আধ্যাত্মিক ব্যক্তি আছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যালৈ পুৱা ৯.৩৫ বজাত নতুন দিল্লীৰ পৰা যাত্ৰা কৰিব ৷ দিনৰ ১০.৩৫ বজাত লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰিব ৷ তাৰ পাচত ১০.৪০ বজাত অযোধ্যা অভিমুখে হেলিকপ্টাৰেৰে তেওঁ ৰাওনা হ’ব ৷ ১১.৩০ বজাত অযোধ্যাৰ ছাকেট কলনিৰ হেলিপেড পাবগৈ ৷ ১১.৪০ বজাত হনুমান গাৰহি দৰ্শন কৰিব ৷ ১২ বজাত ৰাম জন্মভূমি পাবগৈ প্ৰধানমন্ত্ৰী ৷ আনহাতে ৰাম লালা ১০ মিনিট দৰ্শন কৰিব ৷ তদুপৰি ১২.১৫ বজাত গছপুলি ৰোপন অনুষ্ঠানত থকাৰ পাচত ১২.৩০ বজাত ভূমি পূজা আৰম্ভ হ’ব ৷ ১২.৪০ বজাত আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰ উপৰি ১.১০ বজাত ৰাম জন্মভূমি ট্ৰাষ্টৰ স্বামী  নৃত্য গোপাল দাস আৰু আন সদস্যৰ লগত সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে ২.০৫ বজাত ছাকেট হেলিপেডৰ পৰা পুনৰ উভি যাব আৰু ২.২০ বজাত লক্ষ্ণৌ পাবগৈ ৷ উল্লেখ্য যে এই আধাৰশিলা স্থাপনৰ বাবে ৫ কিলোগ্ৰাম সোণ আৰু ২০ কিলোগ্ৰাম ৰূপৰ ইটা ব্যৱহাৰ কৰা হ’ব ৷

অযোধ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম জন্মভূমিত ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে এদিনৰ আগৰে পৰা অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ অহা ৫ আগষ্টত আয়োজিত ভূমি পূজা অনুষ্ঠানৰ বাবে এই পবিত্ৰ মহানগৰীখনত এছপিজিয়ে নিৰাপত্তা ব্যৱস্থা হাতত লৈছে৷ উল্লেখ্য যে মহানগৰৰ বাহিৰলৈ যোৱা স্থানীয় লোকক পৰিচয়পত্ৰ দিয়া হৈছে৷ আনহাতে ৫ আগষ্টলৈকে ৰাজ্যখনত বাহিৰৰ লোকক প্ৰৱেশৰ অনুমতি দিয়া নাই৷ এই মন্দিৰ নগৰখনত বেৰিকেড স্থাপন কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে বুধবাৰে ভূমি পূজালৈ কেৱল নিমন্ত্ৰিত অতিথিহে যাব পাৰিব৷ ইতিমধ্যে অযোধ্যাত পূজা অনুষ্ঠান আৰম্ভ হৈছে৷ পৌৰাণিক পৰম্পৰা মতে হনুমানগৰহিত ভগৱান হনুমানৰ নিছান পূজা আৰম্ভ হৈছে৷ এই পূজা পুৱা ৯ বজাৰ পৰা আৰম্ভ হয়৷ ইয়াৰ পাছতে পাঁচ ঘণ্টাৰ বাবে ৰাম অৰ্চনা৷ উল্লেখ্য যে ৰাম চৰণ পূজা মন্দিৰৰ ভিতৰত হ’ব৷ বিশ্বাস মতে ৰাম চৰণ পূজাৰে ভগৱান ৰাম সন্তুষ্ট হয় ৷

নলবাৰীত সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ

দৈনন্দিন বাৰ্তা, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাংবাদিক ৰোহিনী মেধি স্মৃতি সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ আজি অনুষ্ঠিত কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত “ভাষাৰ শুদ্ধ প্ৰয়োগত সংবাদ মাধ্যমৰ ভুমিকা” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক দীপক কলিতাই। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকে অংশ লোৱা আলোচনা সত্ৰৰ সঞ্চালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

পানীত পৰি তিনি বছৰীয়া শিশুৰ মৃত্যু

উজনি-মাজুলী : উজনি মাজুলী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰপমুৱা গাঁৱৰ নিবাসী মনজ্যোতি দলেৰ একমাত্ৰ পুত্র হিমাংশু দলে নামৰ তিনি বছৰীয়া শিশুটি ২ আগষ্টৰ আবেলি পাঁচ বজাত পানীত পৰি আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। জনা মতে মনজ্যোতি দলেৰ ঘৰৰ সমীপত খেৰকটীয়া নৈৰ এটা সৰু সুঁতি আছে। এই সুঁতিটোৰ সৈতে সংলগ্ন হৈ থকা ওখ ভেটিত খেলি থকা অৱস্থাৰ পৰাই পানীত পৰি শিশুটিৰ সলিল সমাধি ঘটে। পানীত পৰি মৃত্যু হৈ ওপঙি থকাৰ পিছতহে স্হানীয় লোকে শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে। ইয়াৰ পিছত স্হানীয় জেংৰাইমুখ আৰক্ষী থানাত ঘটনাটো অৱগত কৰাৰ পিছত আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ খিলঞ্জীয়া মুছলিম জনগোষ্ঠীৰ সংবাদমেল

নাজিৰা : “চৰকাৰ সলনি হ’ল, কিন্তু বাংলাদেশী লবিৰ প্ৰভাৱৰ পৰা চৰকাৰ মুক্ত নহ’ল।” শাসনাধিষ্ট চৰকাৰ খনৰ বিৰূদ্ধে এই গুৰুতৰ অভিযোগ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰ। ইছলাম ধৰ্মী খিলঞ্জীয়া সংগঠনৰ উমেহতীয়া মঞ্চ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰখনৰ হৈ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত সম্বোধন কৰি সমিতিখনৰ মুখ্য আহ্বয়ক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদ, সমন্বয়ক দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি হেদায়েত উল্লাহ, সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হক আৰু উপদেষ্টা সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা চেলিম আহমেদে কয় যে বিগত বাজেট অধিবেশনত চৰকাৰখনে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে গৰিয়া মৰিয়া দেশী জলহা আদি জনগোষ্ঠীৰ বাবে ১০০ কৌটি টকা ধাৰ্যৰে সুকীয়া উন্নয়ন নিগম তথা জৰীপ ঘোষণা কৰিছিল। আৰু তাৰ পাছত সংখ্যালঘু বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই ও দলসমূহক আনুষ্ঠানিক ভাগে আমন্ত্ৰণ কৰি বিষয়টো আগবঢ়াই আলোচনা কৰে। কিন্তু সকলো ভেকো ভাওনাত পৰিণত হ’ল – আমো নাই ফৰ্মূতিও নাই! আজিলৈ চৰকাৰখনে ঘোষণা কৰা মতে একো কাৰ্যকৰী কৰা পৰিলক্ষিত নহল। নেতাসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰখনে বাংলাদেশী মূলৰ মুচলমান লবিৰ হাতোৰাত বন্দী হৈ প্ৰতিশ্ৰুতি পালনত এনেদৰে ব্যৰ্থ হৈছে, নহ’লে উক্ত ঘোষণা কিয় কাৰ্যকৰী কৰিব বিচৰা নাই? বিগত ৭৩ বছৰ ধৰি ইছলামধৰ্মী খিলঞ্জীয়া বিৰোধী এক বিশেষ লবিয়ে চৰকাৰসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ পেলাই অহা পৰিলক্ষিত হৈ আহিছে আৰু বৰ্তমানৰ চৰকাৰ খনেও তেনে এক প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাই। যদি তেনেকুৱাই হৈছে তেন্তে সেয়া অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক। লোকক দেখুৱাই বাংলাদেশী হিন্দু প্ৰীতি আৰু ভিতৰি ভিতৰি বাংলাদেশী মুচলমান প্ৰীতি কৌশল পৰিহাৰ কৰি চৰকাৰ খনে প্ৰতিশ্ৰুতি সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা গৰীয়া মৰিয়া দেশী সকলে চৰকাৰৰ এই প্ৰতাৰণাৰ উচিত গণতান্ত্ৰিক প্ৰত্যুত্তৰ দিবলৈ বাধ্য থাকিব। সমিতিখনৰ নেতৃবৃন্দই ইয়াৰ উপৰিও শাসনাধিষ্ট চৰকাৰখনক সংখ্যালঘু বিভাগত ছাত্ৰ বৃত্তিৰ নামত ঘটা ৫o১ কোটি ৪০ লাখ টকাৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়।

গেলেকীত বাঘজান কাণ্ডৰ পুনৰাবৃত্তি : তৈল খাদত গেছ নিৰ্গত, আতংকিত ৰাইজৰ গাওঁ এৰি পলায়ন

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী সেউজ চাপৰিৰ ২নং অ’ এন জি চি তৈল খাদত ভয়ংকৰ বিস্ফুৰণ। ৩ অক্টোবৰৰ আবেলি সংঘটিত হৈছে গেছ পাইপ বিস্ফোৰণ তথা প্ৰচণ্ড জোকাৰণি। জিচিপি ও চিপিপি নামৰ নিগমৰ তৈল খাদটোৰ নিম্নগামী অথবা দুৰ্বল পাইপ লাইনৰ মেৰামতি অভাৱৰ বাবেই উক্ত বিস্ফোৰণ হৈ গেছ পৰিবাহী পাইপ ফাটি যোৱাৰ ফলত কম সময়ৰ ব্যৱধানত পাইপৰ পৰা নিৰ্গত হোৱা গেছে চাৰিও দিশে চানি ধৰে। এইবাৰ তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বৃহত্তৰ অঞ্চল৷ সোমবাৰে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় সেউজপুৰ অঞ্চলৰ স্থানীয় লোকৰ মাজত৷ আতংকিত ৰাইজে কিছু সময়ৰ বাবে নিজৰ বাসগৃহসমূহ এৰি ঢাপলি মেলে নিৰাপদ স্থানলৈ৷ পৰৱৰ্তী সময়ত অ’এনজিচি কৰ্তৃপক্ষৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় যদিও বৰ্তমানেও শংকিত হৈ আছে স্থানীয় ৰাইজ৷