Home Blog Page 3277

মাজুলীৰ কৃতিমানক সম্বৰ্ধনা বিদ্যাৰ্থী পৰিষদৰ ।

মাজুলীৰ কৃতিমানক সম্বৰ্ধনা বিদ্যাৰ্থী পৰিষদৰ ।

উজনি-মাজুলী : যোৱা ২৫ জুনত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীৰ লগতে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র ছাত্ৰীসকলক  ঘৰে ঘৰে গৈ ৰাষ্ট্ৰবাদী ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সামাজিক দূৰত্ব অটুত ৰাখি সম্বৰ্ধনা জনাই আহিছে । বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলা সংযোজক মাধূৰ্য্য পাতিৰে জনাই যে, মহামাৰীৰূপী ক’ৰনাসৃষ্ট এই জটিল সন্ধিক্ষণত অনানুষ্ঠানিক ভাবেই মাজুলী জিলাৰ কৃতি ছাত্র ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদেশ্যৰে ঘৰে ঘৰে গৈ শুভেচ্ছা জ্ঞাপনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে । কৃৰ্তিমান সকলক দেখি উৎসাহিত হৈ ভৱিষ্যত প্ৰজন্ময়ো আৰু অধিক ভাল ফলাফল দেখুৱাব বুলি  বিদ্যাৰ্থী পৰিষদে আশা ব্যক্ত কৰিছে। এবিভিপিৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোনোৱালে মেধাৱী সকলৰ  পৰা আগন্তুক দিনত আৰু সুফল আশা কৰে । সম্বৰ্ধনা কাৰ্য্যসূচীত সহ সংযোজক মনু নেৱাৰ, লুহিত বৰুৱা, বিমল পামে, ভাৰ্গৱ বৰুৱা, প্ৰাঞ্জল শইকীয়া আদি উপস্থিত থাকে ।

কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।

বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল

কলিয়াবৰ : এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত। নগাঁও জিলাৰ কলিয়াবৰতো লুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলী অঞ্চলৰ বহুকেইখন গাঁও। গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীত এইবাৰ তাণ্ডৱ। জলমগ্ন কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল। বৰলুইতৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দুই নম্বৰ, তিনি নম্বৰ, এক নম্বৰ, সাত নম্বৰ বৰঘূলিৰ  প্ৰায় আশী শতাংশ এলেকা। বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ। নষ্ট হৈছে আহু ধান, মৰাপাট, শাক-পাচলি। মানুহ, পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিত। জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে একাংশ বানাক্ৰান্ত ৰাইজ।

বাণিজ্যত সফলতাৰে উত্তীৰ্ণ শিৱানীক সম্বৰ্ধনা প্ৰজন্ম উন্মেষৰ ।

জামুগুৰিহাট : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ মেধাৱী ছাত্ৰী শিৱানী ফুকনে বাণিজ্য বিভাগত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৮৯.৮ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ বিশ্বনাথ চাৰিআলিৰ ডেফনি জুনিয়ৰ কলেজত বাণিজ্য বিভাগত অধ্যয়নৰত শিৱানীয়ে লাভ কৰা সফলতাৰ বাবেই অসমৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষে মেধাৱী ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱণৰ উত্তৰোত্তৰ কামনা কৰি অভিনন্দন জ্ঞাপন কৰে৷ প্ৰজন্ম উন্মেষৰ মুখ্য কাৰ্যবাহী অৰূপ শইকীয়া, সমন্বয়ক উদ্দীপ্ত কাশ্যপ, কাৰ্যকৰী সদস্য মনোজ বৰা আৰু অঞ্জনজ্যোতি হাজৰিকা মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ৷ মেধাৱী ছাত্ৰীগৰাকীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইংৰাজীত ৮৪, ঐচ্ছিক ইংৰাজীত ৮৪, একাউনটেন্সিত ৯০, বিজনেজ ষ্টাডিত ৯৩, বেংকিংত ৮২, অৰ্থনীতিত ৯৮ নম্বৰ লাভ কৰে৷ শিৱানী ফুকন সঙ্গীয়া মাজৰ চুক গাঁৱৰ গোলাপ ফুকন আৰু শেৱালী ফুকনৰ একমাত্ৰ কন্যা।

ভূগোল বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ জামুগুৰিহাটৰ দিব্যাশ্ৰীৰ ।

ভূগোল বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ জামুগুৰিহাটৰ দিব্যাশ্ৰীৰ ।

জামুগুৰিহাট : জামুগুৰিহাটৰ বামুণবাৰী গাৱঁৰ ছাত্ৰী দিব্যাশ্ৰী দেৱীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়নসহ ছাত্ৰী দিব্যাশ্ৰীয়ে ইংৰাজীত ৮৮, ঐচ্ছিক বিষয়ত ৮০, ভূগোলত ৯৯, সমাজ বিজ্ঞানত ৯৫, শিক্ষাতত্বত ৯৮ আৰু ৰাজনীতি বিজ্ঞানত ৮৪ নম্বৰৰে আটাইকেইটা বিষয়ত লেটাৰসহ ৯২ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা দিব্যাশ্ৰীৰ এই সফলতাৰ বাবে বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে৷ দিব্যাশ্ৰী দেৱী বামুণবাৰী গাঁৱৰ  পদ্ম নাথ আৰু কাঞ্চন দেৱীৰ সুযোগ্যা সন্তান। 

‘ক্ৰান্তিকাল প্ৰকাশন’ আৰু ‘অকণিৰ সাহিত্য সভা’ই আয়োজন কৰা শিশু কবিতা প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি । অনলাইন কবিতা লিখা প্ৰতিযোগিতাত ১৯৭ কবিৰ ৫২২টা কবিতা ।

কলিয়াবৰ : মহাপুৰুষ শ্ৰীমাধৱদেৱ অসমীয়া শিশু সাহিত‍্যৰ প্ৰথমজন জনক বুলি সম্ভলত ক’ব পাৰি। তাৰ পাছত বিভিন্ন পৰিক্ৰমাৰ মাজেদি অসমীয়া শিশু সাহিত‍্যই এক সন্মানজনক অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সাহিত‍্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই “বুঢ়ীআইৰ সাধু”ৰে আৰম্ভ কৰা আধুনিক শিশু সাহিত্যৰ ধাৰাটোত সংযোগ হ’ল – সাহিত‍্যচাৰ্য‍্য মিত্ৰদেৱ মহন্ত, সাহিত‍্যচাৰ্য‍্য অতুল চন্দ্ৰ হাজৰিকা, এখুদ ককাইদেউ, নীলা বাইদেউ, কেশৱ মহন্ত, ভাবেন্দ্ৰ নাথ শইকীয়া, নুপুৰ মোমাইদেউ আদিকে ধৰি বহুজনে অসমীয়া শিশু সাহিত‍্যৰ ক্ষেত্ৰখনত অৰিহণা যোগাইছে। তদুপৰি সাহিত‍্য অকাডেমীৰ শিশু সাহিত‍্য বঁটা প্ৰাপক গগন চন্দ্ৰ অধিকাৰী, শান্তনু তামুলী, তোষপ্ৰভা কলিতা, বন্দিতা ফুকন, দীনেশ চন্দ্ৰ গোস্বামী, এলি আহমেদ, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, হৰেন্দ্ৰ নাথ বৰঠাকুৰ, যুগল লোচন দাস, শ্বামীম নাছৰিণে শিশু সাহিত‍্য সৃষ্টি যোগেদি তেওঁলোকৰ মেটমৰা সাহিত‍্য সম্ভাৰেৰে অসমীয়া শিশু সাহিত‍্যৰ ভঁৰাল টনকীয়াল কৰাৰ লগতে সৰ্বভাৰতীয় স্তৰতো জিলিকি উঠিছে। আন বহুজনে শিশু সাহিত‍্য চৰ্চা অব‍্যাহত ৰাখিছে। তদুপৰি কেইবাখনো অসমীয়া শিশু আলোচনীয়ে শিশুসকলক সাহিত‍্যৰ সোৱাদ দিয়াৰ চেষ্টা কৰি আহিছে। তৎস্বত্বেও শিশুসকলৰ জটিল মনোজগতৰ লগত খাপ-খোৱাই শিশু সাহিত‍্য ৰচনা কৰাতো বৰ সহজ সাধ‍্য নহয়। সেয়ে শিশু সাহিত‍্য সম্ভাৰত নতুন ৰচনা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা নাই, বৰঞ্চ লক্ষণীয়ভাবে অভাৱ ঘটিছে। সেই অভাৱ পূৰণৰ বাবে মাজে-মধ‍্যে শিশুৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰচেষ্টা অব‍্যাহত ৰাখিছে। তেনে দুটি অনুষ্ঠান হৈছে অকণিৰ সাহিত‍্য সভা‌ আৰু ক্ৰান্তিকাল প্ৰকাশন। এইবেলি লকডাউনৰ জটিল সময়ছোৱাত দুয়োটা অনুষ্ঠান লগ হৈ আয়োজন কৰিলে এক শিশু কবিতা প্ৰতিযোগিতাৰ। লকডাউনে যাতে সমাজৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ কৰিব নোৱাৰে, সেয়ে ফেচবুকৰ পৃষ্ঠাত আয়োজিত “পাঠ বা আবৃত্তি কৰিলে শুনি ভাল লগা অকণিৰ উপযোগী কবিতা”ৰ এই প্ৰতিযোগিতাত অভূতপূৰ্ব সঁহাৰি লাভ কৰে আয়োজকে। অসম তথা বহিঃ ৰাজ‍্যৰ মুঠ ১৯৭ গৰাকী কবিয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী কবিৰ কবিতাৰ সংখ‍্যা হ’ল ৫২২। এই প্ৰতিযোগিতাত গগন চন্দ্ৰ অধিকাৰী, তোষপ্ৰভা কলিতা আৰু যুগললোচন দাসেও ফেচবুক পৃষ্ঠাত কবিতা লিখি প্ৰতিযোগীসকলক উৎসাহিত কৰে। ফেচবুক পৃষ্ঠাত লাভ কৰা কবিতা প্ৰতিযোগিতাৰ অভূতপূৰ্ব সঁহাৰিত আহ্লাদিত শিশু সাহিত‍্যিক যুগললোচন দাস। ‘সোণবালি বাগিচাৰ ভূত’ শীৰ্ষক উপন্যাসৰ বাবে ২০১৮ চনত সাহিত‍্য অকাডেমীয়ে ঘোষণা কৰা অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰা যুগললোচন দাসে এনেধৰণৰ পদক্ষেপক ভূয়ষী প্ৰশংসা কৰে। উল্লেখযোগ‍্য যে, নগাঁৱৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশকঢ়ক্ৰান্তিকাল প্ৰকাশনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ‘অকণিৰ সাহিত্য সভা’ৰ সহযোগত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহ গৰাকী কবিলৈ ক্ৰান্ত্ৰিকাল শিশু সাহিত্য সন্মান আগবঢ়াব। লগতে নিৰ্বাচিত এশ গৰাকী কবিৰ কবিতা একত্ৰে প্ৰকাশ কৰা হ’ব। দুয়োটা অনুষ্ঠানে আয়োজন কৰা এই প্ৰতিযোগিতাই শিশুসকলৰ সাহিত‍্য সম্ভাৰৰ ভঁৰাল টনকীয়াল কৰিব বুলি আশাবাদী অকণিৰ সাহিত‍্য সভাৰ সভাপতি পঙ্কজ বৰুৱা তথা সমন্বয়ক দুলাল বৰাই।

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ পৰলোকপ্ৰাপ্তি ঘটে।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ। কোনো ধৰণৰ বিশেষ শাৰীৰিক অসুস্থতা নাছিল যদিও যোৱাকালি হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেজপুৰস্থিত ইএমএম হস্পিটালত ভৰ্তি কৰাই যদিও আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত চিকিৎসালয়খনতে মৃত্যুক আঁকোৱালি লয় হাজৰিকাই। উল্লেখ্য যে কৃতি শিক্ষকগৰাকীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়তে অধ্যয়ন কৰি প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৭৮ চনত নিজে অধ্যয়ন কৰা বিদ্যালয়খনতে সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰি ২০০৭ বৰ্ষত একেখন বিদ্যালয়ৰ পৰাই অৱসৰগ্ৰহণ কৰিছিল। অতিকৈ অমায়িক আৰু এজন আৰ্দশৱান কৃতী শিক্ষক হিচাপে পৰিচিত হাজৰিকা আছিল সুদক্ষ অভিনেতা, চিত্ৰশিল্পী আৰু সমাজ সংগঠকো ৷ নদুৱাৰ জাতীয় বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সঙ্গী আৰু ইতিবাচক চিন্তাৰে সমাজক সন্মুখৰ পৰা নেতৃত্ব দি অহা হাজৰিকা বিজেপি নদুৱাৰ মণ্ডলৰ এগৰাকী সক্ৰীয় সদস্যও আছিল৷ শিক্ষকতাৰ সমান্তৰালকৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হাজৰিকাৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে মূঢ়াদলস্থিত বাসগৃহত অনেক গুণমুগ্ধই ভিৰ কৰেহি৷ হাজৰিকাৰ নশ্বৰ দেহ তেজপুৰৰ পৰা বাসগৃহ আহি পোৱাৰ লগে লগেই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে এনে এগৰাকী সমাজ সচেতক ব্যক্তিক হঠাৎ হেৰুৱাব লগীয়া হোৱাতো জামুগুৰিহাটৰ বাবেই এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে বিধায়ক হাজৰিকাই ৷ ইয়াৰোপৰি উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষেমৰাজ ঢাকাল সহিতে শিক্ষক গোট, মূঢ়াদল গাঁও উন্নয়ন সমিতি, বেবেজীয়া গাঁও উন্নয়ন সমিতি, মূঢ়াদল গাঁও যুৱক সংঘ, কুঁহিপাত সংঘকে ধৰি বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষেও হাজৰিকাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ হাজৰিকাৰ মৃত্যুত সদৌ জামুগুৰি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতি, অসমীয়া সাহিত্য সন্মিলনীয়েও শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত হাজৰিকাই পত্নী, একমাত্ৰ পুত্ৰ, জিয়ৰী নাতিনীসহ এক ভৰা সংসাৰ এৰি থৈ যায়। হাজৰিকাৰ মৃত্যুত সমগ্ৰ জামুগুৰিহাটত শোকৰ ছাঁ পৰিছে ৷

মাজুলী জিলা কংগ্ৰেছৰ “শ্বহীদ সন্মান দিৱস” কাৰ্যসূচী পালন ।

মাজুলী জিলা কংগ্ৰেছৰ "শ্বহীদ সন্মান দিৱস" কাৰ্যসূচী পালন ।

উজনি-মাজুলী : সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, আৰু ব্লক সমিতি সমূহে চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা দেশৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদেশ্যে গড়মূৰত কালি “শ্বহীদ সন্মান দিৱস” শীৰ্ষক কাৰ্যসূচী পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগু, মাজুলী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শশীধৰ বৰুৱা, মাজুলী জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাস, মাজুলী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণুকমল পায়েং,  যুৱ ব্ৰিগেডৰ সভাপতি দিনমণি দত্ত, সুভন দলেকে  ধৰি ভালেসংখ্যক কংগেছৰ বিষয়-ববীয়া,  সদস্য সদস্যা ।

মূষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন : ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ : মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন : মূৰে কপালে হাত দিছে কৃষকে ।

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক’ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। যোৱা ২৩ জুনৰ নিশাৰ পৰা নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা বৰষুণৰ ফলত বিগত তিনিদিন ধৰি জলমগ্ন হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত অসংখ্য গাঁও। আমগুৰি নগাঁও, কঁপাহতলী, বৰমেছাই, কঁঠালগুড়ি, ৰংপুৰীয়া, কুৰুকানী, বৰডিৰাক, চোমণি, চোমনি মাজুলী, ২ নং সৰুডিৰাক, থাপাবাৰী, মজবাৰী, বগৰিবাৰী, দ-পথাৰ, চেঙেলী, সৰুমেচাই, নলাকান, কলিতা চুক, গন্ধৈগুৰি হাঁহখাটী, আহোম পথাৰ, ধলা মিৰিপথাৰ, ছৈখোৱা, টঙনা, কাচিজান, কৈলাশপুৰ, ৰত্নপুৰ হাটীগড়, নৱজ্যোতি আদিকে ধৰি বিভিন্ন গাঁও পানী বুৰাই পেলাই। বৰষুণৰ পানীয়ে প্লাবিত কৰি কৃষি শস্যৰ অনিষ্ট কৰিছে। বহুলোকৰ ঘৰ দুৱাৰ, কঠীয়াতলী, শাক-পাচলি পানীত বুৰ যোৱাৰ উপৰিও পুখুৰীত মেলি থোৱা মাছ-কাছ ওলাই যোৱাৰ ফলত কৃষিজীৱি, মৎস্যজীৱি গঞা ৰাইজৰ সকলো শেষ কৰি নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰা নেপেৰা বৰষুণে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ মুখ্য পথসমূহ পানী বুৰাই পেলোৱাৰ উপৰিও চৰকাৰৰ বিভিন্ন আচনিত নিৰ্মিয়মান পথৰ ব্যাপক ক্ষতি হৈছে। ক্ৰমান্বয়ে পানী কমিছে যদিও গ্ৰাম্য জনসাধাৰণৰ একমাত্ৰ উপাৰ্জনৰ থল কৃষি শস্য আৰু মৎস্য উৎপাদনত বাঢ়নী পানীয়ে বিধস্ত কৰাত সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে। বহু ঠাইত এতিয়াও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে।

dav

ক’ৰোনাৰ ঔষধ : বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩০ জুনত আদালতত শুনানি ।

দৈনন্দিন বাৰ্তা ডেস্ক :

এফ আই আৰ দিয়া হ’ল বাবা ৰামদেৱৰ বিৰুদ্ধে ৷ তেওঁৰ লগতে আন চাৰিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’ৰ প্ৰচাৰ আৰু ‘কপটতা’ অনাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ যোৱা মঙলবাৰে এক সংবাদ মেলত বাবা ৰামদেৱে তেওঁৰ আয়ুর্বেদিক ঔষধৰ কোম্পানী পতঞ্জলি আয়ুর্বেদে ‘কৰোনিল’‌ আৰু ‘‌স্বচৰী’‌ নামৰ ক’ৰোনা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰিছে বুলি কয়৷ কিন্তু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে জনায় যে কোনো ৰোগীৰ ওপৰত ইয়াৰ প্ৰয়োগ কৰা নহ’ব৷ লগতে বিজ্ঞাপনো বন্ধ কৰি দিয়ে৷ ইয়াৰ মাজতে শুকুৰবাৰে জয়পুৰ জ্যোতিনগৰ থানাত এফআইআৰ দিয়ে পতঞ্জলি আয়ুর্বেদেৰ স্রষ্টা যোগা গুৰু ৰামদেৱ, পতঞ্জলিৰ চিইঅ’ আচার্য বালকৃষ্ণ, বিজ্ঞানী অনুৰাগ ভার্ছনে, এনআইএমএছ–ৰ সভাপতি বলবীৰ সিং তোমৰ আৰু কর্মকর্তা অনুরৰাগ তোমৰৰ বিৰুদ্ধে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’‌ৰ বিভ্রান্তিকৰ প্ৰচাৰত নামিছে৷ এই কথা জয়পুৰ জ্যোতিনগৰ থানাৰ বিষয়া সুধীৰ কুমাৰ উপাধ্যায়ে জনাইছে৷ এফআইআৰ দাখিল কৰিছে বলৰাম জখৰ নামৰ এজন ব্যক্তিয়ে৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ তাৰ মাজতে ৪২০ ধাৰা আছে৷ অহা ৩০ জুনত আদালতে শুনানিৰ দিন ধাৰ্য কৰিছে৷

আৰক্ষী অধীক্ষকৰ সৈতে উপায়ুক্ত বিক্ৰম কৈৰীৰ মঠাউৰি পৰিদৰ্শন । শেহতীয়া অৱস্থাৰ চৰজমীন পৰীক্ষণ ।

উজনি-মাজুলী :  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে কালি ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেচামৰা-দক্ষিণপাট মঠাউৰি পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থাৰ চৰজমীন বুজ লয়। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ সৈতে প্ৰায় চাৰে তিনিঘণ্টা ধৰি মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ মঠাউৰিটোৰ প্ৰায় ৪০ কিলোমিটাৰ জোৰা অংশ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মাজুলী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামী আৰু গড়কাপ্তানী (পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দেৱব্ৰত ঘৰফলীয়াই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সহযোগ কৰে। উপায়ুক্ত  কৈৰীয়ে দক্ষিণপাট অংশৰ পৰা হালধিবাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিটো পৰিদৰ্শন কৰি মঠাউৰিৰ সুৰক্ষাৰে জড়িত দিশসমূহ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কালত মাজুলী জিলা প্ৰশাসনৰ মূৰব্বীগৰাকীয়ে কঢ়ালগাঁও, বনগাঁও, ধোঁৱাচলা, প’ৰাম, ৰতনপুৰ গায়ন, ময়েংগীয়া, মিছিং, কান্ধুলিমাৰী, লাছন, চিকাৰীগাঁও আৰু হালধিবাৰী অংশত একাধিক স্থানত গাড়ী ৰখাই মঠাউৰিৰ অৱস্থাৰ চাক্ষুক বুজ লয়। বনগাঁৱৰ পৰা কান্ধুলীমাৰী, লাচন, চিকাৰী আৰু সোণোৱাৰ কছাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিৰ একাধিক স্থানত শেহতীয়াকৈ দেখা দিয়া ৰেইনকাট আৰু পানীৰ উঁহ শীঘ্ৰে বন্ধ কৰাৰ বাবে উপায়ুক্ত  কৈৰীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে। তদুপৰি, ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলাখনৰ মঠাউৰিসমূহৰ সকলো অংশতে দিনে-নিশাই নজৰ ৰাখিবলৈ বিভাগৰ ফালৰ পৰা তহলদাৰী গোট নিয়োজিত কৰিবলৈও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক উপায়ুক্ত গৰাকীয়ে দিহা দিয়ে। বিশেষকৈ মঠাউৰিত ওলোৱা পানীৰ উঁহে যাতে বিপজ্জনক ৰূপ ল’ব নোৱাৰে, তাৰ প্ৰতি সকলো সময়তে সম্পূৰ্ণ সচেষ্ট হৈ থাকিবলৈও বিভাগটোক তেওঁ নিৰ্দেশ দিছে। আনহাতে, মঠাউৰিৰ লগতে গড়কাপ্তানী পথ হিচাপেও ইতিমধ্যে উন্নীত কৰা মঠাউৰিটোৰ বনগাঁৱৰ পৰা সোণোৱাল কছাৰীৰ মাজৰ অংশসমূহত গড়কাপ্তানী বিভাগৰ ৰেইন ড্ৰেইনৰ ফলত মঠাউৰি সবলীকৰণৰ বাবে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মঠাউৰিৰ চাইদ-বাৰ্মত সৃষ্টি হোৱা ৰেইনকাটসমূহ ততালিকে মেৰামতি কৰিবলৈ গড়কাপ্তানী বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। এই অংশসমূহত গড়কাপ্তানী বিভাগে বনোৱা পথৰ ৰেইন-ড্ৰেইনসমূহ চাইদ-বাৰ্মৰ ওপৰতে শেষ নকৰি তললৈকে সম্প্ৰসাৰণ কৰি বৰষুণে যাতে মঠাউৰিৰ চাইদ-বাৰ্মৰ মাটি খহাই নিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে দুয়োটা বিভাগকে নিৰ্দেশ দিছে।