Home Blog Page 3291

আলোকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।

আলোকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

জামুগুৰিহাট :

বিশ্বনাথ জিলাৰ নাগশংকৰ মৌজাৰ এক অন্যতম সামাজিক, সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান আলোকৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী নাগশংকৰ দেৱালয়ৰ সহভূমি চমাৰ দলনিস্থ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহ প্ৰাঙ্গনত এক অনুষ্ঠুপিয়া সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই সভাতে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দক্ষিণ নাগশংকৰ অঞ্চলৰ কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই সফল শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনতো সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি সমাজৰহৈ কাম কৰাৰ মানসিকতালৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলাকান্ত শৰ্মাই আলোকৰ উদ্যোগৰ শলাগ লোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক ন-উদ্যমেৰে আহিবলগীয়া দিনত পঢ়াত মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছতেই বৃহত্তৰ চমাৰ দলনি অঞ্চলৰ মুঠ আঠগৰাকী ছাত্ৰ-ছাত্ৰীক এখনি ফুলাম গামোছা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সমজুৱাৰ হৈ স্থানীয় শিক্ষক তথা যুব লেখক অঞ্জন বাচকোটাই আলোকৰ সময়োপযোগী পদক্ষেপৰ শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কেৱল সফলতাৰ পিছত নোদৌৰি এগৰাকী হৃদয়বান মানুহহৈ প্ৰয়োজনত সমাজ, জাতি আৰু ৰাষ্ট্ৰ নিৰ্মাণত আগবাঢ়ি যাবলৈ উদঙনি যোগায়। আলোকৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ শইকীয়াই আঁতধৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মা, শিক্ষক দামোদৰ বৰাল, কমল শৰ্মা, নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাৰ লগতে আলোকৰ সভাপতি পৰেশ শইকীয়া, সম্পাদক বিমান শইকীয়া, বিষয়ববীয়া প্ৰণৱ শইকীয়া, পিংকু গায়নকে প্ৰমূখ্য কৰি অন্যান্য  সদস্যসকল উপস্থিত আছিল। সভাৰ শেষান্তত আলোকৰ প্ৰাক্তন সভাপতি পুতুল বৰাই কৃতী শিক্ষাৰ্থীৰ প্ৰতি আশীষ বচন দিয়াৰ উপৰিও শলাগৰ শৰাই আগবঢ়ায়।

হোজাইত আছাম টার্গেটেড ছার্ভিলিয়েঞ্চ প্রগ্রাম ” (ATSP)। এসপ্তাহৰ ভিতৰত ৫০ হেজাৰতকৈ অধিক লােকৰ কোভিড -১৯ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষা কৰা হব।

হোজাই :

সমগ্ৰ দেশৰ লগতে অসমতাে কভিড – ১৯’ক আৰু অধিক কাৰ্য্যকৰীভাৱে প্ৰতিৰােধ আৰু নির্মুল কৰাৰ লক্ষ্যৰে অসমৰ স্বাস্থ্য বিভাগে ১৭ জুন ২০২০ তাৰিখৰ পৰা “ আছাম টার্গেটেড ছার্ভিলিয়েঞ্চ প্রগ্রাম ” ( ATSP ) শীর্ষক এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছে । ইয়াৰ অধীনত সংক্রমণৰ সম্ভাৱনা থকা অঞ্চল সমূহত আগন্তুক এসপ্তাহৰ ভিতৰত ৫০ হেজাৰতকৈ অধিক লােকৰ কোভিড -১৯ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষা কৰা হব । এই কাৰ্য্যসূচীৰ অধীনত আৰক্ষীকে ধৰি তৃণমূল পৰ্য্যায়ত কৰ্মৰত বিষয়া সকল , চিকিৎসক , নার্চ , আশাকর্মী সকল , ট্রাক পার্কিং স্থান , সামগ্রী উঠোৱা- নমােৱা কেন্দ্র , গুদামঘৰ , ৱে ব্রীজ , ধাবা আদিত কৰ্মৰত লােকৰ পৰা এই স্বাস্থ্য পৰীক্ষা কৰা হব । তাৰােপৰি নিলগীকৰণ কেন্দ্র হিচাবে ব্যৱহাৰ কৰা হােটেল কর্মচাৰীকে ধৰি প্রতিষ্ঠানিক নিলগীকৰণৰ পৰা মুকলি কৰা ব্যক্তিৰ বাসগৃহৰ পৰিয়ালৰ সদস্য আৰু সহ – আৱাসীসকলকো ATSP ৰ অধীনত সামৰি লােৱা হব । এই কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি আজি হােজাই জিলাতাে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ তত্বাৱধনাত কভিড -১৯ প্ৰতিৰােধৰ লগত জৰিত বিভিন্ন বিষয়া আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত হােজাই জিলাৰ উপায়ুক্ত ডাঃ সদনেক সিংয়ে এই কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে । এই কৰ্য্যসূচীত উপায়ুক্ত ডাঃ সদনেক সিং , অতিৰিক্ত উপায়ুক্ত প্রশান্ত বৰুৱা , অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস , উপ – আৰক্ষী তাধীক্ষক সুমন চক্রবর্তী , সহকাৰী আয়ুক্ত ডেভিদ কুমাৰ বৰা আদি কৰি প্রায় ৩০০ জন বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে  নিজৰ নিজৰ স্বাৱ নমুনা পৰীক্ষণৰ বাবে প্রদান কৰে

কলিয়াবৰৰ জন-অৰণ‍্যত বন‍্যহস্তীৰ জাক : সদ‍্যজাত পোৱালীসহ ১১ জনীয়া হাতীৰ জাক ।

কলিয়াবৰৰ জন-অৰণ‍্যত বন‍্যহস্তীৰ জাক ।

কলিয়াবৰ :

জন-অৰণ্যত বন্যহস্তীৰ জাক। কলিয়াবৰ মথৌখাট-বামুনীৰ এখন ক্ষূদ্ৰ চাহ বাগিচাৰ হাবি কাষৰীয়া ঠাইত নিশাৰ পৰা থিতাপি লৈছে সদ‍্যজাত পোৱালিসহ এঘাৰটা বনৰীয়া হাতীৰ জাকে। ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত ব‍্যস্ত হৈ পৰিছে। অঞ্চলটোত অৱশ‍্যে হাতীৰ জাকটোৱে বিশেষ কোনো ধৰণৰ ক্ষয়-ক্ষতি কৰা নাই।

নলবাৰীত জ্বলিল চীনৰ ৰাষ্ট্ৰপতি প্ৰতিমূৰ্তি সহ পতাকা।

নলবাৰীত জ্বলিল চীনৰ ৰাষ্ট্ৰপতি প্ৰতিমূৰ্তি সহ পতাকা।

নলবাৰী :

সমগ্ৰ বিশ্বজুৰি এতিয়াও অব্যাহত আছে কৰণা ভাইৰাচৰ সন্ত্ৰাস । এনে মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ সময়তে বৰ্তমান  ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ চীন সৈতে যুদ্ধ সংকুল বাতাবৰণৰ সৃষ্টি হয় আছে । তেনে সময়তে লাডাখৰ চীন ভাৰতৰ সীমান্তত ভাৰতীয় সেনাবাহিনী আৰু চীনৰ সেনাবাহিনীৰ মাজত সংঘটিত হোৱা তুমুল সংঘৰ্ষত নিহত হোৱা ভাৰতীয় সেনাৰ প্ৰতি শ্ৰদ্ধা জনাই নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিয়ে চীনা সামগ্ৰী বৰ্জনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলা খনৰ হৰিমন্দিৰ চকৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চীনৰ ৰাষ্ট্ৰপতিৰ লগতে চীনৰ দেশৰ পতাকা দাহণ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ,চীন দেশ হায় হায়,চীনা সামগ্ৰী বৰ্জন কৰক আদি প্ৰতিবাদী শ্লগান দি চহৰৰ পৰিবেশ উত্তাল কৰি তোলে । হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদ মাধ্যমৰ জৰিয়তে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাই । তদুপৰি যেতিয়া লৈকে এই চীন পৰা অহা সামগ্ৰী সৰ্বস্তৰৰ ৰাইজে বৰ্জন নকৰে তেতিয়ালৈকে হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ থাকিব বুলি মন্তব্য কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ উপ -সভাপতিদ্বয় নৱজিত দাস আৰু ৰাকেশ ডেকা,সম্পাদক ডিম্বেশ্বৰ কলিতা সহ বহু কেই হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কাৰ্মকৰ্তা সকল উপস্থিত থাকে ।

অভি-নীল হত্যাকাণ্ডৰ গোচৰ : নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে ৪৭জন অভিযুক্তৰ জামিন আবেদন ।

নগাঁও :

সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা ৪৭জন অভিযুক্তৰ জামিন আবেদন পুনৰ নাকচ কৰিলে নগাঁও আদালতে। গোচৰটোৰ সাক্ষীৰ শুনানী প্ৰক্ৰিয়া চলি থকাৰ মাজতে কালি অভি-নীল হত্যাকাণ্ডৰ  ৪৭ গৰাকী অভিযুক্তৰ জামিন বিচাৰি নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন কৰাৰ পিছত এক শুনানী গ্ৰহণ কৰা হয়। আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ বক্তব্য শুনে যদিও জামিন আবেদন ৰায়টো আজিলৈ স্থগিত ৰাখিছিল। আজি নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত কেইজনৰ জামিন আবেদন নাকচ কৰে। ইপিনে, আদালতে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰো আশ্বাস দিয়ে বুলি অভিজিৎ নাথৰ পিতৃ অজিত নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। আদালতৰ এনে স্থিতিত সন্টুষ্টি প্ৰকাশ কৰে নাথে। আদালতৰ এই ৰায়দানক আদৰণি জনাইছে নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসেও। স্মৰ্তব্য যে, মহামাৰী কৰ’ণা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত ভাৰচোৱেল ক’ৰ্ট চলি থকাৰ বাবে কালি অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰনীয়াই ভি ডি অ’ কনফাৰেন্স যোগে তেওঁ আদালতত যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে গোচৰীয়া পক্ষৰ হৈ অধিবক্তা জে কামাৰ তেওঁৰ দুজন সহযোগীৰ সৈতে নগাঁৱৰ চৰকাৰী অধিবক্তা বিভা ফুকনৰ নেতৃত্বৰ অধিবক্তা এটা দলে আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল। দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত আজি জিলা আৰু সত্ৰ ন্যায়াধীশে জামিন আবেদনৰ ৰায়দানৰ সিদ্ধান্ত লয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিদৰ্শন শীৰ্ষ বন বিষয়াৰ ।অতিৰিক্ত প্ৰধান মুখ‍্য বন সংৰক্ষক এম. কে. যাদৱৰ সংবাদ মেল ।

কলিয়াবৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কঠাল চাং বন শিৱিৰত অনুষ্ঠিত হয় এক সংবাদ মেল। কলিয়াবৰ আৰক্ষী তথা বিশেষ কৰ্তব‍্যৰত বাহিনীৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই চাৰি চোৰাং চিকাৰী আটক কৰি এক সফল অভিযান সম্পন্ন কৰে। যাদৱে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ গঁড় চিকাৰীক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি মত প্ৰকাশ কৰে। জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ সহযোগত মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ এক অভিযান কালত জালত পৰে চাৰি চাৰি গড়ঁ চিকাৰী। ধৃত গঁড় চিকাৰী চাৰিটা চামগুৰি কাৱৈমাৰীৰ জমিৰ আলি, কুঠৰীৰ বাবুল আলি, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰী ইংতি, কাংবুৰা টক্‌বি বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ধৃত গড়ঁচিকাৰী চাৰিটাৰ পৰা পাচঁ ৰাউণ্ড সজীৱ গুলী, চাৰিটা ম’বাইল ফোন জব্দ কৰে। জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি অব‍্যাহত ৰাখিছে তদন্ত‌। সংবাদ মেলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ, ২য় অসম বন সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া মুকুল শইকীয়া, বুঢ়া পাহাৰ বনাঞ্চলক বিষয়া প্ৰদীপ গোস্বামী উপস্থিত থাকে। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সুৰক্ষাৰ বিষয়ে শীৰ্ষ বিষয়া-বৰ্গই এক আলোচনাত মিলিত হৈ ভৱিষ‍্যতৰ কাৰ্য‍্যপন্থা নিৰ্দ্ধাৰণ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত চোৰাং চিকাৰী প্ৰতিৰোধত সফলতা বিষয়ক সংবাদ মেল

দক্ষিণ কামৰূপৰ ৰঙামাটি হাইস্কুলত উন্নয়ন সমিতিৰ অভিনন্দন অনুষ্ঠান ।

দক্ষিণ কামৰূপৰ ৰঙামাটি হাইস্কুলত উন্নয়ন সমিতিৰ অভিনন্দন অনুষ্ঠান ।

নামখলা:

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিনটোতেই দক্ষিণ কামৰূপ উন্নয়ন সমিতিৰ উদ্যোগত এক অভিনন্দন তথা সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে৷ ৰঙামাটি হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী ছাত্ৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰে উন্নয়ন সমিতিয়ে ৷  বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান ৰমেন চন্দ্ৰ দাসে৷ সভা উদ্ধোধন কৰি বিশিষ্ট সমাজ সেৱক তথা জনতা পাৰ্টিৰ অনুসুচীত জাতি মৰ্চাৰ উপসভাপতি কুশলজ্যোতি মালাকাৰে  ছাত্ৰসকলক বিভিন্ন গঠনমূলক পৰামৰ্শৰ লগতে এজন দক্ষ মানৱ সম্পদ গঢ়াৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ উন্নয়ন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ সেৱক ৰাজেন দাসে ১৩ গৰাকী ছাত্ৰক সামান্যতম আৰ্থিক অনুদান,  অভিনন্দন প্ৰত্ৰ, গামোছা আৰু মাস্ক প্ৰদান কৰি কয় যে এয়া এক প্ৰেৰণাৰ উৎস ৷ সভাত অৱসৰী শিক্ষকৰ লগতে অভিভাৱক সকলেও ছাত্ৰসকলক উদেশ্যি ভাষণ প্ৰদান কৰে৷ সভাত উপস্থিত থাকে শিক্ষক হৰমোহন কলিতা, অৱসৰী শিক্ষক ফণী কলিতা আৰু বিশিষ্ট ব্যৱসায়ী হৰেন দাস৷

অনলাইন শিক্ষা ব্যৱস্থা আৰু ইয়াৰ পৰিণতি ।

পম্পী ৰাভা

সম্প্ৰতি বিশ্বত ক’ৰণাৰ ভয়ানক সন্ত্ৰাস চলি আছে। বিশ্বত বৰ্তমান বহুতো ৰাষ্ট্ৰত তলাবন্ধ চলি আছে। তাৰ লগে লগে আমাৰ দেশতো  ক’ৰণা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে। এই মাৰাত্মক ভাইৰাছৰ পৰা সংক্ৰমিত ৰোধৰ বাবে বিশ্বৰ অন্যান্য দেশৰ দৰে আমাৰ দেশতো কিছু বাধা-বাধকতা চলি আছে। এই সময়ছোৱাত শিক্ষাব্যৱস্থা নিৰাপত্তা লৈ আহি পৰিছে। ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। দেশৰ বৰ্তমান পৰিস্থিতিৰ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে  হওক বা ৰাজ্য চৰকাৰে হওক এক অনলাইন শিক্ষা ব্যৱস্থা কৰিছে। কিন্তু এই অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী কিমান সফল কৰিব সন্দেহ আছে! কথাটো হ’ল যে টিভি চেনেলৰ উপৰিও বিভিন্ন প্ৰতিষ্ঠান আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ নিশ্চয় উপকৃত হ’ব কিন্তু যদি আন এফালৰ পৰা চাও এই শিক্ষা মাধ্যমেৰে এচাম শিক্ষাৰ্থী নূন্যতম জ্ঞানৰ পৰিধি শূণ্য হ’ব। কিয়নো টিভি, কম্পিউটাৰ, মোবাইল নথকা শিক্ষাৰ্থীসকলে এই অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব। এই শিক্ষা ব্যৱস্থাই অধিক ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছে গাওঁ অঞ্চলৰ শিক্ষাৰ্থী আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে। কাৰণ তেওঁলোকৰ স্মাৰ্টফোন অথবা  টিভি থকা মানুহৰ সংখ্যা তেনেই নগণ্য। আনহাতে গাওঁ অঞ্চলসমূহত স্মাৰ্টফোন থাকিলেও নেটৱৰ্কৰ সমস্যাটোও কম নহয়। তেওঁলোকৰ শৈক্ষিক জীৱন কি হ’ব সেয়া চিন্তনীয়!

বাঘজানৰ বিভীষিকা ।

✍ গীতালী ভাগৱতী

২০২০ এটা এনেকুৱা বিভিষিকাময় চন। যিটো চনৰ বিষয়ে অতীতত স্মৰণ কৰিলেও গাৰ শিহৰণি উঠিব। যিফালেই চাওঁ সিফালে ধ্বংসৰ জুই জ্বলিছে। এফালে যদি নভেল কৰোণা আনফালে বানপানী, এফালে যদি জীৱ জন্তুৰ হত্যা আনফালে সৰ্বনাশী জুই, বনধ্বংশ আদি। কিমান দিন আৰু এইবোৰ দেখিবলৈ পাম? টিভি অন্ কৰি নিউজ চেনেল কেইটা চাবলৈ ভয় লাগে‌। চাৰিওফালে কেৱল বিভিষিকাময় পৰিৱেশ। দেহিং পাটকাইৰ ধ্বংস লীলা সমাপ্ত নহওঁতেই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ধ্বংসলীলা আৰম্ভ হৈছে। সুদীৰ্ঘ ১৪ দিন ধৰি তিনিচুকীয়া জিলাৰ বাঘজানত নেৰানেপেৰা ভাৱে তেল আৰু বিষাক্ত গেছ নিৰ্গত হৈ আছিল। বিভিন্ন দল সংগঠনৰ সকীয়নী তথা প্ৰতিবাদৰ অন্তত যোৱা ৯ জুন তাৰিখে ১২:৩০-1:00 বজাৰ ভিতৰত বাঘজানৰ নৈ-বন গাঁৱত সৰ্বনাশী জুইয়ে চানি ধৰে। কি মানুহ? কি জন্তু? কি চৰাই চিৰিকটি?  কি তৰু তৃণ? সকলো জুই কোৰাল গ্ৰাসত। ভুক্তভূগী লোকক আশ্ৰয় শিবিৰলৈ লৈ অহা হ’ল। কিন্তু সেই নিমাত প্ৰাণী তথা তৰু তৃণ বোৰৰ কি দশা হ’ল? কি ভূল আছিল তেওঁলোকৰ। লোভত মতলীয়া সকলৰ বাবে আমাৰ প্ৰকৃতি দিনক দিনে নিঃশেষ হৈ যাব ধৰিছে। এবাৰ ভাবি চাইচেনে প্ৰকৃতিৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম ? পৃথিৱীখন যিমানে আধুনিকতাৰ দিশে অতিক্ৰম কৰিছে সিমানে মানুহৰ মানসিকতা নিঃশেষ হ’ব ধৰিছে। যোৱা কেইবাদিনো ধৰি ইন্টাৰনেট, বাতৰিকাকত, টেলিভিছনত হাতী হত্যাকাণ্ড,  গৰুক এছিড ঢালি দিয়া,  কুকুৰৰ পেটত ড্ৰাগছ ভৰাই দিয়া এনেবোৰ ঘটনা দেখিবলৈ পায় ভাৱ হয় আমি সচাকৈয়ে জীৱ শ্ৰেষ্ঠ নে?  যোৱা ২৭ মে’ তাৰিখৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ পৰিণতি যোৱাকালি হোৱা বিস্ফোৰণ। এই বিস্ফোৰণত বহু আপুৰুগীয়া সম্পদ, বণ্যপ্ৰাণী মৃত্যুৰ হৈছে। ইয়াৰ লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰি মতাপুং বিলকে ধৰি বাঘজান, নতুন ৰঙাগড়া আদিৰ অস্তিত্ব সংকটত পৰিছে। উল্লেখযোগ্য যে উক্ত তৈলখাদটোত কৰ্তব্যৰত দুগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ সদস্য জুইৰ পৰা বাচিবলৈ পুখুৰীত জাপ দিয়াত মৃত্যুমুখত পৰে। অইল ইন্দিয়া লিমিটেডে তেল সংগ্ৰহৰ বাবে যিমান সৰন্জাম ৰাখে সেই অনুযায়ী যদি নিৰাপত্তাৰ বাবে সাবধানতা অৱলম্বন কৰিলেহেতেন তেতিয়া এনে ঘটনা সংঘটিত নহ’লহৈ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভুক্তভূগীসকলক সকলো প্ৰকাৰে সহায় কৰিব বুলি ঘোষণা কৰিছে। কিন্তু যিবিলাক জীৱ-জন্তু তথা গছ-গছনিৰ লগতে মৃত লোক দুজনক ঘূৰাই দিব পাৰিব জানো অইল ইন্দিয়া লিমিটেডে।

নগাঁৱৰ পৌৰ সভা কাৰ্যালয়লত অনুষ্ঠিত ডাছবিন আৰু ট্ৰিচাইকেল বিতৰণৰ এক অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা ।

নগাঁৱৰ পৌৰ সভা কাৰ্যালয়লত অনুষ্ঠিত ডাছবিন আৰু ট্ৰিচাইকেল বিতৰণৰ এক অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা ।

নগাঁও : আজি নগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন (নগৰঞ্চল) ৰ জৰিয়তে ডাষ্টবিন আৰু ট্ৰাইচাইকেল বিতৰণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। অনুষ্ঠানত বিধায়ক গৰাকীয়ে এই আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে পৌৰ সভাৰ এলেকাৰ বাসিন্দাক বিনামূলীয়া ডাষ্টবিন আৰু বিভিন্ন আত্মসহায়ক গোটক আৱৰ্জনা কঢ়িওৱাৰ বাবে ট্ৰাইচাইকেল বিতৰণ কৰে। বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে, এই অভিলাষী আঁচনিৰ জৰিয়তে নগাঁও চহৰখনক চাফ-চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ লগতে নগাঁও চহৰখনক স্বচ্ছ আৰু প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে, এই আঁচনিৰ জৰিয়তে নগাঁও পৌৰ সভাৰ এলেকাৰ অবাসী সকলক শুকান আৰু ভিজা আৱৰ্জনা নিষ্কাষণ বাবে দুটাকৈ বিনামূলীয়া ডাষ্টবিন পর্যায়ক্ৰমে প্ৰদান কৰা হ’ব আৰু এই ডাষ্টবিন সমূহ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে ব্যক্তি নিয়োগ কৰি ঘৰে ঘৰে গৈ এই ট্ৰাইচাইকেল সমূহৰ জৰিয়তে আৱৰ্জনা সমূহ সংগ্ৰহ কৰি নিষ্কাষণৰ বাবে লৈ যোৱা হ’ব। সভাত জিলা উপায়ুক্ত যাদৱ শইকীয়াও সকলোকে সজাগ সচেতন হৈ নগাঁও চহৰখন চাফ-চিকুণ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ কয়। সভাত অতিৰিক্ত উপায়ুক্ত তথা নগাঁও পৌৰ সভাৰ মুখ্য কার্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, সহকাৰী আয়ুক্ত স্বপনীল পল প্ৰমুখ্যে বিভিন্ন বিষয়া সকল উপস্থিত থাকে।