Home Blog Page 3268

অশান্তজৰ্জৰ গেলেকী সীমান্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়ৰঃঅসমৰ ভূমিত নগা আৰক্ষীৰ তহল দূৰ্ভাগ্যজনক ।

অশান্তজৰ্জৰ গেলেকী সীমান্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়ৰ ।

 নাজিৰা :

সীমান্তবৰ্তী গেলেকী শিঙিবিল অঞ্চল আজি পৰিদৰ্শন কৰে ৰাজ্যিক বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।বিৰোধী দলপতিগৰাকীয়ে সীমান্ত অঞ্চলটোৰ যি স্হানত অসমৰ ভূমিত নগাই গূহ নিৰ্মাণ কৰিছিল তাত  উপস্হিত হৈ পৰিস্হিতিৰ বুজ লয় আৰু অসমৰ ৰাজহ ভূমিত বিগত সপ্তাহত চলোৱা আগ্ৰাসন আৰু তাণ্ডৱ দেখি হতবাক হৈ পৰে।উল্লেখ্য যে যোৱা ৯জুনত নগালেণ্ডৰ ইয়ংলক বস্তিৰ একাংশ নগা দূৰ্বত্তই সীমান্ত অঞ্চলটোৰ অসমৰ ৰাজহ ভূমি বেদখল কৰি বাঁহৰ গেট দি অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে নগাৰ গেট ভাঙি দিয়াৰ পাছত নাগালেণ্ড প্ৰশাসনৰসহযোগত নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ বূহৎ ভূমি বেদখল কৰি চাৰিটাকৈ গূহ আৰু এটা নগা আৰক্ষীৰ বাংকাৰ নিৰ্মাণ কৰে।১০জুনত শিৱসাগৰ জিলা প্ৰশাসন আৰু নিৰপেক্ষ বাহিনীয়ে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা গৃহ ভাঙি উচ্ছেদ কৰাৰ লগতে নগাবাহিনীক খেদি পঠাইছিল।বিৰোধী দলপতি তথা স্হানীয় বিধায়ক দেৱব্ৰত শইকীয়াই ঘটনা স্হলীত উপস্হিত হৈ নগাৰ অসমৰ ভূমিত আগ্ৰাসনৰ বুজ লোৱাৰ লগতে নগাৰ অসমৰ ভূমি দখল কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে ভবিষ্যতে এনে কাৰ্য সংঘটিত নহয় তাৰবাবে অসম চৰকাৰক অনুৰোধ জনাই।আনহাতে বিধায়কজনে নগাৰ বিৰুদ্ধে সফল অভিযান চলোৱা শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনক আদৰণি জনাইছে।সীমান্ত অঞ্চলটো পৰিদৰ্শনকালত বিৰোধী দলপতি গৰাকীয়ে কয় যে চলিত জুন মাহৰ আৰম্ভণি ৰ পৰাই অসমৰ এই ৰাজহ ভূমিত নগালেণ্ড আৰক্ষীয়ে নিৰাপত্তা দিয়াটো বা তহল দিয়াটো অতি দূৰ্ভাগ্যজনক আৰু অশোভনীয়।যিহেতু সীমান্তৰ এই অঞ্চলটো নিৰাপত্তা বা তহল বাবে শিঙিবিল, মুগাপাৰা, বৰহোলা, সোণাপুৰ আৰু চৰাইসজীয়াত পাঁচ টাকৈ অসম আৰক্ষী বেটেলিয়েনৰ চাউনি আছে।এইক্ষেত্ৰ তেখেতে অসম চৰকাৰক নাগালেণ্ড চৰকাৰক নাগালেণ্ড আৰক্ষীক নিজৰ ৰাজ্যৰ ভূমিত নিৰাপত্তা বা তহল দিয়াত বাধা দিবৰ বাবে বাধ্য কৰাবলৈ আহ্বান জনায়।বিধায়ক গৰাকীয়ে আৰু কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বি জে পি চৰকাৰ, সেয়েহে ৰাজ্য শাসনাধিষ্ঠিত মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগালেণ্ড চৰকাৰৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি সীমান্তত চলি থকা ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত তাণ্ডৱকে আদি কৰি নাগালেণ্ড ৰ দিশৰ পৰা দেখা দিয়া সমস্যা সমূহ সমাধান কৰি সীমান্তবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

মঙলদৈত বিজেপি নেতা কৰ্মীৰ মহাভৈৰৱ যজ্ঞ। কৰণা মহামাৰী আৰু ৰাজ্যৰ সেনাপতিৰ আৰোগ্য কামনা।

মঙলদৈত বিজেপি নেতা কৰ্মীৰ মহাভৈৰৱ যজ্ঞ।

মঙলদৈঃ

ৰাজ্যত ক্ৰমাগতভাৱে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে মঙলবাৰে মঙলদৈত অনুস্হিত হল মহাভৈৰৱ যজ্ঞ। ৰাজ্যত কৰণাৰ পৰা নিৰাময় আৰু স্বাস্হ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাৰ আৰগ্য কামনাৰে অনুসুচীত জাতি পৰিষদৰ সভাপতি তথা বিজেপি নেতা পিংকুমনি দাসৰ উদ্যোগত ৫ জনকৈ পুৰুহিতে ১০১ টাকৈ আহুতি প্ৰদান কৰে। আহুতি প্ৰদানৰ উপৰিও সন্ধিয়ালৈ পশ্চিম মঙলদৈত ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰো দিহা কৰে তেওঁলোকে। স্বাভাৱিকতে একাংশ বৈজ্ঞানিকে দিনে ৰাতি একাকাৰ কৰি কৰ’ণা ভেকচিনৰ গৱেষণাত ব্যস্ত থকাৰ সময়তে পৰম্পৰাগতভাৱে বিজেপি নেতা কৰ্মীয়ে মহাভৈৰৱ যজ্ঞ অনুস্হিত কৰাটো তাৎপৰ্যপূৰ্ণ। যজ্ঞত ১০১ টা আহুতি প্ৰদান কৰি যজ্ঞত উপস্থিত সকলোৱে কৰ’না নিৰাময়ৰ লগতে কৰ’না যোদ্ধাৰ প্ৰধান সেনাপতি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰে৷

কাৰ সাহসৰ বলত বলিয়ান বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা ? ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কবলৈ কোনে দিলে ঠিকা ? এ জে আকন্দৰ দাবী : সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়ক ।

নগাঁও : ” অসমত ভিতৰত বৰ্তমানৰ আটাইতকৈ কলংকৃত আৰু অভদ্ৰ লোকজন হ’ল ইছলাম ধৰ্মৰ ওপৰত লিখা বহু বিতৰ্কিত লিখক সত্যৰঞ্জন বৰা। তেওঁক আজি লৈকে গ্ৰেপ্তাৰ নকৰাটো এক অসম তথা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। “- এই মন্তব্য আৰ টি আই কৰ্মী তথা সমাজ সচেতন যুৱক এ জে আকন্দৰ। আজি এক প্ৰেছ বিবৃতিযোগে এ জে আকন্দ‌ই কয়, সমগ্ৰ মুছলমান জাতি আৰু ইছলাম ধৰ্মৰ ওপৰত কৰা বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য‌ৰ জৰিয়তে সত্যৰঞ্জনে অসমত অশান্তিৰ বীজ ৰোপণ কৰিব বিচাৰিছে। তেওঁৰ বহু বিতৰ্কিত আৰু উচটনিমুলক বক্তব্য সমুহ আচলতে মুছলমান সমাজৰ মাজত উত্তেজনা সৃষ্টি কৰি আহিছে যদিও এতিয়ালৈকে এই জাতিটোৱে কোনো অশান্তিৰ সৃষ্টি নকৰি শান্তিপ্ৰিয় জাতি হিচাপে পৰিচয় দাঙি ধৰাৰ লগতে ইছলামৰ প্ৰকৃত অৰ্থ যে শান্তি তাৰ পৰিচয়ো দাঙি ধৰিবলৈ সক্ষম হৈছে। ইছলামৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানৰ বাণী টানি আনি “ইছলাম চৰিত্ৰহীন আৰু মুছলমান সকলে চৰিত্ৰহীনতাৰ পৰিচয় দাঙি ধৰিছে” বুলি কেতবোৰ অদ্ভুত আৰু মনেসজা বক্তব্য প্ৰদান কৰি সত্যৰঞ্জন বৰাই সমগ্ৰ মুছলমান জাতিটোক অপমান কৰিছে বুলি আকন্দ‌ই মন্তব্য কৰে। যুগ যুগ ধৰি হিন্দু-মুছলমানে মিলাপ্ৰীতিৰে বসবাস কৰি থকা শংকৰ- আজানৰ দেশ অসমখনত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আহিছে এইজন কলংকৃত লোকে। সত্যৰঞ্জন বৰা নিজেই এজন চৰিত্ৰহীন ব্যক্তি বুলি আখ্যা দি আকন্দ‌ই কয়, পৱিত্ৰ কোৰানৰ ‘ক’টো নজনা এইজন পাৱতগজা লেখকে এতিয়া ইছলাম ধৰ্ম আৰু মুছলমানক কঠোৰ সমালোচনাৰ টাৰ্গেট কৰি নিজে সস্তীয়া জনপ্ৰিয়তা লাভৰ লগতে হিৰু হ’ব বিচাৰিছে। কোনো ধৰ্ম গ্ৰন্থ‌ই হত্যা, হিংসা, অশান্তি, বিদ্বেষ, সংঘাত আদিকে ধৰি কোনো অপৰাজনিত ঘটনাক সমৰ্থন নকৰে বুলি বিশ্বৰ বহু গুণী জ্ঞানী তথা ধৰ্ম গুৰুৱে কৈ আহিছে যদিও এইজন মহাপুৰুষ আকৌ কৰ পৰা আৱিৰ্ভাৱ হ’ল বুলি আকন্দ‌ই আচৰ্য প্ৰকাশ কৰে। আচলতে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণ অসমীয়া জাতিটোৰ ভাবে এজন কলংকৃত ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰা সত্যৰঞ্জন বৰাক অসমীয়া সমাজখনে সামাজিক ভাবে বৰ্জন কৰা উচিত। যি সময়ত সমগ্ৰ বিশ্বজুৰি অতিমাৰী ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছে ভয়াবহ ৰূপ লৈছে, সেই সময়ত মাদ্ৰাছাৰ মৌলবী সকলে অসমত কৰোণা আনিছে বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাৰ যে কৰোণাৰ ওপৰত কোনো জ্ঞান নাই, তাৰ পৰিচয় দাঙি ধৰিছে। আন এটা ধৰ্মক সমালোচনা কৰা লোক কোনা কাৰণতে ভাল মানুহ হ’ব নোৱাৰে বুলি উল্লেখ কৰি আকন্দ‌ই কয়,  সত্যৰঞ্জন বৰাই ইছলাম আৰু কোৰানৰ সম্পৰ্কে জানিবলৈ হলে সাহস আছে যদি মুকলি বিতৰ্কলৈ আহক। এনে এজন সাম্প্ৰদায়িক তথা তথাকথিত বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ এ জে আকন্দ‌ই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনায়। এ জে আকন্দ‌ই অভিযোগ কৰে কাৰ সাহসত বলিয়ান হৈ এজন ভৰিৰ তলত মাটি নথকা লোকে এটা ধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পালে ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উঠিছে। অতি আচৰ্যজনক বিষয় এই যে সাম্প্ৰদায়িক মন্তব্য কৰিলে কাকো ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বাৰম্বাৰ কৈ অহাৰ পিছতো ৰাজহুৱা স্থানত সততে এটা ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা সত্যৰঞ্জন বৰাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই তাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। যিহেতু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে কেবাটাও গোচৰ ৰুজু হৈ আছে, সেয়েহে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি সবকা সাত সবকা বিকাশৰ শ্লোগান আওৰোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ধৰ্মনিৰপেক্ষৰ পৰিচয় দাঙি ধৰি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰক। অন্যথা তেওঁৰ বক্তব্যৰ দ্বাৰা যদি অসমত অশান্তিৰ সৃষ্টি হয়, তেন্তে দায়ী হ’ব চৰকাৰ।

খণ্ড-৪ : নতুনৰ চিন্তাৰে এক যাত্ৰা ।

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ

✍ মনজিৎ কুমাৰ শৰ্মা

নব্বৈৰ দশকত অসমৰ সামাজিক ৰাজনৈতিক ক্ষেত্ৰখন বৰ অস্থিৰ হৈ পৰিছিল। এফালে ৮৫ৰ পিছৰে পৰাই ক্ৰমাৎ শক্তিশালী হৈ উঠা বিছিন্নতাবাদ, সন্ত্ৰাসবাদে ভয় ভীতিৰ পৰিৱেশ ৰচনা কৰাৰ অনুপাতে আনহাতেদি সেনা তথা সুৰক্ষা বাহিনীৰ সন্ত্ৰাস দমন অভিযান, দেশৰ অৰ্থব্যৱস্থাৰ শোচনীয় ৰূপ আৰু বিভিন্ন আনুষংগিক সমস্যাই সমাজ জীৱন ভাৰাক্ৰান্ত কৰি তুলিছিল। সেই সময়তেই অসমৰ ছপা সংবাদ মাধ‌্যমৰ জগত খনলৈকো যেন হঠাতে বহু পৰিৱৰ্তন নামি আহিল। বিশেষ কেইখনমান কাকতে প্ৰায়েই বিচ্ছিন্নতাবাদী চিন্তা ধাৰাক উদগণি যোগাব পৰাকৈ উগ্ৰ জাতীয়তাবাদ যুক্ত প্ৰৱণতাৰে সংবাদ প্ৰচাৰ তথা ব্যৱস্থাৰ উগ্ৰ বিৰোধী চৰিত্ৰৰে অসমীয়া সাংবাদিকতাৰ এক নতুন ধাৰাৰ আৰম্ভণি ঘটালে। The Assam Tribune গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত কাকত কেইখনক বাদ দি আন প্ৰায়বোৰ সংবাদ পত্ৰতেই কম বেছি পৰিমাণে প্ৰায় একেই ধাৰাৰ অনুকৰণ ঘটিল। ‘৯০ চনৰ শেষৰ ফালে যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল পদবীৰ পৰা বিদায় লৈ আহি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক বিধ্বস্ত অৱস্থাৰ পৰা পুণৰোদ্ধাৰ কৰি বিচ্ছিন্নতাবাদী শক্তিসমূহৰ বিৰুদ্ধে ৰাজপথৰ পৰাই প্ৰতিবাদী যুঁজ আৰম্ভ কৰিছিল, একেই সময়তে গুৱাহাটীৰ এক সংবাদ গোষ্ঠীয়ে সেই সময়ৰ (৯১ চনত) নৱ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰ খনৰ বিৰুদ্ধে যেন একপ্ৰকাৰ অলিখিত জিহাদেই ঘোষণা কৰিছিল। সন্ত্ৰাসবাদ দমনৰ নামত ৰাজ্যত আৰম্ভ হোৱা সেনা অভিযান আৰু সেই অভিযান সমুহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা প্ৰৱাহৰ বাতৰি প্ৰচাৰৰ আলমত আওপকীয়াকৈ বিচ্ছিন্নতাবাদীয়ে জনতাক দেখুৱাবলৈ যত্ন কৰা স্বাধীন অসমৰ স্বপ্নকেই প্ৰতিফলিত কৰাৰ প্ৰৱণতাই গা কৰি উঠিছিল। এনেধৰণৰ চিন্তা চৰ্চাবোৰ লাহে লাহে সৰ্বত্ৰে বিয়পি পৰিছিল। গুৱাহাটী প্ৰেছ ক্লাৱতো লাহে লাহে এনেধৰণৰ চিন্তা চৰ্চাবোৰৰ আমদানিৰ পৰিৱেশ ৰচনা কৰিবলৈ বিচৰা হৈছিল। ইয়াৰোপৰি, আৱেলি পৰৰ পৰাই নিজান হৈ পৰা গোপীনাথ বৰদলৈ পথৰ দাতিত অৱস্থিত প্ৰেছ ক্লাৱৰ চৌহদ সন্ধিয়ালৈ মদৰ আড্ডালৈ পৰ্যবসিত হ’বলৈ আৰম্ভ হোৱা বুলিও সেই সময়ত বহুতেই আক্ষেপ কৰাৰ কথাও মানুহৰ কাণত পৰিছিল। নব্বৈৰ দশকৰ তেনেকুৱা এক জটিল সন্ধিক্ষণতেই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে অভিযান্ত্ৰিক স্নাতক হৈ ওলাই আহিছিল নামনি অসমৰ টিহু’ৰ ফালৰ এজন যুৱক। চেষ্টা কৰা হলে অভিযন্তা হিচাবে কোনোবা চৰকাৰী বিভাগ নাইবা কোনোবা দেশী বিদেশী কোম্পানীৰ লোভনীয় চাকৰিত যোগদান কৰি তেওঁ হয়তো সহজেই নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ল’ব পাৰিলে হয়। কিন্তু সাংবাদিকতা বৃত্তিৰ প্ৰেমত পৰি তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিলে এগৰাকী স্বতন্ত্ৰ সাংবাদিক ৰূপে। এইখিনিতেই মনত পৰে বিখ্যাত আমেৰিকান সাংবাদিক তথা লেখক নৰ্মান কিংশ্লে মেইলাৰলৈ। ১৯৪৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক হৈ ওলাই অহাৰ পাছতেই তেওঁ ইচ্ছা নোহোৱা স্বত্ত্বেও আমেৰিকান সেনা বাহিনীত ভৰ্তি হব লগীয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেই সময়ছোৱাত তেওঁ এজন সৈনিক হিচাবে দেশৰ হকে যুঁজিবলৈ ওলাই গৈছিল। নৱ ঠাকুৰীয়াৰ ক্ষেত্ৰতো যেন ঠিক তেনেকুৱাই হ’ল। অভিযন্তা হিচাবে কৰ্ম জীৱন আৰম্ভ কৰাতকৈ কলমেৰে যুঁজিবলৈহে যেন তেওঁ ওলাই আহিল। আৰু বাছি ল’লে developmental journalismৰ দৰে গঠনমূলক চিন্তাৰে সমাজৰ সমস্যা আৰু সুযোগৰ প্ৰচাৰ কৰিব পৰা সাংবাদিকতাৰ ধাৰা। আৰম্ভ কৰিলে এক কঠিন যাত্ৰা। লাহে লাহে অসমৰ সংবাদ মাধ্যমৰ উপৰিও দেশী বিদেশী নানান কাকত আলোচনীত তেওঁৰ লেখাবোৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিলে। নব্বৈৰ দশকতে স্বতন্ত্ৰ সাংবাদিকতা (freelance journalism)ক বৃত্তি হিচাবে লৈ অসমৰ দৰে সকলো ক্ষেত্ৰতে পিছপৰা এখন ৰাজ্যত জীৱন নিৰ্বাহ কৰিবলৈ আগবঢ়াতো কিমান যে প্ৰত্যাহ্বানপূৰ্ণ আছিল। তৎস্বত্বেও নৱ ঠাকুৰীয়াই সেই সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰি আগবাঢ়িল। ২০০৩ চনত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। ইতিমধ্যেই ভালে কেইবছৰৰ পৰাই প্ৰেছ ক্লাৱলৈ সঘন আহযাহেৰে নৱ ঠাকুৰীয়া যুৱ সাংবাদিক চামৰ প্ৰিয়ভাজন হৈ উঠিছিল। সততেই প্ৰেছ ক্লাবত সময় কটোৱা ঠাকুৰীয়াক দৰকাৰ হ’লেই থাউকতে সকলোৱে পাব পৰাটোও তেওঁৰ জনপ্ৰিয়তাৰ এক মুখ্য কাৰক হৈ পৰিছিল। সেই নিৰ্বাচনত ঠাকুৰীয়াই সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি সহজ বিজয় সাব্যস্ত কৰিলে। সভাপতি নিৰ্বাচিত হ’ল অসমীয়া প্ৰতিদিন কাকত’ৰ বাৰ্তা সম্পাদক, জেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন। সাংবিধানিক ভাৱে প্ৰেছ ক্লাবৰ পৰিচালনা সমিটিৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাত নৱ ঠাকুৰীয়াৰ বাবে বহু গঠনমূলক চিন্তাক বাস্তৱ ৰূপ দিয়াটো সহজ হৈ পৰিল। এনেদৰে খুউব কম সময়ৰ ভিতৰতেই নব্বৈৰ দশকৰ গুৱাহাটী প্ৰেছ ক্লাবৰ পুৰণি অৱয়ব দ্ৰুত গতিত সলনি হবলৈ ধৰিলে। ঠাকুৰীয়াৰ উদ্যোগত ভালেমান কাম প্ৰেছ ক্লাবৰ নৈমিত্তিক কৰ্মসূচীৰ অন্তৰ্গত সম্পন্ন হ’বলৈ ধৰিলে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা। কোনোধৰণৰ বিচ্ছিন্নতাবাদী চিন্তাধাৰাই যাতে প্ৰেছ ক্লাবৰ চৌহদত কোনো কালেই স্থান নাপায়, তাৰ বাবে নৱ ঠাকুৰীয়াৰ উদ্যোগত আৰু সেই সময়ৰ আন বিষয়ববীয়া সকলৰ যথোচিত সহযোগত ৰাষ্ট্ৰপ্ৰেমমূলক চিন্তা চৰ্চাৰ উত্তৰণ ঘটিল। সমাজৰ বহু ব্যক্তিও এই প্ৰচেষ্টাৰ সহযোগী হৈ পৰিল। এটা সময়ত উগ্ৰপন্থী সংগঠনৰ আহ্বানত এই দুই মহত্বপূৰ্ণ দিৱসক বৰ্জন কৰাৰ যি এক ধাৰা ৰাজ্যত প্ৰচলিত হৈছিল, সেই ধাৰাৰ যৱনিকা পেলাই গুৱাহাটী প্ৰেছ ক্লাৱক ৰাষ্ট্ৰ নিৰ্মানৰ চিন্তা থলীলৈ ৰূপান্তৰিত কৰাত নৱ ঠাকুৰীয়াৰ অৱদান উল্লেখযোগ্য। এই ক্ষেত্ৰত প্ৰেছ ক্লাবৰ পূৰ্বৰ পৰম্পৰাক সৱলীকৰণ কৰাত তেওঁ সম্পূৰ্ণ সফল হ’ল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টাত সহযোগ কৰা আন সদস্য সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক আওকাণ কৰাতো উচিত নহ’ব। সেই সকলৰ মাজত স্বৰ্গীয় হিতেন মহন্ত, ৰূপম বৰুৱা, ৰণেন গোস্বামী ইত্যাদি ব্যক্তিক আমি নিজে দেখা পাইছিলো। ইয়াৰোপৰি প্ৰেছ ক্লাৱ চৌহদত সাংবাদিক সদস্য সকলৰ সুবিধাৰ্থে কম্পিউটাৰ কেন্দ্ৰ স্থাপন, নিয়মিত ভাৱে সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন, মিডিয়া ফেলোশ্বিপৰ দ্বাৰা সাংবাদিকৰ বাবে গৱেষণামুলক কাম-কাজৰ ব্যৱস্থা, নিয়মিতভাৱে Guest of the Month, Meet the Press আদিৰ দৰে অনুষ্ঠানৰ আয়োজন ইত্যাদি নৱ ঠাকুৰীয়াৰ কাৰ্য্যকালত ৰূপায়ণ হ’বলৈ আৰম্ভ কৰা উল্লেখযোগ্য প্ৰচেষ্টা সমূহৰ অন্যতম।

ক্ৰমশঃ

লাডাখত চীনৰ সৈতে সংঘৰ্ষত ৩ ভাৰতীয় সেনা শ্বহীদ ।

লাডাখত চীনৰ সৈতে সংঘৰ্ষত ৩ ভাৰতীয় সেনা শ্বহীদ ।

লাডাখৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখাত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ চলি আছে৷ সোমবাৰে নিশা গলৱান উপত্যকাত চীন সেনাৰ গুলীত ভাৰতীয় সেনাৰ এজন কৰ্ণেল আৰু দুজন জোৱান নিহত হয়৷ উল্লেখ্য যে কিছুদিনৰ আগতে দুয়োপক্ষৰ ব্রিগেডিয়াৰ পর্যায়ৰ বৈঠক আৰম্ভ হৈছিল৷ তাৰ পাছতে এই সংঘৰ্ষ হয়৷ মঙলবাৰে দুপৰীয়া এক বিবৃতিত ভাৰতীয় সেনাই জনায় যে গলৱান উপত্যকাত উত্তেজনা প্ৰশমন প্ৰক্ৰিয়া চলি থকা সময়তে নিশা সংঘৰ্ষ আৰু মৃত্যুৰ ঘটনা ঘটে৷ ভাৰতীয় সেনাৰ বিষয়া আৰু দুজন জোৱান মৃত্যু হৈছে৷ দুয়োপক্ষৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ সভা কৰিছে৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা লগতে জনায় যে চীন সেনাৰ গুলীত তিনিজন ভাৰতীয় সেনাৰ মৃত্যু হয়৷ দুয়ো দেশৰ মুখামুখি সংঘৰ্ষত শ্বহীদ হয় এজন কৰ্ণেল আৰু দুজন জোৱানৰ৷ আনহাতে বেইজিঙে দাবী কৰে যে ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতক এক পদক্ষেপ নল’বলৈ কৈছে৷

কঠিয়াতলীত অৰ্ধউলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ।

নগাঁও :

কঠিয়াতলি বজাৰৰ মাজমজিয়াত আজি পূৱাভাগত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বজাৰখনৰ মাজত থকা এটি জিৰণিচৰাত অৰ্ধউলংগ অৱস্থাত এটি মৃতদেহ উদ্ধাৰৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে আজি পুৱা স্থানীয় ব্যৱসায়ী সকলে বজাৰ মুকলি কৰিবলৈ আহি জিৰণিচ’ৰাত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্হলীত আৰক্ষী উপস্থিত হয় অৰ্ধউলংগ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কঠিয়াতলি চহৰ অঞ্চলত ঘূৰি ফুৰা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ সময়ত দেহৰ কাপোৰ খোলা অৱস্থাত দেখা গৈছিল। সেয়ে স্থানীয় লোকে কোনো দুষ্ট চক্ৰই অপকৰ্ম কৰি মহিলাগৰাকীক হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

নগাঁৱত গৃহস্থৰ বিনা অনুমতিত দুস্কৃতিকাৰীৰে কাটিলে ম্যাদী পট্টাৰ কদম ।

নগাঁৱত গৃহস্থৰ বিনা অনুমতিত দুস্কৃতিকাৰীৰে কাটিলে ম্যাদী পট্টাৰ কদম ।

নগাঁও, ননৈ :

নগাঁও জিলাত ক্ৰমাত বৃদ্ধি পাইছে একাংশ দুস্কৃতিকাৰীৰ অবাধ বন ধংস যজ্ঞ ৷ পাহাৰ-চৰকাৰী মাটিত থকা মূল্যবান গছ বন কাটি তহিলং কৰি অহাৰ পিছত দুস্কৃতিকাৰীৰ শেনচকু পৰিছে এতিয়া ম্যাদী পট্টাৰ মাটিত থকা একাংশ গৃহস্থৰ মূল্যবান গছ-বনত৷ কালি তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ টাউন মৰিকলং নিৱাসী দ্বীপেন শইকীয়া আৰু তেওঁৰ মাতৃ তথা ভাতৃ সকলৰ টাউন মৌজাৰ অন্তৰ্গত মৰিকলং বাহবাৰীস্থিত তেওঁৰ ম্যাদী পট্টাৰ মাটিৰ পৰা ৬ ডালকৈ মূল্যবান কদম গছ মাটিৰ গৰাকীৰ বিনা অনুমতি কাটি নিয়াৰ চেষ্টা চলাওঁতেই একাংশ স্থানীয় লোকৰ তৎপৰতা দুস্কৃতিকাৰী কেইজনক হাতে লুতে ধৰিবলৈ সক্ষম হয় গছৰ গৰাকীয়ে৷ জানিব পৰা মতে,সপ্তাহ দিয়েক পূৰ্বে চহৰৰ পাৰ্শ্ব্ৱ্তী মহখুলী অঞ্চলৰ গছ ব্যৱসায়ীৰ লগত জড়িত ছহীদ ওৰফে মুঞ্চি নামৰ লোক জনক গছ ব্যৱসায়ীৰ লগত জড়িত চহৰৰ টংকেশ্বৰ শইকীয়াই গছ সমূহ দেখুৱাই আনি গৰাকীৰ বিনা অনুমতিত কোনো বন্দোবস্তি তথা দৰদাম ঠিক নকৰাকৈ ৬ ডালকৈ কদম গছ কাটি তহিলং কৰে৷ নিজৰ বাৰীত অজ্ঞাত লোকে গছ কটাৰ তথ্য লাভ কৰি গছৰ গৰাকীয়ে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হৈ গছ কাটি থকা লোক কেইজনৰ লগতে গছ কটা সামগ্ৰী সমূহ কৰায়ত্ত কৰি মৰিকলং আৰক্ষী চকীত চনজাই দিয়ে ৷ অৱশ্যে পিছত আৰক্ষীৰ সহযোগত গছৰ গৰাকীক বিনা অনুমতিত ৬ ডালকৈ কদম গছ কটাৰ বিনিময়ত উচিত ক্ষতিপূৰণ দিয়ে আৰু কোনো দিনে এনেধৰণৰ বে-আইনী কামত জড়িত নোহোবাৰ প্ৰতিশ্ৰুতি দিয়াত সন্ধিয়া আৰক্ষীয়ে লোক কেইজনক মুকলি কৰি দিয়ে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গছ ব্যৱসাৰৰ লগত জড়িত লোক কেইজনৰ গছ কটাৰ কোনো চৰকাৰী অনুজ্ঞাপত্ৰ নথকাত মৰিকলং আৰক্ষীয়ে তেওঁলোকে গছ কটাৰ সময়ত ব্যৱহাৰ কৰা অত্যাধুনিক কৰত, মেচিন আদি সামগ্ৰী সমূহ জব্দ কৰি থয়৷

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

সোণতলী :

মহামাৰী কৰোণাৰ আতংকৰ  মাজতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনাবলৈ পাহৰা ৰাজ্যবাসীয়ে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সোমবাৰে অভিনন্দন জনালে গৰৈমাৰীস্থিত আইডিয়েল একাডেমিয়ে৷ উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আইডিয়েল একাডেমি, গৰৈমাৰীৰ পৰা সৰ্বমুঠ ২৮ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷  তাৰে এজনে ষ্টাৰ নম্বৰ লাভ কৰাৰ বিপৰিতে ৬ জনে প্ৰথম বিভাগত, ১৫ জন দ্বিতীয় বিভাগত আৰু ৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়৷ স্মৰ্তব্য যে, একাডেমিখনৰ অধ্যক্ষ ছামচুল হকৰ পৌৰহিত্যত সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সকলক সম্বৰ্ধনা জনোৱাৰ বিপৰিতে লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ ফালৰ পৰা গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখযোগ্য যে, অনুষ্টপীয়াকৈ অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সম্পাদক আমিন জাহিদুল আলম, উপ-সভাপতি আবুল হুছেইন, সহ সম্পাদক মস্তফা হুছেইনকে প্ৰমুখ্য কৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

নলবাৰীত ড্ৰাগছ ব্যৱসায়ী আটক ।

নলবাৰী :

নলবাৰীত জব্দ হ’ল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট।  নলবাৰীত আৰক্ষীৰ অভিযানত ধৰা পৰিল ড্ৰাগচৰ ব্যৱসায়ী। ড্ৰাগচ সৰবৰাহত ব্যৱহৃত  গাড়ী সহঃ  নিচাযুক্ত  টেবলেট জব্দ । জব্দ  কৰা  গাড়ী  খনৰ নম্বৰ  হল  AS 28 6202 ।  কামাল আলি নামৰ  এজন গাড়ী চালকক আটক কৰা হয়। গাড়ী চালক কামাল আলিয়ে দীৰ্ঘ দিন ধৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত  ড্ৰাগচৰ  ব্যৱসায় কৰি অহাৰ অভিযোগ  উত্থাপন হৈছে। শ্বহীদ  মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত নিচাযুক্ত টেবলেট  বিক্ৰী কৰি  পৰিবেশ বিনষ্ট  কৰিছিল কামাল আলিয়ে। আৰু   অবশেষত নলবাৰী আৰক্ষীৰ বিশেষ অভিযানত ধৰা পৰিল কামাল আলি।  আটকাধীন কামাল আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত  আৰক্ষীয়ে পুনৰ  অভিযান চলাই  মোল্লাপাৰাৰ পৰা জব্দ  কৰে বহু পৰিমাণৰ নিচাযুক্ত  টেবলেট। মোল্লাপাৰাৰ ইক্ৰাম আলিৰ ঘৰৰ পৰা এইদৰে জব্দ  কৰা হয়  এক কাৰ্টন নিচাযুক্ত টেবলেট ।দীৰ্ঘ দিন ধৰি ড্ৰাগচৰ বেহাত জড়িত থকা ইক্ৰাম  আলিয়ে সমগ্ৰ  নলবাৰীতে  নিচাযুক্ত  টেবলেট  মেলি দি ৰমৰমীয়া  ব্যৱসায়  চলাই থকাৰ  অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি ইক্ৰাম  আলি  পলাতক । ইক্ৰাম আলিক গ্ৰেপ্তাৰ  কৰিবলৈ আৰক্ষীৰ  মাৰাথান অভিযান  অব্যাহত  আছে  বুলি জানিব পৰা গৈছে।

কলিয়াবৰৰ বিদ‍্যালয়সমূহত বিষয় শিক্ষক, সহকাৰী শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰী অভিভাৱকক ।

কলিয়াবৰৰ বিদ‍্যালয়সমূহৰ বিদ‍্যায়তনিক অভাৱ পূৰণৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে।

কলিয়াবৰ : কলিয়াবৰৰ উচ্চতৰ মাধ‍্যমিক আৰু উচ্চ মাধ‍্যমিক বিদ‍্যালয়সমূহত খালী হৈ থকা শিক্ষক তথা কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে। কলিয়াবৰৰ বিভিন্ন উচ্চতৰ মাধ‍্যমিক আৰু উচ্চ মাধ‍্যমিক বিদ‍্যালয়সমূহত বছৰ-বছৰ ধৰি প্ৰায়বোৰ বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকৰ নিযুক্তিৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ‍্যত জীৱনৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়সমূহত বিষয় শিক্ষকৰ অভাৱত বহু বিষয়ৰ পাঠ‍্যক্ৰম বন্ধ হোৱাৰ উপক্ৰম হৈছে। বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকসকলে অৱসৰ লোৱাৰ পিছত সেই পদসমূহ বছৰ-বছৰ ধৰি পূৰণ নোহোৱাকৈ থকাৰ ফলত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাট, জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়, হাটবৰ, কুঠৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, আমবাগান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয় আদি বহুকেইখন বিদ‍্যালয়ত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ নোহোৱাত ছাত্ৰ-ছাত্ৰীয়ে বাৰুকৈয়ে ভূগিছে। জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ বাণিজ‍্য শাখাটো শিক্ষকৰ অভাৱত বন্ধ হ’ল। জানিব পৰা মতে,  কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়,  হাটবৰৰ উচ্চতৰ শাখাত বিষয় শিক্ষক এই বৰ্ষটোত দুগৰাকীহে ৰ’বগৈ। তদুপৰি, কাৰ্য‍্যালয় সহায়ক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱৰ ফলত কাৰ্য‍্যালয়ৰ কামো শিক্ষকসকলে কৰিব লগাত পৰিছে। আনকি দুই-এখন বিদ‍্যালয়ৰ বে’ল বজাবলৈও কৰ্মচাৰী নাই। তেনেস্থলত পূৰ্বৰ ঈৰ্ষণীয়ভাৱে ফলাফলৰ ক্ষেত্ৰত আগবাঢ়ি থকা চৰকাৰী বিদ‍্যালয়সমূহত এতি ছাত্ৰ-ছাত্ৰী নাই। শিক্ষকৰ অভাৱত থকা বিদ‍্যালয়ৰ পৰা নিশ্চয়কৈ ১০০% ফলাফল আশা কৰাতো একেবাৰে গ্ৰহণযোগ‍্য নহয়। সেয়ে, ছাত্ৰ জীৱনৰ এই মূল সময়ছোৱাত শিক্ষকৰ অভাৱত যাতে প্ৰয়োজনীয় শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয় তাৰ বাবে অতি ক্ষীপ্ৰতাৰে অসম চৰকাৰৰ শিক্ষা বিভাগক খালী হৈ থকা শিক্ষকৰ পদসমূহৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ অনতি পলমে পূৰণ কৰিবলৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দাবী জনাই। শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰি বিষয়টো ক্ষীপ্ৰতাৰে নিস্পত্তি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। উলেখযোগ‍্য যে, কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ত ইংৰাজী , ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, অসমীয়া বিষয়ৰ বিষয় শিক্ষকৰ পদ খালী। লগতে খালী আছে ৪ টা সহকাৰী শিক্ষক তথা ৪ৰ্থ কৰ্মচাৰী‌ৰ পদ। জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ শিক্ষা, অৰ্থনীতি বিজ্ঞান, অসমীয়া, ইংৰাজীৰ বিষয় শিক্ষক, ১১ টা সহকাৰী শিক্ষক, ৩ টা কৰ্মচাৰীৰ পদ খালী। উচ্চতৰ মাধ‍্যমিক শাখাৰ একমাত্ৰ বিজ্ঞান বিভাগ থকা কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাটৰ ইংৰাজী, ভূগোল, গণিত, উদ্ভিদ বিজ্ঞান অসমীয়া বিষয়ৰ বিষয় শিক্ষক আৰু ১৪ জন সহকাৰী শিক্ষকৰ লগতে ৫ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। কুঠৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক তথা ৫ টা সহকাৰী শিক্ষকৰ পদ আৰু ২ টা কৰ্মচাৰীৰ পদ খালী। আমবাগান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত অসমীয়া, অৰ্থনীতি বিজ্ঞান, শিক্ষা বিভাগৰ বিষয় শিক্ষক আৰু ১২ টা সহকাৰী পদ তথা ২ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। তদুপৰি, কলিয়াবৰ মহকুমাৰ বহুকেইখন উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত একাধিক সহকাৰী শিক্ষক আৰু কৰ্মচাৰী পদ খালী থকাত ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিছে।