সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে মিজোৰামত এটা ভূমিকম্পৰ সৃষ্টি হৈছিল৷ দেওবাৰে পুৱা ৪.১৬ বজাত হোৱা সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.১৷ আনহাতে মিজোৰামত সোমবাৰে পুৱা ৪.১০ বজাত একেলেথাৰিয়ে দ্বিতীয়টো ভূমিকম্পৰ সৃষ্টি হয়৷ ৰিখটাৰ স্কেলত এই ভূমিকম্প ৫.৩ প্ৰাৱল্যৰ আছিল৷ ২০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়৷ মিজোৰামৰ চামফাইৰ পৰা ২৭ কিলোমিটাৰ নিলগত ভূমিকম্পৰ কেন্দ্ৰ বুলি প্ৰকাশ৷
উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা উঠাই আনি গাত ঢালিলে কেৰাচিন ।
নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক মৰিয়াই হত্যা কৰাৰ দৰে ঘৃণনীয় ঘটনাৰ ২১ দিনৰ পাছতে পুনৰ শিৱসাগৰ জিলাত সংঘটিত হৈছে আন এক গণ উন্মাদনাৰ ঘটনা। ১৯ জুন শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত সংঘটিত এই ঘটনাত মৃত্যুৰ দুৱাৰডলিত উপনীত হয় এজন বয়োজ্যেষ্ঠ শ্ৰমিক লোক। উজনিৰ নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বানটুং পঞ্চায়তৰ অন্তৰ্গত উপনামচাই গাঁৱৰ ২২ নং চুবুৰীত সংঘটিত ঘটনাটোত বাদল চাওৰা নামৰ ৫৫ বছৰীয়া ব্যক্তিজনক ভাত খোৱা মজিয়াৰ পৰা একাংশ লোকে ৰাষ্টালৈ মাতি আনি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰি ধৰাশায়ী কৰাৰ লগতে প্ৰচণ্ড মাৰপিট কৰি শৰীৰ ৰক্তাক্ত কৰি পেলায়। জানিব পৰা মতে নিতৌ আনৰ ঘৰত হাজিৰা কাম কৰিবলৈ ওলাই যোৱা বাদল চাওৰাই শুক্ৰবাৰে পুৱাই ওলাই যোৱাৰ পাছত খেতিৰ বাবে কঠীয়াৰ সঁচ বিচাৰি আনি সন্ধিয়া প্ৰায় ছয় বজাত নিজৰ আবাস গৃহ পোৱাৰ আগেয়ে পুত্ৰৰ ঘৰত সোমাই গধূলিৰ ভাত সাঁজ খাইছিল। ভাত খোৱাৰ সময়তেই বাদল চাওৰাৰ উপস্থিতি জানিব পাৰি স্থানীয় কেইবাজনো যুৱকে তেওঁক বাহিৰলৈ ওলাই আহিবলৈ কয়। ভাত খাই থকাৰ কথা জনোৱাত তেওঁক প্ৰাণে মাৰিবলৈ উদ্যত উদণ্ড মানুহৰ জাকে তেওঁক ভাতেই খাব নেলাগে বুলি হুমকি দিয়ে। তেনে পৰিস্থিতিত বাহিৰলৈ ওলাই অহা বাদল চাওৰাক ওচৰ চুবুৰীয়া উদণ্ড মানুহবোৰে কোবাই-কিলাই তেওঁৰ নিজ আবাস গৃহৰ ফালেই লৈ যায় যদিও তেওঁ মাজ বাটতে তেজেৰে ৰাঙলী হৈ অচেতন হৈ পৰে। জিঘাংসাৰে পৰিচালিত এইসকল লোকৰ ক্ৰিয়া-কাণ্ড ইমানেই নিষ্ঠুৰ হৈ পৰে যে এনে অৱস্থাতে এইসকল উদণ্ড লোকে ৰাস্তাৰ ওপৰত পৰি ৰোৱা বাদল চাওৰাৰ অচেতন শৰীৰ ঘেৰি লৈ কেৰাচিন আৰু ডিজেল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলায় । শৰীৰ তেলেৰে ভিজাই পেলায়। বিজুলী যোগান ব্যাহত হৈ ৰোৱাৰ অৱস্থাত অন্ধকাৰৰ মাজতে সংঘটিত এনে পৈশাচিক কাণ্ডত হতবাক হৈ পৰা বাদল চাওৰাৰ এজন ভাতৃয়ে নিজে উদণ্ড মানুহৰ জাকটোলৈ ভয় কৰি চকুৰ আগতে ককায়েকৰ ওপৰত চলা পাশৱিক অত্যাচাৰক বাধা দিব নোৱাৰিলে। সেইজন ভাতৃয়েই বাদল চাওৰাৰ পুত্ৰৰ ঘৰলৈ আহি মানুহে কৰা মাৰপিটৰ কথা জনোৱাত পুত্ৰ তথা বানটুং পঞ্চায়তৰ ৱাৰ্ড সদস্য তৰজেন চাওৰাই বিহুবৰ থানাৰ আৰক্ষীক খবৰ দিয়ে । আশ্চৰ্য্যকৰ কথাটো হ’ল বাদল চাওৰাক এনে পৈশাচিক আতিশয্য চলোৱা মানুহবোৰৰ ভিতৰত চুবুৰী আৰু পৰিয়ালৰ বহু ওচৰ সম্পৰ্কীয় আত্মীয় লোক সোমাই পৰিছে। আৰক্ষীয়ে মুমুৰ্ষূ অৱস্থাত তেজে তুমৰলি দিয়া বাদল চাওৰাক উদণ্ড মানুহৰ জাকটোৰ পৰা ৰক্ষা কৰে আৰু ততাতৈয়াকৈ কম্বলেৰে মেৰিয়াই বাদল চাওৰাক এছোৱা আৰক্ষীৰ গাডীত আৰু আনছোৱা ১০৮ এম্বুলেন্সেৰে আনি নিশা প্ৰায় ১১.৩০ বজাত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ পোরায়হি। মূৰত আঠটাকৈ চিলাই আৰু প্ৰাথমিক চিকিৎসা দিয়াৰ পাছত আন এখন এম্বুলেন্সেৰে তেওঁক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। ঘটনাৰ আগেয়ে চলিছিল ডাইনীৰ নামত অপপ্ৰচাৰঃ এজন নিৰীহ শ্ৰমজীৱি লোক কিয় নিৰ্মমভাৱে স্থানীয় কাষৰীয়া মানুহৰ নিৰ্বিচাৰ প্ৰহাৰৰ বলি হ’ব লগা হ’ল? কিয় স্থানীয় পুৰুষ-মহিলাসকল একেজন মানুহৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল, এই বিষয়ে উপনামচাই ২২ নং চুকৰ কোনো কোনোৱে ক’ব খোজে যে সপ্তাহকালৰ পূৰ্বে গাঁওখনত ভালদৰে চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰা এগৰাকী ৰোগাক্ৰান্ত মহিলাৰ ৰোগৰ কাৰণ ডাইনীহে বুলি পতিয়ন নিয়াইছিল এজন তান্ত্ৰিকে। গাঁৱতে ডাইনী থকা বুলি প্ৰচাৰ কৰি বাদল চাওৰাকে সকলোৱে ডাইনী সজাইছিল। আনহাতে বাদল চাওৰাই কোনো কালেই তন্ত্ৰ-মন্ত্ৰ বা আন কবিৰাজী কৰ্ম কৰাৰ কোনো নজিৰ নথকা অৱস্থাতো উদণ্ড আৰু কু-সংস্কাৰে পৰিচালিত মানুহৰ ৰোষৰ পৰা ৰেহাই নেপালে আৰু এই পৰিস্থিতিৰ মুখামুখি হয়। বিভিন্ন সূত্ৰৰ মতে তান্ত্ৰিকে ডাইনীৰ সংস্কাৰ মানুহৰ মনত সুমুৱাই দিয়াৰে পৰা বাদল চাওৰা সেই চাম মানুহৰ লক্ষ্য হৈ পৰিছিল আৰু ৰাজহুৱাকৈ বিচাৰৰ বাবেও তৎপৰতা গা-কৰি উঠিছিল। চণ্টক চাহ বাগিছাৰ কাষৰীয়া এইসকল আবাসীৰ মনত মধ্যযুগীয় কু-সংস্কাৰ গা-কৰি উঠাত সম্প্ৰতি সামাজিক শিক্ষাই এইবিলাক স্থানক কেতিয়াকৈ চুবহি বুলি প্ৰশ্ন উঠিছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৯টা অভিযুক্তকঃ বিহুবৰ আৰক্ষী থানাই ইতিমধ্যে উপনামচাই ২২ নং চুকৰ আনন্দ চাওৰা(২৭), ইচমাইল চাওৰা(২২), ৰাজা চাওৰা(২৭), গোবিন চাওৰা(২৮), শিৱা চাওৰা (২১), মহেশ চাওৰা (২৮), বীপদ চাওৰা(৩৫), ত্ৰিনাথ চাওৰা (২০), এপোৰা চাওৰা(২৮)ক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰৃ ডাইনী হত্যাৰ প্ৰতিৰোধ আইন ২০১৫ৰ অধীনত আৰডব্লিও শাখা ৯ ইউএছ/১৪৭/১৪৮/১৪৯/৩২৫/৩০৭ আইপিচিৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্ত ক্ষীপ্ৰতাৰে সম্পন্ন কৰি চৰকাৰে প্ৰকৃত দোষীক বিলম্ব নোহোৱাকৈ শাস্তি বিহিব পাৰিবনে? এয়া ৰাইজৰ প্ৰশ্ন।
দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।
দৰং :
দৰং-ওদালগুৰিৰ সীমান্তৰ কুঁহিয়াৰকুছিত এটি মৃতদেহক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। খৈৰাবাৰী আৰক্ষী থানা এলেকাৰ এই গাঁওখনত প্ৰশাসনে আৰক্ষী মোটায়েম কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা বিবৰণী মতে, লক ডাউনৰ বাবে ভূপেন ডেকা নামৰ কয়দীজনক ওদালগুৰি জিলা কাৰাগাৰৰ পৰা ঘৰলৈ পঠিয়াইছিল প্ৰশাসনে। সেই অনুসৰি ভূপেন ডেকা নিজগৃহত থকা অৱস্থাত শনিবাৰে ৰহস্যজনকভাৱে মৃত্যু হয় লোকজনৰ৷ মদ্যপান কৰি পত্নীক নিৰ্যাতন চলোৱা অভিযোগত কাৰবাস খাতিবলগীয়া হৈছিল ভূপেন ডেকা নামৰ লোকজনে৷ জানিব পৰা মতে ভূপেনৰ মৃত্যুৰ সময়ত ঘৰত নাছিল আশা হিচাপে কৰ্মৰত পত্নী উষা ৰাণী ডেকা। এটি পুত্ৰ সন্তানৰ পিতৃ ভূপেনৰ মৃত্যু হোৱাৰ পিছত স্থানীয় একাংশ লোক আৰু পৰিয়ালৰ সদস্যসকলে ভূপেন ডেকাক বিহপান কৰোৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে। মৰণোত্তৰ পৰীক্ষা কৰি আৰক্ষীয়ে মৃতদেহ ঘৰলৈ অনাত ৰাইজে বাতৰি লিখা পৰলৈ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে মৃতদেহ। ঘটনাস্থলীত ভেৰগাঁওৰ দণ্ডাধীশ নিৰ্মল কুমাৰ শৰ্মা উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
নাজিৰাত দিখৌৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি ।
নাজিৰা : কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই আজি পুৱাৰে পৰি হঠাৎ বাঢ়ি অহা দিখৌৰ বাঢ়নী পানীয়ে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি তুলিছে । বিশেষকৈ সোন্দৰ পুখুৰী, বাউলী মৈদাম,বামুণ পুখুৰী , চণ্টক বিহুবৰ , লক্ষ্মীজান , চানবছা , ওপৰ নাজিৰা , নাজিৰা নগৰৰ ৬ আৰু ৭ নং ৱাৰ্ড , মঠিয়াছিগা , আচলপথাৰ আদি বিভিন্ন অঞ্চলৰ ঘৰ – ভেটি বুৰি এই বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে । এই অঞ্চলৰ লোকসকল বিশেষকৈ শাক পাচলিৰ খেতি অৰ্থাৎ বাম খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জন কৰি আছে কিন্তু বৰ্তমান বাঢ়ি অহা পানীক লৈ তেওঁ লোক চিন্তিত হৈ পৰিছে । অঞ্চলৰ চাপৰিসমূহৰ পৰাই নাজিৰা আৰু শিৱসাগৰ বিভিন্ন অঞ্চলত শাক পাচলি যোগান ধৰি অহা হয় , সেয়ে এই বাঢ়নি পানীয়ে বৃহৎ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে । তীব্ৰ গতিত অহা বাঢ়নি পানীৰ সোঁতৰ ফলত সুন্দৰ পুখুৰীৰ দিখৌৰ পাৰৰ মাটি চপৰা চপৰে খহিব ধৰিছে । ইয়াৰোপৰি নাজিৰা ১ নং ৱাৰ্ডত আজিও দুটাকৈ ঘৰ দিখৌৰ পানীয়ে উটুৱাই নিয়ে আৰু অঞ্চল সমূহৰ বহু কেইটা ঘৰ এই বানত ডুব গৈছে । এনেদৰেই যদি পানী পৰিমাণ বাঢ়ি গৈ থাকে তেন্তে নাজিৰা অঞ্চলটো এক বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হ’ব লাগিব । ইফালে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বানপীড়িত অঞ্চল সমূহ পৰিভ্ৰমণ কৰি ক্ষয় – ক্ষতি আৰু পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰশাসন কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে নিবেদন জনাই আৰু মহকুমা প্ৰশাসনৰ বিষয়া – বৰ্গই অঞ্চল সমূহৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লৈছে ।
বছৰৰ দীর্ঘতম দিনটোতে সূর্যগ্রহণ : দৃশ্যমান ‘ৰিং অব ফায়াৰ’
দৈনন্দিন বাৰ্তা ডেস্ক:
বছৰৰ দীর্ঘতম দিন হ’ল ২১ জুন৷ ভূগোলৰ ভাষাত কোৱা হয় ছামাৰ ছলষ্টিছ৷ এই দিনটোতে গভীৰতম সূর্যগ্রহণ হৈ গ’ল৷ সূৰ্যৰ ৯৯.৪ শতাংশই বলয়গ্ৰাসে ঢাকি পেলালে৷ ভাৰতত পুৱা ৯.১৫ বজাত গ্ৰহণ আৰম্ভ হয়৷ গ্ৰহণ সম্পূৰ্ণকৈ শেষ হয় ৩.৪ বজাত৷ উল্লেখ্য যে দুপৰীয়া ১২.১০ বজাত সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি পেলায়৷ এয়া আছিল বার্ষিক সূর্যগ্রহণ৷ দেওবাৰৰ সূৰ্য গ্ৰহণত ‘ৰিং অব ফায়াৰ’ দৃশ্যমান হয়৷ কিন্তু ভাৰতৰ অধিকাংশ ঠাইতে আকাশ মেঘাচ্ছন্ন হৈ থকাত পৰিষ্কাৰকৈ ক’তো গ্ৰহণ দেখা নগ’ল৷ একমাত্ৰ উত্তৰাখণ্ডৰ ডেৰাদুনত আকাশ পৰিষ্কাৰ থকাত ‘ৰিং অব ফায়াৰ’ ভালদৰে দেখিবলৈ পোৱা যায়৷ সূৰ্যক চন্দ্ৰৰ ছায়াই সম্পূৰ্ণ ঢাকি পেলোৱাৰ পাছত সূৰ্যৰ কৰোনাৰ পৰা বিচ্ছুৰিত পোহৰ কেৱল দেখা যায়৷ ইয়াকে জ্যোতির্বিজ্ঞানত ‘ৰিং অব ফায়াৰ’ বুলি পৰিচিত৷ ইয়াৰ পাছত সূৰ্য গ্ৰহণ হ’ব ২০২২ চনৰ ২৫ অক্টোবৰত৷ আনহাতে পূর্ণগ্রাস হ’ব ২০৩৪ চনত৷ এইবাৰ ভাৰতৰ লগতে ইথিউপিয়া, দক্ষিণ ছুদান, ওমান, ছৌদি আৰব, নেপাল, পাকিস্তান, তিব্বত, তাইৱান আৰু অষ্ট্ৰেলিয়াত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ ভাৰতৰ গুজৰাট, কলকাতা, দিল্লী, পাটনা, ডেৰাদুন, শিলচৰ, মুম্বাই, চেন্নাই আৰু প’ৰ্ট ব্লেয়াৰত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ আনহাতে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত আকাশ মেঘাচ্ছন্ন হোৱাত গ্ৰহণ চাব পৰা নহ’ল৷
সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।
দৈনন্দিন বাৰ্তা ডেস্ক:
মাউণ্ট মেৰাপি: ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিৰ ভিতৰত অন্যতম। সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা সেই আগ্নেয়গিৰিটো পুনৰ উদ্গীৰণ হয় ৷ আগ্নেয়গিৰিৰ মুখৰ পৰা ছাই আৰু গৰম গেছ নির্গত হয় ৷ প্ৰৱল বেগেৰে ওলাই অহা সেই ছাই আৰু গেছে চাৰিদিশ আৱৰি পেলায়৷ এই আগ্নেয়গিৰিৰ পৰা ওলোৱা ছাই ছয় কিলোমিটাৰ ওপৰ পৰ্যন্ত উঠি যায় ৷ সেই গৰম ছাই আৰু গেছৰ বাবে মেৰাপিৰ কাষত থকা লোকসকলক তিনি কিলোমিটাৰ নিলগলৈ যোৱাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মাউণ্ট মেৰাপিৰ উচ্চতা ২৯৬৮ মিটাৰ ৷ সেই পাৰ্বত্য অঞ্চলত প্ৰায় ৫০০ৰো অধিক আগ্নেয়গিৰি আছে৷ সেইবোৰ প্ৰায় সময়তে উদ্গীৰণ হৈ থাকে৷ যোৱা আগষ্ট মাহতো এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল৷ স্মৰ্তৱ্য যে ২০১০ চনত মাউণ্ট মেকাপিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ৩৫০ জন লোকৰ মৃত্যু হৈছিল ৷
দৰঙৰ ঘোঁৰাবান্ধা পঞ্চায়তৰ উপ-সভাপতিৰ নাভূত – নাশ্ৰুত কাণ্ড ৷
দৈনন্দিন বাৰ্তা :
দৰঙত সংঘটিত হৈছে নাভূত – নাশ্ৰুত কাণ্ড ৷ জিলাখনৰ ছিপাঝাৰ সমষ্টিৰ ঘোঁৰাবান্ধা পঞ্চায়তত অঘটন ৷ পঞ্চায়ত সচিব আৰু সভাপতিৰ সন্মুখতে সভাপতিৰ আসনত বহিল উপ-সভানেত্ৰী ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ঘোঁৰাবান্ধা গাঁও পঞ্চায়তত সভাপতি আৰু সচিবৰ সন্মূখতে সংঘটিত হয় নোহোৱা নোপোজা এক ঘটনা । যি ঘটনাই লজ্জিত কৰি পেলাইছে সচেতন মহলৰ লগতে পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগকো । উপ-সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে পঞ্চায়ত সভাপতিৰ ছিপাঝাৰ থানাত এজাহাৰ দাখিল ৷ ঘটনা অনুসৰি পঞ্চায়ত খনত সভাপতি আৰু সচিবৰ আহ্বানত সভাপতিৰ কোঠাত অনুষ্ঠিত হৈছিল এখন বিশেষ সভা । কিন্তু অনাস্থা সম্পৰ্কীয় এই সভাখনত ৭ গৰাকী বিক্ষুব্ধ সদস্য আৰু সদস্যাৰ গোপন নিৰ্দ্দেশত পঞ্চায়তখনৰ বিজেপি দলৰ উপ- সভানেত্ৰী গৰাকীয়ে পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথ আৰু সচিব দীপু কুমাৰ নাথৰ সন্মূখতে সন্মানীয় সভাপতিৰ আসনত বহি সভা চলাবলৈ লোৱাত হতভম্ব হৈ পৰে সভাপতি আৰু সচিব । কোনো ধৰনৰ গুৰু গোসাই নমনা সভাপতিৰূপী উপ-সভানেত্ৰীৰ এনে গৰ্হিত কায্যক পঞ্চায়তখনৰ সচেতন লোকসকলে ধিক্কাৰ দিছে ৷ নীৰ্ভিক আৰু স্পষ্টবাদী পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনোধৰনৰ অভিযোগ নথকা দুৰ্নীতিৰ সৈতে আপোচ নকৰা উদীয়মান সাংস্কৃতিক কৰ্মী হীৰকজ্যোতি নাথক কৌশলেৰে পদবীৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ কৰা অভিসন্ধিৰ বাবে সভাপতি হীৰকজ্যোতি নাথে ছিপাঝাৰ থানাত উপ-সভানেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে সচেতন ৰাইজে উপ-সভানেত্ৰীৰ কাৰ্যত গৰিহণা দিছে ৷

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৫৫ জনলৈ বৃদ্ধি : চুটি কটাই ঘৰৰ পৰা ওভটি অহা মিছা সেনা ছাউনীৰ ১৮ জন সেনা জোৱানো কৰ’ণাত আক্ৰান্ত ।
নগাঁও : অতি উদ্বেগজনক ভাৱে নগাঁঁও জিলাত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। কালি সন্ধিয়াৰ পৰা আজি বিয়লি পৰ্যন্ত জিলাখনত মুঠ ৪৪ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে জনোৱা মতে, যোৱা বাৰ ঘন্টাৰ ভিতৰত জিলা খনত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত বুলি নিশ্চিত কৰা ৪৪গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী সেনা জোৱানো আছে। এওঁলোক জিলা খনৰ মিছা সেনা ছাউনীত কৰ্মৰত। স্বাস্থ্য বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে, এই আটাই কেইগৰাকী সেনা জোৱানেই ছুটী লৈ নিজ নিজ ঘৰলৈ বুলি বহিঃৰাজ্যলৈ গৈছিল। ছুটী অন্ত পৰাত শেহতীয়াকৈ তেওঁ লোক সেনা ছাউনীলৈ ওভটি আহিছিল। কিন্তু বহিঃ ৰাজ্য ফেৰৎ এই সেনা জোৱান কেইজনৰ শ্বাৱ মিছা চাউনীতে সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছিল।আজি তেওঁ লোকৰ ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাত তেওঁ লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইপিনে,জিলা খনৰ বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকো ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে বুলি ডাঃ পাটৰে জনাইছে। কৰ’ণাত আক্ৰান্ত সেনা জোৱান কেইজনক ইতিমধ্যে তেজপুৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ডাঃ পাটৰে জনাইছে। ইপিনে,যোৱা বাৰ ঘন্টাত জিলা খনত কৰ’ণাত আক্ৰান্ত ৪৪গৰাকী লোককে লৈ এই পৰ্যন্ত জিলাখনত ক’ভিড -১৯ পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা ৪৫৪ জনলৈ বৃদ্ধি পালে। এনেদৰে জিলা খনত প্ৰতিদিনে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁৱৰ ৰাইজৰ মাজত শংকা বৃদ্ধি হৈছে। অৱশ্যে জিলা খনত কৰ’ণা আক্ৰান্ত লোক সকলৰ ভিতৰৰ দুজনমানক বাদ দি আটাইবোৰেই বহিঃৰাজ্যৰ পৰা ওভটি অহা লোক। ইতিমধ্যে বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰায় ১১০০০ লোক ওভটি আহিছে। জিলা খনত কৰ’ণাতংকৰ মাজতে ভালেসংখ্যক কৰ’ণা ৰোগী সুস্থ হৈ ঘৰলৈ ওভটি যোৱা পৰিলক্ষিত হৈছে।আজিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালৰ পৰা ১৬জনক আৰু উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালৰ পৰা ৬জন লোক সহ মুঠ ২২জন লোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননীক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন অইল ইণ্ডিয়া লিমিটেডৰ ।
দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত :
যোৱা ২৭ মে’ৰ পূৱা বাঘজান বি জি আৰ ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল তেল সংমিশ্ৰিত গেছ । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে ১৪ দিনৰ দিনা তেল সংমিশ্ৰিত গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বিভিন্নজনৰ ঘৰবাৰী নিঃশেষ হ’ল । উক্ত অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জলাশয়ত জাপ দিয়াৰ ফলত প্ৰাণ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ কৰ্মচাৰী । লএতিয়াও অঞ্চলটোৰ ৰাইজে ভয়ত মৰমৰ নিজ ঘৰখন এৰি এতিয়া থাকিব লগা হৈছে আশ্ৰয় শিবিৰত । বাঘজান কাণ্ডই সমগ্ৰ বাঘজানৰ লগতে মাগুৰি মতাপুং বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৯ জুন তাৰিখৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ WB/DIB/T-396/08-09/243-A/131 নং পত্ৰ যোগে বাঘজান তৈলক্ষেত্ৰৰ সকলো ড্ৰিলিং আৰু খনন কায্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল যদিও অইল ইণ্ডিয়া কৰ্তৃপক্ষই অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননীক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন কৰি আজিও সকলো কাম-কাজ অব্যাহত ৰাখিছে । অইল ইণ্ডিয়াৰ এনে কাৰ্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণে তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শ্ৰীঘে সকলো খনন, ড্ৰিলিং কাৰ্য বন্ধ কৰি জুই নিৰ্বাপনত উঠি পৰি লাগিবলৈ দাবী জনাইছে আৰু ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে । আনফালে সচেতন মহলৰ মাজতো বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । অইল ইণ্ডিয়াৰ এনেধৰণৰ সঠকাৰী সিদ্ধান্তৰ বাবে অনাগত দিনত মাগুৰি মতাপুং বিল, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ অঞ্চটোৰ জৈৱ বৈচিত্ৰ যে একেবাৰে নিঃশেষ যে নহব সেয়া ন-দি কব নোৱাৰি ।
হয় আমাক গুলীয়াই মাৰক ! নহলে আমাক ৰক্ষা কৰক। যমুনামুখৰ নিখাৰি নৈপৰীয়া ৰাইজৰ আতংক ।
ডবকা: যমুনামুখত ভয়াৱহ খহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ । হোজাইৰ যমুনামুখৰ ১০ টা কৈ পৰিয়াল খহনীয়াৰ কবলত পৰিছে । যমুনামুখ পাতিদয়া গাঁৱৰ দহটা পৰিয়ালৰ বাসগৃহ নিখাৰী নৈৰ গৰাখহনীয়াত অধিকাংশ ম্যাদি মাটিসহ বাৰী জাহ যায়। পৰিয়ালকেইটাৰ নিজৰ ম্যাদি পট্টাত থকা কেবাটাও বাসগৃহ ইতিমধ্যেই খহনীয়াৰ কবলত পৰি নৈৰ বুকুত জাহ গৈছে। ভুক্তভোগীৰ মন্তব্য হয় চৰকাৰে আমাক গুলীয়াই মাৰক, নহলে আমাক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰক। খহনীয়াৰ কবলত পৰা দহটা পৰিয়ালৰ মাজত আতংক বিৰাজ কৰিছে । যিকোনো মূহুৰ্ততে বাকীবোৰ ঘৰ কেইটা নৈৰ বুকুত খহি পৰাটো সম্ভাৱনা প্ৰকট হৈ পৰিছে। ভুক্তভোগীৰ দাবী চৰকাৰ তথা স্থানীয় বিধায়কে শীঘ্ৰে এই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক।

















