হাঁহচৰা : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি মতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা নকছাৰী দেৱেৰাপাৰ গাঁৱৰ বাসিন্দা ইমতাজ আলি নামৰ লোকজনৰ বিৰুদ্ধে নিজৰ গৃহ নিৰ্মাণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰি ব্যৱহাৰ কৰা বুলি স্থানীয় পাপু জামাল হাজৰিকা নামৰ লোকজনে আৰক্ষীক এজাহাৰ প্ৰদানৰ পিছত মৰিয়নী ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত দেবেৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰষেশ্বৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইমতাজ আলি নামৰ লোকজনৰ গৃহত অভিযান চলাই ঘৰৰ পিছফালে লুকুৱাই থোৱা অৱস্থাত ১২ ডাল পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে বহু সংখ্যক পাইপ লোকজনে নিৰ্মিয়মান গৃহটোত ব্যৱহাৰ কৰা লগতে চিমেন্টে প্লাচটাৰ কৰি ঢাকি দিয়ে বুলি জানিব পৰা গৈছে। লোকজনে নৱ নিৰ্মিত গৃহটোৰ খুটা সমূহ নিৰ্মাণত পানীৰ পাইপসমুহ ব্যৱহাৰ কৰিছিল। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিত ব্যৱহাৰ কৰিবলৈ মজুত ৰখা বৃহৎ সংখক পানীৰ পাইপ দীৰ্ঘদিনৰ পৰা অন্তৰ্ধান হৈ থকা পাছতো বিভাগৰ ফালৰ পৰা আৰক্ষীক অৱগত নকৰাত বিভাগটোৰ বিষয়া কৰ্মচাৰী এই চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নকছাৰী আঞ্চলিক সমিতিয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। ইতিমধ্যে সংগঠনটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্ত্ৰা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দেবেৰাপাৰ থানাত এখন এজাহাৰ দাখিল কৰি তদন্তৰ দাবী কৰিছে।
মাজবাটত বিধ্বংশী অগ্নি কাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত
ওৰাং : নিশা মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হয় বিধ্বংশী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকৰ সন্দেহ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ। মাজবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।
লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক : বিৰাজ কুমাৰ চৌধুৰী
দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ আইনী প্ৰক্ৰিয়াত ওত:প্ৰোতভাৱে জড়িত অধিবক্তা সকলৰ ৮০ শতাংশ অধিবক্তাই আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে৷ কিয়নো যোৱা মাৰ্চ মাহৰ পৰা জুলাই মাহ পৰ্যন্ত ন্যায়ালয়ৰ কাম-কাজ সঠিকভাৱে চলা নাই ৷ কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে প্ৰযোজ্য কৰা লকডাউনৰ বাবেই আইনী কাম-কাজ অস্হিৰ হৈ পৰিছে৷ সেইবাবেই অধিবক্তাসকলৰ লগতে তৰণি, দলিল বিক্ৰেতা, কম্পিউটাৰ টাইপিষ্টসকলৰ আৰ্থিক দিশত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ এই ক্ষেত্ৰত চৰকাৰে অধিবক্তা সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ বাবেই দাবী উত্থাপন কৰে গুৱাহাটী উকিল সংস্হাই ৷ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গুৱাহাটী উকীল সন্হাৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে সংবাদ মাধ্যমলৈ ৷ সভাপতি বিৰাজ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰবীন কলিতাই কয়, লকডাউনৰ ফলত ৮০ শতাংশ অধিবক্তা ভীষণ আৰ্থিক সংকটত পৰিছে৷ দৈনিক ভিত্তিত উপাৰ্জন কৰি নিজৰ ঘৰ সংসাৰ চলোৱা অধিবক্তা সকলৰ আজি পানীত হাঁহ নচৰা হৈছে৷ নিয়মীতভাৱে আদালতৰ কাম-কাজ আজি সম্পূৰ্ণ স্তব্ধ৷ সেই মৰ্মেই সন্হাৰ তৰফৰ পৰা আদালতৰ কামকাজ নিয়মীয়া কৰা লগতে সকলো গোচৰ প্ৰক্ৰিয়া আদালতত চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল৷ সেয়ে স্পেচিয়েল কজ লিষ্টৰ জৰিয়তে আংশিকভাবে আদালতৰ কামকাজ আৰম্ভ হৈছিল৷ ২৯ জুনৰ পৰা বলৱৎ হোৱা তলাবন্ধৰ ফলত অত্যন্ত জৰুৰী গোচৰৰ বাদে সকলো গোচৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে৷ সেয়ে ৮০ শতাংশ অধিবক্তা আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ন্যায়ালয়ৰ কাৰ্যালয়ৰ চৌহদত জীৱন নিৰ্বাহ কৰা কম্পিউটাৰ টাইপিষ্ট, তৰণী, দলীল বিক্ৰেতা সকলৰো অৱস্থা একেই সেইবাবেই সন্হাৰ তৰফৰ পৰা চৰকাৰক আৰ্থিক সাহৰ্য্য প্ৰদান কৰাৰ বাবেই দাবী জনাই৷ লগতে সূত বিহীন ঋণ, স্বাস্থ্য বীমা, জীৱন বীমা প্ৰদান কৰিব লাগে বুলি বিবৃতিত প্ৰকাশ৷ অন্যথা আৰ্থিকভাৱে জুৰুলা অধিবক্তাসকলে অন্য পথ ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে উকীল সন্হাৰ তৰফৰ পৰা ৷
বিষাক্ত উদ্ভিদ খাই মাজুলীত ৪০টা গৰুৰ মৃত্যু
মাজুলী : অসমৰ বানাক্ৰান্ত মাজুলী জিলাত বিষাক্ত উদ্ভিদ খাই এসপ্তাহত মুঠ ৪০ টা গোধনৰ মৃত্যু হৈছে৷ মাজুলী জিলাৰ পশুপালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে জনোৱা মতে কেইবাজনো কৃষকৰ গৰুৱে ‘লানটানা কামাৰা’ যাক স্থানীয়ভাৱে ‘গু ফুল’ বুলি জনা যায়, খাইছিল৷ ইয়াৰে কিছুমান গৰু গৃহস্থৰ ঘৰত, আন কিছুমান পথ আৰু হাবিত মৃত্যু হয়৷ পশুপালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে লগতে কয় যে আহতগুৰি গাঁও পঞ্চায়তৰ অধীনত বালিত হোৱা গছবোৰ খাই প্ৰায় দুবছৰ বয়সৰ মুঠ ৪০ টা গৰুৰ মৃত্যু হৈছে৷ ইয়াৰ লগতে তেওঁ কয় যে কিছুমান গৰু প্ৰতি বছৰে হোৱা বানত মৃত্যু হয়৷ এইবাৰ গৰুৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ এই সন্দৰ্ভত মুদৈসহ ৫জনীয়া এটা দলে অনুসন্ধান অব্যাহত ৰাখিছে৷ এই বিষাক্ত উদ্ভিদ খোৱাৰ পাছত৷গৰুবোৰৰ আইচটাৰিক (জণ্ডিছৰ দৰে আক্ৰান্ত) হৈ উঠে৷ মাৰাত্মক ডায়েৰীয়া হয় আৰু পাতল ক’লা মল ত্যাগ কৰে৷ গৰুবোৰ মৃত্যু হোৱাৰ এসপ্তাহৰ আগেয়ে লক্ষণবোৰে দেখা দিয়ে বুলি পশু চিকিৎসকে জনাইছে৷
দৰমহা মাহে ২৪,০০০ টকা; লিখিত পৰীক্ষা নাই, সাক্ষাৎকাৰ ভিত্তিত নিযুক্তি
সেনাত চাকৰি কৰিবৰ বাবে বহুৱে আশা কৰে ৷ সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডত ওলাইছে কেতবোৰ চাকৰি৷ ইয়াৰ বাবে কোনো লিখিত পৰীক্ষা নহয় ৷ ইচ্ছুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ এই চৰকাৰী চাকৰিৰ বাবে প্ৰকাশ কৰা জাননী মতে সাক্ষাৎকাৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ’ব৷ ইচ্ছুক প্ৰাৰ্থীয়ে অহা ৭ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব পাৰিব ৷ উল্লেখ যে ইয়াত মুঠ ৪০০টা পদ আছে ৷ জাননী মতে, নাপিত, ৱাছাৰমেন, ৰান্ধনি, দৰ্জি, মেৰামতি, কাঠমিস্ত্ৰী, প’ৰ্টাৰ আৰু ছাফাইৱালা আদি পদত নিযুক্তি দিয়া হ’ব ৷ এই চাকৰিত নিযুক্তি পোৱা সকলে প্ৰতি মাহে ২৪,৭২৯.৮৪ টকা দৰমহা পাব৷ এই চাকৰিৰ আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা সৰ্বাধিক ৪০ বছৰ হ’ব লাগিব৷ এই সন্দৰ্ভত http://www.davp.nic.in/ ৱেবছাইটত সবিশেষ জানিব পাৰিব ৷
নগাঁও জিলাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪৩৭ জনলৈ বৃদ্ধি ৷
নগাঁও, ২৬ জুলাইঃ নগাঁও জিলাত যোৱা চৌৱিশ ঘন্টাত নতুনকৈ ১৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ১৪ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৪৩৭ জনলৈ বৃদ্ধি পায়। ইপিনে,জিলা খনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা ৭৪গৰাকী লোকৰ সাদিনীয়া কোৱাৰেন্টাইন অন্ত পৰাত তেওঁ লোকক আজি ঘৰলৈ যাবলৈ দিয়া হয়।আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত আছে নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ কৰ’নাৰ ডাটা মেনেজাৰ হিচাপে কৰ্মৰত মঞ্জিল শৰ্মা আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ তিনি জন হাজোতী। স্মৰ্তব্য যে, ইতিমধ্যেই কৰ’নাৰ অভিকেন্দ্ৰত পৰিণত হোৱা নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী আৰু দুজন চালক কৰ’নাত আক্ৰান্ত হৈছে।আজি আক্ৰান্ত হোৱা কৰ্মচাৰী জনক লৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত কৰ’নাত আক্ৰান্ত হোৱা কৰ্মচাৰীৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পায়।ঠিক একেদৰে,কৰ’নাৰ অভিকেন্দ্ৰত পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰ’নাত আক্ৰান্ত হাজোতী আৰু কয়দীৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি পাইছে। ইপিনে,আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰৰ সাত জনক ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে।এওঁলোক হ’ল চিলঙনিৰ প্ৰাক্তন স্বাস্থ্য কৰ্মী আব্দুল কৰিম আৰু তেওঁৰ পৰিয়ালৰ আন চাৰি জন সদস্য, নগাঁও চহৰৰ পানীগাঁৱৰ প্ৰদীপ হাজৰিকা আৰু মনালিছা কলিতা। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে,আজি বিয়লি পৰ্যন্ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ৯০জন, কন্দলী আদৰ্শ চিকিৎসালয়ত ২৮জন,মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ১২জন আৰু চিমনাবস্তি আদৰ্শ চিকিৎসালয়ত ২৫জন সহ মুঠ ১৫৫জন ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে।
সোণতলীত হত্যাকাণ্ড : পুৰুষ-মহিলাসহ পাঁচজনক আটক ৷
দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী : দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ অধীনস্থ টাঙনমাৰীত সংঘটিত হৈছে লোহমৰ্ষক হত্যাকাণ্ড ৷ টাঙনমাৰী গাঁৱৰ ছোৰহাব আলী আৰু ছামছুল হকৰ মাজত প্ৰথম অৱস্থাত সামান্য কথাত কাজিয়াৰ সুত্ৰপাত হয় ৷ পিছত ছোৰহাব আলীয়ে আত্মীয় সহ দলে বলে হাতে হাতে খুকুৰী, দা, ডেগাৰ আদি চোকা অশ্ৰলৈ ছামছুল হকৰ ঘৰত গৈ আক্ৰমন কৰে ৷ ছোৰহাব আলীৰ প্ৰায় দহজনীয়া দলৰ চোকা অশ্ৰৰ আঘাতত ছামছুল হক চোতালতে ঢলি পৰে ৷ ইফালে ছামছুল হকক চুবুৰীয়াৰ লোকে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে যদিও আক্ৰমনকাৰী দলে বাধা প্ৰদান কৰে ৷ ঘটনা সম্পৰ্কে স্থানীয় লোকে সোণতলী আৰক্ষীক অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ উপৰিও চুবুৰীয়াৰ সহযোগত মুমূৰ্ষ অৱস্থাত ছামছুল হকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি ছামছুল হকক মৃত হোৱা বুলি ঘোষণা কৰে ৷ এই ঘটনাৰ লগত জড়িত পুৰুষ মহিলা সহ পাচঁজনকৈ লোকক সোণতলী আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে ছোৰহাব আলীৰ পুত্ৰ ৰবিউল হুছেইন, আজিজুল হক, ছোৰহাবৰ স্ত্ৰী নবিৰণ নেছা, পুত্ৰ বোৱাৰী ছাইৰুণ নেছা, নুৰজাহান বেগম ৷ আনহাতে ছোৰহাব আলীৰ পুত্ৰ শ্বিৰাজুল হক সহ আন কেইবাজনো ব্যক্তি পলাতক অৱস্থাত আছে ৷সোণতলী আৰক্ষীয়ে মৃত ছামছুল হকৰ মৰণোত্তৰ পৰীক্ষাৰ GMCH পঠোৱাৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে ৷
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ দুৰৱস্থা
দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, সোনজান মাধৱপুৰৰ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জ্বলাকলা খুৱাই অতিষ্ঠ কৰি তুলিছে । উক্ত পথটোৱেই হৈছে সোনজান, কৈলাশপুৰ, ৱাথৈ, লিটং, বেটনি, তিনিআলি নগাঁও, হাটীগড়, ৰত্নপুৰ, দীঘলীপথাৰ, আদিকে ধৰি বহুকেইখন গাঁৱৰ মুখ্য পথ । পথটোৰ বিভিন্ন স্থানত অতিকৈ বিধ্বস্ত হৈ এক পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। এই পথটোত থকা পুখুৰী সদৃশ গাঁত সমূহত পথচাৰী, বাইক, স্কুটী, সৰুবৰ গাড়ীসমূহ দুৰ্ঘটনাত পতিত হৈ একাধিক জীৱশ্ৰেষ্ঠৰ মৃত্যুমুখত যে নপৰিব তাক নুই কৰিব নোৱাৰি । পথৰ পুখুৰী সদৃশ গাঁতৰ পানীৰ তলত মৃত্যুৰ কাৰক হিচাপে আত্মগোপন কৰি থকা এই প্ৰকাণ্ড প্ৰকাণ্ড গাত সমূহ মেৰামতি কৰি এটা সুন্দৰ পথ নিৰ্মাণ কৰি ৰাইজক উপহাৰ দিয়াত চুড়ান্তভাবে ব্যৰ্থ হৈছে উন্নয়নৰ জয়ঢোল বজোৱা বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰ । উক্ত পথটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়ো বিশেষ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । অতিশ্ৰীঘে উক্ত পথটো মেৰামতি কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক আহ্বান জনাইছে । অনাগত দিনত চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি কৰাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব ।
মানৱীয়তাৰ নিদৰ্শন : এজনী চৰাইৰ কণীৰ বাবেই ৩৫ দিন অন্ধকাৰত তামিলনাডুৰ গাঁওবাসীৰ
দৈনন্দিন বাৰ্তা ডেস্ক : এজনী চৰায়ে ছুইচ ব’ৰ্ডত বাহ সাজি লৈছে৷ তাতে আছে চৰাইজনীৰ কণী ৷ এই চৰাইজনীৰ লগতে কণীকেইটা বচাই ৰাখিবৰ বাবে গোটেই গাঁওখনৰ ৰাইজে ৩৫ দিন অন্ধকাৰতে থাকিল ৷ কোনেও আন্ধাৰত ঘৰ আলোকিত নকৰিলে ৷ যিসময়ত ভাৰতত হাতী, কুকুৰ, গৰু আদি এচামে নিধন কৰি আহিছে সেই সময়তে মানৱীয়তাৰ পৰিচয় দাঙি ধৰিলে এখন গাঁৱৰ ৰাইজে ৷ তামিলনাডুৰ শিৱগংগা জিলাৰ পোটাহকুদিৰ এখন গাঁৱৰ ৰাইজে দেখুৱালে এই মানৱীয়তাৰ নিদৰ্শন ৷ লকডাউন মাজতে ঘটি যায় এই ঘটনাটো৷ গাঁওখনৰ এটা মেইন ছুইচৰ ওপৰত বাহ সাজে এজনী চৰায়ে৷ প্ৰথমে এই দৃশ্য চকুত পৰে ২০ বছৰীয়া কলেজীয়া ছাত্ৰ কাৰুপ্পুৰাজাৰ ৷ তেওঁ গাঁৱৰ সকলোকে কথাটো জনায়৷ ইয়াৰ পাছত গাঁওবাসীয়ে মিলি সিদ্ধান্ত লয় যে চৰাইজনীৰ কণী ফুটি পোৱালি নোলোৱা পৰ্যন্ত গাঁৱৰ কোনেও লাইট নজ্বলায়৷ ৰাইজে সিদ্ধান্ত মতে কাম কৰিলে ৷ চৰাইজনীৰ লগতে পোৱালিকেইটাক বচাবৰ বাবে এই ভৰ বাৰিষা পিছল ৰাস্তাত আন্ধাৰত চলাফুৰা কৰিলে গাঁওবাসীয়ে৷ গাঁওখনত মুঠ ১০০ টা পৰিয়াল আছে ৷ উল্লেখ্য যে প্ৰথমে সকলো একেষাৰে সন্মত হোৱা নাছিল ৷ লাহে লাহে বুজোৱা হয় সকলোকে৷ চৰাইজনীৰ পোৱালিকেইটা বচাবৰ বাবে অন্ধকাৰত চলাচল কৰিবলৈ সকলো সন্মত হয় ৷ ইয়াৰ লগতে গাঁৱৰ যুৱক-যুৱতীক তেওঁলোকে অনুৰোধ কৰে ৷ পোৱালি আৰু কণীৰ কেতবোৰ ছবি তুলি কাৰুপ্পুৰাজাই স্থানীয় কেইটামান ৱাটছএপ গ্ৰুপত ঘটনাটোৰ সবিশেষ লিখি দিয়ে ৷ লাহে লাহে জনমত গঢ়ি উঠে৷ আনহাতে মূৰ্তি আৰু কাৰ্তি নামৰ দুই ভায়েকৰ ওপৰত দায়িত্ব আছিল চৰাইজনীৰ পোৱালি যোৱাৰ ৷ চৰাইজনী উৰি গ’লে তেওঁলোকে কণী কেইটা কি অৱস্থাত আছে এবাৰকৈ চাই আহে ৷ এদিন কণী ফুটি পোৱালি হোৱা সময়লৈ ৰৈ আছিল গাঁওবাসী ৷ এই ছাত্ৰজনে জনায় যে গাঁৱত মুঠ ৩৫ টা ষ্ট্ৰীট লাইট আছে ৷ কিন্তু ৩৫ দিনত এদিনো লাইটবোৰ জ্বলোৱা নাছিল ৷ কাৰণ সকলোবোৰ জ্বলে এই কমিউনিটি ছুইচবৰ্ডৰ পৰা৷ ম’বাইলৰ টৰ্চ, টৰ্চ লাইট ব্যৱহাৰ কৰিয়ে গাঁওবাসীয়ে এই কেইদিন ৰাস্তাত যাতায়াত কৰিছিল ৷ কেৱল চৰাইজনীক ৰক্ষা কৰিবলৈ ৷ যিটো এক মানৱীয়তাৰ নিদৰ্শন ৷
নলবাৰী জিলাত দুটাকৈ কোভিড-১৯ ৰ ৰেপিড টেষ্টিং কেন্দ্ৰ মুকলি।
দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত নলবাৰীত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে আজি জিলাখনত ইতিমধ্যে শ্বহীদ মুকুন্দ কাকতি কোভিড হাস্পতালত স্থাপন কৰা নমুনা( ছোৱাব ) পৰীক্ষা কেন্দ্ৰৰ উপৰি ধৰ্মপুৰ সমষ্টিৰ বানেকুছিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নলবাৰী সমষ্টিৰ অধীনত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোটিকৈ নমুনা ( ছোৱাব ) সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰা হয় । গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নমুনা সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে নলবাৰীৰ ৰাইজৰ বাবে মুকলি কৰা এই কোভিড টেষ্ট কেন্দ্ৰত নমুনা পৰীক্ষা কৰি আধা ঘন্টাৰ ভিতৰতে ৰিজাল্ট পাব পৰা যাব । ২৪ জুলাই তাৰিখে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই শ্বহীদ মুকুন্দ কাকতি কোভিড হাস্পতালৰ পৰিৱেশ পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে হোৱা আলোচনামৰ্মে এই ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰা হৈছে । এই ৰেপিড কোভিড টেষ্ট কেন্দ্ৰত দিনৰ ১০-০০ বজাৰ পৰা আবেলি ৩-০০ বজালৈ কোভিড টেষ্ট কৰা হ’ব । চৰ্দি , কাঁহ , জ্বৰ আদি লক্ষণে দেখা দিলে ততালিকে এই কোভিড টেষ্ট কেন্দ্ৰত নমুনা পৰীক্ষা কৰি আধা ঘন্টাতে ৰিজাল্ট পাব । নমুনা পৰীক্ষাৰ ৰিজাল্ট পোৱালৈ কোনেও আগৰ দৰে কেবাদিনো আছুতীয়াকৈ থাকিব নালাগিব । আৰু চৰকাৰে কোৱাৰেন্টাইনৰ সময় ১৪ দিনৰ পৰা ৭ দিনলৈ কমাই দিছে । যি নহওক এই ৰেপিড কোভিড টেষ্টৰ সুবিধাই ৰাইজক উপকৃত কৰিব বুলি বিধায়ক অশোক শৰ্মাই আশা প্ৰকাশ কৰে। আনহাতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰটি উপায়ুক্ত পূৰৱী কোৱঁৰৰ উপস্থিতিত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু সমাজকৰ্মী পুলক শৰ্মাই মুকলি কৰে । নিতুল ডেকাই ভাষণ প্ৰসংগত কয় যে বানেকুছিৰ এই ৰেপিড কোভিড পৰীক্ষা কেন্দ্ৰটি পঞ্চায়ত প্ৰতিনিধিসকলে যাতে অলপ লক্ষ্য ৰাখে আৰু ৰাইজক কোভিড পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে । কিবা সমস্যা হ’লে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগক যাতে অৱগত কৰে । আজিৰ এই দুয়োটা কাৰ্যসূচীতে অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) অভিজিত সিনহা , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচু, মহকুমা স্বাস্থ্য তথা চিকিৎসা বিষয়া ডা: কৈলাস ডেকা , ডা: মধুৰাম বৈশ্য আৰু স্বাস্থ্য কৰ্মী তথা স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ।












