দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম জন্মভূমিত ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে এদিনৰ আগৰে পৰা অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ অহা ৫ আগষ্টত আয়োজিত ভূমি পূজা অনুষ্ঠানৰ বাবে এই পবিত্ৰ মহানগৰীখনত এছপিজিয়ে নিৰাপত্তা ব্যৱস্থা হাতত লৈছে৷ উল্লেখ্য যে মহানগৰৰ বাহিৰলৈ যোৱা স্থানীয় লোকক পৰিচয়পত্ৰ দিয়া হৈছে৷ আনহাতে ৫ আগষ্টলৈকে ৰাজ্যখনত বাহিৰৰ লোকক প্ৰৱেশৰ অনুমতি দিয়া নাই৷ এই মন্দিৰ নগৰখনত বেৰিকেড স্থাপন কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে বুধবাৰে ভূমি পূজালৈ কেৱল নিমন্ত্ৰিত অতিথিহে যাব পাৰিব৷ ইতিমধ্যে অযোধ্যাত পূজা অনুষ্ঠান আৰম্ভ হৈছে৷ পৌৰাণিক পৰম্পৰা মতে হনুমানগৰহিত ভগৱান হনুমানৰ নিছান পূজা আৰম্ভ হৈছে৷ এই পূজা পুৱা ৯ বজাৰ পৰা আৰম্ভ হয়৷ ইয়াৰ পাছতে পাঁচ ঘণ্টাৰ বাবে ৰাম অৰ্চনা৷ উল্লেখ্য যে ৰাম চৰণ পূজা মন্দিৰৰ ভিতৰত হ’ব৷ বিশ্বাস মতে ৰাম চৰণ পূজাৰে ভগৱান ৰাম সন্তুষ্ট হয় ৷
নলবাৰীত সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ
দৈনন্দিন বাৰ্তা, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাংবাদিক ৰোহিনী মেধি স্মৃতি সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ আজি অনুষ্ঠিত কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত “ভাষাৰ শুদ্ধ প্ৰয়োগত সংবাদ মাধ্যমৰ ভুমিকা” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক দীপক কলিতাই। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকে অংশ লোৱা আলোচনা সত্ৰৰ সঞ্চালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা
পানীত পৰি তিনি বছৰীয়া শিশুৰ মৃত্যু
উজনি-মাজুলী : উজনি মাজুলী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰপমুৱা গাঁৱৰ নিবাসী মনজ্যোতি দলেৰ একমাত্ৰ পুত্র হিমাংশু দলে নামৰ তিনি বছৰীয়া শিশুটি ২ আগষ্টৰ আবেলি পাঁচ বজাত পানীত পৰি আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। জনা মতে মনজ্যোতি দলেৰ ঘৰৰ সমীপত খেৰকটীয়া নৈৰ এটা সৰু সুঁতি আছে। এই সুঁতিটোৰ সৈতে সংলগ্ন হৈ থকা ওখ ভেটিত খেলি থকা অৱস্থাৰ পৰাই পানীত পৰি শিশুটিৰ সলিল সমাধি ঘটে। পানীত পৰি মৃত্যু হৈ ওপঙি থকাৰ পিছতহে স্হানীয় লোকে শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে। ইয়াৰ পিছত স্হানীয় জেংৰাইমুখ আৰক্ষী থানাত ঘটনাটো অৱগত কৰাৰ পিছত আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ খিলঞ্জীয়া মুছলিম জনগোষ্ঠীৰ সংবাদমেল
নাজিৰা : “চৰকাৰ সলনি হ’ল, কিন্তু বাংলাদেশী লবিৰ প্ৰভাৱৰ পৰা চৰকাৰ মুক্ত নহ’ল।” শাসনাধিষ্ট চৰকাৰ খনৰ বিৰূদ্ধে এই গুৰুতৰ অভিযোগ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰ। ইছলাম ধৰ্মী খিলঞ্জীয়া সংগঠনৰ উমেহতীয়া মঞ্চ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰখনৰ হৈ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত সম্বোধন কৰি সমিতিখনৰ মুখ্য আহ্বয়ক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদ, সমন্বয়ক দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি হেদায়েত উল্লাহ, সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হক আৰু উপদেষ্টা সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা চেলিম আহমেদে কয় যে বিগত বাজেট অধিবেশনত চৰকাৰখনে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে গৰিয়া মৰিয়া দেশী জলহা আদি জনগোষ্ঠীৰ বাবে ১০০ কৌটি টকা ধাৰ্যৰে সুকীয়া উন্নয়ন নিগম তথা জৰীপ ঘোষণা কৰিছিল। আৰু তাৰ পাছত সংখ্যালঘু বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই ও দলসমূহক আনুষ্ঠানিক ভাগে আমন্ত্ৰণ কৰি বিষয়টো আগবঢ়াই আলোচনা কৰে। কিন্তু সকলো ভেকো ভাওনাত পৰিণত হ’ল – আমো নাই ফৰ্মূতিও নাই! আজিলৈ চৰকাৰখনে ঘোষণা কৰা মতে একো কাৰ্যকৰী কৰা পৰিলক্ষিত নহল। নেতাসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰখনে বাংলাদেশী মূলৰ মুচলমান লবিৰ হাতোৰাত বন্দী হৈ প্ৰতিশ্ৰুতি পালনত এনেদৰে ব্যৰ্থ হৈছে, নহ’লে উক্ত ঘোষণা কিয় কাৰ্যকৰী কৰিব বিচৰা নাই? বিগত ৭৩ বছৰ ধৰি ইছলামধৰ্মী খিলঞ্জীয়া বিৰোধী এক বিশেষ লবিয়ে চৰকাৰসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ পেলাই অহা পৰিলক্ষিত হৈ আহিছে আৰু বৰ্তমানৰ চৰকাৰ খনেও তেনে এক প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাই। যদি তেনেকুৱাই হৈছে তেন্তে সেয়া অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক। লোকক দেখুৱাই বাংলাদেশী হিন্দু প্ৰীতি আৰু ভিতৰি ভিতৰি বাংলাদেশী মুচলমান প্ৰীতি কৌশল পৰিহাৰ কৰি চৰকাৰ খনে প্ৰতিশ্ৰুতি সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা গৰীয়া মৰিয়া দেশী সকলে চৰকাৰৰ এই প্ৰতাৰণাৰ উচিত গণতান্ত্ৰিক প্ৰত্যুত্তৰ দিবলৈ বাধ্য থাকিব। সমিতিখনৰ নেতৃবৃন্দই ইয়াৰ উপৰিও শাসনাধিষ্ট চৰকাৰখনক সংখ্যালঘু বিভাগত ছাত্ৰ বৃত্তিৰ নামত ঘটা ৫o১ কোটি ৪০ লাখ টকাৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়।
গেলেকীত বাঘজান কাণ্ডৰ পুনৰাবৃত্তি : তৈল খাদত গেছ নিৰ্গত, আতংকিত ৰাইজৰ গাওঁ এৰি পলায়ন
গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী সেউজ চাপৰিৰ ২নং অ’ এন জি চি তৈল খাদত ভয়ংকৰ বিস্ফুৰণ। ৩ অক্টোবৰৰ আবেলি সংঘটিত হৈছে গেছ পাইপ বিস্ফোৰণ তথা প্ৰচণ্ড জোকাৰণি। জিচিপি ও চিপিপি নামৰ নিগমৰ তৈল খাদটোৰ নিম্নগামী অথবা দুৰ্বল পাইপ লাইনৰ মেৰামতি অভাৱৰ বাবেই উক্ত বিস্ফোৰণ হৈ গেছ পৰিবাহী পাইপ ফাটি যোৱাৰ ফলত কম সময়ৰ ব্যৱধানত পাইপৰ পৰা নিৰ্গত হোৱা গেছে চাৰিও দিশে চানি ধৰে। এইবাৰ তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বৃহত্তৰ অঞ্চল৷ সোমবাৰে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় সেউজপুৰ অঞ্চলৰ স্থানীয় লোকৰ মাজত৷ আতংকিত ৰাইজে কিছু সময়ৰ বাবে নিজৰ বাসগৃহসমূহ এৰি ঢাপলি মেলে নিৰাপদ স্থানলৈ৷ পৰৱৰ্তী সময়ত অ’এনজিচি কৰ্তৃপক্ষৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় যদিও বৰ্তমানেও শংকিত হৈ আছে স্থানীয় ৰাইজ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাখী বন্ধন পালন
উজনি-মাজুলী : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ.ভি.বি.পি.ৰ মাজুলী জিলাৰ কাৰ্যকৰ্তাসকলে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মাজুলীত কৰ্মৰত ক’ৰণা যোদ্ধা তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলক ৰাখী পিন্ধাই ভাতৃত্ব আৰু একতাৰ নিদৰ্শন দাঙি ধৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোণোৱালৰ নেতৃত্বত যোৱা দলটিত জনজাতি ছাত্ৰ প্ৰমুখ ভাইটি নৰহ জিলা প্ৰমুখ মাধুৰ্য পাতিৰ, বিদ্যাৰ্থী সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতিম বৰুৱাৰ লগতে বিদ্যাৰ্থী পৰিষদৰ সমূহ কাৰ্যকৰ্তা উপস্থিত থাকে।
১০ আগষ্টত অসমত “জেল ভৰো” আন্দোলন এআইচিচিটিইউৰ
তিনিচুকীয়া : এ.আই.চি.চি.টি.ইউৰ অসম ৰাজ্যিক তথা অন্যতম সৰ্বভাৰতীয় সম্পাদক সুভাষ সেনে প্ৰেছ বিবৃতি যোগে বৃহত্তৰ বিজয়ৰ বাবে বৃহত্তৰ সংগ্ৰাম আৰু বৃহত্তৰ সংগ্ৰামৰ বাবে বৃহত্তৰ ঐক্য গঢ়ি তোলাৰ লক্ষ্যত মোদীৰ দেশ বিক্ৰীৰ অভিযানৰ নীতিৰ বিৰুদ্ধে শ্ৰমিকৰ দেশ বচাওঁক তথা “ভাৰতবৰ্ষক ৰক্ষা কৰা”ৰ নীতিৰ বহুল প্ৰচাৰৰ জৰিয়তে ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ আহ্বানত “ভাৰত ত্যাগ দিৱস”ত দেশ জোৰা ৯ আগষ্টৰ পৰিবৰ্তে অসমত (উক্ত দিনা দেওবাৰত লক ডাউন জাৰি থকাৰ বাবে) ১০ আগষ্টত জেল ভৰো বিক্ষোভ প্ৰদৰ্শন আদি কাৰ্যসূচী সফল কৰিবলৈ সংগঠিত, অসংগঠিত খণ্ডৰ শ্ৰমিক সহ ক্ষেত মজদুৰ, গ্ৰামীণ দৰিদ্ৰ, আঁচনিভুক্ত আশা, অঙ্গনৱাদী, মধ্যাহ্ন ভোজন কৰ্মীসহ সমূহ ৰাইজকো আহ্বান জনাইছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে উদ্যোগ ৰক্ষা কৰা, অসম ৰক্ষা কৰা আদিৰ পূৰ্ব চৰ্ত হৈছে মোদী শাসনৰ অৱসান ঘটোৱা, মোদীশাহীৰ ফান্দৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰা। আৰু কোৱা হয় যে মোদীৰ “আত্মনিৰ্ভৰ ভাৰত” এক মস্ত আভুৱা, ভাৰতবৰ্ষক বিক্ৰী কৰাৰ এক ধ্বংসাত্মক শ্ল’গানহে। ১০ আগষ্টৰ জেল ভৰো আন্দোলনৰ দাবীসমূহ ক্ৰমে মজদুৰ, গ্ৰামীণ শ্ৰমিক আৰু অসমলৈ (নিজ ৰাজ্যলৈ) ঘূৰি অহা পৰিযায়ী শ্ৰমিক আদি অসংগঠিত খণ্ডৰ শ্ৰমিকক অহা ছমাহলৈকে প্ৰতি মাহত ১০,০০০ টকাকৈ লকডাউন ভাট্টা প্ৰদান কৰক। শ্ৰমিক ছাটাই, মজুৰি সংকোচন বা কৰ্তন, ডি.এ. বন্ধ কৰা আৰু সামাজিক নিৰাপত্তা দুৰ্বল বা হ্ৰাস কৰা বন্ধ কৰক। জাতীয় সম্পদ বিক্ৰী কৰা বন্ধ কৰক। ব্যক্তিগতকৰণ, নিগমীকৰণ আৰু নিৰ্বিনিয়োজন বন্ধ কৰক। কৃষক বিৰোধী, কৰ্পৰেটমুখী, বজাৰমুখী নীতি আৰু নতুন শিক্ষানীতি, পৰিবেশিক প্ৰভাৱ নিৰূপণ কৰা অধ্যাদেশসমূহ বাতিল কৰক! বিজেপি শাসিত ৰাজ্য আৰু আন আন ৰাজ্যত শ্ৰম আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰক, শ্ৰমিকক ক্ৰীতদাসলৈ পৰিণত কৰাৰ লক্ষ্যত যুগুত কৰা শ্ৰমসংহিতা (Codification of Labour Laws) বাতিল কৰক। ১২ ঘণ্টীয়া কৰ্মদিৱসৰ নিয়ম বন্ধ কৰক। শ্ৰমিক তথা ৰাইজৰ অধিকাৰ কাঢ়ি নিয়া বন্ধ কৰক, চৰকাৰী নীতিক সমালোচনাকাৰীক জেলত বন্দী কৰি ৰখা বন্ধ কৰক। নিবনুৱা সমস্যাৰ সমাধান কৰক, এনৰেগা শ্ৰমিকৰ বছৰত ২০০ দিনৰ কাম আৰু দৈনিক ৫০০.০০ টকাকৈ মজুৰি প্ৰদান কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মজুতকাৰীসকলক শাস্তি বিহক, খাদ্য সুৰক্ষা আইন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন ৰদ কৰাৰ চক্ৰান্ত বন্ধ কৰক। স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু সাৰ্বজনীন কৰক, আঁচনিভুক্ত শ্ৰমিক-কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি আৰু মাননীৰ পৰিবৰ্তে প্ৰতিমাহত ২১ হেজাৰ টকাকৈ দৰমহা দিয়ক। ক’ৰোণা পৰিস্থিতিত কৰ্মহীন হৈ পৰা অসংগঠিত খণ্ডৰ শ্ৰমিকক মাহিলী ৭,৫০০.০০ টকাকৈ সাহায্য প্ৰদান কৰক, চাহ শ্ৰমিকক দৈনিক ৩৫১.০০ টকাকৈ মজুৰি দিয়ক, কৃষিভূমি অধিগ্ৰহণ আইন বাতিল কৰক, অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়ক, স্থায়ী সমাধানৰ ব্যৱস্থা কৰক, বান-খহনীয়া আক্ৰান্ত ৰাইজক পৰিয়াল সাহায্য প্ৰদান কৰক।
যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰোনাত মুঠ সংক্ৰমণৰ হাৰ ৭.৮৬ শতাংশ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ৰোনাত ৫২০৫০ জন আক্ৰান্তৰ হয়৷ এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ৷ এনে সময়ত আমেৰিকাত ৪৫৫৭০ আৰু ব্ৰাজিলত ১৬৬৪১ জন আক্ৰান্ত হৈছে৷ অৰ্থাৎ আক্ৰান্তৰ হিচাপত আমেৰিকা আৰু ব্ৰাজিলৰ ওপৰত আছে ভাৰত৷ এই বৃদ্ধিৰ বাবে ভাৰতত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৮ লাখ ৫৫ হাজাৰ ৭৪৫ জন হয়গৈ৷ দ্বিতীয় স্থানত থকা ব্ৰাজিলত মুঠ আক্ৰান্ত হ’ল ২৭ লাখ ৫০ হাজাৰ আৰু প্ৰথম স্থানত থকা আমেৰিকাত ৪৭ লাখ ১৩ হাজাৰজন আক্ৰান্ত হৈছে ৷ যোৱা ২৪ ঘণ্টাত ভাৰতত মুঠ সংক্ৰমণৰ হাৰ ৭.৮৬ শতাংশ। যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰোনা পৰীক্ষা হৈছে ৬ লাখ ৬১ হাজাৰ ৮৯২ জনৰ ৷ ভাৰতত ক’ৰোনত আক্ৰান্তৰ মুঠ ১২ লাখ ৩০ হাজাৰ ৫০৯ জন সুস্থ হৈছে৷ অৰ্থাৎ আক্ৰান্তৰ প্ৰায় ৬৬ শতাংশ সুস্থ হৈছে৷ যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩০৬ জন সুস্থ হয় ৷
চৰকাৰৰ ভুল বিত্তীয় সিদ্ধান্তলৈ আঙুলীয়ালে বিৰোধী দলপতিয়ে : ১৪ শতাংশ জিএচটি ৰ অংশ ৰাজ্যক নিদিয়াক লৈ সৰৱ
নাজিৰা : কৰ’নাৰ সংকটৰ পৰা মূক্তি পাবলৈ লকডাউনৰ জৰুৰী পৰিস্থিতিক সমগ্ৰ দেশবাসীয়ে মানি চলাৰ স্বাভাৱিকতে অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰা স্বাভাৱিক কথা। কিন্ত্ত ইয়াৰ বাবেই ৰাজ্যসমূহৰ প্ৰাপ্য ১৪ শতাংশ কৰৰ ক্ষতিপূৰণক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাত ব্যৰ্থতা অহাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ভুল বিত্তীয় নীতিক সমালোচনা কৰিছে ৰাজ্যৰ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সাংবাদিকলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত বিৰোধী দলপতি শইকীয়াই সংসদৰ বিত্ত বিভাগীয় সংসদীয় সমিতিৰ সচিব অজয় পাণ্ডেৰ বক্তব্যত কেন্দ্ৰীয় চৰকাৰ ভয়াবহ বিত্তীয় সংকটৰ মুখামুখি হৈছে বুলি ঘোষণা কৰা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ বাবেই ৰাজ্যসমূহক কৰৰ বিপৰীতে দিবলগীয়া আৰু নীতিগতভাৱে প্ৰাপ্য কৰৰ অংশৰ বিত্ত ৰাজ্যসমূহক দিবলৈ তেওঁলোকৰ হাতত মজুত নাই। ৰাজ্যসমূহক প্ৰাপ্য দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এই অপাৰগতাত সীমিত বিকল্প ৰাজহৰ উৎসৰে চলি ৰোৱা ৰাজ্য হিচাপে অসমৰ বাবে এই সংকট অধিক চিন্তনীয়। জিএচটি বলৱৎ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰক ২০১৭ চনত বিৰোধী কংগ্ৰেছ দলে আলোচনাৰ মাজেৰে বাৰে বাৰে বাধা দিছিল আৰু তেতিয়া কংগ্ৰেছ দলৰ সাহস নাই বুলি সমালোচনা কৰি জিএচটি ততাতৈয়াকৈ বলৱৎ কৰাৰ বাবেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাহসৰ প্ৰতীক বুলি উল্লেখ কৰিছিল শাসকীয় দলে। কেৱল কৰ’না সংকটৰ বাবেই নহয় জিএচটি বলৱৎ কৰণৰ পাছত ২০১৯ চনৰ আগষ্ট মাহতে জিএচটি সংগ্ৰহ আশানুৰূপ নোহোৱা আৰু দেশে বিত্তীয় সংকটৰ মুখামুখি হোৱাৰ কথা ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছিল। দেৱব্ৰত শইকীয়াই কয় যে লকডাউনে অৰ্থনীতিৰ থানবান কৰাৰ বহু পূৰ্বৰে পৰা দেশৰ অৰ্থনীতিত সংকট নামি আহিছিল। ৰাজ্যৰ বিত্তীয় জোৰা মাৰিবলৈ অসম চৰকাৰে এতিয়া নানা উৎসৰ পৰা ঋণ গ্ৰহণ কৰা স্বাভাৱিক কথা হৈ পৰিছে। বিগত কংগ্ৰেছ চৰকাৰতকৈ অধিক ঋণত বুৰ যোৱা পৰিস্থিতিত তেওঁক চৰকাৰক ব্যয় সংকোচন ঘটাই অপ্ৰয়োজনীয় খৰছ বন্ধ কৰিবলৈ আহ্বান জনাইছে। আনহাতে অসমৰ বিত্ত মন্ত্ৰীয়ে ৬৩০ কোটি টকা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা লাভ কৰাত তেওঁক জিএচটিৰ অংশ প্ৰদান কৰাৰ বাবে ধন্যবাদেৰে উপচাই দিলেও সেই ধন ৰিজাৰ্ভ বেংকৰ পৰা আহৰণ কৰি লোৱা ৩৩ হাজাৰ কোটি টকাৰ কনচলিডেটেড ফাণ্ডৰ পৰাহে আগবঢ়াবলৈ সক্ষম হৈছে। সেই কনচলিডেটেড ফাণ্ড ৰিজাৰ্ভ বেংকৰ পৰা ভাৰত চৰকাৰে উলিয়াই নিয়াৰ বাবে দেশ জুৰি তীব্ৰ প্ৰতিবাদ হৈছিল বুলিও উল্লেখ কৰে শইকীয়াই। সেয়ে জিএচটিৰ পৰা দিবলৈ সক্ষম হোৱা নাই বুলি কয় ৰাজ্যৰ বিৰোধী দলপতিয়ে। মুখ্যমন্ত্ৰীক এই বিষয়ত মৌনতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰকৃত সংকট মোচনৰ পক্ষে দৃঢ়তাৰে ভূমিকা ল’বলৈ বিৰোধী দলপতি শইকীয়াই সংশ্লিষ্ট চৰকাৰী পক্ষক আহ্বান জনায়। দেশৰ এনে বিত্তীয় সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিয়েই জগৰীয়া বুলি শইকীয়াই উল্লেখ কৰে৷
টীয়কত গঢ়ি উঠা নিষিদ্ধ ড্ৰাগছ ব্যৱসায় তৎকালীনভাৱে উচ্ছেদ আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কেইবাটাও সংগঠনৰ
মুদৈজান : অসমৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়কতো এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ। ইমানেই উঠি অহা যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গ’ল যে দেওবাৰে অত্যাধিক ড্ৰাগছ সেৱণ কৰাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল টীয়ক বামুণপুখুৰীৰ উৎপল বৰুৱা নামৰ এজন যুৱক। টীয়কত গঢ় লৈ উঠা নিষিদ্ধ ড্ৰাগছৰ ঘাটি আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে কালি টীয়ক ৰাজহ চক্ৰ বিষয়াক আছু, যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ এটি দলে সাক্ষাৎ কৰি যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, ভা: সাধাৰণ সম্পাদক পবিত্ৰ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিৎ বৰা স্বাক্ষৰিত পৃথক স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি যোৱা ২১ জুলাইত টীয়ক আৰক্ষীয়ে আটক কৰি অনা ৫ জন ড্ৰাগছ আসক্ত যুৱকক কি কাৰণত উক্ত দিনাই ৰহস্যজনকভাৱে মুকলি কৰি দিলে সেয়াও ৰহস্যৰ আৱৰ্তত, তাৰ লগতে দেওবাৰে অত্যধিক ড্ৰাগছ আসক্তিৰ ফলত মৃত্যু হোৱা উৎপল বৰুৱাৰ লগত থকা আনকেইজন যুৱকক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সংগঠনকেইটাই। আনহাতে এক বিবৃত্তিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে অতি ক্ষোভেৰে কয়, অত্যাধিক ড্ৰাগছ আসক্তিৰ ফলত দেওবাৰে মৃত্যু হোৱা উৎপল বৰুৱাৰ দৰে যাতে উঠি অহা নৱপ্ৰজন্ম ধ্বংসৰ গৰাহলৈ নাযায় এইক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। তাৰ লগতে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ নেতৃত্বত অবৈধ ব্যৱসায় চলি থকাৰ কথা ছাত্ৰ সন্থাই বাৰম্বাৰ জনাই অহাৰ পাছত এইটোৱেই আকৌ প্ৰমাণিত কৰিলে কিদৰে কমিচনৰ অংকত চলি থাকিব পাৰে ড্ৰাগছৰ দৰে অবৈধ ব্যৱসায়।












