Home Blog Page 3290

আঘাটপ্ৰাপ্ত শেন চৰাইটোৰ চিকিৎসা ব‍্যৱস্থা কৰে স্থানীয় সংবাদসৱী তথা সচেতন যুৱকে ।

আঘাটপ্ৰাপ্ত শেন চৰাইটোৰ চিকিৎসা ব‍্যৱস্থা কৰে স্থানীয় সংবাদসৱী তথা সচেতন যুৱকে ।

কলিয়াবৰ :  পক্ষী কূলৰ পৰা ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে শেন চৰাই। তেনে এটি শেন চৰাই কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অকস্মাত পৰি যায় এখন চলন্ত স্কুটিৰ সন্মুখত। ঘটনাটো সংঘটিত হয় স্থানীয় সংবাদসেৱী তথা সমাজকৰ্মী প্ৰদীপ লস্কৰৰ ঘৰৰ সমুখত। ডেউকা আৰু বুকুত আঘাট পোৱা চৰাইটোক স্থানীয় পশু চিকিৎসক ডা:  সুৰজ প্ৰতীম কাকতিৰ ওচৰলৈ ততাতয়াকৈ লৈ যায় প্ৰদীপ লস্কৰ আৰু স্কুটি চালক যুৱকজনে। চিকিৎসা সেৱা আগবঢ়োৱাৰ পিচত ক্ৰমাৎ সুস্থ হৈ উঠিছে শেন চৰাইটো। চৰাইটো বিপদমুক্ত যদিও চিকিৎসকৰ পৰামৰ্শ মতে এদিন তত্বাৱধানত শেন চৰাইটো ৰাখি পুনৰ মুক্ত আকাশৰ তললৈ এৰি দিয়া হ’ব বুলি জানিবলৈ দিছে প্ৰদীপ লস্কৰে। দুয়োগৰাকী প্ৰকৃতিপ্ৰেমীৰ এনে কাৰ্য‍্যৰ শলাগ লৈছে কলিয়াবৰীয়া সচেতন মহলে।

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু এজন কৰ্মচাৰী ।

নাজিৰাৰ গেলেকীৰ ডিএছএ অ'এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত পবিত্ৰ বৰা নামৰ কৰ্মচাৰী এজন বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু হয় ।

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ’এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত কৰ্মচাৰীজনৰ নাম পবিত্ৰ বৰা। পবিত্ৰ বৰা ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে। ডি এছ এ ৰ অ’এন জি চিৰ কলনিৰ কোৱাৰেণ্টইন চেণ্টাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক  প্ৰৱেশত বাধা প্ৰদান কৰে অ’এন জি চি নিৰাপত্তাৰক্ষীয়ে। অ’এন জি চিৰ গাফিলতিৰ বাবেই কোৱাৰেণ্টইন শিৱিৰত এইদৰে বিদ্যুৎপিষ্ট হৈ থিতাতে মৃত্যুক সাবটিলে ঠিকাভিত্তিক কৰ্মচাৰী পবিত্ৰ বৰাই। মৃত পবিত্ৰ বৰাই কোৱাৰেণ্টইন শিৱিৰত ৰোগীৰ খাদ্য যোগানৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্ব পালন কৰি আহিছিল। ঘটনাৰ খবৰ পাই গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বৰাৰ মৃতদেহ জীম্মাত লয় আৰু আজি শিৱসাগৰ জিলা অসামৰিক চিকিৎসাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

কন্টেইনমেন্ট জ’ন ঘোষণা কেৱাৰীচুক গাওঁ ।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তি বৰা(২১) নামৰ যুৱতীগৰাকীৰ দেহত ক'ভিড-১৯ৰ উপস্থিত ধৰা পৰে ।

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্তক কালি নিশা চিনাক্ত কৰা হয়। ক’ভিড-১৯ৰ উপস্থিত ধৰা পৰা যুৱতীগৰাকী হ’ল অঞ্চলটোৰ গেৰেকীচুক (কেৱাৰীচুক)ৰ শান্তি বৰা(২১)। কৰ্মসূত্ৰে দিল্লীৰ নইদাত থকা যুৱতীগৰাকী ৰাজ্যলৈ ঘূৰি অহাৰ পাছত তেজপুৰৰ ডন বস্কুৰ কোৱাৰেন্টইন শিবিৰৰ আছিল আৰু তাতে যুৱতীগৰাকীৰ স্বোৱাব পৰীক্ষা  কৰা হয়। স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত যুৱতীগৰাকী হোম কোৱাৰেন্টইনৰ বাবে পঠিয়াই দিয়া হয়। যোৱা ১৩ জুনত জামুগুৰিহাটৰ নিজা ঘৰলৈ আহি হোমা কোৱাৰেন্টইনত থকা যুৱতীগৰাকী দুদিন ঘৰত থকাৰ পাছত  জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগৰ লগত   যোগাযোগ কৰা হয় আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা যুৱতীগৰাকীক নাগশংকৰ হাইস্কুলত থকা কোৱাৰেন্টইন শিবিৰৰ ভৰ্তি কৰোৱাৰ লগতে পুনৰ যুৱতীগৰাকী দেহৰ স্বোৱাব পৰীক্ষাৰ বাবে বিশ্বনাথ চাৰিআলিৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। কালি নিশা পৰীক্ষাগাৰৰ পৰা অহা ফলাফলত যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯  উপস্থিত ধৰা পৰে। ইফালে যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯ উপস্থিত ধৰা পৰাৰ পিছত আজি পুৱাৰ ভাগত জিলা প্ৰশাসনৰ ফালৰ পৰা আক্ৰান্ত যুৱতীগৰাকীৰ গাওঁ জামুগুৰিহাটৰ কেৱাৰীচুক অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা ভেলৌগুৰিত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা দুই অভিযুক্ত আৰক্ষীৰ জালত।

ডবকা :

জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছিল ১৬ জুনৰ   নিশা ৯ মান বজাত। পিতৃ হীনা কিশোৰীগৰাকী ঘৰত অকলে বুলি জানিব পাৰি ভেলৌগুৰি আদৰ্শ গাঁৱৰ  চনি গৌড় আৰু উৎপল বৰাৰ নেতৃত্বত এদল পাষণ্ডৰ দলে উপৰ্যুপৰি  ধৰ্ষণ কৰি হত্যা কৰে। ঘৰৰ কাষতেই থকা স্থানীয় অৰুপ পানিকা আৰু অনিল পানিকাই গুণ গুনণি শব্দ শুনি চিঞৰ-বাখৰ কৰাত নৰপিশাচৰ দাৰ আক্ৰমণত অনিল পানিকাও  গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই মঙ্গলবাৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালক মৃতদেহ চমজাই দিয়ে। মঙ্গলবাৰে বিয়লিৰ ভাগত ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত চনি গৌড় নামৰ   লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি দ্বিতীয়জন অভিযুক্ত  উৎপল বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাকী লম্পটকেইটা সম্প্ৰতি পলাতক হৈ আছে। এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ডবকাৰ হোজাইৰ দল সংগঠনে। ইপিনে গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্তক আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি পুনৰ সাত দিনৰ আৰক্ষীৰ জিম্মালৈ আনি অধিক তদন্ত অব্যাহত ৰাখিছে।

হোজাইৰ নীলবাগানত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ এক প্ৰশংসনীয় পদক্ষেপ ।

হোজাইৰ নীলবাগানত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ এক প্ৰশংসনীয় পদক্ষেপ ।

ডবকা : যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোৱাৰেন্টাইন কেন্দ্ৰ/হোম কোৱাৰেন্টাইন হৈ থকা  লোক সকলৰ একাংশই স্বাস্থ্য কৰ্মী আৰু আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত  হৈ আহিছে, তেনে সময়তে হোজাই জিলাৰ নীলবাগান দাৰুল উলুম মেথিগাঁও মাদ্ৰাছা চৌহদত মায়ানগৰী মুম্বাইৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা ব্যক্তি সকলে অন্য এক মানৱীয় নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ লকডাউনৰ ফলত মছজিদ-মাদ্ৰাছাৰ চৌহদত জাৱৰৰ দমে ভৰি পৰাত বহি:ৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা লোকসকলে মাদ্ৰাছা চৌহদত চাফাই অভিযান কৰাৰ লগতে বৃক্ষৰোপণো কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়৷ এই সকলৰ আচৰণত সন্তুষ্টি প্ৰকাশ কৰি এই লোকসকলক স্থানীয় যুৱ সমাজ, চৰকাৰী গাঁওবুঢ়া, ভিডিপি আদিৰ বিষয়ববীয়াসকলে ধন্যবাদ জনোৱাৰ লগতে কোৱাৰেন্টাইন হৈ থকা  এই ব্যক্তিসকলে স্থানীয় প্ৰশাসনৰ লগতে অসম চৰকাৰকো ধন্যবাদ জনায়৷

পিতাইৰ নাঙলৰ মুঠিত সপোন…

দৈনন্দিন বাৰ্তা :

অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে এষাৰ কথা কৈছিল, ‘যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে,’। কিন্তু এই কথাষাৰ প্ৰকৃতাৰ্থত আজিৰ অসমীয়াই কিমান উপলব্ধি কৰিব পাৰিছে। সৰহ সংখ্যক অসমীয়াই পৰা নাই। সীমিত সংখ্যক কোনোবা থলগিৰি ডেকাই পাৰিছে যদিও তেওঁ কোনোবাখিনিত থমকি ৰ’বলগীয়া হৈছে। সংগ্ৰামৰ এই ক্ষেত্ৰখনত কিমানজন শিক্ষিত নিবনুৱাই আত্মনিয়োগ কৰিব পাৰিছে! কেৱল মাত্ৰ চৰকাৰী চাকৰীৰ লালসাত বহি থাকিয়েই জীৱনৰ মূল্যবান সময়খিনি অবাবত নষ্ট কৰাৰ প্ৰয়োজন আছে জানো! সৌ সিদিনালৈকে ডিঙিত গামোচা লৈ বুকু ফিন্দাই থলুৱা নিবনুৱা যুৱকক কৰ্ম-সংস্থাপন দিয়াৰ কথা কৈছিল কোনোবা মন্ত্ৰীয়ে। কাৰ্যক্ষেত্ৰত সেইয়া সম্ভৱ হ’ল জানো? গতিকে আমি নিজৰ ভৱিষ্যত নিজেই নিৰূপণ কৰিব লাগিব। গ্ৰাম্য জীৱনৰ  ৰীতি-নীতি, ধৰ্মীয়-পৰম্পৰা, আচাৰ-ব্যৱহাৰ, লোক-সংস্কৃতি, বিশ্বাসক আকোৱালী লৈয়ে ডাঙৰ হৈছোহি। জীৱনৰ বাকী কালছোৱাও গাঁওতেই থাকি আগুৱাম বুলি উপলব্ধি কৰিব পাৰিছো। জীৱনৰ সংগ্ৰামবোৰ দেখি আহিছো গাঁওতেই। প্ৰতিটো খোজতেই সংগ্ৰাম বুকুত বান্ধি পোৱা-নোপোৱাৰ বহু উজাগৰী দিন পাৰ কৰিছো। পথাৰতেই আমাৰ সপোনবোৰ ফুলাইছো। পিতাইৰ নাঙলৰ মুঠিত সপোন দেখিছো, আইৰ দুচকুত দেখিছো প্ৰাপ্তিৰে ভৰা স্নিগ্ধ পোহৰ। আমাৰ গাঁৱৰ প্ৰতিজনেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। বাৰিষা খেতিৰ দিনত কপাঁলৰ ঘাম মাটিত পেলাই আঘোণত সোণোৱালী ধাননিৰ ৰূপ সৌন্দৰ্যই আলোড়িত কৰে।  আমি কোনোকালেও সংকোচ কৰা নাই ক’বলৈ মোৰ পিতাই যে পথাৰৰ সৈনিক। অফিচৰ টেবুলৰ তলেৰে ঘোচ লোৱা কাৰোবাৰ দেউতাতকৈ মোৰ পিতাইয়ে প্ৰকৃত আৰু সত্য। সিদিনা টেলিভিছনৰ পৰ্দাত দেখিবলৈ পালো এজনী ছোৱালীয়ে কোৱা,’ মোৰ দেউতাই গাহৰি কাটে’, কথাষাৰ বাকীসকলে উপেক্ষা কৰি হাঁহি খিকিন্দালি কৰিলে। কিয় এনে হৈছে? আমি কিয় ক’ব নোৱাৰিম সঁচা কথাটো যে মোৰ পিতাই খেতিয়ক বুলি। কিহৰ ইমান ঠাট্টা, কিহৰ ইমান শংকা। বহু ল’ৰা-ছোৱালীয়ে কবলৈ লাজ পায় মোৰ দেউতা খেতিয়ক বুলি। উচ্চ শিক্ষিত অভিজাত শ্ৰেণীৰ লগত সমানে ফেৰ মাৰিব নোৱাৰ কাৰণে আমাৰ শংকা নেকি? আমি মধ্যবিত্তীয়। তথাপিওতো কাৰোৰে ওচৰত ভিক্ষা নকৰাকৈ সুন্দৰভাৱে দুবেলা দুসাঁজ খাই জীয়াই আছো। সমাজৰ উচ্চ শিক্ষিত ভিক্ষাৰীতকৈ আমাৰ পথাৰৰ সংগ্ৰামবোৰ বহু ওপৰত। আমি টেলিভিছনৰ পৰ্দাত প্ৰায়ে দেখিবলৈ পাওঁ সমাজৰ একাংশ অভিজাত্য লোকে নিম্ন মধ্যবিত্তীয় লোকসকলক নিন্দা আৰু উপভোগৰ পাত্ৰ বনোৱা। কিয় এনে হ’য়?  সমাজত তেওঁলোকৰ লগত সমান আসন নোপোৱাৰ আঁৰত আছে আমাৰ মধ্যবিত্তীয় জীৱনৰ সংগ্ৰামবোৰ। আমি গাঁৱৰ মানুহ কৃষিকৰ্মক কেন্দ্ৰ কৰিয়েই আমাৰ ভৱিষ্যত নিৰূপণ কৰিব লাগিব। আমি দেখি আহিছো পথাৰত পিতাইয়ে কৰা সংগ্ৰামবোৰ। পিতাইৰ ঘৰ্মাক্ত দেহৰ ফচল সোণবৰণীয়া ধাননিডৰা আমাৰ হেঁপাহ আৰু সপোন। মই কৈ থকা কথাবোৰৰ প্ৰাসংগিকতা বিচাৰি পাইছেনে? নিশ্চয় পাইছে নহয়! এই সংগ্ৰামবোৰ পিতাই আমাক লৈ জীয়াই থাকিবৰ বাবে কৰা সংগ্ৰাম। আমি পিতাইৰ সপোনবোৰক লৈ আমাৰ ভৱিষ্যতক আৰু অধিক সপোন দেখিব নোৱাৰোনে? আমি পথাৰ আৰু বজাৰ ৰক্ষা কৰি কৃষিকৰ্মক আমাৰ উপাৰ্জনৰ পথ হিচাপে লব নোৱাৰোনে? সমাজত উচ্চ অভিজাত্য লোকসকলৰ লগত সমানে আগুৱাবলৈ কৃষিবিপ্লৱ কৰি উপাৰ্জনৰ পথ মোকলাব নোৱাৰোনে? বৰ্তমান কৃষিবিপ্লৱৰ জড়িয়তে বহু লোক স্বাৱলম্বী হৈছে, তেওঁলোক আমাৰ আদৰ্শ হ’ব নোৱাৰেনে? আমি কেৱল ইন্টাৰনেটৰ দুনীয়াত সীমাবদ্ধ নাথাকি পথাৰলৈও ওলাই আহিব নোৱাৰোনে। আজিৰ নৱ-প্ৰজন্মই বুজিবনে পথাৰ আৰু বজাৰ ৰক্ষাৰ প্ৰাসংগিকতা। পথাৰ আৰু বজাৰ ৰক্ষা কৰিবলৈ আজিৰ নৱ-প্ৰজন্মই পণ লোৱা উচিত। টেলিভিছন, বাতৰিকাকতত আজিকালি প্ৰায়ে দেখিবলৈ পাইছো কোনোবাজন অসমীয়া স্বাবলম্বী হৈছে হাঁহ,কুকুৰা,গাহৰি পুঁহি,কোনোবাজন স্বাবলম্বী হৈছে মৎস্য উৎপাদন কৰি, কোনোবাজন কেঁচা শাক-পাচলি খেতিকে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে। এইসকলক আদৰ্শ হিচাপে লৈ ওলাই আহিবনে নিবনুৱা শিক্ষিত যুৱক সকল। বিজ্ঞানসন্মত ভাৱে আজিকালি ধেৰ কৃষিকাৰ্য কৰাৰ উদাহৰণ আছে। অসমৰ জলবায়ু আৰু ভৌগোলিক অৱস্থাও কৃষিকৰ্মৰ বাবে উপযোগী। আৰ্থিক দুৰ্বলাও আজিকালি কাৰণ হ’ব নোৱাৰে, বেংকে কৃষিলোণৰ ব্যৱস্থা কৰিছে সুন্দৰকৈ। কৰ্মবিমোখ অসমীয়া বুলি বাহিৰাগতই হঁহাতকৈ নি:সন্দেহে আমি পশুপালন বা কৃষিবিপ্লৱৰ জৰিয়তে আমাৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰি অসমীয়াৰ স্বাভিমান জীয়াই ৰাখিব পাৰো।

জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকৰ্মী অভিযন্তাক ছুৰিকাঘাতৰ ঘটনা : অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল অভিযুক্ত কনিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰা ।

নাজিৰা : জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাৰ মাজত সংঘটিত হোৱা ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত অৰুণ চন্দ্ৰ বৰা নামৰ কণিষ্ঠ অভিযন্তা গৰাকী অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল। এক সূত্ৰৰ পৰা জনা মতে অভিযুক্ত কণিষ্ঠ অভিযন্তা গৰিকীক বিভাগীয় কৰ্ত্পক্ষই যোৱা কালি এক নিৰ্দেশ মৰ্মে যোৱা ১৪ মে’ ৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰিছিল। উল্লেখযোগ্য যে, জলসম্পদ বিভাগৰ নাজিৰা উপ — সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰাক লকডাউন অব্যাহত থকাৰ সময়তে যোৱা ১৩ মে’ ৰ নিশা ঐকে কাৰ্যালয়ৰ সহকৰ্মী কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাই মদৰ ৰাগিত মাতালহৈ পেটত প্ৰচণ্ড জোৰত তীক্ষ্ণ ছুৰীৰে আঘাত কৰে। দৈব্যক্ৰমে সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰিৰ প্ৰাণ ৰক্ষা পৰে যদিও আঘাত গুৰুতৰ হোৱাত তেওঁ চিকিৎসালয়ত ভৰ্তি হ’বলগাত পৰে । উক্ত ঘটনাৰ পিছতেই শিমলুগুৰি আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই নিজাববীয়াকৈ অৰুণ চন্দ্ৰ বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ইফালে ঘটনা সংঘটিত কৰি কাৰ্যালয়টোৰ পৰা পলায়ন কৰা অভিযুক্ত কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাক তদন্ত কাৰী আৰক্ষী বিষয়াই যোৰহাটৰ নিজা ঘৰৰ পৰা ভাৰতীয় দণ্ডবিধি ৩২৬ , ৩০৭ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে । ১৫ মে’ ত আদালতে অভিযুক্ত বৰাক জেল হাজোতলৈ নিক্ষেপ কৰে। ইফালে অৰুণ চন্দ্ৰ বৰাৰ পৰিয়ালৰ ফালৰ পৰাও সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰাই কাৰ্যালয়তে অৰুণ চন্দ্ৰ বৰাক মাৰপিট কৰা বুলি এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত শান্তনু বৰাৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰে । কিন্তু সেই দিনা নিশা কাৰ্যালয়টোত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাই কি কাম কৰি আছিল বা কি বিষয়কলৈ দুয়োগৰাকীৰ মাজত মাৰপিট আৰু পিছত ছুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছিল, সেয়া বৰ্তমানো ৰহস্যৰ মাজত। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মদৰ বটল আৰু গিলাচ উদ্ধাৰ কৰা বুলি প্ৰকাশ। সেই সময়ত কাৰ্যালয়ত এগৰাকী ৰান্ধনী আৰু শাখা সহায়কজন উপস্থিত আছিল। তেওঁলোকে ৰক্তাক্ত অৱস্থাত পৰি থকা শান্তনু বৰাক চিকিৎসালয়লৈ নিছিল। আৰক্ষীয়ে এই পৰ্যন্ত শান্তনু বৰাক হত্যাৰ উদ্দেশ্যে পেটত আঘাত কৰা ছুৰীখন অৰুণ চন্দ্ৰ বৰাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তীক্ষ্ণ ছুৰীখন কণিষ্ঠ অভিযন্তা গৰাকীয়ে ক’ত লুকুৱাই ৰাখিছে,  তাকলৈ ৰাইজৰ মাজত আলোচিত হৈছে। এক সূত্ৰে জনা মতে , কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিচতেই তদন্তকাৰী আৰক্ষী বিষয়াই শিৱসাগৰ জিলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰক লিখিতভাৱে অৱগত কৰিছিল। তৎসত্বেও কনিষ্ঠ অভিযন্তা গৰাকীক নিলম্বিত কৰাৰ বাবে ইমান সময় কিয় প্ৰয়োজন হ’ল। বিভাগীয় কৰ্তৃপক্ষলৈ শিৱসাগৰ জিলা সংমণ্ডল কাৰ্যালয়ৰ পৰা অৰুণ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ নিক্ষেপ কৰাৰ তথ্য প্ৰেৰণত কোনো বিষয়াই ইচ্ছাকৃতভাৱে বিলম্ব কৰিছিল নেকি , তাক লৈও বিভাগটোৰ ভিতৰে — বাহিৰে চৰ্চা হৈছে। অভিযোগ অনুসৰি সহকাৰী কাৰ্যবাহী অভিযন্তাক ছুৰীৰে আঘাত কৰাৰ সময়ত কণিষ্ঠ অভিযন্তা গৰাকীয়ে ম’বাইল ফোনত কাৰোবাৰ লগত কথা পাতি আছিল । প্ৰকৃতাৰ্থত কাৰ লগত তেওঁ কথা পাতিছিল। সহকাৰী কাৰ্যবাহী অভিযন্তাক হত্যাৰ বাবে চেষ্টা চলোৱা বিষয়টোৰ আৰত জলসম্পদ বিভাগৰ কোনো বিয়াগোম বিষয়াৰ উচতনি আছে নেকি, তাৰ প্ৰকৃত তথ্য আহৰণৰ বাবে ছুৰিকাঘাতৰ সময়ত কণিষ্ঠ অভিযন্তাই কাৰ লগত কথা পাতিছিল, এই তথ্য পোহৰলৈ অহাতো অতিকে প্ৰয়োজন । যাৰ বাবে ৰাইজে যোৱা ১৩ মে’ৰ নিশা ঘটনাৰ সময়ৰ লগত সংগতি ৰাখি কণি অভিযন্তাৰ ম’বাইল ফোননৰ কল ডিটেইলছ পৰীক্ষা কৰাৰ বাবে দাবী উত্থাপন কৰিছে । 

বকোৰ ছমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ ।

বকোৰ ছমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ ।

সোণতলী : 

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে জনসম্পৰ্ক অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ জনসম্পৰ্ক অভিযানকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোডী চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ এটি খতিয়ান আৰু ৰাজ্য চৰকাৰৰ বৰাক,  ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ লগতে চাৰি বছৰীয়া কাৰ্যকালত আমি কি কি উল্লেখযোগ্য কাম কৰিলো, এই সফলতাৰ খতিয়ানখনো ৰাইজৰ হাতত অৰ্পন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ৰাজ্যবাসীৰ মিলিত প্ৰচেষ্টাৰে এইখন চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিৰ সফল ৰূপ দিয়াৰ বাবে আন্তৰিকতাৰে সহযোগ আগবঢ়োৱাৰ বাবে অসমবাসীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ কৃতজ্ঞতাৰ লগতে শ্ৰদ্ধা প্ৰকাশ কৰে৷ ছমৰীয়া সত্ৰখনক ভাৰতবৰ্ষৰ বুকুত এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া আৰু আধ্যাত্মিক, কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে অসমৰ জনগণক সকলো সময়তে মানৱীয় অনুভুতি জগাই তোলা৷ বহিঃৰাজ্যৰ পৰা সু-সন্তানসকল অসমলৈ ঘুৰি অহাৰ পিচত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান তথা স্বাস্থ্য বিভাগৰ পৰামৰ্শ,  নীতি-নিৰ্দেশনা সকলোৱে নিষ্ঠাৰে মানি চলিব লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিক আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজি দুপৰীয়া প্ৰথমে ছমৰীয়া সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা জনায়৷ সত্ৰৰ ভকতসকলে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ পিচত মুখ্যমন্ত্ৰী সত্ৰৰ ভিতৰলৈ গৈ ভকতৰ সৈতে প্ৰায় ২৫ মিনিট সময় কটায়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যিক বিশেষ আঁচনিৰ পুঁজিৰে ৫০ লাখ টকাৰে ছমৰীয়া সত্ৰৰ পকী বেৰ নিৰ্মাণৰ আধাৰশিলা কৰে৷ ইয়াৰ পিচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছমৰীয়াৰ ১৫ জন ব্যক্তিৰ ঘৰে ঘৰে গৈ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰে৷ সেইসময়ত মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিটো পৰিয়ালৰ তৰফৰ পৰা বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনায়৷ কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নিলোপম দাস, মিত্ৰজোঁট অগপৰ বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস,  বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ মমিনুল আৱাল উপস্থিত থাকে৷

নলবাৰীত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল ।

নলবাৰীত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল ।

নলবাৰী :

নলবাৰীৰ  বিজেপিৰ  কাৰ্যালয়ত আজি বিয়লি অনুষ্ঠিত  সংবাদ  মেল যোগে  অসম চৰকাৰৰ  চাৰিটা বছৰ সাফল্য আৰু কেন্দ্ৰীয়  চৰকাৰৰ সাফল্যৰ খতিয়ান ডাঙি ধৰে আইন আৰু  গুৱাহাটী  উন্নয়ন  মন্ত্ৰী  সিদ্ধাৰ্থ  ভট্টাচাৰ্যই । বিটিচিত  বিপিএফৰ লগত বন্ধুত্ব  সুলভ প্ৰতিদ্বণ্ডিতা হব  বুলি তাৎপৰ্যপূৰ্ণ  মন্তব্য কৰাৰ লগতে আগন্তুক বিধান সভাৰ নিৰ্বাচনত নতুন মুখে অগ্ৰাধিকাৰ পাব বুলিও ব্যক্ত কৰে মন্ত্ৰী  সিদ্ধাৰ্থ  ভট্টাচাৰ্যই । ইপিনে  অসম চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকালত  ২২২ বৰ্গ কিলোমিটাৰ নতুন বনাঞ্চল বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰে আৰু  দহকোটি গছ পুলি ৰোপনৰ লক্ষ্য লোৱা  হৈছে বুলিও ঘোষণা কৰে । তদুপৰি ১১৫৩০২ গৰাকী  কৃষকক ৰাজসাহাৰ্য  দিয়া  হৈছে  আৰু দক্ষতা বিকাশৰ জৰিয়তে  নিবনুৱা  সমস্যা  সমাধানত  গুৰুত্ব  প্ৰদান  কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলি ও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে । আনহাতে  ১৫৩০৩১ আত্ম সহায়ক  গোটক ২১৯ʼ৭৯ কৌটি টকা  অনুদান দিয়া হৈছে বুলিও ব্যক্ত কৰে মন্ত্ৰী  সিদ্ধাৰ্থ ভট্টাচাৰ্যই । সমান্তৰালভাৱে দুৰ্নীতি বন্ধ  কৰা হৈছে বুলি কোৱা ৰ লগতে বিভিন্ন  আঁচনিৰ হিতাধিকাৰিক প্ৰত্যক্ষ  ভাবে  বেঙ্কৰ জৰিয়তে  টকা দিয়াৰ  ব্যৱস্হা  কৰি বুলিও ঘোষণা কৰে । উল্লেখ্য যে ২০২১ চনত নিৰ্বাচনৰ কৌশল সলনি হব বুলিও তাৎপৰ্যপূৰ্ণ  মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । আজিৰ এই সংবাদ মেলত স্থানীয় বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ সহ প্ৰমুখ্যে বহু কেইজন দলীয়কৰ্মী উপস্থিত থাকে ।

ক’ৰোনাৰ বাবে নিয়ম সলনি কৰিবলৈ বাধ্য হ’ল ৰামনুজনৰ অধ্যক্ষই : ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন ব্যৱহাৰৰ অনুমতি ।

নগাঁও :

উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহত চমকপ্রদ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত মোবাইল ফোন অথবা লেপটপ ছাত্ৰ-ছাত্ৰীৰ বাবে নিষিদ্ধ কৰাৰ বাতৰিয়ে প্ৰতিবাৰেই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে । বিশেষকৈ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানখনৰ  অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ মতে এনড্ৰইদ মোবাইল ফোন, লেপটপ অথবা ইণ্টাৰনেটে  উচ্চতৰ মাধ্যমিকৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি একাগ্ৰতা হ্ৰাস কৰে। ফলস্বৰূপে প্ৰতিবছৰেই বহু ছাত্ৰ-ছাত্ৰীক গোপনে মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে শাস্তি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা প্রতিষ্ঠানখনলৈ লগত অনা বহু দামী এনড্ৰইদ ফোন নষ্ট কৰি পেলোৱা হয়। আনকি কনিষ্ঠ মহাবিদ্যালয়খনত নতুনকৈ নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক পূৰ্বৰ ভাঙি পেলোৱা তেনে মোবাইল ফোন সমূহ দেখুৱাই সন্তানক মোবাইল ফোন নিদিবৰ বাবে অধ্যক্ষ তথা কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সকীয়নি প্ৰদান কৰি আহিছিল । কিন্তু চলিত বর্ষৰ মাৰ্চ মাহৰ পৰা কৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সমগ্র দেশত জাৰি কৰা লকডাউনৰ ফলত যাতায়াত, বাণিজ্য আদিৰ লগতে শৈক্ষিক ক্ষেত্রখনতো স্থবিৰতাই দেখা দিয়ে। তেনে পৰিস্থিতিত  ইন্টাৰনেটৰ সহায়ত অনলাইন যোগে নিজ গৃহত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক নিজ নিজ শিক্ষা প্রতিষ্ঠানে শিক্ষা দানৰ ব্যৱস্থা কৰে।সেয়ে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ ওপৰত আৰোপ কৰি অহা মোবাইল ফোন ব্যৱহাৰৰ নিষেধাজ্ঞা উঠাই লবলৈ বাধ্য হয় শিক্ষা প্রতিষ্ঠানখনৰ কৰ্তৃপক্ষ। পূৰ্বৰ কঠোৰ সকীয়নিৰ বিপৰীতে এইবাৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক  অধ্যক্ষ দিলীপ কুমাৰ বৰাই এনড্ৰইদ মোবাইল ফোন ক্ৰয়ৰ  পৰামৰ্শহে দিয়ে। অধ্যক্ষ গৰাকীৰ মতে কৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে হয়তো বহুদিনলৈকে অনলাইন ক্লাছৰ জৰিয়তে পাঠদান কৰা হ’ব প্ৰায়বোৰ শিক্ষানুষ্ঠানতে। ইতিমধ্যে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত অনলাইন ক্লাছৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি থকা হৈছে আৰু একে পদ্ধতিৰে নতুনকৈ নামভৰ্তি কৰা সকলকো পাঠদান কৰা হ’ব । এনে পৰিস্থিতিত এনড্ৰইদ ফোন অবিহনে ছাত্ৰ-ছাত্ৰীয়ে  পাঠদান গ্ৰহণ কৰাটো অসম্ভৱ হব। যাৰ পৰিণতিত এইবাৰ ৰামানুজনৰ অধ্যক্ষই এই নিয়ম সলনি কৰিবলৈ বাধ্য হৈছে। বহুতে ইয়াক কৰ’না ভাইৰাছৰ পাৰ্শ্বক্ৰিয়া বুলি মন্তব্য কৰে ।