জামুগুৰিহাট : জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত কভিড’ত আক্ৰান্ত শান্তি বৰাৰ পৰিয়ালৰ ১৫ গৰাকী লোকৰ স্বোৱাব সংগ্ৰহ কৰিছিল স্বাস্থ্যবিভাগে৷ কিন্তু যোৱা কালি নিশা শান্তি বৰাৰ মাতৃ মুনু বৰা(৪২)ৰ স্বোৱাব টেষ্টৰ ফলাফলত ক’ভিড পজিটিভ অহাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে৷ স্মৰ্তব্য যে জামুগুৰিহাটৰ কেৱাৰীচুক গাৱঁৰ শান্তি বৰাই তেওঁৰ বায়েকৰ সৈতে ২৫ জানুৱাৰীত কৰ্মসুত্ৰে দিল্লীলৈ গৈছিল। কিন্তু দেশজুৰি ঘোষণা হোৱা লক ডাউনৰ বাবে দুই ভগ্নী দিল্লীতে আবদ্ধ হৈ পৰে। পিছত আন্তঃৰাজ্যিক যাতায়ত মুকলি হোৱাত যোৱা ১ জুনত স্ব-গৃহমুখী হোৱা দুই ভগ্নী যোৱা ৩ জুনত উপস্থিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন কৰা জ’নেল স্ক্ৰীনিং চেন্টাৰত আৰু তেজপুৰৰ হোটেল কে.আৰ.চি. পেলেচত প্ৰতিষ্ঠানিক পৃথকীকৰন (Institutional quarantine) হৈ আছিল। অৱশ্যে শান্তি আৰু বায়েকৰ স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শোণিতপুৰ জিলা প্ৰশাসনে দুই ভগ্নীকে ৬ জুনৰ নিশা জামুগুৰিহাটৰ কেৱাৰীচুকৰ নিজা ঘৰত থৈ হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ দি যায়। হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে শান্তি বৰা মূৰৰ বিষত ভোগে আৰু ১০৮ সেৱাৰ জৰিয়তে যোৱা ১৪ জুনৰ দিনা শান্তি আৰু বায়েক যামিনী বৰা দুয়োকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনি স্বোৱাব সংগ্ৰহ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল যদিও ১৮ জুনত শান্তি বৰা ক’ভিড পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত লগে লগে ক’ভিডত আক্ৰান্ত শান্তিক বিশ্বনাথ চাৰিআলি আইচ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰে স্বাস্থ্যবিভাগে৷ লগতে শান্তি বৰা হোম কোৱাৰেন্টাইন হৈ থকা কেৱাৰীচুক গাঁওখনকো শোণিতপুৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল৷ কালি শান্তি বৰাৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা মাতৃৰো ক’ভিড ১৯ ত আক্ৰান্তৰ ফলাফল অহাত নিশাই মাতৃ মুনু বৰাক তেজপুৰ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আজি পু্ৱা কন্টেইনমেন্ট এলেকাটো পুনৰ প্ৰশাসনে চেনিটাইজ কৰে৷ উল্লেখ্য যে যোৱা ২০ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো বহি:ৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা তিনিজন যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ কালি মুনু বৰা(৪২) ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমানলৈকে জামুগুৰিহাটত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে৷ ইতিমধ্যে ক’ভিডত আক্ৰান্ত জীয়ৰীৰ পৰা মাতৃলৈ কৰ’না সংক্ৰমণ হোৱাৰ বাতৰিয়ে জামুগুৰিহাটৰ জনসাধাৰণক ভীতিবিহ্বল কৰি তোলাৰ লগতে জনসমাগমো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷
কৰ’ণা মহামাৰীয়ে দৈন্যতা কঢ়িয়াইছে ৰাজ্যৰ হাজাৰ হাজাৰ মেলাকেন্দ্ৰিক ব্যৱসায়ীলৈ : বিপাঙত ৰাজ্যৰ বহু অভিজাত গ্ৰন্থ প্ৰকাশন গোষ্ঠী ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক ।
নাজিৰা : দেশত কৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন ঘোষিত হৈ পৰাৰ পৰৱৰ্ত্তী সময়ত দেশৰ অৰ্থব্যৱস্থাত মাধমাৰ পৰাৰ সমান্তৰালকৈ অৰ্থব্যৱস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িত একাংশ ব্যৱসায়লৈ ঘোৰ অমানিশা নামি আহিছে। দেশত তিনিমাহতকৈও অধিক কাল লকডাউন চলি থকাৰ পাছত শেহতীয়াকৈ চৰকাৰে বহু পৰিমাণে লকডাউন শিথিল কৰি তুলিলেও দেশত বৰ্তমানেও গ্ৰন্থমেলা, থিয়েটাৰ, বাণিজ্য মেলা আদি জনসমাগম হ’ব পৰা ব্যৱসায় সমূহ প্ৰচলনৰ অনুমতি দিব পৰা পৰিৱেশ ঘূৰি নহাৰ হেতু মেলাকেন্দ্ৰিক ব্যৱসায়ীসকলৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকল বিপাঙত পৰিছে। এই প্ৰতিবেদকৰ সতে হোৱা বাৰ্তালাপত ৰাজ্যৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰী নিত্যাৰঞ্জন গোস্বামীয়ে কয় যে ৰাজ্যৰ প্ৰকাশন গোষ্ঠী সমুহৰ গৰিষ্ঠসংখ্যকে গ্ৰন্থমেলাৰ ওপৰত কম বেছি পৰিমানে নিৰ্ভৰশীল। বিগত তিনিমাহতকৈও অধিক কাল লকডাউন হৈ পৰাৰ পাছত পৰৱৰ্তী সময়তো ৰাজ্যত সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজনীয়তা আহি পৰাত গ্ৰন্থমেলা কিম্বা বানিজ্য মেলা অনুষ্ঠিত হোৱাৰ আশা নাই। তেনেক্ষেত্ৰত প্ৰকাশন গোষ্ঠীসমূহৰ ব্যৱসায়ত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। মূলত গ্ৰন্থমেলাৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ী সকলৰ অৰ্থনৈতিক দিশটোলৈ অনাগত দিনত অমানিশা নামি অহাৰ সম্ভাৱনীয়তাই ব্যৱসায়ীসকলক উদ্বিগ্ন কৰি তোলা বুলি জানিবলৈ দিয়ে গোস্বামীয়ে। তাৰোপৰি এনে ব্যৱসায়িক মন্দাৱস্থাই প্ৰকাশক সমূহক নতুন গ্ৰন্থ প্ৰকাশ কৰাতো বাধাৰ সৃষ্টি কৰাত অনাগত দিনত ৰাজ্যত বৌদ্ধিক গতিশীলতাতো স্থবিৰতা অনাৰ আশংকা কৰে কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰীজনে। আনহাতে সাময়িক পৰিস্থিতিলৈ চাই ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে চিহ্নিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলো একপ্ৰকাৰৰ বিপাঙত পৰিছে। প্ৰতিস্থিত ভ্ৰাম্যমান থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে এই সংবাদদাতাৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত দেশত অচিৰেই সুস্থিৰতা ঘূৰি অহাৰ আশা প্ৰকাশ কৰে যদিও আগন্তুক বৰ্ষৰ নাট্যৰম্ভক লৈ চিন্তিত হৈ পৰা বুলি জানিবলৈ দিয়ে। হেঙুলৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই আগন্তুক বৰ্ষৰ বাবে আশাবাদী যদিও মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা বৰ্ষ ক্ষতিগ্ৰস্ত হৈ পৰিলে পৰবৰ্তী সময়ত কেৱল এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ সহস্ৰাধিক শিল্পী কলাকুশলী অনাগত সময়ত ক্ষতিগ্ৰস্ত হোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে। সুদৰ্শন থিয়েটাৰৰ প্ৰযোজক ক্ষীৰোদ খনিকৰে উদ্বিগ্নতাৰে প্ৰকাশ কৰে যে আগন্তুক বৰ্ষৰ বাবে কৰোণা মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশে চলিত বৰ্ষত ভ্ৰাম্যমাণ উদ্যোগক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ অবিহনে এই উদ্যোগটোক মসৃণতাৰে আগবঢ়াই নিয়া সম্ভৱ নহ’ব। সাম্প্ৰতিক সময়ত কৰ’না মহামাৰীৰ সতে যুদ্ধ কৰাৰ হেতু সামাজিক দুৰত্ব বজাই ৰখাৰ অতিকে প্ৰয়োজন। তেনেক্ষেত্ৰত সামাজিক দুৰত্ব বজাই ৰখাৰ স্বাৰ্থত একপ্ৰকাৰৰ অনিশ্চয়তাত সোমাই পৰা গ্ৰন্থমেলা, বাণিজ্য মেলা কিম্বা ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠান সমূহৰ সতে জড়িত শিল্পী, কলা কুশলী কিম্বা ব্যৱসায়ী সকলে অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ কামনা কৰিছে।
এই বছৰ নতুন ভিছা নিদিয়ে আমেৰিকাই ।
দৈনন্দিন বাৰ্তা ডেস্ক :
এই বছৰ নতুনকৈ এইচ১বিসহ কোনো কামৰ ভিছা নিদিয়ে ট্রাম্প প্রশাসনে। ৩১ ডিচেম্বৰ পর্যন্ত জাৰি থাকিব এই নিয়ম৷ এইচ১বি ভিছা দিয়াৰ প্ৰক্ৰিয়াটো আমূল পৰিৱৰ্তন আনিছে হোৱাইট হাউচে৷ লটাৰীৰ ভিত্তিত নহয়, মেধাৰ ভিত্তিত দিয়া হ’ব ভিছা৷ অৰ্থাৎ যি আবেদনকাৰীক সৰ্বোচ্চ দৰমহা দিয়া হৈছে তেওঁক ভিছাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব৷ হোৱাইট হাউচৰ বক্তব্য, এনেদৰে আমেৰিকাত নিবনুৱা কমাব পৰা হ’ব৷ নাগৰিকৰ কর্মসংস্থান বাঢ়িব৷ বিদেশত থকা শ্ৰেষ্ঠ আৰু দক্ষ কৰ্মীক আমেৰিকাত সুযোগ দিব পাৰিব৷ হোৱাইট হাউচে লগতে জনায় যে আগতে আমেৰিকাত চাকৰিৰ বাবে কম খৰচত বিদেশৰ পৰা অনা কৰ্মীক নিয়োগ কৰা হয়৷ এই অনুমতি নিদিয়ে ট্রাম্প প্রশাসনে৷ এতিয়া মাৰ্কিনৰ চাকৰি আৰু দৰমহা সুৰক্ষিত থাকিব৷ উল্লেখ্য যি প্ৰতি বছৰে ৮৫ হাজাৰ বেছি এইচ১বি ভিছা নিদিয়ে আমেৰিকাই৷ যোৱা বছৰ দুই লাখ ২৫ হাজাৰ ভিছাৰ আবেদন জমা দিয়া হয়৷ ইতিমধ্যে এই ভিছা নীতিক সমালোচনা কৰিছে গুগলৰ চিইঅ’ সুন্দৰ পিচাই, স্পেচেক্সৰ চিইঅ’ ইলোন মাস্কে৷ এই নীতিক প্ৰত্যাহ্বান জনায় মার্কিন উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷ একাংশৰ দাবী যে ভোটাৰক আকৰ্ষণ কৰিবলৈ এই নীতি গ্ৰহণ কৰিছে ট্ৰাম্পে ৷
ইতিহাসত প্ৰথম : ভক্তবিহীন জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ।
দৈনন্দিন বাৰ্তা ডেস্ক:
ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সময়তে উচ্চতম ন্যায়ালয়ে সাতদিনীয়া ৰথযাত্ৰা উৎসৱ সীমিতভাৱে উদযাপনৰ অনুমতি দিয়াৰ পাছত ইতিহাস সলনিৰ সাক্ষী হৈ ৰ’ল এই ধর্মীয় উৎসৱ৷ এইবাৰ প্ৰথমবাৰৰ বাবে ভক্তবিহীন জগন্নাথ মন্দিৰত বহু সংখ্যক পুৰোহিতে পুৰীৰ বিখ্যাত ৰথযাত্ৰাৰ আয়োজন কৰে৷ উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰ পথৰ কাষত নাই ভিৰ৷ নাই পূৰ্বৰ দৰে কোনো উৎসৱমুখৰ পৰিৱেশ৷ তাৰ মাজতে মন্দিৰৰ পৰা পথৰ মাজেৰে মাহীয়েকৰ ঘৰলৈ যাত্ৰা জগন্নাথ, বলৰাম, সুভদ্রাৰ৷ ৰথৰ ৰচী ধৰিবৰ বাবে মানুহৰ হেতাওপৰা৷ পুৰীত মঙলবাৰে দেখা গ’ল এই দৃশ্য৷ তিনিখন ৰথ আগুৱাই যাওতে পথ ভক্তহীন৷ ইতিহাসত এইবাৰেই প্ৰথম এনে দৃশ্য৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ বিধিনিষেধ মানিয়ে চলিল ৰথ৷ সেৱকে ৰথ টানি নিলে৷ অৱশ্যে সেই সংখ্যা কম নহয়৷ চৰকাৰী হিচাপ মতে ১২০০ জন ইয়াত নিযুক্ত৷ বেচৰকাৰী হিচাপত ১৫০০ জনৰ ওচৰাওচৰি৷ এই সকলোৰে ক’ভিড পৰীক্ষাৰ পাছত নিগেটিভ পায়৷ বহুয়ে মুখত মাস্ক পৰিধান কৰে৷ ৰথযাত্ৰা আৰম্ভ কৰাৰ আগতে মন্দিৰটো ছেনিটাইজাৰ কৰা হয়৷ সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ’ত দেখা মতে বহু সেৱকে ঢাকঢোল বজাই নাচিছে৷ বাকীসকলে জগন্নাথৰ বিগ্রহ ৰথত তুলিছে৷ আন এক ভিডিঅ’ দেখা গ’ল ৰথত বিগ্ৰহ তোলাৰ সময়ত বহু মানুহে ভিৰ কৰিছে৷ ইপিনে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰথযাত্ৰাৰ ভক্তসকলক শুভেচ্ছা জনায়৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰথযাত্ৰাৰ অনুমতি দিলেও কেতবোৰ চৰ্ত বান্ধি দিয়ে৷ সেই চৰ্ত মতে পুৰীলৈ সোমোৱা সকলো পথ বন্ধ ৰখা হ’ব৷ বিমানবন্দৰ, ৰে’ল ষ্টেচন বন্ধ থাকিব৷ ৰথযাত্ৰাৰ দিনা পুৰীত সান্ধ্যআইন জাৰি কৰা হ’ব৷ সৰ্বোচ্চ ৫০০ জল সেৱকে ৰথ টানিব পাৰিব৷ জগন্নাথৰ পূজা ৰীতিনীতি চূড়ান্ত কৰোতে সোমবাৰে কেইবাখনো সভা অনুষ্ঠিত হয়৷ পুৰীৰ মন্দিৰৰ প্ৰধান পুৰোহিত ৰাজেশ দৈতাপতিয়ে জনোৱা মতে, পুৱা ৭ বজাত ৰথত উঠে মহাপ্ৰভু৷ তাৰ পাছত ঝাৰু দিবলৈ ৰজা আহে৷ এই সকলো ৰীতি শেষ হয় দিনৰ ১২ বজাত৷ ইয়াৰ পাছতে তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰে মহাপ্ৰভুৰ ৰথ ৷
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে বাঘজান ৱেলতো নিষিদ্ধ ঘোষণা কৰাৰ পিছত কালি উঠাই লোৱা জাননি দিয়াৰ আঁৰৰ ৰহস্য কি ?
তিনিচুকীয়া : বাঘজান বিজিআৰ নং ৫ ৱেল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে উৎপাদন চলাই আছে- এই কথা আমি কোৱা নাই স্বয়ং প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছিল। কিন্তু অতি ৰহস্যজনকভাবে কালি পৰিষদৰ অধক্ষ্য আৰু অইল ইণ্ডিয়াৰ চিএমডিৰে হোৱা গোপন বৈঠকৰ অন্তত স্থানীয় ৰাইজ তথা ডিব্ৰু-ছৈখোৱাৰ অস্তিত্বক জলাঞ্জলি দি নিষেধাজ্ঞা উঠাই লোৱা কায্যই ইয়াৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছু, মটকযুৱ ছাত্ৰ সন্মিলন, মটক সন্মিলন, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধিয়ে শীঘ্ৰে প্ৰদূষণ্ নিয়ন্ত্ৰণ পৰিষদৰ এনে ৰহস্যজনক সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল : চীনৰ বিৰুদ্ধে দুখন যুদ্ধত ভাৰত ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ভাৰতে এতিয়া চীনৰ বিৰুদ্ধে দুখন যুদ্ধত যুঁজ কৰিছে৷ এখন লাডাখত আৰু আনখন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে৷ সোমবাৰে সাংবাদিক মেলত এই কথা কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে আজি আমি চীনৰ বিৰুদ্ধে দুখন যুঁজত যুঁজিছো৷ এখন সীমান্তত আৰু আনখন চীনৰ পৰা অহা ভাইৰাছৰ বিৰুদ্ধে৷ আমাৰ ২০ জন জোৱান পিছলৈ অহা নাছিল৷ আমি দুয়োখন যুদ্ধত জয়ী হম৷ ক’ৰোনা যুদ্ধৰ সমানে সীমান্তত যুদ্ধত থকা জোৱানসকলক প্ৰশংসা কৰি কেজৰিৱালে কয়, আমাৰ চিকিৎসক, নাৰ্চ আৰু জোৱানসকল সকলোৱে যুঁজ কৰিছে আৰু দেশৰ সকলো মানুহ তেওঁলোকৰ কাষত আছে৷ সমগ্ৰ দেশ একত্ৰিত হৈ যুদ্ধত যুঁজ কৰিছে৷ আমাৰ চীন আৰু ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ হৈছে৷ সাংবাদিক মেলত দিল্লীৰ মুখ্যমন্ত্ৰীজনে কয় যে যোৱা সপ্তাহৰ পৰা এই পৰ্যন্ত ১০০০ সংক্ৰমণ বাঢ়িছে৷ ৰাজধানীত এতিয়া কমেও ২৫০০০ জনৰ চিকিৎসা চলি আছে৷ তাৰ মাজতে সুস্থ হৈ ঘৰলৈ গৈছে কমেও ৩৩,০০০জন। চিকিৎসালয়ত আছে কমেও ১২,০০০জন। লগতে একাংশ ৰোগীৰ চিকিৎসা ঘৰতে হৈছে৷ তেওঁলোকক অক্সিজেন প্ৰয়োজন হ’লে দিল্লী চৰকাৰক ফোন কৰিলেই ঘৰত দি থৈ আহে৷ দিনটোত প্রায় ১৮,০০০টা নমুনা পৰীক্ষা হৈছে বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়৷
ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ কেই ঘণ্টামান পূৰ্বে সোমবাৰে চর্তসাপেক্ষে অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্র, ৰাজ্য আৰু মন্দিৰ কমিটিৰ সমন্বয়ত এই ৰথযাত্রা হ’ব পাৰে৷ আজি এই কথা জনায় মুখ্য ন্যায়াধীশ এছ এ বোবডেই। ইয়াৰ বাবে গাইডলাইন মানি চলিবলৈও কোৱা হৈছে। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ক’ৰোনা সংক্রমণ বিয়পি পৰাৰ আশংকাত পুৰীৰ ৰথযাত্রাত নিষেধাজ্ঞা জাৰি কৰে শীর্ষ আদালতে। সেই ৰায় পুনর্বিচাৰৰ আবেদন কৰে কেন্দ্রীয় চৰকাৰ আৰু ওড়িশা চৰকাৰে। আজি তাৰ পৰিপ্রেক্ষিততেই শেষ পর্যন্ত ৰথযাত্রা উৎসৱত অনুমতি দিয়ে উচ্চতম ন্যায়ালয়ে। মন কৰিব লগা যে ২৩ জুনৰ পুৰীত ৰথযাত্রা আৰম্ভ হোৱাৰ কথা। ১০-১২ দিন ধৰি চলা এই উৎস্ত লাখ লাখ মানুহৰ সমাগম হয়। কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত ৰথযাত্রা পিছুৱাই দিয়াৰ আর্জি জনাই উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হয়। জনস্বাস্থ্যৰ কথা ভাবি কার্যত ৰথযাত্রাত নিষেধাজ্ঞা জাৰি কৰে শীর্ষ আদালতে। ইয়াৰ পিছত সেই ৰায় পুনর্মূল্যায়নৰ দাবীত আদালতত আবেদন কৰা হয়। তাক শুনিবলৈ ৰাজী হয় শীর্ষ আদালত। প্রধান ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বাধীন তিনি ন্যায়াধীশৰ খণ্ড আদালতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমৰে আজি গোচৰটো শুনে। লগত আছিল ন্যায়াধীশ এ এছ বোপান্না আৰু দীনেশ মাহেশ্বৰী৷ ন্যায়াধীশসকলে স্পষ্টভাৱে জনাই দিয়ে, পুৰীৰ বাহিৰে আৰু ক’তো ৰথযাত্রা হ’ব নোৱাৰিব। জনস্বাস্থ্যক লৈও যে কোনো আপোচ কৰা নাযাব তাকো স্পষ্টভাৱে জনাই দিয়া হৈছে। কেন্দ্র, ৰাজ্য আৰু পুৰীৰ মন্দিৰৰ কমিটিক সমন্বয় কৰি কাম কৰাৰ নির্দেশ দিয়া হৈছে। পুৰীৰ মন্দিৰৰ তৰফৰ পৰা ৰাজ্যেৰ গাইডলাইন মানিয়েই উৎসৱ পালনৰ কথা কথা কোৱা হৈছে।
হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত শ্বহীদক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
নগাঁও : ভাৰত – চীন সীমান্তত দেশৰ হকে প্ৰাণ অাহুতি দিয়া বীৰ শ্বহীদ সকলৰ অাত্মাৰ শান্তিৰ অৰ্থে হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে বন্তি প্ৰজ্জ্বলন কৰা লগতে ফটোত পুস্পাজ্ঞলী অৰ্পন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।অনুষ্ঠানত মাৰোৱাৰী সন্মিলনৰ সভাপতি অনিল শৰ্মা, হয়বৰগাঁও ব্যৱসায়ী সন্হাৰ বিজয় মঙ্গোলনীয়া,জগদীশ লোহিয়া,ৰাজেন্দ্ৰ প্ৰসাদ মুনদ্ৰা,গোপাল পোদ্দাৰ,সুৰেশ কুমাৰ শৰ্মা, জগদীশ ধোদ,পৱন কিল্লা আদি উপস্থিত থাকে।
কৰিমগঞ্জত সদৰ থানাত বাইকৰ উজান ।
কৰিমগঞ্জ : কৰিমগঞ্জ সদৰ থানাত বাইকৰ উজান। এখনৰ পিছত এখন বাইক। যেন বাইকৰ মেলাহে লাগিছে। ইজনৰ পিছত সিজন বাইকৰ মালিক আহিছে আৰু লৈ গৈছে একো একোখন বাইক। কৰিমগঞ্জ আৰক্ষীয়ে চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰি বাইকৰ উজান লগাইছে। ৯ খনকৈ বাইক। ইয়াৰ মাজত আছে বুলেট, এভেঞ্জাৰ, পালছাৰ স্কুটী, এখন মিনি ট্ৰাক, এখন বলেৰো গাড়ীৰ লগতে এটা গৰুৰ পোৱালি উদ্ধাৰ কৰে কৰিমগঞ্জ আৰক্ষীয়ে। বৰাকৰ বিভিন্ন জিলাত চুৰি হৈছিল এই বাইকসমুহ আৰু গাড়ী। সেই বাইক, গাড়ী উদ্ধাৰ হৈছে কৰিমগঞ্জৰ বাখৰশাল, পাথাৰকান্দিৰ সাতঘৰি, পাথাৰকান্দিৰ বাংলাদেশ সীমান্ত সোনাতলা এলেকাৰ পৰা। লগতে কৰিমগঞ্জ চহৰ এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰি কাণ্ডৰ সৈতে জড়িত তিনিজনক।কৰিমগঞ্জ চহৰতো চুৰি হৈছিলে কেইবাখনো বাইক। এটা চুৰৰ সূত্ৰ ধৰি কৰিমগঞ্জ সদৰ আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। প্ৰথমতে বাখৰশালৰ পৰা গ্ৰেপ্তাৰ কৰে কমৰুল ইছলামক। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হয় তিনিখনকৈ বাইক। ইয়াৰে পম খেদি পাথাৰকান্দিৰ সাতঘৰি গাঁৱৰ তাজ উদ্দিন আৰু আনোৱাৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়। আৰু সেই ঠাইৰ পৰা উদ্ধৰ হয় এখন স্কুটী আৰু দুখন বাইক। দেওবাৰে নিশা উদ্ধাৰ হয় শিলচৰৰ পৰা চুৰি হোৱা এখন বুলেট আৰু এখন পালছাৰ বাইক। লগতে আৰু এখন বুলেটৰ খুলি ৰখা অংশ বিশেষ। ধাৰনা কৰা হৈছে যে চুৰি কৰি অনা সকলো বাইক বাংলাদেশত চোৰাংকৈ পঠোৱা হয়। শিলচৰৰ ৰামনগৰৰ পৰা এনিশা চুৰি হয় দুখনকৈ বাইক আৰু এখন স্কুটী। বুলেটৰ মালিকগৰাকীয়ে এনেদৰে কয় যে কেৱল বাইকে নহয়, বলেৰো গাড়ীতে কৰি চুৰ কৰি লৈ অহা গৰুৰ পোৱালিও উদ্ধাৰ হয়। বলেৰো গাড়ীৰে গৰু চোৰাংকৈ লৈ যোৱাৰ সময়ত লংগাই আৰক্ষী চকীত আটক কৰে আৰক্ষীয়ে। ধাৰনা কৰা হৈছে বলেৰো গাড়ীখন চুৰ কৰি অনা হৈছে। লগতে উদ্ধাৰ কৰা হয় আন এখন মিনি ট্ৰাক। কৰিমগঞ্জ আৰক্ষীৰ গাড়ী, বাইক, গৰুৰ পোৱালি উদ্ধাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণই কয়- বৰাকৰ বিভিন্ন জিলাৰ পৰা চুৰি হোৱা সকলো বাইক উদ্ধাৰ হৈছে কৰিমগঞ্জৰ বিভিন্ন ঠাইৰ পৰা।
নগাঁৱৰ জাজৰি আৰু আলিটাঙনিত বন বিভাগৰ অভিযানত চোৰাং কাঠ ফলা মিল সহ জেনেৰেটৰ জব্দ ৷
নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিদ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোবা এটি দলে আজি জিলা খনৰ জুৰীয়া আলিটাঙনিত দুটাকৈ চোৰাং কাঠ ফলা মিলত অভিযান চলাই এটা মিলৰ পৰা এটা কাঠ ফলা মেচিন আৰু আন এটাৰ মিলৰ পৰা এটা জেনেৰেটৰ চেট জব্দ কৰিবলৈ সক্ষম হয় ৷ দিৰ্ঘদিন ধৰি জুৰীয়া আলিটাঙনি অঞ্চলত চোৰাং কাঠ ফলা কামত জড়িত হৈ থকা চাইদুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ লোক দুজনে এনেদৰে চোৰাংকৈ এই দুটা কাঠ ফলা মিল চলাই আহিছিল ৷ এক গুপন সূত্ৰৰ পমখেদি বন বিভাগে আজি অভিযান চলাই এই দুই ব্যক্তিৰ অবৈধ কাঠ ফলা মিল দুটাৰ সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে,নগাঁও বন বিভাগৰ প্ৰটেকচন শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোবা এটি দলে জাজৰিৰ পৰা এটা চোৰাং কাঠ ফলা মিল সহ এটা জেনেৰেটৰ চেট জব্দ কৰিবলৈ সক্ষম হয় ৷ দিৰ্ঘদিন ধৰি জাজৰিত এনেদৰে অবৈধ ভাবে চোৰাং কাঠ ফলা কামত জড়িত হৈ থকা মিলটো চলাই আহিছিল ধন ওৰফে কলিয়া দুৱৰা নামৰ লোকজনে ৷ অৱশ্যে বন বিভাগৰ অভিযানৰ সময়ত কাঠ ফলা মিল কেইটাৰ এজনো গৰাকীক বন বিভাগৰ লোকে আটক কৰিব নোবাৰিলে ৷













