Home Blog Page 3281

বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী ।

নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত সন্তুষ্টি লাভ কৰিছে ৷ জানিব পৰা মতে, এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৪৯ শতাংশ ৷ ঘোষিত ফলাফলত ৩৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰে ৬০-৭০ শতাংশ নম্বৰ পাই ২৬ গৰাকী, ৭০-৮০ শতাংশ নম্বৰ পাই ৭ গৰাকী আৰু ৮০-৯০ শতাংশ নম্বৰ পাই ৪ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১৬ গৰাকীয়ে অসমীয়া, ১৩ গৰাকীয়ে তৰ্কশাস্ত্ৰ আৰু দৰ্শন, ১০ গৰাকীয়ে শিক্ষা, ৭ গৰাকীয়ে ভূগোল, ৪ গৰাকীয়ে ৰাজনীতি বিজ্ঞান আৰু ২ গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে ৷ কাজেই, শিক্ষানুষ্ঠানখনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰা স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক কৃতজ্ঞতা জনাইছে ৷

সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ।

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক :

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে গুৱাহাটীত পৰিস্থিতি ক্ৰমাত্‍ জটিল হৈ পৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে গুৱাহাটীত প্ৰতিদিনে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কোৰোণাত৷ আক্ৰান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে পুনৰ লকডাউন ঘোষণা কৰা হৈছে ৷ অহা সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। অহা ১৪ দিনৰ বাবে ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ এইবাৰৰ লকডাউনৰ সময়ত কোনো ধৰণৰ দোকান খোলা নাথাকিব। অহা ১২ জুলাই লৈকে বলৱত্‍ হ’ব লগা লকডাউন। বন্ধ থাকিব সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। কেৱল খোলা থাকিব ফাৰ্মাচী, চিকিত্‍সায়। আনহাতে আজি সন্ধিয়া সাত বজাৰ পৰা কাইলৈ পুৱা সাত বজালৈ গুৱাহাটীত সান্ধ্য আইন জাৰি কৰা হৈছে ৷ এইবাৰ লকডাউনৰ সমআত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব৷ ইয়াৰ লগতে ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব। আনহাতে লকডাউনৰ সময়ত বানপানীত কাম কৰা লোকৰহে গাড়ী ব্যৱহাৰ কৰিব পাৰিব ৷ কোনো গাড়ীৰ পাছৰ ব্যৱস্থা নাথাকিব৷ লকডাউনৰ সময়ত মঠ-মন্দিৰ বন্ধ থাকিব৷ মৃতকৰ শেষকৃতৰ বাবে শ্মশানত কেৱল বিশজন লোকেহে থাকিব পাৰিব। ইয়াৰ লগতে সেনা, আৰক্ষী, অৰ্ধ-সামৰিক, দুৰ্যোগ প্ৰশমনত জড়িত লোক, সংবাদ মাধ্যম, জৰুৰীকালীন সেৱা খোলা থাকিব। তদুপৰি যুটীয়া সচিবৰ ওপৰৰ বিষয়াসকল কাৰ্যালয়লৈ যাব পাৰিব৷ লগতে সচিবালয় আৰু সঞ্চালকালয় খোলা থাকিব৷ গাখীৰ, শিশু খাদ্য যোগান থাকিব৷ উল্লেখ্য যে প্ৰথম সাতদিন কঠোৰভাৱে লকডাউন পালিত হ’ব। এই লকডাউনৰ সময়ত কোনো ধৰণৰ ব্যক্তিগত যানবাহন চলাচল বন্ধ থাকিব ৷ ইয়াৰ লগতে আন্তঃজিলা পৰিবহণ বন্ধ থাকিব ৷

পুনৰ বৃদ্ধি পেট্ৰল, ডিজেলৰ দাম ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক:

 এফালে ক’ৰোনা সংক্রমণ আৰু আনফালে দেশৰ অর্থনীতি নিন্মগামী৷ এনে পৰিস্থিতিত মাজতে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ২০ দিন ধৰি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পালে৷ পেট্ৰলৰ দাম বাঢ়িল ২১ পইচা৷ আনহাতে ডিজেলৰ দাম বাঢ়িল ১৭ পইচা৷ সকলো মিলি যোৱা ২০ দিনত পেট্ৰল আৰু ডিজেলৰ দাম ১০ টকাৰো বেছি বাঢ়িল৷ শুকুৰবাৰে ৰাজধানী দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.১৩ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.১৯ টকা হয়৷ বাণিজ্য নগৰী মুম্বাইত পেট্ৰলৰ প্ৰতি লিটাৰত ৮৬.৯২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৮.৫১ টকা হয়৷ চেন্নাইত পেট্ৰলৰ প্ৰতি লিটাৰত ৮৩.৩৭ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৭.৪৪ টকা হয়৷ কলকাতাত পেট্ৰলৰ প্ৰতি লিটাৰত ৮১.৮২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৫.৩৪ টকা হয়৷

১৫ জুলাইত চিবিএছই, আইচিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

চিবিএছই আৰু আইচিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অহা ১৫ জুলাইত ঘোষণা কৰা হ’ব ৷ শুকুৰবাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ে ৷ এই পৰীক্ষা ফলাফলৰ সময়ত নম্বৰ দিয়াৰ বিষয়ে বিশেষ কেতবোৰ পদ্ধতি মানি চলা হ’ব ৷ গড় নম্বৰত সন্তুষ্ট নহ’লে পুনৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব ৷ তিনিটা বেছি বিষয়ৰ পৰীক্ষা বেষ্ট অব থ্ৰী হিচাপে গড় নম্বৰ দিয়া হ’ব৷ বাকী বিষয়ৰ নম্বৰ আহিব বেষ্ট অব থ্ৰীৰ গড় নম্বৰত ৷ এটা পৰীক্ষা দিলে আগৰ পৰীক্ষাৰ ভিত্তিত হ’ব মূল্যায়ন। তাৰ লগট যোগ হ’ব প্ৰেক্টিকেল পৰীক্ষাৰ গড় নম্বৰ৷ আনহাতে জুলাইত আইচিএছচি, আইএছচি আৰু চিবিএছইৰ দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে৷ এই কথা উচ্চতম ন্যায়ালয়ক জনোৱা হয় ৷ উল্লেখ্য যে লকডাউন উঠি যোৱাৰ পাছত ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত বাকী পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিবিএছইয়ে বিজ্ঞপ্তি যোগে জনায় ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্রান্তিৰ সৃষ্টি হয় ৷ যিহেতু বিভিন্ন ৰাজ্যত ক’ৰোনা পৰিস্থিতি বিভিন্ন৷ লকডাউন উঠি গ’লেও ক’ৰোনাৰ সংক্ৰমণ দেশজুৰি তীব্ৰ হৈ আছে৷ শিক্ষাৰ্থীৰ নিৰাপত্তাৰ কথা ভাবি এই মুহূৰ্তত পৰীক্ষা স্থগিত ৰখা হ’বনে বুলি একাংশ অভিভাৱকে উচ্চতম ন্যায়ালয়ত প্ৰশ্ন কৰে ৷ যোৱা ১৮ জুনত এই বিষয়ে চিবিএছইৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে এসপ্তাহৰ সময় দিয়ে৷ পৰৱৰ্তী শুনানিত ভিডিঅ’ কনফাৰেন্স যোগে ন্যায়াধীশ এ এম খানউইলকৰ, ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীব খান্নাৰ বিচাৰপীঠে পৰীক্ষাৰ সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰৰ পৰা জানিব বিচাৰে৷ ছলিচিটৰ জেনেৰেলে জনোৱা মতে এক বিশেষজ্ঞ সমিতিৰ দ্বাৰা পৰিস্থিতি পর্যালোচনা কৰি চাইছে৷ ইয়াৰ পাছত বৃহস্পতিবাৰে দিনৰ ২ বজা পৰ্যায়ৰ চূড়ান্ত সিদ্ধান্ত জনোৱাৰ বাবে সময় দিয়ে৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনায় যে চিবিএছই আৰু আইচিএছই পৰীক্ষা বাতিল কৰা হৈছে ৷ 

দেশত ক’ৰোনা সংক্ৰমণত অভিলেখ : ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা ।

 দৈনন্দিন বাৰ্তাৰ ডেস্ক :

প্রতি ২৪ ঘণ্টাত নতুন ক’ৰোনা সংক্রমণে অভিলেখ সৃষ্টি কৰিছে ৷ কমাব পৰা নাই সংক্ৰমণ ৷ শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ভাৰতত ১৭,২৯৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ লগতে ৪০৭ জনৰ মৃত্যু হৈছে ৷ এতিয়া দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৯০,৪০১ জন ৷ এই পৰ্যন্ত মুঠ মৃত্যুৰ সংখ্যা ১৫,৩০১ জন ৷ ইয়াৰ মাজতে দেশত সুস্থৰ সংখ্যা বাঢ়িছে৷ ইয়াৰ পৰিমাণ হ’ল ৫৮.‌২৪ শতাংশ। এই পৰ্যন্ত দেশত ২,৮৫,৬৩৭ জন লোক সুস্থ হৈছে৷ কিন্তু ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হোৱা কথাই চিকিৎসকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷ আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হয় ৪,৮৪১ জন। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১,৪৭,৭৪১ জন ৷ কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ৭০,৯৯০ জন ৷ ইয়াৰ পাছত আছে দিল্লী, তামিলনাডু, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু পশ্চিম বংগ ৷ দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৭৩,৭৮০ জন৷ তৃতীয় স্থানত থকা তামিলনাডুত মুঠ আক্ৰান্ত হ’ল ৭০,৯৭৭ জন ৷ তালিকাৰ চতুৰ্থত থকা গুজৰাটত মুঠ আক্ৰান্ত হ’ল ২৯,৫২০ জন৷ মৃত্যুৰ তালিকাত সকলোবোৰ ৰাজ্যৰ ভিতৰত ওপৰত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত সাত হাজাৰ লোকৰ মৃত্যু হৈছে ৷ দিল্লীত ২৪২৯, গুজৰাটত ১৭৫৩, পশ্চিম বংগত ৬০৬ জনৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত দেশত ৭৭,৭৬,২২৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ যোৱা ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা কৰে ৷

ক’ৰোণাত আক্ৰান্ত মুম্বাইৰ প্ৰতিষ্ঠিতদেৱনীয়াৰ আলোচনীৰ বেটুপাত মডেল ইশিকা বৰা ।

ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নাই উপযুক্ত সুবিধা, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ ইশিকাৰ ।

নগাঁও : অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল দেৱনীয়াৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা ইশিকা বৰা আক্ৰান্ত হৈছে ক’ৰোণাত। নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকাই বিগত এটা দশক জুৰি গ্লেমাৰ জগতত ব্যাপক খ্যাতি অৰ্জন কৰিছে। বহু আন্তৰ্জাতিক কোম্পানীৰ আবেদনময়ী বিজ্ঞাপনৰ জৰিয়তে মডেলিং জগতত আত্মপ্ৰকাশ কৰা ইশিকা বৰাই এছিয়াৰ শ্ৰেষ্ঠ আবেদনময়ী মডেলৰ তালিকাৰ শীৰ্ষ স্থানো লাভ কৰিছিল। যোৱা ১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱা ইশিকাই স্বোৱাব টেষ্টৰ পিছতে নগাঁৱৰ কামপুৰৰ নিজ ঘৰত হোম কোৱাৰেণ্টাইন হৈ আছিল। ২৩ জুনৰ নিশা ক’ভিদ-১৯ পজিটিভ হোৱাৰ ৰিজাল্ট অহাৰ পিছতে কালি পুৱা ইশিকাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিদ হস্পিতালত ভৰ্তি কৰা হয়। ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিদ হস্পিতালত কোনো পৰ্য্যাপ্ত সুবিধা নোপোৱাৰ লগতে লেতেৰা পৰিৱেশত ক’ভিদ ৰোগীক ৰখাৰো অভিযোগ তুলিছে মডেল গৰাকীয়ে।

মুষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন । ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ ; মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন ।

মুখলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন ।

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক’ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত অসংখ্য গাঁও। ৰাজহ চক্ৰৰ অন্তৰ্গত কঁপাহতলী, ৰংপুৰীয়া, কুৰুকানী, বৰডিৰাক, চোমণি, চোমনি মাজুলী, ২নং সৰুডিৰাক,  থাপাবাৰী,  মজবাৰী, বগৰিবাৰী, দ-পথাৰ, চেঙেলী, সৰুমেচাই, নলাকান, কলিতা চুক, গন্ধৈগুৰি হাঁহখাটী, আহোম পথাৰ, ধলা মিৰিপথাৰ, ছৈখোৱা আদিকে ধৰি বিভিন্ন গাঁও  পানী বুৰাই পেলাইছে। আনহাতে টঙনা, কৈলাশপুৰ, কাচিজান আদি গাঁওসমূহতো বৰষুণৰ পানীয়ে প্লাবিত কৰি কৃষি শস্যৰ অনিষ্ট কৰিছে। বহুলোকৰ ঘৰ-দুৱাৰ, কঠীয়াতলী, শাক-পাচলি পানীত বুৰ যোৱাৰ উপৰিও পুখুৰীত মেলি থোৱা মাছ-কাছ ওলাই গৈছে। কৃষিজীৱি, মৎস্যজীৱি গঞা ৰাইজৰ সকলো শেষ কৰি নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰা নেপেৰা বৰষুণে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ মুখ্য পথসমূহ পানী বুৰাই পেলোৱাৰ উপৰিও চৰকাৰৰ বিভিন্ন আঁচনিত নিৰ্মিয়মান পথৰ ব্যাপক ক্ষতি হৈছে। গ্ৰাম্য জনসাধাৰণৰ একমাত্ৰ উপাৰ্জনৰ থল কৃষি শস্য আৰু মৎস্য উৎপাদনত বাঢ়নী পানীয়ে বিধস্ত কৰাত সকলোৱে মুৰে কপালে হাত দিবলগীয়া হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ লগতে সামাজিক দল-সংগঠনে আহ্বান জনাইছে।

জামুগুৰিহাটত গণ সংক্ৰমণৰ আশংকা : ক’ভিড আক্ৰান্তই ঘুৰি ফুৰিছিল বজাৰ সমাৰ কৰি ।

জামুগুৰিহাট : জামুগুৰিহাটত মাৰাত্মক ভাইৰাছ ক’ভিড-১৯ৰ গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা শেহতীয়াকৈ আক্ৰান্ত হোৱা জামুগুৰিহাটৰ এজন যুৱকে অঞ্চলটোৰ বিভিন্ন স্থানত বজাৰ সমাৰ কৰি ঘুৰি ফুৰাৰ পৰিপ্ৰেক্ষিততে এই আশংকা ঘণীভূত হৈছে। উল্লেখ্য যে, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত জামুগুৰিহাটৰ ১ নং মাজগাঁৱৰ নিপুল দাস নামৰ যুৱক জন ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতেই নিপুলৰ ওপজা ঠাই জামুগুৰিহাটত এনে ভীতি বিহ্বলতাৰ সৃষ্টি হৈছে। কিয়নো নিপুল দাস প্ৰতিদিনেই নিজ গৃহৰপৰা মটৰ চাইকেলেৰে নিতৌ অহা যোৱা কৰে কৰ্মস্থলী তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ৷ উভতি আহি জামুগুৰিহাটতে প্ৰায়ে বজাৰ সমাৰো কৰি নিজ গৃহলৈ যায় নিপুল দাস৷ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ফলাফল লাভ কৰাৰ প্ৰাক মুহূৰ্তলৈকে বজাৰ সমাৰো কৰিছিল যুৱকজনে। পৰিয়ালৰ লগতে বিভিন্নজনৰ সংস্পৰ্শলৈ অহা নিপুলক লৈ এতিয়া জামুগুৰিহাটত স্বাস্থ্যবিভাগৰ মাজত সৃষ্টি হৈছে  হাহাকাৰ পৰিস্থিতিৰ৷ ইতিমধ্যে তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰিছে স্বাস্থ্যবিভাগে আৰু ক’ভিড-১৯ত আক্ৰান্ত যুৱক জনৰ সংস্পৰ্শলৈ অহা কেইবাটাও এলেকা শোণিতপুৰ জিলা প্ৰশাসনে ছীল কৰিছে। স্মৰ্তব্য যে, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত জামুগুৰিহাটৰ নিপুল দাস ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগেই নিপুলৰ নিজা গাঁও জামুগুৰিহাটৰ ১নং মাজগাঁও আৰু শহুৰেকৰ গাঁও লুকুৰাচুক (হাটবৰ)ক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে৷ দৈনিক ঘৰৰ পৰা তেজপুৰলৈ অহা যোৱা কৰা নিপুল নিজা ঘৰৰ লগতে হাটবৰত থকা শহুৰেকৰ ঘৰতো প্ৰায়ে থকামেলা কৰিছিল৷ কেৱল এইয়াই নহয়, বৰঞ্চ  নিপুলে মিঠাই ক্ৰয় কৰা জামুগুৰিহাটৰ নগৰৰ মাজমজিয়াত থকা মিঠাইৰ দোকান ‘চুইট হাউছ’ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা গেলামালৰ দোকান আৰু চুলি দাড়ি কটা চেলুনকে ধৰে কেবাখনো দোকানো ছীল কৰিছে প্ৰশাসনে৷ ইতিমধ্যে সমগ্ৰ অঞ্চল দুটা প্ৰশাসনে অসংক্ৰাম্যকৰণৰ কৰাৰ লগতে ক’ভিড-১৯ত আক্ৰান্ত হোৱা যুৱকজনৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা ৩৫ গৰাকী লোকক বৰ্তমানলৈকে চিনাক্ত কৰি ছোৱাব সংগ্ৰহৰ ব্যৱস্থা কৰিছে স্বাস্থ্যবিভাগে৷ উল্লেখ্য যে, নিপুল দাসকে ধৰি ইতিমধ্যে জামুগুৰিহাটত ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে নিপুল দাসৰ এটি আঢ়ৈ বছৰীয়া কন্যা সন্তানো আছে আৰু কন্যা সন্তানটিও ক’ভিড আক্ৰান্ত পিতৃৰ সংস্পৰ্শলৈ আহিছিল৷

ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি আটক সোণতলীৰ ডেকাচাং হাইস্কুলৰ প্ৰধান শিক্ষক, সহ: শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি ।

সোণতলী : ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত পুনৰাই সংখ্যালঘু উন্নয়ন বিভাগৰ দ্বাৰা সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ শেহতীয়াভাৱে জালিয়াতিৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাতৰ এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া শিক্ষাখণ্ডৰ  অন্তৰ্গত ডেকাচং উচ্চ মাধ্যমিক বিদ্যালয়ত৷ ফলত এই বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত মঙ্গলবাৰে সন্ধিয়া আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু সহ:শিক্ষককে ধৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি৷ এনেদৰে বিদ্যালয়খনৰ তিনিজনকৈ লোক আটক  হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য৷ জানিব পৰামতে, ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল হকে সহ শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিদ্যালয়ৰে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে৷ অভিভাৱকসকলে কৰা অভিযোগ মতে, প্ৰধান শিক্ষক আৰু তেঁওৰ সাংগোপাংগোয়ে সংখ্যালঘু উন্নয়ন বিভাগৰ এচাম বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি ৷ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ছাত্ৰবৃত্তি দিয়াৰ নামত পাঁচশ টকাৰ পৰা এহাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল ধন৷  ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্ৰ নোহোৱাৰ পিছতো ধনৰ বিনিময়ত একাংশক দিয়া হৈছে এই ছাত্ৰ বৃত্তিৰ ধন৷ ধনৰ বিনিময়ত প্ৰাক্তন ছাত্ৰয়েও লাভ কৰিছে বৃত্তিৰ ধন ৷ এই সন্দৰ্ভত অভিভাৱকসকলে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো প্ৰধান শিক্ষকে কোনো ধৰনৰ কানসাৰ দিয়া নাছিল৷ তেনে অৱস্থাত একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই দুৰ্নীতি সম্পৰ্কত বকো আৰক্ষী থানাত দাখিল কৰে এখনি এজেহাৰ ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে ডেকাচাঙত অভিযান চলাই আটক কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল হক, সহ:শিক্ষক আব্দুল আজিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জলাল উদ্দিনক৷ আটকাধীন তিনিওজনকে বকো আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷ মন কৰিবলগীয়া, এই কেলেংকাৰীৰ সৈতে একাংশ বেংকৰ গ্ৰামাঞ্চলত থকা গ্ৰাহক সেয়া কেন্দ্ৰ জড়িত থকাৰো অভিযোগ উঠিছে ৷ লক্ষণীয়, যোৱা বৰ্ষতো চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ ছত্ৰছায়াতে বকো আৰু ছয়গাঁৱ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত বিভিন্ন বিদ্যালয়ত সংখ্যালঘু বৃত্তিৰ নামত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী৷ এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল ৷

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজনি মাজুলী বিদ্যালয়ৰ সাফল্য ।

উজনি-মাজুলী : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফলত উজনি মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহতো দেখা গ’ল সন্তুোষজনক ফলাফল৷ ইয়াৰে ভিতৰত উজনি মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ১০৫ গৰাকীৰ ভিতৰত ১০২ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ইয়াৰে দুগৰাকীয়ে ষ্টাৰ, ১১ গৰাকীয়ে প্ৰথম, ৪৭ গৰাকীয়ে দ্বিতীয় আৰু ৪২ গৰাকীয়ে তৃতীয় স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয়খনত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ আনহাতে ৰতনপুৰ মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ২৫ গৰাকী অৱত্তীৰ্ণ হৈ এগৰাকীয়ে প্ৰথম, তিনি গৰাকীয়ে দ্বিতীয় আৰু ৯ গৰাকীয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে সোণোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদালয়ৰ পৰা ৩৯ গৰাকী অৱতীৰ্ণ হৈ ৩৩ গৰাকী উত্তীৰ্ণ হয়৷ ইয়াৰে ২ গৰাকীয়ে দ্বিতীয় আৰু ৩১ গৰাকীয়ে তৃতীয়, জেংৰাইমুখ মহাবিদ্যালয়ৰ পৰা দুগৰাকীয়ে প্ৰথম, ৭ গৰাকীয়ে দ্বিতীয়, ১২০ গৰাকীয়ে তৃতীয়, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ (বিজ্ঞান শাখা) পৰা ২ গৰাকীয়ে প্ৰথম, ২৬ গৰাকীয়ে দ্বিতীয়, ১৪ গৰাকীয়ে তৃতীয়, মাজৰ দেউৰী উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ এগৰাকীয়ে প্ৰথম, ১২ গৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰে৷ উল্লেখ্য যে, পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এশ শতাংশ উত্তীৰ্ণৰে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনে চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷ বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱত্তীৰ্ণ হৈ লাটুমণি শইকীয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে ছয় গৰাকীয়ে দ্বিতীয় আৰু পাঁচগৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰে৷ ইয়াৰোপৰি উজনি মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ফলাফল দিনক দিনে নিম্নগামী হোৱাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷ অঞ্চলটোৰ অন্য বিদ্যালয়-মহাবিদ্যালয়ৰ তুলনাত মহাবিদ্যালয়খনৰ ফলাফল সন্তোষজনক নহয়৷ মহাবিদ্যালয়খনৰ পৰা কেৱল এগৰাকীয়ে প্ৰথম, দুই গৰাকীয়ে দ্বিতীয় আৰু ২১ গৰাকীয়ে তৃতীয় স্থান পাবলৈ সক্ষম হৈছে৷ এইবাৰ উচ্চতৰ মাধ্যমিকত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ সুনাম কঢ়িয়াই অনা সকলো ছাত্ৰ-ছাত্ৰীকে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থা, আছু, মাজুলী জিলা সাংবাদিক সন্থা, উজনি মাজুলী শাখা সাহিত্য সভা, মাজুলী-ডায়েৰী পৰিয়ালে শুভেচ্ছা প্ৰদান কৰাৰ লগতে উজ্বল ভৱিষ্যৎ কামনা কৰিছে ৷