Home Blog Page 3243

বিতৰ্কৰ কেন্দ্ৰবিন্দু বলীউড : কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ সৈতে শ্বাহৰুখ খানৰ ফটো

দৈনন্দিন বাৰ্তা ডেস্ক :

 পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ সৈতে বলীউডৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে বিজেপিয়ে৷ ইয়াৰ পাছতে দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ বলীউডৰ তাৰকাই ভাৰত বিৰোধী শক্তিৰ লগত ফটোত উঠিছে, যিটো ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে৷ শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান কেলিফৰ্ণিয়াস্থিত কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইৰ লগত ফটো উঠাত বলীউড বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইয়ে কাশ্মীৰৰ যুৱকক ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহ্বান জনাই আহিছে৷ শ্ৰীনগৰ ভিত্তিক জনপ্ৰিয় কৰ্মী, যি আল ইস্কান্দাৰ নাম অনুকৰণ কৰি দ্যস্কেন্দাৰে টুইটাৰত প’ষ্ট কৰি দাবী কৰে যে টনী আজহাই, যি আজিজ আজহাই নামেৰে পৰিচিত, তেওঁ আইএছআইৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদী সংগঠন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ)ৰ সদস্য আছিল৷ টনী আজহায়ে কয় যে শ্বাহৰুখ খানৰ ডুবাই ভৱন আৰু লছ এঞ্জেলছৰ এপাৰ্টমেণ্টৰ নক্সা কৰি তেওঁ দিছিল৷ শ্ৰীনগৰৰ কৰ্মীজনৰ মতে বলীউডৰ ছুপাৰষ্টাৰে আজহাইক এজন স্থাপত্যবিদ হিচাপে নিয়োগ কৰিছে৷ তেওঁ দাবী কৰে যে খানৰ পত্নী গৌৰী বিচ্ছিন্নতাবাদী আজহাইৰ বহু প্ৰকল্পত জড়িত৷ আল ইস্কান্দাৰে কয় যে টনী আজহায়ে বলীউডত প্ৰভাৱ খটুৱাবৰ বাবে এটা এটাকৈ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে শ্বাহৰুখ খান এজন দেশপ্ৰেমীক ব্যক্তি যদিও টনী আজহাইৰ পৰিকল্পনাৰ সম্পৰ্কে সচেতন নহয়৷

এনআইটি, চিএফটিআইএছত নামভৰ্ত্তিত জেইই মেইনত প্ৰাৰ্থীৰ দ্বাদশ শ্ৰেণীত প্ৰয়োজন নাই ৭৫ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :

জেইই মেইন ২০২০ৰ যোগ্যতা অৰ্জনকাৰী প্ৰাৰ্থীয়ে এইবাৰ নেচনেল ইনষ্টিটিউট অব টেকন’লজী (এনআইটি) আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ প্ৰযুক্তি প্ৰতিষ্ঠান (চিএফটিআইএছ)ত নামভৰ্ত্তিৰ বাবে এইবছৰ ৭৫ শতাংশ নম্বৰ পাব নালাগে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰই৷ ক’ৰোনা ভাইৰাছ সংকটৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ টুইটাৰত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়নমন্ত্ৰী ৰমেশ পোখৰিয়াল নিহংকই ঘোষণা কৰে যে যোগ্য প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ কেৱল দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হ’লেই হ’ব৷ এনআইটি আৰু আন চিএফটিআইএছত নামভৰ্ত্তিৰ বাবে জেইই মেইন পৰীক্ষাৰ যোগ্যতাৰ বাদে, যোগ্যতাৰ ন্যূনতম ৭৫ শতাংশ নম্বৰ অৰ্জনৰ বাবে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা বা যোগ্য পৰীক্ষাত শীৰ্ষ ২০ শতাংশৰ মাজত ৰেংক পাব লাগিব৷ বৰ্তমান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আসন নিৰ্ধাৰণ ব’ৰ্ড (চিএছএবি)ৰ যোগ্যতাৰ মান শিথিল কৰাৰ সিদ্ধান্ত লৈছে বুলি মত প্ৰকাশ কৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰীজনে৷

নলবাৰী আঞ্চলিক কৃষক সভাৰ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ

নলবাৰী : নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী আঞ্চলিক কৃষক সভাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলাৰ যজ্ঞভূমিত কৃষক সভাই সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সমদল উলিয়াই। আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৬ মাহৰ বাবে ৭৫০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰক, অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰক আদি শ্ল’গান দি চৰকাৰক দাবী জনাই কৃষক সভাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট বাওপন্থী নেতা ৰবীন মিশ্ৰই ওপৰোক্ত দাবী সমূহৰ ভিত্তিত ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।

নলবাৰীৰ বাৰগোপাল দেৱালয় সৰিয়হতলীৰ সংযোগী পথৰ শুভ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ

নলবাৰী : অসম দৰ্শন আঁচনিৰ অধীনত আজি নলবাৰী জিলাৰ ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিয়হতলীৰ বাৰগোপাল দেৱালয়ৰ সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়। প্ৰায় ১ কোটি ৩৯ হাজাৰ ৭৩ হাজাৰ টকাৰে  নিৰ্মাণ হ’বলগীয়া এই সংযোগী পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনীৰ পিছত বাৰগোপাল দেৱালয়ৰ প্ৰাংগণত এখন সভাও অনুষ্ঠিত কৰা হয় আৰু এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক জিতেন তালুকদাৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস, ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ সভাপতি বীৰেণ দাস, কাউন্সিলাৰ ৰীতু ডেকা সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকেৰ। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনাই দেৱালয় সমিতিয়ে।

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ বৰভেটীৰ এগৰাকী কিশোৰী। চিকিৎসাৰ বাবে সহায়ৰ আহ্বান সৰ্বস্বান্ত পিতৃ-মাতৃৰ

ননৈ : পখিলা খেদাৰ বয়সতে জীৱনৰ জটিল সংগ্ৰামত লিপ্ত হৈ দুৰাৰোগ্য  ৰোগৰ সৈতে যুঁজি ক্লান্ত হৈ পৰা এক কৰুণ কাহিনী পোহৰলৈ আহিছে নগাঁও জিলাৰ বৰভেটী অঞ্চলত। উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বৰভেটী গাঁৱৰ নিৱাসী অতি দৰিদ্ৰলোক জাকিৰ আলী আৰু হাচনাৰা বেগমৰ ৯ বছৰীয়া কণ্যা সন্তান মাছুম বেগম নামৰ কিশোৰীৰ পাকস্থলীৰ ৰোগত (পেংকাটিছ) আক্ৰান্ত। প্ৰায় ২ বছৰ ধৰি পেটৰ বিষত ভূগি থকা কিশোৰী গৰাকী আজি ৬ মাহৰ আগত জটিল ৰোগত আকান্ত বুলি বেমাৰত ধৰা পৰে। ইফালে কিশোৰী গৰাকীৰ পিতৃ জাকিৰ আলী আৰু মাতৃ হাচনাৰা বেগম দিন হাজিৰা কৰা ব্যক্তি। পিতৃ- মাতৃয়ে কিশোৰী গৰাকীক সুস্হ কৰাৰ বাবে গুৱাহাটী আৰু হোজাইলৈ বহুবাৰ নিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকী অতিমাৰী ক’ৰ’ণা মহামাৰীৰ লকডাউনৰ বাবে ৰোগীগৰাকীক ঘৰলৈ লৈ আহিব লগা হয়। অন্যহাতে লক ডাউনৰ বাবে ঘৰতে থকা ৰোগী গৰাকীৰ অৱস্থা দিনক দিনে বেয়া ফাললৈ গতি কৰে। ইফালে ৰোগীগৰাকীক ব্যয়বহুল অস্ত্ৰোপ্ৰচাৰৰ বাবে চিকিৎসকে পৰামৰ্শ দিছে যদিও পৰিয়ালটোৱে আৰ্থিক দৈনতাৰ বাবে কিশোৰীগৰাকীক উন্নত চিকিৎসা কৰোৱাবৰ বাবে সাহস কৰিব পৰা নাই। দৰিদ্ৰ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে শিশুটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুজনৰ সহায় বিচাৰিছে যদিও আজিকোপতি কোনো সঁহাৰি লাভ কৰা নাই। সেয়ে কোশোৰীগৰাকীৰ অসহায় পিতৃ-মাতৃয়ে ৰাইজৰ সহায়ৰ হাত বিছাৰিছে। কোনো লোকে যদি শিশুটিক সহায় কৰিব বিছাৰে তেন্তে এছ বি আই হয়বৰগাঁও শাখাৰ  একাউণ্ট ৩৭০২৫২২৬২৯০(আই এফ এচ ক’ড-এছ বি আই এন ০০০৫৪৬২) নম্বৰত সাহাৰ্য্য পঠাব পাৰে অথবা 9957449822 নম্বৰত যোগাযোগ কৰিব পাৰে।

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ অনলাইন ৰচনা প্ৰতিযোগিতা

কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত বলবৎ হৈ থকা লকডাউনে স্কুল-কলেজ বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাত মনোনিৱেশ কৰাৰ উদ্দেশ্যই মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সদৌ অসম ভিত্তিত অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷

প্ৰতিযোগিতাখনি দুটা শাখাত বিভাক্ত ‘ক’ শাখা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৷ ‘খ’ শাখাত একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৷ 

‘ক’ শাখাৰ ৰচনাৰ বিষয়

১। লকডাউনৰ সময়ত কিতাপ কিমান প্ৰয়োজন ৷

২। কৰোনাই পৰ্যটন ক্ষেত্ৰত কিমান প্ৰভাব পেলালে ৷

‘খ’ শাখাৰ ৰচনাৰ বিষয়

১। কৰোনাৰ ফলত  সামাজিক মাধ্যমে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে ৷

২। কৰোনাই প্ৰাকৃতিক সম্পদৰ লগতে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে ৷

ইচ্চুক প্ৰতিযোগীসকলে অহা ৫ আগষ্টৰ ভিতৰত ৰচনাৰ প্ৰতিলিপি ১৫০০ শব্দৰ ভিতৰত লিখি Shivtechcpl@gmail.com যোগে প্ৰেৰণ কৰিব লাগিব৷ প্ৰতিযোগীসকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰতিযোগী সকলক নগধ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ প্ৰথম পুৰস্কাৰ ৩০০০ হাজাৰ টকা,  দ্বিতীয় পুৰস্কাৰ ২০০০টকা, তৃতীয়  পুৰস্কাৰ ১০০০ টকা ৷ উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্বত থাকিব গুৰুনানক নেচনেল হাইস্কুলৰ অধ্যক্ষ চুভাৰন্স চক্ৰৱৰ্তী, প্ৰাগজ্যোতি ইংৰাজী হাইস্কুলৰ অধ্যক্ষ আহমেদ হুছেইন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুৰিস্মিতা দত্ত আৰু অধিবক্তা নিৰঞ্জন কোনোৱাৰ৷ নিৰ্বাচিত প্ৰতিযোগীসকলক পল্টন বজাৰস্হিত নেপালী চকত অহা ১৫ আগষ্টত পুৰস্কাৰ সমূহ প্ৰদান কৰা হ’ব৷ এই ক্ষেত্ৰত মধ্য গুৱাহটী  উন্নয়ন সমিতিৰ সাধৰণ সম্পাদক ৰাজীব দাসৰ লগত 9365942412 নম্বৰত যোগাযোগ কৰিব পাৰিব।

অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ ঢকুৱাখনাত

ঢকুৱাখনা : কৃষক নেতা অখিল গগৈ  কৰোনা আক্ৰান্ত হৈ থকাৰ পিছতো চৰকাৰে জেলত আবদ্ধ কৰি ৰখাৰ প্ৰতিবাদত আৰু অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ঢকুৱাখনাতো ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলাই বিজেপি চৰকাৰ গ’ বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, আমি ন্যায় বিচাৰোঁ, চৰকাৰী দমন নীতি বন্ধ কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা মহকুমা সমিতিৰ নেতা হৰেন গগৈ, প্ৰহ্লাদ গগৈকে আদি কৰি কেইবাগৰাকীও কৰ্মীয়ে।

কঠীয়া ৰোপণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও : ” ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আমাৰ কৃষকসকল কৃষি কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত হ’ব লাগিব। কৃষি কাৰ্যৰ জৰিয়তেহে অসমত এক সেউজ বিপ্লৱ গঢ়ি তুলিব পৰা যাব।” এই মন্তব্য নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাওঁ সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱত কঠীয়া ৰোপণ কাৰ্যসূচী সমাৰোহৰ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয়, ‘কৃষিৰ জৰিয়তেহে অসমৰ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পৰা যাব। ইয়াৰ বাবে আমাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব লাগিব। তেতিয়াহে আমি প্ৰকৃত সেউজ বিপ্লব গঢ়ি তুলিব পাৰিম।’ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি কৃষক ৰাইজক এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত ‘এপাৰ্ট’ আঁচনিৰ অধীনত ননৈ দেউৰী গাঁৱত উন্নতমানৰ কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অশোক কুমাৰ বৰঠাকুৰ, ‘এপাৰ্ট’ৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ দত্ত চৌধুৰী, ছিলঙনী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ নিৰঞ্জন ডেকা, অন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিষয়া ভিপিন বি কুমাৰ, স্থানীয় কৃষি সম্প্ৰসাৰণ বিষয়া দিব্যজ্যোতি ডেকা, সম্প্ৰসাৰণ কৰ্মী কল্যাণ বৰা,  গৱেষণা সহায়ক অজিত বৰা, খণ্ড প্ৰযুক্তি প্ৰবন্ধক চিত্ৰজিৎ বৰাকে ধৰি কৃষি বিভাগ, ‘এপাৰ্ট’ৰ কৰ্মচাৰীৰ লগতে কৃষকসকল উপস্থিত থাকে। কঠীয়া ৰোপন থলিতে ধান ৰোপন সম্পৰ্কীয় এক প্ৰশিক্ষণো অনুষ্ঠিত হয়। ইপিনে আজি বিধায়ক গৰাকীয়ে পাখিমৰিয়া উন্নয়ন খণ্ডৰ ১০০ গৰাকী শিপিনীক য়াৰ্ণ পাছবুক আৰু ৪০০ লোকক জব কাৰ্ড প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীয়ে এই ব্যৱস্থাৰ জৰিয়তে শিপিনী আৰু জব কাৰ্ড প্ৰাপ্ত লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত পাখিমৰিয়া খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে।

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত কৃষক মুক্তিৰ মানৱ শৃংখল

নগাঁও  : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি নগাঁৱৰ কৃষ্ণাইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক নেতা গৰাকীক বিনাচৰ্তে মুক্তিৰ দাবীত নগাঁও বাইপাচৰ কৃষ্ণাইখাটৰ অংশত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়িত মানৱ শৃংখল কাৰ্যসূচীত হাতে হাতে বেনাৰ ফেষ্টুন লৈ সামাজিক দtৰত্ব বৰ্তাই কৃষক মুক্তিৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰা প্ৰমুখ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সদস্যই অংশগ্ৰহণ কৰে। চৰকাৰৰ দুৰ্নীতি আৰু অনিয়মৰ মুখা খোল খোৱাৰ ভয়তেই অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সম্পাদক গৰাকীয়ে মন্তব্য কৰে।

ভাৰতৰ নিষেধাজ্ঞাত সংকটত নেপালৰ ৰিফাইন উদ্যোগ

দৈনন্দিন বাৰ্তা ডেস্ক :

পৰিশোধিত তেল অৰ্থাৎ ৰিফাইন তেল আমদানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰাত নেপালৰ ব্যৱসায় সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে৷ নেপালৰ বহু ৰিফাইন কোম্পানী আছে যিবোৰৰ পৰা ভাৰতে সামগ্ৰী কিনা বন্ধ কৰি দিছে৷ ফলত এই কোম্পানীবোৰে কেঁচামাল নিয়া বন্ধ কৰি দিছে৷ উল্লেখ্য যে ভাৰত চৰকাৰে অতীতত ৩৯ খন তেল আমদানি লাইচেঞ্চ বাতিল কৰিছিল৷ আমদানি লাইচেঞ্চ বাতিলৰ কাৰণটো আছিল প্ৰতিৱেশী দেশবোৰৰ পৰা শুল্ক মুক্ত চালান সম্পূৰ্ণ বন্ধ কৰাত নেপালক সৰ্বাধিক প্ৰভাৱিত কৰিছিল৷ কাৰণ তাৰ ৰিফাইনৰ বজাৰখন সম্পূৰ্ণৰূপে ভাৰতৰ ওপৰত নিৰ্ভৰশীল৷ নেপালৰ পশুপতি তেল উদ্যোগৰ অমিত সাৰদাৰ মতে এতিয়া পৰিশোধন পাম তেল অৰ্ডাৰ দিয়া নাই৷ কাৰণ তাত কোনো খৰচ হোৱা নাই৷ নেপালত ইয়াৰ মজুত এতিয়া ৭০ হাজাৰ টন পাইছেগৈ৷ এইটো শেষ হ’লে কেৱল স্থানীয় চাহিদা বাঢ়িব৷ সেই কাৰণে নেপালত অপৰিশোধিত পাম তেলৰ চাহিদা কমি গৈছে, যাৰ পৰিসংখ্যাই সাক্ষ্য দিছে৷ চৰকাৰী পৰিসংখ্যা মতে আগতে নেপালে প্ৰতি মাহে ২১ হাজাৰ টন কেঁচা মাল আমদানি কৰিছিল, যিটো এতিয়া ৭০০০ টনলৈ নামিছে৷ প্ৰকৃততে ভাৰতে নেপালৰ পৰা দুই তৃতীয়াংশ মিহি পাম তেল লয়৷ এইবাৰ আমদানি নিষেধাজ্ঞা কৰাত নেপালৰ বিপুল পৰিমাণৰ ক্ষতি হৈছে৷ নেপালৰ সৈতে ক্ৰমাগতভাৱে সম্পৰ্ক অৱনতি হোৱাৰ বাবে এয়া হৈছে৷ এই তেলৰ বৃহৎ পৰিমাণ নেপালৰ পৰা ভাৰতে আনে৷ সেয়ে নেপালৰ উদ্যোগবোৰে এই উদ্যোগত বহু ধন বিনিয়োগ কৰে৷ ৩০ বিলিয়ন নেপালৰ টকা ইয়াত বিনিয়োগ কৰে৷ ভাৰতে ২০১৮-১৯ চকত ৪৫ হাজাৰ টন আৰু ২০১৯-২০ত ১৮৯০৭৮ টন আমদানি কৰে৷