Home Blog Page 3225

জামুগুৰিহাটৰ চকীঘাট পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ। অসমৰ বিৰোধী দল পাকিস্তান পন্থী ৷ কিছু সংগঠন, ভুৱা বুদ্ধিজীৱিৰ সাহসত চকীঘাটৰ সংঘটিত হ’ল এই ঘটনা

জামুগুৰিহাট : জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটত যোৱা ৩০ জুলাইত একাংশ সন্দেহজনক নাগৰিকৰ হাতত চক্ৰ বিষয়া,আৰক্ষী বিষয়াসহ ১২ জনকৈ খিলঞ্জীয়া লোক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি জীয়া ভৰলী নদীৰ পাৰৰ সেই ঘটনাস্থলী পৰিদৰ্শন কৰি বিস্ফোৰক মন্তব্য আগবঢ়াই খুমতাইৰ বিধায়ক মৃণাল শইকীয়াই। একাংশ জাতীয় সংগঠন, কৃষক সংগঠন আৰু ভুৱা বুদ্ধিজীৱীৰ পৰা লাভ কৰা সাহসৰ বাবেই সন্দেহজনক বাংলাদেশী নাগৰিকে এইদৰে খিলঞ্জীয়াৰ ওপৰত জপিয়াই পৰিবলৈ সুবিধা পোৱা বুলি উল্লেখ কৰি নেতা বনোৱা এগৰাকী কৃষক নেতা আজি জেলত নথকা হলে এইসকল সন্দেহজনক লোকক সপক্ষে ওকালতি কৰিবলৈ জামুগুৰিহাটত উপস্থিতি হ’লহি হেতেন বুলিও উল্লেখ কৰে।নগাওঁ, মৰিগাঁও, দৰংৰ পাছত এতিয়া শোণিতপুৰ জিলাখনো বাংলাদেশী নাগৰিকৰ হাতলৈ নিবলৈ ভয়াবহ পৰিকল্পনা চলা বুলি উল্লেখ কৰি বিধায়ক শইকীয়াই এই ক্ষেত্ৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসী ৰূপ বাধা দিয়াৰ ক্ষেত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ দৰে সাহসৰে আগবাঢ়ি আহিব লাগিব বুলিও উল্লেখ কৰে। খিলঞ্জীয়াৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই খিলঞ্জীয়াৰ পক্ষ ন’লৈ সন্দেহজনক নাগৰিকৰ পক্ষ লোৱা বুলি উল্লেখ কৰি অসমৰ বিৰোধী দল এতিয়া পাকিস্তান পন্থী বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই ।অসমত এতিয়া এটা হিন্দুস্থান পন্থী আৰু আন এটা পাকিস্থান পন্থী বুলি দুটা পন্থী থকা বুলি উল্লেখ কৰি পাকিস্থান পন্থীৰ দ্বাৰা শোণিতপুৰ খনো দ্বিতীয় বাংলাদেশত পৰিণত কৰোৱাৰ ষড়যন্ত্ৰ চলা বুলি তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই ।মনকৰিবলগীয়া যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা জামুগুৰিহাটৰ চকীঘাটত বেদখল মুক্ত কৰা চৰকাৰী মাটি একাংশ আত্মসহায়ক গোটক চমজাই দিবলৈ যাওঁতে এই সন্দেহজনক নাগৰিকৰ আক্ৰমণত যোৱা ৩০ জুলাইত খিলঞ্জীয়া লোক আহত হোৱাৰ পাছত আজি সেই ঘটনাস্থলী খুমতাই বিধায়ক মৃণাল শইকীয়াই পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ ল’ব লাগিব সেনাবাহিনীক লৈ চিনেমা, ডকুমেণ্টেৰী নিৰ্মাণত

দৈনন্দিন বাৰ্তা ডেস্ক : যিকোনো বিষয়বস্তুত এতিয়াৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহিন প্ৰমাণপত্ৰ (এনঅ’চি) বা ক্লিয়েৰেঞ্ছ ল’ব লাগিব৷ কেতবোৰ ৱেব ছিৰিজে সশস্ত্ৰ বাহিনীৰ একোটা বিকৃত চিত্ৰ উপস্থাপন কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হয়৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওপৰত কোনো ফ্লিম, ডকুমেণ্টেৰী, ৱেব ছিৰিজ প্ৰচাৰৰ আগতে প্ৰডাকচন হাউচবোৰে এনঅ’চি ল’বলৈ পৰামৰ্শ দিয়াৰ বাবে চেণ্ট্ৰেল ব’ৰ্ড অব ফ্লিম চাৰ্টিফিকেট (চিবিএফচি), ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ চিঠি দিছে৷ এই পত্ৰখন প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭ জুলাইত প্ৰেৰণ কৰিছিল৷ এক সূত্ৰই জনোৱা মতে ভাৰতীয় সেনাবাহিনীৰ সদস্য আৰু সামৰিক ইউনিফৰ্মক অৱমাননাৰে চিত্ৰিত কৰাৰ বিষয়ে মন্ত্ৰালয়ক তীব্ৰ আপত্তি উত্থাপন কৰি অভিযোগ দিয়া হৈছে৷ ‘জি ৫’ত ‘কোড এম’ আৰু এএলটি বালাজীৰ এক্সএক্সএক্স আনচেনছ’ৰ্ড (ছিজন -২)’ৰ দৰে ৱেব ছিৰিজৰ কেতবোৰত সেনাবাহিনীৰ সৈতে সম্পৰ্কিত দৃশ্যবোৰ বাস্তৱতাৰ পৰা বহু দূৰত আৰু সশস্ত্ৰ বাহিনীৰ এটা বিকৃত চিত্ৰ উপস্থাপন কৰা হৈছে৷ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এনেদৰে কয়৷ কেইজনমান সংশ্লিষ্ট নাগকিক আৰু প্ৰাক্তন সৈনিক সমিতিয়ে এনে প্ৰযোজক আৰু অ’টিটি প্লেটফৰ্মৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে এএলটি বালাজীৰ বিৰুদ্ধে গোচৰ তৰিছে৷ অ’ভাৰ-দ্য-টপ (অ’টিটি) মিডিয়া পৰিসেৱা হ’ল এটা ষ্ট্ৰিমিং মিডিয়া পৰিসেৱা যি সচৰাচৰ দৰ্শকৰ ওচৰলৈ ইণ্টাৰনেটৰ জৰিয়তে দিয়া হয়৷ এনঅ’চি লোৱাটো বাধ্যতামূলক কৰাৰ পদক্ষেপ বহু বিবেচনাৰ পাছত লোৱা হৈছে৷ সূত্ৰটোৱে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা বাহিনীৰ ভাৱমূৰ্ত্তি বিকৃত কৰা আৰু প্ৰতিৰক্ষা কৰ্মী আৰু প্ৰৱীণসকলৰ অনুভূতিত আঘাত কৰা ঘটনাবোৰ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷

নতুন দিল্লীত টিভি এনকৰৰ আত্মহত্যা

দৈনন্দিন বাৰ্তা ডেস্ক : নতুন দিল্লীৰ ৱেলকম এলেকাত এটা টেলিভিচন বাতৰি চেনেলৰ এগৰাকী এনকৰে শুকুৰবাৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘৰতে আত্মহত্যা কৰা প্ৰিয়া জুনেজা (২৪) নামৰ এনকৰগৰাকীয়ে ক’ভিড-১৯ সংক্ৰমণৰ মাজত বৰ্তমান সমস্যাৰ মাজত কেনেকৈ এজন মানুহ ইতিবাচক আৰু ইতিবাচক চিন্তাৰ অধিকাৰী হৈ থাকিব পাৰি সেই বিষয়ত সংগীত শিল্পী কৈলাস খেৰৰ লগত এক সাক্ষাৎকাৰ ভিত্তিত টিভি শ্ব কৰিছিল৷ প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে তেওঁ হতাশাত ভুগিছিল৷ এই চূড়ান্ত সিদ্ধান্ত লোৱাৰ তাৎক্ষণিক কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই৷ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে৷ প্ৰিয়া জুনেজাই পিতৃ-মাতৃ, দুগৰাকী ভগ্নী আৰু এজন ভাতৃসহ ৱেলকাম এলেকাত বাস কৰিছিল ৷ ইপিনে কোঠাৰ দোৱাৰ খুলি নিদিয়াৰ বাবে আৰক্ষীক পুৱা ৭ বজাত জনোৱা হয়৷ তেওঁ আত্মহত্যা কৰাৰ সন্দৰ্ভত কোনো টোকা লিখি যোৱা নাই ৷

২ বিমানৰ মুখামুখি সংঘৰ্ষত নিহত ৭

দৈনন্দিন বাৰ্তা ডেস্ক : এংকৰবেজত শুকুৰবাৰে মাজ আকাশত মুখামুখি দুখন বিমান সংঘৰ্ষ হোৱাত সকলো যাত্ৰীৰ মৃত্যু হয়৷ তাৰে এখন বিমান চলোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবক্তাসহ সাতজন লোকৰ মৃত্যু হয়৷ আলাস্কাৰ কৰ্মকৰ্তাই এই কথা জনাইছে৷ পেনিনছুলাৰ কেনাই মহানগৰৰ ছোলড’টনৰ ওচৰত হোৱা দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ ৰক্ষা নহ’ল৷ আলাস্কাৰ ষ্টেট ট্ৰুপে এক লিখিত বিবৃতিত এই কথা প্ৰকাশ কৰিছে৷ ইয়াৰে এখন বিমানত আছিল ৰাজ্যিক প্ৰতিনিধি গেৰী নপ্প৷ আনখন বিমানত দক্ষিণ কাৰোলিনাৰৰ পৰা অহা চাৰিগৰাকী পৰ্যটকৰ লগতে কেনছাছৰ এজন গাইড আৰু ছোলড’টনৰ এজন পাইলট আছিল৷ দুৰ্ঘটনাটোত এই সকলো লোকৰ মৃত্যু হয়৷ বিমান দুখনত সাতজন লোক আছিল৷ ইয়াৰে এজন চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হয়৷ আনহাতে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰে৷ ফলত সুৰক্ষাজনিত কাৰণত কিছু সময়ৰ বাবে পথটো বন্ধ কৰা হয়৷ ফেডাৰেল এভিয়েছন প্ৰশাসনি এখন বিমান ডি হাভিল্লায়েণ্ড ডিএইচ-২ বুলি চিনাক্ত কৰে৷ এফএএ আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সংঘৰ্ষৰ তদন্ত কৰিছে৷ দুৰ্ঘটনাত নিহত নপ্প (৬৭) ৰিপাব্লিকান আৰু ষ্টেট হাউচৰ দ্বিপাক্ষিক সংখ্যাগৰিষ্ঠ আছিল৷ তেওঁৰ মৃত্যুত সহকৰ্মীসহ বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে৷

আজি পবিত্ৰ ঈদ-উল-জোহা : নাজিৰা, জয়সাগৰত চৰকাৰী নিয়ম অনুসৰি ঈদ উদযাপন

গেলেকী : আজি পবিত্ৰ ঈদ-উল-জোহা অথবা ঈদ-উল-আজহা৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা লগতে জয়সাগৰতো বিশেষ সম্প্ৰদায়ৰ লোক সকলে উলহ-মালহেৰে ঈদ-উল-জোহা পালন কৰা ৰাইজে প্ৰত্যক্ষ কৰিছে। নিজৰ প্ৰিয় সম্পদ এটি এই দিনটোত আল্লাৰ চৰণত অৰ্পন কৰে মুছলমান লোক সকলে৷ প্ৰতিবছৰে এই উৎসৱ ইছলাম ধৰ্মীয় লোক সকলে উলহ-মালহৰে পালন কৰে। যদিও বৰ্তমানে ক’ৰনা মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুষ্টূপীয়াকৈ পালন কৰা দেখা গৈছে। যিহেতু ঈদগাহ, মছজিদ সমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে। আজি পৱিত্ৰ ঈদ-উল-জোহা। ক’ৰনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ। ঈদৰ পৰম্পৰা অনুসৰি পুৱাই পাঁচ বজাৰ পৰা ছয় বজাৰ ভিতৰত অসমৰ লগতে ভাৰতত বিভিন্ন স্থানত আদায় কৰে নামাজ। এফালে ক’ৰনা মাহামাৰীৰ সন্ত্ৰাস, ঠিক তাৰ মাজতেই শনিবাৰে অনুষ্টুপীয়াকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উল-জোহা৷ সম্প্ৰতি নাজিৰা, ন-মাটি, মেছাগড়, শিমলুগুৰি, চণ্টক, বিহুবৰ, চূণপুৰা, বালিঘাট, নামটি, মেজেঙ্গা, মিছাজান, বৰতল, লিগিৰীপুখুৰী, গড়আলি, মেকিপুৰ, গেলেকী, লাহনগাওঁ, শিঙিবিল, ৰঙাগড়া, ন-আলি, কলগাওঁ, জ্যোতিনগৰৰ বিপৰীতে জয়সাগৰ, ৰংঘৰ চাৰিআলি, ঢুলীয়াপাৰ, হাতীখোঁক গাওঁ, আমগুৰি আদি স্থানত সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷ চৰকাৰে জাৰি কৰা নিয়ম মানি তেওঁলোকে নিজৰ ঘৰতে সীমিত সংখ্যক লোকেৰে আদায় কৰিলে ঈদৰ নামাজ৷ নামাজৰ অন্তত বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত সকলোৱে কৰিলে দোৱা৷ ইয়াৰোপৰি লোক সকলে প্ৰশাসনে জাৰি কৰা নিয়ম অনুসৰি সম্পন্ন কৰিলে কুৰ্বানিৰ কাৰ্যসূচীও৷ ক’ৰনা মহামাৰীৰ বাবে এইবাৰ ঈদৰ উছাহ-উদ্দীপনা ম্লান পৰিলেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷

সমাজকৰ্মী অসীম বৰুৱাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ

ভগামুখ : দিনে দিনে ৰাজ্যত বাঢ়িছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসাত নিয়োজিত চিকিৎসক নাৰ্চে দিনে নিশাই সেৱাৰে সুস্থ কৰি তুলিছে বহু ৰোগীক ৷ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন হোৱা কোৱাৰেনটাইন চেন্টাৰত দ্বায়িত্ববাহী বিষয়া ডা° ভাষ্কৰ শইকীয়াৰ নেতৃত্বত এটি চিকিৎসক আৰু নাৰ্চ তথা চিকিৎসাকৰ্মীৰ দলে অহৰ্নিশে আগবঢ়াই আহিছে সেৱা ৷ আজি  ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কৰ্মকৰ্তা সমাজকৰ্মী অসীম বৰুৱাই চিকিৎসালয়খনত উপস্থিত হৈ সকলো চিকিৎসক, নাৰ্চ আৰু চিকিৎসাকৰ্মীক তেওঁলোকৰ কৰ্মক শ্ৰদ্ধা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰি কয় যে তেখেত সকলক ভগাৱান প্ৰেৰিত দূত৷ ইয়াৰ পাচতেই তেখেতে চিন্তামণিগড়,  জেলেঙীটুপৰ বান বিধস্ত অঞ্চলত উপস্থিত হৈ দূৰ্গত সকলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অতি সোনকালে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াব বুলি কয়৷ ইয়াৰ পিছতে বৰুৱাই ৰাইজৰ উদ্যোগত নিৰ্মাণ হৈ থকা চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত কামৰ অগ্ৰগতি দেখি সন্তুষ্ট হয় আৰু স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত এটি বকুল পুলি ৰোপণ কৰে৷ তেখেতৰ এই কাৰ্য্যসূচীত যোৰহাট জিলা যুৱ মৰ্চাৰ পল্লব ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল যুৱ মৰ্চা সভাপতি অজয় ভট্টাচাৰ্য,  যোৰহাট জিলা কিষাণ মৰ্চাৰ উপসভাপতি প্ৰহ্লাদ শৰ্মা উপস্থিত থাকে ৷

আগন্তুক নিৰ্বাচনত কোন হ’ব তৃতীয় বিকল্প ? ‘কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা’

প্ৰাঞ্জল প্ৰতীম ডেকা

বতৰৰ বতৰা আগতীয়াকৈ দিব পাৰি যদিও নিৰ্বাচনৰ আগলি বতৰা দিয়াটো কিছু জটিল। তথাপিও আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত তৃতীয় বিকল্পৰ কথা চৰ্চিত হোৱাটো এক প্ৰকাৰৰ সময়ৰ আহ্বান। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে- তৃতীয় বিকল্প কোন হ’ব? অজিৎ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলটো নে কাঠফুলাৰ দৰে গঠিত হোৱা আন কিবা ৰাজনৈতিক দল? শাসনাধিস্থ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব পাৰিবনে তৃতীয় বিকল্পই, সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক! গতিকে, এটা কথা স্পষ্ট যে- যিমানেই তৃতীয় বিকল্পৰ কথা চৰ্চিত নহওঁক কিয়, আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা অতি ক্ষীণ। কিয়নো-জনতাই আকোঁৱালি ল’ব পৰা তৃতীয় বিকল্পৰ এতিয়াও সৃষ্টিয়েই হোৱা নাই। তেনেস্থলত তৃতীয় বিকল্পৰ সম্ভাৱনাৰ কথা ভবাটোও অমূলক। আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা থাকিলহেতেঁন, যদিহে অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত সকলো দল-সংগঠন ঐক্যবদ্ধ হৈ এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলেহেতেঁন। বাস্তৱত দেখা গৈছে-যাৰ মন গৈছে, সিয়েই পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰিছে, কিন্তু অসমৰ ৰাইজে তৃতীয় বিকল্প বুলি ভাবিব পৰা বিধৰ সবল আৰু উপযুক্ত ৰাজনৈতিক দল এটাও নাই। গতিকে, স্পষ্ট হয় যে-আগন্তুক নিৰ্বাচনত আকৌ বিজেপিয়েই বিজয়ৰ ধ্বজা উৰুওৱাবলৈ সক্ষম হ’ব। সকলো দল-সংগঠনলৈ আহ্বান-অন্তত: অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সকলোৱে মিলি এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰক, যি হ’ব পাৰে অসম বিৰোধী দলবোৰৰ বিপৰীতে সঠিক বিকল্প। নি:সন্দেহে ক’ব পাৰি-সঠিক বিকল্পক আকোঁৱালি ল’বলৈ অসমৰ ৰাইজেও সংকল্প ল’ব।

ক’ৰোনাত যোৱা চাৰি দিনত দেশত দুই লাখৰো অধিক আক্ৰান্ত

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনাত বৃহস্পতিবাৰে ৫২ হাজাৰ, শুকুৰবাৰে ৫৫ হাজাৰ নতুন আক্রান্ত হৈছিল। শনিবাৰে আক্ৰান্ত হ’ল ৫৭ হাজাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৭,১১৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত ক’ৰোনাত আক্ৰান্তৰ মুঠ সংখ্যাটো হ’ল ১৬ লাখ ৯৫ হাজাৰ ৯৮৮ জন ৷ অৰ্থাৎ যোৱা চাৰি দিনত দুই লাখৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মন কৰিব লগা যে যোৱা ২৪ ঘণ্টাত আমেৰিকাত নতুনকৈ আক্রান্ত হয় প্রায় ৬৬ হাজাৰ আৰু ব্রাজিলত ৫২ হাজাৰ। উল্লেখ্য যে দেশত সংক্ৰমণৰ হাৰ হ’ল ১০.৮৭ শতাংশ ৷ দেশৰ বিভিন্ন ৰাজ্যৰ তথ্য মতে ভাৰতত যোৱা ২৪ ঘণ্টাত ৭৬৪ জন লোকৰ মৃত্যু হৈছে৷ ভাৰতত মুঠতে ক’ৰোনাত ৩৬,৫১১ জন লোকৰ মৃত্যু হৈছে ৷

নগাঁও বাইপাছত ভয়ংকৰ দুৰ্ঘটনা : তীব্ৰবেগী চেন্ট্ৰ’ গাড়ীয়ে মহতীয়াই নিলে ষ্কুটী আৰোহীক ; নিহত ভাতৃ-ভগ্নী

নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী নগাঁও বাইপাছৰ ওপৰ পাথৰীত কালি পুৱা ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত দুই ভাতৃ-ভগ্নী নিহত হোৱাৰ উপৰিও আন চাৰিগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোত নিহত যুৱকজনৰ নাম পল্লৱ শইকীয়া আৰু তেওঁৰ ভনীয়েকৰ নাম পংখী শইকীয়া (১৫)। দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ ঘৰ ননৈ কুমাৰ গাঁৱত। পল্লৱে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁৰ কিশোৰী ভনীয়েকে নৱম শ্ৰেণীত পঢ়ি আছিল। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন শইকীয়াই জনোৱা মতে, পল্লৱ শইকীয়া নামৰ যুৱক জনে এ এছ ০২ এফ ৮৮৪৫ নম্বৰৰ ষ্কুটী খনত তেওঁৰ ভনীয়েকক আৰু তেওঁলোকৰ জেঠায়েকৰ ছোৱালী প্ৰণামী বৰা (১৯)ক উঠাই লৈ নগাঁও বাইপাছেৰে গৈ আছিল। পুৱা প্ৰায় ১০.৩০ বজাত পল্লৱে ওপৰ পাথৰীত ষ্টুটীখন বাইপাছৰ পৰা দেওধৰৰ চাৰ্ভিছ ৰোডৰ দিশে লৈ যাওঁতেই সেই সময়ত গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে তীব্ৰবেগেৰে আহি থকা এ এছ ০১ ই এইচ ৪০৬৫ নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনে ষ্কুটীখনক মহতীয়াই নিয়ে। ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত ষ্কুটীখনৰ চালক পল্লৱ শইকীয়া ঘটণাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভনীয়েক পংখীক অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত আদ বাটতে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, স্কুটীখনৰ আনগৰাকী আৰোহী প্ৰণামী শইকীয়াকো প্ৰথম অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই “চেন্ট্ৰ” গাড়ীখন পথৰ ওপৰতে লুটি খাই পৰাত গাড়ীখনৰ দুই আৰোহী ক্ৰমে গুৱাহাটীৰ জাপৰিগোগৰ অংকুশ দাস (৪০) আৰু গুৱাহাটীৰ বেলতলাৰ পাৰ্থ প্ৰতীম দাস(৪০)য়ো গুৰুতৰভাৱে আহত হয়। অৱশ্যে গাড়ীখনৰ চালক প্ৰসেনজিৎ বৰুৱা আহত হোৱা নাই বুলি বৰঘাট সূত্ৰই জনাইছে।

হোজাইৰ ডবকাত অৱ্যাহত আছে চোৰাং গৰুৰ বেহা

ডবকা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো অৱ্যাহত আছে গৰুৰ চোৰাং বেহা৷ বৃহস্পতিবাৰে নিশা ডবকাৰ পৰা কাছাৰলৈ চোৰাংভাবে সৰবৰাহ কৰোতে ২০ টা গৰুসহ এখন বাৰচকীয়া ট্ৰাক জব্দ কৰে৷ জব্দ কৰা গৰু ভৰ্তি ট্ৰাকখনৰ নম্বৰৰ হ’ল AS11CC 8056 ৷ সোধপোচৰ বাবে তিনি শ্ৰমিকক আটক কৰিছে যদিওঁ চালক আৰু চোৰাং ব্যাৱসায়ী সকল পলাই যাবলৈ সক্ষম হয়৷ আটক কৰা শ্ৰমিক কেইজনৰ নাম হল ক্ৰমে নাচিৰ উদ্দিন, আব্দুল খালিক আৰু আচাব উদ্দিন৷ জানিব পৰা মতে এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দ্দেশ মৰ্মে ডবকা আৰক্ষীয়ে ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৰুভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা গৰু কেইটা ডবকা চহৰৰ সমীপৰ এটি পাউণ্ডত ৰাখি থৈছে৷ চোৰাংভাবে গৰুখিনি ক’ৰ পৰা কোনে, ক’লৈ সৰবৰাহ কৰিছে সেই বিষয়ে সবিশেষ তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমক প্ৰকাশ কৰা নাই যদিও সাংবাদিকে চলোৱা অনুসন্ধানত গৰু খিনি ৰাঙলুৰ জনৈক আব্দুছ ছাত্তাৰ নামৰ লোকজনে ডবকাৰ NRL পেট্ৰল পাম্পৰ সমীপত গাড়ীত গৰুখিনি বোজাই কৰা হৈছে আৰু এইখিনি কাছাৰলৈ সৰবৰাহ কৰিব খুজিছিল৷ ইফালে ঈদৰ প্ৰাকমূৰ্তত এনেদৰে চোৰাংভাবে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰিবলৈ সক্ষম হোৱা কাৰ্য্যক আদৰণি জনাইছে ডবকাবাসী ৰাইজে৷ উল্লেখ্য যে লক ডাউনৰ পূৰ্বে ডবকা, মোৰাঝাৰ, লংকা, উদালী আদি অঞ্চলৰ পৰা ব্যাপক হাৰত চোৰাংভাবে গৰু সৰবৰাহ হৈ আছিল৷ আৰক্ষীয়েও বহু গৰুৰ ট্ৰাক জব্দ কৰাৰ লগতে কেবাজনত জেললৈ প্ৰেৰণ কৰিছিল। চোৰাং গৰুৰ লগত একাংশ মুখা পিন্ধা ভদ্ৰলোক জৰিত থকাৰ অভিযোগ উঠিছে। এই চক্ৰটোৰ বিৰুদ্ধে সাংবাদিক তথা কোনো দল-সংগঠনে মাত মাতিলে চক্ৰটোৱে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। হোজাই জিলা আৰক্ষী অধীক্ষকেও এটা এটাকৈ নাকী লগোৱাই চোৰাং ব্যৱসায়ী তথা চক্ৰ উৎখাত কৰিবলৈ ধৰিছে যদিও একাংশ তলতীয়া আৰক্ষীয়ে চক্ৰটোৰ সৈতে সু সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উঠিছে।