Home Blog Page 3226

নাজিৰা বিধানসভা সমষ্টি দখলৰ বাবে শাসকীয় কুচকাৱাজ আৰম্ভ : কংগ্ৰেছৰ দুৰ্গ আখ্যা

গেলেকী : নাজিৰা বিধানসভা সমষ্টি শক্তিশালী ভেটি স্বৰূপে দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। অপেক্ষা নহয়, শাসকীয়ৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ বিষয় হ’ব নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ ভেটি উৎখাত কৰাটো। সমাগত ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দুৰ্গ আখ্যা বিভিন্ন মহলৰ। সম্প্ৰতি ১০৪ নং নাজিৰা বিধান সভা সমষ্টিটো বিজেপি দলে দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে৷ ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাইঁ নাজিৰাত উপস্থিত হৈ জন সম্পৰ্ক ৰক্ষাৰ অভিযান চলাই গৈছে৷ সমান্তৰালভাৱে চৰাইদেউ জিলা। বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন শিক্ষক, প্ৰকৃতিপ্ৰেমী হিচাপে ধৰ্মেশ্বৰ কোঁৱৰে বিজেপিৰ হৈ সমষ্টিটোত বানপানী, লক ডাউনৰ সময়ত ঘৰে-ঘৰে গৈ সহায়ৰ হাত আগবঢ়োৱাৰ দৰে বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি ময়ূৰ বৰগোহাঁইয়েও সমষ্টিটোৰ বিভিন্ন ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ তেনেদৰে শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন ৱাৰ্ড সদস্য ও বৰ্তমান শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পলাশ পবন শইকীয়ায়ো সমষ্টিৰ বিভিন্ন ৰাইজৰ সহযোগত সমষ্টিটোৰ জনসাধাৰণৰ বাবে কাম কৰি আছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ভাতৃ টংকেশ্বৰ শইকীয়াৰ পুত্ৰ পলাশ শইকীয়াৰ একাংশ কংগ্ৰেছ নেতা-কৰ্মীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে কংগ্ৰেছক আঘাত দিব পাৰিব বুলি বিজেপিৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীয়েও মন্তব্য কৰা দেখা গৈছে ৷ সংসদীয় নিৰ্বাচন, ত্ৰিপুৰাৰ নিৰ্বাচনত ওতঃপ্ৰোত ভাৱে জড়িত পলাশ শইকীয়া টিকটৰ দাবীদাৰ হিচাপে ৰাইজৰ আহ্বানত আত্মপ্ৰকাশ কৰিছে। যদিহে পলাশ শইকীয়াই দলীয় প্ৰাৰ্থীত্ব লাভ কৰে তেনেহ’লে এইবাৰ দুই ভাতৃৰ যুঁজ দেখিবলগীয়া হ’ব। উল্লেখ্য যে বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই প্ৰায় ১৮হাজাৰ ভোটত বিজেপিৰ প্ৰাৰ্থী চাহ জনগোষ্ঠীৰ নেতা প্ৰহ্লাদ গোৱালাক পৰাস্ত কৰিছিল ৷ বিজেপিৰ সত্বেও প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটৰ বাবে বিজেপি দল পৰাস্ত হোৱা বুলি প্ৰচাৰ হৈছিল। যদিও এইবাৰ পুনৰ বিজেপি দলত কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰয়াসী হোৱাত পুনৰ বিজেপি বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব শাসকীয় প্ৰাৰ্থী।

ক’ৰোনাত মৃত্যুৰ সংখ্যাত ইটালীক পিছ পেলাই বিশ্বৰ পঞ্চম স্থানত ভাৰত

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৫,০৭৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত ক’ৰোনাত আক্ৰান্তৰ মুঠ সংখ্যাটো হ’ল ১৬ লাখ ৩৮ হাজাৰ ৮৭০ জন৷ অৰ্থাৎ যোৱা দুদিনত এক লাখৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইপিনে ক’ৰোনাত মৃত্যুৰ হিচাপত ইতিমধ্যে ফ্ৰান্স আৰু স্পেইনক পিছ পেলাইছিল ভাৰতে৷ শেহতীয়া তথ্য মতে মৃত্যুৰ নিৰিখত ইটালীক পিছ পেলালে ভাৰতে৷ ইউৰোপৰ দেশ ইটালীত ক’ৰোনাত ৩৫,১৩২ জন লোকৰ মৃত্যু হৈছিল৷ বৃহস্পতিবাৰৰ বিভিন্ন ৰাজ্যৰ তথ্য মতে ভাৰতত ৩৫,৭৪৮ জন লোকৰ মৃত্যু হৈছে৷ ফলত ক’ৰোনাত মৃত্যুৰ নিৰিখৰ তালিকাত পঞ্চম স্থান পালেগৈ ভাৰত৷ ভাৰতত যোৱা ২৪ ঘণ্টাত ৭৭৯ জনৰ মৃত্যু হয়৷ ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰত ১৪৭২৯ জন লোকৰ মৃত্যু হয় ৷ তাৰ পাছতে দিল্লীত ৩৯৩৬, তামিলনাডুত ৩৮৩৮ জনৰ মৃত্যু হৈছে৷ দেশত প্ৰতিদিনে মানুহৰ ক’ৰোনা পৰীক্ষা হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৬ লাখ ৪২ হাজাৰ ৫৮৮ জন লোকৰ পৰীক্ষা হয়৷ আনহাতে দেশত সংক্ৰমণৰ হাৰ হ’ল ৮.৫৭ শতাংশ ৷

মণিপুৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৩ অসম ৰাইফলৰ জোৱান : আহত ৫

দৈনন্দিন বাৰ্তা ডেস্ক : মণিপুৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত অসম ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হৈছে৷ আনহাতে এই ঘটনাত আহত হৈছে আন পাঁচজন জোৱান৷ বৃহস্পতিবাৰে পুৱা মণিপুৰৰ চান্দেল জিলাৰ ম্যানমাৰৰ সীমান্তত এই ঘটনা সংঘটিত হয়৷ স্থানীয় সূত্ৰই জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ম্যানমাৰ সীমান্তত মণিপুৰৰ চান্দেল জিলাৰ এঠাইত ৪ নং অসম ৰাইফলছৰ জোৱানে তালাচী অভিযান চলাই আছিল৷ হৰ্থাৎ সেই ঠাইত আইইডি বিস্ফোৰণ ঘটায় স্থানীয় উগ্ৰপন্থী সংগঠন পিপুলছ লিবাৰেছন আৰ্মিৰ সদস্যই৷ তাৰ পাছত অসম ৰাইফলৰ সেনাৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে৷ ফলত তিনিজন জোৱানৰ মৃত্যু হয়৷ লগতে আন চাৰিজন জোৱান আহত হয়৷ এই ঘটনাটো মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ চান্দেল জিলাত সংঘটিত হয়৷ আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ অঞ্চলটোত তালাচী অভিযান ব্যাপক কৰা হৈছে৷

সুগন্ধি পখিলাৰ কবি হীৰুদালৈ ওপজা দিনৰ শুভকামনা

জ্যোতিস্মান শৰ্মা

“তুমিতো জানাই

এই কবিৰ আৰু একো নাই

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জোৰাই।”(হীৰুদা) 

আজি ২৮ জুলাই, সুগন্ধি পখিলাৰ কবি ‘হীৰুদা’ৰ (হীৰেন ভট্টাচাৰ্য) ওপজা দিন। ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা হীৰুদাৰ সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত এক সুকীয়া পৰিচয় আছে। তেখেতৰ ১৩খন কবিতা পুথি অসমীয়া ভাষাত প্ৰকাশ পেৱাৰ লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ২০১২চনৰ চাৰি জুলাই তাৰিখে ‘হীৰুদা’ই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰিছিল। সুগন্ধি পখিলাৰ কবি হীৰুদালৈ দৈনন্দিন বাৰ্তা ডিজিটেল সংস্কৰণৰ পৰা ওপজা দিনৰ শুভকামনা জনালে।

ভাৰতত শীঘ্ৰে ৭ নতুন পথত বুলেট ট্ৰেইন : তীব্ৰ বেগী ৰে’লৰ ট্ৰেকৰ বাবে ভূমি অধিগ্ৰহণ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শীঘ্ৰে সাতটা নতুন ৰুটত দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বিশাল নেটৱৰ্ক তৈয়াৰ কৰা হ’ব৷ এই প্ৰকল্পটো ত্বৰান্বিত কৰিবলৈ ভাৰতৰ ৰে’ল বিভাগে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষৰ সৈতে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য মতে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই শীঘ্ৰে দেশৰ ৰে’ল পৰিবহণ নেটৱৰ্কৰ সংহত উন্নয়নৰ বাবে গ্ৰীণফিল্ড এক্সপ্ৰেছক ধৰি দ্ৰুতগতিৰ ৰে’লৰ বাবে ট্ৰেক ৰাখিবলৈ ভূমি অধিগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নেতৃত্বত এটা দলে পৰিকাঠামোৰ এক বৈঠকত অতিৰিক্ত ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইনফ্ৰা ছেক্টৰ গ্ৰুপৰ সভাৰ সময়ত সিদ্ধান্ত লোৱা হৈছিল যে ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ দায়িত্ব ল’ব আৰু এই প্ৰক্ৰিয়া আগুৱাই নিবলৈ এখন চাৰিজনীয়া সদস্যৰ সমিতি গঠন কৰা হৈছিল৷ চাৰি সদস্যৰ টাস্ক ফৰ্চে ভূমি অধিগ্ৰহণ আৰু ব্যয় ভাগ কৰি নিয়াৰ পদ্ধতিবোৰ কাৰ্যকৰি কৰিব৷ উল্লেখ্য যে ভাৰতীয় ৰে’ল পথ দিশৰ ৭টা হাই-স্পীড ৰে’ল ৰুটৰ ব্লুপ্ৰিণ্ট তৈয়াৰৰ প্ৰক্ৰিয়াটো চলি আছে৷ এই সাতটা হাই-স্পীড ৰে’ল  কৰিডৰ হ’ল নয়দা হৈ দিল্লীৰ পৰা বাৰানসী, আগ্ৰা আৰু লক্ষ্ণৌ, বাৰানসীৰ পৰা পাটনা হৈ হাওৰা, জয়পুৰ আৰু উদয়পুৰ হৈ দিল্লীৰ পৰা আহমদাবাদ, চণ্ডীগড়, লুধিয়ানা আৰু জলন্ধৰ হৈ দিল্লীৰ পৰা অমৃতশৰলৈ, নাছিক হৈ মুম্বাইৰ পৰা নাগপুৰ, পুনে হৈ মুম্বাইৰ পৰা হাইদৰাবাদ আৰু বেংগালুৰু হৈ চেন্নাইৰ পৰা মহিহুৰ৷

তামিলনাডুত ৩১ আগষ্টলৈকে বৃদ্ধি লকডাউন

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ তামিলনাডু চৰকাৰে ক’ৰোনো ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৩১ আগষ্টলৈকে লকডাউনৰ সীমা বঢ়াই দিছে৷ অৱশ্যে কেতবোৰ শিথিলতা অৱলম্বন কৰিছে৷ ইপিনে আগষ্টৰ দেওবাৰবোৰত সম্পূৰ্ণ লকডাউন কৰা হৈছে৷  দেওবাৰবোৰত কেৱল জৰুৰীকালীন সেৱাহে অব্যাহত থাকিব৷ উল্লেখ্য যে বুধবাৰৰ দিনালৈকে তামিলনাডুত ক’ভিড-১৯ত মুঠ ২৩৪১১৪ জন লোক আক্ৰান্ত হৈছে৷ অৱশ্যে ১৭২৮৮৩ জন লোক আৰোগ্য হৈছে৷ ইয়াৰে ভিতৰত ৫৭৪৯০ জনৰ সক্ৰিয়৷ তদুপৰি ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত হৈ ৩৭৪১ জন লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে শেষৰ সপ্তাহৰ কেইটামান দিনত তামিলনাডুত প্ৰতিদিনে ৭০০০ লোক সংক্ৰমিত হৈছিল৷ মে’ আৰু জুন মাহত ৰাজ্যখনৰ ৰাজধানী চেন্নাইত অৱস্থা গুৰুতৰ হৈছিল৷ ৰাজ্যখনত লকডাউনত শিথিল কৰা অনুসৰি কোম্পানীবোৰত ৭৫ শতাংশ কৰ্মচাৰীৰে কাম কৰিব পাৰিব৷ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে ৫০ শতাংশ আসনত ব্যৱস্থা কৰি হোটেলবোৰ খুলিব পাৰিব৷ শাকপাচলি আৰু গেলামালৰ দোকান পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে খুলিব পাৰিব৷ ই-কমাৰ্চৰ সকলো সামগ্ৰী বিতৰণ কৰিব পাৰিব ৷

জামুগুৰিহাটত ভয়ংকৰ পৰিস্থিতি। সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া,নদুৱাৰ ৰাজহ চক্ৰ বিষয়াসহিতে ১২ জন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূণ্যলৈ গুলিচালনা ।

জামুগুৰিহাট :  চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিমাঞ্চলৰ চকীঘাটত আজি চৰকাৰী বেদখলমুক্ত ভূমি দখলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে একাংশ সন্দেহজনক লোকৰ আক্ৰমণত আৰক্ষী বিষয়া,ৰাজহ চক্ৰ বিষয়া সহিতে ১২ জনকৈ লোক আহত হোৱা ঘটনাই সমগ্ৰ আঞ্চলটোতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷চৰ চাপৰি অঞ্চলৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি বসবাস কৰি দখল কৰি থকা হাজাৰ হাজাৰ বিঘা ভূমি বিগত সময়ত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিছিল৷পৰৱৰ্তী সময়ত বেদখলমুক্ত মাটিত ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজে ট্ৰেক্টৰ চলাই সেই ভূমি সমষ্টিৰ থলুৱা যুৱক যুৱতী,আত্ম সহায়ক গোট,কৃষি গোট তথা দল সংগঠণক কৃষি কাৰ্য্য সম্পন্ন কৰিবৰ বাবে  আনুষ্ঠানিকভাৱে মুকলি কৰি দিছিল৷যাৰ পৰিপ্ৰেক্ষিতত আত্মসহায়ক গোট,কৃষি গোট,থলুৱা যুৱক তথা দল সংগঠনক সেই ভূমি আজি পৃথক পৃথককৈ গটাই দিবৰ বাবে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ এটি দল সহিতে আৰক্ষী তথা প্ৰশাসনৰ লোক সেইস্থানত উপস্থিত হৈছিল৷কিন্তু ভূমি দখল কৰিবলৈ যোৱা লোকসকলৰ লগতে চমজি দিবলৈ যোৱা প্ৰশাসনৰ লোকক একাংশ সন্দেহযুক্ত দুৰ্বৃত্তৰ দলে হাতে হাতে জাঠি জোং,দাঁ,কোৰ লৈ বাধা প্ৰদান কৰাৰ লগতে আক্ৰমণ কৰিবলৈ উদ্যত হয়৷অৱশ্যে সন্দেহজনক লোকৰ এই আগ্ৰাসি  ৰূপক বাধা দিবলৈ চেষ্টা চলাওতেই সন্দেহজনক লোকৰ আক্ৰমণত জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া,চৰকাৰী মণ্ডল সহিতে ১২ জন লোক আঘাতপ্ৰাপ্ত হয়৷দুৰ্বৃত্তৰ আক্ৰমনত জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল কুমাৰ নাথে মুৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতী,মণ্ডল মানস বৰাইও ভৰিত আঘাত পোৱাৰ উপৰিও স্থানীয় যুৱক বিষ্ণু বৰা,বুলু আহমেদ, প্ৰকাশ শইকীয়া,ম: ইমামুদ্দিনকে ধৰি ১২ জনকৈ লোক আহত হয়।পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে শূণ্যলৈ গুলিচালনা কৰাতহে অৱশেষত সন্দেহজনক লোক সকল সেইস্থানৰপৰা আতৰি যায়৷খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক লোকৰ আক্ৰমণৰ এই খবৰ বিয়পি পৰাৰ পাছতে ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ লগতে স্হানীয় খিলঞ্জীয়াৰ ওপৰত হোৱা এই আক্ৰমণ দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে আমাৰ জাতি,মাটি,ভেটি বচাবৰ বাবে এতিয়া ঐক্যবদ্ধতাৰে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰে।শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত,অতিৰিক্ত আৰক্ষী নোমল মাহাতুও ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দোষীক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে৷মনকৰিবলগীয়া যে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ চকীঘাট,লালেটাপু, মকুৱাচাপৰি,ভৰলীচাপৰিকে ধৰি  চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা চৰ অঞ্চলত একাংশ সন্দেহজনক লোকে চৰকাৰী ভূমি বেদখল কৰি থকাৰ পাছত সেই মাটি কিছুদিন পূৰ্বে শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই  বেদখলমুক্ত কৰিছিল।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টীয়কত যোৰহাট জিলা বিজেপিৰ উপ সভাপতিৰ বাসগৃহৰ সন্মুখত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

মুদৈজান : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অংশ হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছুৰ উদ্যোগত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, তথা ৰাইজৰ সহযোগত টীয়কৰ জগদুৱাৰত যোৰহাট জিলা বিজেপিৰ উপ সভাপতি তথা টীয়ক পৌৰসভাৰ সদ্যপ্ৰাক্তন পৌৰপতি ৰফিক উজ জামানৰ বাসগৃহৰ সন্মুখত সামাজিক দূৰত্ব অটুট ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক ছাত্ৰ কৰ্মী তথা ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী কার্যসূচীত প্ৰতিবাদকাৰীসকলে কা আমি নামনো, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি গ’ বেক, সাম্প্ৰদায়িক ৰাজনীতি নচলিব, ক’লা আইন বাতিল কৰক আদি ধ্বনি দি আকাশ বতাহ কঁপাই তোলে। কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে অংশগ্ৰহণ কৰি কয়, কৰোনাৰ এই বিভীষিকাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ কৰি অসমৰ মুখ্যমন্ত্ৰীজনক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ সংগ্ৰামৰ মাজেৰে জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান কৈ আজি মুখ্যমন্ত্ৰী হ’ল কিন্তু অসমৰ ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি পেলোৱা কাৰ্যক ৰাইজে অনাগত ২১ ৰ নিৰ্বাচনত উচিত শিক্ষা দিব সেইটো স্পষ্ট। কাৰ্যসূচীত টীয়ক কৰ্মচাৰী পৰিষদৰ উপদেষ্টা কিশোৰ দাস, অধিবক্তা বিশ্বজিৎ নাথ, জ্ঞানপীঠ একাডেমীৰ সঞ্চালক সৌৰভ বৰা, কা বিৰোধী আন্দোলনৰ শ্বহীদ ৰাজেন বৰুৱাৰ পত্নী জোনমণি বৰুৱা, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আছুৰ ভাৰপ্ৰাপ্ত সম্পাদক পবিত্ৰ বৰা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, টীয়ক আছুৰ উপ সভাপতি পাপু কলিতা, ৰক্তিম হাজৰিকা, সহকাৰী সম্পাদক ভাস্কৰজ্যোতি গগৈ, দীপাংকৰ বেজবৰুৱী, শিক্ষা সম্পাদক বিতোপন পুদ্দাৰ, মুখ্য সাংগঠনিক সম্পাদক ৰূপক সৰকাৰ, সাংস্কৃতিক সম্পাদক আকাশ গগৈ, প্ৰচাৰ সম্পাদক দীপাংকৰ দাসৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত টীয়ক কেন্দ্ৰীয়, কলিয়াপানী, জগদুৱাৰ, বলমা, মুদৈজান, কাৱৈমাৰী, জাঁজীমুখ আদি শাখা ছাত্ৰ সন্থাৰ বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে। আনহাতে টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই ‘কা’ৰ বিৰুদ্ধে হবলগীয়া এই দীঘলীয়া সংগ্ৰামখনত টীয়কৰ ৰাইজে ছাত্ৰ সন্থাক প্ৰতিটো খোজত সহযোগিতা বিচাৰে আৰু অনাগত নিৰ্বাচনত এই জাতিদ্রোহীবোৰক পোলিয়ে পোখাই উচ্ছেদ কৰিবলৈ আহ্বান জনায়। ইফালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কা বিৰোধী আন্দোলনৰ শ্বহীদ ৰাজেন বৰুৱাৰ পত্নী জোনমণি বৰুৱাই কয়, দেশ আৰু জাতিৰ স্বাৰ্থত মোৰ স্বামীৰ মৃত্যুৰ পাছতো মই হতাশ হোৱা নাই, চৰকাৰে কা বাতিল নোহোৱা পৰ্যন্ত আমি সংগ্ৰাম কৰি যোৱাৰ কথা কয়।

‘কা’ বাতিলৰ দাবীত মাজুলীত আছুৰ প্ৰতিবাদ, পুনৰ মাজুলীত আৰম্ভ হ’ল ‘কা’ বিৰোধী প্ৰতিবাদ

উজনি-মাজুলী  : পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজপথলৈ নামিল মাজুলী মহকুমা ছাত্ৰ সন্থা৷ মাজুলীৰ মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজুলীৰ বিভিন্ন প্ৰান্তত ‘কা’ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত ছাত্ৰ সন্থাই পুনৰ ‘কা’ আমি মনা নাই, ‘কা’ আমি নামানো, কা শীঘ্ৰে বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, নৰেন্দ্ৰ মোডী গ’ বেক, অমিত শ্বাহ হুচিয়াৰ আদি শ্লগানেৰে উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞাই কয় যে- অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই জাতিধ্বংসী আইনখন বাতিল কৰক৷ নাগৰিকত্ব সংশোধনী আইন-২০১৯ আমি মনা নাই আৰু নামানো৷ অসাংবিধানিক, সাম্প্ৰদায়িক আৰু খিলঞ্জীয়া বিৰোধী এই আইন শীঘ্ৰে বাতিলৰ দাবী জনায়৷ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মাই কয় যে অসমৰ ৰাইজৰ প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰখনে যদি এই আইন বাতিল নকৰে তেতিয়া হ’লে ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব বুলি সকীয়াই দিয়ে৷ লগতে কয় যে   পুনৰ এই আন্দোলন আৰম্ভ হৈছে৷ এই আন্দোলন ব্যাপক আৰু প্ৰবল হ’ব৷ যি পৰ্যন্ত কা বাতিল নহ’ব সেই পৰ্যন্ত এই আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব লগতে কয় অসমে আৰু কোনো কাৰণত অবৈধ বিদেশীৰ বোজা নলয়৷ অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয়৷ এই আইনখনৰ যোগেদি যি অবৈধ বিদেশী অসমত জাপি দিবলৈ বিচাৰিছে এয়া কোনো কাৰণতে সহ্য কৰা নহ’ব৷ আৰু শীঘ্ৰে এই কা বাতিলৰ দাবী জনাই৷ মাজুলীৰ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থা, পূব মাজুলী, ভকতিদুৱাৰ, গেজেৰা, আঞ্চলিক ছাত্ৰ সন্থাই ফুলনি চাৰিআলিত এই  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদ স্থলীত জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়েৰ লগতে শতাধিক প্ৰতিবাদকাৰীয়ে মানৱশৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

নলবাৰী বৰভাগত স্বেচ্ছাসেৱী সংস্থা “সন্ধান”ৰ পৰা বানপীড়িত ৰাইজক সাহাৰ্য্য প্ৰদান

নলবাৰী : কৰণা মহামাৰীৰ পিছতে এতিয়া বানপানীৰ সংহাৰী ৰূপে এতিয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ সৰ্ব সাধাৰণ ৰাইজক সমস্যাৰ দিশলৈ থেলি পঠিয়াইছে। এনে পৰিস্থিতিৰ সময়ত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী সংস্থা সন্ধানৰ তৰফৰ পৰা বানপীড়িত অঞ্চলত যোৱা কেবাদিন ধৰি একেৰাহে শিশুৰ বাবে পুষ্টিকৰ খাদ্য গাখীৰ, হৰলিক্স, মেগী, বিস্কুট, কেক, শিশুৰ বাবে পুষ্টিকৰ বিভাৰেজ আৰু মাস্ক বিতৰণ সেৱা চলাই থকা হৈছে। সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ সাধাৰণ সম্পাদক তাজিমউদ্দিন আহমেদে জনোৱা মতে নলবাৰী জিলাৰ বৰভাগ অঞ্চলত ইতিমধ্যে বানপীড়িত অঞ্চলৰ প্ৰায় দুশ শিশুক শিশু খাদ্য বিতৰণ কৰিছে আৰু এই বিতৰণ সেৱা পৰ্যায়ক্ৰমে বিভিন্ন বানপীড়িত অঞ্চলৰ শিশুৰ মাজত অব্যাহত থাকিব। অন্যহাতে আনৰ ঘৰত কাম কৰি একমাত্ৰ ৭ বছৰীয়া পুত্ৰৰ সৈতে কোনোমতে জীৱন নিৰ্বাহ কৰা তথা সাম্প্ৰতিক বান পৰিস্থিতৰ কবলত দুৰ্ভোগ ভোগা বৰভাগৰ পাণ্ডুলা গাঁৱৰ অৰ্পনা মেধি নামৰ স্বামীহাৰা মহিলাগৰাকীক সন্ধান স্বেচ্ছাসেৱী সংস্থাটোৰ মাধ্যমেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰোদ দাসে কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে খাদ্য সামগ্ৰীও আগবঢ়ায়। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে ২০১৬ ৰ পৰা শিশুৰ বিকাশ আৰু সমাজত মানৱতাবাদ স্থাপিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী চলাই আহিছে। শিশুৰ খাদ্য বিতৰণ কাৰ্যসূচী সফল কৰাত বিশেষ তৎপৰতা বহন কৰে সন্ধানৰ স্বেচ্ছাসেৱক ক্ৰমে পাৰবিন চুলতানা, জ্যোতিষ্মিতা শৰ্মা, জিয়াউল ৰহমান, পূজা তালুকদাৰ, মোস্তফা হ’ক, প্ৰীতম লহকৰ, ইৰছাদ আলী, চাজিদ আহমেদ আৰু ডিম্পল ডেকাই। বিতৰণ কাৰ্যসূচীটোত অংশ লয় কেবাগৰাকী সমাজ সচেতন যুৱক তথা সন্ধ‍ানৰ উপদেষ্টা আৰু শুভাকাংক্ষী ক্ৰমে নৱজিৎ চক্ৰৱৰ্তী, দেৰাজউদ্দিন আহমেদ, সঞ্জীৱ মেধি, জ্যোতিৰ্ময় ডেকা, মানৱ কলিতাই। সন্ধানৰ এই শিশুৰ খাদ্য বিতৰণ সেৱাত সহায়ৰ হাত আগবঢ়াইছে অসমৰ ভিন্ন প্ৰান্তৰ শুভাকাংক্ষীয়ে। সন্ধানৰ সাধাৰণ সম্পাদকে সহায়ৰ হাত আগবঢ়োৱা সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু সামাৰ্থ্যৱান সকলক বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।