Home Blog Page 3224

ক’ৰোনাৰ পৰা মুক্ত হৈ ঘৰলৈ গ’ল বিগ-বি

দৈনন্দিন বাৰ্তা ডেস্ক : অৱশেষত চিকিৎসালয়ৰ পৰা মুক্তি পালে বিগ-বি অমিতাভ বচ্চনে৷ আনহাতে তেওঁৰ পুত্ৰ অভিষেকে জনালে, বিগ বিৰ শেষ ক’ৰোনা ৰিপৰ্ট নিগেটিভ আহিছে৷ যোৱা ১১ জুলাইত অমিতাভ বচ্চনা ক’ভিড ৰিপৰ্ট পজিটিভ আহে৷ সেইদিনাই ৰাতি ৭৭ বছৰীয়া অভিনেতাজনক নানাৱতী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ তাৰ পাছত ২৩ দিন চিকিৎসাৰ অন্তত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে৷ এই খবৰ দিলে পুত্ৰ অভিনেতা অভিষেক বচ্চনে৷ অভিষেক বচ্চনে টুইটাৰত লিখিলে, দেউতা সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি পালে৷ দেউতাৰ ৰিপৰ্ট নিগেটিভ আহিছে৷ এতিয়া আমাৰ ঘৰতে বিশ্ৰাম ল’ব৷ আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে এয়া সম্ভৱ হৈছে৷ উল্লেখ্য যে ক’ৰোনাত আক্ৰান্ত হৈ অমিতাভ বচ্চন যি দিনা মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈছিল সেইদিনাই পুত্ৰ অভিষেকৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল৷ তেওঁকো চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়৷ ইয়াৰ পাছতে পৰিয়ালৰ আন সদস্যৰ ক’ভিড পৰীক্ষা হয়৷ লগতে ৩০ জন কৰ্মীক আইচ’লেট কৰা হয়৷ জয়া বচ্চন, ঐশ্বৰ্য আৰু আৰাধ্যৰ প্ৰথম পৰীক্ষাত নিগেটিভ আহে৷ কিন্তু দ্বিতীয় পৰীক্ষাত মাতৃ-কন্যা ঐশ্বৰ্য আৰু আৰাধ্যৰ পজিটিভ আহে৷ ইতিমধ্যে ঐশ্বৰ্য আৰু আৰাধ্য ক’ৰোনা মুক্ত হ’ল৷ অমিতাভ ঘৰলৈ উভটিলেও পুত্ৰ অভিষেক বচ্চনৰ ৰিপর্ট আজিও পজিটিভ আহে। টুইটত সেই কথা জনাই অভিষেকে লিখিছে, “দেউতা ঘৰলৈ উভতি গৈছে। বৰ্তমান বিশ্রামত থাকিব। কিন্তু কোমর্বিডিটিৰ কাৰণে মই এতিয়াও পজিটিভ। আমাৰ পৰিয়ালৰ প্রতি ইমান ভালপোৱা-প্রার্থনাৰ বাবে আপোনালোক প্রত্যেককে ধন্যবাদ। মই খুব শীঘ্ৰেই ক’ৰোনাক পৰাজিত কৰি আহিম। প্রমিজ।”

নামনি মাজুলীত বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী  : মাজুলীৰ কাৰ্তিক চাপৰিত মাজুলী জিলা  টি.এম.পি.কে, এম.এম.কে. আৰু টি.এম.এম. কেৰ  উদ্যোগত আৰু ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য উমা পাঠৰী লগতে আয়াং ট্ৰাষ্ট (NGO) এন.জি.অ. ৰ সহযোগত বান পীড়িত লোকসকলক সাহায্য বিতৰণ।  ইতিমধ্যে ১৯৫ টা  পৰিয়াল থকা গাঁওখন ভয়ানক খহনীয়াৰ কৱলত। কোনো গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ।  প্ৰায় ৭০ ঘৰ মানুহ  খহনীয়াৰ বাবে গৃহহীন হৈছে। জাহ গৈছে বহুতো সা-সম্পত্তি। মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ কাৰ্তিক চাপৰিত এনেদৰেই খহি গৈছে চপৰা চপৰ নিজৰ আপোন ঘৰ-বাৰী। ৰাইজৰ দাবী- আমাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগে, নহ’লে আমাক নিশ্চিত নিৰাপত্তা প্ৰদানৰ বাবে জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম কৰিব লাগে। উক্ত সামগ্ৰী বিতৰণ কার্যসূচীত এম.এম.কে. ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰেমধৰ দলে,  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰী, ৩১ নং ফুলনী জাকৈবোৱা সমষ্টিৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, মাজুলী জিলাৰ  টি.এম.পি.কে. ৰ সভাপতি ৰাজু চিন্তে, এম.এম.কে. ৰ সম্পাদক ৰঞ্জিত গাম আৰু জিলা বিষয়ববীয়া সকল উপস্থিত থাকে।

ৰাখী বন্ধন উৎসৱত ৪০০০ কোটি টকাৰ ক্ষতিৰ সন্মুখীন চীন

দৈনন্দিন বাৰ্তা ডেস্ক : এইবাৰৰ ৰাখী বন্ধন উৎসৱৰ সময়ত প্ৰভূত ক্ষতিৰ মুখ দেখিছে চীনে ৷ যিহেতু চীনত প্ৰস্তুত কৰা ৰাখী ভাৰতৰ বজাৰত পোৱা নাযাব ৷ ফলত ৰাখীৰ বজাৰ নোপোৱাত এইবাৰ চীনে ৪০০০ কোটি টকা হেৰুৱাব লগা হ’ব ৷ যিহেতু ভাৰতে চীনত নিৰ্মাণ কৰা সামগ্ৰী বৰ্জন কৰাত কাষৰীয়া দেশখন এই লোকচানৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে ১০ জুনত কনফেডাৰেছন অব অল ইণ্ডিয়া ট্ৰেড (চিএআইটি)ৰ তৰফৰ পৰা ‘হিন্দুস্তানী ৰাখী’ৰে এই উৎসৱ পালনৰ আহ্বান জনাইছিল ৷ চিএআইটিৰ এই আহ্বানক সঁহাৰি জনাই দেশত প্ৰায় এক কোটি ভাৰতীয় সামগ্ৰীৰে প্ৰস্তুত কৰে ৷ এই ৰাখী বাণিজ্যিক খণ্ড, ঘৰতে আৰু অংগনৱাদী কেন্দ্ৰত মহিলাই প্ৰস্তুত কৰে ৷ ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন নতুন ডিজাইনত ৰাখী প্ৰস্তুত কৰে ৷ ফলত এটাও চীনা ৰাখী ব্যৱহাৰ নকৰাকৈ এইবাৰ এই উৎসৱ পালন কৰা হ’ব ৷ চিএআইটিৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতীয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীন খান্দেৱালাই কয় যে হিচাপ মতে প্ৰতি বছৰে ৫০ কোটি ৰাখী বিক্ৰী হয় ৷ যোৱা কেইটামান বছৰত ৬০০০ কোটিৰ ৰাখী বিক্ৰী হৈছিল ৷ তাৰে ৪০০০ কোটি টকাৰ সামগ্ৰী আছিল চীনৰ ৷ চিএআইটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে অহা ৯ আগষ্টত সমগ্ৰ দেশৰ বণিকসকলে ‘চীনে ভাৰত এৰক’ প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷ দেশৰ ৮০০ ঠাইত বণিকসকলে ‘চীনে ভাৰত এৰক’ শ্ল’গান দিব ৷

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ৷ দেওবাৰে নিজেই টুইট কৰি এই কথা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে৷ বৰ্তমান দেশৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ব্যক্তি অমিত শ্বাহে প্ৰাথমিক উপসৰ্গ দেখাৰ বাবে ক’ৰোনা পৰীক্ষা কৰাইছিল৷ তাতেই পজিটিভ ৰিপৰ্ট আহে৷ টুইট কৰি তেওঁ লিখে,  প্ৰাথমিক উপসৰ্গ থকাত ক’ৰোনা পৰীক্ষা কৰিছিলো৷ ৰিপৰ্টত পজিটিভ আহিছে৷ শাৰীৰিক অৱস্থা ভালেই আছে৷ তথাপি চিকিৎসকৰ পৰামৰ্শ মানি চিকিৎসালয়ত ভৰ্ত্তি হৈছো৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন বিগত কেইটামান দিন অতি সক্ৰিয়ভাৱে একাধিক ঠাইত আছে৷ স্বাভাৱিকভাৱে তেওঁৰ সংস্পৰ্শলৈ আহিছে একাধিক মানুহৰ লগতে নেতা-মন্ত্ৰী৷ যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকো সকলোকে ক’ৰোনা পৰীক্ষা কৰি আইচ’লেছনত থাকিবলৈ তেওঁ আহ্বান জনাইছে৷ উল্লেখ্য যে গৃহ মন্ত্ৰী শ্বাহে বিভিন্ন ভাৰ্চুৱেল জনসভাত ভাষণ দিছিল৷ সেই মঞ্চত উপস্থিত আছিল আন নেতা৷ ইয়াৰ উপৰি তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে সংস্পৰ্শলৈ আহিছিল৷ তাকেলৈও চিন্তাৰ কাৰণ আহি পৰিছে৷ ইপিনে ৰাম মন্দিৰৰ ভূমি পূজা সমাগত৷ ইয়াৰ ওপৰত কি প্ৰভাৱ পৰিব তাকে লৈও প্ৰশ্ন উত্থাপন হৈছে৷ মন কৰিব লগা যে দিল্লীৰ ক’ৰোনা পৰিস্থিতি লৈ উল্লেখযোগ্য ভূমিকা লৈছিল অমিত শ্বাহে৷ সম্প্ৰতি দিল্লী চৰকাৰৰ বিভিন্ন বিষয়াৰ লগত অমিত শ্বাহে আলোচনা কৰিছিল৷ ৫৫ বছৰীয়া শ্বাহক চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ অমিত শ্বাহ ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পাই বিজেপিৰ সভাপতি জে পি নাড্ডাই শ্বাহ শীঘ্ৰে আৰোগ্য হ’বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলি প্ৰকাশ কৰে৷ জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন শীঘ্ৰে আৰোগ্য হৈ আহিবৰ বাবে প্ৰাৰ্থনা কৰিছে৷

জয়সাগৰত ব্যতিক্ৰমী ৰূপত ঈদ-উল-জোহা উদযাপন

দৈনন্দিন বাৰ্তা,গেলেকীঃ শনিবাৰে উলহ-মালহেৰে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ-উল-জোহা৷ সকলোবোৰ উৎসৱৰ দৰে ক’ভিড-১৯ ৰ বাবে দেশত চলি থকা লক ডাউনে ম্লান পেলালে এই উৎসৱকো৷ আগষ্টৰ পহিলা দিনটোতে আল্লাৰ নামত উচৰ্গা কৰা হয়৷ কিন্তু এইবাৰ কুৰবানী পৰিহাৰ কৰি সেই ধনেৰে দুখীয়া লোকক সহায়ৰ বাবে হাত আগবঢ়ালে জয়সাগৰস্থিত ঢুলীয়াপাৰৰ সমাজকৰ্মী, সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান) নামৰ ব্যক্তিজনে৷ হাজৰিকাই ঢুলীয়াপাৰ, মৌ-পীয়া গাঁও, হাতীখোঁক গাওঁ, দিচাংমুখ আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক পৰিয়ালৰ মাজত চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, হালধি, মিঠাতেল, চয়াবিন, চাবোন ইত্যাদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ উল্লেখ্য যে পৱিত্ৰ ঈদ-উল-জোহাৰ দিনা কুৰবানীৰ পৰিৱৰ্তে দৰিদ্ৰৰ কাষ চাপি ব্যতিক্ৰমী ৰূপত ঈদ উদযাপন কৰা ব্যৱসায়ীজনৰ এনে পদক্ষেপ এতিয়া একমুখে শ’লাগ লৈছে জয়সাগৰ ৰাইজ তথা সচেতন মহলে ৷

পঞ্জাৱত বিষাক্ত মদ্যপান : মৃত্যু সংখ্যা ৫৭লৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ পঞ্জাৱত বিষাক্ত মদ্যপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ শনিবাৰৰ তথ্য মতে বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি পালে৷ প্ৰাপ্ত তথ্য মতে তৰেণ তাৰাণ জিলাত ৩৭ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে অমৃতসৰত ১২ আৰু বাতালাত ৮ জন লোক বিষাক্ত মদ পান কৰা মৃত্যু হৈছে৷ উল্লেখ্য যে এই ঘটনাত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে ১০জন লোকক কৰায়ত্ত কৰা হৈছে৷ ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷ ইপিনে শুকুৰবাৰে অমৃতসৰৰ গাঁও, বতলা আৰু তৰণ তাৰাণ জিলাৰ পৰা সাতজন বেআইনীভাৱে মদ সৰবৰাহ কৰা সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত পাঁচটা দলে ৪০ ঠাইত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ মদ, ড্ৰাম আদি জব্দ কৰে৷

সুৰাপায়ীসকল সাৱধান ! ৫ ছেকেণ্ডতে যন্ত্রত ধৰা পৰিব সুৰাপায়ী, আবকাৰী হাতত অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ সুৰাপায়ী সকল এতিয়াৰ পৰা সাৱধান হওক। বৰ্তমান অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ । এই অত্যাধুনিক যন্ত্ৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে জানিব পৰা যাব। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত ২৫০ টা উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিবলৈ সক্ষম হয়। হংকঙৰ এটি বিশ্ব বিখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই যন্ত্র বিশ্বৰ বহু কেইখন উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে। এলক’পেট্ৰ’ল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। দীৰ্ঘদিন ধৰি আবকাৰী বিভাগে এনে অত্যাধুনিক যন্ত্ৰৰ অভাৱ অনুভৱ কৰি আহিছিল। এতিয়া আবকাৰী বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ইতিমধ্যে জিলা সমূহৰ আবকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে মেচিনটোৰ সহায়ত ক্ষিপ্ৰতাৰে ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো সহজ হৈ পৰিব। কিয়নো এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিনটোৱে মাত্ৰ ৫ ছেকেণ্ডতে ফলাফল দিয়ে, এইদৰে মন্তব্য কৰে আবকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলন্দ্ৰ পাণ্ডেই।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

বহু বেছি কৰ্মসংস্থাপনমুখী হ’ব নতুন শিক্ষানীতি : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ দেশজুৰি বিতৰ্ক চলি থকা সময়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক ভাৰ্চুৱেল সভাত অংশগ্ৰহণ কৰে৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২০ৰ গ্ৰাণ্ড ফিনালৰ সূচনাপৰ্বৰ বক্তৃতাত প্ৰধানমন্ত্ৰীয়ে কয়, বাবা চাহেব আম্বেদকাৰে কৈছিল, দেশত সুলভ শিক্ষাৰ প্ৰয়োজন ৷ তেওঁৰ সেই ইচ্ছা প্ৰতিফলিত হৈছে নতুন শিক্ষানীতিত ৷ প্ৰধানমন্ত্ৰীৰ দাবী, বিভিন্ন স্তৰত ধাৰাবাহিক আলোচনাৰ পাছত কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুমোদন কৰিছে৷ কেৱল বিদ্যালয় পৰ্যায়তে নহয়, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰৱল সংশয় আৰু শংকাৰ সৃষ্টি হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত৷ প্ৰধানমন্ত্ৰীয়ে জনায়, নতুন শিক্ষানীতি কাৰ্যকৰী হ’লে ১৩০ কোটিৰ বেছি দেশবাসীৰ প্ৰত্যাশা পুৰণ হ’ব৷ তেওঁ কয়, শিক্ষা ব্যৱস্থাক আধুনিক কৰি তোলাৰ বাবে পৰিকাঠামোৰ সংস্কাৰ কৰাই আমাৰ লক্ষ্য৷ আগৰ শিক্ষা পদ্ধতিৰ বেমেজালিবোৰ নতুন ব্যৱস্থাত দূৰ কৰা হৈছে৷ ভাৰতত অ’ত দিনে স্নাতক স্তৰত বিজ্ঞান, কলা আৰু বাণিজ্যৰ পাঠ আছিল তিনি বছৰ৷ সেই ক্ষেত্ৰত কোনো ছাত্ৰ-ছাত্ৰী প্ৰাথমিক স্তৰৰ পৰা স্নাতক হয় ১৫ বছৰত৷ কিন্তু বিদেশত ১৬ বছৰ পঢ়াশুনা দৰকাৰ হয়৷ নতুন শিক্ষানীতিত সেই বিদেশী ধাৰা অনুসৰণ কৰা হৈছে বুলি বহুৱে লক্ষ্য কৰিছে৷ মোডীৰ দাবী ল’কেল আৰু গ্ল’বেলৰ বন্ধন ঘটাব নতুন শিক্ষানীতিত৷ বিষয় বাচনিত ছাত্ৰ-ছাত্ৰীৰ বহু সুবিধা হ’ব৷ লগতে মৌলিক চিন্তাৰ বিকাশ ঘটাব৷ ইয়াৰ লগতে তেওঁ কয়, ছাত্ৰ-ছাত্ৰীৰ বেগৰ বোজা কমোৱাৰ প্ৰয়োজন৷ সেই বিষয়টোত গুৰুত্ব দিয়া হৈছে৷ বিশ্বৰ উন্নত দেশবোৰে নিজা ভাষাত শিক্ষাৰ ওপৰত জোৰ দিয়ে বুলি মোডীয়ে কয়, নতুন শিক্ষানীতিয়ে ভাৰতীয় ভাষাৰ বিস্তাৰ ঘটাব৷ ইয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে তেওঁ কয়, নতুন শিক্ষানীতি বহু বেছি কৰ্মসংস্থাপনমুখী হ’ব৷ কেৱল চাকৰি প্ৰাৰ্থী সৃষ্টি নকৰে, চাকৰিদাতাৰ সংখ্যাও বঢ়াব৷ ২০৩৫ চনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ অন্তত ৫০ শতাংশই উচ্চ শিক্ষাৰ সুযোগ দিয়া তেওঁৰ চৰকাৰৰ লক্ষ্য বুলি জনায়৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তাচৰ্চা আৰু উদ্ভাৱনী দক্ষতা বঢ়োৱা হ’ব৷ এইবাৰৰ প্ৰতিযোগিতাত প্ৰায় চাৰে চাৰি লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল৷ চূড়ান্ত পৰ্যায়ত (গ্ৰাণ্ড ফিনাল) অংশগ্ৰহণকাৰীৰ সংখ্যা ১০ হাজাৰ৷ ৩ আগষ্টত এই প্ৰতিযোগিতাৰ ফাইনেল পৰ্ব৷

শচীনসহ আন বিধায়কক স্বাগত জনাবলৈ সাজু অশোক গেহলট

অনলাইন বাৰ্তা, ১ আগষ্ট : শচীনৰ ধুমুহাত বিপৰ্যস্ত গেহলট ৷ এতিয়া আস্থা ভোটৰ নাম মুখত নাই ৷ এইবাৰ বাৰম্বাৰ শচীন পাইলট আৰু দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ কথা কৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক পাইলটে ৷ ৰাজ্যৰ ৰাজনৈতিক সংকটৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি ল’বলৈ এৰা নাই৷ আগতে অৱশ্যে গেহলটে দাবী কৰিছিল, ৰাজ্য কংগ্ৰেছৰ বিধায়কক লৈ চৰকাৰ পতন ঘটাব বিচাৰিছে বিজেপিয়ে৷ শনিবাৰে অশোক গেহলটে কয়, ৰাজ্যত যি চলিছে সেয়া প্ৰধানমন্ত্ৰী মোডীয়ে বন্ধ কৰা উচিত৷ প্ৰধানমন্ত্ৰী হিচাপে মোডীজীৰ উচিত এই ‘তামাচা’ বন্ধ কৰাৰ ৷ ৰাজ্যত এতিয়া বিধায়ক কিনাবেচাৰ দৰ বহু বেছি ৷ বিধানসভাৰ অধিৱেশন আৰম্ভ হ’লে ইয়াতকৈ বাঢ়ি যাব৷ উল্লেখ্য যে দল ভাঙোনৰ ভয়ত গেহলটে তেওঁৰ অনুগত বিধায়কক জয়ছলমিৰৰ এখন হোটেলত প্ৰায় বন্দী কৰি ৰাখিছে ৷ তেওঁ দাবী কৰিছে, তেওঁৰ হাতত ১০১ জন বিধায়ক আছে ৷ শনিবাৰে গেহলটে সাংবাদিকক কয়, কংগ্ৰেছৰ হাইকমাণ্ডে যদি বিদ্ৰোহী বিধায়কক ক্ষমা কৰে তেনে তেওঁৰ কোনো আপত্তি নাই৷ শচীনসহ আন বিধায়কৰ তেওঁ স্বাগত জনাবলৈ সাজু ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা ব্যৱস্থাক চৰম ভেঙুচালি নগাঁৱৰ শিক্ষানুষ্ঠানৰ । ডিগ্ৰী প্ৰদানৰ নামত কোটি টকাৰ বেহা : শিক্ষাগ্ৰহণ নকৰাকৈয়ে বহুজনে কেৱল টকাৰ জোৰতে অৰ্জন কৰিছে ডিগ্ৰী

নগাঁও : বি ফাৰ্ম ডিগ্ৰী প্ৰদানৰ নামত নগাঁৱৰ এখন শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষা প্রতিষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ধনৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিছে এগৰাকী চিকিৎসকে। হাম এক গ্ৰুপ অৱ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ২০১৭ চনতে ৰাষ্ট্ৰীয় সংখ্যালঘূ শিক্ষা সঞ্চালকালয়ে বাতিল কৰা সংখ্যালঘূ শিক্ষা বৰ্ডৰ নামত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাৰ চাৰ্টিফিকেট প্ৰদান কৰি সেইসকল ছাত্ৰকে পুনৰ ডি ফাৰ্মৰ ডিগ্ৰী প্ৰদান কৰে এইখন প্ৰতিষ্ঠানে। আৰ কে ডি এফ আৰু এচ ভি এন নামৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা BPharm, বি ফাৰ্ম, বি এ, বিএচ চি, এম এচ চি, পিএইচ ডি, এমফিল,বি এড আদি ডিগ্ৰী প্ৰদান কৰা এইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিটো ডিগ্ৰীৰ বাবদ চাৰি লক্ষাধিক টকা আদায় লয় বুলিও অভিযোগ উঠিছে।অৱশ্যে এই অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে শিক্ষা প্ৰতিষ্ঠানখনৰ মুৰব্বী ইমামূল হাছানে।সংবাদ মাধ্যমৰ সন্মুখীন হ’ব নিবিচৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে গোলাঘাটৰ চিকিৎসক ডা: কামাল হাছানে । ডা: হাছানৰ মতে শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা শিক্ষা প্ৰতিষ্ঠান খনে কোনোধৰণৰ পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে কেৱল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিভিন্ন আদবয়সীয়া লোকক প্ৰদান কৰি আহিছে ডিগ্ৰী। আনকি এজন ছাত্ৰক মাচুল সংগ্ৰহৰ নামত দুখন বিশ্ববিদ্যালয়ৰ ৰছিদ প্ৰদান কৰাৰো প্ৰমাণ ইতিমধ্যে জিলা প্ৰশাসনক দাখিল কৰিছে চিকিৎসক গৰাকীয়ে । উল্লেখযোগ্য যে প্ৰতিজন ছাত্ৰৰ পৰা ৪লাখকৈ টকা সংগ্ৰহ কৰা এইখন প্ৰতিষ্ঠানে বিগত ৫বছৰত শিক্ষাৰ নামত চলোৱা ব্যৱসায়ৰ বিৰুদ্ধে তদন্ত চলোৱাৰো দাবী তুলিছে। চিকিৎসক গৰাকীৰ মতে বহু আদবয়সীয়া লোকক কোনোধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে ৪লাখ টকাৰ বিনিময়ত ডিগ্ৰী প্ৰদান কৰা কাৰ্যই ৰাজ্যখনৰ শিক্ষাবিভাগৰ লগতে স্বাস্থ্যখণ্ডকো চৰম ক্ষতিগ্ৰস্ত কৰিব। সেয়ে উল্লেখিত শিক্ষা প্রতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযোগকাৰী চিকিৎসক গৰাকীয়ে আহ্বান জনায় । ইপিনে ইউ ই বি অৰ্থাৎ উৰ্দু এডুকেচন বৰ্ডৰ বৈধতাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে নগাঁৱৰ এইখন শিক্ষানুষ্ঠানে উৰ্দু শিক্ষা ব’ৰ্ডৰ নামত চাৰ্টিফিকেট প্ৰদান কৰাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰা ঘটনাৰ তদন্ত কৰাৰ প্ৰয়োজন যদিও নগাঁও জিলা প্ৰশাসনে ইমানদিনে কিয় কৰা নাই সেয়াও ৰহস্যজনক হৈ পৰিছে । আনহাতে, নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনৰ একাংশ ছাত্ৰৰ মতে জিলা প্ৰশাসন তথা নগাঁও জিলা শিক্ষাবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ এই প্ৰতিষ্ঠানটোৰ লগত আছে গোপন সম্পৰ্ক। পিছে শিক্ষাখণ্ডত দূৰ্নীতি তথা অনিয়ম কঠোৰ হাতেৰে দমন কৰিম বুলি হুংকাৰ দি অহা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কেতিয়া তদন্ত কৰিব সেয়া আগ্ৰহৰে বাট চাইছে নগাঁৱৰ প্ৰবীণ শিক্ষাবিদ সকলে ।