দৈনন্দিন বাৰ্তা ডেস্ক : বছৰ বছৰ ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰা দূৰত্ব বজাই ৰখা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ স্থিতি প্ৰদৰ্শন কৰিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে। অসমৰ অন্যতম ভূমিপুত্ৰ মটক আৰু কোচ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। মটক আৰু কোচ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ দাবীকে ধৰি জনগোষ্ঠী দুটাৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ লগতে কোচ জনগোষ্ঠীৰ অন্যান্য সংগঠনৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, মটক আৰু কোচ জনগোষ্ঠিক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, বি জে পি হুচিয়াৰ ইত্যাদি শ্লগানেৰে গুৱাহাটীৰ আকাশ বতাহ কপাই তুলি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত দুয়োটা সংগঠনে সুকীয়াকৈ নিৰ্দিষ্ট দাবী সম্বলিত স্মাৰক পত্ৰ দিশপুৰ দণ্ডাধীশৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কই যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰ্জোঁট চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰনৰ নামত কেৱল ৰাজনীতিয়ে নহয় চৰম অপমান কৰা বুলি মত প্ৰকাশ কৰে। শেহতীয়াকৈ বিগত বৰ্ষৰ ৰাজ্যিক কেবিনেটে মটক জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব বুলি ঘোষনা কৰিছিল, কিন্তু আজিকোপতি ৰাজ্য চৰকাৰে স্বায়ত্ব শাসন প্ৰদান নকৰিলে। চৰকাৰৰ এনে মৈমতালিক সংগঠনটোৱে তীব্ৰ গৰিহনা দিয়ে।উক্ত কাৰ্যসূচীত কোচ যুৱ পৰিষদৰ সভাপতি পৰাগ কোচ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তুষাৰ ৰঞ্জণ চেতিয়া, সহকাৰী সম্পাদক দিগন্ত দত্তকে ধৰি সংগঠনৰ কেন্দ্ৰীয়,জিলা আৰু আঞ্চলিক সমিতিৰ আন আন সদস্যসকল উপস্থিত থাকি প্ৰতিবাদ সাবস্ত্য কৰে।
ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে ৰাজীৱ কুমাৰৰ দায়িত্ব গ্ৰহণ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰিছে ৷ তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰৰ ওচৰত যোগ দিয়ে ৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টত ইস্তফা দিয়া অশোক আৰোৰাৰ পৰা ৰাজীৱ কুমাৰে দায়িত্ব গ্ৰহণ কৰে৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই তেওঁৰ দায়িত্ব গ্ৰহণৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁৰ নিযুক্তি নিৰ্দিষ্ট কৰি দিছিল ৷ উল্লেখ্য যে ৰাজীৱ কুমাৰ ১৯৮৪ চন বেটছৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে তেওঁৰ নিযুক্তি জাননীৰ জৰিয়তে প্ৰকাশ কৰে৷ ৰাজীৱ কুমাৰে ৩০ বছৰীয়া কাৰ্যকালত তেওঁৰ ৰাজ্য ঝাৰখণ্ডত বিভিন্ন বিভাগত প্ৰশাসনিক কাম কৰাৰ অভিজ্ঞতা আছে ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত কাম কৰিছিল ৷ তেওঁ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সচিব আৰু তৎকালীন অতিৰিক্ত সচিব হিচাপে ২০১২ চনৰ ১৯ মাৰ্চৰ পৰা ২০১৫ চইৰ ১২ মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পাচত ২০১৫ চনৰ ১২ মাৰ্চৰ পৰা ২০১৭ চনৰ ৩০ আগষ্টলৈকে তেওঁ এষ্টাব্লিচমেণ্ট অফিচ আৰু অতিৰিক্ত-বিশেষ সচিব, কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু অৱসৰ, ডি/অ’ আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ত দায়িত্ব গ্ৰহণ কৰিছিল ৷
পেংগঙত চীনৰ আগ্ৰাসন ৰোধ ভাৰতীয় সেনাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিলে চীনে ৷ পেংগঙৰ কাষত পুনৰ সোমাবলৈ চেষ্টা কৰিলে চীনা সেনাই ৷ অৱশ্যে ভাৰতীয় সেনাই বাধা দিয়াত চীনৰ অভিযান ব্যৰ্থ হয় ৷ ২৯ আগষ্টৰ গভীৰ নিশা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ সোমাবলৈ চেষ্টা কৰিছিল পিপুলছ লিবাৰেচন আৰ্মি ৷ এই কথা প্ৰকাশ কৰি ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাই এক বিবৃতিত জনায়, সেনা আৰু কূটনৈতিক স্তৰত আলোচনাৰ পাচত ঐকমত্যত সমাধানত উপনীত হৈছিল, ২৯ আৰু ৩০ আগষ্টৰ ৰাতি পিএলএ সেনাই ইয়াক প্ৰত্যাহাৰ কৰে ৷ স্থিতাৱস্থা নষ্ট কৰি তাত প্ৰৰোচনামূলক সামৰিক পদক্ষেপ লয় ৷ তাৰ পাচত ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিয়ে ৷ এইদৰে বিবৃতিত কোৱা হৈছে ৷ অৱশ্যে কি প্ৰত্যুত্তৰ দিয়ে সেই কথা জনোৱা হোৱা নাই ৷ পেংগং ছো হ্ৰদৰ দক্ষিণ তীৰত পিএলএৰ আগ্ৰাসন ৰোধ কৰে ভাৰতীয় সেনাই ৷ তাত নিজৰ অৱস্থান শক্তিশালী কৰিছে ভাৰতে৷ আনহাতে চীনে সীমা সলনি কৰাৰ চেষ্টা কৰে ৷ কিন্তু তেওঁলোকৰ সেই প্ৰচেষ্টা ব্যৰ্থ হয় ৷ ইয়াৰ কিছু পৰত ভাৰতীয় সেনাই জনায়, কথা মতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ভাৰতে ৷ এলেকাটোত শান্তি বৰ্তাই ৰাখিব ৷ আঞ্চলিক অখণ্ডতা বৰ্তাই ৰখাত বদ্ধপৰিকৰ ভাৰত ৷
কাশ্মীৰী শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা
দৈনন্দিন বাৰ্তা ডেস্ক : কাশ্মীৰৰ ৰুহি চুলতানা নামৰ শিক্ষয়িত্ৰীগৰাকী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এইগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক খেলৰ জৰিয়তে শিক্ষা দান কৰে ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চুলতানা প্ৰকৃততে শ্ৰীনগৰৰ ন’উছিৰা এলেকাৰ বাসিন্দা ৷ তেওঁ শ্ৰীনগৰৰ টাইবালৰ দাংগেৰ পোৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰে ৷ তেওঁ উৰ্দু আৰু কাশ্মীৰী ভাষাত স্নাতকোত্তৰ ৷ লগতে বি এড ডিগ্ৰীধাৰী ৷ তদুপৰি কেলিগ্ৰাফীত তিনি বছৰেকীয়া ডিগ্ৰী পাঠ্যক্ৰম কৰে ৷ সৰুৰে পৰা শিক্ষক হোৱাৰ ইচ্ছা আছিল চুলতানাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত থাকি তেওঁ আনন্দ অনুভৱ কৰে বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই এই বঁটা প্ৰদান কৰিব ৷
পশ্চিম বংগৰ মহাবিদ্যালয়ত মেধাৰ তালিকাত কণ্ঠশিল্পী নেহা কাক্কাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ছানী লিয়নিৰ পাচত পশ্চিম বংগৰ মালদা জিলাৰ এখন মহাবিদ্যালয়ৰ এইবাৰ মেধাৰ তালিকাত সোমাল কণ্ঠশিল্পী নেহা কাক্কাৰ ৷ তালিকা মতে নেহাই মাণিকচক কলেজৰ পৰা কলা বিভাগত প্ৰথম স্থান লাভ কৰিছে ৷ তদুপৰি শিক্ষা আৰু ইংৰাজী সন্মানত একেখন মহাবিদ্যালয়ৰ পৰা তেওঁৰ নাম প্ৰথম স্থান লাভ কৰা বুলি আছে ৷ মাণিকচক কলেজৰ কৰ্তৃপক্ষই কয় যে মেধাৰ তালিকাত কণ্ঠশিল্পীগৰাকীৰ নাম মেধাৰ তালিকাত শুকুৰবাৰে প্ৰকাশ পোৱাটো দেখিবলৈ পায় ৷ ইয়াৰ পাচত শুদ্ধৰণি কৰা হয় ৷ এই বিষয়ে স্থানীয় আৰক্ষী আৰু পশ্চিম বংগৰ চাইবাৰ ক্ৰাইম চেলত ওচৰত অভিযোগ দিয়া হৈছে ৷ উল্লেখ্য যে কিছুদিনৰ আগতে কলকাতাৰ আশোতোষ কলেজৰ মেধাৰ তালিকাত ছানী লিয়নিৰ নাম মেধাৰ তালিকাত অন্তভূক্ত হৈছিল ৷ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই কলকাতা আৰক্ষীৰ চাইবাৰ চেলত অভিযোগ দিছিল ৷
তৈয়াৰ কৰা হৈছে তালিকা : অযোগ্য দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক অৱসৰ ল’বলৈ বাধ্য কৰাব কেন্দ্ৰই
দৈনন্দিন বাৰ্তা ডেস্ক : যিসকল কৰ্মচাৰীৰ ৩০ বছৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ড চাবলৈ সকলো বিভাগৰ সচিবক নিৰ্দেশ দিছে কেন্দ্ৰই ৷ তাৰ পৰা অযোগ্য আৰু দুর্নীতিগ্রস্ত কৰ্মচাৰীক চিহ্নিত কৰি জনস্বাৰ্থত তেওঁলোকক আগতীয়া অৱসৰ দিয়া হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে ৷ কেন্দ্ৰৰ এক নিৰ্দেশনাত কোৱা হৈছে, ফাণ্ডামেণ্টাল ৰোল ৫৬ (জে), ৫৬ (এল) আৰু ১৯৭২ৰ চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ (পেন্সন) ৪৮ (১) (বি) ধাৰা অনুযায়ী উপযুক্ত কৰ্তৃপক্ষৰ হাতত জনস্বাৰ্থত কোনো চৰকাৰী কৰ্মচাৰীক আগতীয়া অৱসৰ দিয়াৰ ক্ষমতা দিয়া হৈছে ৷ অৱশ্যে এয়া বাধ্যতামূলক অৱসৰৰ দৰেহে শাস্তিমূলক নহয় ৷ এই ব্যৱস্থাত কৰ্মজীৱনৰ ৩০ বছৰ পূৰ্ণ হ’লে বা কৰ্মচাৰীৰ ৫০-৫৫ বছৰ বয়স হ’লে চৰকাৰে জনস্বাৰ্থত তেওঁক আগতীয়া অৱসৰ দিব পাৰে ৷ শুকুৰবাৰে এই মৰ্মে নিৰ্দেশ জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাত দাবী কৰা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ দক্ষতা নিৰিক্ষণ কৰি মাজে মাজে এই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হয় ৷ নতুন নিৰ্দেশনাত সেয়া স্পষ্ট কৰা হৈছে ৷ যাতে বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী কৰা হয় তাকো নিশ্চিত কৰা হৈছে ৷ এই নিৰ্দেশ অনুযায়ী, গ্ৰুপ এ আৰু গ্ৰুপ বিৰ ক্ষেত্ৰত বয়স যদি ৫০ বছৰ হয় (যদি ৩৫ বছছৰ বয়স হোৱাৰ আগতে কামত যোগ দিয়ে) তেওঁৰ দক্ষতা পৰ্যৱেক্ষণ কৰা হ’ব ৷ নতুবা ৫৫ বছৰৰ পাচত (৩৫ বছৰ বয়সৰ পাচত কামত যোগ দিছে) সেয়াও কৰা হ’ব ৷ গ্ৰুপ চি আৰু আন স্তৰৰ ক্ষেত্ৰত (পেন্সন ৰুলৰ অন্তগৰ্ত নহ’লে) ৩০ বছৰ কৰ্মজীৱন পূৰ্ণ কৰিলে তিনি মাহৰ লিখিত জাননী আৰু বেতন আৰু ভাট্টা দি তেওঁৰ আগতীয়া অৱসৰ দিয়া হ’ব পাৰে ৷ পেন্সন ৰুলৰ অন্তর্গত যিকোনো কৰ্মচাৰীক ৩০ বছৰ কাম কৰাৰ পাচত পাৰফৰ্মমেন্স নিৰিক্ষণ কৰি অৱসৰ দিব ৷ সেইক্ষেত্ৰত তিনি মাহৰ জাননী, বেতন-ভাট্টা আৰু অৱসৰকালীন পেন্সন আৰম্ভ কৰা হ’ব ৷ প্ৰতিটো বিভাগকে তাৰ বাবে ৰেজিষ্টাৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছে৷ প্ৰতি তিনি মাহত আৰম্ভণিতে ইয়াক দেখুৱাব জ্যেষ্ঠ বিষয়াক ৷ চোৱা হ’ব সংশ্লিষ্ট পদত কাম কৰাৰ দক্ষতা কৰ্মচাৰীজনৰ আছে নে নাই, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে নে নাই ৷ লগতে চাব তেওঁৰ কৰ্মজীৱনৰ ছাৰ্ভিচ ৰেকৰ্ড, বাৰ্ষিক পাৰফৰ্মমেন্স এপ্ৰাইজেল ৰিপৰ্ট ৷ সংশ্লিষ্ট কৰ্মচাৰীৰ ফাইল আৰু ৰিপৰ্ট পৰীক্ষা কৰা হ’ব পাৰে ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পকোৱাৰ আঞ্চলিক সমিতি গঠন
নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পকোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন আঞ্চলিক সমিতি গঠন কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাৰ সভাপতিত্বত, উপদেষ্টা গৌতম কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক নিৰোদ দাস, সাংস্কৃতিক সম্পাদক কৌশিক বৰ্মণ, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদ, প্ৰচাৰ সম্পাদক বিৰু আলীৰ উপস্থিতিত আব্দুল আৱালক সভাপিত আৰু কিশোৰ ডেকাক সাঃ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি দক্ষিণ পকোৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়। পৰিষদৰ পতাকা আৰু সংবিধানৰ সন্মান অক্ষুন্ন ৰাখি কাম কৰি যোৱাৰ সংকল্পৰে প্ৰতিজন বিষয়ববীয়াই শপত গ্ৰহণ কৰে।
খাদ্যৰ নামত বৰবিহ : চাহপানী নে বিহপানী
নাজিৰা : দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱণ কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ নিত্য ব্যৱহাৰ্য প্ৰতিটো খাদ্য সামগ্ৰীতেই বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে৷ উদাহৰণস্বৰূপে আমাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ৰাতিপুৱা শুই উঠাৰ পৰাই দিনটোত কেইবাবাৰো খোৱা “চাহপানী” টোপাৰ কথাই ক’ব পাৰি৷ ৭৬৫ খন বৃহৎ আৰু প্ৰায় এক লাখৰো অধিক মজলীয়া তথা সৰু সৰু চাহ বাগান থকা আমাৰ অসমে বছৰি প্ৰায় ৫৭০ মিলিয়ন কিলোগ্ৰামতকৈও বেছি চাহপাত উৎপাদন কৰে৷ চাহ গছৰ অধিক উৎপাদনশীলতাৰ বাবে সৰু বৰ চাহ বাগান সমূহে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কীটনাশক আৰু পুষ্টিবৰ্দ্ধক ৰাসায়নিক সাৰ সমূহৰ অৱশিষ্ট চাহপাতত ৰৈ যোৱাৰ হেতু আজিকালি স্বাস্থ্য সচেতন পশ্চিমীয়া বিশ্বকে ধৰি আন বহু দেশেও ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা খাদ্য সামগ্ৰী বৰ্জ্জনৰ বিপৰীতে জৈৱিক(Organic) কৃষিক প্ৰাধান্য দিয়াৰ ফলত ভাৰতীয় চাহৰ বজাৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও আমাৰ সাধাৰণ ৰাইজে আজিও বিনাদ্বিধাই ৰাসায়নিক দ্ৰব্য মিশ্ৰিত চাহকে ধৰি আন বিভিন্ন এনে খাদ্যকেই গ্ৰহণ কৰি আছো৷
জামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন : প্ৰকাশ পালে “EXPRESSIONS OF THE MIND IN WORDS”
জামুগুৰিহাট : কুসুমটোলাত কালি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ “EXPRESSIONS OF THE MIND IN WORDS” শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী গ্ৰন্থাগাৰ সুৰেন কলিতাই। যুৱ লেখক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই আঁত ধৰা আৰু গ্ৰন্থকাৰৰ পিতৃ দেবজিৎ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে বিশিষ্ট লেখক, শিশু সাহিত্যিক বিশ্বনাথ চাৰিআলিৰ দিলীপ কুমাৰ ভট্টাচার্য আৰু বিশিষ্ট অতিথি হিচাপে আসন লয় পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। সভাৰ প্ৰাৰম্ভিকতে প্ৰয়াত অঞ্জলি কলিতাৰ প্ৰতিছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে গ্ৰন্থকাৰ লক্ষ্যজয় কলিতাই। উল্লেখ্য যে ২০১০ চনৰ ৩০ আগষ্টত ইটানগৰত জন্মলাভ কৰা আৰু শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰত শিক্ষাৰ পাতনি মেলা লক্ষ্যজয় কলিতা বৰ্তমান তেজপুৰ গুৰুকুলৰ চতুর্থ মানৰ ছাত্ৰ। ৪ বছৰ বয়সৰ পৰাই সাহিত্য কৰ্মত জড়িত অসাধাৰণ প্ৰতিভাৰ স্বাক্ষৰ লক্ষ্যজয়ে নিজকে এগৰাকী ধ্ৰুপদী সংগীতৰ গায়ক হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেওঁ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা ভোকেলত মধ্যমা ডিগ্ৰী লাভ কৰাৰ লগতে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত সৰ্বভাৰতীয় সংগীত ও সংস্কৃত পৰিষদ কলকতাৰ অনুষ্ঠানত দুবাৰকৈ ধ্ৰুপদী সংগীত পৰিবেশনেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। জামুগুৰিহাটৰ কুসুমটোলাৰ দেবজিৎ কলিতা আৰু ইন্দ্ৰানী কলিতাৰ পুত্ৰ আৰু ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক গোলাপ কলিতাৰ নাতি লক্ষ্যজয়ে সৰ্বভাৰতীয় প্ৰতিভা সন্ধানী পৰীক্ষাতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এক বৌদ্ধিক সামাজিক পৰিবেশত ডাঙৰ হোৱা লক্ষ্যজয়ৰ এই সফলতা যাত্ৰাৰ মূৰ আঁৰিয়া ধৰোতা হিচাপে তেওঁৰ আইতাক প্ৰয়াত অঞ্জলি কলিতা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। অতি কম বয়সৰ পৰাই গ্ৰন্থ প্ৰতি বিশেষ আকৰ্ষিত হোৱা লক্ষ্যজয়ৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজিত সভাখনত উন্মোচন হিচাপে উপস্থিত থকা দিলীপ কুমাৰ ভট্টাচার্যই এটি কণমানিৰ এনে কৰ্ম নিসন্দেহে প্ৰশংসনীয় আৰু সমাজৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰি ইংৰাজী ভাষাৰ সমানুপাতিকভাবে অসমীয়া ভাষাতো লিখা-মেলা আগবঢ়াই নিবলৈ পৰামৰ্শ আগবঢ়াই। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে কিতাপেহে প্ৰকৃতাৰ্থত এখন দেশ শাসন কৰে আৰু মানুহ গঢ়াত কিতাপেই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। বিশিষ্ট অতিথিৰ ভাষণত ধৰ্মেশ্বৰ হাজৰিকাই সাম্প্রতিক সময়ত পুথিভঁৰালৰ প্ৰাসংগিকতা সম্পর্কে বিস্তৃত বাখ্যা দাঙি ধৰি অসমৰ পুতৌলগা পুথিভঁৰাল ব্যবস্থাৰ বাবে দুখ প্ৰকাশ কৰে। মুঠ ২০ টা লেখনিৰে সমৃদ্ধ “EXPRESSIONS OF THE MIND” শীর্ষক সচিত্র গ্ৰন্থখনত আশিসসূচক শুভেচ্ছাৰে সৌষ্ঠব বৃদ্ধি কৰিছে ক্ৰমে ইন্দীয়ান নেভিৰ কেপ্তেইন এডউইন জ্যোতিৰাজন, শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী সুস্মিতা সোম, তেজপুৰ গুৰুকুলৰ প্ৰধান শিক্ষয়িত্ৰী মৰমী শইকীয়া বৰুৱা, মুনীন্দ্ৰ নাথ তামুলী আৰু গোলাপ কলিতাই। গ্ৰন্থখনে শিশুসকলৰ সাহিত্য চর্চাত বিশেষ অৰিহণা যোগাব বুলি সভাই একেমুখে মত পোষণ কৰে।
অমিয় নগৰ-জয়পুৰৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই
অনলাইন বাৰ্তা : গুৱাহাটী মহানগৰীৰ চানমাৰিস্হিত অমিয় নগৰ-জয়পুৰৰ বাসিন্দাৰ বিভিন্ন সমেস্যাৰ বুজ ল’লে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কালি দিনৰ ১১ বজাত জয়পুৰ পানী যোগান আঁচনি পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ এক সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ বৃহত্তৰ অঞ্চলৰ উন্নয়নৰ বাবেই মন্ত্ৰীগৰাকীক সমিতিৰ তৰফৰ অৱগত কৰে ৷ কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সৰ্বাংগীণ উন্নয়ন স্তব্ধ হৈছিল অঞ্চলবাসী ৰাইজৰ ৷ সেয়ে মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই উন্নয়নমূলক কাম-কাজ তাৰাম্বিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে সভাখনত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ অঞ্চলত প্ৰায় দুই শতাধিক সদস্য উপস্থিত থাকে ৷










