Home Blog Page 3311

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মানসজ্যোতি দত্তক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মানসজ্যোতি দত্তক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি- মাজুলী

 ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ ৮৯ শতাংশ নম্বৰ অৰ্জনেৰে উত্তীৰ্ণ হৈ অঞ্চলৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে দক্ষিণপাটৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মানস জ্যোতি দত্তই | সুদূৰ ভৱিষ্যতে এজন সুযোগ্য চিকিৎসক হোৱাৰ এটি সপোন বুকুত পুহি ৰখা মানসৰ কথা সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্ট | আজি পুৱা মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনৰ নেতৃত্বত উক্ত ট্ৰাষ্টৰ কেইবাজনো বিষয়ববীয়া দৰিদ্ৰ মেধাৱী ছাত্ৰগৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্র গৰাকীক অৰ্থসাহাৰ্য্য প্ৰদান কৰাৰ লগতে ভৱিষ্যত দিনতো সহযোগিতাৰ আশ্বাস আগবঢ়ায় | কাৰ্যসূচীত ট্ৰাষ্টৰ অন্যতম সদস্যা অনুপ্ৰভা দেৱী, বিষয়ববীয়া কবি-সাংবাদিক পাপু বৰা আৰু দাতা শংকুসিদ্ধ নাথ উপস্থিত থাকি ছাত্রগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে | ইয়াৰোপৰি উক্ত কাৰ্য্যসূচীতেই সংবাদ মাধ্যমলৈ শলাগ জ্ঞাপন কৰি নতুন খলিহামাৰী গাঁৱৰ উদীয়মান যুৱক সীমান্ত বৰায়ো ছাত্রজনক অৰ্থসাহাৰ্য্য প্ৰদান কৰে |

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

বৰভেটি-কাছমাৰী-চকলাঘাট-মাজজাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথত পুখুৰী সদৃশ গাতে জীয়াতু ভোগাইছে সৰ্ব্বসাধাৰণ ৰাইজক ৷

ননৈ

নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি ৷ নগাঁও চহৰৰ পৰা বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি -মাজজাজৰি হৈ জাজৰি শিমলুতল সংযোগী বটদ্ৰৱা সমষ্টি আৰু নগাঁও সদৰ সমষ্টিক সংযোগক্ত কৰা এটা অতি গুৰুত্বপূৰ্ণ তথা চমুপথ ৰূপে পৰিচিত বৰভেটি-কাছমাৰী- নগাঁও চহৰলৈ অহা এই পথটো ৷ বহুকেইখন গাৱঁৰ ৰাইজ অহা যোবা কৰে নগাঁও চহৰলৈ বুলি এই চমু পথচোবাৰে ৷ দিৰ্ঘদিন ধৰি এই সদাবেস্ত পথটোৰ কেইবাঠাইটো পুখুৰী সদৃশ বৃহৎ বৃহৎ গাতৰ সৃষ্টি হোবাত পথ চোবাৰে আহ-যাহ কৰা পথচাৰী সকলে যমৰ-যাতনা ভোগ কৰি আহিব লগাত পৰিছে ৷ এই পথচোবাৰে কোনো ৰোগাগস্ত লোকক নিশাৰ ভাগত চহৰৰ চিকিৎসালয়লৈ গাড়ীৰে  নিবলৈও দহবাৰ চিন্তা কৰিব লাগে ৰোগী পৰিয়ালৰ লোকসকলে ৷ পথচোবাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কাছমাৰী পথাৰৰ জলসিঞ্চন বিভাগৰ পৰিত্যক্ত কাছমাৰী উত্তোলিত জলসিঞ্চন পানী যোগান আচঁনিৰ নলীনাদ তথা বৰগছৰ তলৰ প্ৰায় ডেৰশ মিটাৰ আগৰ পৰা আৰম্ভ কৰি কাছমাৰী দলং পৰ্যন্ত পথচোবাৰ বিধ্বস্ত অংশই দিৰ্ঘদিন ৰাইজক জীয়াতু ভুগাইছে ৷ পথৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ-বৃহৎ গাত ৷ এজাক বৰষুণতে সেই গাতত পানী জমা হৈ ৰাইজৰ যাতায়তত সৃষ্টি হৈছে ভিষণ অসুবিধা ৷ আনহাতে,পথচোবাৰ সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী দলঙৰ পৰা আৰম্ভ কৰি কাছমাৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখ অংশ,কাছমাৰী পঞ্চায়ত কাৰ্যালয়ৰ লগতে বহুৱাভেটি অংশ তথা মহেচুচা গাঁৱলৈ সুমুবা পথৰ নিচেই কাষতে কেইবাটাও বৃহৎ-বৃহৎ পুখুৰী সদৃশ গাতৰ সৃষ্টি হোবাত পথচোবাৰে যাতায়ত কৰা লোক সকলে দিৰ্ঘদিনৰ পৰা বহু কষ্ট সহি,মৰনক শৰণ দি এই বিধ্বস্ত পথচোবাৰে যাতায়ত কৰিব লগাত পৰিছে ৷ ইফালে,উক্ত পথচোবাৰ কাছমাৰী বৰাগাঁও চাৰিআলিৰ পৰা আৰম্ভ কৰি আৰ.কে.এছ ইটা ভাটা , অ.কে ইটা ভাটা অংশত পথচোবাৰ বিধ্বস্ত ৰূপ তথা বোকাময় পথত পিচল খাই বহুকেইজন বাইক,চাইকেল আৰোহী দূৰ্ঘটনাত পতিত হৈ আঘাটপ্ৰাপ্ত হব লগাত পৰাৰ লগতে এই পথচোবাই পথচাৰিক যাতায়তত জীয়াতু ভোগাইছে ৷ বৰভেটি শিৱ মন্দিৰ অংশ আৰু বৰভেটি ঈদগাহৰ অংশত বহু কেইটা অংশ চপৰা চপৰে ভাঙি যোবাত বহু অসুবিধাৰ সৃষ্টি হৈছে পথচাৰিৰ ৷ আনহাতে,কাছমাৰী পলাশতল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ অংশত পথচোবাত সৃষ্টি হোবা বোকাময় পৰিৱেশ তথা  পানী জমা হোবা গাঁত সমূহে বৰ্তমান ভয়ংকৰ ৰূপ লৈছে। যাৰ ফলত নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ ধন জনৰ হানি হৈছে বহুজন পথচাৰি,চাইকেল আৰোহী,বাইক আৰোহীৰ ৷ পথচোবাৰ এই দুৰবস্থাৰ বাবে পথচোবাৰে আহ-যাহ কৰা বহু পথচাৰীৰ লগতে স্থানীয় ৰাইজে কয়- এই পথটিৰ মেৰামতিৰ নামত পূৰ্ৱৰ চৰকাৰৰ দিনৰে পৰা এতিয়ালৈকে কেইবা কোটি টকা অপব্যৱহাৰ হল ৷ কিন্তু পথচোবা আজি কোপতি ৰাইজৰ যাতায়তৰ বাবে উপযোগী হৈ নুঠিল ৷ বহু সময়ত এই পথচোবাৰে নগাঁও চহৰলৈ যোবাত সুবিধা হয়,চমু পথ বুলিয়েই এইপথৰে নগাঁও চহৰলৈ বুলি বহু মানুহ অহা যোবা কৰে আৰু অতি কম সময়তে নগাঁও চহৰলৈ যাবলৈ সুবিধা হয় এই পথচোবাৰে ৷ কিন্তু আজি চাৰি বছৰৰ অধিক দিন আগতে পথচোবাৰ কাম আৰম্ভ হোবাৰ কথা আছিল যদিও আজিলৈকে কোনো খবৰ নাই ৷ অৱশ্যে চকলাঘাট চাৰিআলিৰ পৰা কাছমাৰী উত্তোলিত জলসিঞ্চন পানী যোগান আঁচনিৰ পৰিতক্ত্য নলীনাদ অংশৰ প্ৰায় ডেৰশ মিটাৰ আগলৈকে পথচোবা পকি কৰণ হল আৰু বাকী কাছমাৰী দলং লৈকে এই বিধ্বস্ত পথচোবা আজি দিৰ্ঘদিন এনেদৰেই যাতায়তৰ অনুপযুক্ত হৈ পৰি আছে ৷ এইয়া গড়কাপ্তানি বিভাগৰ অভিযন্তা-বিষয়া নে ঠিকাদাৰৰ মইমতালি বৰ্তমান সময়ত সেইয়া ৰাইজৰ জ্ঞাত নহয় ৷ এই গুৰুত্বপূৰ্ণ পথটিৰ কদৰ্যতাৰ বাবে পথটি নতুনকৈ আধুনিক মানদণ্ডৰে নিৰ্মান কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে নগাঁৱৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ওচৰত দাৱী জনাইছে ৷

পথচোবাৰ সদৰ সমষ্টিৰ অংশত পথৰ বিধ্বস্ত দৃশ্য ৷

বেছি উচ্চতাত বাস কৰা লোক ক’ৰোনাত আক্ৰান্তৰ সম্ভাৱনা কম : পাৰ্বত্য এলেকাত ছেনিটাইজাৰৰ কাম কৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ।

দৈনন্দিন বাৰ্তা

সমগ্ৰ পৃথিৱী ক’ৰোনা ভাইৰাছ সংক্ৰমণত আতংকিত হৈ আছে৷ প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ক’ৰোনাৰ লগত মোকাবিলা কৰিবৰ বাবে গৱেষকসকলে দিনে-নিশাই কাম কৰি আছে৷ নিতৌ নতুন নতুন তথ্য প্ৰকাশ পাইছে৷ কিছু দিনৰ আগতে প্ৰকাশিত তথ্য পাছলৈ বাতিল হৈছে৷ শেহতীয়া গৱেষণা মতে, বেছি উচ্চতাত থকা লোকৰ এই ৰোগৰ লগত যুঁজ কৰাৰ শক্তি বেছি৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত বাস কৰা মানুহৰ তুলনাত তলৰ ঠাইত বাস কৰা মানুহৰ বিষয়ে অধ্যয়ন কৰা হৈছে৷ দুয়ো ঠাইৰ আক্ৰান্তৰ হিচাপত নতুন তথ্য পোহৰলৈ আহিছে৷ আমেৰিকাৰ বলিভিয়া, ইকুৱেডৰত সমীক্ষা কৰা হৈছে৷ তদুপৰি তিব্বতৰ পৰিসংখ্যা লোৱা হৈছে৷ দেখা  গৈছে বলিভিয়া, ইকুৱেডৰত আক্ৰান্তৰ সংখ্যা কম৷ একেই অৱস্থা তিব্বতত৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ মূল কেন্দ্ৰ চীনৰ উহান চহৰৰ পৰা তিব্বতলৈ ৩২০০ কিলোমিটাৰ দূৰ৷ তিব্বতত আক্ৰান্তৰ সংখ্যা ১৩৪ জন৷ গৱেষকৰ মতে সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চ ঠাইত অক্সিজেনৰ পৰিমাণ কম থাকে৷ এই এলেকাত বাস কৰা সকলে জন্মৰে পৰা ইয়াৰ লগত মিলি গৈছে৷ ফলত ক’ৰোনাৰ কাৰণে ফুচফুচত অক্সিজেনৰ যোগান কমি যোৱাত ভাইৰাছটোৰ সমস্যা হৈ পৰে৷ গৱেষকসকলে লগতে জনায় যে উচ্চ ঠাইত থকা মানুহৰ শৰীৰত এচিই২ পাচক ৰস এনেয়ে কম থাকে৷ ফুচফুচ আৰু আন কোষত ক’ৰোনা সংক্ৰমণ হ’বলৈ হ’লে পাচক ৰসৰ প্ৰয়োজন৷ ফলত বেছি উচ্চতাত থকা লোকৰ শৰীৰত ক’ৰোনা সংক্ৰমণ ঘটিব নোৱাৰে৷ তদুপৰি উচ্চ পাৰ্বত্য এলেকাত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বেছি৷ এই ৰশ্মিয়ে ছেনিটাইজাৰৰ কাম কৰে৷ এই ৰশ্মিয়ে ডিএনএ, আৰএনএৰ সংযোগ ভাঙি দিয়ে৷

জুইৰ লেলিহান শিখাৰ মাজত মুখ্যমন্ত্ৰীৰ অভয়দান অৰ্থহীন ! বাঘজান কাণ্ডৰ প্ৰশ্ৰয় দিয়া প্ৰতিজন অপৰাধীক কৰায়ত্ব কৰাৰ দাবী ।

নাজিৰা

যোৱা ২৭ মে’তেই তেল গেছৰ উদ্গীৰণ ঘটি সমগ্ৰ বাঘজান গাঁও আৰু ডিব্ৰু-ছৈখোৱাৰ সৈতে সংলগ্ন মাগুৰী মটাপুং বিল আৰু কলীয়াপানীলৈ কঢ়িয়াই অনা অশনি সংকেতক জনসাধৰণৰ পৰা লুকুৱাই ৰখাৰ প্ৰচেষ্টা চলি ৰোৱাৰ সন্দেহ ঘনীভূত হৈছে । তেল গেছ নিগৰ্মণৰ এনে ভয়াবহ দৃশ্যকো বাৰদিন পৰ্য্যন্ত নিৰ্বিঘ্নে চলি থাকিবলৈ এৰি দি অৱশেষত ছিংগাপুৰৰ দক্ষ লোকক নিয়ন্ত্ৰণৰ ভাৰ দিয়ালৈকে জনসাধৰণৰ মাজত ইয়াক অতি সাধাৰণ ঘটনা বুলিয়েই বিশ্বাস জন্মাবলৈ কৰ্তৃপক্ষ সমূহে অপপ্ৰয়াস চলোৱা  সচেতন লোকৰ চকুত পৰিছিল । এফালৰপৰা বিলৰ পানী, নদীৰ পানী কেৱল খাৰুৱা তেলৰ তৰপ আৰু গোন্ধে বিষাক্ত কৰি পেলোৱা  অৱস্থাত কৰ্তৃপক্ষ সমূহে স্থানীয় জনসাধাৰণৰ পদূলিত থিয় হোৱাৰ সাহস হেৰুৱাই পেলোৱাই নহয় মানুহক এবটল খোৱা পানীৰ যোগাৰ ধৰাতো সদিচ্ছা  প্ৰকাশ নকৰিলে । বাঘজানৰ কোনো কোনো অংশলৈ ক্ষুদ্ৰ ধনৰ টোপোলা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অইল ইণ্ডিয়া কৰ্তৃপক্ষই ঘোষণা কৰিলেও মূৰকত চূড়ান্ত বৈষম্যৰ অভিযোগ পোৱা গৈছিল কাষৰীয়া ৰাইজৰপৰা । আটাইতকৈ চূড়ান্ত মইমতালি প্ৰদৰ্শন কৰি অসমৰ জাতীয় সম্পদৰ অংশ হৈ ৰোৱা  বি আৰ ফাইভ তেলখাদৰ কাষৰীয়া মাগুৰী মটাপুং বিল খনিৰ প্ৰতি বিপদ চমু চাপি অহা স্বত্বেও গা-নলৰালে অইল ইণ্ডিয়া, তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাইজে নিৰ্বাচনত জয়ী কৰাই পঠোৱা জন প্ৰতিনিধি সকলে.।      অইল ইণ্ডিয়া কৰ্তৃপক্ষ, তিনিচুকীয়া জিলা প্ৰশাসনক কোনো সঠিক নিৰ্দেশনা দিয়াত বিফল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জুইৰ গ্ৰাসৰ পৰা প্ৰাণ ৰক্ষা কৰি ঘৰবাৰী এৰি থৈ নিৰাপদ স্থান বিচাৰি যোৱা পৰিস্থিতিত ৰাইজক অভয়দান কৰা মুখ্যমন্ত্ৰীৰ কাৰ্য্যক সমালোচনা কৰিছে চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈয়ে । যোৱা ১৪ টা দিনত জুইৰ লেলিহান শিখাৰ সম্ভাৱনাক লৈ ৰাইজে ঘৰবাৰী এৰি দূৰণিলৈ আঁতৰি যোৱাৰ আতংকৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই ঘটনাক ক্ষুদ্ৰ দুৰ্ঘটনা বুলিয়েই ধৰি লৈছিল কিয় ? ১৪ দিনৰ তেল আৰু গেছৰ কণাৰ বৰষুণ মূৰ পাতি লৈ প্ৰতিজোপা গছ – বিৰিখৰ পাতত পানীৰ জলা – বান্ধি ক্ৰমাৎ খেৰ বৰণীয়া হ’বলৈ ধৰাৰ দৃশ্য দেখি কিয় সাৰ নেপালে মুখ্যমন্ত্ৰীৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে ? অসমৰ জৈৱ বৈচিত্ৰ্যক মৰ্য্যদা দিবলৈ পাহৰি অইল ইণ্ডিয়াই এনে ভূ-লুণ্ঠনৰ অধিকাৰ কেনেকৈ পালে বুলি প্ৰশ্ন কৰি কনক গগৈয়ে প্ৰতিটো বিষয়ৰ তন্ন তন্ন অনুসন্ধান কৰাৰ দাবীত ৰাইজক সজাগ হ’ বলৈ আহ্বান জনায়  । উল্লেখযোগ্য যে যোৱা ৭ জুনত বাঘজানৰ পৰিস্থিতি অধ্যয়ন আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিছিল কনক গগৈয়ে ।

এম্বুলেন্সৰ পৰা পলায়ন কৰা কোভিড আক্ৰান্ত ৰোগীক আটক ।

নগাঁও

 কোভিড-১৯ ত আক্ৰান্ত এজন ৰোগীয়ে কালি নিশা ১০৮ এম্বুলেন্সৰ পৰা পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে নিশাই কোভিড আক্ৰান্ত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে  তেলেংগানাৰ পৰা প্ৰায় দহ দিন পূৰ্বে অহা ননৈ কচুপিতৰ আবেদুৰ ৰহমান (৪৯) নামৰ লোকজনক প্ৰথম অৱস্থাত ননৈৰ এখন স্কুলত এসপ্তাহৰ বাবে কোৱাৰেন্টীন কৰি ৰখা হয়। কোৱাৰেন্টীনত থকা অৱস্হাত তেওঁৰ ‘স্বোৱাৱ’ৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ইপিনে এসপ্তাহ প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনত থকাৰ পাচত আবেদুৰক নিজ গৃহলৈ যাবলৈ দিয়া হয় আৰু গৃহতে কোৱাৰেন্টীন ৰখা হয় । ইপিনে হোম কোৱাৰেন্টীনত থকা অৱস্হাত আবেদুৰ কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পায়। সেয়ে কালি নিশা স্বাস্থ্য বিভাগে আবেদুৰক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে কন্দলী আদৰ্শ চিকিৎসালয়লৈ আনে। আনহাতে চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰৰ ওচৰত আবেদুৰে এম্বুলেন্সৰ নামি  পলায়ণ কৰে । কোভিড আক্ৰান্ত ৰোগীজনে এনেদৰে পলায়ণ কৰাত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লোকৰ মাজত হাহাকাৰ লাগে ।নিশাই পলাতক ৰোগীজনৰ সন্ধানত আৰক্ষী নামি পৰে। পাচত অৱশ্যে ৰাঙলুৰ সমীপত পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে আবেদুৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে নিশাই আৰক্ষীয়ে আবেদুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদৰ কোভিড হস্পিতালত ভৰ্তি কৰায়। গুৱাহাটীত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত পুত্ৰৰ চিন্তাতে আবেদুৰে এনেদৰে পলায়ণ কৰে বুলি  জানিব পৰা গৈছে ।

সোণতলী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ৷ শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত ৷

সোণতলী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ ৷ শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত ৷

সোণতলী 

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ এলেকাধীন ৩নং দক্ষিণ ৰাঙাপানীত আজি সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ গাঁওখনৰ বাদশা আলী (৩০) নামৰ দৰিদ্ৰ লোকজনে প্ৰখৰ ৰদত পথাৰত ধান কাটি আহি জিৰণি লবলৈ নিজ গৃহত উপস্থিত হয় ৷ নিজ ঘৰত বিদ্যুৎ সংযোগত বিচিন্ন হৈ থকাৰ বাবে ঘৰৰ বিদ্যুৎ মেৰামতি কৰি আছিল ৷ ঠিক সেই সময়তে হঠাৎ বিদ্যুৎপৃষ্ট হৈ অচেতন হৈ পৰে লোকজন ৷ তাৰ পিছতেই ঘৰখনত সৃষ্টি হয় এক হুৱা-দুয়া পৰিৱেশৰ ৷ পিছত স্থানীয় ৰাইজে অচেতন হোৱা বাদশা আলীক ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে,পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বাদশা আলীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল ৷  বাদশা আলীৰ এনে অনাকাংশিত মৃত্যুত পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মৃত্যুৰ সময়ত বাদশা আলীয়ে ৭ বছৰীয়া পুত্ৰ সন্তান, দুজনী কন্যা সন্তান আৰু নিজৰ স্ত্ৰীক ইহসংসাৰত এৰি থৈ যায় ৷ স্মৰ্তব্য যে, সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমছিএইচলৈ প্ৰেৰণ কৰে ৷

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই যুৱকৰ নীল বিপ্লৱৰ অভিনৱ পদক্ষেপ ।

কলিয়াবৰ : 

কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আৰু আনকো সংস্থাপিত কৰাৰ। সেই সপোন পূৰণ হোৱাৰ পথত আৰু এখোজ কলিয়াবৰৰ দুইশিক্ষিত যুৱক শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ‍্যায়ৰ। অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱৰ পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন আঁচনিৰ মাধ‍্যমত প্ৰত‍্যক্ষ আৰ্থিক সাহায‍্য প্ৰদান কৰিছে দুই যুৱকক। এতিয়া পূৰ্বৰ দুটা পুখুৰীৰ সংখ‍্যা বঢ়াই আন ছটা পুখুৰী নিৰ্মাণৰ লগতে বৰ্দ্ধিত আৰু উন্নত পানী নিষ্কাষণ আৰু পৰিশোধন ব‍্যৱস্থাৰ সংযোগ ঘটাই পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস‍্য পালনৰ নতুন উদ‍্যোগ লৈছে দুই যুৱকে। এই উদ‍্যোগক পূৰ্ণ সহযোগিতা আগবঢ়াইছে অসম চৰকাৰৰ মীন বিভাগে। ইতিমধ‍্যে পঞ্চাশ লাখ টকাৰ এক আৰ্থিক সাহায‍্য আগবঢ়াইছে, য’ত ৰাজসাহায‍্য লাভ কৰিব বিশ লাখ টকা। ২৫ ফুট ব‍্যাস বহল আৰু ৫ ফুট গভীৰতাৰে নিৰ্মিত কংক্ৰিটৰ টেংকী সদৃশ দুটা কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি থলুৱা মাছ উৎপাদনৰ কামত ব্ৰতী হৈছিল দুই মীন পালক। শৈলেন্দ্ৰ গোস্বামীৰ নিজা ভূমিতে স্থাপন কৰা হৈছিল এই কৃত্ৰিম পুখুৰী। কৃত্ৰিম পুখুৰীত পাম্পৰ দ্বাৰা যোগান ধৰা পানী। প্ৰতিদিনে সলনি কৰা হয় টেংকীৰ পানী। এটা পথৰে নতুন পানী টেংকীলৈ প্ৰেৰণ কৰাৰ সমান্তৰাল আন এটা পথৰে বাহিৰ কৰা হয় টেংকীৰ পুৰণি পানী। টেংকীৰ পৰা বাহিৰ হৈ যোৱা পানী পৰেগৈ চাৰি তৰপীয়া আন এটা পানী পৰিস্কাৰ কৰা ফিল্টাৰত। মাছৰ বাবে অপকাৰী নাইট্ৰ’জেনৰ পৰিমাণ হ্ৰাস কৰিবলৈ টেংকীৰ সমীপতে স্থাপন কৰা এই চাৰি তৰপীয়া ফিল্টাৰ পৰা পাম্পৰে অক্সিজেনযুক্ত পানী প্ৰেৰণ কৰা হয় টেংকীলৈ। লগতে ফিল্টাৰৰ পৰা টেংকীলৈ প্ৰেৰণ কৰা পানীত মজুত থাকে বীজাণু নাশকাৰী বেক্টেৰীয়া। আনহাতে টেংকীৰ পানীৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে টেংকীৰ ওপৰত দিয়া হয় চালি। একুৰিয়ামত সৌন্দৰ্য্যবৰ্দ্ধক মাছ জীয়াই ৰাখিবলৈ যি বৈজ্ঞানিক পদ্ধতি আছে, সেই ধৰণৰ পদ্ধতিয়েই ব্যৱহাৰ কৰা হৈছে এই থলুৱা মাছ উৎপাদনৰ বাবে স্থাপন কৰা এই কৃত্ৰিম পুখুৰীত। মুঠ আঠটা পুখুৰীত এটা কৃষি ঋতুত চল্লিশ কুইণ্টেল মাছ উৎপাদনৰ লক্ষ‍্যৰে নৱ-নিৰ্মিত প্ৰকল্পটোৱে স্থানীয় তথা উত্তৰ-পূৱৰ মৎস‍্য চাহিদা পূৰণত অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মৎস‍্য পালকদ্বয়ে। বুধবাৰে নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্পটো শুভ উদ্বোধন কৰিব অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকিব ৰাজ‍্য চৰকাৰৰ মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্য আৰু জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত লগতে মীন বিভাগৰ বিষয়া-বৰ্গ।

পাকিস্তানত গাধ গ্ৰেপ্তাৰ : গোচৰ ৰুজু ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰহিম ইয়াৰ খান চহৰত জুৱা খেলৰ অপৰাধত আঠজন ব্যক্তিৰ লগতে এটা গাধক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে৷ ইয়াৰ লগতে লোককেইজনৰ পৰা ১ লাখ ২০ হাজাৰ পাকিস্তানী মুদ্ৰা উদ্ধাৰ হৈছে৷ প্ৰকৃততে সেই ঠাইত গাধৰ দৌৰৰ আয়োজন কৰা হৈছিল৷ অভিযুক্তই সেই গাধ দৌৰৰ বাবে টকাৰ বাজি মাৰিছিল৷ কিন্তু সেয়া হ’ল বেআইনী৷ খবৰ পায়ে আৰক্ষী সেই স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে অভিযুক্ত আঠ ব্যক্তি আৰু এটা গাধ ধৰি নিয়ে৷ স্থানীয় চেনেল ছামা টিভিৰ মতে অভিযুক্তৰ নাম তালিকাত গাধৰ নাম আছিল৷ তাৰ বিৰুদ্ধেও এফআইআৰ দিয়া হৈছে৷

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

১০ বছৰে মুকলি নহ'ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

সোণতলী

 বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো অদ্যাপি মুকলি নোহোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰামতে দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত অতিকৈ পিচপৰা তথা দুৰ্গম বদলা, বদলা পথাৰ, ৩নং দক্ষিণ ৰাংগাপানী, ১নং টুপামাৰী, টিয়াপাৰা আদি অঞ্চলৰ বৃহৎসংখ্যক ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে বিগত প্ৰায় দহ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰি যথাসময়ত আটকধুনীয়াকৈ উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্যও সম্পূৰ্ণ কৰা হয়৷ কিন্তু বিগত প্ৰায় দহ বছৰে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা নহ’ল বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো৷ বিগত দহ বছৰে উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো দুৰ্গম অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে মুকলি নোহোৱাত সম্প্ৰতি চিকিৎসালয়খনৰ দৰ্জা-খিৰিকীবোৰ জহি-খহি গৈছে৷ উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্য মূল্যৱান সামগ্ৰীসমূহো নষ্ট হ’বলৈ ধৰিছে৷ বিগত বছৰবোৰত উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো সৰ্বসাধাৰণ ৰাইজৰ বাবে ৰাজ্য চৰকাৰে মুকলিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত গৃহটো সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে৷ সম্প্ৰতি জহি-খহি যোৱা বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো মেৰামতিৰ জৰিয়তে কাৰ্যক্ষম কৰি চিকিৎসক-কৰ্মচাৰী নিযুক্তিৰ জৰিয়তে অতিশীঘ্ৰে মুকলি কৰিবলৈ ৰাইজে মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভাগীয় মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে৷

সফল হৈয়ো চিন্তিত হৈ পৰিছে মাজুলীৰ আৰতী হাতীমটা ; ৰাইজৰ পৰা সহায়ৰ আহ্বান ।

সফল হৈয়ো চিন্তিত হৈ পৰিছে মাজুলীৰ আৰতী হাতীমটা ; ৰাইজৰ পৰা সহায়ৰ আহ্বান ।

উজনি-মাজুলী 

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৮৩ শতাংশ নম্বৰসহ ডিষ্টিংচন মাৰ্ক লাভ কৰা মাজুলীৰ বনগাওঁ সমীপৱৰ্তী পুখুৰী-পৰীয়া চুকৰ বাসিন্দা আৰতী হাতীমটা নামৰ ছাত্ৰীগৰাকী এতিয়া উচ্চশিক্ষা লাভৰ বাবে থমকি ৰ’ব লগা হৈছে ৷ মাজুলীৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এই ছাত্ৰীগৰাকী এতিয়া উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে আৰ্থিক দৈন্যতা ৷ মাজুলীৰ পুখুৰী-পৰিয়া চুকৰ প্ৰশান্ত হাতীমটা আৰু ৰূপা হাতীমটাৰ কন্যা আৰতী হাতীমটাৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত চিন্তিত হৈ পৰিছে ৷ এতিয়া আৰতীৰ মাক দেউতাকে আৰতীৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহযোগিতা কামনা কৰিছে সহৃদয় জনৰ পৰা ৷ আৰ্থিক সহায়ৰ বাবে কোনো ইচ্ছুক ব্যক্তি যদি আগ্ৰহী তেনেহ’লে ৬৯০০২৮৭৯১৯ নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াব পাৰিব