দৈনন্দিন বাৰ্তা সেৱাঃ তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান। মহামাৰী কোৰোনাত আক্ৰান্ত হৈ আছিল তামিলনাডুৰ কৃষি মন্ত্ৰীজন।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। শনিবাৰে নিশা কৌভেৰী হাস্পতালত আৰ ডোৰাইকান্নুৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
দৈনন্দিন বাৰ্তা সেৱাঃ তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান। মহামাৰী কোৰোনাত আক্ৰান্ত হৈ আছিল তামিলনাডুৰ কৃষি মন্ত্ৰীজন।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। শনিবাৰে নিশা কৌভেৰী হাস্পতালত আৰ ডোৰাইকান্নুৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৩১ অক্টোবৰঃ শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত এক শোকাবহক পথ দুৰ্ঘটনা সংঘটিত হৈছে। নাগালেণ্ডৰ নকলাকত আজি এখন যাত্ৰীবাহী টাটা ছুমু দুৰ্ঘটনাত পতিত হোৱাৰ ফলত থিতাতে তিনি গৰাকী লোকৰ মৃত্যু হয়।
জানিব পৰা মতে পুৱা ম্যানমাৰ সীমান্তৰ নকলাক পৰা টুৱেনচাঙ চহৰ লৈ বুলি আহি থকা ছুমুখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা জুৰিত বাগৰি পৰে। সম্প্ৰতি গাড়ীখনত থকা তিনি গৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুত্বভাৱে আহত হয়।
আহত যাত্ৰীজনক ইতিমধ্যে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দৈনিক নাগালেণ্ডৰ অধিকাংশ যাত্ৰীবাহী টাটা ছুমু, অন্যান্য বাহন নাজিৰা হৈ শিৱসাগৰ আৰু চৰাইদেউ জিলায়েদি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰি আহিছে।
দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৩১ অক্টোবৰঃ আজি সমগ্ৰ দেশৰ লগতে নাজিৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকীৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হয়। নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত নাজিৰা ৰাজীৱ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়ো গৰাকী মহান ব্যক্তিৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোঁহায়ে।
ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰ্পূৱ বৰুৱাই আঁতধৰা অনুষ্ঠানত বৰবৰুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী আইনু বৰগোঁহাই, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোঁহাই, নাজিৰা মহকুমা অনুসূচীত জাতি উন্নয়ন ৱৰ্ডৰ সভাপতি দিলীপ হাজৰিকা, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে দিগন্ত সন্দিকৈ, শৰৎ গগৈ, মদন ৰয়, যোচেফ কন্যাক, শৈলেন বৰুৱা, পৰশমণি কলিতাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ আৰু কৰ্মপন্থাৰ ওপৰত আলোকপাত কৰে।
দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ৩১ অক্টোবৰঃ নগাঁও জিলাৰ ইটাচালিস্থিত দক্ষতা বিকাশ কেন্দ্ৰ এ.এছ.ডি.এমৰ প্ৰাঙ্গনত ফ’ৰইভাৰ সৌন্দৰ্য চর্চা কেন্দ্ৰ উদ্বোধন কৰা হয়। নগাঁও পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিভা ৰাণী শইকীয়াই ফিটা কাটি উদ্বোধন কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক দেৱজিত হাজৰিকাই।
হাজৰিকাই নিজৰ বক্তব্য কয় যে যোগ্যতা আনিবলৈ হলে দক্ষতা বিকাশ কৰিব লাগিব। অভাৱ দক্ষতা বিকাশ অন্তৰায় হব নোৱাৰে। লক্ষ্য আৰু সপোন থাকিলে নিজৰ সাধনাৰে মানুহ লক্ষ্যত উপনীত হৈ কৃতকাৰ্য লাভ কৰিব পাৰে।
সৌন্দৰ্য চৰ্চা বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত এ.এছ.ডি.এম দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰকল্প পৰিচালক ইহতেচাম চৰকাৰ, তৈচুফ উদ্দিন আহমেদ, দেৱ কুমাৰ দাসৰ লগতে ছাত্ৰী সকল উপস্থিত থাকে।
উল্লেখ্য যে সৌন্দৰ্য চৰ্চা কেন্দ্ৰটিত যুৱতী আৰু মহিলা সকলে সৌন্দৰ্য চৰ্চাৰ লগতে মহিলা সকলে স্বাবলম্বিতাৰে আগবাঢ়ি যাবলৈ সহায়ক হব বুলি সৌন্দৰ্য চৰ্চাৰ বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে মত প্ৰকাশ কৰে।

দৈনন্দিন বাৰ্তা সেৱা, ভূৰাগাওঁ, ৩১ অক্টোবৰঃ মৰিগাঁওত জিলাৰ লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম হুছেইন আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে।
লাহৰীঘাটৰ নাৰমাৰী দলঙৰ ওপৰত নিশা ড্ৰাগছ কিনা-বেচা কৰি থকা অৱস্হাত লাহৰীঘাট আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী কেইটাক। ধৃত ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমানৰ ড্ৰাগছ সহ নগদ ১৪,৫০০ হাজাৰ টকা জব্দ কৰে।

ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীয়ে ৪৪০/২০ নম্বৰত এটি গোচৰ পঞ্জিয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
অসমৰ সংস্কৃতিৰ বিষয়ে জ্ঞান নাই অদ্ভুত মন্তব্য আগবঢ়োৱা বিধায়কৰ, ছাগলে নাখায় কি পাগলে নকয় কি ?
দৈনন্দিন বাৰ্তা সেৱা, প্ৰতিনিধি, ৩১ অক্টোবৰঃ শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক শ্বৰমান আলীয়ে শংকৰদেৱে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্হাপন কৰাৰ প্ৰস্তাৱ বিতৰ্কৰ মাৰ নৌযাওঁতেই পুনৰ কংগ্ৰেছী বিধায়ক কমলক্ষ দে পুৰকায়স্থই বেংগলী মিউজিয়াম সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি জেষ্ঠ নেত্ৰী তথা সাংসদ কুইন ওজাই৷
চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাগলে নাখায় কি পাগলে নকয় কি? বিধায়ক শ্বেৰমান আলী আৰু কমলক্ষ দে পুৰকায়স্থৰ অসমৰ সংস্কৃতিৰ সাম্যক জ্ঞান নাই বুলি সাংসদ গৰাকীয়ে কয়৷
সাংসদ গৰাকীয়ে লগতে অসমত বসবাস কৰি অসমৰ বায়ু পানী সেৱন কৰি অসমক আকোৱা্লি ল’ব নোৱৰা ব্যক্তি অসমত থকাৰ নৈতিক অধিকাৰ নাই আৰু অসমৰ ৰাইজে এই সকল ব্যক্তিক ক্ষমা নকৰে বুলিও দোহাৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এজন ব্যক্তিয়ে কলে সেয়া দাবী নহয় বুলি কৈ বঙালী সকলে মিউজিয়াম বিচৰা নাই বুলিও জনায়।
কোনো কাৰনত অসমৰ সংস্কৃতি বিঘিণি হ’বলৈ দিয়া নহব বুলি ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ গৰাকীয়ে পুনৰ ২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।
দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটী, ৩১ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্ম দিৱস উদযাপন কৰে৷ চৰ্দাৰ বল্লভ ভাই পেটলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি পুৱা ৭ বজাত মহানগৰীৰ গুৱাহাটী ক্লাবত এক অনুষ্ঠান আয়োজন কৰে৷ কাৰ্য্যসুচী অনুযায়ী চৰ্দাৰ বল্লভ ভাই পেটলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে সাংসদ কুইন ওজাই৷
ইয়াৰ পিছত বিধায়ক অতুল বৰা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, ৰাজ্যিক সম্পাদক বেনুধৰ নাথ, জি এম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলক শ্ৰদ্ধাঞ্জলি জনাই৷
অনুষ্ঠানত সাংসদ কুইন ওজাই ভাষন প্ৰদান কৰি কয় যে চৰ্দাৰ বল্লভ ভাই পেটলৰ জীৱন দৰ্শন নৱ প্ৰজন্মই অধ্যয়ন কৰা অতি আৱশ্যক৷ অখণ্ড ভাৰত নিৰ্মাণত পেটলৰ যথেষ্ট অৰিহনা আছে৷ স্বাধীনতাত জড়িত এই সকল ব্যক্তিৰ ত্যাগৰ বাবেই আজি আমি স্বাধীন ভাৰতত উসাহ লব পাৰিছো বুলি সাংসদ কুইন ওজাই উল্লেখ কৰে।
পৰবৰ্তী কাৰ্যসূচী অনুসৰি গুৱাহাটী ক্লাৱৰ পৰা চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰলৈ একতাৰ দৌৰ কাৰ্যসূচী ৰুপায়ন কৰে৷ মহানগৰ জিলা উপসভাপতি দিলিপ মেধিয়ে অনুষ্ঠানত আঁতধৰা কাৰ্য্যসুচীত সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মহানগৰ জিলা বিষয়ববীয়া, নিগম-নিকাৰ অধ্যক্ষ-উপাধক্ষ্যসহ প্ৰায় চয় শতাধিক সদস্যই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
দৈনন্দিন বাৰ্তা সেৱা, নগাওঁঃ আজি দুপৰীয়া প্ৰায় ১২ বজাত গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ হয়বৰগাওঁ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত দুজন গভাইট চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩ লাখ ৫৮ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে এটা লেপটপ জব্দ কৰে।
নগাঁৱৰ আৰক্ষীৰ জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে কামৰূপ জিলাৰ তেঁতেলীয়া ক্ষেত্ৰীৰ এজন লোকৰ ঘৰৰ পৰা সোণৰ গহনা আৰু ধন লুট কৰিছিল। নগাওঁ আৰক্ষীৰ তথ্যৰ ভিত্তিত সোনাপুৰ আৰক্ষীয়ে অভিযান চলাই সোনৰ গহনা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে অভিজিৎ দাস তাপস বৰ্মন নামৰ দুজন লোকক আটক কৰি সোনাপুৰ আৰক্ষীক চমজাই দিয়ে। সোনাপুৰ আৰক্ষী থানাত ৪৩৬/২০২০ নম্বৰৰ গোচৰ ৰুজু হৈছে।
দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি পাঞ্জাৱৰ মুখামুখি হ’ব ৰাজস্থান। চলিত বৰ্ষত পাঞ্জাৱে ১২ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে ৰাজস্থানে ১২ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৭ নম্বৰত স্থানত অৱস্থান কৰিছে।
আজি দুয়োটা দলৰ বাবে খেলখন যথেষ্ঠ গুৰুত্বপূৰ্ণ বুলি ক্ৰিকেট সমালোচক সকলে সদৰি কৰিছে কাৰণ জয়লাভ কৰিব পাৰিলে প্লে অফলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰিব পাৰি।আজিৰ পাঞ্জাৱ বনাম ৰাজস্থান খেলখন আবু ধাবীৰ খেল পথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে চেন্নাই বনাম কলকতা খেলখনত চেন্নায়ে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে।
চেন্নাইৰ জয় লাভৰ পিছতে মুম্বাই ইণ্ডিয়ানছ আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে।কলকতাই প্ৰথমে বেটিং কৰিবলৈ আহি নিতিশ ৰানাৰ ৬১ বলত ৮৭, সুভম গিল ১৭ বলত ২৬ আৰু দিনেশ কাৰ্তিকৰ ১০ বলত ২১ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ১৭২ কৰিবলৈ সক্ষম হয়।
আনহাতে ১৭৩ ৰানৰ লক্ষ্যৰ পিছলৈ চেন্নায়ে ৰিটুৰাজৰ ৫৩ টা বলত ৭২, আম্বাতি ৰায়দুৰ ২০ টা বলত ৩৮ ৰান আৰু ৰবীন্দ্ৰ জাদেযাৰ ১১ টা বলত ৩১ ৰানৰ সহায়ত চেন্নায়ে জয় লাভ কৰি নিজৰ সন্মান ৰক্ষা কৰে। খেল খনত বৰুন চক্ৰৱৰ্তীয়ে ৪ অভাৰত মাত্ৰ ২০ ৰান দি দুটাকৈ উইকেট দখলেৰে প্ৰশংসনীয় খেল প্ৰদৰ্শন কৰে।
দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিছত আনটো দুৰ্নীতি। অসমত নিযুক্তি কেলেংকাৰী অব্যাহত। শিৱসাগৰ জিলা আবকাৰী বিভাগৰ কনিষ্টবল পদত যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ এগৰাকী লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভুৱা নিযুক্তি পত্ৰ হাতত লৈ চাকৰিত যোগদান কৰিবলৈ আহি পশ্চিমবংগৰ কোচ বিহাৰৰ যুৱকজন শিৱসাগৰ সদৰ আৰক্ষীৰ জালত পৰে।
প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজনে ভুৱা নিযুক্তি পত্ৰখন লৈ শিৱসাগৰলৈ আহিছিল আবকাৰী বিভাগত যোগদান কৰিবলৈ। আবকাৰী আয়ুক্তৰ স্বাক্ষৰ সম্বলিত নিযুক্তি পত্ৰৰে কৰ্মত যোগদানৰ কৰিবলৈ আহিছিল প্ৰসেনজিৎ বৰ্মনে। ইফালে শিৱসাগৰ জিলা আবকাৰী অধীক্ষকৰ নিযুক্তি পত্ৰত সন্দেহ ওপজাত খবৰ দিয়ে সদৰ আৰক্ষীক। তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে প্ৰসেনজিৎ বৰ্মনক। সম্প্ৰতি আৰক্ষীৰ তদন্তত সন্মুখলৈ আহিছে ভয়ানক তথ্য।

দুধনৈৰ পৱন বৰা নামৰ এটা দালালে গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত বৰ্মনক ধনৰ বিনিময়ত প্ৰদান কৰিছিল উক্ত নিযুক্তি পত্ৰখন। ৪৮ হাজাৰ টকাৰ বিনিময়ত প্ৰসেনজিৎ বৰ্মনে লাভ কৰিছিল আবকাৰী বিভাগৰ নিযুক্তি পত্ৰখন। বৰ্তমান শিৱসাগৰ সদৰ আৰক্ষী থানাৰ লক আপত আছে যুৱকজন। আবকাৰী বিভাগৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।