নাজিৰা : যোৱা পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা ৭১ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত নাজিৰা মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত আজি এক বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে বিহুবৰ খণ্ড বন বিভাগে। বিহুবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰু বিহুবৰ গাঁও পঞ্চায়ত, বিহুবৰ ক্ৰেচাৰ মেচিন সংস্থা, ১৪৯ নং চিআৰপিএফ বেটেলিয়ানৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ জৰিয়তে ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বহুসংখ্যক গছপুলি ৰোপণ কৰে। এই কাৰ্যত সহযোগিতা কৰি ১৪৯ নং চিআৰপিএফ জোৱানসকলেও একোটাকৈ গছপুলি ৰোপণ কৰে। উক্ত কাৰ্যসূচীত বিহুবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বন বিষয়া সন্তোষ ফুকন, সোনাৰি আঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈ, ১৪৯ নং চিআৰপিএফ বেটেলিয়ানৰ সহকাৰী অধিনায়ক কমলা প্ৰসাদ, বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ চিংকন, বিহুবৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়া, চন্টক চাহ বাগিছাৰ সহকাৰী পৰিচালক পুলিন ভট্ট, চুকাফা জিলা পৰিষদৰ প্ৰাক্তন সদস্যা মায়া বাউৰী, বিহুবৰ ক্ৰেচাৰ ইউনিয়নৰ বিষয়ববীয়া মুখেশ্বৰ ফুকন, তিলক কোঁৱৰ, ১০৭ নং চন্টক গ্ৰান্টৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জাকিৰুদ্দিন আহমেদকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ, মেধাবী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন।
নাজিৰা : কৰ’না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰি নীতি-নিৰ্দেশনাক সন্মান জনাই গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এইবছৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ গেলেকী অঞ্চলৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ গেলেকী আঞ্চলিকৰ সভাপতি প্ৰাঞ্জল গগৈ, সম্পাদক মানসজ্যোতি শইকীয়া আৰু শিক্ষা সম্পাদিকা প্ৰকৃতি চেতিয়াৰ নেতৃত্বত গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোনো আনুষ্ঠানিক অভিন্দন অনুস্হানৰ আযোজন নকৰি বৃহত্তৰ গেলেকী অঞ্চলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে যোৱা ১ জুলাইৰ পৰা গেলেকীৰ বিভিন্ন অঞ্চলৰ মেধাবী ছাত্ৰ-ছাত্ৰী সকলৰ বাসগৃহত উপস্হিত হৈ এখন ফুলাম গামোছা, এখন অভিনন্দন পত্ৰ, এটা কলম, এডাল গছপুলি আৰু এটা সৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী অব্যাহত ৰাখিছে।
দুৰ্নীতিৰ অভিযোগ : গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত কমিটী গঠন কেন্দ্ৰৰ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
লাডাখ, ক’ৰোনা আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ত্ৰিমূখী আক্ৰমণৰ মাজতে কংগ্ৰেছ তথা গান্ধী পৰিয়ালৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ লৈছে কেন্দ্ৰই ৷ ছোনীয়া গান্ধী পৰিচালিত তিনিটা ট্ৰাষ্টৰ বিৰুদ্ধে একাধিক আৰ্থিক দুর্নীতি আৰু অনিয়মৰ অভিযোগত তদন্ত আৰম্ভ কৰিলে গৃহ মন্ত্ৰালয়ে ৷ ৰাজীৱ গান্ধী ফাউণ্ডেচন, ৰাজীৱ গান্ধী চেৰিটেব’ল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টত দুর্নীতিৰ অভিযোগত তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা উচ্চস্তৰৰ কমিটী গঠন কৰা হৈছে ৷ প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামত গঠন কৰা প্ৰতিষ্ঠানটোৰ সভানেত্রী ছোনীয়া গান্ধী। তদুপৰি পৰিচালনা সমিতিত আছে প্ৰিয়ংকা গান্ধী, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং আৰু পি চিদাম্বৰমৰ দৰে কংগ্ৰেছৰ শীৰ্ষ নেতা ৷ আনহাতে ৰাজীৱ গান্ধী চেৰিটেব’ল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টৰ দায়িত্বত আছে ছোনীয়া গান্ধীয়েই ৷ গৃহ মন্ত্ৰালয়ৰ অভিযোগ, এই তিনিটা ট্ৰাষ্টত কংগ্ৰেছৰ আমোলত বৃহৎ দুর্নীতি হৈছে৷ আৰ্থিক প্ৰতাৰণা আইন, আয়কৰ আইন, বিদেশী বিনিয়োগৰ দৰে বহু আইন ভংগ কৰিছে এই ট্ৰাষ্টকেইটাই ৷ এই তিনিটা ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় কমিটী গঠন কৰিছে গৃহ মন্ত্ৰালয়ে ৷ সেই কমিটীৰ শীৰ্ষত আছে ই ডিৰ বিশেষ সঞ্চালক৷ তদন্তত চিবিআইৰ বিষয়াকো অন্তৰ্ভূক্ত কৰা হৈছে ৷
গুৱাহাটীৰ পৰা অহা লোকসকলক স্বাৱ পৰীক্ষাৰ বাবে আহ্বান নাজিৰা মহকুমা প্ৰশাসনৰ।
নাজিৰা : কিছুদিনৰ পৰা গুৱাহাটী ক’ভিদ-১৯ৰ অভিকেন্দ্ৰ হিচাবে চিনাক্ত হৈছে আৰু গুৱাহাটীৰ বহুলোক এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছে। ক’ভিদ-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে নাজিৰা মহকুমাটিক সুৰক্ষিত কৰাৰ স্বাৰ্থত গুৱাহাটীৰ পৰা নাজিৰালৈ অহা লোকসকলৰ স্ব-ইচ্ছাই স্বাব পৰীক্ষা কৰাটো অতিকে প্ৰয়োজনীয়। গতিকে এই সময়ত গুৱাহাটীৰ পৰা যিসকল লোক নাজিৰালৈ আহিছে তেখেতসকলক স্ব-ইচ্ছাৰে অনতিপলে গড়গাওঁ মহাবিদ্যালয়ত স্থাপন কৰা স্বাস্থ্য বিভাগৰ “স্বাব সংগ্ৰহ কেন্দ্ৰ”ত নিজৰ স্বাব পৰীক্ষাৰ বাবে দিবলৈ নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনাইছে। লগতে এই স্বাব পৰীক্ষাৰ ফলাফল লাভ নকৰা পৰ্যন্ত নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক গৃহ পৃথকীকৰণ হৈ থাকিব বাবে প্ৰশাসনৰ তৰফৰ পৰা পুনৰবাৰ অনুৰোধ জনাই নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে এই ক্ষেত্ৰত নাজিৰাবাসীৰ যোগাত্মক সঁহাৰিয়ে প্ৰশাসনক ক’ভিদ-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনক সফল কৰি তোলাত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ক’লে, “ঐশ্বৰিক ক্ষমতা আছে মোডীৰ” ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ভগৱানৰ বৰ নৰেন্দ্ৰ মোডী ৷ আগতে মোডীক প্ৰশংসা কৰি এই মন্তব্য দিছিল মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ এইবাৰ তাতকৈ ওপৰলৈ গ’ল মুখ্যমন্ত্ৰীজন৷ প্ৰধানমন্ত্ৰীৰ কামত স্তুতি কৰি শিৱৰাজ সিং চৌহানে ক’লে, ‘মোডীৰ ঐশ্বৰিক ক্ষমতা আছে’ ৷ মধ্য প্ৰদেশ চৰকাৰৰ ১০০ দিন পূৰ্ণ উপলক্ষে বক্তব্য ৰাখিছিল শিৱৰাজ সিং চৌহানে ৷ তাতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংকীৰ্ণ ৰাজনৈতিক বোধৰ বুলি তেওঁ কটাক্ষ কৰে ৷ চৌহানে কয়, ‘তেওঁ (ৰাহুল গান্ধী) মোডীজীক চেলেঞ্জ কৰে ? মোডীজী হ’ল ভাৰতৰ কাৰণে ভগৱানৰ বৰদান৷’ গীতাৰ উদ্ধৃতি দি তেওঁ কয়, ‘ভগৱানে কোনো অৱতাৰ পোনে পোনে নপঠায়৷ কিন্তু নৰেন্দ্ৰ মোডীৰ দৰে নেতা দেখিলে মনলৈ ভাব আহে, বিনা ঐশ্বৰিক ক্ষমতাত এনে কাম কোনো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়’ ৷ এই অনুষ্ঠানত উপস্থিত থাকি জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, মোডীজী সংবেদনশীল আৰু উদ্যোগী। মোডীৰ লকডাউনৰ সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ মানুহ ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাইছে ৷ সীমান্তত মোডীজীৰ নেতৃত্বত চীনক উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি কয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া নেতাজনে ৷
হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ “বেগম জান” ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে নলবাৰী জিলা উপাযুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ স্মাৰক পত্ৰ প্ৰদান।
নলবাৰী : সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষবাস্পৰ সৃষ্টি কৰা দূৰদৰ্শনৰ অসমীয়া ৰেঙণি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক চিৰিয়েল বেগমজান বয়কট কৰাৰ বাবে হিন্দু ক্ৰান্তি দল অসম নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এক বিবৃতি যোগে হিন্দু ক্ৰান্তি দলে অসমৰ নলবাৰী জিলাৰ জিলা সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে উক্ত ধাৰাবাহিক খনৰ দোহাই দি অসমৰ হিন্দু যুৱতীক ইছলামলৈ ৰূপান্তৰ কৰা এক অভিসন্ধিহে কিয়নো যিখন ৰাজ্যত অহৰহ উপযাচি হিন্দু মুছলমানৰ কথা কৈ থকা হয়, সেইখন অসমতে ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ ৰক্ষাৰ নামত এআইডিইউএফৰ নামৰ ৰাজনৈতিক দলৰ জন্ম দিয়া হল এয়া গভীৰ ষড়যন্ত্ৰ নহয়নে। তদুপৰি সংযোজক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে, কিয় চেঙাত দুৰ্গা প্ৰতিমা বিসৰ্জন দিব গ’লেও অস্ত্ৰৰে সু-সজ্জিত হৈ আক্ৰমণ কৰে, কিয় গৌৰীপুৰৰ মন্দিৰৰ সমীপত ঈদোজ্জোহাত কুৰবানি দিয়া গৰু মাৰি পেলাব লাগে, কিয় অসমৰ মুচলমান যুৱকে জেহাদৰ প্ৰশিক্ষণ ল’বলৈ কাশ্মীৰলৈ যাব লাগে, কিয় মুচলমান যুৱকে অল কায়দাৰ প্ৰশিক্ষণ ল’বলৈ পাকিস্তান যাব লাগে। তাতোকৈও গুৰুত্বপূৰ্ণ কথাতো হ’ল সম্প্ৰীতিৰ পীঠ স্থলিত শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক হত্যা কৰিলে, যিয়ে ১৪বছৰীয়া ময়ুৰী দাসক হত্যা কৰিলে, যিয়ে সত্ৰৰ ভিতৰত সত্ৰাধিকাৰক হত্যা কৰিলে, যিয়ে সনাতন দাস, সৌৰভ দাস, ঋতুপৰ্ণ পেগুক হত্যা কৰিলে সেইসকলক গৰিহণা দিবলৈ, সেইসকলৰ ভয়ংকৰ বিচাৰধাৰা উদঙাই দিবলৈ চিৰিয়েল নিৰ্মাণ হ’ব লাগিছিল কিন্তু হৈছে বাংলাদেশী, লাভ জেহাদীক ত্ৰাণকৰ্তা। অসমীয়াই সম্প্ৰীতিৰ হকে যুঁজ দি অহাৰ পিচতো মুচলমান হোৱাৰ নামত একাংশই যি ইচ্ছা তাকে কৰি থাকিবনে। নিজৰ সুবিধা আদায়ৰ স্বাৰ্থত সম্প্ৰীতিৰ দোহাই নেতা সকলৰ কৰণীয় নাইনে। লগতে সংযোজক গৰাকীয়ে কয় যে হিন্দু ক্ৰান্তি দল অসমৰ ষ্পষ্ট কথা এনেকুৱা সম্প্ৰীতি সমন্বয় প্ৰয়োজনীয়তা সংগঠনটোৱে নিবিচাৰোঁ। চৰকাৰলৈ এই স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা এই অসমীয়া ধাৰাবাহিকখন অনতিপলমে বন্ধ কৰক। জিলা উপাযুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ দীপক হালৈ, বিদ্যুৎ কুমাৰ দাস, সীমান্ত মেধী, অসীম মেধীসহ ভালে কেইজন কাৰ্যকৰ্তা উপস্থিত থাকে।

নৱনিযুক্ত নলবাৰীৰ উপায়ুক্তৰ ভগ্ন মথাউৰি পৰিদৰ্শন।
নলবাৰী : আজি নলবাৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱৰাদল অঞ্চলৰ দহকাউনিয়াৰ নিকটৱৰ্তী মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে। উপায়ুক্তগৰাকীয়ে দহকাউনিয়াৰ গাঁওবুঢ়া কালিচৰণ বৰ্মনৰ লগত ঠাইখিনিত ভগ্ন মথাউৰিয়ে কেনেদৰে স্থানীয় লোকক ক্ষতিগ্ৰস্ত কৰিছে তাৰ বুজ লয়। তেওঁৰ এই ভগ্ন মথাউৰি পৰিদৰ্শন কালত টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰক্তিম বৰুৱা আৰু লাট মণ্ডল দিবাকৰ বৰ্মনে সংগ দিয়ে। আনহাতে মৰাপাগলাদিয়া নদীৰ ওপৰৰ পকী দলঙৰ নিকটৱৰ্তী শিয়ালমাৰীৰ বড়ো চুবুৰীৰ ভগা কৃষিবান্ধৰ সন্দৰ্ভতো বালিৰ গাঁওবুঢ়া শৰৎ চন্দ্ৰ পাঠকৰ পৰা পৰিস্থিতিৰ বুজ লয়। তদুপৰি এই দুয়ো ঠাইৰ বাহিৰেও নলবাৰী জিলাত ভগ্ন মথাউৰি কিমান আছে আৰু কিমান লোকৰ তাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে তাৰ বিষয়তো এটা আভাষ লয় উপায়ুক্ত গৰাকীয়ে। উপায়ুক্ত গৰাকীৰ মথাউৰি পৰিদৰ্শনকালত টিহু ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া হিমাশ্ৰী বৈশ্যও উপস্থিত থাকে।
কʼভিড-১৯ আৰু শিশুৰ গৃহবন্দীত্ব ।
✍ জ্ঞানশ্ৰী শইকীয়া
সমগ্ৰ বিশ্বতে অনিদিষ্টকাললৈ কোভিড-১৯ মহামাৰীৰ আতংক চলি আছে। বিগত মাৰ্চ মাহৰ মাজভাগৰ পৰা বৰ্তমানলৈকে মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত জনজীৱনৰ যি অপূৰণীয় ক্ষতি হৈছে তাক দুনাই বহলাই কোৱাৰ প্ৰয়োজন নাই। এই ক্ষতিগ্ৰস্ততাৰ মাজত শিশুসকল শাৰীৰিক মানসিক আৰু বৌদ্ধিক দিশৰ পৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদানৰ পৰা বঞ্চিত শিশুসকল কেৱল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ ফালৰ পৰাই বাধাপ্ৰাপ্ত হৈছে তেনে নহয়; তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ উপভোগৰ পৰাও বঞ্চিত হৈছে। মহানগৰীকে ধৰি সৰু বৰ চহৰত বসবাস কৰা শিশুসকলে বন্ধ কোঠাৰ ভিতৰতে সোমাই থাকি স্বাভাৱিক বাতাবৰণৰ সোৱাদ হেৰুৱাইছে। মুকলি আকাশৰ তলত খেলা-ধুলাই তেওঁলোকলৈ অনা সজীৱতাক মহামাৰীৰ বিভীষিকাই ম্লান কৰি তুলিলে। শিশুৰ কোমল মনত সদায় সজীৱ হৈ থাকে এখনি কল্পনাৰ দুনীয়া। এই কল্পনাৰ দুনীয়াখন সজাই তুলিবলৈ তেওঁলোকক লাগে প্ৰাকৃতিক ৰঙ। প্ৰকৃতিৰ পৰা আঁতৰি বন্ধ কোঠালিৰ চাৰিবেৰৰ ভিতৰত শিশুৱে উশাহ হেৰুৱায়, হেৰুৱাই জীৱনৰ মাধুৰ্যতা। ফলস্বৰূপে সেই শিশুটিৰ আচৰণত কোমলতা হেৰায়। ফুল পখিলাৰ মাজত দৌৰাদৌৰি কৰি ভাল পোৱা শিশুসকলক আজি জীৱনৰ সংকটকালত আৱদ্ধ কৰি ৰাখিছোঁ। এয়া যে সময়ৰ আহ্বান। আমি এওঁলোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আনফালে বিদ্যালয়সমূহৰ তৰফৰ পৰাও যি অনলাইন শিক্ষাদান কাৰ্যসূচী চলি আছে, সেয়া কিমান দূৰ ফলপ্ৰসূ হʼব লক্ষণীয়। কিয়নো লকডাউনৰ সময়চোৱাত শিশুসকলৰ মোবাইলৰ প্ৰতি আসক্তি বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে। অনলাইন শিক্ষাদানৰ জৰিয়তে এটি শিশুৱে বহুসময় ধৰি মোবাইলৰ স্ক্ৰীণত চকু ৰাখি লিখা পঢ়া কৰা কাৰ্যই শিশুৰ মনোজগতত যথেষ্ট প্ৰভাৱ পেলোৱাৰ ওপৰিও কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমাইছে। ৰঙচঙীয়া কাৰ্টুন, হৰেকৰকমৰ মোবাইল গেইমৰ সুবিধা থকা মোবাইল ফোনবোৰে যেন কাঢ়ি লৈছে তেওঁলোকৰ শৈশৱ। অৱশ্যে লকডাউনৰ সময়চোৱাত বহু শিশুৱে নিজৰ প্ৰতিভা বিকশিত কৰি তিক্ত সময়খিনিক নিজা মনোৰঞ্জনেৰে সজাই নিজেও তৃপ্ত হোৱা দেখা পাইছোঁ। গাওঁ অঞ্চলৰ শিশুসকলে অৱশ্যে বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদান ব্যৱস্থাৰ অভাৱৰ বিপৰীতে স্বাভাৱিক জীৱন অব্যাহত ৰাখিছে। এইখিনিতে মই জনা এগৰাকী শিশুৰ বিষয়ে কম। তেওঁ পঞ্চম মানৰ ছাত্ৰী। নাম সমীক্ষাৰাণী। গাঁৱৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ডাঙৰ হোৱা এটি চঞ্চল পখিলা। লকডাউন যেন আৰ্শীবাদ হৈছে তাইলৈ। তাই পথাৰৰ বোকা মাটিৰ লেও লৈ সেউজীয়াৰ মাজত জীৱনৰ জীয়াৰ মন্ত্ৰ শিকিছে। লকডাউনৰ সময়চোৱাত নিজৰ অভিনয় প্ৰতিভাৰে এখনি ছুটি ছবি নিৰ্মাণৰ কামতো তাই ব্যস্ত। সমীক্ষাৰাণীৰ দৰে আন সকল শিশুৱেও যেন দমবন্ধ সময়চোৱাত নিজৰ প্ৰতিভা বিকশাই তোলক। এনেদৰে বহু শিশু আছে সমীক্ষাৰাণীৰ দৰে। যিসকলে হোমৱৰ্ক, আৰ্টস্কুল, ড্যান্সস্কুল, চুইমিং ক্লাছ আদিৰ পৰা মুক্ত হৈ নিজৰ সৃষ্টিশীল প্ৰতিভাক মুক্তভাৱে প্ৰকাশ কৰি আছে তেওঁ লোকে এই লকডাউনৰ সময়চোৱাক অভিশাপ হিচাপে নলৈ আৰ্শীবাদ বুলি যেন গ্ৰহণ কৰে।
জিলা উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবী ।

দলগাওঁ : বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ব্যাপক ক্ষতিসাধন হৈছে কৃষি প্ৰধান অঞ্চল দৰঙত। বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবী জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (আব্দুল আজিজ)গোটৰ দৰঙ জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে দৰঙ জিলা উপায়ুক্তক। স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে দৰং জিলাৰ বিভিন্ন ঠাইত প্ৰবল বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে কৃষকৰ৷ কৃষি প্ৰধান অঞ্চলৰ খেতিয়কসকলে বানত বিধ্বস্ত হৈ মানুহৰ লগতে পশুধনৰ জীৱনধাৰণত ব্যাঘাত জন্মিছে৷ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙ জিলা সমিতিৰ সজাতী দল এটাই বানগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰি কয় যে জিলাখনৰ বিভিন্ন ঠাইত জলমগ্ন হৈ মানুহৰ ঘৰে ঘৰে পানী সোমাই জীৱন যাপন আৰু খোৱা-বোৱাৰ যথেষ্ট অসুবিধাৰ সন্মুখিন হৈ পৰিছে৷ ইফালে বানৰ ফলত পশুধন বিলাক খাদ্যৰ অভাৱত মৃত্যুৰ লগত যুজি আছে৷ বানৰ তাণ্ডৱত কৃষিজাত শস্য আৰু মীন পালকৰ পুখুৰী পানীৰ তলত পৰি বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ বানপানীৰ বাবে বিশেষকৈ গাওঁ অঞ্চলৰ মাথাউৰি, ৰাস্তাঘাট খহি যোৱাৰ ফলত মানুহৰ যাতায়তৰ অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে বানপানীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে সংগঠনৰ নেতা কৰ্মীয়ে। সেয়েহে সংখ্যালঘু সংগ্ৰাম পৰিষদ(আব্দুল আজিজৰ গোট)ৰ দৰঙৰ সভাপতি অধিবক্তা আইজুদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মহিদুল ইছলামৰ নেতৃত্বত যোৱা দল এটাই বানাক্ৰান্ত এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বানাক্ৰান্ত এলেকাত পশুধনৰ খাদ্যৰ লগতে পশুধন নিৰাপদে ৰখাৰ ব্যৱস্থা কৰা, বানাক্ৰান্ত এলেকাৰ পৰিৱেশ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ বাবে ব্লিচিং পাউদাৰ, ফিনাইল আৰু ডেটলৰ লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা, বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষক আৰু মীন পালকৰ ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰা, গৰাখহনীয়াৰ ফলত গৃহহীন হোৱা পৰিয়ালক ক্ষতিপুৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।
ক’ৰোনাই হাথিয়াৰ : চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাসৰ নামত বাদ পৰিল ধর্মনিৰপেক্ষতা, খাদ্য সুৰক্ষা অধ্যায় ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ক’ৰোনাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰিল৷ বাতিল হ’ল বহু পৰীক্ষা ৷ এই পৰিস্থিতিত শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা জনালে চিবিএছইয়ে৷ ইয়াকে হাথিয়াৰ কৰি পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হ’ল ধর্মনিৰপেক্ষতা (Secularism), দেশৰ যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), ভাৰতৰ খাদ্য নিৰাপত্তা (Food Security), নাগৰিকত্ব (Citizenship)ৰ দৰে গুৰুত্বপূর্ণ অধ্যায়। ইয়াকে লৈ এতিয়া পানী ঘোলা কৰিছে বিভিন্ন মহলে৷ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পাছত ৰাজনৈতিক উদ্দেশ্যে নিহিত আছে বুলি চৰ্চা হৈছে৷ কিন্তু এই সকলো অভিযোগ খণ্ডন কৰিছে চিবিএছইয়ে৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে দেশৰ শিক্ষানুষ্ঠানবোৰ মাৰ্চ মাহৰ পৰা তলা লাগি আছে৷ ছাত্ৰ-ছাত্ৰীৰ কথাৰ প্ৰতি গুৰুত্ব দি চিবিএছইয়ে জনাইছিল যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰম কিছু হ্ৰাস কৰা হ’ব৷ বুধবাৰে সেই মতেই ২০২০-২০২১ শিক্ষাবর্যৰ বাবে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ নতুন পাঠ্যক্ৰম প্ৰকাশ কৰে৷ একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা সম্পূৰ্ণ বাদ দিয়া হ’ল যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), নাগৰিকত্ব (Citizenship), জাতীয়তাবাদ (Nationalism) আৰু ধর্মনিৰপেক্ষতা (Secularism)। ইয়াৰ লগতে স্থানীয় প্ৰশাসন সংক্ৰান্তীয় অধ্যায়ৰ দুটা অংশ বাদ দিয়া হৈছে৷ সেয়া হ’ল ‘কেনেকুৱা স্থানীয় প্রশাসনৰ প্ৰয়োজন?’ আৰু ‘ভাৰতৰ স্থানীয় প্রশাসনৰ অগ্রগতি’৷ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা বাদ দিয়া হৈছে ‘সমসাময়িক বিশ্বৰ নিৰাপত্তা’, ‘পৰিৱেশ আৰু প্রাকৃতিক সম্পদ’ আৰু ‘ভাৰতৰ সামাজিক আৰু নতুন সামাজিক আন্দোলন।’ নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে গণতান্ত্রিক অধিকাৰ (Democratic Rights) অধ্যায়টো। অর্থনীতিৰ পৰা বাদ পৰিছে একাধিক গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ ভিতৰত আছে পৰিকল্পনা উন্নয়ন’ (Planned Development), ‘ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ ধাৰা সলনি’, ‘প্লেনিং কমিচন আৰু পঞ্চবার্ষিকী পৰিকল্পনা’ (Planning Commission and Five years plan), বাংলাদেশ, পাকিস্তান, শ্রীলংকা, নেপাল, ম্যানমাৰৰ দৰে প্রতিৱেশী দেশবোৰৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্কও। আনকি ‘গণতন্ত্র আৰু বৈচিত্র্য’, ‘জাতি-ধর্ম-লিংগ’ শীর্ষক অধ্যায়টোও পাঠ্যক্ৰমৰ পৰা বাদ দিছে। লগতে বাদ পৰিছে খাদ্য সুৰক্ষা (Food Security) অধ্যায়টোও। চিবিএছইৰ এই সিদ্ধান্তক লৈ দেশত বিতৰ্ক আৰম্ভ হৈছে৷ সমালোচকসকলৰ দাবী, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে৷ বিজেপি তথা সংঘ পৰিয়ালৰ মতাদৰ্শ বিৰোধী অধ্যায়বোৰত কেঁচি চলোৱা হৈছে৷ এনে পৰিস্থিতিত চিবিএছইয়ে কয়, ইয়াৰ পাছত ৰাজনৈতিক উদ্দেশ্য নাই৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই কেৱল ২০২০-২১ শিক্ষাবর্ষত কাৰ্যকৰী কৰা হ’ব ৷












