অনলাইন বাৰ্তা : ৰাম মন্দিৰৰ ভূমি পূজাৰ সময়তে ক’ৰোনা পৰিস্থিতিক লৈ চিন্তিত হৈ উদ্বিগ্ন ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উমা ভাৰতী ৷ ৫ আগষ্টত তেওঁ অযোধ্যা যাব ৷ কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিষয়টোক সৰ্বাধিক গুৰুত্ব দিয়েই ৰাম মন্দিৰৰ ‘ভূমি পূজা’ অনুষ্ঠানত যোগ নিদিয়ে ৷ সোমবাৰে টুইট কৰি ৰাম মন্দিৰৰ অন্যতম মুখ্য উমা ভাৰতীয়ে এই কথা জানিবলৈ দিয়ে৷ ইয়াৰ লগতে এই মহামাৰীৰ সময়ত অযোধ্যাৰ অনুষ্ঠানটোত যিসকলে যোগ দিছে সেই সকলো বিজেপি নেতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ উদ্বেগ প্ৰকাশ কৰিছে এইগৰাকী বিজেপি নেত্ৰীয়ে৷ আনকি এই অনুষ্ঠানৰ পৰা তেওঁ নিজৰ নাম আঁতৰ কৰি দিবলৈ ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক জনাইছে৷ ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সেই প্ৰসংগ টানি উমা ভাৰতীয়ে কয়, যিমাতু শুনিবলৈ পাইছে যে অমিত শ্বাহ আৰু আন বিজেপি নেতা ক’ৰোনাত আক্ৰান্ত হৈছে৷ যিসকল অযোধ্যাৰ আধাৰশিলা অনুষ্ঠানলৈ যাব তেওঁলোকক লৈ চিন্তা হৈছে ৷ বিশেষকৈ প্ৰধানমন্ত্ৰীক লৈ৷ উল্লেখ্য যে বুধবাৰে অযোধ্যাতে থাকিব উমা ভাৰতী৷ কিন্তু ৰাম মন্দিৰৰ ভূমি পূজা অনুষ্ঠানত তেওঁ যোগ নিদিয়ে৷ আন এক টুইটত তেওঁ লিখিছে, মই ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক অনুৰোধ কৰিছো যে অনুষ্ঠান চলি থকা সময়ত মোক যেন সৰযূ নদীৰ কাষত থাকিবলৈ অনুমতি দিয়া হওক৷ অনুষ্ঠানত যোগ নিদিয়াৰ বিষয়ে উমা ভাৰতীয়ে দাবী কৰি কয়, ভূপালৰ পৰা ৰে’ল যোগে তেওঁ উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব৷ অযোধ্যাত তেওঁ কোনো কাৰণত ৰোগীৰ সংস্পৰ্শলৈ আহিব পাকে বুলি আশংকা প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী আৰু কেইবাশ মানুহ তাত সমবেত হ’ব৷ তালৈ যাব নিবিচাৰে উমা ভাৰতীয়ে৷ তেওঁ কয়, সকলো চাবলৈ যোৱাৰ সময়ত তেওঁ ৰামলালা দৰ্শন কৰিব৷ দেওবাৰে অযোধ্যাৰ ভূমি পূজা অনুষ্ঠানক লৈ উমা ভাৰতীয়ে ১২ টা টুইট কৰিছে৷ অনুষ্ঠানত যোগ নিদিলেও তেওঁ যে অযোধ্যাত থাকিব সেই কথা জনাইছে৷ তেওঁ লিখিছে, আমাৰ জীৱনতে ৰাম মন্দিৰ নিৰ্মাণৰ আৰম্ভ হ’ল এয়া গৰ্বৰ বিষয়৷ উল্লেখ্য যে এই অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱত থকাৰ কথা৷ ৯০ দশকৰ এই আন্দোলনৰ দুই প্ৰধান ব্যক্তি লালকৃষ্ণ আদৱাণী আৰু মুৰুলীমনোহৰ যোশীয়ে ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠানৰ সাক্ষী থাকিব বুলি জানিব পৰা গৈছে ৷
ৱেষ্ট ইণ্ডিজৰ বিপক্ষে উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলত নথকাত অৱসৰৰ চিন্তা কৰিছিল ষ্টুৱাৰ্ট ব্ৰডে
অনলাইন বাৰ্তা, ৩ আগষ্ট : ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডে প্ৰকাশ কৰিছে যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তিনিখন মেচৰ ছিৰিজৰ উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকি অৱসৰ লোৱাৰ বিষয়টো বিবেচনা কৰিছিল ৷ ছাউদাম্পটনত ইংলেণ্ডৰ চাৰি উইকেটত পৰাজয়ৰ পাছতে অন্যতম কাৰণ হিচাপে বিবেচিত এই সিদ্ধান্তটো ৩৪ বছৰীয়া এই কেৰিবিয়ান দলৰ বিপক্ষে আশ্চর্যজনকভাৱে বাদ পৰিছিল ৷ যিয়েই নহওক পুনৰ ইংলেণ্ড টেষ্ট দলত স্থান দিয়া হৈছে আৰু তেওঁ দল ২-১ত ছিৰিজ জয়ত মুখ্য ভূমিকা পালন কৰিছিল ৷ শেষৰ মেচ দুখনত তেওঁ মুঠ ১৬টা উইকেট লাভ কৰিছিল ৷ এতিয়া ব্ৰডে কয় যে উদ্বোধনী মেচৰ বাবে তেওঁ যেতিয়া আশা কৰিছিল তেতিয়া তেওঁ খেলা আবু ধাবিত বিড কৰাৰ চিন্তা ১০০ শতাংশ আছিল ৷ স্প’ৰ্টছ ২৪ত তেওঁ কয়, অৱসৰৰ সম্পৰ্কে কি মোৰ মগজুত চিন্তা আহিছিল ১০০ শতাংশ৷ কাৰণ মই তললৈ গৈছো ৷ মই খেলাৰ আশা কৰো ৷ যেতিয়া খেলা বিপদজনক বিষয় হ’লেও মই অনুভৱ কৰো যে মই খেলাৰ যোগ্য আছিলো ৷ ব্ৰডে লগতে কয় যে সেই সময়ত তেওঁ সঁচাকৈ তলত থকা বোধ কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ লগতে অলৰাউণ্ডাৰ বেন ষ্টোকে তেওঁক সহায় কৰিছিল ৷
ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ, কংগ্ৰেছৰ প্ৰতিবাদী শোভাযাত্ৰা, আছুৰ মটৰ চাইকেলৰ বিশাল শোভাযাত্ৰাৰে উত্তাল টিংখাঙৰ ৰাজপথ
টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় শশী শেনছোৱা আৰু হেমন্ত কোঁৱৰক দেওবাৰৰ নিশা জিলাখনৰ টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি নিশা টিংখাং থানাত ৰখাৰ পাছত আজি পুৱাই দুয়োগৰাকী নেতাকে জিলা কাৰাগাৰলৈ আৰক্ষীয়ে লৈ যায়। জানিব পৰা মতে টিংখাঙৰ শালমাৰী অঞ্চলৰ এখন গাঁৱৰ এটা নামঘৰত কাৰাৰুদ্ধ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সুস্বাস্থ্যৰ কামনা কৰাৰ লগতে অতিশীঘ্ৰ মুক্তি ‘কা’ বাতিলৰ দাবীত দেওবাৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰক্ষীয়ে দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে টিংখাং থানাত ১৮৫/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছে। দুয়োগৰাকী নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/১২৪(এ)১৫৩(এ)২৬৯/২৭০/১৭৭ ধাৰাৰ লগতে আৰ/ডব্লিউ ৫১(বি)৫২ ডি এম এক্ট ২০০৫ প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। কৃষক মুক্তিৰ দুগৰাকী নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ কাৰ্যত সংগঠনটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিনা চৰ্তে মুক্তিৰ দাবী কৰিছে। ইপিনে ‘কা’ বাতিল আৰু কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাং ব্লক কংগ্ৰেছ কমিটীয়ে টিংখাঙৰ ৰাজগড়ত এক প্ৰতিবাদী শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত শতাধিক দলটোৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা যায়। আনহাতে আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন ঠাইৰ লগতে টিংখাং, ৰাজগড়ত ‘কা’ বাতিলৰ দাবীত এক বিশাল মটৰ চাইকেল শোভাযাত্ৰা কৰে। সহস্ৰাধিক মটৰ চাইকেলেৰে জিলাখনৰ মৰাণ নাহৰকটীয়া পথৰে ৰাজগড়, টিংখাং অঞ্চল অতিক্ৰম কৰা সদৌ অসম ছাত্ৰ সন্থাৰ শোভাযাত্ৰাকাৰী দলটোৱে ‘কা’ বাতিলৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তালেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।
মাজুলীত কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীৰ বান সাহাৰ্য বিতৰণ
উজনি-মাজুলী : সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৰ্তমান ক’ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই বানপানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে। মাজুলীৰ তেনে এক অন্যতম মঞ্চ পূৱ মাজুলীৰ অগ্ৰণী অনুষ্ঠান ‘কলাগুৰু উদীয়মান যুৱ মঞ্চ’ বনগাঁও, মাজুলীয়ে বানপীড়িত লোকক কিছু সহায়ৰ হাত আগবঢ়াইছে। সংগঠনটোৱে কালি নামনি মাজুলীৰ দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছত আজি উজনি মাজুলীৰ প্রায় শতাধিক ছাত্র-ছাত্রীৰ মাজত কাগজ, কলম আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। মানৱতা যে এতিয়াও শেষ হৈ যোৱা নাই তাকেই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলী কলাগুৰু উদীয়মান যুৱ মঞ্চই।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ ৷ ৰাজ্যসভাৰ পৰৱৰ্তী অধিৱেশনত বিধেয়ক নানিলে ভয়ংকৰ হ’ব অসমৰ পৰিস্থিতি : অজিত কুমাৰ ভুঞা
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী বুলি অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদম্ভে ঘোষণা কৰিছিল ৷ তেওঁ শাষনৰ ভাৰ গ্ৰহণ কৰাৰ এশ দিনৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিলে৷ আজিলৈকে সেই ঘোষণা ঘোষণা হিচাপে থাকি গ’ল বাস্তৱত কাৰ্য্যকাৰী নহ’ল ৷ ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নাগৰিকত্ব আইন সংশোধনী বিধায়ক সংসদত উথ্থাপন কৰাৰ সময়ছোৱাত সেই বৰ্ষৰ জানুৱাৰী মাহৰ ৯ তাৰিখে ৰাজ্যসভাত বিজেপি চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ পক্ষত সংবিধান অনুসুচিত জনজাতি নিৰ্দেশ সংশোধনী বিধেয়ক ২০১৯ উথ্থাপন কৰিছিল ৷ আচৰ্য্য কথা যে ‘কেব’ গুচি ‘কা’ হ’ল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন আজিও কেবল এখন বিধেয়ক হৈ থাকি গ’ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আন্তৰিকতা নাই এই মন্তব্য ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ ৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সাংসদ গৰাকীয়ে এইদৰে কয় ৷ তেওঁ কয় যে জনজাতি পৰিক্ৰমা মন্ৰালয়ৰ পৰা পোৱা তথ্যই চৰকাৰখনৰ সদিচ্ছাৰ ওপৰত সন্দেহ স্পষ্ট কৰি তুলিছে৷ উপ পঞ্জীয়ক প্ৰধান ছ’চিয়েল ষ্টাডিজৰ তৰফৰ ভাৰত চৰকাৰৰ জনজাতিয় পৰিক্ৰমা দপ্তৰৰ সঞ্চালক চি এন্ড এল এম আই লৈ প্ৰেৰণ কৰা ৫ জানুৱাৰী ২০১৯ অফিচ মেমৰেন্ডামত স্পষ্টকৈ কোৱা হৈছে গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষাতাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২৯ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে অসমৰ ছয় জনজাতিকৰণৰ আৰ্হি মডেলেটিজ সম্পৰ্কে পৰামৰ্শ দিবলৈ এখন কমিটী গঠন কৰি দিছিল৷ এই কমিটীয়ে নীতিগত কাৰণত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি স্পষ্ট পৰমৰ্শ আগবঢ়াইছিল৷ কেবল ইমানে নহয় অসম চৰকাৰে জনজাতিয় পৰিক্ৰমা দপ্তৰলৈ প্ৰেৰণ কৰা প্ৰস্তাবৰ আধাৰত এই ছয় জনগোষ্ঠীৰ অতিৰিক্ত নৃগোষ্ঠীগত তথ্য গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত গঠিত কমিটীৰ পৰমৰ্শ আৰু পূৰ্ব লোকপিয়ল তথ্য সমুহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দিয়া মূল উদ্দেশ্য বুলি ভুঞাই উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ৭ জানুৱাৰী ২০১৯ তাৰিখে আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সকললৈ এখন পত্ৰৰ সৈতে গাঠি দিয়া আয়োগৰ ৭ জানুৱাৰী ২০১৯ ১১০ সংখ্যক বৈঠকৰ আলোচনাৰ সাৰাংশৰ ক্ৰিমক নং ৬ এই কথা অতি স্পষ্টকৈ প্ৰকাশ পাইছে কেউতা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি তালিকা ভুক্ত কৰিব লাগে৷ লগতে এই কথা স্পষ্ট কৰি দিয়ে যে জনজাতি পৰিক্ৰমা দপ্তৰে তেওঁলোকৰ ৫ জানুৱাৰী ২০১৮ তাৰিখৰ পত্ৰ নং ১২০২৬/০২/২০০৩ চি এন্ড এল এম যোগে প্ৰেৰণ কৰা প্ৰস্তাবক সমৰ্থন কৰে৷ পুনৰ ২০২১ অসম বিধান সভা নিৰ্বাচনত বিজেপিয়ে ছয় জনজাতিকৰণ লোভ দেখুৱাব বুলি সাংসদ অজিত কুমাৰ ভুঞাই উল্লেখ কৰে৷ এই ক্ষেত্ৰত সাংসদ গৰকীয়ে আগন্তুক ৰাজ্য সভা অধিবেশনত বিধেয়কখন উথ্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ অন্যথা এই বিষয়টোক লৈ সৃষ্টি হ’ব পৰা সকলো ধৰণৰ পৰিস্থিতিৰ বাবেই দিল্লী আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখন সম্পূৰ্ণৰূপে হ’ব লাগিব বুলি ভুঞাই স্পষ্টকৈ উল্লেখ কৰে৷ উল্লেখ্য যে সংবাদ মেল খনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, মনজিত মহন্ত উপস্থিত থাকে ৷
বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰহ্মণ্যম স্বামীৰ মন্তব্য : চাৰি-পাঁচ বছৰৰ ভিতৰত ভাঙি পৰিছে দেশৰ অৰ্থনীতি
দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা মহামাৰীৰ বাবে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ (জিডিপি) ৬ৰ পৰা ৯ শতাংশ কমিব বুলি আশংকা প্ৰকাশ কৰিছে বিজেপি নেতা সুব্ৰহ্মণ্যম স্বামীয়ে৷ অৱশ্যে সঠিক নীতি মানি চলিলে অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে৷ এই প্ৰসংগত মত প্ৰকাশ কৰি ৰাজ্যসভাৰ সাংসদজনে কয়, ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা মহামাৰীৰ বাবে চলিত বিত্ত বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৯ শতাংশ কমিব পাৰে৷ যদি সঠিক নীতি অনুসৰণ কৰে তেন্তে অহাটো বৰ্ষত ঘুৰি আহিব পাৰে৷ অৱশ্যে দেশৰ এই কৰুণ দৃশ্য কেৱল ক’ৰোনাৰ বাবেই হোৱা নাই৷ যোৱা চাৰিৰ পৰা পাঁচ বছৰৰ আগতেই দেশৰ অৰ্থনীতি ভাঙি পৰিছে৷ ক’ৰোনাৰ বাবে ই অতি ভয়াৱহ আকাৰ ধাৰণ কৰে৷ ফলত এই বিত্তীয় বৰ্ষৰ শেষত দেখিবলৈ পোৱা যাব ৬ৰ পৰা ৯ শতাংশ বৃদ্ধিৰ হাৰ কমিছে৷ ইন্দো-আমেৰিকান চেম্বাৰ অব কমাৰ্চ, তেলেংগানা আৰু অন্ধ্রপ্রদেশ শাখাৰ যৌথ উদ্যোগত আয়োজিত এই ভাৰ্চুৱেল বৈঠকত দেশৰ অৰ্থনীতি কিদৰে ঘূৰিব সেই বিষয়ে এনেদৰে তেওঁ ব্যাখ্যা কৰে৷ এই বিষয়ে প্ৰধানমন্ত্ৰীলৈ একাধিকবাৰ চিঠি দিয়াৰ কথা তেওঁ উল্লেখ কৰে৷ সাংসদজনে কয়, আমাৰ উৎপাদন কৰাৰ ক্ষমতা আছে৷ কেৱল শ্ৰমিক আৰু কৃষক তেওঁলোকৰ কামৰ ঠাইলৈ ঘূৰি গ’লে, সঠিক নীতি মানি নতুনকৈ সকলো কাম আৰম্ভ হ’লেই দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ সাত শতাংশ পাবগৈ৷
বহুতে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম
দৈনন্দিন বাৰ্তা ডেস্ক : বহু লোকে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম ৷ এই বিখ্যাত অভিনেতাজনৰ সংগ্ৰামী জীৱনে আনি দিলে সফলতা৷ অমিতাভ বচ্চনৰ প্ৰকৃত নাম শুনিলে হয়তু বহুৱেই আচৰিত হৈ পৰিব৷ প্ৰকৃততে অমিতাভ বচ্চনৰ সেইটো প্ৰকৃত নাম নহয়৷ বাল্যকালত তেওঁৰ নাম আছিল ‘ইনকিলাব’৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত দিয়া ‘ইনকিলাব জিন্দাবাদ’ শ্ল’গানটোৰ পৰা তেওঁৰ পিতৃ আকৃষ্ট হৈ তেওঁৰ নামটো ‘ইনকিলাব’ দিয়া হৈছিল৷ কিন্তু পাছলৈ তেওঁৰ নামটো সলনি হৈ অমিতাভ হয়৷ উল্লেখ্য যে তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চন আছিল এজন বিখ্যাত কবি ৷ আনহাতে মাতৃৰ নাম আছিল তেজী বচ্চন ৷ কিন্তু পাছলৈ তেওঁৰ নাম অমিতাভ বচ্চনলৈ পৰিৱৰ্তন কৰে ৷ এতিয়া এই নামেৰে বিখ্যাত একালৰ ‘ইনকিলাব’৷
সোণতলীৰ জাওঁকাটাত অখিল গগৈৰ মুক্তিৰ দাবীত মিঞা পৰিষদৰ প্ৰতিবাদ
সোণতলী : দক্ষিণ কামৰূপৰ জাওঁকাটা কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওঁকাটা কলহীপাৰ বজাৰ ক্লাৱ আৰু ৰাইজৰ সহযোগত জণদৰদী নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়া, এবিআমছূৰ নেতা লাফিকুল হত্যাৰ ন্যায়, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল আদি বিভিন্ন দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে অসম মিঞা পৰিষদ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) আমি নামানো, কা আমাক নালাগে, অসম চৰকাৰ হায় হায়, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে অসমৰ নিষ্পেষিত, বঞ্চিত আৰু অসমত জাপি দিয়া অসমীয়া জাতিধ্বংসী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী, ভাৰতৰ সংবিধানৰ মূল কাঠাম ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ নৎসাত তথা অসমীয়াৰ হকে মাত মতা জণনেতা অখিল গগৈক অন্যায় আৰু আক্ৰোশ মূলকভাৱে হিটলাৰী কায়দাৰে আটক কৰি ৰাখিছে। এয়া অসম চৰকাৰৰ চৰম অন্যায় আৰু অমানৱীয় কাৰ্য। প্ৰকৃতাৰ্থে চৰকাৰে অখিল গগৈক ভয় কৰি কৌশলগতভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে, ইয়াৰোপৰি এম মুক্তাৰ মণ্ডলে কয় যে মিঞা জণগোষ্ঠীৰ মাজৰ ধৰ্মীয় সংখ্যালঘুৰ তথা এবিআমছুৰ নেতা লাফিকুল হত্যাৰ আজি তিনি বছৰ ওকলি গ’ল কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহ’ল কিয়? হাগ্ৰামা প্ৰশাসনৰ কোনোবা এজন নিশ্চয় হত্যকাৰীৰ সৈতে জড়িত আছে৷ সেয়ে লাফিকুল হত্যাৰ বাবে হাগ্ৰামা চৰকাৰ দায়ী৷ এনে ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এম মুক্তাৰ মণ্ডলে৷ বিজিপি চৰকাৰে আৰ এছ এছৰ শ্ৰুতলিপিত অসমত যি বিদেশী সমস্যা সমাধানৰ বিপৰীতে নতুনকৈ নাগৰিকত্ব সংশোধনী আইন জাপি দি লাখ লাখ বাংলাদেশী বিদেশী অসমত সংস্থাপন কৰিবলৈ যি চক্ৰান্ত কৰিবলৈ লৈছে তাক সফল কৰিবলৈ দিয়া নহ’ব বুলিও মত প্ৰকাশ কৰে এম মুক্তাৰ মণ্ডলে৷ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ দিয়া নহ’ব, অন্যথায় গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত অসম মিঞা পৰিষদ কামৰূপ জিলাৰ সহকাৰী সম্পাদক আব্দূল হাই, মিঞা পৰিষদৰ কৰ্মকৰ্তাসকল, জাওকাটা কলহীপাৰ বজাৰ ক্লাৱৰ সভাপতি হেফজূৰ ৰহমান, ক্লাৱৰ সম্পাদক নবিৰ হুছেইন, জাওকাটা কলহীপাৰ আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ সভাপতি বিলাত হুছেইন, সম্পাদক বিল্লাল হুছেইন, সমাজ কৰ্মী আক্কেছ আলী, মণিৰ উদ্দিণ আদি দুই শতাধিক ব্যক্তি উপস্থিত থাকে।
নতুন শিক্ষা নীতিক লৈ উদ্ভব হোৱা কেইটামান বিশেষ প্রশ্ন ?
✍ চন্দন কুমাৰ নাথ
মোদী চৰকাৰে প্রায় ৩৪ বছৰ পিছত দেশত যি নতুন শিক্ষা নীতিৰ ঘোষণা কৰিছে তাকে লৈ এতিয়া বহুতৰে মাজত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ বা প্রশ্নৰ উদয় হৈছে। এইটো হয় যে কিছু সংখ্যক লোকে সমর্থন তথা এই নতুন শিক্ষা নীতিক লৈ সুখ প্রকাশ কৰিছে কিন্তু ইয়াৰ বিপৰীতে অধিকাংশ লোকৰ মনত এটা কথাই বাৰে বাৰে ক্রিয়া কৰি আছে যে প্রকৃততে এই নতুন শিক্ষা নীতি আমাৰ ল’ৰা-ছোৱালীসকলৰ বাবে ফলপ্রসূ হ’ব নে? স্বামী বিবেকানন্দ দেৱে এনে ধৰণৰ শিক্ষা বিচাৰিছিল য’ত ল’ৰা-ছোৱালীৰ সর্বাঙ্গীন বিকাশ সাধন হয় বা হ’ব পাৰে। কিন্তু এতিয়া আমাৰ মনত এটা প্রশ্ন আহে যে এই নতুন শিক্ষা নীতিৰ জড়িয়তে আমাৰ সমাজত বসবাস কৰা গৰীব, দুখীয়া বা নিম্ন শ্রেণীৰ লোকৰ সন্তানেও ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি হ’ব পাৰিব নে? কিয়নো এই বিশেষ বিষয়সমূহ পঢ়িবলৈ বহুত টকা পইচাৰ প্রয়োজন হয়। গতিকে নতুন শিক্ষা নীতিৰ ফলত সমাজত বসবাস কৰা সকলো দুখীয়া শ্রেণীৰ সন্তানে বিদ্যালয়ত গৈ শিক্ষা গ্রহণ কৰিব নে আধুনিক টেকনিকৰ দ্বাৰা পঢ়া শুনা কৰিব পাব বা পাৰিব? নে সমাজত থকা দুখীয়া শ্রেণীৰ সন্তানে দুখীয়াই হৈ ৰ’ব? আৰু ধনী শ্রেণীৰ লোকসকলৰ সন্তানে ধনীয়ে হৈ থাকিব? বিদেশৰ পৰা বিশ্ববিদ্যালয় ভাৰতত আহিবলৈ বাট মুকলি কৰি দিয়াৰ ফলত আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে সেইবিলাকৰ শৈক্ষিক মানদণ্ড বিকাশ হ’ব নে বেছি বেয়া অৱস্থালৈ গতি কৰিব? শেহতীয়াভাৱে পোৱা খৱৰ অনুসৰি অসমত ছাত্র-ছাত্রীৰ উত্তীর্ণৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত কিন্তু আসনৰ সংখ্যা কমি অহাটো পৰিলক্ষিত হৈছে, গতিকে এনে পৰিস্থিতিত কেনেকৈ বিজ্ঞান আৰু বাণিজ্যৰ লগত ক’লা শাখাৰ সংযোজন সম্ভব? চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পূর্বৰ পৰাই অধ্যাপক আৰু আধুনিক শিক্ষা সাধনৰ যি অভাৱ দেখা দিছিল তাক এই নতুন শিক্ষা নীতিৰ জড়িয়তে পূৰাবলৈ সক্ষম হব নে? চৰকাৰী খন্ডৰ শিক্ষানুষ্ঠান সমূহক গুৰুত্ব প্ৰদান নকৰি, ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান সমূহক নিজৰ নিজৰ শিক্ষাৰ নামত যি ধৰণৰ এক ক’লা ব্যবসায় চলাই গৈ আছে তাক আৰু অধিক মজবুত কৰি গঢ়ি তুলিবলৈ আৰু অধিক সুবিধা বা সুযোগ প্রদান কৰিব? জাতিগত ভেদাভেদ এই নতুন শিক্ষা নীতিৰ ৰাস্তাত কোনো ধৰণৰ বাধাৰ বা সমস্যাৰ সৃষ্টি কৰিব নেকি? এনে ধৰণৰ বহুকেইটা প্রশ্ন এতিয়া আমাৰ মনলৈ জাগ্রত হয় আৰু হোৱাটো স্বাভাবিক কিয়নো এই নতুন শিক্ষা নীতিৰ জড়িয়তে ধনাত্মক দিশতকৈ ঋণাত্মক দিশহে বেছি দেখা পোৱা গৈছে।
আমাৰ সমাজত ৰাখী বন্ধনৰ প্ৰাংসগিকতা
✍ অনামিকা ঠাকুৰীয়া
ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়। কিন্তু ৰাখী বন্ধনৰ এই উৎৱসটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও পুৰণি আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিলছিল। আৰু বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। আৰু সিদিনাখন সংযোগ ক্ৰমে শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু তাৰ পৰায়ে কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। আৰু মহাভাৰতৰো আখ্যান মতে- কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। আৰু তেতিয়াৰ পৰাই কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হৈছিল। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। আৰু এই উৎসৱটি অতীজৰে পৰা শাওণ মাহৰ পূণিমা তিথিত পালন কৰা হয়। হিন্দু, জৈন, শিখ আদিৰ ধৰ্মৰ লোকসকলে এই উৎসৱটি উদ্যাপন কৰে। ভাৰতবৰ্ষত ৰাখী বন্ধন উৎসৱটি অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদ্যাপন কৰা হৈছে। ৰাখী বন্ধন এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা পবিত্ৰ দিন বুলি কোৱা। কিয়নো সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্বি পাইছে। বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো সদায় হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱৰ আগমনে ভাৰতীয় লোকসকলৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক।











