Home Blog Page 3234

লাহৰিঘাটৰ গেৰুৱাত বি পি এফৰ এম পি বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী ৰণডংকা

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৫ নৱেম্বৰঃ কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ গেৰুৱাত   United Bodo People’s Organization  মৰিগাঁও জিলা  সমিতিৰ উদ্যোগত আয়োজন কৰা  এক  ৰাজহুৱা সভাত   উপস্থিত থাকে  বি পি এফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী।

নতুনকৈ গঠন হব লগীয়া বড়ো, কছাৰী স্বায়ত্ব পৰিষদ সন্দৰ্ভত ৰাইজৰ সৈতে পৰ্যালোচনা কৰে সাংসদ গৰাকীয়ে। আগন্তুক নিৰ্বাচনত শাসনাধিষ্টি বি জে পি দলৰ লগত মিত্ৰতাৰ কোনো ইংগিত দিয়া নাই সাংসদগৰাকীয়ে।

বঙাইগাঁৱত ‘চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, বঙাইগাঁও, ৫ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটাত অৱস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-মুখ্য কাৰ্যালয়ত আজি এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বঙাইগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড: ৰূপাঞ্জলি দেৱীয়ে ‘চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনী চমু অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি দিয়া বক্তব্যত উপাধ্যক্ষ ডঃ ৰূপাঞ্জলি দেৱীয়ে কয় যে এই গ্ৰন্থখন কোচ ৰাজবংশীৰ ইতিহাস সম্পৰ্কীয় সমল হিচাপে ব্যৱহৃত হ’ব। উল্লেখ্য যে গ্ৰন্থখন কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-সভাপতি সম্ভুচৰণ বৰ্মন আৰু সম্পাদক নিত্যানন্দ বৰ্মনে সম্পাদনা কৰি উলিয়াইছে৷

কোচ ৰাজবংশী সাহিত্য সভাৰ চিৰাং জিলা আৰু বঙাইগাঁও জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য হৈছে ১৫০ টকা। গ্ৰন্থখনৰ সমল সংগ্ৰহ কৰোঁতে গ্ৰন্থ প্ৰনেতাদ্বয়ক প্ৰায় ডেৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। গ্ৰন্থ উন্মোচনী সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

কোন হব আমেৰিকা ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি পদৰ নিচেই ওচৰত জ’ বাইডেন, প্ৰয়োজন মাত্ৰ ৬ টা ইলেক্ট্রৰেল ভোটৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ বিশ্বৰ বিভিন্ন প্ৰন্তত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ চর্চা অব্যাহত আছে। তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে ডেম’ক্ৰেটিক পদৰ প্ৰাৰ্থী জ’ বাইডেনে ৰাষ্ট্ৰপতি পদত জয়লাভৰ বাবে প্ৰয়োজন ২৭০ ইলেক্ট্ৰৰেল ভোটৰ কাষ চাপি আহিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি হবলৈ আৰু মাত্ৰ ৬ টা ইলেক্ট্রৰেল ভোটৰ প্ৰয়োজন বাইডেনক। আনহাতে ডনাল্ড ট্ৰাম্পে লাভ কৰিছে এতিয়ালৈ লাভ কৰিছে ২১৪ টা ইলেক্ট্ৰৰেল ভোট। মনকৰিবলগীয়া, ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক সংখ্যক ভোট লাভ কৰি জ’ বাইদেনে ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

উল্লেখ্যনীয় যে, ২০০৮ ত বাৰাক ওবামাৰ দ্বাৰা নিৰ্ধাৰিত ৰেকৰ্ডক চেৰ পেলাইছে জ’ বাইদেনে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গণনাৰ বিৰুদ্ধে ট্ৰাম্পে অভিযোগ দাখিল কৰা দেখা গৈছে।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৮০ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬৫৫ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৮৬৯৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৮১১০ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩৪ জন লোকৰ।

নুমলীগড় ৰিফাইনেৰী লিমিটেডত সতৰ্কতা সজাগতা সপ্তাহ উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ উদ্যোগত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুযায়ী সতৰ্কতা সজাগতা সপ্তাহ-২০২০ এই বছৰৰ মূল বিষয়বস্ত সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰতক কেন্দ্ৰ কৰি যোৱা ২৭ অক্টোবৰৰ পৰা ২ নবেম্বৰ ২০২০ লৈ যথেষ্ট উসাহ উদ্দীপনাৰে যথোচিতভাৱে পালন কৰা হয়।

ৰিফাইনেৰী তথা কোম্পানীটোৰ সকলো কাৰ্যালয় স্থানত মাইক্ৰচফট টীমচ চফটৱেৰৰ মাধ্যমেৰে প্ৰতিজ্ঞা গ্ৰহণ কৰা অনুষ্ঠীনৰে সতৰ্কতা সজাগতা সপ্তাহৰ শুভ উদ্ভোধন কৰা হয়। আয়োগৰ মনোনীত ৱেবচাইটত সমূহ কৰ্মচাৰীসকলে, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষাবাহিনীৰ কৰ্মচাৰীসকল তথা নিকটবৰ্তী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অখণ্ডতা, নৈতিকতা, সততা আদি সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অৰ্থে এন আৰ এলৰ সতৰ্কতা বিভাগে আয়োগৰ নিৰ্দেশ মৰ্মে বিভিন্ন কাৰ্য্যাৱলী ৰুপায়ন কৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰচনা লিখা, শ্লোগান লিখা, তৰ্ক প্ৰতিযোগীতা ইত্যাদি অনলাইন আবেদনৰ মাধ্যমেৰে আয়োজন কৰা হয় আৰু এই ক্ষেত্ৰত এন আৰ এলে অভূতপূৰ্ব সহাঁৰি লাভ কৰে। নুমলীগড় হাইস্কুলৰ সহযোগীতাত সতৰ্কতা সজাগতা সপ্তাহৰ মূল বিষয়বস্তুৰ ওপৰত এখন জিলা পৰ্য্যায়ৰ তৰ্ক প্ৰতিযোগূতা আয়োজন কৰা হয়। তদুপৰি দেৰগাওঁ উচ্চ আধাৰ বিদ্যালয়ৰ সহযোগীতাত দেৰগাওঁৰ প্ৰায় ১২ খন বিদ্যালয়ৰ বাবে সতৰ্কতা সজাগতা সপ্তাহৰ বিষয়বস্তুৰ ওপৰত ওপৰত ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগীতাৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এন আৰ এলৰ কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গৰ মাজতো ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়। এই সতৰ্কতা সজাগতা সপ্তাহৰ অংশ হিচাবে এন আৰ এল প্ৰশিক্ষন বিভাগে কোম্পানীটোৰ প্ৰাক্তন পৰিচালক(কাৰিকৰি) ওচ.আৰ.মেধীৰ পাৰদৰ্শী তত্বাৱধনাত কৰ্পৰেট গৱেৰ্নেঞ্চ আৰু প্ৰিভেন্টিভ ভিজিলেঞ্চ মিজাৰ্চ শীৰ্ষক এক চমু অনলাইন প্ৰশিক্ষণ অনুষ্ঠান কোম্পেনীটোৰ প্ৰতিনিধি কৰ্মচাৰী সকলৰ বাবে আয়োজন কৰে।

সতৰ্কতা সজাগতা সপ্তাহৰ মুখ্য অনুষ্ঠান বৰ্তমানৰ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতি সাপেক্ষে মাইক্ৰচফট্ টীম চফটৱেৰৰ মাধ্যমেৰে যোৱা ২ নবেম্বৰত কোম্পানীটোৰ প্ৰায় ৯০ জন কৰ্মচাৰীৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। এন আৰ এলৰ পৰিচালন সঞ্চালক এচ.কে.বৰুৱাই উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে আৰু মত প্ৰকাশ কৰে যে বৰ্তমানৰ কভিড-১৯ মহামাৰীৰ পৰিস্থিতিত তথা এন আৰ এলৰ মেগা ৰিফাইনেৰী প্ৰকল্পই বাস্তবায়নৰ পথত আগবঢ়াৰ সময়ত উদ্ভৱ হব পৰা পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ বৰ্ধিত ক্ষমতা ন্যস্ত কৰাৰ পৰিস্থিতত যথেষ্ট সতৰ্কতা স্বচ্ছতা বজাই ৰাকি নিষ্ঠাৰে উপনুক্ত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা যথেষ্ট গুৰুত্বপূৰ্ণ।

কোম্পীনূৰ টোৰ চি.ডি.অ. সুনীল জৈনে ভিডিও ৰেকৰ্ডিং কৰি পঠোৱা বাৰ্তা সভাখনত প্ৰচাৰ কৰা হয়। এন আৰ এলৰ এইচ.আৰ, আই.আই.এচ তথা কৰ্পৰেট কমিউনিকেচন বিভাগে কৰ্মক্ষেত্ৰত জেন্দাৰ চেনচিটাইজেচনকে ধৰি আভ্যন্তৰীণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলীৰ খতিয়ান সভাখনত আগবঢ়াই।

বৃহস্পতিবাৰে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ সম্ভাৱনা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ বুধবাৰে আলিবাগ আদালতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ অধিবক্তা আবাদ পন্ডা আৰু গৌৰৱ পাৰ্কাৰে সাংবাদিকক জানিবলৈ দিয়ে বুধবাৰে নিশা ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে আলিবাগ আদালতত এক আবেদন উত্থাপন কৰে।

বৃহস্পতিবাৰে এই আবেদন শুনানি গ্ৰহণৰ সম্ভৱনা আছে। আদালতে আৰক্ষীক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল বুলি অধিবক্তা পন্ডাই লগতে কয়। বুধবাৰে ৰাতিপুৱা আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত মুম্বাইৰ বাসগৃহৰ পৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল।

গোস্বামীক উক্ত ঘটনাৰ আন দুজন অভিযুক্ত ফৰোজ শ্বেখ আৰু নিতেশ দাৰ্দা সৈতে বুধবাৰে আলিবাগ জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল।

আজি সুধাকণ্ঠৰ নৱম মৃত্যুবাৰ্ষিকী, জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ আজি ৫ নৱেম্বৰ। ভূপেন দা বিহিন ভাৱে ৰাজ্যবাসীয়ে পাৰ কৰিলে ৯ টাকৈ বছৰ। আজি সুধাকণ্ঠৰ নৱম মৃত্যু দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ অনুষ্ঠান উদযাপন কৰাৰ লগতে জালুকবাৰীৰৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় স্মৃতি তৰ্পন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান।

অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ উপস্থিত থাকিব।

আনহাতে আজি পুৱাই সমাধিক্ষেত্ৰত উপস্থিত হৈ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈৰ লগতে বিভিন্ন কংগ্ৰেছৰ প্ৰতিনিধিয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জামুগুৰিহাটত শংকৰী কলা সংস্কৃতিৰ সাধক গোবিন বৰাৰ স্মৃতিচাৰণ সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ যোৱা ২৫ অক্টোৱৰৰ বিয়লি বাঢ্যক জনিত ৰোগত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰি গাওঁ নিৱাসী শংকৰী সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ একনিষ্ঠ কৰ্মী, প্ৰবীন সমাজকৰ্মী  গোবিন বৰা(৯৬)ৰ মৃত্যু ঘটে৷ আজি প্ৰয়াত গোবিন বৰাৰ বাসগৃহত এখনি স্মৃতিচাৰন সভা অনুষ্ঠিত হৈ যায়৷

প্ৰয়াত গোবিন বৰাৰ স্মৃতি ৰোমন্থন কৰি জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়াই কয়-জামুগুৰিবাসীয়ে এগৰাকী প্ৰবীন সমাজ কৰ্মী হেৰুৱালে৷ জামুগুৰিহাটৰ বহুকেইটা সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ জন্মদাতা তথা গুৰিধৰোতা গোবিন বৰাৰ মৃত্যুত অঞ্চলটোৰ অপুৰণীয় ক্ষতি।

সুদক্ষ ভাওনা শিল্পী হিচাপে খ্যাত গোবিন বৰা এগৰাকী গায়নৰ লগতে বায়নো আছিল৷ অসমীয়া থলুৱা সংস্কৃতি প্ৰচাৰ প্ৰসাৰত মনোনিবেশ কৰি অহা গোবিন বৰা এগৰাকী ভাল কৃষকেই নহয়, গাৱঁ সমুহৰ  পৰা হেৰাই যাৱ বিচৰা লোক সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰতো যোৱা সময়চোৱাত বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছিল৷

শলগুৰি গাৱঁৰ বয়োজেষ্ঠ সমাজকৰ্মী ডিম্বেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰা স্মৃতিচাৰন অনুষ্ঠানটিত অংশ গ্ৰহন কৰি গোবিন বৰাৰ ফটোত মাল্যৰ্পন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি উমেশ হাজৰিকা, জিলা সম্পাদক ক্ষীৰধৰ ওজা,চেউনী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ শইকীয়া, শলগুৰি গাৱঁ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে নগেন বৰা আৰু দিনেশ মহন্ত, সমাজকৰ্মী মদন শইকীয়া,ঘণ হাজৰিকা,নন্দ শইকীয়া,নাট্যকৰ্মী ধৰ্মেশ্বৰ বৰুৱা,শলগুৰি বিহুমেলা কমিটি, নদুৱাৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্নজনে৷

উল্লেখ্য যে বিজেপি দলৰ প্ৰবীন  কৰ্মী হিচাপে খ্যাত প্ৰয়াত গোবিন বৰাৰ বাসগৃহত উপস্থিত হৈ ইতিমধ্যে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস, সাধাৰন সম্পাদক শান্তনু শৰ্মা, মন্ত্ৰী ৰনজিৎ  দত্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে প্ৰমুক্ষে কৰি বিভিন্নজনে৷

গোবিন বৰাই মৃত্যুৰ সময়ত বাৰেচহৰীয়া ভাওঁনা কমিটিৰ সভাপতি, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি তথা উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি একমাত্ৰ পুত্ৰ জয়ন্ত বৰাকে ধৰি তিনি গৰাকী বিবাহিতা কণ্যাসহ নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়।

কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছেঃ অমিত শ্বাহ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৪ নৱেম্বৰঃ মুম্বাইস্থিত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আনহাতে সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছৰ লগতে সহযোগী দল সমূহক কটাক্ষ কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে।

অমিত শ্বাহে ঘটনাটোক ইন্দিৰা গান্ধী শাসনৰ সময়ত দিয়া জৰুৰীকালীন ঘটনাৰ লগত সাঙুৰি বিৰোধিতা কৰিছে।

গৃহমন্ত্ৰী গৰাকীয়ে টুইট কৰি কয়, “কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছে৷ ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কৰা এই শক্তি ব্যক্তিগত স্বাধীনতা আৰু গণতন্ত্ৰত কৰা আক্ৰমণ। সংবাদমাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত বিৰোধ হ’ব আৰু হোৱাটো স্বাভাৱিক।”

নাজিৰা অ’ এন জি চি আবাসীক এলেকাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা অ’ এন জি চি আবাসিক এলেকাত দীৰ্ঘদিন সন্ত্ৰাস চলাই অহা এটা নাহৰফুটুকী বাঘ অৱশেষত আজি বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয়।

যোৱা ডেৰমাহৰো অধিক কাল আবাসিক এলেকাটোত দুটা পোৱালিসহ সন্ত্ৰাস চলাই অহা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘটো একাধিকবাৰ চিচিটিভি কেমেৰাত ধৰা দিছিল যদিও বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হোৱা নাছিল।

অৱশেষত যোৱা নিশা বন বিভাগৰ পিঞ্জৰাত বাঘটো আবদ্ধ হয়। অৱশ্যে অঞ্চলটোত বিচৰণ কৰি ফুৰা পোৱালিকেইটাৰ বৰ্তমানো কোনো সম্ভেদ পোৱা হোৱা নাই।